বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম
সংখ্যা, মাৰ্চ- ২০১৮
দৰ্পচূৰ্ণ
- এপ'লিনা শইকীয়া বৰা
ওৰেটো নিশা দেউতাই
শুব পৰা নাই । কেঁকাই কেকাঁই পাৰ কৰিলে কাতিমহীয়া
ৰাতিটো। লগতে মা'ৰো টোপনি খতি । মই পিছে সাৰে থাকিও টোপনিৰ ভাও ধৰিয়ে
থাকিলোঁ। কাৰণ মই সাৰে থকাৰ উমান পালে দেউতাই
কেকাঁই কেকাঁই
শৰীৰৰ যন্ত্ৰনাবোৰ বাহিৰ কৰিব
নোৱাঁৰিব । আৰু মায়ে যি হাজাৰ ত্যাগেৰে সুখী
হোৱাৰ সপোন ৰচে,
মই দুখ পোৱাৰ ভয়ত নিজৰ চকুপানীবোৰ
বুকুৰ এচুকত শিলৰ বহা এটি বনাই সামৰি থয়।
: ঐ কন্টি আহ আহ ; কামলৈ আহ । আঠ বজালৈকে যাব হোৱাই নাই তাৰ । দেওবাৰে পইচাকেইটা আনিবলৈ সময়ত যাবি ; হুহহ....
মুখত অসংযত শব্দবোৰে এডৰা গালি ফুটাই দীঘলীয়া বাটটোৰে আহি আহি
দুৱাৰমুখেই পালেহি , চুবুৰীটোৰ ভিতৰতে
চহকী , নিজকে মহাজন বুলি ভবা দাম্ভিকাধিকাৰী ব্যক্তি যাদৱ বৰুৱা ।
প্ৰায় একেই নাটক এখন সদায় সদায় দেখিয়ে
অহা হৈছে। দুয়োটা কিডনী বিকল হোৱা দাদাৰ
চিকিৎসাৰ বাবে মায়ে মন নেমেলাহেঁতেন আজি ঘৰখনৰ হয়তো এইটো অৱস্থা নহ'লহেঁতেন । দাদাৰ চিকিৎসাৰ বাবদ প্ৰয়োজনীয় টকাৰ
কাৰণে দেউতাৰ পৈত্তিক সম্পত্তি বুলিবলৈ থকা তিনিবিঘা মাটিও গুচি গ'ল । সেই সুযোগতে মহাজনৰ সম্পত্তিৰ পৰিমাণ
গাণিতিক গণনাৰে প্ৰসাৰ হ'ল । তথাপিও মাক হৈ নিজ সন্তানক নতুন জীৱন
দিব পৰাত মোৰ মা সামৰ্থ্যহীন । নিজ সন্তানক চকুৰ আগতে ক'লা ধোঁৱা হৈ আকাশত
বিলীন হৈ যোৱা চাই চাই নিৰৱে বুকুৰ এচুকত মৰুভুমিতে সপোনৰ সমাধি পতা মোৰ মাৰ মনৰ দুখ
মই নুবুজা নহয় । তথাপি একো কৰিবহে নোৱাৰোঁ।
: ককাইদেউ , মানুহজন ৰাতিতো জ্বৰে ,বিষে শুবই পৰা নাই ।
মদৰুৱা আঁচলেৰে সেমেকা চকুযোৰৰ চুকদুটা টুকি টুকি কথা কোৱা অৱলা
মানুহজনীৰ চকুলে চাবলে সময় নথকা মহাজনে পুনৰ অসংযত শব্দৰেই চিঞৰি উঠিল....
: কিহৰ কাৰণে? কাম কৰিবলৈ মন নাই , ভেকো - ভাওনা ! নিধক চাল্লা ;
দেউতাই বিচনাৰ পৰাই কেকাঁই কেকাঁই
মাতষাৰ দিলে ,
: নহয় অ' ককাইদেউ , সঁচা কথা কৈছো ।আজি গা বেয়া । ভাল পালেই যাম ।
কথাষাৰ শেষ হ'ল কি নহ'ল , দেউতাৰ গালত চহকী মহাজনৰ হাতৰ এটা দাম্ভিক শব্দ সৰিল । শব্দটোৱে মোৰ বুকুত ঘন ঘনকৈ
প্ৰতিধ্বনি কৰিলে । সেয়ে মুখখন মোৰো মেল খালে ,,,
: বৰ্ত্তা , দেউতাৰ গাটো ভাল পালেই কাম কৰি আপোনাৰ
টকাকেইটা ধাৰ মাৰি দিব।
: তই মনে মনে থাক । বৈ তয়ে কাম কৰি দিবি মোৰ ঘৰত। তহঁতক দয়া কৰি লাভ নাই । সহায় কৰিবই নাপায় তহঁতৰ নিচিনা ভিকহুক
।
: কিনো সহায় কৰিছিল ?
: কিয় ককায়েৰৰ যহনিত
যোৱা সময়ত কোনে ধন দিছিল ?
: এনেই দিয়াতো নাছিল । মাটিৰ বিনিময়তহে দিছিল ।
: অ'যা এতিয়াও টকা কোনোবাই দিয়ে যদি মোৰ
টকা ঘুৰাই দে । ধাৰ মাৰি দে আৰু ঘৰত বহি থাক ।
ভোৰভোৰাই ভোৰভোৰাই অহা বাটেৰেই মহাজনে ওভটিল।
কালি দেউতাই মিলত মহাজনৰ ঘৰৰ ধান বানি
ওভটি আহোঁতে মূল পথৰপৰা চুবুৰীলৈ সোমাওঁতে এঢলীয়া
ঠাইকনত দুৰ্বল শৰীৰটোৱে ঠেলাখন ধৰি ৰাখিব নোৱাৰিলে। চাউলৰ সৈতে ঠেলাখন পথাৰৰ চুকৰ সৰু
পুখুৰীতোতে পৰিল । পাছে পাছে মটৰ চাইকেলত অহা মহাজনে
লৰালৰিকৈ নামি দেউতাকো গোৰ মাৰি তললৈ পেলাই দিলে । দেউতা উঠি আহিলত জেৰুৱা খুটিৰে
মহাজনৰ দম্ভালীবোৰ দেউতাৰ সৰ্বশৰীৰত সিঁচি দিলে। যাৰ পৰিণতি এইয়া ।
চুবুৰীটোৰ সকলোৰে বিপদত ধন দিব পৰা
মহাজনৰ এই নিয়মবোৰৰ বিপক্ষে মাত মাতিবলৈ প্ৰায়ে ভয় কৰে । সকলোৰেপৰা অভাৱৰ সুযোগ লৈ ধনৰ
কৌশলেৰে সম্পত্তিবোৰ গ্ৰাহ কৰা মহাজনে উচিত মূল্যও নিদিয়ে । তিনিভাগৰ এক অংশহে দিয়ে। গতিকে তেঁও বাৰু কিদৰে বুজিব দেওবাৰে
পোৱা ধনকেইটা নহ'লে মা'ৰ বৰঘৰত চৰুৰ তলৰ জুইকোৰা জ্বলোৱাৰ
একো কাৰণ না থাকে ।
: অ ' মা , অ' বাই ...
কোবাকোবিকৈ ভাইটি সোমাই আহিল ।
: ঐ তহঁতি মোৰকথাটো শুনচোন
।
: অ'দেউতা , টেকেলীৰ পইচা পাঁচশই যে লটাৰী টিকত কিনিছিলো; গাড়ী এখন পালো । প্ৰথম ।
এইমাত্ৰ হোৱা ঘটনাতোৰ বাবে, তাৰ কথাবোৰ এখন
কাণে সোমাই আন এখনে ওলাই গ'ল ।
: অ' মা , গাড়ীখন আনিবলৈ আমাৰ পইচা নাই বাবে মোোৰ লগৰ দীপাংকৰৰ দেউতাকে
কমিটিত বিশহাজাৰ জমা দি , গাড়ীখন আনিলে। আৰু মোকো গাড়ীখনৰ উচিত মুল্য দিব।
এইবাৰ কিন্তু আমাৰ চকুযোৰ হিচাপতকৈ অলপ ডাঙৰকৈয়ে মেল খালে।
আমাৰ গাৱঁৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ দীপাংকৰ ভাইটিৰ বন্ধু । দীপাংকৰৰ দেউতাক হৰেন গগৈ এজন ধনী
খেতিয়ক । কেইবাপোৰাও ধান খেতিৰ লগতে চাহ খেতিও
আছে । তেখেত উদাৰ মনৰ ব্যক্তি । এতিয়া যে তেওঁ আমাৰ বাবে ভগৱান যেন অনুভৱ হৈছে। মনে মনে মহাজনক দিবলৈ থকা ধাৰ কেইটা
আঙুলি মুৰতে গণিলো । মহাজনে অলপ আগতে কৈ যোৱা কথাষাৰ
ৰাখিলে , আমাৰ মাটিখিনিৰ মূল্যও দিব পৰা হ'ব। বাকী থকা টকাকেইটাৰে দেউতাই এটা সৰু
ব্যৱসায় আৰম্ভ কৰিব পাৰিব। কথাবোৰত ভাবৰ বুৰবুৰণি উঠোতেই , ধুনীয়া গাড়ী এখন পদুলিতে ৰ'লহি । ঠিকেই , হৰেন খুড়া আহিছে । তেখেতৰ লগত মা দেউতাই সকলো আলোচনা
কৰিলে আৰু দেউতাক চিকিৎসাৰ বাবে টাউনৰ হস্পিতাললৈ নিবলৈ ওলালোঁ । লগতে মহাজনৰ ঘৰৰ ধাৰখিনিও মাৰি যোৱাৰ
সিদ্ধান্ত ললে ।
বাৰাণ্ডাতে বাতৰি কাকত পঢ়ি থকা মহাজনে আমাক তেনেদৰে দেখি কিছু
আচৰিত হৈছিল ,
যদিও একো সোধা নাছিল । ময়ে আৰম্ভ কৰিলো ;
: বৰ্ত্তা , আপুনি যে কৈছিল , মাটিৰ টকাখিনি ঘুৰাই দিয়াৰ কথা ; দেউতাৰ ধাৰখিনিও হিচাপ কৰকচোন ।
লগে লগে মহাজনে হাতৰ বাতৰি কাকতখন
মোহাৰি দলিয়াই দিলে । একপ্ৰকাৰ পগলাৰ দৰেই আচৰণ দেখিবলৈ পালো ।
: মোক টকা ঘুৰাব
পৰাকৈ ইমান টকা ক'ত পালি ?
তেখেতক বুজাবলৈ মন
নাছিল , যদিও হৰেন খুড়াই ভদ্ৰতাৰেই বুজাই গ'ল । কিন্তু মহাজনে অপমানৰ ভংগীৰেই খুড়াক
ক'লে ,
: তোৰ যদি ইমান টকা আছিল আগতে কিয় নিদিছিলি?
: বৰ্ত্তা আপুনি
পুৱাতে নিজ মুখেৰেই কৈছিল , মাটিৰ টকা ঘুৰালে
মাটি ঘুৰাই দিয়াৰ কথা । ধাৰ কেইটা মাৰিলে দেউতাই কাম কৰিবও নালাগে
বুলিছিল । এতিয়া ....
: দে , দে তেতিয়া । সকলো হিচাপ কৰিলে লাখ টকাৰ ওপৰত হ'ল ।
: আপুনিটো আমাক
চল্লিশ হাজাৰ টকাহে দিছিল , মাটিৰ বিনিময়ত । আৰু সাত হাজাৰ টকা দেউতাই ধাৰে লৈছিল
;
গাড়ীৰ কথাবোৰৰ কাৰণে হৰেন খুড়াই গাঁৱৰ গাওঁবুঢ়া জনকো মাতিছিল । সেই সময়তে তেখেতো আহি পাইছিল । সকলোফালৰপৰা কথাবোৰ শুনি তেখেতেও
সুন্দৰ নিৰপেক্ষ মন্তব্য আগবঢ়ালে । তেখেতৰ মতে আগতেই যদি মহাজনে তিনিবিঘা
মাটিৰ উচিত মুল্য দিলেহেতেঁন , এতিয়া আমাৰ পৰাও
বেছি ধন দাবী কৰিব পাৰিলেহেতেঁন। কিন্তু , তেওঁ যিহেতু উচিত মুল্য দিয়া নাছিল ; গতিকে যিমান টকা দিছিল , সিমানহে ঘুৰাই পাব ।
সকলো বেমেজালি লিখিত ভাৱে সম্পন্ন কৰি দুৰ কৰা হয় , আৰু আমাৰ পৰিয়ালটো হৰেন খুড়াৰ
কৃতজ্ঞতাৰে ধন্য হলোঁ । লটাৰীৰ যোগেদি আমাৰ সৌভাগ্য হোৱাৰ
লগতে মহাজনৰ দৰে এজন অহংকাৰীৰো দৰ্পচূৰ্ণ হৈছিল ।
********************
দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮
ধ্বংসৰ কাৰক যেন প্ৰতাৰণা (গল্প)
- এপ'লিনা শইকীয়া বৰা
গোলাঘাট
" জীৱনত প্ৰথমবাৰ তুমিয়েটো মোৰ লগত প্ৰতাৰণা কৰিছিলা। তোমাৰ সপোন মই বুলি মিছাতে মোক বাৰু কিয় আঁজুৰিছিলা? তোমাৰ হাতত হাত থৈ আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিয়া
তোমাৰ প্ৰতিবিম্বই তোমাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছিল জানো? চলনাৰ
জাল পেলাই লৈ নিজে যি মুক্তি ল’লা, আনকো
সেই মুক্তিৰ সোৱাদ দিলা। তোমাৰ সেই লোৱা আৰু
দিয়াৰ মাজত মই মাথো মই হৈ ৰ’লো।"
ৰে'লআলিৰ কাষতে থকা বস্তাৰে
বেৰা এটা জুপুৰি । ভিতৰত জেকা যদিও চাফা আৰু পৰিপাটী মজিয়াখনত
বস্তা পৰা আছে। তললে পেট পেলাই পৰি কান্দি আছে পমিলা । অকলশৰে কান্দি কান্দি ভুৰভুৰাই আছে তাই।
মাক দেউতাকৰ এটি কল্পনাৰ বাস্তৱ সৃষ্টি পমিলা। কিহৰ যে দুখত সৰ্বহাৰা দেউতাকে অৱশেষত হেৰুৱালে প্ৰাণটোও। ভাৱত এসাগৰ সাঁথৰ। বয়সে যৌৱন গৰকা পমিলাৰ
দুচকুত নাই গাভৰু হৰিণী চঞ্চল মন। হৃদয় ভৰি আছে অভাৱৰ
একুৰা জ্বলন্ত শিখা। তাইৰ সপোন বুলি একোো নাথাকিলেও দেউতাকৰ দৰে
হোৱাৰ ইচ্ছা নাই। দেউতাকৰ দৰে আত্মহত্যাৰ পথ বাছি লৈ মুক্তিৰ সুখ
ললেও, তাইক লৈ কান্দিবলৈ প্ৰাণীশূণ্য।তথাপি সমস্ত সংগ্ৰাম নিজৰ বাবে।
এটা হাঁহি বিচাৰি শতবাৰ মুখ ঠেকেচা খোৱা উদাহৰণ
পমিলাৰ মানসপটত বহুত আছে। দেউতাক মাক দুয়োকে হেৰুৱাই ৭বছৰীয়া পমিলাজনীয়ে
আনৰ ঘৰে ঘৰে আহাৰ বিচাৰি ফুৰে। দুপৰীয়া ভাত সাজৰ বাবে
সৰ্বশিক্ষাৰ আয়োজন তাইৰ বাবে ধন্য। সেই সাজ ভাতৰ বাবে
স্কুলত নিতে উপস্থিত আছিল। আৰু মেধাৱী হিচাপে
চিনাকী দিবলৈ সক্ষম হৈছিল। তাইক ভাল বেয়া বিচাৰৰ
পৰামৰ্শ দিওতা নাছিল। সকলো তাইৰ নিজা কৰ্মৰ অভিজ্ঞতাক লৈহে আগবাঢ়িছিল। স্কুলত শিক্ষকে বুজাই,
" এছাৰীৰ আগত শিক্ষা", "আগবাঢ়ি
যাবলৈ এজন আদৰ্শবান পথপ্ৰদৰ্শকৰ প্ৰয়োজন"। এইবোৰৰ সংজ্ঞা তাই নেতিবাচক ভাৱে লবনে ইতিবাচক ভাৱে লব , সেইটো তাইৰ কাৰণে এটা বিৰাট ডাঙৰ প্ৰশ্নবোধক।
ঃ " অন্ধবিশ্বাসবোৰ যদি বিশ্বাস হ'লহেঁতেন,দেউতাৰ সমাধি বিচাৰি উদ্ধাৰ কৰিলোহেঁতেন
আত্মাক। মাত্ৰ এবাৰৰ কাৰণে বিচাৰিলোহেঁতেন জীৱন
নিৰ্বাহৰ উপায়। পৰৱৰ্তী কালত " বুঢ়ী আইৰ সাধু"ৰ সাধু
কথাবোৰৰ দৰে মোৰ কথাবোৰো সাধু হ'লহেঁতেন।"
: উহ! কিমান ভাবিম আাৰু মুক্তিৰ উপায়!
দেউতাই হয়তো এনেদৰেই ভাগৰি পৰি বিচাৰি পাইছিল, মুক্তিৰ অন্যতম পথ, ..." আত্মঘাটী"।
মমতাময়ী
দুগৰাকী শিক্ষত্ৰীৰ প্ৰেৰণাৰে উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ কৰা পমিলাৰ সেই নুন্যতম
শিক্ষাৰে প্ৰযুক্তিবিদ্যাৰ উচ্চ শিখৰত স্থান পোৱাৰ সৌভাগ্য নাই। যদিও নিজক সাধাৰন ভাৱে চলিবলৈও উপায় বিচাৰি নাপাায় বিৰক্তানুভৱ
কৰিছিল।দুদিনমান আনৰ ঘৰতো কাম কৰিবলৈও গাঁৱৰ ফালে গৈছিল। কিন্তু মুধাফুটা মনৰ,পুৰুষৰ লেবেল মৰাবোৰৰ দুচকুত যি লোলোপ চাৱনি, ঘিনতে
থু ওলায়। সেয়ে তাই নিজৰ বাবে বেলেগ কিবা কৰাৰ কথা ভাৱে। কিবা এটা শিকি নিজে স্বাৱলম্বী হোৱাৰ প্ৰবল ইচ্ছা। কিন্তু সেই কিবাটো শিকিবলৈ টকাৰ প্ৰয়োজন । সেই টকাৰে আকৌ অভাৱ। সেই অভাৱ ক'ৰ পৰা পূৰ হব, চিন্তা কৰি কৰি
কান্দি কান্দি আছে। আৰু সমস্ত গালিবোৰ
দেউতাকৰ মৃত আত্মাৰ ওপৰত ভদীয়া বৰষুণ সৰাদি সৰিছে।
এটা সময়ত
সকলো ফালৰ পৰা সক্ষম মনৰ পমিলাজনী অক্ষম পৰিস্থিতিৰ দাস হৈ কান্দি কান্দি কেতিয়ানো
চেতনাহীন হৈ মজিয়াতে পৰাতে পৰি ৰ'ল , গমেই নাপালে। যেতিয়া চেতনা ঘুৰাই পায়,
নিজকে উদ্ধাৰ কৰিছিল চিকিৎসালয়ৰ ৰোগশয্যাত। চকু মুদিয়ে কাণ পাতিলে কাষতে চুবুৰীয়া কাৰোবাৰ চিনাকী
মাতৰ কথোপকথন।
:
এইহেন ভৰ যৌৱনত ভৰি দিছিলহে । কিয় বাৰু তাইৰ মুৰত হেই টিউমাৰটো সোমালহি? নিজে খুৎি খাবলে শিকিব খোজোতেই ঠোঁটটোকে হেৰাল। এইবোৰ ধনী মানুহৰ বেমাৰহে। এইকনো কিয় দিব লাগে!
তাই মাতষাৰ বুজি পালে। এইগৰাকী তাইৰ শুভাকাংক্ষী । নিজৰ নাথাকিলেও তাইৰ
খবৰ ৰখা ওচৰৰ সেউতী খু়ড়ী। পিছে খুড়ীৰ কথাষাৰ
শুনি তাই এইবাৰ অনুভৱ কৰিলে সময়ৰ অভাৱ। নিজে কৰি খোৱাৰ উপায়
বিচাৰিছিলহে। ওপৰত বহি ৰংচোৱা জনে সময়ে নিদিলে। তাই অৱচেতনতাৰ সুযোগ লৈ ওচৰত কোনোবা ৰোগীৰ অভিভাৱকে সুধিছে,
:
মাক নাই নেকি?
:
নাই ! দেউতাক মৰাৰ পাছত ক'লৈনো গ'ল কোনেওগমেই নাপায়। নাবালিকা জীয়টো আৰ ঘৰে
, তাৰ ঘৰে চোৱা ভাত খাই ডাঙৰ
হোৱাৰ দৰেই।
:
কোনে চিকিৎসা কৰিব এতিয়া?
:
ওপৰৱালাইহে জানে।
কথাবোৰ শুনি পমিলা অভ্যস্ত হৈ পৰিছিল। সেয়ে জাপ মাৰি উঠি প্ৰায় চিঞৰিয়ে কৈ উঠিছিল,,,,
:
চুপ! চুপ থাক ! মোৰ চিকিৎসাৰ কথা তহঁতে চিন্তা নকৰিবি । মোৰ জন্ম সংগ্ৰাম আৰু মৰিবলৈকে হৈছে।
কথাষাৰ যেন
শেষ নহ'ল কৈ । পুনৰ চেতনাহীন হৈ ঢলি পৰিল চিকিৎসালয়ৰ বিচনাত।
****************
যোৱা সংখ্যাৰ পৰা…
"তেজৰ ৰং ৰঙা" (ধাৰাবাহিক গল্প)
-ৰাতুল
আখতাৰ
বিদেশতে পঢ়ি নয়ন বহুত ডাঙৰ হ’ল ৷
আজিকালি টকাই সকলো কৰিব পাৰে ৷ টকায়ে মানুহৰ মন সলনি কৰিব পাৰে, ভৱিষ্যতৰ কেৰিয়াৰ সলনি কৰিব পাৰে ৷ টকাৰ ফলতে নয়নে বিদেশতে পঢ়ি ডাঙৰ হ’ল ৷ তাত সি কিবা এটি ডাঙৰ বিজনেছো কৰিলে ৷ বিদেশত থাকি সি বগা ছালৰ ছোৱালী
এজনীকো নিজৰ অৰ্ধাংগীনি সজাই ল’লে ৷ ঘৰলৈ আহিবৰ মন নোহোৱা হ’ল ৷ তাতে সি জীৱনৰ আশা, ভৰষাৰ স্থল বুলি ভাবি
নিগাজিকৈ থাকিব ল’লে ৷ কিন্তু দেউতাকৰ নিৰ্দেশত আৰু ঘৰৰ হেঁচাত
স্বদেশলৈ ঘুৰি আহিব লগা হ’ল ৷ সি আহিল যদিও বিদেশীনীক এতিয়াও
পাহৰিব পৰা নাই ৷ ঘৰখনে আদৰিও ল’ব নোখোজে বগা ছালৰ
বোৱাৰীজনীক ৷ উপায়হীন হৈ দুয়োটাই নিজৰ নিজৰ ঘৰতে নিসংগে জীৱন কটাইছে ৷ অৱশ্যে
ব্যস্ততাৰ দৌৰত থমকি ৰোৱা নাই এটাও ৷ বিদেশত এখন ডাঙৰ বিজনেছ চম্ভালি আছে পত্নী সুস্মিতাই৷
দুয়োটাৰ মাজৰ বান্ধোনৰ গাঁঠি সুলকি পৰা নাই যদিও নয়নে মাজে মধ্যে হৃদয়ৰ অকৃত্ৰিম
অনুভূতিবোৰ ওচৰে-পাজৰে কাৰোবাৰ সৈতে বিলাব খোজে ৷ সেয়ে এলাপেচাক নধৰি শৈশৱৰ লগৰী
মেঘালীকে বাছি লৈছে, যাতে
আনে সন্দেহ নকৰে ৷ মেঘালী শৈশৱৰে লগৰী যদিও দুয়োটাৰ মাজত ভালপোৱাও আছিল ৷
নয়নে প্ৰায়ে
মেঘালীক ফোন কৰে ৷ ঘন্টাজুৰি কথা পাতে ৷ মেঘালীও ফোন নথয় ৷ দুয়োটাই ফোনত আপোন
পাহৰা হৈ সকলো কথা শ্বেয়াৰ কৰে ৷ ক'ৰবাত, হৃদয়ৰ
কোনোবাখিনিত ৰৈ যোৱা যি অলপ ভালপোৱা আছে সেই সময়কণৰে তাই তৃপ্তি লভিব খোজে ৷ কিয়
বাৰু? বয়সে আগবাঢ়ি গৈ জীৱনটোত এতিয়া কাৰোবাৰ মিঠা মাত
এষাৰিও শুনিলে কিয় জানো হৈ উঠে হৃৎপিণ্ডৰ সঘন সঞ্চালন? কিয়
অংকুৰণ ঘটে নতুন আৱেগৰ? কিহৰ
এই মৃদু শিহৰণ? কিহৰ মৰমৰ ছুনামী?
‘চৰকাৰী
চাকৰি এটাই যথেষ্ট নহয় ৷ জীৱনটোত আৰু বহুত কিবকিবি খুবেই প্ৰয়োজন ৷’ সকীয়নিটো মনত পৰে মেঘালীৰ ৷ লগে লগে খোজ ল’লে বাছ
ষ্টপৰ ফালে ৷
নয়নে সময় পালে
মেঘালীৰ অফিচৰ ফালে গুচি যায় ৷ নয়নে মানুহে দেখাকৈ অফিচত মেঘালীৰ সৈতে কথাত নবহে
যদিও কাৰোবাৰ কাণত হয়তো পৰিছেগৈ ৷ দুয়োটাৰ মাজত চলি থকা কথা সৰবৰাহবোৰৰ কথা ইকাণ
সিকাণকৈ বাগৰিছে ৷ মিতালী বাইদেৱেও হয়তো নয়ন আৰু মেঘালীৰ কথাবোৰ শুনিছে সেয়ে
সিদিনা ফোনতে সকীয়াই দিছিল, অকলে থকাবোৰৰ বদনাম সদায় বেছি, তোমাৰ ভাললগাবোৰ হয়তো বেলেগে ঘিণ কৰিব ৷ নিজকে বচাই থাকিবলৈ যিমানেই
চেষ্টা নকৰা কিয়, মানুহৰ উৎপাতত চকুত চকুপানী লগায়ে থাকিব
লাগিব ৷
বাছৰ পৰা নামি
মেঘালীয়ে ঘৰলৈ খোজ দিলে ৷ বাছ ষ্টপৰ পৰা মেঘালীৰ ভাড়াঘৰটোলৈ মাত্ৰ পাচমিনিটৰ বাট
৷ ফোনটো বাজি উঠিল ৷ ৰাতুলৰ ফোন ৷ উস্…এইটোৰ বা আজি কি হ’ল? কথাবোৰ
সম্পূৰ্ণকৈ পাতিব পৰা নাই ছাগেই!
ৰাতুলৰ ক'ৰ্টমেৰিজৰ
খবৰটোয়ে হয়তো তাইক আৰু দূৰ্বল কৰি পেলাইছে ৷ ঘৰখনৰ একমাত্ৰ আপোন বুলিবলৈ সি আছে ৷
আজি হয়তো সি কিবা এটা ভুল কৰিছে যদিও বায়েকক সি কথাটো জনাইছে ৷ অসহায়বোধত নিগৰিব
খুজিছে এধানিমান অসন্তোষ ৷ বিয়া পতাৰ পিছত সি বায়েকৰ খবৰ লয় বা নলয়! সিয়েইতো
আছিলগৈ একমাত্ৰ আপোন বুলিবলৈ ৷ আকৌ হেন্দোলিত হ’ব খুজিছে
মিতালী বাইদেওৰ প্ৰস্তাৱটো ৷ মেঘালীয়ে ফোনটো হাতত ল’লে৷
'কি?'
জাঙুৰ খাই উঠিল ৰাতুল৷
পাগল হৈছ নেকি?
তই জানা বা, নয়ন দা বিদেশতে বিয়া পাতি সংসাৰ গঢ়িছে আৰু এতিয়া সেই
ডিভোৰ্চাৰটোৰ লগত তই কিয় বিয়া হ’ব খুজিছ?
'খোজা নাই৷ সি যদি মোক বিয়া পাতিব খোজে মই আপত্তি নকৰো, তোক মই তাকেহে ক’ব খুজিছো! এনেয়েও মই গোটেই জীৱন অকলেই পাৰ কৰিব লাগিব…’
'কি?'
জাঙুৰ খাই উঠিল ৰাতুল৷
পাগল হৈছ নেকি?
তই জানা বা, নয়ন দা বিদেশতে বিয়া পাতি সংসাৰ গঢ়িছে আৰু এতিয়া সেই
ডিভোৰ্চাৰটোৰ লগত তই কিয় বিয়া হ’ব খুজিছ?
'খোজা নাই৷ সি যদি মোক বিয়া পাতিব খোজে মই আপত্তি নকৰো, তোক মই তাকেহে ক’ব খুজিছো! এনেয়েও মই গোটেই জীৱন অকলেই পাৰ কৰিব লাগিব…’
'তেনেকৈ কিয় কৈছ বা?'
'কোন আহিব মোক বিয়া পাতিবলৈ?
কোন আছে মোৰ আপোন ৷ আৰু তই যদি মোক বায়েৰ বুলি ভাবিলি হৈ তেন্তে তোৰ
বিয়াৰ খবৰ মোক আগতীয়াকৈ জনালি হৈ ৷ এতিয়াতো মোক কোনেও আপোন বুলি নাভাবে ৷ আনৰ কু-সমালোচনাৰ
মাজতে ডাঙৰ হৈছো যেতিয়া ক’ত ভাল ল’ৰা
আহিব৷ এতিয়া আনৰ চকুত আনে ঘোলা কৰা গেলা বৰালিয়েটো…’
'কি হৈছে তোৰ? মই থাকোতে তই ইমান…৷'
হ’ব৷ তই যিদৰে ক'লিম'লিজনীকে বিয়া পাতিবলৈ আমাৰ অনুমতিকো বাদেই,
সময়ত জনোৱাৰো প্ৰয়োজনবোধ নকৰিলি৷ এতিয়া মই কিয় তোৰ মতামত বিচাৰিব
লাগে? মই
তোক জনাইছোহে! আৰু
এটা কথা, মোৰ কথা ভবা হ’লে তই পশিছ
বছৰীয়াটোৱে আৰু দুদিনমান ৰ’ব পাৰিলিহেতেন ! বেলেগৰ কথা
স্বাৰ্থপৰ বুলি কি ক'ম? ঘৰৰ মানুহকেইটাই যেতিয়া পাহৰি গৈছে…৷
'বা, তই
যেনেদৰে ভাবিছ, তেনেকুৱা একো কৰা নাই৷'
‘হুম্…!’
ফোন কাটিলে মেঘালীয়ে ৷ কাণত বাজিয়ে আছে মিতালী বাইদেওৰ সকিয়নীটো ৷
ফোন কাটিলে মেঘালীয়ে ৷ কাণত বাজিয়ে আছে মিতালী বাইদেওৰ সকিয়নীটো ৷
ঘৰ পায়েই তাই চিধাই মিতালী বাইদেওৰ
নাম্বাৰটো ডায়েল কৰিলে৷
'ভালেই কৰিলা তুমি ফোনটো
কৰিলা!’ কাৰোবাৰ সৈতে কথা পাতিবলৈ খুব মন গৈছে জানা!’
'এহ আজি নাযাও নেকি? কিমাননো আৰু বেলেগৰ ঘৰৰ বিয়া খাই থাকিবা?’
'এহ আজি নাযাও নেকি? কিমাননো আৰু বেলেগৰ ঘৰৰ বিয়া খাই থাকিবা?’
মিতালী বাইদেউৰ মাততো থোকাথুকি হৈ
আহিল ৷ হয়তো তেওঁ কান্দিছে, নহ’লে তেওঁৰ হাতত সুৰাৰ গিলাচ…কোনোবা এটা যে হয়,
তেওঁৰ অস্পষ্ট শব্দলানিতে প্ৰকাশ হৈ উঠিল ৷
'আপুনি কান্দিছে নেকি?'
'ওঁ কান্দিছো! মোৰ দৰে নিঃসংগ মানুহৰ সময়ে থেকেচি যোৱা
মূহুৰ্তবোৰৰ কথা ভাবিলে হঠাতে মই কান্দি উঠো, নাজানো কিয়?
'আপুনি মিছায়ে চিন্তা কৰে,
আপোনাৰ এজন গজ্গজীয়া ল'ৰা থাকোতেও কিয় ইমান
নিজকে নিসংগ বুলি ভাবে?
'লৰা?কোন?
মানুহজনীয়ে মাজে মাজে সুৰাপান কৰে বুলি মেঘালীয়ে জানে ৷ কোনোবা এদিন কথাটো তেওঁ তাইৰ আগত সহজকৈ কৈ পেলাইছিল ৷ তথাপি আজি যি দৰে তেওঁ কথাবোৰ আৰম্ভ কৰিছে মেঘালী অপ্ৰস্তুত হৈ পৰিছে ৷ তাহানিতে বাইদেউৱে তাইক সকলো কথা কৈছিল ৷ আজি হয়তো বাইদেৱে নিচাৰ ৰাগীত মাতাল হৈ সকলো পাহৰি গৈছে ৷
মানুহজনীয়ে মাজে মাজে সুৰাপান কৰে বুলি মেঘালীয়ে জানে ৷ কোনোবা এদিন কথাটো তেওঁ তাইৰ আগত সহজকৈ কৈ পেলাইছিল ৷ তথাপি আজি যি দৰে তেওঁ কথাবোৰ আৰম্ভ কৰিছে মেঘালী অপ্ৰস্তুত হৈ পৰিছে ৷ তাহানিতে বাইদেউৱে তাইক সকলো কথা কৈছিল ৷ আজি হয়তো বাইদেৱে নিচাৰ ৰাগীত মাতাল হৈ সকলো পাহৰি গৈছে ৷
'কোন মানে উদীপ্ত আকৌ!'
'কোন উদীপ্ত?'
'কোন উদীপ্ত?'
মেঘালীৰ হাতৰ পৰা মোবাইলটোয়ে সৰি
পৰিল ৷ কোনোমতে তাই আকৌ উঠালে ৷
'আপুনি নিচাত আছে ৷ অলপমান
ভালদৰে বিশ্ৰাম লৈ অলপ
শোঁৱক৷ মই পিছত ফোন কৰিম৷'
অহা সংখ্যাত…
***************************
বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮
প্ৰতিবিম্ব
-পৰশমণি কাশ্যপ
বৰানীৰ মনটো ভাল নহয়। সাংঘাটিক অশান্তিত ভূগিছে মানুহজনী। লোকক
দেখুৱাই হাঁহি-মাতি থাকিলেও ভিতৰি মনটো অশান্ত।
:
মা, কি হৈছে তোমাৰ?
-
ভাতৰ পাতত মাকক অন্যমনস্ক হোৱা দেখি সুধিলে জীয়েকে।
:
ক’তনো কি হোৱা দেখিলি? ঠিকেইতো
আছো।
-স্বাভাবিক হ’বলৈ চেষ্টা কৰি কলে তেওঁ।
জীয়েকে একো নামাতিলো।
গিৰিয়েকে ধেমালীৰ সুৰত কলেও কথাষাৰে শেলে বিন্ধাৰ দৰে বিন্ধি আছে
বৰানীক। এতিয়া কতো বহুৱাব পৰা নাই তেও। দুপৰীয়াৰ ঘটনাটো আকৌ এবাৰ জুকিয়ালে তেও।
আলহী আহিছিল। পিছত বাচনখিনি ধুবলৈ যাওতে বোৱাৰীয়েকৰ হাতত কাপ
দুটা ভাঙিছিল। খং উঠিছিল বৰানীৰ। আজিকালি প্ৰায়েই বোৱাৰীয়েকৰ হাতত বাচন ভাঙে।
:
এইকেইটা ভাঙিল কেনেকৈ? তোমাৰ চকু নাই?
-খঙতে কৈ উঠিছিল তেও।
:
চকু আছে মা। কিন্তু হাতৰ পৰা পিচলি পৰিহে ভাঙিল।
-
বোৱাৰীয়েকে টানকৈয়ে উত্তৰ দিছিল। উচপ খাই উঠিছিল বৰানী। নিমাখিত যেন
লগা বোৱাৰীয়েকে প্ৰথমবাৰৰ বাবে উত্তৰ দিছিল।
:
মুখে মুখে তৰ্ক কৰিছা কিয়?
-
উস্মাৰে কৈ উঠিছিল বৰানীয়ে।
:
কতনো তৰ্ক কৰিলো। আপুনি সুধিছে বাবেহে কৈছো।
-
কৈ আঁতৰি গৈছিল বোৱাৰীয়েক।
অপমানিত হৈ খঙতে ফাটি পৰিছিল বৰানী।
:
দেখিলে তাইৰ সাহস। মুখে মুখে কথা কব আহে।
-
ঘৰত সোমাই গিৰিয়েকক কৈছিল তেও।
:
এৰা, দেখিলো, শুনিলো,
বুজিলো। বোৱাৰী শাহুৰ তক্কৰৰ মিলিছে।
-
মানুহজনে হাঁহি মাৰি কৈ উঠিছিল।
:
আপুনি হাঁহিছে?
-
আশ্বৰ্য্যত যেন ফাটিহে পৰিব মানুহজনী!
:
হেৰা, এটা সাধু কও শুনা। ভগবানে মানুহক দুটা
টোপোলা ওপহাৰ দিছিল। বোলে মানুহে উন্নতি কৰক! কিন্তু মানুহে নিজৰটো পিঠিত ওলোমাই
লোকৰটোহে চকুৰ আগত ৰাখিলে।
-
কৃটিম গাম্ভীৰ্য্যৰে কৈ উঠিছিল মানুহজনে। গিৰিয়েকলৈ পোন্দোৱাকৈ চাই
ভিতৰলৈ সোমাই গৈছিল তেও। সুবিধাপালেই মানুহজনীক কাট মাৰিবলৈ নেৰে তেও। বিয়াৰ পিছৰ
পৰাই মানুহজনক চিনিব নোৱাৰিলে তেও।
:
আইজনী, চাহ একাপ দিবাচোন!
-
তেও শুনাকৈয়ে বোৱাৰীয়েকক ৰিঙিয়াই মাতিছিল গিৰিয়েকে।
:
হব দেউতা। পাঁচমিনিট ৰব।
-
বোৱাৰীয়েকেও ৰিঙিয়াই অলপ পাছতে চাহ একাপ আনি দিছিল। যেন একো হোৱাই
নাছিল।
মানুহজনৰ ওপৰত খং উঠি আহিল বৰানীৰ। কোনোদিনেই মানুহজনে সমৰ্থন
নকৰিলে তেওক।
:
হেৰা, নোশোৱা!
-
ৰাতি এপৰলৈকে বিচনাত বহি থকা দেখি গিৰিকেকে কলে তেওক।
:
হব, আপুনি শোৱক।
-
গিৰিয়েকক প্ৰত্যুত্তৰ দি কাটি হৈ শুই পৰিল তেও।
****
:
এই বুড়ীজনী নমৰালৈকে শান্তি নাই।
-
কথাই প্ৰতি নীতি-নিয়ম সোঁৱৰাই থকা শাহুৱেকক চকুপাৰি দেখিব নোৱাৰিছিল
তেও। বুড়ীয়ে কিবা কলেও নুশুনাৰ ভাও জুৰিছিল। বিয়াৰ পিছতে গিৰিয়েকৰ সতে চহৰলৈ যাব
খুজিছিল বৰানী। কিন্তু শাহুৱেকে নিদিলে। পুতেকৰ সতে চহৰত থাকিবলৈ ললে ঘৰলৈ পিঠি
দিব বুলি ভাবি এবাৰতে নাকচ কৰিলে। তেও বুজাবলৈ চেষ্টা কৰিছিল। চহৰত থাকিলেও ঘৰখন
পাহৰি নাযায়। বৰানীৰ লগৰ সকলোবোৰেই চহৰত থাকিছিল। তাইৰো মন আছিল। লৰা-ছোৱালীক চহৰৰ
স্কুলত পঢ়াব, চহৰত গৰ সাজিব। কিন্তু গিৰিয়েকটো একান্তই মাতৃৰ
বাধ্য।
:
মায়ে যি কয় সেয়ে হব।
-
সকলো সিদ্ধান্ত মাকলৈ ঠেলি তেও ফালৰি কাটিছিল। উপায়ন্তৰ হৈ বৰানীয়েই
আগবাঢ়ি শাহুৱেকক কথাষাৰ কৈছিল।
:
চুপ বোৱাৰী, আজিয়েই যি কলি এনেকুৱা কথা। আগলৈ
নকবি। মই জীয়াই থকালৈকে ঘৰখন মোৰ কথামতেই চলিব লাগিব।
-
সেইটো ঘটনাৰ পিছৰ পৰাই শাহুৱেকে বেয়াপোৱা হৈছিল তেওক!
:
লৰাটো ভাল, বোৱাৰীজনীহে বদমাছ।
-
সুবিধাপালেই শাহুৱেকে কথা শুনাইছিল। বুড়ীয়ে কঠোৰ শাসনেৰে ৰাখিছিল
তেওক। মাজে মাজে তাক লৈয়েই খকা-খুন্দা লাগিছিল ননদজনীৰ লগত। শাহুৱেকে কোনোদিনেই তেওক
জীয়েকজনীৰ দৰে ভাবিবপৰা নাছিল। সেয়েলৈ হকে-বিহকে ননদে তাইক গালি খুৱাইছিল।
হঠাতে ঘপহকৈ চকুদুটা মেলি উচপখাই উঠিল বৰানী। তেও এয়া সপোন দেখিলে
নে পুৰণি কথাবোৰ ভাবি আছিল! বোৱাৰীজনী দেখোন তেওৰে প্ৰতিবিম্ব। মৃত্যুৰ সময়ত
শাহুৱেকে কৈ গৈছিল,
শাহুৰূপত সকলো নাৰীয়েই শুদ্ধ ৰূপত থাকে।
পিছদিনা বৰানীৰ এটা নতুন ৰূপ দেখা গল। বোৱাৰীয়েকে গা ধুই পাকঘৰত
সোমোৱাৰ আগতে তেৱেই পুৱাৰ চাহকাপ বনাই সকলোকে দিলে।
:
মা, আপুনি বনালে যে!
-
সদায় নিজে কৰা কামটো শাহুৱেকে কৰাত বোৱাৰীজনী আচৰিত হল।
:
একো নহয় দিয়া আইজনী। তুমি কৰা, মই কৰা কিনো
কথা। কামটো হলেই হল।
-
সহজভাবেই কলে তেও। বুজা-নুবুজাকৈ তেওৰ কাষতে ঠিয় দি ৰল বোৱাৰীয়েক।
:
হেৰি নহয় মাইনা, তই বাচনখিনি ধুই আনিবিদেই।
বৌৱেৰে ভাতমুঠি বহাই দিয়ক।
-
জীয়েকক উদ্দেশ্যি কৈ উঠিল তেও।
:
কিন্তু মা…
:
একো নহয় বুজিছ। তয়োতো এদিন বোৱাৰী হবি!
-
জীয়েকে ইতস্হ:ত কৰা দেখি কাষলৈ আহি লাহেকৈ গালত হাতফুৰাই কলে তেও।
কথাষাৰ গিৰিয়েকেও শুনিলে, পুতেকেও। অবিস্বাস্য যেন লাগিছে।
বৰানীয়ে বোৱাৰীয়েকৰ চকুলৈ চালে। কৃতজ্ঞ, শ্ৰদ্ধা
মিশ্ৰিত দৃষ্টিৰে তেওলৈকে চাই আছে। বৰানী সুখী হল। তেও ভুল কৰা নাই।
*******
যোৱা
সংখ্যাৰ পৰা…
তেজৰ ৰং ৰঙা (ধাৰাবাহিক গল্প)
-ৰাতুল আখতাৰ
মেকানিকেল ইঞ্জিনীয়াৰ
মেকানিকেল ইঞ্জিনীয়াৰ
ভায়েকৰ তপত কথাটো ক’ব খুজিও ক’ব নোৱাৰিলে মিতালী বাইদেওক৷ মিতালী
বাইদেওক মেঘালীয়ে তেওঁক যিমান ভালপায় সিমান ভয়ো কৰে৷ তেওঁৰ কথাবোৰত ওলমি থাকে স্পষ্টবাদিতাৰ দীঘল
সুৰ৷উচিত কথাত মাতিবলৈ তেওঁ অলপো সংকোচ নকৰে৷ অৱশ্যে মানুহজনী কেতিয়াবা বহুত
চিন্তাত পৰি থাকে৷কেতিয়াবা অফিচতে বহি থকা অৱস্থাত মানুহজনীক তাই দুখত ভাগি পৰা
দেখিছে৷কৰ্কট ৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পিছতে একমাত্ৰ ল'ৰাটোকো স্বাধীনচিতীয়াকৈ ডাঙৰ হ'বলৈ ঘৰৰ বাহিৰতে
ৰাখিছে৷সহজ ভাষাত কবলৈ গ’লে তেৱোঁ অকলশৰীয়া৷পুত্ৰৰ খৱৰ লৈ
কেতিয়াবা তাইৰ আগতো দুখো কৰে৷ল’ৰাটো বাহিৰতে থাকে৷ঘৰত অকলে থকাটো কিমান অসহ্যকৰ সেইটো মিতালী বাইদেওৰ নিচিনা ঝামেলাত পৰিলেহে বুজিব৷ সংসাৰৰ
ঝামেলাবোৰ ফঁহিয়াই মেঘালীকো সতৰ্ক কৰিবলৈ নাপাহৰে বাইদেউৱে৷বাইদেউৰ পৰা শিকিছে তাই
বাস্তৱত খোজ দিবলৈ, বাপেকৰ প্ৰতি উজাই অহা
ঘৃণাবোৰ চেনেহ-শ্ৰদ্ধালৈ বোৱাই নিবলৈ, আনকি তাই এতিয়া
ৰাতুলকো কঠোৰভাৱে পৰিচালিত কৰিব পৰা হৈছেগৈ৷
মিতালী বাইদেউৰ অন্তৰখনো খুব কোমল৷মানুহক মৰম যাচিব জানে৷সেয়ে
মেঘালী মাতৃহীনা বুলি জনাৰে পৰা তাইৰ যথোচিত আবদাৰ ল'বলৈ তেওঁ কেতিয়াও পাহৰা নাই৷সেয়ে মেঘালীৰ প্ৰিয় মানুহগৰাকী৷
চাহ খোৱা আকৌ!ঠাণ্ডাই হ’ল ছাগৈ!
মেঘালীয়ে কথাবোৰ মনৰ ভিতৰতে মেলি
দিওঁতে পাহৰিয়ে গৈছিল চাহৰ কথা৷হাতত চিঙৰাটো উঠাই লৈ মিতালী বাইদেওৰ ফালে চালে৷মানুহজনী
আজি বেলেগ ৰূপত দেখা গৈছে৷হয়তো কিবা এটা ভাল খবৰ পাব৷
উদীপ্তই
ফোন কৰিছিল নেকি বাইদেউ?
ছি:
কি যে কথা সুধিলো, জিভা কামুৰিলে মেঘালীয়ে৷বাইদেউ
যদি ওলোটাকৈ ভাবে!
বহুদিন আগতে এখন নিৰ্জন ঠাইত মিতালী বাইদেউয়ে মেঘালীক উদীপ্তৰ কথা কৈছিল৷
উম, ফোন এটা কৰিছিল আজি ৰাতিপুৱাই৷দিনটোত সি এবাৰ হ’লেও ফোন কৰেই৷ব'লা যাওঁ ইয়াৰ পৰা৷ আজি অলপ সোনকালে যাব লাগিব।কাম এটা আছে আমাৰ গাঁৱৰে হৰেণ ককাইটিৰ ল’ৰাটোৰ বিয়া৷উপহাৰ এটাও ল’ব লগা আছে৷
মেঘালীয়ে লাহেকৈ মূৰ দুপিয়ালে৷
বহুদিন আগতে এখন নিৰ্জন ঠাইত মিতালী বাইদেউয়ে মেঘালীক উদীপ্তৰ কথা কৈছিল৷
উম, ফোন এটা কৰিছিল আজি ৰাতিপুৱাই৷দিনটোত সি এবাৰ হ’লেও ফোন কৰেই৷ব'লা যাওঁ ইয়াৰ পৰা৷ আজি অলপ সোনকালে যাব লাগিব।কাম এটা আছে আমাৰ গাঁৱৰে হৰেণ ককাইটিৰ ল’ৰাটোৰ বিয়া৷উপহাৰ এটাও ল’ব লগা আছে৷
মেঘালীয়ে লাহেকৈ মূৰ দুপিয়ালে৷
চাহৰ বিলটো কেন্টিনৰ মেনেজাৰক দি বাইদেউ তামোল দোকান এখনলৈ গৈ
তামোল এখন কিনিলে৷
'তুমি নোখোৱা নহয়?
'ওঁ…হো…নাখাওঁ!
সহজকৈ উত্তৰটো দি মেঘালীয়ে অফিচলৈ গ’ল৷
অফিচৰ দুৱাৰমুখতে চকীদাৰজনে চাধা মলি আছিল৷ মেঘালীৰ নাকতে আহি সোমালহি চাধাৰ কাঢ়া
গোন্ধটো৷হাঁচি আহিল তাইৰ৷
কি
যে উলিয়াই থাকা তোমালোকে যেতিয়াই তেতিয়াই! পেলোৱা সেইবোৰ!
মেঘালীৰ মুখৰ বাক্য শেষ নহওঁতেই চকীদাৰজনৰ চাধা দাতৰ ফাকত সোমালগৈ৷
'এহ বাইদেউ এনেয়ে থাকি আমনি লাগে কাৰনেহে…খং নকৰিবচোন৷
'হ’ব বাৰু, তুমি আঠ নম্বৰ কোঠাটোত
থকা দ্বীপেন চাৰৰ পৰা ফাইলটো লৈ আহাচোন৷যোৱাকালিয়ে চাৰে ফাইলটো অলপমান চাব দিছিল৷
হ’ব বাইদেও মই লৈ আহিম বুলি কৈ চকীদাৰজন ওলাই গ’ল৷
মেঘালী চকীখনত বহি পৰিল৷সন্মুখৰ উদং দেৱালখনলৈ চাই তাই আৰু অলপ সময়
অলসভাৱে কটালে৷হঠাতে তাইৰ মোবাইলটো বাজি উঠিল৷ ৰাতুলৰ ফোন৷
কাটি
দিলে তাই৷লগে লগে ডায়েল কৰিলে তাই দেউতাকৰহে নম্বৰটোত।
'কি কৰি আছা দেউতা? '
'শুই আছিলো, কেনে আছ তই মাজনী?
'ভালেই আছো, ৰেখা নাৰ্চ আহি আছেনে?
'আহি আছে…
টকা
কেইটামান পঠাইছো, ৰেখা নাৰ্ছক কৈ এ,টি, এম পৰা গোটাই ল'বা…!
হ'ব বাৰু, মই কাবেৰীক কম! তাইও আছেহি৷
কাবেৰী খুৰী এতিয়াও আহি থাকে নেকি?
কিহৰ আশাত দেউতা? কি বিচাৰে তেওঁ তোমাৰ পৰা?
আচলতে কাবেৰীক ওচৰ চুবুৰীয়াই মেঘালী আৰু ৰাতুলৰ দ্বিতীয় মাক বুলিয়ে জানে৷
কিহৰ আশাত দেউতা? কি বিচাৰে তেওঁ তোমাৰ পৰা?
আচলতে কাবেৰীক ওচৰ চুবুৰীয়াই মেঘালী আৰু ৰাতুলৰ দ্বিতীয় মাক বুলিয়ে জানে৷
মুখ ফুটাই নক’লে মেঘালীয়ে৷ হয়তো
একেবোৰ কথা সৰু ল’ৰা এটাক বুজোৱাৰ দৰে দেউতাকক বুজাই থকাৰ
কাৰনো তাই বিচাৰি নাপায়৷ ওঁঠেৰে বিকৃত হাঁহি এটা নিগৰি গ’ল
তাইৰ, তাতে লাগি আছিল দেউতাকৰ প্ৰতি থকা এসোপামান ঘৃণা৷
একে বয়সৰ গীতালী, পল্লৱী, প্ৰান্তিকাহঁতে যেতিয়া কাপোৰেৰে দৰা-কইনা খেলিছিল, ঘৰৰ
চুকত লুকাভাকু খেলিছিল, মেঘালীৰ দুহাতত তেতিয়া গুঁজি দিছিল এসোপামান
ঘৰুৱা কামৰ বোজা৷পঢ়িবলৈ হাত মেলিব খোজা ছোৱালীজনীৰ হাতৰ কিতাপ ঘৰৰ চুকত উবুৰি হৈ
পৰি ৰৈছিল গৈ৷ তেতিয়া এই কাবেৰী খুৰী৷ক’ত আছিল গৈ বাৰু?
মাকে দিনটোৰ সৰহভাগ সময় দেউতাকৰ আলপৈচানতে এৰি দিছিল৷ঘৰৰ পিছফালে
বাঢ়ি অহা লতাবোৰ কাটিবলৈ গৈ ভৰি পিছলি পৰি গৈছিল তেওঁ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতো 'পেৰেলাইছিছ'ত বন্দী হৈ ঘুৰি আহিছিল৷ তেতিয়াৰে পৰা
তেওঁ বিচনাত৷ অতবোৰ চিকিৎসা পদ্ধতিৰ সীমাহীন শুশ্ৰুষাৰ পিছতো দেউতাক সুস্থ হৈ
নুঠিল৷
ঘৰৰ বজাৰ-সমাৰ কৰা, ৰাতুলৰ চোৱাচিতাৰ বাবে মাজে মাজে ডাঙৰ মোমায়েক আহিছিল৷ মোমায়েকৰ হাতৰ আঙুলিতে খোপনি পুতি ৰাতুল ডুলিয়াজানত চাকৰি কৰিব পৰাকৈ ডাঙৰটো হ’লগৈ৷ মাকৰ মৃত্যুৰ পিছত মেঘালীয়ে যেতিয়া চাউল, দাইলৰ মোনা কঢ়িয়াব লগা হৈছিল তেতিয়া কাবেৰী খুৰী ক’ত আছিলগৈ?
তেওঁৰ কু-মন্ত্ৰণাইটো শেষ কৰি পেলাইছিল সিহঁতৰ চাৰিজনীয়া সংসাৰ৷
ঘৰৰ বজাৰ-সমাৰ কৰা, ৰাতুলৰ চোৱাচিতাৰ বাবে মাজে মাজে ডাঙৰ মোমায়েক আহিছিল৷ মোমায়েকৰ হাতৰ আঙুলিতে খোপনি পুতি ৰাতুল ডুলিয়াজানত চাকৰি কৰিব পৰাকৈ ডাঙৰটো হ’লগৈ৷ মাকৰ মৃত্যুৰ পিছত মেঘালীয়ে যেতিয়া চাউল, দাইলৰ মোনা কঢ়িয়াব লগা হৈছিল তেতিয়া কাবেৰী খুৰী ক’ত আছিলগৈ?
তেওঁৰ কু-মন্ত্ৰণাইটো শেষ কৰি পেলাইছিল সিহঁতৰ চাৰিজনীয়া সংসাৰ৷
'কি হল মাজনী? মনে মনে থাকিলি যে…!
'পিছত ফোন কৰিম দেউতা, এতিয়া ৰাখিছো! '
'পিছত ফোন কৰিম দেউতা, এতিয়া ৰাখিছো! '
ভালেই কৰিছে ৰাতুলে৷ এইজন মানুহৰ পৰা আৰ্শীবাদ লোৱাটোও যেন পাপ৷
পৰৰ নাৰীৰ চলনাময়ী জালখনে তেওঁৰ মগজুত ইমানেই শিপাই গৈছিল যে নিজৰ প্ৰেয়সী পত্নীকো
মৰমৰ পৰা বঞ্চিত কৰি পেলাইছিল৷ যেতিয়া দৈহিক-মানসিক যন্ত্ৰণাত পুৰি যোৱা ঘৈনিয়েকৰ
অৰ্দ্ধনগ্ন মৃত শৰীৰটো আগত লৈ মেঘালীৰ দেউতাকে গগন ফালি ৰাউচি জুৰিছিল তেতিয়া
কাবেৰী খুৰী ক’ত আছিলগৈ?
হয়,
মেঘালী-ৰাতুলক ডাঙৰ মোমায়েকৰ হাতত গোটাই
কাবেৰীৰ ককৰ্থনা নুশুনাকৈ থাকিবলৈ মেঘালীৰ মাকে পৃথিৱী এৰিছিল৷
টেবুলত মেলি থোৱা কলম, কাগজৰ
টোপোলাটো বেগত ভৰাই মেঘালী যাবলৈ ওলাল৷ অফিচ চুটি হবলৈ এতিয়াও এঘন্টা বাকী৷ কাম
নাথাকিলে অফিচত সময় অপব্যয় কৰা যেনহে লাগে৷ মিতালী বাইদেউক দূৰৈৰ পৰা দেখিলে
মেঘালীয়ে৷ বাইদেউ অটো এখন মাতিছে৷ আজি গাড়ী অনা নাই হ’বলা৷
হাতত তেওৰ নীলা ৰঙৰ সদা ব্যৱহৃত ৰুমালখন৷
বাইদেওৰ ৰুমালখন দেখিলেই মেঘালীৰ মৰহা মুখখনিতো হাঁহিৰ মিচিকিয়া
ভাঁজ আহি ওলমেহি৷ মানুহজনীয়ে গধুৰ গধুৰ কথাৰে মেঘালীৰ অন্তৰখন প্ৰথমে ক্ষত-বিক্ষত
কৰি লব তাৰ পিছত দুখৰ নদীখন তাই সামৰিব খুজিলেই সেই নীলা ৰুমালখন তাইৰ গাল দুখনৰ
ওপৰত থেপি থেপি ঘঁহাই দিয়েহি ৷ কি কয় তেওঁ?
'বিয়া কেতিয়া পাতিবা? বয়স বাঢ়ি আহিলে গেলাবৰিও
নাপাবাগৈ! '
'নাপাতোৱে নেকি বিয়া!'
'হুহ্ অকলে থাকিব পাৰিবা? বুঢ়া বয়সত কি কৰিবা? আৰু চৰকাৰী চাকৰি এটাই যথেষ্ট নহয়৷ জীৱনটোত আৰু বহুত কিবাকিবিৰ খুবেই
প্ৰয়োজন! '
অটোট
উঠি মিতালী বাইদেউ অন্তৰ্ধান হ’ল৷ মেঘালীয়ে এতিয়াও থিয়
দি আছে অফিচৰ বাৰাণ্ডাত৷
অকলে এই পৃথিৱীত জীয়াই থকাটো কিমান কঠিন সেয়া মাকৰ জীৱনত ঘটি যোৱা
লাঞ্চনা-বঞ্চনাত বুজি উঠিছিল মেঘালীয়ে৷ নতুনকৈ কোনোবাই তাইক বুজাই দিয়াৰ প্ৰয়োজন
নাই বুলিও ভাবে৷ নয়নক সেয়ে শৈশৱৰ পৰাই নিজৰ কৰি লব খুজিছিল মেঘালীয়ে৷ নয়নৰ বুকুত
খোপনি লৈ নিজাকৈ এখন সংসাৰ গঢ়াৰ সপোন তাইৰো আছিল৷ মাক নথকা জীয়াৰীৰ হেঁপাহ কিমান
হব পাৰে নয়নেও হয়তো বুজিছিল৷ কিন্তু কলেজ শেষ কৰি যেতিয়া সি বিদেশলৈ গুচি গৈছিলগৈ
তেতিয়াহে তাইৰ উপলব্ধি হ’ল আচলতে প্ৰেম-পীৰিতি,
লাভ-এফেয়াৰ্ছ এইবোৰ একো একোটা শব্দহে…এই
শব্দবোৰৰ মাজত কোনো গূঢ়াৰ্থ সোমাই নাথাকে৷
নয়নৰ পৰিবাৰ বহুত ডাঙৰ৷টকা পইচাৰ অভাৱ নাই সেইবাবে নিজৰ কেৰিয়াৰ
গঢ়িবলৈ বিদেশলৈ গুছি গাছিল৷ স্মাৰ্ট ল’ৰা,
দেখনিয়াৰ ল’ৰা৷এদিনতে দহ-বাৰজনীক প্ৰেমত পেলাব
পৰাকৈ ৰূপো আছে, গুণো আছে৷
আগলৈ…
************
বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭
মৌন ক্ৰন্দন
-বিকাশ দত্ত
১)
"মনি, অ' মনি!"
- বিচনাত মনিক নাপায় সিদ্ধাৰ্থ উদগ্ৰীৱ হৈ পৰিল। আজি এমাহজুৰি সিহঁতৰ ঘৰখনত
বাস কৰি থকা নিস্তব্ধতাই যেন তাৰ মনতোক নিৰস কৰি পেলাইছে। কিন্তু সি তথাপিও সাধাৰণভাৱেই
আছিল। মনিষাৰ বাবে। হাঁহিমুখীয়া মনিষাৰ হাঁহি এতিয়া বিলুপ্তিত। কবিতা গোৱা মনিষাই
এতিয়া ডায়েৰীখনকে নিলিখে, গান গুণগুণাই ভাত ৰন্ধা মনিষা এতিয়া নিৰ্বাক। অৱশ্যে স্বভাৱসুলভ
মিচিকিয়া হাঁহিটো তাইৰ মুখত থাকে, কিন্তু সিদ্ধাৰ্থই জানিছিল এয়া কৃত্ৰিম! সি যিমান
পাৰে তাইক হহুঁৱাব চেষ্টা কৰে কিন্তু তাইৰ সেই ক্ষীণ হাঁহিটিৰ বাদে তাৰ দৃষ্টিত একোৱেই
নপৰে।
সি কোঠাৰ পৰা ওলাই আহিল। এনেতে বেলকনিত সি মনিষাল দেখা
পালে। চুলি মেলা, চকীখনত বহি আছে তাই চকু মুদি। ডিচেম্বৰ মাহৰ এটা ধুনীয়া ৰবিবাৰ।
ক্ষীণ ৰ'দচেৰেঙা তাইৰ মুখমণ্ডলত পৰিছিল। বৰ ধুনীয়া দেখিছিল তাইক। কলেজৰ দিনৰ সেই
মৌসনা মিঠা মাতৰ গায়িকা মনিষা বৰালৈ তাৰ মনত পৰি গ'ল। কলেজৰ আলোচনীত তাইৰ কবিতা
পঢ়িয়েই সি তাইৰ প্ৰেমত পৰিছিল। বৰষুণৰ সেই আবেলি বাছ ষ্টপতেই সি তাইক প্ৰেমৰ
প্ৰস্তাৱ দিছিল। তায়ো হয়ভৰ দিছিল। এনেদৰেই দুয়োৰে প্ৰেম হ'ল আৰু তিনিবছৰ আগত দুয়ো
সামাজিক ভাৱে বিবাহ বন্ধনত আৱদ্ধ হ'ল।
"উঠিলা! যোৱা গা পা ধুই আহা।"
- হঠাৎ মনিষাৰ মাত শুনি সি কল্পনাৰ সাগৰৰ পৰা ওলাই আহিল।
"উম! আজি ৰবিবাৰ, ব'লা ক'ৰবাত ফুৰিব যাওঁ!"
- সি আগ্ৰহেৰে ক'লে। যিমান পাৰি সিমান হাঁহি পেলায়েই ক'লে সি। কিজানিবা
তাইৰ মুখৰ পৰা অলপ হাঁহি আজি বেছিকৈয়ে দেখে সি।
"নাই অ', ধেৰ কাম আছে আজি। কাপোৰো আছে অলপ ধুবলৈ। কাম কৰা বাই জনীও
নাহিল আজি। বাবাৰ কাপোৰবোৰো …………!"
হঠাৎ তাই থমকি ৰ'ল।
"তুমি গা ধুই লোৱা। মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ।"
মনিষা ব্যস্ত হৈ পৰিল হঠাতে। সিদ্ধাৰ্থ মৌনতাৰে থিয় হৈ ৰ'ল তাত।
২)
বহু কাকূতি কৰাৰ পিছত মনিষা গধুলি ফুৰিবলৈ যাবলৈ মান্তি
হ'ল। আইনাৰ আগত যেতিয়া তাই চুলিকেইডাল ফনিয়াই আছিল তেতিয়া সি তাইৰ পিছফালে থিয় হৈ
ক'লে,
"বৰ ধুনীয়া দেখিছে দেই আজি তোমাক।"
তাই মিচিকিয়া কৈ হাঁহিলে। কোনো উত্তৰ নাহিল তাইৰ ফালৰ সেই হাঁহিটোৰ বাদে।
"এখন নতুন চিনেমা লাগিছে। সেইখনকেই চাওঁ ব'লা।"
- সিদ্ধাৰ্থই গাড়ীৰ ষ্টিয়াৰিঙ হুৱিল ডাল পকাই পকাই সুধিলে। তাই একো নক'লে।
অলপ সময় পিছত ক'লে,
"ব'লা!"
৩)
চিনেমা চাই ঘৰ পাওঁতে দেৰিয়ে হ'ল সিহঁতৰ। বাহিৰতে কিবা
অকণ খাই আহিল। ঘৰত আৰু একো নবনালে। নিশা বিচনাত উঠাৰ পিছত সিদ্ধাৰ্থই টিভি চাই।
কাষত মনিষা বহি আছিল। টিভিৰ ফালে চাই। সি ৰিমোটেৰে এবাৰ অ'ত, এবাৰ ত'ত জঁপিয়াই
ফুৰিছে।
"ধেই একোৱেই নাই এইডালত।"
- সিদ্ধাৰ্থই কেৰাহিকৈ চালে মনিষাৰ ফালে।
নিশ্চুপ তাই। অইন দিনাৰ দৰে তাই তাৰ হাতৰ পৰা ৰিমোটটো কাঢ়ি
লৈ যোৱা নায়।অৱশেষত লাহেকৈ ক'লে,
"মুৰটো বিষাইছে। বন্ধ কৰা না। শুই যাওঁ।"
চকুকেইটা মুদি তাৰ বাউসীত মুৰটো থ'লে তাই।
টিভিটো অফ কৰিলে সি। মনিষা তেনেদৰেই শুই থাকিল। কিন্তু তাই সাৰে আছিল। নীৰৱতা
ভাঙি সিদ্ধাৰ্থই অৱশেষত সুধিলে,
"মনি!"
"উম!"- তাই মুৰটো তেনেদৰেই পেলাই থৈ আছিল।
"মই ভাগৰি পৰিছো অ'।"
তাই নিশ্চুপ হৈয়ে আছিল। মুৰটো তাৰ বুকুত গুজি দিলে তাই।
"কোৱা কিবা!"
- সিদ্ধাৰ্থই থোকাথুকি মাতেৰে জোৰ দিলে।
"জানা নে, দুপৰীয়া যেতিয়া টিভিত কাৰ্টুনবোৰ দেখো পোনাকণলৈ বৰকৈ মনত
পৰে, পাকঘৰৰ বাচন পৰা যেন পালে এনে লাগে যেন সি পেলাইছে, আজি কাপোৰ ধুই থাকোতে তাৰ
নীলা ৰঙৰ ছুৱেটাৰটো হাতত পৰিল, তাৰ গাৰ গোন্ধটো আছিলেই অ' তাত!"
- মনিষাৰ চকুপানীৰে সিদ্ধাৰ্থৰ বুকুখন তিতি গ'ল।
"কিয়, সি অকল তোমাৰেই আছিল?? মোৰ নাছিল? মোৰ তেজ নাছিল? চব দুখ তুমি
অকলেই ল'বা হা? কোৱা কোৱা!"
- সিদ্ধাৰ্থৰ চকু সিদিনাখন চলচলীয়া হৈছিল।
মনিষা অলপ সময় মৌন হৈ ৰ'ল। দুয়ো প্ৰায় ১০ মিনিট সময়
তেনেকৈয়ে থাকিল।
"জানো বাবা, তুমিও বহু দুখত আছা। কিন্তু দেউতাকতকৈ মাকৰ দুখ অলপ হ'লেও
বেছি অ'। সিদিনা হাস্পতালত সি মোৰ কোলাতেই বিলীন হৈ গৈছিল অ'!"
- মনিষাই হুকহুকাই কান্দি দিলে।
সিদ্ধাৰ্থই তাইক বাধা দিয়া নাছিল। বুকুত ৰখা সেই বিষাদৰ
জ্বালাখিনি তাইৰ পৰা ওলাই যোৱাটোৱেই বিচাৰিছিল সি। সিও নিজৰ অশ্ৰু ৰখাব পৰা নাছিল।
গালেৰে বৈ অহা তাৰ লোটক দুধাৰি মচি সি ক'লে,
"এটা সহায় কৰিবা নে মোক?"
"উম!"
- তাই মুখখন তাৰ বুকুত গুজিয়েই আছিল।
"মোক আগৰ মনিষাজনীক ঘূৰাই দিয়া!"
- সি কৈ পেলাই উচুপি উঠিল।
তাই মূৰ তুলিলে। তাইৰ চকু তেতিয়াও অশ্ৰুৰে ভৰা! তাই যেন
ভাবি নাপালে কি ক'ব। এনেতে তাই সিদ্ধাৰ্থৰ ওঁঠত তাইৰ ওঁঠদুটা গুজি দিলে।
আৰু ক'লে,
"মোক ক্ষমা কৰিবা! আজিৰে পৰা আৰু কেতিয়াও নাকান্দো মই। আই লাভ ইউ বাবা!"
দুয়ো সিদিনাখন তেনেকৈয়ে থাকিল। হয়তো সিহঁতৰ প্ৰেমে আজি
পুনৰ জীৱন পালে, মৰহি যোৱা সোণাৰুৱে যেন প্ৰাণ পালে, জীৱনৰ সমীকৰণবোৰ ছাগে
এনেকুৱাই!
*****
কুঁহিপাতৰ হালধীয়া
ৰং
-পম্পী ডেকা
সেই দিনা কলেজৰ পৰা ঘৰলৈ আহি থাকোতে হঠাতে মোৰ ওচৰত বাইক
এখন ৰখাই ল'ৰা এজনে মোক মাতিলে আৰু সুধিলে, জগত বৰুৱাৰ ঘৰটো বাৰু আপুনি চিনি পায়নে;
মইও পোন- পটীয়াকৈ জগত বৰুৱাৰ ঘৰৰ ঠিকনা দি দিলো। ল'ৰাজনে হয়টো নাজানে যে মইয়ে জগত বৰুৱাৰ
একমাত্ৰ কন্যা ৰিয়া। খোজ কাঢ়ি ঘৰলৈ অহা বাবে ঘৰ পাওঁতে
মোৰ অলপ দেৰি হ'ল। ঘৰ সোমাইয়ে ড্ৰয়িংৰুমত আমাৰ ঘৰৰ ঠিকনা সোধা ল'ৰাজনক দেখিলো। ল'ৰাজনৰ লগত একো কথা নপতাকৈ চিধা পাকঘৰ পালো। মায়ে চাহ জলপানৰ ব্যৱস্থা কৰি আছিল। মই সুধিলো ল'ৰাজন বাৰু
কোন হয়? মায়ে ক'লে, তেখেত হেনো মোৰ দেউতাৰ
পুৰণি বন্ধু মোহন হাজৰিকাৰ পুত্ৰ ৰাজ। যেতিয়া মোৰ বয়স ২ বছৰ আছিল তেতিয়া চাকৰি সূত্ৰে দেউতা গাওঁ এৰি চহৰলৈ আহিল আৰু
আমি তাতে নিগাজিকৈ থাকিব ল'লো। মায়ে ৰাজৰ লগত মোক
চিনাকি কৰি দিলে আৰু মা তাৰ পৰা গুচি গ'ল। চাহ খাই আমি দুয়ো
কথা পতাত ব্যস্ত হৈ পৰিলো। ৰাজৰ ঘৰ আছিল নগাওঁত। নগাওঁৰ পৰা গুৱাহাটীলৈ অৰ্থাৎ আমাৰ ঘৰলৈ ৰাজ প্ৰথম আহিছিল। সেইবাবে দেউতাই তেওঁক এসপ্তাহমান আমাৰ ঘৰতে থাকিব কৈছিল। এই এসপ্তাহত ৰাজৰ লগত গোটেই গুৱাহাটী ফুৰিলো। অচিনাকি ল'ৰাজন লাহে লাহে মোৰ বন্ধু হৈ পৰিল। ঘৰলৈ যোৱা সময়ত ৰাজে তেওঁৰ ফোন নং দি গ'ল আৰু ক'লে -যদি মোলৈ
মনত পৰে এবাৰ মিছকল দিবা। বেলি মাৰ গ'ল আৰু ব্যস্ততাৰে পৰিপূৰ্ণ গুৱাহাটী মহানগৰী লাইটৰ
পোহৰত জকমকাই উঠিল ।
বাৰে বাৰে ৰাজলৈ মনত পৰি আছিল। সেইবাবে
একো নভবাকৈ ৰাজলৈ ফোন কৰিলো। ফোন ৰিচিভ কৰি ৰাজে
ক'লে-হেল্ল' ৰিয়া! মই আচৰিত হৈ সুধিলো, আৰে তুমি কেনেকৈ
গম পালা মই বুলি? ৰাজে ধেমেলীয়া হাঁহি এটি মাৰি ক'লে -মই এতিয়া তোমাৰ কথায়ে ভাবি আছিলো। সেইবাবে তুমি বুলিয়েই ভাবিলো। ঘৰলৈ
আহি বাৰে বাৰে তোমালৈ মনত পৰি আছে অ। তোমাৰ জানো মোলৈ মনত পৰা নাই? তেতিয়া
মই মিচিকিয়াই ক'লো - মনত নপৰিলে জানো তোমাক ফোন কৰো! এনেকৈয়ে আমাৰ কথা বতৰা চলি থাকিব ধৰিলে। এদিন ৰাজে ক'লে তেওঁৰ হেনো গা ভাল নহয়। তীব্ৰ মূৰৰ বিষ। মোৰ বহুত চিন্তা
হ'ল আৰু গোটেই ৰাতি ৰাজৰ কথা ভাবি থাকোতেই পুৱা হ'ল। ৰাতিপুৱা
ৰাজক এবাৰ ফোন কৰিলো। ফোনটো ৰাজৰ ভনীয়েকে
ৰিচিভ কৰিলে আৰু ক'লে -দাদা এতিয়া শুই আছে। মই
ভাবি নাপালো যে; মই কিয় বাৰে বাৰে ৰাজৰ কথা চিন্তা কৰি আছো? মই কিয় শান্তিত থাকিব পৰা
নাই? ৰাজে বাৰু মোৰ কথা চিন্তা কৰেনে? মই ৰাজৰ প্ৰেমত পৰা নাইতো? ধেৎ কি যে কথাবোৰ
ভাবি আছো নহয়। এনেদৰে আগৰ নিচিনাকৈ দিনটো পাৰ হ'ল। ৰাতি দহমান বজাত ভাত খাই মই শুবলৈ গ'লো। এনেতে ৰাজে ফোন কৰিলে আৰু ক'লে -ৰিয়া ! তোমাৰ লগত এটা বৰ ডাঙৰ
কথা আছিল অ।
মই বৰ আগ্ৰহেৰে সুধিলো -কি কথা কোৱাচোন। ৰাজে ক'লে-আজি কিছুদিনৰ পৰা তোমাক ক’ম ক’ম বুলি ভাবিও ক’ব পৰা
নাই। ৰিয়া মই চাগে তোমাক ভাল পাই পেলাইছো। তাৰ পিছত কিছু সময় দুয়ো মনে মনে থাকিলো।
ৰাজে লাহেকৈ সুধিলে -ৰিয়া মোক তুমি ভাল পোৱানে? মই লাজ লাজকৈ ক'লো -অ' ৰাজ মইও তোমাক
বহুত ভাল পাওঁ।
আমাৰ প্ৰেম কাহিনী আগবাঢ়ি গৈ থাকিল। লাহে লাহে এনেকুৱা
হ'ল যে ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰাজৰ এষাৰ মাত নুশুনিলে দিনটো ভালকৈ পাৰেই নহয়। এনেদৰে
দিনবোৰ পাৰ হ'বলৈ ধৰিলে। জানুৱাৰী মাহ পালে। মই আৰু মোৰ বান্ধৱী কেইজনীমানে পিকনিকৰ
প্লেন কৰিলো আমি সকলোৱে শ্বিলঙত যাম। এই কথাটো মই ৰাজক জনালো আৰু ৰাজে অনুমতিও দিলে।
সেইদিনা আছিল জানুৱাৰী মাহৰ ৩ তাৰিখ। গোটেই ৰাতি ৰাজৰ লগত কথা পাতিলো। মোৰ
মনটোৱে বাৰে বাৰে খুন্দিয়াই আছিল; মোৰ এনেকুৱা লাগিছিল যেন ইয়াৰ পিছত মই আৰু কেতিয়াও
ৰাজৰ লগত কথা পাতিব নাপাম মই ৰাজৰ মাত শুনিব নাপাম। এনেতে
এলাৰ্ম বাজিল। চাৰি
বজাত মই উঠি গা ধুই ড্ৰেচ কৰিলো। চাহৰ কাপ হাতত লৈ পুনৰ ৰাজক ফোন কৰিলো। ৰিং কৰিলে কিন্তু ৰাজে ৰিচিভ নকৰিলে। হয়টো
টোপনি আহিছিল। আমি ঘৰৰ পৰা পাঁচমান বজাত ওলালো। শীতৰ এই সেমেকা ৰাতি কুঁৱলীয়ে আৱৰি ধৰিছিল গোটেই শ্বিলং। আমাৰ গাড়ী শ্বিলং অভিমুখে ৰাওনা হ'ল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। আমাৰ
গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰিল। মোৰ
দুজনী বান্ধৱী এই পৃথিৱী এৰি গুচি গ'ল। আৰু ................ আৰু মোৰ এখন হাত হেৰুৱালো।
: আজি প্ৰায় দুমাহ হস্পিটালত থকাৰ পিছত ঘৰলৈ উভতি আহিলো। কিন্তু .....কিন্তু ৰাজে এবাৰলৈও মোৰ খবৰ নল'লে। এবাৰো মোলৈ
ফোন নকৰিলে। তেওঁ হয়তো গম পাইছিল যে মই আৰু আগৰ
ৰিয়া হৈ থকা নাই। মোৰ নামৰ আগত এটি নতুন শব্দ লাগি গ'ল
"বিকলাংগ "।
এনেতে ফোনটো বাজি উঠিল। ভাৱনাৰ পৃথিৱীখনৰ পৰা উভতি আহি
চকুপানীখিনি মচি ফোনটো চালো। ইমানদিনৰ
মূৰত আজি ৰাজে মোলৈ ফোন কৰিছে; অতি
হেঁপাহেৰে ফোন ৰিচিভ কৰি ৰাজক একো ক'বলৈ সুবিধা নিদিয়াকৈ মই মোৰ কথাবোৰ কৈ গ'লো। কিন্তু অলপ পিছত সেইফালৰ পৰা এজনী
ছোৱালীৰ মাত ভাহি আহিল আৰু মোক সুধিলে -তুমি ৰিয়া হয়নে; মই ৰাজৰ ভনীয়েকে কৈছো। মই কঁপা কঁপা মাতেৰে ক'লো- হয়! মই ৰিয়া! ৰাজ ক'ত? ৰাজ ভালে আছেনে? কিন্তু কোনো উত্তৰ নিদিয়াকৈ
ৰাজৰ ভনীয়েকে কান্দিব ধৰিলে। মই ভাবি
নাপালো যে প্ৰকৃততে কি হৈছে। অলপ
পিছত ভনীয়েকে ক'লে -দাদা আৰু বেছি দিন জীয়াই নাথাকে। তাৰ ব্ৰেইন টিউমাৰ হৈছে। ডাক্তৰে কৈছে দাদা শেষ পৰ্যায়ত উপনীত হৈছে। এইবোৰ কথা দাদাই তোমাক জনাব মানা কৰিছে। এইবোৰ কথা গম পালে তুমি হেনো মনত বৰ আঘাত
পাবা। মৃত্যুৰ সৈতে
তিল তিলকৈ জুজি থাকিও দাদাই তোমাক পাহৰি যোৱা নাই। দাদাৰ এই অৱস্থা চাই থাকিব নোৱাৰি উপায়হীন হৈ তোমাক ফোন
কৰিলো। হেল্লো!!!!! হেল্লো ৰিয়া মোৰ কথা শুনিছানে তুমি।
হাতৰ পৰা ফোনটো পৰি গ'ল। মোৰ
মূৰৰ ওপৰত যেন সৰগ ভাগি পৰিল। ততাতৈয়াকৈ মাক লগত
লৈ নগাঁও অভিমুখে ওলালো ৰাজৰ ঘৰত। এঘাৰমান বজাত ৰাজৰ
ঘৰ পালো। ঘৰৰ চাৰিওফালে নিমাওমাও পৰিৱেশ। মা আৰু মোক দেখাৰ
লগে লগে ৰাজৰ মাকে হুকহুকাই কান্দি উঠিল। এনেতে ঘড়ীত বাৰ বজাৰ ঘন্টা বাজি উঠিল। হো হোৱাই অহা এম্বুলেন্সখন ৰাজহঁতৰ ঘৰৰ সন্মুখত ৰ'ল। মই ৰাজ অহা বুলি দৌৰি গৈ পদূলি পালো। ৰাজ
আহিল সঁচা কিন্তু জীৱিত নহয় উভতি আহিল ৰাজৰ মৃত দেহ। চিঞৰি চিঞৰি মাতিলো ৰাজক। শেষবাৰৰ
বাবে আৰু মই ৰাজৰ মাত শুনিব নাপালো। এয়াই ভগৱানৰ নিষ্ঠুৰ
খেল। প্ৰথমে মোৰ হাত এখন কাঢ়ি লৈ গ'ল আৰু আজি যেন
মোৰ পৰা মোৰ কলিজাৰ এফাল কাঢ়ি লৈ গ'ল। আজি সঁচাকৈয়ে মই
সকলোৰে আগত বিকলাংগ হৈ পৰিলো।
***
বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭
তেজৰ ৰং ৰঙা (ধাৰাবাহিক
গল্প)
-
ৰাতুল আখতাৰ
মেকানিকেল ইঞ্জিনীয়াৰ
চেঞ্চুৰী প্লাই ইণ্ডিয়ালিমিটেড
এটা নতুন দিনৰ প্ৰাকক্ষণত পূৱ আকাশৰ বুকুত দিবাকৰে এটি
হেঙুলীয়া ৰ'দালিৰেধৰাৰ সকলো জীৱ-জন্তুক সুপ্ৰভাত জনাইছিল ৷ পূৱ আকাশৰ পৰা প্ৰতিফলন
হোৱা কোমল ৰ'দালিৰে ৰাতিপুৱা আকাশখন ফৰকাল হৈ আছিল ৷ আকাশত লেখ মাত্ৰাও মেঘ নাছিল
৷ পুৱাৰ বেলিটোৱে বাধাপ্ৰাপ্ত নোহোৱাকৈ মুখত এমোকোৰা হাঁহি মাৰি গতানুগতিকভাৱে
পৃথিৱীখনক পোহৰ বিলাইছিল ৷ এটি সজীৱ ৰাতিপুৱাতে পৃথিৱীৰ জীৱ-জন্তুবোৰে নিজ নিজ কৰ্তব্যলৈ ধাৱমান হৈছিল ৷ ৰাতি সৰি পৰা
নিয়ৰৰ টোপালবোৰ সুৰ্য্যদেৱতাৰ কোমল ৰ'দৰ প্ৰেমত পৰি ৰ'দালিৰ সৈতে আন এখন দেশলৈ
গুছি গৈছিল ৷ নিয়তিৰো কি যে খেলা ৷ কিছু সময়ৰ পিছত প্ৰকৃতিও ওলোটা ফালে গতি কৰিলে
৷ এচপৰা ক'লা মেঘে লাহে লাহে পৃথিৱীখনক ঢাকি পেলালে ৷ পোহৰক খেদি এন্ধাৰে ৰাজত্ব
চলালে ৷ পুৱা নে গধুলি ধৰিবলৈ অলপ টান হৈ পৰিছিল ৷ মাজে মাজে অশুভ শক্তিস্বৰূপ
বিজুলী, ধেৰেকনি আৰু বৰষুণে গোটেই পৰিবেশটো ভয়াৱহ কৰি পেলাইছিল ৷ খন্তেকতে বৰুণ
দেৱতাইও পৃথিৱীৰ বুকুত এটোপ দুটোপ কৰি বৃষ্টি নমাইছিল ৷
আজি ৰাতুলে তাৰ প্ৰেয়সীক কোৰ্ট মেৰেজ কৰিব ৷ ৰাতিপুৱাতে ৰাতুলৰ সকলো বন্ধুয়ে মিলি তাৰ লগত ডিব্ৰুগড়ৰ
কোৰ্টলৈ ধাৱমান হল ৷ কোৰ্টত সকলোৰে মাজত তাৰ প্ৰেয়সী বনাশ্ৰীৰ শিৰত সেন্দুৰৰ তুলিকাৰে এটি ফোঁট আকি মঙ্গলসূত্ৰ পিন্ধাই পূজাৰীৰ পৰা আৰ্শীবাদ লৈ জীৱনৰ বিবাহপাশত
বান্ধ খোৱাৰ প্ৰতিশ্ৰুতিৰে শপত খালে ৷ হৈ গল এখন বিয়া ৷ বনাশ্ৰী শইকীয়াক যুগ্মজীৱনৰ সহধৰ্মিনী কৰি কোৰ্টৰ পৰা ওলাই আহিল ৰাতুল আৰু
তাৰ বন্ধুবৰ্গ ৷ ডিব্ৰুগড় চহৰৰ মাজত এখন দামী ৰেষ্টুৰেন্টত পাৰ্টী চলিল ৷ কোৰ্ট
মেৰেজৰ সকলো কাম সম্পন্ন কৰি লগৰ বন্ধুবৰ্গক
পাৰ্টী খুৱাই ৰাতুল ওলাই আহিল ৷ বাহিৰলৈ ওলাই আহিয়ে ৰাতুলে তাৰ মৰমৰ বায়েক মেঘালীক
ফোন লগালে ৷
: কি? মোক আগতেই নক'লি কিয়? '
: 'কি বুলি ক'ম? সাহসেই গোটাব
নোৱাৰিলো! '
'তিনি মাহৰ আগতেই তোৰ ওচৰৰ পৰাই আহিলোগৈ ৷ তই মোক তাইৰ
কথাহে কৈছিলি কিন্তু এবাৰো লগ ধৰি মোক নেদেখুৱালিও…!
বায়েৰাৰ প্ৰতি তোৰ কিমান মৰম বুজিলো ৷ কমচে কম এবাৰতো লগ
কৰাই দে…
: আস, মোক কবলৈ দে বাইটি, তোক সেইদিনাই লগ কৰাই দিম বুলি
ভাবিছিলো কিন্তুজানাই দেখোন
কামৰ ব্যস্ততা ৷ চৰকাৰী কাম, ওপৰৰ পৰা আদেশ আহিছে অফিচলৈ সোনকালে যাব লাগে ৷
ভাবিছিলো বেলেগ এদিন দেখাম ৷ আৰু তুমিওতো বেছিদিন নাথাকিলা ৷ মাত্ৰ তিনিদিন থাকিয়ে
গুছি গ’লা ৷ তুমি নিজেই
জানা অফিচৰ কামবোৰ কেনেকুৱা ৷ আৰু ভাগ্য ভাল ভগৱানে মোৰ প্ৰেয়সীজনীক তোক
নেদেখুৱালে ৷
'দেখা হ'লে পোনছাটেই নাকচ কৰিলিহেঁতেন! '
: এনেকুৱাই নে? তই কিয় তেনেহলে…
: 'ৰ'বি…ৰ'বি…! খং চং নকৰিবিচোন! ভাল বুজিছ,
তহঁতক সেইটোহে লাগে! কেৱল গাৰ ৰংটোহে একেবাৰে ক'লা
ম'লা…কিন্তু মোৰ তেজৰ ৰঙৰ
নিচিনা তাইৰ দেহতো ৰঙা তেজ আছে ৷
:'ইস্…বেলেগ ছোৱালী আৰু নাপালি তাত…?
'পাইছিলো…পাইছিলো, সেইবোৰে আকৌ টকাৰ পিছতহে দৌৰে, সংসাৰ
চলক বা নচলক…'
: হ'ব বাৰু! যি কৰিলি কৰিলি আৰু, আমিতো
সন্মতি জনাবই লাগিব! নহ'লে জানো সুদাই এৰিবি?
'তেনেকুৱাও নহয় ঠিক কথাটো!
'কেতিয়া আহিবি ঘৰলৈ?
: বিহুত ৷
এইবাৰ বিহুত তাইকো লগত লৈ যাম তেতিয়া দেখিবি ৷
:উম, হ’ব বাৰু ৷ আগজাননীটো দিবি ৷ নতুন ভাই বোৱাৰী এজনী
আহিবটো সেইকাৰনে আগজাননীটো পালে মোৰ ভাই বোৱাৰীজনীক ৰঙা দলিচা পাৰি চৰণ ধুৱাই আনিব
লাগিব নহয় ৷
: ইচ্ কথা চা
তাইৰ ৷ ভাই বোৱাৰীৰ প্ৰতি যদি ইমানে মৰম তেন্তে আজিয়ে আহিলি হয় ৷
: কথা ক’বলৈ
শিকিছা দে তই ৷ বোৱাৰীজনীয়ে শিকালে নেকি ৷ হ’ব বাৰু আহিবি আৰু এটা কথাদেউতাক কথাটো জনাবি!'
:ও…হো! তয়েই জনাবি! '
মেঘালীয়ে খংত থাচকৈ ফোনটো থৈ দিলে ৷
ৰিচিভাৰটো উঠাই আকৌ সযতনে সামৰি থ'লে ৷
ভায়েক ৰাতুলে আজি ক'ৰ্টমেৰেজ কৰিলে ৷ দুইঘন্টাৰ মূৰত সেইটো খবৰেই সি বায়েকক জনালে ৷ বায়েকৰ
মোবাইলটো চুইচ অব আছিল ৷ সেয়ে টেলিফোনতে খৱৰটো
দিলে ৷ ডুলিয়াজানৰ ছোৱালী, শ্যাম বৰণীয়া ৷ বায়েকে পছন্দ নকৰিব বুলিয়ে হেনো সি
অতদিনে কথাটো লুকুৱাই ৰাখিছিল ৷ অৱশ্যে কথাৰ প্ৰসংগতে এদিন তাইৰ কথা ওলাইছিল
কিন্তু বায়েকক তাইৰ নামটোহে কৈছিল কিন্তু লগ কৰাই দেখাকৰি দিয়া নাছিল ৷
ৰাতুল আৰু বনাশ্ৰী দুয়োটাই একেটা অফিচতে চাকৰি কৰে ৷
মেঘালীয়ে ভায়েকক আৰু দুটামান কথা সুধিম বুলি মনতে পাগুলি
লৈছিল, পিছে কথাকেইটা মুখৰ আগতে ওলমি থাকিল ৷ সোধাই নহ'ল ৷ অফিচ যোৱাৰ সময় হৈছিল
৷ফোনত কথা পাতিলে বাৰ বাজিব সেয়ে কথাৰ পাতনি বেছি নেমেলিলে ৷
মোবাইলটোকে চুইচ অন কৰি উলিয়াই ল'লে,
মেঘালীয়ে ভায়েকলৈ ফোন লগালে…
: তই দেউতাক নিজে ক'ব নোৱাৰেনে…?
'বা…প্লিজ! দেউতাৰ প্ৰসংগ মোৰ আগত নুলিয়াবি! মোৰ খং
উঠে!
: কি ক'লি, তোৰ
খং উঠে?
'মানুহজন ভাল হ'লেও বেয়া হ'লেও তেওঁ আমাৰ দেউতা!'
:হ'ব পাৰে! আমাৰ দেউতা তেওঁ হ'ব পাৰে!
সেইজন মানুহৰ কথা তই, মই চিন্তা কৰিব লাগে বুলি মই
নাভাবো…আৰু তইও নাভাবিবি!
:'নহয় ৰাতুল…!
: তই আৰু যুক্তি নিদিবি বা! সেই মানুহটোৱে আমাৰ
কাৰনে কি কৰিলে ৷
দেউতাই নিচাসক্ত হৈ আমাৰ ঘৰখন বৰবাদ কৰিছিল ৷নিজৰ জীৱনটো
নিচাৰ নামত শেষ কৰিলে, ল'ৰা-ছোৱালীকেইটাৰ ভৱিষ্যত কাঢ়ি ল'লে…আৰু…আৰু…বাপেক হোৱাৰ
দায়িত্বও তেওঁ পালন কৰিলেনে?
:বেমাৰী মানুহটোৱে কি কৰিলেহেঁতেন…?
:'পূৰণি কথাবোৰ দোহাৰি থকাৰ কোনো প্ৰয়োজন নাই বা…৷ সত্যবোৰ
লুকাই থকা নাই ৷ তই জান, মইও জানো, দেউতাই নিচাৰ সংগত পৰি ঘৰখন শেষ কৰিছিল, সম্পত্তি বুলিবলৈ যিখিনি আছিল তাৰে আধা বিক্ৰী
কৰিছিল তাৰ পৰিণতিত দেখিলি নহয় কি হ'লগৈ? আমি থানবান্ হৈ
গ'লো ৷ মায়ে নো তেখেতৰ যন্ত্ৰণা কিমান সহিব ৷মায়ে সদায় দেউতাক বুজাইছিল এইবোৰ এৰিবৰ হল ল’ৰা-ছোৱালী ডাঙৰ হ’ল ৷ সিহঁতৰ ভৱিষ্যতৰ চিন্তা কৰক ৷ দেউতাই আমাক গুৰুত্বই দিয়া নাছিল ৷
বা, তই পাহৰিলি নেকি মায়ে আমাৰ ভৱিষ্যতৰ কাৰনে কিমান
চিন্তা কৰিছিল, কিমান কষ্ট কৰিছিল ৷
তই জানা বা, আমাৰ মাৰ মৃত্যুৰ কাৰণ ৷ মায়ে আমাৰ সুখৰ কাৰণে দিনে
ৰাতিয়ে কষ্ট কৰছিল ৷ মায়ে নিজে নাখাই আমাক খুৱাইছিল ৷ নিজে নোখোৱাকৈথকাৰ ফলত মা বেমাৰী
হৈছিল,আৰু মৃত্যু…
(মেঘালীয়ে কোনোমতে চকুপানীক বাধা দিব নোৱাৰি ৰাতুলৰ
অসহ্যকৰ কথাখিনি শুনি কান্দি পেলালে)
:বা, তই কান্দিছ,
শুনা বা, মাৰ মৃত্যুৰ পিছতো কিন্তু সেই
মানুহটো দেখিছ নহয়…একেই থাকিল ৷ কেতিয়াবা সুস্থ হৈ উঠিবলৈ চেষ্টা কৰিলেনে? সুদীৰ্ঘ
এছোৱা সময়ত কোনো মানুহেই এনেকৈ বিচনাত পৰি নাথাকে, লাগিলে জীৱন-মৃত্যুৰ সৈতে
যুঁজিয়ে নাথাকক কিয়!
এইবোৰ তেওঁৰ ভণ্ডামি বুজিছ? টকাবোৰ ঘৰতে
বহি গিলি থাকিব পাৰিছেতো…? কাষতে আছে নহয় ৰমেন দাৰ দোকানত বিক্ৰী কৰা চুলাই মদ ৷
হুহ…!
:'চুপ্! তই বহুত কথাই কৈ পেলালি…
:প্ৰয়োজন আছিল বা সেইকাৰনে কৈ পেলালো…
'বা, তই পাহৰিলিনে? নয়ন দা তোৰ পৰা আতঁৰি গ'ল কিয়? বিকি
দাৰ ঘৰৰ পৰা বিয়াৰ তাৰিখ ঠিক হোৱাৰ পিছতো তোৰ বিয়াখন নহ'লগৈ কিয়?
:উস্… শুনি থাকিব আৰু নোৱাৰে তাই!কাটি দিলে ফোনৰ সংযোগ ৷
ৰাতুলে আকৌ ফোন কৰিছিল হ'বলা, তাই ৰিচিভ নকৰিলে ৷
অফিচলৈ যোৱাৰ সময় হৈছে ৰাস্তালৈ ওলাই আহিল মেঘালী ৷ অট’ষ্টেন্ডৰ ফালে আগবাঢ়িল তাই ৷
বৰষুণ দি আছে ৷ ভাদ মাহ, মূৰে-গায়ে পাতি
ল'ব পৰা চিপচিপীয়া বৰষুণ ৷ অট’ষ্টেন্ডৰ
পৰা অট’ এখন লৈ মেঘালী
অফিচলৈ গ’ল ৷ মেঘালীয়ে অট’ৰ পৰা নামি নিজৰ টেবুললৈ ৰাওনা হল ৷ বাহিৰত তেতিয়াও
কিনকিনিয়া বৰষুন দি আছিল ৷
আজি মেঘালীয়ে মনটো
অফিচৰ কোনো কামত ভালদৰে লগাব পৰা নাই ৷ দুটিমান ফাইল এনেই ওপৰেৰে নিৰক্ষণ কৰিলে
কিন্তু ভালদৰে মনটো বহুৱাব পৰা নাই ৷ আজি ভায়েক ৰাতুলৰ পৰা শুনা তপত কথাটোৱে
মেঘালীক অফিচৰ কামত অশান্ত কৰি তুলিছে ৷ মেঘালীয়ে টেবুখনৰ পৰা উঠি আহি
খিৰিকিৰ পৰ্দাখন আঁতৰাই বাহিৰলৈ জুমি চালে
এই বৰষুণ বতৰতো অফিচৰ কৰ্মচাৰী
দেবজিত, অৰূপ, বিনয়হঁতে অফিচৰ ৰাস্তাৰ
বিপৰীতে থকা গুমটিখনত আড্ডা দিবলৈ এৰা নাই ৷ দোনাকলৈ তামোল চিগাৰেটৰ সোৱাদ ল’বলৈ অহা আৰু দুজনমান চিনাকী বন্ধুৰ সৈতে তেওঁলোক কথাৰ মহলাত নিমগ্ন
৷
অফিচৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী দিপেন ককাইটিয়েও গুমটিৰ আৰঁ লৈ
এপালি চাধা মাৰি আনন্দৰে ইফালে সিফালে ঘুৰি চাই আছে ৷
কিমান নো বয়স তাৰ? চাধাৰ প্ৰেমত পৰি মৰহাই পেলাইছে তাৰ শুৱনি দুই ওঁঠ ৷
সময় দুই বাজিছিল ৷ মেঘালীয়ে নিৰক্ষণ কৰি থকা ফাইল দুটা
সামৰি কেন্টিনলৈ ওলাই গল ৷
'লান্স কৰেগৈ নেকি বাইদেউ?
মেঘালীৰ একেবাৰে সন্মুখত একে অফিচতে কাম কৰা নিলয়
বৰকাককতিয়ে মেঘালীক দেখি প্ৰশ্ন কৰিলে ৷
'নহয় অ' লান্স কৰিলো ৷ আজি টিফিন আনিছিলো ৷ মিতালী
বাইদেউলৈহে বাট চাই আছো ৷'
এনেয়ে ক’লে
মেঘালীয়ে ৷ আচলতে এই মূহুৰ্তত তাইৰ মুখলৈ যেন সঠিক শব্দ এটাও অহা নাই ৷ অন্যমনস্ক
হৈ গৈছে তাই ৷ নিলয় বৰকাকতিয়ে তাইলৈ হাঁহি এটা মাৰি তাৰ পৰা গুছি গ’ল ৷ কেন্টিনৰ বাহিৰতে বহি থকাত মিতালী বাইদেউ
সঁচাকৈয়ে তাইৰ মুখৰ আগত আহি ওলালহি ৷
'বৰষুণত তিতি আছা কিয়? কাৰোবালৈ ৰৈআছা?
'নাই, এনেয়ে…!
' আহা চাহ খাওঁ!
মিতালী বাইদেওৱে
মেঘালীক কেন্টিনলৈ মাতি লৈ গ'ল ৷ দুই মিনিটৰ পিছতে চাহ আৰু চিংৰা আহিল ৷
: মেঘালী কি ভাবি আছা? মনে মনে আছা যে…!
মিতালী বাইদেওৰ এটি কৌতুহল প্ৰশ্নত মেঘালীয়ে হাঁহি এটিমাৰি মিতালী বাইদেওক কলে- নাই, একো ভবা নাই ৷
:আজি চোন তোমাক বেলেগ ৰূপত দেখিছো ৷ মুখত অকনো হাঁহি নাই
যে ৷ মন বেয়া নেকি?
আজি ভায়েক ৰাতুলৰ পৰা যিখিনি কথা শুনিছে সেইখিনিয়ে মেঘালীয়ে ভাবি আছে ৷ মিতালী বাইদেওক কওঁ বুলি
মুখেদি ওলাব খুজিছিলেই কথাটো ৷
থাপ মাৰি ধৰিলে তাই ৷ ৰাতুলৰ তপত কথাটো সামান্যকৈ জনোৱাৰ
পিছতো মানুহজনীয়ে লগে লগে আৰম্ভ কৰি দিব এখন ৰামায়ণ অথবা মহাভাৰত ৷ বাল্মিকীয়ে
লৱ-কুশক নীতিজ্ঞান, আদৰ্শ, ৰণ-কৌশলৰ দীক্ষা দিয়াৰ দৰে তেওঁৱো মেঘালীক জীৱন সম্পৰ্কীয় উপদেশ দিবলৈ সম্পূৰ্ণ আবেলিটো আজুৰি ল’ব ৷
আগলৈ…
@@@@@@@@
চিতা (ধাৰাবাহিক গল্প)
: বিজয় শইকীয়া
ধলপুৰ,
৭৮৪১৬৫
লখিমপুৰ, অসম
(দ্বিতীয় খণ্ড)
দিগন্ত শইকীয়া গাঁৱখনৰ এজন সন্মানীয় শিক্ষক। বয়স ৫০ ৰ ঊৰ্ধত। গাঁৱখনৰে এল.পি স্কুলখনতে শিক্ষকতাৰ কৰে। প্ৰথমতে এখন ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে জীৱিকা আৰম্ভ কৰিছিল। আজি ৭ বছৰৰ আগতে স্কুলখন প্ৰাদেশীকৰণ হ’ল লগে লগে ঘৰখনৰ আৰ্থিক অৱস্থাও সূচল হৈ আহিল।
শইকীয়াৰ ঘৰখন গাঁৱখনৰ সোঁমাজতেই। ঘৰটো বাঁহ-কাঠেৰে নিৰ্মিত। ঘৰৰ সন্মুখতে এটা গোঁসাইঘৰো সাজি ৰাখিছে। শইকীয়াৰ মাতৃ জানকী শইকীয়া বৰ ধাৰ্মিক তিৰোতা। গোঁসাইঘৰটো তেওঁৰ বাবে এক অমূল্য
সম্পদ। পুৱা-গধূলি সৰহভাগ সময় গোঁসাইঘৰটোতে কটায়। তেওঁৰ বয় ৮০ ৰ ঊৰ্ধত। দিগন্ত
পৃথিৱীলৈ অহাৰ কিছুদিন পাছতেই
তেখেতৰ স্বামীৰ দূৰাৰোগ্য ৰোগত ভুগি মৃত্যু হৈছিল। অতি কষ্টৰে একমাত্ৰ পুত্ৰ সন্তান দিগন্তক
ডাঙৰ-দীঘল কৰি আজিৰ এই
পয্যায় পোৱাইছেহি।
শইকীয়াৰ
পত্নী বিনীতা শইকীয়া গগৈ স্বামীতকৈ ১২ বছৰ সৰু। সেই নিৰ্মিত্তে তেওঁ এতিয়াও দেখনীয়াৰ হৈ আছে। প্ৰথমে বিনীতাই সংসাৰ খনৰ একো আওঁভাও পোৱা নাছিল। কিন্তু শাশুৱেকৰ তত্বাৱধানত থাকি আজি তেওঁ পাকৈত গৃহিনী। ঘৰৰ দায়িত্ব পালন কৰাৰ উপৰিও
বিভিন্ন মহিলা সমিতিৰ মিটিং কৰি ফুৰে।
শইকীয়া আৰু বিনীতাৰ দুজনী ছোৱালী সন্তান। ডাঙৰ জনীৰ নাম কুঁহি শইকীয়া। তাই পঢ়া-শুনাত বৰ মেধা নাছিল। যেন-তেন মেট্ৰিকৰ ডেওঁনা পাৰ হৈ কলেজ পঢ়াৰ ইচ্ছা নকৰিলে। তাইৰ বয়স ১৯ বছৰ। পঢ়াশুনাত পিছপৰা যদিও ঘৰখনৰ সকলো কাম তাইৰ আয়ত্বত।
সৰু ছোৱালী জনীৰ নাম মালতী শইকীয়া। তাই কিন্তু বায়েকৰ সম্পূৰ্ণ বিপৰীত। পঢ়া-শুনাত মেধা। এইবাৰ তাই
মেট্ৰিক দিব। কেৱল পঢ়াতেই ব্যস্ত থাকে। ঘৰৰ কাম-বন তাই নকৰে। আনকি তাইৰ কামখিনিও বায়েকেই কৰি দিয়ে। বায়েকৰ আকৌ তাইৰ প্ৰতি বৰ মৰম।
টোপ এটাকে পৰিবলৈ নিদিয়ে গাত।
: তই কিন্তু এইবাৰ ভাল ৰিজাল্ট কৰিব লাগিব। মই দিব নোৱাৰা খিনি তই মা-দেউতাক দিব লাগিব।
কুঁহিয়ে মালতীৰ পঢ়া টেবুলখনৰ কাষতেই বহি আছিল। মালতী পঢ়াত ব্যস্ত।
: তই এইখিনিত বহি কেপ-কেপাই নাথাক। দেখা নাই মই পঢ়ি
আছো।
প্ৰচণ্ড বিৰক্তিত মালতীয়ে কৈ উঠিল। কুঁহিয়ে একো নকয় ৰুমৰ পৰা ওলাই গ'ল। তাই গৈ গোঁসাইঘৰৰ সন্মুখত
থিয় হ'ল। আইতাকে গোঁসাইঘৰত ঢাৰি পাৰি
বহি শাস্ত্ৰ পঢ়ি আছে।
:
তুমিনো আৰু সেইখনকে কিমান নপঢ়া আইতা ! -- আইতাকে কুঁহিলৈ ঘূৰি চালে।
: হৰিনাম অবিহনে এই জীৱন মিছা বুজিছ' ? তহঁতে ক'ত বুজিবি! আজিকালি ধৰ্ম-কৰ্মৰ মূল্যই
নাইকীয়া হ'ল।
: কাৰণ, মানুহে বুজি পালে যে
এইবোৰ সৱ মিছা। সঁচা কেৱল কৰ্মহে।
: মোৰ
ওচৰত ধৰ্মক লৈ উপহাস নকৰিবি দেই! কথা বেয়া হ'ব। -- আইতাকে
কৃত্ৰিম খঙত ভেকাহি মাৰি উঠিল।
: বাদ দিয়া সেইবোৰ। এই আবেলিতে তুমি ইয়াত সোমাই থাকিব নালাগে। ওলাই আহা। কিমাননো আৰু হ'ল বুলি সেইখনকে পঢ়ি থাকা! – কুঁহিয়ে শাস্ত্ৰখনলৈ
আঙুলিয়াই বিৰক্তিত ক'লে।
: তই চাহ অকণ কৰগৈ যা! মই গৈ আছো।
: ঠিক আছে। আহা।
কুঁহি চাহ কৰিবলৈ গ'ল। আইতাকে পুণৰ শাস্ত্ৰত মনোনিৱেশ কৰিলে।
*****
বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭
|
এনাজৰী
ৰাতিপুৱা ১০ মান বাজিছিল। আঘোণমহীয়া ৰ'দ চেৰেঙা গাঁত লগাই অকণমান শান্তি
লভাৰ বৃথা চেষ্টাত ব্ৰতী ঘনশ্যাম বহী আছিল চোতালতে থকা কাঠৰ চকীখনতে। ডাঙৰ
বোৱাৰী ৰেখাই হাতত চাহকাপৰে সৈতে মূৰত ওৰণিখন লৈ আগবাঢ়ি অহি ক'লে, "দেউতা
চাহ।"
অনিচ্ছাসত্বেও
তেওঁ চাহকাপ ল'লে
হাতত, কাৰণ
ডাঙৰ বোৱাৰীক তেওঁ কাহিলী পুৱাই অৱজ্ঞা কৰিব খোজা নাছিল।
ঘনশ্যাম বৈশ্য মানুহজনেই তেনেকুৱা আছিল। সহজ-সৰল, জীৱনত কাৰো
অনিষ্ট কৰি নোপোৱা আৰু সদায়ে সকলোকে মৰম কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী ঘনশ্যাম
বৈশ্য গাঁৱৰ এজন অমায়িক ব্যক্তিৰূপে জনাজাত। কিন্তু ঘনশ্যামে এই সত্তৰ বছৰীয়া
জীৱন পৰিক্ৰমাত এদিন লাজত পৰিছিল। মানুহে তেওঁৰ অমায়িকতাক সন্দেহৰ দৃষ্টিৰে
চাইছিল। এৰা! পদূমী সিহঁতৰ ওচৰৰ গাঁৱৰ মৌজাদাৰ শৰৎচন্দ্ৰ শৰ্মাৰ একমাত্ৰ জীয়ৰী
আছিল। কলেজীয়া সময়ত চিনাকি হোৱাৰ পিছৰে পৰা কেতিয়া পদূমীয়ে ঘনশ্যামক ভাল পাই
পেলালে গমেই নাপালে। যৌৱনৰ উন্মাদনা আৰু স্বৰ্গীয় প্ৰেমক সাক্ষী কৰি ঘনশ্যামৰ ঔৰসত
যেতিয়া দিগন্তই পদূমীৰ গৰ্ভত থিতাপি লৈছিল তেতিয়াও কিন্তু ঘনশ্যামে তাইৰ হাত এৰা
নাছিল। বহু বাক-বিতণ্ডাৰ অন্তত তিনিমহীয়া দেহাৰেই পদূমীয়ে ঘৰ এৰিছিল। পদূমী
যিদিনাখন ঘনশ্যামৰ লগত চাইকেলৰ পিছফালে বহি আহি আছিল, তেতিয়া
জেঠমহীয়া ৰ'দে
ঘনশ্যামৰ কামিজত সৃষ্টি কৰা ঘামৰ নিজৰাৰ প্ৰতিটো টোপাল তাই নিজৰ চাদৰৰ আঁচলেৰে
টুকিছিল। ঘনশ্যামৰ ঘামৰ পৰিমাণ সেইসময়ত তাৰ চকুৰ লোটকৰ তুলনাত একোৱেই নাছিল।
মন্দিৰতেই বিয়া পাতিছিল দুয়ো। ইফালে ঘাট-মাউৰা ঘনশ্যামৰ বিয়া বুলি মাত্ৰ
মন্দিৰৰ পুৰোহিত আৰু তাৰ নলে-গলে লগা বন্ধু হৰেণ আছিল সিদিনা তাৰ কান্ধত হাত থৈ।
আনফালে প্ৰথমা কন্যা পদূমীৰ সিদ্ধান্তত তাইৰ দুখতকৈ বেছি বোজা লৈ থকা ইংৰাজ চাহাবৰ
দিনৰে তহচিলদাৰ শৰৎচন্দ্ৰ শৰ্মাই তাইৰ শ্ৰাদ্ধ পাতিবলৈও কুন্ঠাবোধ কৰা নাছিল। এৰা!
তহচিলদাৰৰ সন্মানতকৈ এজনী চৰিত্ৰহীনা ছোৱালীৰ মান-মৰ্যাদাতকৈ লাখগুণে ওপৰত।
পদূমীয়ে ওৰে নিশা কান্দিছিল ঘনশ্যামৰ বাহুত মূৰ থৈ।
দিগন্ত জন্মাৰ দিনাৰে পৰা যেন সিহঁতৰ দুখে মেলানি মাগিছিল। ঘনশ্যামৰ কেৰাণীৰ
চাকৰিটোৰে সিহঁতৰ তিনিজনীয়া সংসাৰখত মৰমে বাঁহ পাতিছিল। তাৰ কিছুবছৰ পিছত
সিদ্ধাৰ্থও আহিছিল সিহঁতৰ জীৱনলৈ। কিন্তু এই সুখো যেন বেছি দিন নাথাকিল। হঠাৎ
এদিনাখন পদূমী অসুস্থ হৈছিল। দিগন্তৰ বিয়া যোৱাৰ এবছৰ হৈছিল হে মাত্ৰ। ডাক্তৰক
দেখুওৱাৰ পিছত গম পালে যে তেওঁৰ জৰায়ুৰ কৰ্কট ৰোগে দহি আছিল প্ৰায় ৫ বছৰ ধৰি।
কেতিয়াও নিজৰ দুখৰ বোজা দিব নোখোজা পদূমীৰ বেমাৰ লুকুৱা কথাত ঘনশ্যাম দুখিত হৈছিল।
কান্দিছিল সি। শয্যাগত হোৱাৰ দিনাৰে পৰা তাইৰ হাতত হাত থৈ উজাগৰে কটাইছিল সি আহাৰ, শাওণ, ভাদ, আহিন মাহৰ
প্ৰতিটো নিশা।
পদূমীয়ে
প্ৰায় তাক কৈছিল,
"মই নোহোৱা হ'লে আপুনি
কিন্তু দুখ কৰি নাথাকিব। মই সদায় আপোনাৰ লগ থাকিম।"
তেতিয়া
ঘনশ্যাম গৰজি উঠে আৰু কয়,
"তোমাৰ আগতে
মই যাম! যি টি কথা নবকিবা।"
এনেতে হঠাৎ
সি দিগন্তই মাতা শুনা পালে,
"দেউতা।
অকণমান উঠি দিয়াচোন। চাকি গছা দি লওঁ।"
হয়, ঘনশ্যাম
আজি তিনিদিন ধৰি এনেকৈয়ে সেই ৬x৩ বৰ্গফুটৰ নাৰিকলৰ ৰছীৰে ঘেঁৰ দিয়া ঠাইখিনৰ ওচৰতেই বহি
আছে। ইয়াতেই তিনিদিন আগত পদূমীৰ নিথৰ দেহটো শুই আছিল। এতিয়াও ছাগে তাইৰ চিতাভস্মত
তাইৰ সুদৃশ্য ৰঙাফোটটোৰ সেন্দুৰবোৰ লাগিয়ে আছে, এতিয়াও ছাগে তাইৰ চাদৰৰ আঁচলটোত
ঘনশ্যামে ভাত খাই উঠি হাত মচোতে ৰৈ যোৱা তেলৰ দাগ লাগিয়ে আছে, এতিয়া ছাগে
সিহঁতৰ প্ৰেমৰ এনাজৰীডালৰ ধ্বংসাৱশেষ তাইৰ হাড়ৰ গুৰিবোৰত ওলমিয়ে আছে!
দিগন্তই চাকিগছা জ্বলাই দিলে আৰু সেৱা ল'লে। ঘনশ্যামে এটি হুমুনিয়াহেৰে আকাশৰ
ফালে চাই পঠিয়ালে আৰু মনতেই ভাবিলে,
"পদূমী, য'তেই আছা
কুশলে থাকা। মই সদায় তোমাৰ হৈয়ে থাকিম আৰু তুমি সদায় মোৰেই
হৈ থাকিবা!
এনাজৰীডাল এনেকৈয়ে থাকিব আমাৰ প্ৰেমৰ!"
: বিকাশ
দত্ত
হাজো
------------------------------------
পৰিণাম
সৌ সেইদিনা মাকজনীৰ মৃত্যু
হৈছিলহে। এমাহ পাৰ নৌহওঁতে বেচেৰীজনীক অকলশৰীয়া কৰি দেউতাকো সংসাৰৰ পৰা গুচি গ’ল। একমাত্ৰ ভৰষা
হিচাপে থাকি গ’ল দেউতাকৰ ভেটিটো আৰু কণমাণি ভায়েকজন। কি পাপ কৰিছিল তাই? কি ভুল আছিল তাইৰ? বেমাৰত পৰি থকা দেউতাকক বচাব
নোৱাৰাটো নে আন কিবা? সেইদিনা দেউতাকৰ শৱদেহটো কান্ধত লওঁতা
মানুহৰ অভাৱ হৈছিল হয়তো তাইৰ কাৰণেই! হয়তো তাইৰ মাকৰ চৰিত্ৰ তাইৰ দেহত ফুটি উঠাৰ
ভয়ত ৰাইজৰ মানুহে এলাগি কৰিছিল তাইক। কণমাণি ভায়েকজনৰ সৈতে তাই দেউতাকৰ নিঠৰ
দেহটো কান্ধত ল’বলৈ আগবাঢ়ি
আহিছিল। কোনোধৰণৰ দুখ-যন্ত্ৰণা তাইৰ দেহত ফুটি উঠা নাছিল। চাবি দিয়া পুতলাৰ দৰে
তাই সম্পূৰ্ণ নীতিবোৰ পালন কৰি দেউতাকক বিদায় দিছিল। তাইৰ অকণো চকুলো নিগৰা নাছিল
কিন্তু কিয়!! এই কিয়টোৰ উত্তৰ একমাত্ৰ তাই জানিছিল।
দেউতাকৰ
মৃত্যুৰ পিছদিনাখনে ভায়েকক টিনৰ সেই সৰু চালিখনত এৰি গাওঁৰ পৰা কিছুদূৰলৈ বুলি
কামৰ সন্ধানত তাই ওলায় গৈছিল। তেতিয়া ৰাতিপুৱা
৭ বাজিছে, তাইক দেখি গাওঁৰ কিছুলোকে ঘৰৰ ভিতৰত সোমায় গ’ল, কিছুলোকে
কেৰাহিকৈ তাইৰ মুখৰ ফালে চালে, হয়তো ঘৃণাৰ দৃষ্টিৰে!! আৰু কিছুলোকে থু থু বুলি কৈ
আঁতৰি গ’ল! তাই মুখত দুপাত্তাখন উৰি অবিশ্বাসত ডুব গৈ থকা সেই
গাওঁখনৰ মাজেৰে খোজ ল’লে। হঠাত তাইক কোনোবাই মাত লগালে। থত
মত খাই পিছলৈ ঘূৰি চাই দেখে, সেয়া আন কোনো নহয় তাইৰ ল’ৰালিৰ
বন্ধু প্ৰিতম।
“আৰে এই ৰাতিপুৱাই
ইমান বেগাই ক’লৈনো যা?” প্ৰিতমৰ কথাৰ
উত্তৰ দিব ইচ্ছা নকৰি মৰমীয়ে আকৌ খোজ ল'বলৈ উদ্যত হ’ল। এইবাৰ প্ৰিতমে তাইক আগভেটি ধৰি সুধিলে যাব ওলালি যে একো নোকোৱাকৈ? –প্ৰিতম।
মৰমীঃ বাট এৰি দিয়া প্ৰিতম মোৰ
দেৰি হৈছে।
প্ৰিতমঃ আগতে ক ক’লৈ যাবি?
মৰমীঃ কাম বিচাৰি।
প্ৰিতমঃ এতিয়া ঘৰলৈ যা। কাইলৈ
বাৰু কাম এটা ময়ে বিচাৰি দিম।
মৰমীঃ নালাগে। মই নিজেই পাৰিম। তুমি
এতিয়া যোৱা নহ’লে মোৰ কাৰণে মানুহে তোমাক মিছাতে সন্দেহ কৰিব। এমাহ আগৰ ঘটনাবোৰ মই আৰু
মোৰ জীৱনত দ্বিতীয়বাৰ পুনৰাবৃত্তি কৰিব নিবিচাৰোঁ। প্ৰিতমৰ সেই
আপত্তিজনক দৃষ্টি ম্লান পৰি গ’ল। শিল পৰা কপৌজনীৰ দৰে মৰমীক বাটটো এৰি দি এমাহ আগৰ
ঘটনাটো তীব্ৰ বেগী ৰেল এখনৰ দৰে তাৰ মনতো ঘটনাটো পাৰ হৈ গ’ল।
সম্বিত পায় ঘূৰি চাই দেখে মৰমী তেতিয়া বহুদূৰত। আজি তাৰ নিজকে বহুত অসহায় যেন
লাগিল। সৰুৰ পৰা লগ পোৱা মৰমীক সহায়ৰ হাত
আগবঢ়াব নোৱাৰাৰ দুখত তাৰ চকুলো নিগৰি আহিল। কোনোমতে সি বাটৰ পৰা ঘৰটো পালে।
মৰমীয়ে
কাষৰ হোটেল এখনতে কাম পালে। কোনোমতে দিনটোৰ কষ্টৰ ফল তাই গধূলি আহিবৰ সময়ত পালে।
হোটেলৰ মালিকে তাইক ১৫০ টকা এটা আহিবৰ সময়ত হাতত গুজি দিলে। তাৰে ২০ টকাৰে ভায়েকৰ
কাৰণে খোৱা বস্তু ল’লে। সন্ধিয়া সময়ত অকললশৰীয়া ভায়েকজনে পদূলিৰ মুখতে বায়েকৰ অপেক্ষাত ৰৈ
আছিল। আন্ধাৰ- পোহৰৰ দোমোজাত সি বায়েকৰ কিছু অংশ দেখা-নেদেখাকৈ দেখিছিল। দৌৰি গৈ
সি বায়েকৰ হাতত থকা টোপোলাটো আজুৰি আনিলে। বায়েকেও ম্লান হাঁহি এটা মাৰি ক’লে-- বাবলু তই পাৰিছনে অকলে থাকিব? কোনেওতো তোক একো কোৱা নাই?
বাবলুঃ নাই বা! মই দিনটো ঘৰতে
অকলে খেলি আছো!
মৰমীঃ ঠিকে আছে দে। তই
এতিয়া খা গৈ। মই হাত-ভৰি ধুই গৈ আছো।
দিনটোৰ
ব্যস্ততাৰ মূৰত তাইৰ অকণমান নিজকে পাতল লাগিল। কাপোৰযোৰ সলায় বিছনাখনত এবাৰ বাগৰি দি কিছু সকাহ অনুভৱ কৰিলে! দিনটোৰ
কথা ভাবি ভাবি কেতিয়া তাইৰ এমাহ আগলৈ ঘূৰি
যোৱা গ’ল গমকে নাপালে। সেইদিনা তাইৰ মাকক গাওঁৰ মানুহে মিলি লটি-লাঞ্ছনা কৰিছিল।
মাত্ৰ প্ৰিতমৰ দেউতাকৰ কাৰণে। কিন্তু প্ৰিতমৰ দেউতাক আজিও সমাজত মূৰ তুলি জীয়াই
আছে। তাৰ পৰিৱৰ্তে তাইৰ মাক এই পৃথিৱীত আৰু নাই। জীয়া মানুহজনীক মৰিবলৈ সকলোৱে
বাধ্য কৰালে। কি দোষ আছিল মাকৰ? প্ৰিতমহঁতৰ ঘৰত কাম কৰিবলৈ
যোৱাতো? নে দমকলৰ ওচৰত পৰিব ওলোৱা মানুহজনীক প্ৰিতমৰ দেউতাকে
ধৰি আনি শুশ্ৰুষা কৰাতো? ৰাজহুৱা নামঘৰত শপত খাই মাকে
সেইদিনা বহুত কান্দিছিল। কিন্তু প্ৰিতমৰ দেউতাকে মৌন হৈ শুনি আছিল। গাওঁৰ কিছু
লংপট লোকৰ কথাত মৰমীৰ দেউতাকেও মাকক অবিশ্বাস কৰিছিল। আউলি-বাউলি হৈ সেইদিনা মৰমীৰ
দেউতাকৰ ভৰিত ধৰি মাকে কাকূতি-মিনতি কৰিছিল। তথাপিও দেউতাকৰ মন গলাব নোৱাৰিলে।
ৰাইজৰ আগত নিজৰ গিৰিয়েকেই নিজৰ পত্নীক চৰিত্ৰহীনা সজালে। দেউতাকৰ অবিশ্বাসেই মাকৰ
মৃত্যু আনিলে। মৰমীৰ চকুৰ আগতে সমস্ত ঘটনা ঘটি গ’ল কিন্তু
তাই মাকক বচাব নোৱাৰিলে। পিছদিনা সন্ধিয়া ঘৰৰ পিছত থকা জৰী গছডালত মাকে চি্পজৰী ল’লে, সেইদিনা মৰমীয়ে বহুত কান্দিছিল। দেউতাকৰ প্ৰতি সমস্ত ক্ষোভ উজাৰিছিল
চকুপানীৰেই। ভগৱানৰো কি প্ৰতিশোধ মাকৰ মৃত্যুৰ প্ৰায় দহ দিন পিছতে জ্বৰ
হৈ দেউতাকৰ মৃত্যু হ’ল। সেয়া সাধাৰণ জ্বৰ নাছিল। সেই জ্বৰে
দেউতাকৰ মৃত্যু আনিছিল। দেউতাকক চোৱা-চিতা নকৰাৰ অপৰাধত গাওঁৰ কোনেও তাইক
দেখিব নোৱাৰা হ’ল। এইবোৰ ভাবি থাকোতেই কেতিয়া দহ বাজিল তাই গমকে নাপালে। তত্ক্ষাণাত
ভায়েকলৈ মনত পৰাত একে জাপে বিছনাৰ পৰা উঠি বহি দেখে সৰু বিছনাখনতে খোৱা বস্তুৰ
কাগজখনৰ আৰু পলিথিনৰ সৈতে ভায়েকো টোপনিত লালকাল। এটা স্বস্তিৰ নিশ্বাস এৰি দি তাই
বাহিৰলৈ যাব ওলাওঁতেই দৰ্জাত কোনোবাই ধপ ধপাই দিলে। ভিতৰৰ পৰা মৰমীয়ে মাত লগালে-- কোন?
উত্তৰ আহিল-- মই প্ৰিতম।
মৰমীয়ে দৰ্জা খুলি— প্ৰিতম তুমি
এই ৰাতি? তাক একো ক’ব নিদিয়াকৈয়ে মৰমীয়ে আকৌ ক’লে-- প্ৰিতম তুমি যোৱা এতিয়া।
প্ৰিতমঃ মই যাব অহা নাই মৰমী। মই
নিব আহিছোঁ তহঁতক।
মৰমীঃ প্ৰিতম এইবোৰ তুমি কি কৈছা?
প্ৰিতমঃ ভুল নুবুজিবি মৰমী। মই
একো বেলেগ উদ্দেশ্য লৈ অহা নাই। মই তহঁতক
এই গাওঁৰ পৰা বহুত দূৰত নিব আহিছোঁ। আজি এটা দুপৰীয়া ঘটনা ঘটিলে বাবলুয়ে বাটে-বাটে
গৈ আছিল। তেনেতে সেইফালৰ পৰা হৰেশ আৰু নগেন বৰদেউতাই এজাক ল’ৰাক খেদি লৈ
আহিছিল। সিহঁতে হেনো তেওঁলোকৰ বাৰীত চোৰ কৰিছে। সেই ল’ৰাজাকৰ
মাজত বাবলুৱো সোমাই গ’ল। বাকীবোৰৰ মাজত তাকো চোৰ বুলি ধৰি লৈ
বহুত মাৰিছিল। তেনেতে মই তাক দেখি সিহঁতক বুজায়, তাক তাৰ পৰা লৈ আহিলোঁ।
মৰমীঃ কিন্তু বাবলুৱেটো মোক একো
কোৱা নাই। সি দেখোন মোক ঘৰতে খেলি থকা বুলি কৈছে।
দৰ্জাৰ
মুখৰ পৰা আহিব লওঁতেই প্ৰিতমে মৰমীক হাতত ধৰি ক’লে—তাৰ গাত অলপো ভুল নাই। ময়ে তাক ক’ব মানা কৰিছোঁ। মৰমী মই দেউতাই কৰা ভুলটো কৰিব নোখোজো। মই এই সমাজক ভয়
নকৰোঁ তহঁতক ইয়াৰ পৰা দূৰত নি এখন নিজাকৈ ঘৰ পাাতিব খোজো।
মৰমীঃ প্ৰিতম! তুমিটো !!
প্ৰিতমঃ আমি ৰাতি নুপুৱাওঁতেই চহৰ
পাবগৈ লাগিব। মই সকলো ঠিক কৰি থৈছো।
মৰমীয়ে
অসন্মতি জনাব নোৱাৰিলে। হয়তো সৰুৰ পৰা তাৰ প্ৰতি অলপ হ’লেও হৃদয়ৰ কোনোবা
এঠাইত তাৰ প্ৰতি তাইৰ দূৰ্বলতা আছিল। আৰু সেই দূৰ্বলতাকে প্ৰেম হিচাপে স্বীকৃতি দি
মৰমীয়ে প্ৰিতমৰ লগত যাবলৈ মান্তি হ’ল। ৰাতি নুপুৱাওঁতেই প্ৰিতম, মৰমী আৰু বাবলু গাওঁ এৰি
চহৰ পালে। সৰু ঘৰ এটাতে কিছু সুখ আৰু স্বাধীনতাৰে তিনিওৰো জীৱনৰ নতুন আৰম্ভণি হ’ল।
: জুহি নাথ
ৰঙিয়া
-----------------------------
শূন্যতাৰ পৰা শূন্যতালৈ
বাৰাণ্ডাৰ বেতৰ চকীখনতে বহি বৰুৱাই
বাটৰ ফালে চাই আছিল। শূন্য দূৰত্বত দৃষ্টি থমকি ৰৈ গ'ল। অলপ পিছতেই মাজনী
আহিব। সন্ধিয়া হোৱাৰ লগে লগে হেঙুলীয়া বেলিৰ পোগৰ সানি তাই আহিব। বৰুৱা সদায় থাকে
তাইলৈ বুলি। অভ্যাসটো পুৰণি। প্ৰথমে হাইস্কুল আৰু এতিয়া কলেজ। পৰিৱৰ্তন মাথোঁ
সেইখিনিহে। আৰু বৰুৱানীও বৰুৱাক অকলশৰীয়া কৰি আঁতৰি গৈছিল শূন্যলৈ, তৰাৰ মাজলৈ। আৰু মাজনী, তেওঁৰ সোনৰ পুতলা জনী।
ত্যাগৰ দুখে জুৰুলা কৰা নেদেখিছিল বৰুৱাই একমাত্ৰ মাজনীৰ বাবেই। এইক্ষেত্ৰত মাজনীও
আছিল বুধিয়ক। তাই জানিছিল দেউতাকক কেনেদৰে ব্যস্ত ৰাখিব লাগে। সৰু সৰু আব্দাৰ,
অভিমানেৰে বৰুৱাৰ অকলশৰীয়া সময়বোৰ ৰঙেৰে সজাই তুলিছিল।
"দেউতা কিমাননো বহি থাকা অকলশৰে,
ৰেখাহঁতৰ ঘৰৰ পৰা নাৰ্জীফুলৰ পুলি দুটা আনা চোন, দেউতা আজিচোন চকৰ পৰা পকৰী আনাই নায়, দেউতা আহাচোন
মোৰ চুলিত তেল সানি দিয়াহি।"
তেওঁ দিছিল। মাজনীৰ চুলিৰ গুৰিবোৰ
তেওঁৰ শোতোৰা পৰিবলৈ লোৱা হাতদুখনেৰে হেঁপাহ পলুৱাই মালিচ কৰি দিছিল। কিন্তু মাজে
মাজে বৰুৱাৰো শোকে মন গধুৰ কৰিছিল। মাকক হেৰুৱাৰ বেদনাত জানোবা মাজনীও অকলশৰীয়া হৈ
যায়। তায়ো নিসংগতাক আঁকোৱালি ল'ব লগা হয়।
বছৰ বাগৰিল। মাজনী বিশ্ববিদ্যালয়ত ভৰি
দিছিলগৈ। বৰুৱাই মাজনীক হোষ্টেলত থোৱাৰ ব্যৱস্থা কৰিছিল। দেউতাকক এৰি যাবলৈ মন
নাছিল যদিও বৰুৱাই তাইক থৈ আহিছিল। এমাহ পিছতে মাজনী ঘৰলৈ ওভতি অহাৰ দিনাই বৰুৱাই
বাৰাণ্ডাত পূৰ্বৰ দৰেই ৰৈ আছিল। আহিয়েই তাই ভৰি চুই দেউতাকক সেৱা জনাইছিল। বৰুৱাই
মন কৰিছিল যে মাজনী আগতকৈ অলপ গম্ভীৰ হৈছিল যদিও দায়িত্ববোধবোৰ একেই আছিল। তাই
প্ৰায়েই ঘৰলৈ আহি থাকিছিল আৰু এবাৰ ঘৰলৈ আহোতে বৰুৱাই মাজনীক লৈ বন্তিহঁতৰ বিয়ালৈ
গৈছিল। বন্তি মাজনীতকৈ দুবছৰে সৰু। বন্তিৰ বিয়াত বৰুৱাই তেওঁৰ পুৰণা বন্ধু
হাজৰিকাক লগ পাইছিল। কথা প্ৰসংগত হাজৰিকাই বৰুৱাক কৈছিল,
"মাজনীৰো বিয়াৰ কথা ভাবিবৰ হ'ল বৰুৱা।"
বিয়াৰ পৰা ঘূৰি আহোতে বৰুৱাই মাজনীলৈ
চালে। লাহে লাহে তেওঁৰ মনত কইনা মাজনী এজনীয়ে লুকা ভাকু খেলিবলৈ আৰম্ভ কৰিছিল।
দিনে দিনে তেওঁ বেছি চিন্তিত হৈ পৰিছিল। বৰুৱাই মনতেই ভাবিছিল,
"মই জীয়াই থাকোতে মাজনীক বিয়া দি
উলিয়াই দিব পৰা হ'লে! অন্তত পিতৃস্খলনৰ পৰা মুক্তি পালেহেঁতেন।
এদিন হঠাৎ মাজনীক তেওঁ সুধি পেলাইছিল,
"মাজনী তোৰ কোনোবা পছন্দৰ ল'ৰা আছে নেকি? অকস্মাৎ সোধা প্ৰশ্নত মাজনী অলপ থতমত
খাইছিল।
"কিয় সুধিলা দেউতা?" বুলি কৈ মাজনীয়ে প্ৰশ্ন কৰিলে। তেতিয়া বৰুৱাই ক'লে,
"নহয় মানে মইও বুঢ়া হৈ আহিছো।
বেমাৰ আজাৰ হোৱা আগতে তোৰ বিয়াখন হৈ গ'লে মই শান্তিত চকু
মুদিব পাৰিলোহেঁতেন।"
একো কোৱা নাছিল তাই। তলমূৰকৈ দেউতাকৰ
কাষৰ পৰা আঁতৰ হৈছিল।
শেষৰটো চেমিষ্টাৰৰ পৰীক্ষাৰ পিছত
দেউতাকে বিয়াৰ আয়োজন কৰিছিল। দেউতাকৰ প্ৰতিটো কথাতেই তাই সন্মতি দিছিল। অবাধ্য
হোৱা নাছিল মাজনী। এজাপ অলংকাৰ, বগা গুণা বছা মূগাৰ মেখেলা চাদৰৰ মাজত সোমাই থকা মাজনীক
দেখি বৰুৱা ওচৰতে থকা চকী এখনত বহি পৰিছিল। মাজনীয়ে একেবাৰে তেওঁক এৰি যাবগৈ।
কেনেকুৱা হ'ব বাৰু মাজনীবিহীন ঘৰখন। কোনোবাই তেওঁক মাতিছিল,
"বৰদেউতা, কন্যা
সম্প্ৰদায়ৰ সময় হ'ল।"
উঠি আহিছিল তেওঁ। এহাত ওৰণি টানি মাজনী
তেওঁৰ ওচৰত বহিছিল। আৰু কিছুসময় পিছত মাজনী গুছি গৈছিল তেওঁক শূন্য কৰি।
সমাজতত্ব বিভাগৰ স্নাতক মাজনী ঘৰুৱা
কামৰ মাজত সোমাই আঁহৰি নোপোৱা হৈছিল। দেউতাকে ফোন কৰিলে প্ৰায়ে অভিমানে কৰিছিল,
"দেউতা ইয়াত থাকি ভাল নালাগে।
দিনটো আৰু কিমান কাম কৰিম। মোৰ চাকৰি এটা কৰিব মন যায়। নিজৰ ভৰিত থিয় দিব মন
যায়।"
বৰুৱাই বুজাইছিল তাইক,
"চা মাজনী। তোৰ সংসাৰখন তই কিমান
ধুনীয়াকৈ সজাই ল'বি সেইটো তোৰ ওপৰত নিৰ্ভৰ কৰিব। বেছি চিন্তা
নকৰিবি। লাহে লাহে চব ঠিক হৈ যাব।"
বৰুৱাই ভাবিছিল নতুন সংসাৰ চম্ভালি
লওঁতে মাজনীক অলপ সময়ৰ প্ৰয়োজন। আৰু ইমান দূৰলৈ বিয়া দিলে তেওঁৰ অহা যোৱা কৰাতো
দিগদাৰ। ডিব্ৰুগড় যোৱা অহাত তেওঁৰ শৰীৰে আমনি দিয়ে। সেয়েহে মাজনীক মাতিছিল তেওঁ
প্ৰায়ে ঘৰলৈ। জোৱাই ৰাতুলেও কয়, যে মাজনীয়ে প্ৰায়ে মন মাৰি থাকে, খোৱা
লোৱাও নকৰে ভালদৰে। অলপ সৰু কথাতেই খঙ কৰে।
এদিনাখন হঠাৎ বৰুৱাক পুলিচ থানাৰ পৰা
মাতি পঠোৱা হ'ল। বৰুৱা খৰখেদাকৈ থানা পাইছিলগৈ। থানাৰ অচি জনে বৰুৱাক
বহুৱাই এগিলাচ পানী যাচিছিল।
"আপুনি মিষ্টাৰ প্ৰণয় বৰুৱা?"
"হয় ছাৰ!"
"আপোনাৰ ছোৱালী নীলাক্ষী বৰুৱা
ছমাহ আগত বিয়া হৈছে?"
"হয় ছাৰ কিন্তু আপুনি কিয় এইবোৰ
সুধি আছে কওঁকচোন।"
- বৰুৱাই উদ্বেগ বাঢ়ি গৈ আছে।
"মিষ্টাৰ বৰুৱা আই এম ভেৰী ছ'ৰী। আপোনাৰ ছোৱালী যোৱাকালি স্বামীগৃহত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে।"
"বৰদেউতা লাইটবোৰ জ্বলাই
লওঁক"
- কাৰোবাৰ শব্দত নৈঃশব্দৰ পৰা উঠি আহিল
বৰুৱা। সন্ধিয়া হৈ গ'ল। ৰাতুল মাজনীৰ মোমায়েকৰ ল'ৰা। বৰুৱাৰ লগত থাকে। আজিকালি বৰুৱাই প্ৰায়বোৰ কথাই পাঁহৰি যায়। মাজনীৰ
মৃত্যুৰ দোষত নিজকে দোষী বুলি ভাবি লয়। মাজনীক যৌতুকৰ কাৰণে হত্যা কৰা হৈছিল। দহ
লাখ টকাৰ লালসাই মাজনীক চিৰযুগলৈ কাঢ়ি লৈ গ'ল বৰুৱাৰ পৰা।
তাই দেউতাকক একোৱেই জানিব নিদিলে। বৰুৱাক ভাৰসাম্যহীন কোঙা মানুহ এজনলৈ পৰিণত
কৰিছিল এই ঘটনাটোৱে। সোন যেন চেহেৰাৰ ক'লা ছাইলৈ পৰিণত হোৱা
মাজনীৰ দেহটো তেওঁ সাৱটি ধৰি ল'ব পৰা নাছিল। মাজনীক মাথোঁ
বিয়া দিয়েই নিজৰ দায়িত্ব সাঁমৰিব খোজা নিজৰ মনোভাৱটোক লৈ তেওঁ নিজকে ধিক্কাৰ
দিছিল। বাৰাণ্ডাতে নিতৌ বহি মাজনী অহাৰ বাটটোলৈ তেওঁ চাই ৰৈছিল সদায়ে। যৌতুকৰ জুইত
দগ্ধ মাজনীৰ শোকে তেওঁকো পুৰি পুৰি শেষ কৰি পেলাইছিল শূন্যলৈ। কি দোষ আছিল মাজনীৰ?
এজনী উচ্চশিক্ষিতা অমায়িক বোৱাৰীৰ মৃত্যুৰ দোষত দোষী এই ভদ্ৰ সমাজৰ
শাস্তি কি হ'ব পাৰে বাৰু। বৰুৱাৰ হাতত সেই উত্তৰ বিচাৰিবলৈও
নাছিল আঁহৰি। তেওঁ মাথোঁ হেৰাই গৈছিল শূন্যতাৰ পৰা শূন্যতালৈ।
: মানসী দাস, হাজো
----------------------------
দুৰ্দান্ত সাহস আৰু ত্যাগৰ ছোৱালীজনী
বিয়াল্লিছৰ পুৱা জ্বলিলে তেজৰ জুই,
ক্ষুব্ধ জন-দেৱতা জাগিলে
জাগিলে ধৰ্ষিত-দলিত আত্মা--- যিবা আছিল
শুই।
বিজুলী প্লাৱনে বিয়পি পৰিলে সেনানীৰ
আহ্বান পূৱৰে-পশ্চিমে ৰজন্জনালে অগ্নিকবিৰ গান---
“তই হ, সাজু হ
নৱ-জোৱান।”
হুঙ্কাৰি উঠিল মুক্তি-যুঁজাৰু
ওলাই আহিল অসমী গাভৰু মৃত্যুবিজয়ী
গাঁৱৰ জীয়ৰীদীপ্ত কনকলতা,
লুইতৰ পাৰৰ ৰণৰঙ্গিনী---
স্বদেশ মুক্তিব্ৰতা।মুক্তি-বিচৰা ভাৰতে
আজি ধৰিছে নতুন গানবিশ্বমেলত ঠাই বিচাৰিছে, জাগিছে দেশত প্ৰাণ।
কনকলতা, দুৰ্দান্ত সাহস আৰু
ত্যাগৰ প্ৰতীক জয়জয়তে সুদীৰ্ঘকালৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ভাৰতবর্ষৰ সকলো
দেশভক্তলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিলো। এয়া সকলোৰে জ্ঞাত যে ভাৰতবৰ্ষৰ অগণন শ্বহীদৰ
সুদীৰ্ঘ সূচীত অসমৰ অনেক সু-সন্তানৰ নাম সোণালী আখৰেৰে লিখা হ’ল ভাৰত বুৰঞ্জীৰ
পাতত। কনকলতা বৰুৱা, পিয়লি ফুকন, মণিৰাম
দেৱান, কুশল কোঁৱৰ, মুকুন্দ কাকতি,
ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী-আৰু
বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম সুৱঁৰিব লাগিব। এইসকল অসাধাৰণ ব্যক্তিৰ মাজত
কনকলতাৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
কনকলতাৰ দুর্বাৰ সাহস ,মনোবল আৰু গভীৰ
দেশপ্ৰেমৰ আদর্শই আজিও অসমবাসীৰ হৃদয়ত কনকলতাৰ নাম যুগমীয়া কৰি ৰাখিছে।কনকলতাৰ
জন্ম হৈছিল বিখ্যাত দোলা কাষৰীয়া বংশৰ ঘৰত। কনকলতাৰ জন্ম ১৯২৪ চনৰ ২২ ডিচেম্বৰত
দৰং জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰীত হয়। পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ
নাম কনকেশ্বৰী বৰুৱা। ভায়েকৰ নাম ৰজনীকান্ত আৰু ভনীয়েকৰ নাম দেৱবালা। সৰুতে
ঘাটমাউৰা হোৱা কনকলতাহঁত ককাদেউতা আৰু খুৰাকহঁতৰ তত্ত্বাৱধানত ডাঙৰ হৈছিল। কনকলতাৰ
বৰ বেছি শিক্ষা দীক্ষা নাছিল। তৃতীয়মানলৈকে পঢ়ি স্কুলীয়া শিক্ষা সাং কৰে। ভূঁই
ৰোৱা, তাঁত বোৱা, ৰন্ধা-বঢ়া আদি সকলো
কামতে তেওঁ পাৰ্গত আছিল। কনকলতাৰ স্বভাৱ-চৰিত্ৰ আৰু মাত কথা বৰ শুৱলা আছিল। সেয়ে
তেওঁ পৰিয়ালতে নহয় ওচৰ চুবুৰীয়াৰো প্ৰিয় পাত্ৰ আছিল। ১৯৪২ চনৰ কথা ৷ সেইসময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলন আৰম্ভ
হৈছিল। সেই আন্দোলনৰ ঢৌয়ে কণমানি কনকাৰ হৃদয়তো দেশপ্ৰেমৰ ভাৱ জগাইছিল। কনকলতা পাটগাভৰু।
সেইটো বছৰৰে ৮ আগষ্টত বোম্বাইত বহা এখন সভাত গান্ধীজীয়ে ইংৰাজৰ ‘ভাৰত-ত্যাগ’
প্ৰস্তাৱ ঘোষণা কৰিলে। ফলত ৯ আগষ্টত গান্ধীজীকে ধৰি বহুতো বিখ্যাত কংগ্ৰেছী নেতাক
চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। দেশজুৰি আন্দোলনৰ জোৱাৰ উঠিল। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে
সকলো ধৰ্মৰ লোক একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিলে। ইংৰাজ চৰকাৰে আন্দোলনৰ নেতা
আৰু অংশগ্ৰহণকাৰীসকলক গ্ৰেপ্তাৰ কৰিলে। মুঠতে এক বৃহৎ আন্দোলন।অসমতো নেতৃস্থানীয়
লোকসকল জেলত সোমাল। নিৰুপায় হৈ সাধাৰণ ৰাইজেই একোজন নতুন নেতাৰ অধীনত আন্দোলন
চলোৱাৰ দায়িত্ব ল’লে। সেইসময়ত তেজপুৰত আন্দোলন চলাই নিয়াৰ দায়িত্ব লৈছিল
জ্যোতিপ্ৰসাদ আগৰৱালাই। জিলাৰ হাজাৰ হাজাৰ মানুহে আন্দোলনত যোগ দিছিল। ইংৰাজে
আন্দোলনকাৰীসকলৰ ওপৰত নানা অবৰ্ণনীয় অত্যাচাৰ চলালে, গ্ৰেপ্তাৰ কৰিলে।
সেইসময়ত জিলাৰ কাছাৰী ঘৰ আৰু গাওঁ অঞ্চলত পুলিছ থানাবোৰ আছিল বৃটিছ ৰাজ শক্তিৰ
কেন্দ্ৰস্বৰূপ। সেয়েহে তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কাছাৰীঘৰ আৰু থানাত
কংগ্ৰেছৰ পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হ’ল। এই কামৰ বাবে ‘স্বেচ্ছাসেৱক
বাহিনী’ গঠন কৰা হ’ল। সেই স্বেচ্ছাসেৱক বাহিনীৰ পৰাই ‘কৰিম বা মৰিম’ মন্ত্ৰৰে
দীক্ষিত মৃত্যুবাহিনীও গঠন কৰা হ’ল। ওঠৰ বছৰীয়া কনকলতাই কাৰো বাধা নামানি সাহসেৰে
মৃত্যুবাহিনীত যোগ দিলে। তেৱেঁই মৃত্যুবাহিনীৰ প্ৰথম নাৰী সদস্যা।
--------------------
মা সোনকালে ভাত দিয়া ৷ অলপ ৰবাচোন, ইমান খৰধৰ কিয় ৷
ৰবলৈ সময় নাই মা ৷ আজিৰ পৰা দেশমাতৃক
পৰাধীনতাৰ পোছাক খুলি স্বাধীনতাৰ মালা পিন্ধাই মুকলি ৰাখিম ৷ সোনকালে দিয়া, এগৰাহ খাই যাওঁ ৷
উফ্ ৰাম !... ইমান খৰখেদাকৈ ভাত খাব
নাপায় নহয় আইজনী। ছোৱালী মানুহ অলপ গহীন গম্ভীৰ হ'ব লাগে ,কাইলৈ-
পৰহিলৈ তই এখন ঘৰৰ বোৱাৰী হবিগৈ তাতো গৈ যদি এনেকৈয়ে চঞ্চল কৈ খোৱা বোৱা কৰ্
তেন্তে মানুহে তোক ঠাট্টা কৰিব ! আৰু মানুহৰ এই ঠাট্টা হাঁহিৰ হেচাঁয়ে এদিন তোক
পৰাধীনতাৰ কৱলত পেলাব !
এটা মিচিকিয়া হাঁহি
মাৰি আইজনীয়ে মাকলৈ চায় ক'লে- সেইবোৰ বাদ দিয়া মা ৷ পৰাধীনতাৰ
কবলৰ পৰাই স্বাধীনতা আনিবলৈ আমাৰ প্ৰস্তুুতি চলাইছো ৷ আই, আমিনো
ক'ত স্বাধীন হৈ আছো!আমিটো আমাৰ ঘৰতে পৰাধীন! আচলতে ভাত খায়
সময় নষ্ট কৰাৰ মন মোৰ নাছিল বাবেহে খৰখেদাকৈ খালো আই..।
সৌৱা শুনাচোন কোনোৱা জাতীয় দল সংগঠনে
স্বাধীনতাৰ অধিকাৰ বিচাৰি চিঞৰি আহিছে..।আই ,ময়ো যাওঁ সেই সংগঠনৰ সদস্য হৈ স্বাধীনতাৰ সোৱাদ ল'বলৈ,হয়টো তোমাৰ এই চঞ্চল আইজনী আৰু ঘুৰি নাহিবও
পাৰে..তুমি কিন্তু নাকান্দিবা দেই আই ! তুমি মোৰ জন্মদাত্ৰী আই ৷ কথাখিনি কৈ ছোৱালীজনীয়ে অলপো ৰৈ নাথাকি মাকক প্ৰণাম
জনায় দৌৰি গৈ সংগঠনত যোগদান কৰিলে আইজনীয়ে।
জাতিৰ পিতাৰ আদর্শত
অনুপ্ৰাণিত হৈ অসমীয়া ডেকা গাভৰুৰ সততা তথা সাহসেৰে সৃষ্টি হৈছিল সেই দল যাৰ নাম
আছিল "মৃত্যু বাহিনী"। আকাশ বতাহ চুমি যোৱা স্বাধীনতাৰ শ্ল'গান " কৰিম নহ'লে মৰিম" এ আৰু দুগুনে উত্সাহিত কৰিলে গাওঁৰ মৰমৰ
আইজনীক। পুৰুষ মহিলা পৃথক পৃথকৈ দুটা শাৰীত বিভক্ত হৈ হাতত ত্ৰিৰংগা লৈ আগুৱাই গ'ল। আইজনীয়ে মহিলা
শাৰীটোৰ প্ৰথমত থিয় হৈ ত্ৰিৰংগা লৈ দল সংগঠনৰ লগত সমস্বৰে চিঞৰি উঠিল "
স্বাধীন আমাৰ জন্মৰ অধিকাৰ"..। সংগঠনৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ ক'বলত থকা তেওঁলোকৰ কাষৰ সেই গহপুৰ থানাত আজি ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতাৰ বতাহ বোৱাব
সিহঁতে। মুক্ত আকাশৰ বুকুত উৰুৱাব ত্ৰিৰংগা পতাকাখন ৷
এইদৰে ভালেমান দুৰ যোৱাৰ পিছত তেওঁলোকে
এখন চাহ বাগিছাৰ কাষত জিৰণি ল'লে। সংগঠনৰ এজন মুৰব্বীয়ে মহিলাসকলক তেওঁলোকৰ পিছৰ
শাৰীটোত থিয় হ'বলৈ আদেশ দিলে,কাৰণ আগত ডাঙৰ বিপদ আছে। পিছে স্বাধীনতাৰ
সোৱাদ ল'বলৈ
বিচৰা আইজনীয়ে তেওঁৰ কথাত প্ৰত্যুত্তৰ দি কলে,আমি আগৰ শাৰীতে
থাকিম লাগিলে আমাৰ জীৱণে শেষ হওঁক..দেশমাতৃৰ বাবে তেজ দিম।আইজনীৰ এই কথাষাৰে
দলৰ হাজাৰ হাজাৰ সদস্যক সতাতৰ পথত যুঁজাৰ যেন অস্ত্ৰহে দিলে।
আৰু বেছি পলম নকৰি
অসমীয়া ডেকা গাভৰুৰ দলটো এইবাৰ গহপুৰ থানাৰ অভিমুখে আগুৱাই গ'ল।আনফালে থানাৰ ভিতৰৰ
পৰা বন্দুক লৈ হাফপেন্ট পিন্ধা এজাঁক পুলিচ
গিৰিপ গাৰাপকৈওলায় আহিল। হাতত ত্ৰিৰঙ্গা দেখি পুলিচৰ হাফপেন্ট
পিন্ধা পুলিচৰ দলটোৱে কবলৈ ধৰিলে- খবৰদাৰ আৰু এখোজো আগুৱাই নাহিবি ৷ আইজনীয়ে পুলিচ
কেইজনক সিহঁতৰ মহান উদ্দেশ্যৰ কথা কোৱাত পুলিচে সিহঁতক বন্দুক টোৱাই ভয় দেখুৱালে। বন্দুকৰ গুলি
দেখুৱাই লাভ নাই ৷ আমাক স্বাধীনতা লাগে, লাগিলে আমি প্ৰাণ দিম, তথাপিও দেশমাতৃক পৰাধীন হবলৈ নিদিও ৷ ন্যায় তথা সাহসক বুকুত বান্ধি এখন
হাতত ত্ৰিৰংগা লৈ আনখন হাতেৰে বন্দুকৰ নলী ঠেলি তাই চিঞৰি উঠিল.."তহঁতে কেৱল
আমাৰ শৰীৰটোকহে হত্যা কৰিব পাৰিবি আত্মাক হত্যা কৰিব নোৱাৰ বুজিলি "..
খবৰদাৰ খবৰদাৰ…
পুলিচৰ কথালৈ আওকান নকৰি ছোৱালীজনী
আগুৱাই গৈ থাকিল ৷
গুৰুম…গুৰুম… তেনেতে হঠাত্ এক প্ৰচণ্ড শব্দত থানাৰ কাষৰ গছৰ ডালত জিৰণি লোৱা এজাঁক চৰাই
ভয়ত উৰা মাৰিলে..!আৰু সেইয়া আছিল হাফপেন্ট পিন্ধা এজন পুলিচৰ বন্দুকৰ গুলীৰ শব্দ; যিটো গুলীয়ে গাওঁৰ
মৰমৰ সেই আইজনীৰ বুকু ভেদি গ'ল..! তেজেৰে ৰাঙলী হৈ শেষ
উশাহলৈ ত্ৰিৰংগাখনক সাৱটি তাই মাটিত ঢলি পৰিল,স্বাধীনতাৰ গৰম
বতাহজাঁকত মুর্হুততে চিৰদিনৰ বাবে বিলীন হৈ গ'ল মাকৰ মৰমৰ
আইজনী...তাই আৰু কেতিয়াও মাকৰ কাষলৈ গৈ অভিমান নকৰে.. অ কেতিয়াও নকৰে..!
এইদৰে পল অনুপলকৈ দিন মাহ বাগৰি যেতিয়া
বছৰ পাৰ হ'ল,
গাওঁৰ ৰাইজৰ সহযোগত স্বাধীন সংগ্ৰামী সংগঠনে আইজনীৰ প্ৰতিমুর্ত্তি সাজি মাল্যার্পণ কৰিলে আৰু প্ৰতিমুর্ত্তিৰ তলৰ এচঁটা বগা শিলত সোণালী আখৰে
লিখিলে-... ... ..."হে বীৰ সাহসী স্বাধীন সংগ্ৰামী আই কনকলতা বৰুৱা তুমি অমৰ
হোৱা..তুমি অমৰ হোৱা"....
( এইয়া আছিল ত্যাগীনাৰী শ্বহীদ কনকলতা
বৰুৱা ৰ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ এক অমৰ কাহিনী)
(মোৰ মৰমৰ বিশ্ব দাৰ সহায় লৈ )
: ৰাতুল আখটাৰ
মেকানিকেল ইঞ্জিনীয়াৰ
চেঞ্চুৰী প্লাই ইণ্ডিয়া লিমিটেড
------------------------------------
সেই মূৰ্ত্তিটোৰ বাবেই
চকীখনৰ বহিল সি, মূৰৰ চুলিৰ মাজৰ পৰা
বৈ অহা ঘাম খিনিয়ে তাৰ গালত থকা দাড়ি খিনিৰ মাজত সোমাই অস্বস্থিৰ সৃষ্টি কৰিছে। সোঁ
হাত খনেৰে মুখখন মচিব খুজিও ৰৈ গ'ল সি,
হাতখন চালে..ৰঙা। তেজবোৰে হাতত কৰাল বান্ধিছে। ঘামে ধুই পেলোৱা আকাশী ৰঙৰ
টি-চাৰ্টটোত সি হাতখন ওলট পালট কৈ দুবাৰ মান মচিলে, কিন্তু
তেজৰ দাগবোৰ গৈছে নে নাই সেয়া চাবলৈ তাৰ সময় নহ'ল। ইতিমধ্যে
কপালৰ পৰা ঘাম এটোপ বৈ আহি তাৰ চকুৰ পতাৰ ওপৰত বহিছিলহি। কিবা অসম্ভৱ অস্বস্হিত
জিকাৰ খায় উঠিল সি, হাত খনেৰে মুখ খন মোহাৰি দিলে। ঘামৰ
টোপালবোৰ পলাল কিন্তু পানী পানী দুই এঠাইত তাৰ হাতৰ তেজবোৰ লাগি ৰ'ল। ভ্ৰক্ষেপ নাই সেইবোৰলৈ তাৰ, হয়তো সি কি কৰি আছে
নিজেই গম পোৱা নাই। দীঘল দীঘল উশাহ লৈ সি যেন হৃদয়ত চলি থকা প্ৰকাণ্ড মেচিন এটা
বন্ধহে কৰিব খুজিছে। চকুদুটা বন্ধ কৰি বেৰখনত আউজি দিলে সি, কিবা
কিবি এসোপাই আহি তাৰ মূৰটোত ভিৰ কৰিলেহি। চকু দুটা জোৰকৈ বন্ধ কৰি দিলে, যায় যদি যাওঁক সেইবোৰ আতৰি। নাই, সি যিমানে চেষ্টা
কৰিছে সিমানে সেইবোৰে তাক হেঁচা মাৰি ধৰিছে। হঠাৎ কাৰোবাৰ মাতত সি থতমত খাই উঠি
বহিল। ওচৰত ডাক্তৰ এজন ঠিয় হৈ আছিল।
"আপুনি তৎক্ষণাত এই
ইনজেক্সনটো আনি দিয়ক আৰু বৰ্তমান পেছেণ্টৰ অৱস্থা খুব বেয়া, অতিসোনকালে
তেজৰ ব্যৱস্থা কৰক। আৰু শুন, দুই তিনি দিনৰ ভিতৰত অপাৰেচন
কৰিব লাগিব ,অতি কমেও এক লাখ টকাৰ প্ৰয়োজন হ'ব।"
অজানিতে সি বাওঁ হাত
খনেৰে তাৰ পাৰ্ছটো থকা পকেটখন চুই চালে, মনতে ভাৱিলে, "এক লাখ"। মুখেৰে একো নামাতিলে সি, ডাক্তৰৰ হাতৰ
পৰা প্ৰেছকিপছন খন লৈ বাহিৰৰ ফালে ওলাই গ'ল। ভাবিৱলগীয়া বহুত
আছিল তাৰ কিন্তু কি ভাবিৱ সেয়া ভাবি নাপালে সি। ক'ৰ পৰা
আৰম্ভ কৰিব, শেষে বা ক'ত কৰিব ভাবি।তাৰ
অনুভৱ হ'ল, মূৰটো অসহ্য বিষাইছে, গাটোও কিবা দূৰ্বল দূৰ্বল লাগিছে। ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই সি, এতিয়াও দৌৰা দৌৰি কৰোতে আধা সময় পাৰ হ'ল।
: ভাইটি এইটো লোৱা, দুহেজাৰ সাতশ উনত্রিশ টকা।
: কি? এটা বেজিৰ দাম ইমান?
: ভাইটি এই বেজি দিলে
পেচেন্ট দুই তিনিদিনলে ঠিকে থাকিব, তেতিয়াহে অপাৰেচনৰ বাবে
যা-যোগাৰ কৰিব পাৰিবা।
: অহ হয় নেকি....
পাৰ্ছটো উলিয়াই চালে সি, এশটকীয়া ছয় খন, পঞ্চাশ টকীয়া এখন, দহটকীয়া পাছখন। মুঠ হ'ল সাতশ, মানে আৰু দুহেজাৰ ত্রিশ টকা।
: দাদা ইয়াত ওচৰত
এ.টি.এম আছেনে?
: সৌটো ---- মানুহজনে আঙুলিয়াই দিয়াত পিনে চায়
পঠিয়ালে সি, গছজোপাৰ তলতে এচ.বি.আই ৰ এটিমটো। কেইবাজনো মানুহে লাইনত
ঠিয় দি আছে, সিওঁ যায় ঠিয় হ'ল। এবাৰ সি
অনুমান কৰিলে, কিমান পইচা থাকিব বাৰু তাৰ একাউন্টত। সিদিনা
দেউতাকে খুৰাকৰ হতুৱাই তাৰ একাউন্টৰ দুহেজাৰ টকা সুমুৱাই দিয়া বুলি কৈছিল, আগৰ এশ নে দুশ হে আছিল চাগে, মনত নাই তাৰ। সি বেংকৰ
লেন দেন বোৰ বৰ আমনি পায়। সেইবাবে দেউতাকক কোনোবা চহৰলৈ অহা মানুহ পালে দি পঠিয়াব
কয়। এইবাৰ কোনো অহা মানুহ নাপালে বাবে এটিম ত ভৰাই দিলে। মাকে ফোন কৰি কৈছিল তাক, যধে মধে খৰচ কৰিবলৈ মানা কৰিছিল, দেউতাকে যে সঞ্চয়ৰ
পৰা ধাৰ কৰি আনিহে তালৈ পইচা পঠিয়াইছে সেয়াওঁ মাকে কৈছেল তাক। অৱশ্যে সি অনাহকত
পইচা এটকাওঁ খৰচ নকৰে। অন্তত মাক দেউতাকৰ কথা সি ভাবে, নিজে
কিমান কষ্টত থাকি তাক বাহিৰত ৰাখি পঢ়ুৱাইছে সেয়া সি বুজি পায়, সেইবাবে সি প্ৰয়োজনতকৈ বেচি পইচা কেতিয়াওঁ নিবিচাৰে, কেতিয়াওঁ খৰচ নকৰে।
: হেল্ল দিব্য, ক'ত আছ তই? মই বৰ বিপদত পৰিছো, তই অলপ সহায় কৰ না, পইচা অলপ লৈ আহ চোন। মোৰ হাতত
অলপ আছিল, এটা বেজিতে শেষ....
কথাখিনি ক'লে সি দিব্যক। তাইৰ মাক দেউতাকক ফোন কৰিৱ পৰা নাই সি, তাইৰ মোবাইলৰ পাছৱৰ্ডটো নাজানে, কেতিয়াও জানিবলৈ
চেষ্টাও কৰা নাছিল সি। তাইৰ ৰূমমেট অৰ্পিতাক ফোন কৰি মাক হতক জনাব দিছিল সি। জানো, জনালে নে নাই, এতিয়ালৈ চোন তাইৰ মোবাইলত ফোন অহা
নাই। তাইৰ দেউতাক চৰকাৰী বিভাগৰ উচ্চপদস্থ বিষয়া। গতিকে সি বৰ বেচি টেনচন লোৱা নাই, তাইৰ চিকিৎসা খিনি ভালকৈ কৰিব পৰা সক্ষমতা খিনি যে তেওঁৰ আছে সেয়া সি
জানে, তথাপিও সি মনতে ভাবিলে, যদি অলপ
সহায় কৰিব পাৰিলে হৈ ভাল হ'ল হৈ। কিন্তু সহায়নো কৰিব কৰ পৰা, তাৰ হাতত এতিয়া ফুট কড়ি এটাও নাই, যিকেইটা আছিল
বেজিটোতে শেষ। আনিবয়ে বা কৰ পৰা সি, নিজৰ জমা বুলি এটকাও নাই, তাক ধাৰলৈও নিদিয়ে কোনেও। দিলেই বা, ধাৰ মাৰিব কৰ
পৰা সি। চিন্তাৰ যতি পেলাই তাৰ পকেটত থকা শ্ৰুতিৰ ফোনটো বাজি উঠিল। স্ক্ৰিণত 'মা' নামটো ভাহি আছিল.....
: হেল্ল খুড়ী
: অবি, তুমি ক'ত আছা, মাজনীৰ কি হৈছে? তাই ঠিকে
আছেতো?
: আপোনালোক ক'ত আছে, সোনকালে আহক মেডিকেললৈ,
মই অকলে বৰ কষ্ট পাইছো। বেছি খৰধৰ কৰিব নালাগে বাৰু মই আছো।
: আমি পামে ৰবা বেছি সময়
নাই, অৰ্পিতাই কোৱাৰ পাছতে দৌৰা দৌৰিকৈ ওলাই আহিছো.....
শ্ৰুতিৰ মাক। লগ পাইছিল
সি এবাৰ, মাকৰ সৰলতাই তাক মুগ্ধ কৰিছিল। মানুহজনীৰ কথাৰ পৰাই
গম পাইছে সি, নিজৰ ছোৱালীজনীৰ খবৰটো শুনি যে বাউলী জনী হৈ
আছে। হ'বৰ কথাওঁ, কোন মাকে এনে এটা খবৰ
শুনি নীৰৱে থাকিব পাৰে। তাৰ মাকো একেই, সি গা বেয়া বুলি কবহে পাব লাগে--- অমুক নাখাবি.
ভহুক নাখাবি। অমুক নকৰিবি, তমুক নকৰিবি কৈ বেমাৰ বঢ়াই হে
দিয়ে। মা যে, সেইবাবেই চাগে।
দৰ্জাৰ অকণমান
ফাকটোৰে তাইলৈ চালে এবাৰ সি।তাৰ হাতৰ পৰা এইমাত্ৰ লৈ যোৱা বেজিটো নাৰ্চগৰাকীয়ে
তাইৰ দেহলৈ সুমুৱাই দিছে। মুখত অক্সজেন মাস্ক, বুকুখন ধীৰে ধীৰে উঠা নমা কৰিছে, হয়তো বহুত কষ্ট হৈছে তাইৰ উশাহ লোৱাত। তেজ তেজ হৈ থকা গাটো তুলাৰে মচি
দিছিল যদিও তেজবোৰ যেন বিৰিঙি আছিল দেহত। বেডৰ ওচৰৰ টেবুলখনলৈ চালে সি, তেজেতে লুতুৰি পুতুৰি হৈ থকা সৰু মমৰ মূৰ্ত্তি এটা। মমৰ নে কি নাজানে সি, দোকানীহে কৈছিল মমৰ বুলি। কিছুসময় একেৰাহে চায় থাকিল সি মূৰ্ত্তিটোৰ
ফালে। সেই মূৰ্ত্তিটোৰ বাবেই শ্ৰুতিৰ এই অৱস্থা হ'ব পালে, সি যদি খঙত ৰাস্তাৰ মাজলৈ দলিয়াই নিদিলে হৈ এই অঘটন হ'বলৈ নাপালে হৈ।
: তুমি মূৰ্ত্তিটো কিয়
আনিছা, নাজানা নেকি মূৰ্ত্তি দিলে যে কাজিয়া লাগে। নালাগে
মোক এইটো, তুমি লৈ যোৱা....
সেয়াই আছিল কাজিয়াৰ
আৰম্ভণি। তাৰ পাছত নানা তৰ্ক, যুক্তি, কথাৰ
কটা কটি আৰু তাৰে শেষ পৰ্যায় এয়া। দূৰ্ঘটনাটো হ'ব লগা আছিল
তাৰ, কিন্তু কি হ'ল জানো বিধিৰ বিধানে
নে তাইৰ তাৰ প্ৰতি থকা প্ৰেম, সি নাজানে...!
তাইৰ বাবে দুই ইউনিট
তেজ দি যেতিয়া সি ওলাই আহিছিল, তেতিয়া তাইক ৰখা ৰূমটোৰ কাষত তাইৰ মাক দেউতাক আৰু কোনোবা
এজন ল'ৰা ঠিয় দি আছিল। কোন ল'ৰা
নুসুধিলে সি। মাকে তাক সুধিলে কেনেকৈ হ'ব পালে এইবোৰ, সি সচাঁবোৰ ক'ব বিচৰা নাছিল কিন্তু পাছমূহুৰ্তত
ভাবিলে সচাঁবোৰ লুকুৱাই কি লাভ। সেইবাবেই মাকক অকলশৰীয়াকৈ মাতি নি সকলো কৈছিল সি। সকলো
ঘটনাৰ বাবে নিজকে দায়ী কৰিছিল সি, কথাবোৰ কৈ থাকোতে অলক্ষিতে
তাৰ চকুলো বৈ আহিছিল। শ্ৰুতিৰ মাকে নিজৰ চকুপানী বোৰ মচি তাক সান্তনা দিছিল----
: হ'ব দিয়া, যি হ'ব লগা আছিল হ'ল। তাত তোমাৰ কি দোষ। তুমি এজন ভাল বন্ধু হিচাপে তাইৰ প্ৰতি থকা দায়িত্ব
নিষ্ঠাৰে পালন কৰিছা। ভাগ্য ভাল যে তুমি লগত আছিলা। নহ'লে যে
কি হ'ল হৈ.....!
এসপ্তাহৰ মূৰত
শ্ৰুতিয়ে চকু মেলি মেলিছিল, সি তেতিয়া মেডিকেলত নাছিল। এই এসপ্তাহে সি দিনে ৰাতি তাইৰ
ওচৰত আছে, ওৰে ৰাতি মহৰ কামোৰ খায় খায় তাইক ৰখিছে। তাইৰ মাক
দেউতাকে কষ্ট কৰিব লগা হোৱা নাই। পুৱা মাক আহি পোৱাৰ পাছত সি ৰূমলৈ গৈ গা পা ধুই
টোপনি অলপ মাৰি আহে। টোপনি নো কি, এঘন্টা নে দুঘন্টা। ডাক্তৰে
ইটোৰ পিছত সিটো ঔষধ বেজি আনিব দি থাকে বাবে ফাৰ্মাচিলৈ দৌৰা মানুহ এজন লাগে। শ্ৰুতিৰ
মাক দেউতাকৰ বাহিৰে পৰিয়ালৰ আন মানুহ বুলিবলৈ নাইয়ে। দুই এজন আহে, দুই এঘন্টা থাকি ব্যস্ততাক ধিয়াই আতৰি যায়। শ্ৰুতিৰ দেউতাকে তাৰ ওপৰতে
ভৰষা কৰি তাইক মেডিকেলত এৰি অফিচৰ কামবোৰ কৰি থাকিব পাৰিছে। নহ'লে অফিচৰ বাকীবোৰৰ ওপৰত তেওঁ কামবোৰ এৰি দিব নোৱাৰে। সেয়ে তাৰ দৰে
নিষ্ঠাৱান, কৰ্তব্যপৰায়ণ, পৰিশ্ৰমী ল'ৰা এজনক ওচৰত পায় তেওঁ বৰ সকাহ পাইছে।
সি যেতিয়া গা-পা ধুই
আহি মেডিকেল পাইছিল, তাইক ৰখা ৰূমটোৰ ভিতৰত সোমাব খুজি ভিতৰত কাৰোবাৰ কথা শুনি
সি ৰৈ গ'ল------
: বুজিছ মাজনী, তাৰ এইকেইদিন বৰ কষ্ট হৈছে, গোটেই কেইদিন সি আমাক
টোপনি ক্ষতি কৰিব দিয়া নাই, ইটোৰ পাছত সিটো দৌৰা দৌৰি কৰি
সকলো কাম নিজেই কৰিছে। আমাৰ আপোন বুলিবলৈ ইমান মানুহ আছে অথচ এজনেও....
: বাদ দে মা এইবোৰ। সময়ৰ
সোঁতত আপোনবোৰ পৰ হৈ যায় আৰু বহু পৰ আপোন হৈ যায়। ভগবানে মানুহ চিনিবলৈ সকলোকে এটা
সুযোগ দিয়ে। মই তাক বুজাত ভুল কৰা নাছিলো, কিন্তু এইবোৰ হ'বলৈ পালে এই মূৰ্ত্তিটোৰ বাবেই।
: কৈছে সি মোক সকলো, সিদিনা সি মোৰ আগত কান্দি কান্দি সকলো কৈছে।
: সঁচাই মা, সি বহুত ভাল ল'ৰা। মই বহুত দিনৰ পৰা কম কম বুলি
সাহস গোটাব পৰা নাছিলো, কিন্তু আজি যিহেতু তঁহতে তাক বুজিছ
গতিকে কওঁ, মই তাক ভাল পাওঁ বহুত। তাৰ বাহিৰে মই কাৰো লগতে
সুখী হ'ব নোৱাৰো।
: মই জানো, আৰু মোৰটো তাক আগৰ পৰাই পছন্দ হৈছে।
তোৰ দেউতাৰাৰ পছন্দ হ'লেই হ'ল।
: মোৰনো পছন্দ হ'ব লগা কি আছে। মইটো বিয়া নহওঁ তাই হে হ'ব, গতিকে তাই য'ত সুখী আমিও তাত সুখী। নে কি কোৱা
মাজনী? ল'ৰাটো ভাল, গতিকে পঢ়া পাতি শেষ কৰি কিবা এটা কামত থিতাপি লওঁক, তাৰ পাছত এইক তাৰ হাতত গতাই দিম।
সি আৰু ৰৈ থাকিব
নোৱাৰিলে। দুৱাৰ খনৰ মৃদু শব্দ এটা কৰি সোমাই গ'ল সি। মাকে তাইৰ কাষতে
বহি তাইৰ মূৰত হাত বুলাই আছিল, দেউতাকে ওচৰতে চকী খনত বহি
আছিল। তাইলৈ চালে সি, বেচেৰি বৰকৈ ক্ষীণাইছে এইকেইদিনত। চকুদুটা
গাঁতত সোমাই গৈছে, ওঁঠ যুৰিত বহুদিন প্ৰলেপ নাই, ৰঙাবোৰেৰে তাইক ভাল দেখি। চুলিবোৰ শুকান শুকান, কিমান
দিন যে ধোৱা নাই তাই। দুহাতেৰে সেই মূৰ্ত্তিটো সাৱটি বুকুৰ মাজত লৈ আছিল তাই, কৰবাত কৰবাত তেজৰ দাগবোৰ এতিয়াও আছে। এদিন সি সেইটো দলিয়াই পেলাম বুলি
ভাবিছিল, সেইটোৰ বাবেই ইমান সমস্যা। তাৰ পিছত কিয় জানো পাহৰি
থাকিল সি। সি সোমাই যোৱাৰ লগে লগে তাইৰ দেউতাকে কৈ উঠিল-----
: আহা আহা ডেকা ল'ৰা, আমি তোমাৰ বাবেই ৰৈ আছো। মাজনীয়ে চকু মেলিয়ে তোমাৰ
নাম লৈছে।
: মোৰ বাৰু পলম হ'ল নেকি অহাত? আৰু তুমি, যিটো
মূৰ্ত্তিৰ বাবে অতপালি হ'ল সাৰ পায়ে সেইটো আকৌ বুকুৰ মাজত যে?
মাকে দেউতাকক ইংগিত
দিয়াত দুয়োজন বাহিৰলৈ ওলাই গ'ল। তাই মাকহঁত যোৱাৰ ফালে চায় ক'লে----
: মোৰ আৰু কাজিয়া লাগিব
মন গৈছে, সেইবাবেই বুদ্ধু। চাকৰি বিচৰা সোনকালে, মোৰ বিয়া হ'ব মন গৈছে আৰু মা দেউতায়ো তোমাক জোৱাই
বনাব ৰৈ আছে। এই সকলোবোৰ কিয় জানা, এই মূৰ্ত্তিটোৰ
বাবেই.....
: হ'ব দিয়া , মই কৈছিলোৱে মূৰ্ত্তি দিলে একো নহয় বুলি, নিজেহে একদম.....
: হ'ব হ'ব, এতিয়া আৰু কাজিয়া আৰম্ভ
কৰিব নালাগে। যি হ'ল ভালে হ'ল, ভগবানে মানুহক ভালকৈ বুজিবলৈ এটা
সুযোগ দিয়ে, মই তোমাক আগতেই বুজিছিলো, এইটোৰ
জৰিয়তে কনফৰ্ম হ'লো। মা দেউতায়ো তোমাক বুজিলে, নহ'লে মই কেতিয়াওঁ দেউতাৰ মন গ'লাব নোৱাৰিলো হৈ। তুমি যে মোক সুখত ৰাখিব তাত মই নিঃসন্দেহ আৰু দেউতাও
গতিকে এতিয়া ন' টেনচন। আৰু এই সকলোবোৰ সম্ভৱ হ'ল এই মূৰ্ত্তিটোৰ বাবেই। থেংকচ মাই দিয়াৰ মূৰ্ত্তি, উম্মাহ
----মূৰ্ত্তিটোত ওঁঠযুৰি লগাই তাই চুমা
এটি খালে। সি শ্ৰুতিক সাৱটি ধৰিলে, তাই কুচিমুচি সোমাল তাৰ বুকুৰ মাজত। কষ্টৰ
মাজতো তাৰ মুখেৰে এটা তৃপ্তিৰ হাঁহি বিৰিঙি উঠিল।
: জোনাক প্ৰিয়ম
বাইহাটা
চাৰিআলি, অসম
-------------------------
চিতা (ধাৰাবাহিক গল্প)
প্ৰথম
খণ্ড
কু-কু-ৰু-কু
, কু-কু-ৰু-কু
পৃথিৱী নিদ্ৰাৰ পৰা জাগি উঠাৰ উমান পোৱাৰ লগে লগে কুকুৰা চৰাইটোৱে ডাক দিবলৈ আৰম্ভ
কৰিলে। কুকুৰাৰ ডাকত কুঁহি সাৰ পাই গ'ল। লৰা-লৰিকৈ বিচনাৰ পৰা উঠি আহিল। উঠি
অহাৰ আগমূহুৰ্তত তাইৰ কাষত শুই থকা একমাত্ৰ সংগী ভনীয়েক মালতীক জগাই থৈ আহিল। মালতীয়ে শোৱাতে এঙামূৰী এটা দি
পুণৰ শুবলৈ যত্ন কৰিলে। তাইক পুণৰ উঠাবলৈ চেষ্টা নকৰিলে কুঁহিয়ে। কুঁহি লৰা-লৰিকৈ
আগফালৰ বাঁহৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল আৰু লাহে লাহে ডাৱৰৰ মাজৰ পৰা
সেন্দুৰীয়া হৈ ওলাই অহা সূৰ্যটিক হাতযোৰ কৰি প্ৰণাম জনাই ঘৰৰ সন্মুখতে থকা
হাঁহ-কুকুৰাৰ গড়ালটোৰ দুৱাৰখন খুলি দিলে। লগে লগে বন্দি হৈ থকা হাঁহ-কুকুৰা জাক বাহিৰলৈ
দৌৰি ওলাই আহিল। সিহঁতে চোতালত খোৱা বস্তু বিচাৰি ঘূৰিবলৈ ধৰিলে। কুঁহিয়ে পুণৰ
মূল ঘৰৰ দুৱাৰ মুখলৈ গ'ল আৰু দুৱাৰখনৰ কাষতে থকা তামোল-পাতেৰে সজা বাঢ়নীডাল লৈ চোতালখন চৰপ চৰপকৈ সাৰিবলৈ
ধৰিলে।
পুৱা হোৱাৰ মাত্ৰকে সমস্ত সংসাৰৰ জীৱ-জন্তু নিজ নিজ কামত ব্যস্ত হৈ পৰে। এই
ব্যস্ততা পৃথিৱীলৈ নামি অহা আন্ধাৰৰ লগতহে শেষ হয়।
কুঁহিয়ে
চোতাল সৰা শেষ কৰি খেৰৰ সোতাটো লৈ ঘৰৰ
ভিতৰৰ মজিয়াখন মচিবলৈ
ল'লে। এটা কোঠালীৰ ঘৰটোত ৰন্ধা-বঢ়া, শোৱা সকলো একেলগে। এটা
মাটিৰ চৌকা আৰু তাৰ কাষতে কিছু বাচন-বৰ্তন; কোঠাটোৰ একোণে
দুটা মধ্যমীয়া আকাৰৰ বাকচ, ইটোৰ
ওপৰত সিটো তুলি থোৱা আছে, তাৰ কাষতে এডাল সৰু আলনা, আলনাডালতে
কেইখনমান কাপোৰ ওলমি আছে। আন এটা কোণত যেন তেন দুজন
ব্যক্তি শুব পৰা বাঁহেৰে সজা এখন চাং। তাতে
বৰ্তমান আঠুৱাৰ ভিতৰত মালতী শুই আছে। মজিয়াখন সাৰি শেষ কৰি কুঁহি বিচনাখনৰ ওচৰলৈ
আহি মালতীক পুণৰ মাত লগালে।
: মালতী! মালতী! উঠ আকৌ। শুনিছ' নাই মই কি কৈছো? মালতী মালতী!
: ৰহ অ'! উ..ঠি..ছো!
যেনতেন মাতষাৰ উলিয়াই মালতীয়ে উত্তৰটো দিলে। কিন্তু উঠাৰ কোনো লক্ষণ নেদেখুৱালে।
কুঁহিয়ে মুখেৰে ভোৰ ভোৰাই আলনাডালৰ পৰা এখন মেখেলা, গামোছা আৰু ব্লাউজটো
লৈ গৈ ঘৰটোৰ কাষতে থকা পুখুৰীটোৰ পাৰত কাপোৰখিনি ৰাখিলে
আৰু পাৰতে ৰখা সৰু প্লাষ্টিকৰ বাল্টিংটো লৈ পুখুৰীটোৰ পৰা পানী টিং তুলি ঘৰৰ
পাছফালে থকা বাহনিখনৰ ফালে খোজ ল'লে।
ঘটককৈ উঠা এক শব্দত মালতী উচপ খাই উঠিল আৰু শুৱাৰ পৰা উঠি বিচনাত বহি পৰিলে। যি ফালে
শব্দটো হৈছিল সেইফালে চকুহাল ঘূৰালে; লগে লগে তাইৰ চকুহাল তীব্ৰ ক্ৰোধাগ্নিত জ্বলি উঠিল।
ঘৰটোৰ ভিতৰত শান্ত পৰিৱেশ দেখি দুটা কুকুৰা ভিতৰলৈ সোমাই আহিছে। সিহঁতে
মালতীৰ উপস্থিতি অনুভৱেই কৰা নাছিল। কোঠাটোৰ একোণত
থকা সামান্য ওখ আৰু বহল কাঠৰ টেবুলখনত দুয়োটা জঁপিয়াই উঠিল। টেবুলখনত কিছু
প্ৰসাধন সামগ্ৰী থোৱা আছিল, যেনে- এখন মধ্যমীয়া আকাৰৰ আইনা, পাউদাৰৰ টেমা, ফণী, তিনিযোৰ মান ৰং ওৱলি যোৱা কাণফুলি লগতে খাৰু দুযোৰ, ধূপৰ পেকেট।
টেবুল খনৰ সামান্য ওপৰত ভগৱান কৃষ্ণৰ ফটো এখন বেৰৰ খুটাৰ গজাল এটাত
আঁৰি থোৱা আছে। টেবুলখনৰ পৰা কিছু গজ আঁতৰত পিছফালে অহা যোৱা কৰা এখন দুৱাৰ আছে।
কুকুৰা চৰাইৰ
দুটাই টেবুলৰ ওপৰত উঠি আইনাখন মাটিত পেলাই দিলে। ফলত আইনাখন ভাঙি গ’ল। সেই
আইনাখন পৰিয়েই উক্ত শব্দটো ধ্বনিত হৈছিল।
মালতীয়ে লৰা-লৰিকৈ আঠুৱাখন ডাঙি বিচনাৰপৰা নামি আহিল আৰু কুকুৰা পোৱালী দুটাক খেদি
গ'ল।
: চাল্লা .... অধমৰ জাত ৰাতিপুৱাই আৰু কাম নাপালি.... ধ্বংসকাৰীহঁত!
কুকুৰা দুটাই মালতীক খেদি যোৱা দেখি পিছফালৰ দুৱাৰখনেদি ততালিকে ডেউকা কোবাই ওলাই গ'ল। মুখেৰে গালি পাৰি মালতীয়ে আইনাৰ ভগা টুকুৰাবোৰ বুটলিবলৈ ধৰিলে।
বায়েক কুঁহি
গা-পা ধূই ভিতৰলৈ
সোমাই আহিল। তাই ভিতৰলৈ সোমাইয়েই প্ৰথমে বিচনাখনৰ ফালে লক্ষ্য কৰিলে, মালতী উঠি
গ'ল। তাই টেবুলখনৰ ওচৰলৈ গৈ ধূপৰ পেকেটৰ পৰা এডাল ধূপ কাঠি উলিয়াই জুইশলাৰ
সহায়েৰে জ্বলাই ৰুমটোৰ চাৰিওফালে এপাক ঘূৰাই দিলে আৰু কৃষ্ণৰ ফটো খনৰ কাষত বেৰত
গুজি থ'লে। মুখখন চাওঁ বুলি তাই টেবুল খনৰ পৰা আইনা খন তুলিবলৈ উদ্যত হৈ দেখিলে
আইনাখন নাই। তাই ৰুমটোৰ ইফালে সিফালে বিচাৰি চালে; কিন্তু কোনোফালে আইনাখন চকুত
নপৰিল।
: এই ছোৱালী জনীয়ে একো এটা বস্তু জেগাত নথয়। কি যে হ'ব? মালতী! মালতী!
মালতীক
চিঞৰি মাতিলে যদিও কোনো প্ৰত্যুৎত্তৰ নাহিল। মালতীৰ সঁহাৰি নাপাই কুঁহিয়ে বিচনাখন জাপিবলৈ লাগিল। কিছু সময়ৰ পাছত
পাছফালৰ দুৱাৰখনেৰে মালতী ভিতৰলৈ সোমাই আহিল।
: কি হ'ল বা! তই মাতিছিলি নেকি?
:
আইনাখন পোৱা নাই যে ক'ত থলিনো?
:
সেইখন আৰু আজিৰ পৰা আৰু নেদেখ'?
কথাষাৰ কৈ মালতীয়ে আলনাৰ পৰা
কাপোৰ এসাজ হাতত তুলি ল'লে। কুঁহিয়ে তাইৰ ফালে চাই ৰ'ল।
: তই কি কৈছ' মই একো বুজা নাই! আইনাখন ক'ত থ'লি? চাই দেচোন।
: কুকুৰাই সোমাই আহি টেবুলৰ পৰা সেইখন পেলাই ভাঙিলে। মই ভগা টুকুৰাবোৰ
বুটলি নি পিছফালে খালত পেলাই থৈ আহিলোগৈ।
:
সোনকালে উঠিবলৈ ক'লে নুঠ' নহয়। মই বাহিৰলৈ ওলাই যোৱাৰ সুযোগতে দেখিছ চৰাই কি
কৰিলেহি। আৰু কিবা কৰা হ’লে........
: হ'ব দে! এতিয়া মোৰ ওপৰো খং কৰি দেখুৱাব নালাগে। ৰাতি ইমান গৰম শুবই পৰা নাই। ৰাতিপুৱা
সময়তহে অকনমান টোপনি ধৰিছে। মই গা ধূই আহো।
কুঁহিৰ
কথাষাৰ সম্পূৰ্ণ হ’বলৈ নিদি মালতীয় কৈ বিৰক্তি প্ৰকাশ কৰি ক'লে আৰু গা ধূবৰ বাবে বাহিৰলৈ
ওলাই গ'ল। কুঁহিয়ে
জুইকুৰা জ্বলাবলৈ জো-যা চলালে।
: আজি ভৰালীৰ ঘৰত মাটি ৰুবলৈ মাটিছে মনত আছে নহয়! কামবোৰ অলপ খৰ-ধৰ কৰ ।
মালতীক উদ্দেশি কুঁহিয়ে ক'লে যদিও মালতীৰ কোনো প্ৰত্যুৎত্তৰ ভাহি নাহিল।
: বিজয় শইকীয়া
ধলপুৰ, ৭৮৪১৬৫
লখীমপুৰ, অসম
-------------------------------------------------
বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যা, জুলাই – ২০১৭
মুখা
: ৰক্তিম গোস্বামী
অট'চালকৰ লগত কথা পতাই ভুল। কথা পতা মানেই মগজুটো গৰম কৰা। মিটাৰত কোনো
যাব নিবিচাৰে। অন্ততঃ দহ টকা হ'লেও
বেছি লাগিবই আৰু নিদিওঁ বুলি ক'লে মুখখনৰ এনে এটা ভাঁজ দিব যেন
মই পৃথিৱীৰ আটাইতকৈ চিকতা মানুহটো।
খোজকাঢ়ি
অলপ আগুৱাই গ'লো। এনেতে প্ৰায়
বাইশ বছৰীয়া এজন যুৱক আগবাঢ়ি আহি সুধিলে -
'Sir, You need
auto?'
মই ক'লো
- 'Yes.'
সি সুধিলে
- 'Where
do you want to go?'
মই ক'লো
- 'Layout.'
সি ক'লে
- 'Sure, Sir, no problem. Please get in.'
মনটো ভাল
লাগি গ'ল। ল'ৰাটো শিক্ষিত আৰু ভদ্ৰ
বুলি সহজে বুজি উঠিলো। মিটাৰতকৈ
অধিক পইচা দাবী নকৰাকৈ ভদ্ৰভাৱে আৰু ইংৰাজী ভাষাৰে এজন পথচাৰীক অট'লৈ
এনেকৈ আগুৱাই লৈ যোৱাটো সাধাৰণতে বাংগালুৰুত এক বিৰল ঘটনা। যাত্ৰা আৰম্ভ কৰিলো। কিছুদূৰ
গৈ প্ৰথম ছিগনেলটোত অট'খন ৰ'ল। অট'চালকে কাৰোবালৈ ফোন কৰি ইংৰাজীতে কথা হ'ল। কথা শেষ কৰি মোৰ ফালে চাই ইংৰাজীতে
সুধিলে -
'ছাৰ,
কথা এটা সোধোনে?'
'কোৱা।'
'ইংৰাজী
ভাষাত মোৰ দখল কেনেকুৱা বাৰু? মই ইংৰাজীত কোৱা কথাবোৰ আপুনি স্পষ্টকৈ
বুজি পাইছেনে?' - এটা অনাকাংক্ষিত অথচ অমায়িক প্ৰশ্ন।
মোৰ ওঁঠ দুটাত
ক'ৰবাৰ পৰা মিচিকিয়া হাঁহি আহি জিৰণি ল'লেহি। তাক ক'লো -
'ভাল,
তোমাৰ দখল ভাল। উচ্চাৰণ
স্পষ্ট। কিন্তু আৰু ভাল হোৱাৰ যথেষ্ট থল আছে।'
সেউজীয়া লাইটটো
জ্বলি উঠাত সি অট'খন চলাই আগবাঢ়িল আৰু লগতে সুধিলে -
'কেনেকৈ
ভাল কৰিব পাৰি ছাৰ? কিবা উপায় দিয়কচোন।'
সাধাৰণতে
অট'চালক বা বাহিৰলৈ ওলাই আহিলে অচিনাকি মানুহৰ লগত বেছি কথা পাতি ভাল নাপাওঁ যদিও
এই অট'চালকজনৰ কথাটো যেন অলপ বেলেগ। মই ক'লো -
'যিমান
শুনিবা, যিমান ক'বা, সিমানেই শিকিবা। এইটো এটা
দৈনন্দিন প্ৰক্ৰিয়া। ইয়াৰ কোনো বিশেষ ফৰ্মূলা নাই।'
মোৰ কথাখিনি
শুনি তাৰ মুখখন যেন উজলি উঠিল। তাৰ কথা
পতাৰ আগ্ৰহ, সমল আৰু ইচ্ছা --সকলো আছে বুলি মই ভালকৈ বুজি উঠিলো। ময়ে সেয়ে তাক সুধি পেলালো।--
'তোমাৰ
শিক্ষা?'
'ছাৰ,
মই বি কম চূড়ান্ত বৰ্ষৰ ছাত্ৰ। সদায় কলেজলৈ
যাব নোৱাৰো। বন্ধৰ দিন আৰু মাজে মাজে কলেজ নকৰি
অট'
চলাওঁ আৰু ৰাতি এটা সময়লৈকে চাইকেলত চাহ, বিস্কুট
আৰু চিগাৰেট বিক্ৰী কৰো।'
কথাখিনি শুনি
প্ৰথমে মনটো কুমলিছিল, তথাপি সঁচা কথা হ'ল এই
যে প্ৰত্যেকৰ জীৱনত সমস্যা আছে আৰু আজীৱন আহি থাকিব। ইয়াৰ লগত
যুঁজ দিয়াৰ শকতি মানুহে নিজেই আৰ্জিব লাগিব, স্বাধীনভাৱে। সহানুভূতিয়ে
মানুহ দুৰ্বল কৰে। মই ল'ৰাটোৰ
কথাখিনিত নূন্যতম আৱেগ দেখুৱাই ক'লো -
'তোমাৰ
কথা জানি ভাল লাগিল। তুমি সততাৰে
আৰু কষ্টৰে জীৱনত আগুৱাইছা। ইয়াৰ উচিত
ফল তুমি পাবাই।'
আন এটা ছিগনেলত
ৰঙা লাইটটোৱে আমাক ৰখিবলৈ পুনৰবাৰ কাঢ়া নিৰ্দেশ দিলে। অট'খন
ৰ'ল। সি অলপ সেমেকা
মাত এটাৰে ভাবুক হৈ ক'লে -
'ছাৰ,
কথাবোৰ ইমান সহজ হোৱা হ'লে ভাল আছিল। কথাবোৰ মোৰ মাজতে শেষ নহয়। মই গোটেইখনৰ
দায়িত্ব ল'ব লাগে।' অলপ পৰ ৰৈ পুনৰ ক'লে -
'মই
মাহে আঠ হাজাৰ সুদ দিব লাগে। সুদ ১ তাৰিখে
নিদিলে পিছদিনা পুৱা ছয় বজাতে মানুহ আহি ঘৰত অশান্তি কৰে। দেউতাই বহুত
টকা সুদত লৈছিল আৰু তাৰ কিছুদিন পিছতে ষ্ট্ৰ'ক হৈ ঢুকাই থাকিল। সকলো দায়িত্ব পলকতে মোৰ গালৈ আহিল। মোৰ জীৱনটো
সলনি হৈ গ'ল। মা-ভনীৰ
লগতে দেউতাৰ ধাৰৰ বোজাই মোক জুৰুলা কৰি পেলাইছে।'
অট'খন লাহে লাহে আগবাঢ়িল। মই কথাবোৰ শুনি অলপ স্তম্ভিত হ'লো। নিজকে তাৰ স্থিতিত থৈ কথাবোৰ ভাবিব ধৰিলো। এটা উঠি অহা ল'ৰাৰ বাবে এয়া এক মাৰাত্মক
দুঃসময়। তাৰ অট'ৰ
কাষেদিয়েই যে প্ৰতিদিনে পাৰ হয় নামী-দামী বাইকত সপোন কুঁৱৰীয়ে সাৱতি ধৰা তাৰ সমনীয়াৰ
পিঠিৰ উমৰ সুৱাস। সি বা কি ভাৱে তেতিয়া?
'ছাৰ...।'
- তাৰ মাতত সম্বিত ঘূৰাই পালো।
'কোৱা।'
'মই
কিয় আপোনাক ইংৰাজীত কথা সুধিছিলো জানে?'
'কোৱা
চোন তুমিয়েই।'
'মই
ক'ল চেন্টাৰত কাম কৰিব বিচাৰো। এটা ইন্টাৰভিউ দিছিলো। কিন্তু চাকৰি
নাপালো। আকৌ দিম। ক'ল
চেন্টাৰত চাকৰি পালে মোৰ সকলো সমস্যা দূৰ হৈ যাব। আপুনি কোৱা
কথাবোৰ মনত ৰাখিম....'
কথাৰ মাজতে ল'ৰাটোলৈ ফোন আহিল।
এইবাৰ ল'ৰাটোলৈ মোৰ মৰম লাগিল। ইতিমধ্যে ঘৰ পাবৰ হ'ল। সি কথা পাতি আছে। তাৰ কথাবোৰ
শুনিবলৈ মন গ'ল। আধা উৰ্দু
আৰু মাজে মাজে কানাৰাত খুউৱ লাহে লাহে পতা কথাবোৰ বুজিবলৈ মোৰ বৰ বেছি অসুবিধা নহ'ল।
অ' - কিন্তু এয়া কি? সি দেখোন মোৰ কথাই পাতি আছে -
'নাই
ৰ, আজি এটা কাষ্টমাৰ পাইছো, বাহিৰৰ। দেখিয়েই গম পাইছো টুপি পিন্ধাব পাৰিম। ফুল ট্ৰেজেদীৰ
কাহিনী এটা শুনাই আছো। আগতে এটাই কাহিনী শুনি ৫০ টকা এটা
বেছি দিছিল। এইটোৱেও দিব যে খাটাং। কিমান খুজি খুজি ল'বি আৰু?.... ঠিক আছে,
এতিয়া ৰাখো। কাষ্টমাৰৰ
ডাউট হ'লে বেয়া হ'ব। ৰাতি আদ্দাত
লগ পাম।....'
কিয় নাজানো বেছি হতাশ নহ'লো। হয়তো 'মানুহ' বোলা জীৱটোক
লাহে লাহে সঠিক কৈ বুজিব আৰম্ভ কৰিছো। পলকতে যাত্ৰাৰ
আৰম্ভণিৰ পৰা শেষলৈকে কথাবোৰ মনত এখন ছবিৰ দৰে আহি গুচি গ'ল। মোৰ মুখত এটা মিচিকিয়া হাঁহিয়ে পুনৰ আহি জিৰণী ল'লেহি।
'অ'
কে, ইয়াতে ৰখোৱা।'
'এশ
দহ টকা ছাৰ।'
এশ বিশ টকা এটা তাৰ হাতৰ মুঠিত গুজি আহিলো। দহ টকা বেছিকৈ কিয় দিলো মই এতিয়াও নাজানো। হয়তো এক বিনা আমনিদায়ক যাত্ৰা উপহাৰ দিয়াৰ বাবে... হয়তো এক
নতুন কাহিনীৰ বাবে। হয়তো মানুহৰ এক নতুন স্বৰূপ উদঙাই
দিয়াৰ বাবে.... সেই ল'ৰাজনৰ ৰূপত এখন অদৃশ্য মুখা চিৰকাল মোৰ দুচকুত
সজীৱ হৈ থাকিব।
আফটাৰ দ্যা ৰেইন
: মৌচম গগৈ
আকৌ... এজাক
বৰষুণ অহা হ'লে- সেউজীয়া বৰষুণ, নেদেখা বৰষুণ,
কেৱল নিজৰ উপলব্ধি আৰু অনুভৱেৰেহে দেখা বৰষুণ প্ৰচণ্ড ধুমুহাৰ মাজেৰে
সৰকি অহা এজাক শীতল বৰষুণ, বুকুত ৰিম্-জিম্ যেন তাৰ কোমল ছন্দ--- মধুৰ তাৰ আমেজ, মধুৰতম তাৰ শিহৰণ, মধুৰতম
সপোন পিছলা এজাক বৰষুণ....।
আবেলি--- উম, এতিয়া আবেলি, বহুতো সপোন সৰি সৰি তাৰ ভৰ সহিব নোৱাৰা
এটা ধূসৰ আবেলি--- ঠুনুকা এখন হৃদয়ৰ জটিল অংক কৰি কৰি ভাগৰি পৰা এটা নিদাৰুণ আবেলি। কবি এজনৰ কবিতাৰ ঘৰত আবেগ আৰু স্মৃতি সংপৃক্ত ধূসৰ অথচ প্ৰাঞ্জল
ছবি এখন জিলিকি থকাৰ দৰে, এটা মৌন আবেলি--- তেজ মচি মচি অন্ধকাৰৰ ফালে
এতিয়া উন্মুখ এটা ভাগৰুৱা আবেলি। কেৱল নিদাৰুণ
স্মৃতিৰ পাপৰি বুটলি বুটলি নিঃশেষ হৈ যাব ধৰা এটা হালধীয়া আবেলি।
মই এতিয়া
আবেলিৰ সৈতেই কথা পাতি আছো। আবেলিৰ ৰং
এতিয়া মোৰ দুচকুত, নাকত, উশাহত,
মোৰ হাতৰ সুগন্ধি আঙুলি কেইটাত, মোৰ ভাগৰুৱা চুলি
কোচাত, মোৰ বুকুৰ কামি হাড় কেইডালত--- এই সকলোতে আবেলি। আবেলিৰ ৰং সনা হাঁহি এতিয়া মোৰ সৰ্বাংগত ক্ৰমশ বিয়পি পৰিছে। অভ্যন্তৰলৈকে তাৰ জিলমিল ৰশ্মি বিকিৰিত হৈছে আৰু মোক ক্ৰমশ.....।
(দুই)
তাঁতৰ মাকুৰ
দৰে কিমান যেন সপোন সৰি গ'ল, কিমান সময় পাৰ হৈ গ'ল--- কিমান অংক আধৰুৱাকৈ কৰা হোৱাতেই থাকি গ'ল--- কিমান
পাহ ফুল ফুলিবলৈ থাকি গ'ল কিছুমান কলিতে মৰহি গ'ল--- বুকুৰ গোপন বাগিছাত ফুলা, আন্ধাৰে কাহানিও স্পৰ্শ
কৰিব নোৱাৰা এই ফুলবোৰ। অথচ এতিয়া--- আবেলি,
আবেলি গ'ল।
(তিনি)
মোৰ বয়স তেতিয়া
তিনি কি চাৰি। ঠুনুক-ঠানাককৈ মাত ফুটিছে। থুপুক-থাপাককৈ খোজ কাঢ়িব পৰা হৈছো যেনে-তেনে। কিমান যে সপোন ৰোপণ কৰিছিল গোপনে গোপনে--- মোৰ বৰদেউতাই, ককা দেউতাই, সৰু খুড়াই মোৰ মাজতে।
প্ৰতিটো দেওবাৰেই
দেওবৰীয়া বজাৰলৈ ককা দেউতাই শ-শ হিচাপত পান আনিছে। গধূলি মোলৈ
পাইজামাৰ জেপত ভৰাই চানাচুৰ লৈ আহিছে, বাদাম অথবা কেতিয়াবা বিহাৰীৰ
হাতেৰে বনোৱা জ্বলা জ্বলা পকোৰী। পাইজাটো
একেবাৰে মলিয়ন ফটা-চিটা। অথচ সেই
পাইজাটোৰ মলিয়ন জেপকেইটাতেই ককা দেউতাই মৰম সুমুৱাই আনিছিল তেওঁৰ বৰ নাতিটোলৈ। আঃ! কিমান মধুৰ, কিমান পৱিত্ৰ, কিমান অমল সেই প্ৰেম। ককাৰ নাতিৰ
প্ৰতি থকা এক সহজাত প্ৰেম।
ককা দেউতাই
মলা ধঁপাত খাইছিল চিলিমে চিলিমে বিড়ীও হুপিছিল--- কেতিয়াবা ভাং খাইছিল। মুখ খনত কি যে অকতা গোন্ধ। মোক ককা
দেউতাই সেইখন মুখেৰেই দুগালত মৰম পিছলা চুমা আঁকি দিছিল। মোৰ আচৰিত
খং উঠিছিল সেই লাপুং বুঢ়াটোলৈ। কাম যে নাই
আৰু এই বুঢ়াডালৰ। থুবোৰ মই মোৰ বনিয়নৰ আগটোৰে জোৰেৰে
মোহাৰি দিছিলো--- খুউৱ জোৰেৰে--- দুগালৰ ছাল ছিগি যোৱাকৈ।
ককা দেউতাই
মোক অলপ খং উঠিছিল। দাঁত কামুৰি কামুৰি লাখুটিডাল লৈ মুৰিয়াবলৈ
খেদা মাৰি গৈছিল। মই সেই বুঢ়াটোৰ লগত মুখ চুপতি কৰিছিলো--- কেতিয়াবা গালি পাৰিছিলো--- মাটি দলি মাৰিছিলো ককাৰ গালৈ খঙতে। ইমান খং নে এই বুঢ়াটোৰ! অথচ ৰাতি হ'লে
এই বুঢ়াটোৰেই মোলৈ কিমান যে মৰম। খোৱা পাতিত
বিচি বিচি, সাধু কৈ কৈ মোৰ সুকোমল গাল দুখনিত চুমা সিঁচি সিঁচি মোক
টোপনিৰ বাগিছাত থৈ আহিছিল গৈ। ৰাতিটো পুৱাবলৈহে
পায়। আকৌ খং উঠে এই বুঢ়াটোৰ। অলপতে খং।
এতিয়াহে আৱিস্কাৰ
কৰিছো--- ককাইও আচলতে তেতিয়া এটা আবেলিৰ সৈতে কথা পতাত মগ্ন আছিল। ককা দেউতাৰ দুচকুত, ককা দেউতাৰ উশাহ,
আঙুলি আৰু বুকুৰ কামিহাড় কেইডালতো আচলতে তেতিয়া আবেলিৰ জিলমিল হালধীয়া
ৰশ্মি জ্বলি আছিল।
(চাৰি)
বৰদেউতাই
বহু পলমকৈহে বিয়া পাতিছিল। পতাৰ ইচ্ছাই
নাছিল। কিন্তু কেৱল ককা দেউতাৰ হেঁচাতহে.....।
ৰত্ন বৰদেউতাই
মোক কোলাত তুলি, কেতিয়াবা পিঠিত ওলমাই মধু বৰদেউতাহঁতৰ ঘৰলৈ ফূৰাবলৈ বুলি
লৈ গৈছিল--- বাহনিলৈ বাহ কাটিবলৈ, পথাৰলৈ গৰা কাটিবলৈ আৰু কেতিয়াবা
হালোৱাক জলপান দিবলৈ, দেওবৰীয়া বজাৰত নগাধাৰি বিক্ৰী কৰিবলৈ তেওঁৰ
লগত লৈ গৈছিল। মই গৈ বগদেউতাক আমনি কৰিছিলো--- মৰ্তন, চানাচুৰ অথবা পকোৰী, বাদাম আদি কিনি দিবলৈ কৈ। ককা দেউতাৰ দৰে কিন্তু বৰদেউতাই সিমান খং কৰা নাছিল।
(পাঁচ)
শৈশৱ গচকি কৈশোৰ
স্কুললৈ গৈছিলো--- পথাৰৰ কাষৰ পনিয়ল জোপাত শিলগুটিৰে সৰোৱাই পনিয়ল খাইছিলো।
শুৱনি আমাৰ
গাওঁখনি অতি/শুৱনি গছেৰে ভৰা অথবা ভালপাওঁ পথাৰৰ ৰং সেউজীয়া/ধাননি কঁপাই বোৱা বতাহ বলীয়া--- এই কবিতাবোৰ মূখস্থ মাতি ছাৰ- বাইদেউহঁতৰ পৰা প্ৰশংসা বুটলিছিলো, শ্ৰেণী মন্ত্ৰী হৈছিলো--- বৰ্গ মন্ত্ৰী হৈছিলো। কেপ্তেইন
হৈ লগৰ বোৰে হাই কাজিয়া কৰিলেই বহীৰ কাগজৰ টুকুৰা এটা ফালি তাত ধবলা ধবল আখৰেৰে সিহঁতৰ
নামবোৰ লিখি হেদ ছাৰক দিছিলো আৰু হেদ ছাৰে বিচাৰৰ শেষত সিহঁতক খউৱ মৰিয়াইছিল। যি দেখি মই বৰ ৰং পাইছিলো।
পানী খোৱা
চুটিত ছোৱালীকেইজনীৰ সৈতে কাবাডী খেলিছিলো, লুকা-ভাকু খেলিছিলো। ৰুমাল দিয়া-দিয়ি খেলিছিলো, খেলত কোনোবাই গ্ৰজো কৰিলে পৰস্পৰে
দুহাতৰ কেঞা আঙুলি লগাই বহুদিনলৈ নমতা নমতি হৈছিলো।
স্কুল ছুটি
হয়,
দৌৰি দৌৰি ঘৰ পাওঁহি গধূলি পঢ়িবলৈ বুলি মায়ে এচাৰিৰে ভয় দেখুওৱাই শুৱাইছিল
অথচ টোপনি ধৰা নাছিল। মা পিছ চোতাললৈ
গ'লেই খেলিবলৈ দৌৰ মাৰিছিলো। ফুটবল খেলিছিলো ৰবাব টেঙাৰ টাং গুটি খেলিছিলো, বাহ কাঠৰ বেট-বলেৰে ক্ৰীকেট খেলিছিলো আৰু তাৰ প্ৰচণ্ড আঘাত পাই কেতিয়াবা
ইনাই-বিনাই কান্দিছিলো। অথচ দেউতাই
দুখ পোৱা ঠাই দোখৰত আৰু মৰিয়াইছিল।
'দেউতা'
বুলি ক'লেই মনত পৰে সেই দিনটোৰ কথা।
এদিন, এদিন নহয়, ঠিক কেইবা দিনো বাৰে বাৰে শিকোৱাৰ পিছতো মই
কুঁহিপাঠৰ যুক্তাক্ষৰ কেইটা ফুটাব পৰা নাছিলো। দেউতাৰ খুউৱ
খং উঠিছিল বোধহয়। খঙতে পৰ্দা অৰা শকত মাৰি ডালেৰেই মই
পঢ়া সৰু,
চাপৰ টেবুলখনতে পছন্দ কোব এটা মাৰি দিলে। সেইদিনাৰ পৰাই মই.....। অথচ টেবুলখনত
এতিয়াও দেউতাৰ খঙৰ চিনটো জিলিকি আছে। মই কেতিয়াবা
টেবুলখনৰ সেই দগমগীয়া দাগটো মনে মনে চুই চাওঁ আৰু এক অনামী শিহৰণত কঁপিও উঠো।
(ছয়)
এদিন কলেজত
ভৰি থ'লোহি।
আঃ! কি উত্তাপ--- কি এক মিঠা শিহৰণ দুচকুৰ জোনাকত সেউজীয়া
সপোনৰ ভিৰ গোপন বহীত জোনাকী আখৰেৰে লিখা প্ৰেমৰ পদ্য চুলিটাৰীত যৌৱনৰ অংক।
প্ৰেমৰ বাবে--- এক মৃদু উত্তাপেৰে বুকুখন উমাই তুলিবৰ বাবে....। কিমান আবেগ, কিমান সপোন, কিমান কল্পনা, কিমান.....।
ভবা নাছিলো--- মোৰ বুকুখনো উত্তাপৰ লক্ষ্য হ'ব, সপোনৰ বাগিছাত
হালধীয়া হৈ হৈ এদিন এফুলনি ফুল ফুলিব আৰু তাৰ সৌৰভে মোক তীয়াই পেলাব। অভ্যন্তৰলৈকে। সেয়ে মই
কবিতা লিখিছিলো এদিন--- প্ৰেমৰ দীঘল--- দীঘল চিঠি লিখিছিলো আৰু.....।
বৰষুণ আহিছিল
তেতিয়া বৰষুণ, এজাক সেউজীয়া বৰষুণ, এজাক গোপন বৰষুণ,
শীতল বৰষুণ। মই সেই বৰষুণ
জাকতেই তিতি আছিলো--- মোৰ চকুজুৰি তিতিছিল। মোৰ নাকৰ
পাহি আৰু হাতৰ লাহি আঙুলিকেইটা তিতিছিল--- মোৰ উশাহ তিতিছিল আৰু মই....। মই ক্ৰমশ অভ্যন্তৰলৈকে তিতি গৈছিলো। আৰু সপোনৰ
ৰাগিৰে উন্মনা হৈ প্ৰেমৰ কবিতা লিখিছিলো। প্ৰেমৰ উপন্যাসবোৰ
পঢ়ি পঢ়ি ৰাতিবোৰ উজাগৰে পাৰ কৰিছিলো।
মই আকৌ এজাক
বৰষুণ হোৱাতো মনে-প্ৰাণে বিচাৰো, আকৌ এবাৰৰ বাবে বৰষুণ জাকৰ
সেউজীয়া পানীৰে অভ্যন্তৰলৈ তিতা যাব খোজো। মই আকৌ এবাৰ
তিতি যাব খোজো--- আকৌ এবাৰ....।
অব্যক্ত
:
কৰবী কলিতা
:
কি হ'ল ৰিমি? শ্বপিং কৰি অহাৰ পৰাই মন কৰিছো তুমি যেন
কিবা কথাত আপচেট হৈ আছা।
ড্ৰেচিং আইনাৰ সন্মুখত বহি চুলি
ফনিয়াই থকা মোৰ নৱ-বিবাহিতা পত্নী ৰৈ গ'ল মোৰ কথাত।
: নাই। তেনেকুৱা একো কথা নাই।
: কিবা
এটাটো আছে। কোৱা
মোক।
: শ্বপিং
মলত তোমাৰ হাতত ধৰা ছোৱালীজনী কোন? তোমালৈ কি আকুল চাৱনি
তাইৰ।
: অহহ
কথাটো মানে সেইটোহে। তাৰ
বাবে মোৰ মৰমৰ ৰিমিজনী অভিমান কৰি আছে।
ৰিমিৰ দুবাহুত ধৰি বিচনাখনতে বহাই
দিলো। দুয়োটা
মুখামুখিকৈ বহিলো।
: শুনা
তেন্তে তাই কোন।
বহুতদিন
শিৱসাগৰৰলৈ যোৱা নাছিলো। শিৱসাগৰৰ
পৰা অলপ নিলগত আমাৰ পুৰণা ঘৰ। স্নাতক
চূড়ান্ত পৰীক্ষা দি শিৱসাগৰলৈ ওলালো বাৰ লগত। তায়ো যাওঁ যাওঁ কৈ আছিল। দুদিনৰ বাবে গৈ এসপ্তাহ থাকিলো। গাঁৱৰ
মনোমোহা প্ৰাকৃতিক পৰিৱেশে আমাক মুগ্ধ কৰি পেলাইছিল। বৰদেউতাৰ ল'ৰা
বিতুলৰ লগত মই গোটেই খন পিটপিটাই ফুৰিছিলো। সি মোতকৈ দুবছৰ সৰু। তথাপিও আমি দুটা বন্ধুৰ দৰে।
: অ নিলয়
দা আজি আবেলি এফালে যাম ওলাবা।
ঘৰলৈ ঘূৰি অহাৰ আগদিনা দুপৰীয়া
ভাতৰ মজিয়াত বিতুলে মোক ক'লে।
: ক'ত
নো !
:
মই লৈ যাম নহয়। তুমি ৩
বজাত সাজু হৈ থাকিবা।
: হ'ব
দে।
আবেলি ৩ বজাৰ লগে লগে আমি দুয়োটাই চাইকেল লৈ
ওলালো। মই সৰু
খুৰাৰ চাইকেলখন ল'লো। ২ কিমি মান চাইকেল চলোৱাৰ পিছত বিল এখন
পালোহি। তাতে
বিতুলে ফাঁচি জাল এখন পাতি থৈছিল। জাকে
জাকে মাছ। বিতুলে চাইকেলৰ কেৰিয়াৰ বান্ধি অনা মোনাটোত জালত লগা
মাছখিনি দুয়োটাই ভৰালো। মোৰ
আনন্দৰ সীমা নাইকিয়া হ'ল। মহানগৰীত ক'ত
এইদৰে মাছ ধৰিবলৈ পোৱা যায় ! সৰুতে গাঁৱত আহোতেই যি ধৰা। মাছ ধৰাত যিটো আমেজ লুকাই থাকে টাউনৰ ল'ৰাবোৰে
ক'ত বুজি পাব ! লগৰ বোৰক দেখাবলৈ বুলি দুখন মান চেলফিও লৈ থ'লো। আকৌ আগৰ
জেগাতে জালখন পাতি থৈ দুয়োটা ঘৰমুৱা হ'লো।
: নিলয় দা
অলপ আগত আমাৰ মাহীৰ ঘৰ আছে ব'লা সোমাই যাওঁ।
: ৰাতি হ'বগৈ
নেকি বিতুল। বৰদেউতাই
খং কৰিব দেৰি হ'লে।
: বেচি
দেৰি নকৰো। চাহ
একাপ খাই যাওঁ। মাহীয়ে
বৰ ধুনীয়া চাহ বনায়। লগত
অমলেট। ডিঙিটো
শুকাই গৈছে।
: কানীয়া। ব'ল।
মই ব'ল
বুলি কোৱাৰ লগে লগে তাৰ মুখত হাঁহি এটা বিৰিঙি উঠিল। বাঁহৰ বেৰত মাটিৰে লেপা ঘৰ এটাত সোমালো। বিতুলৰ মাহীয়েকে গোহালিত গৰু বান্ধি আছিল। আমাক দেখি আমাৰ ওচৰ চাপিল। মোক দেখি অলপ আচৰিতো হ'ল। বিতুলে মোক চিনাকি কৰাই দিলে। আমি হাত-মুখ ধুই আহো মানে মাহীয়ে চাহ আৰু
অমলেট বনায় আনিলে। মাহীৰ
পিছে পিছে বঁটা এটাত তামোল লৈ ছোৱালী এজনী।
সেন্দুৰত
মাখন মিলোৱাৰ দৰে চেহেৰা তাইৰ। ভগৱানে
তাইক সুন্দৰী বনোৱাত অলপো কৃপণালী কৰা নাই ছাগে। ইমান ধুনীয়া ছোৱালী জীৱনত মই প্ৰথম
দেখিলো। সৰুতে
আইতাৰ মুখত শুনা সাধুৰ ৰাজকুমাৰী জনীহে যেন মোৰ সন্মুখত থিয় হৈ আছে।
: নিলয় দা চাহ খোৱা।
বিতুলৰ মাততহে বাস্তৱলৈ ঘূৰি
আহিলো। কিমান
সময় একেথৰে ছোৱালীজনীলৈ চাই আছিলো গমেই নাপালো। চেহ ছোৱালী জনীয়ে বাৰু মোক কি ভাৱিছে !
বৰ লাজ পালো। তলমূৰ
কৰি খৰধৰকৈ চাহ কাপ খাই ওলাই আহিলো। বাহিৰতহে
ভালকৈ উশাহটো লৈছোহি।
: ছোৱালীজনী
কোন অ বিতুল ?
:
অহ সেই তামোল দিয়া ছোৱালীজনীৰ কথা সুধিছা নেকি?
:
অ
:
তাই মোৰ মাহীৰ বৰজনাকৰ ছোৱালী মণি। বৰ ভাল
ছোৱালী। সব ফালে
চোকা। তাই
নজনা একো কামেই নাই। কিন্তু
…
:
কিন্তু কি?
চাইকেলৰ পেডেল ঘূৰাব এৰি ৰৈ দিলো মই। সিয়ো ৰ'ল।
: তাই কথা
ক'ব নোৱাৰে। আৰু
কাণেৰেও কম শুনে।
মোৰ ভৰিৰ তলৰ মাটিখিনি নাইকিয়া
হোৱা যেন লাগিল। কথমপিহে
চাইকেলখনত ভেঁজা দি ৰ'লো। ইমান অপৰূপা সুন্দৰী ছোৱালীজনীয়ে কথা ক'ব
নোৱাৰে। ভাবিবলৈয়ো
সত নগ'ল মোৰ। কোনোমতেহে
আহি ঘৰ পালোহি। আহিয়ে
শুই পৰিলো। কেনেকৈ
সম্ভৱ এইটো ! ভাবিব নোৱাৰা হ'লো। তাইৰ মুখখনে মোক আমনি কৰি থাকিল। গোটেই ৰাতি বিচনাত চটফটাই থাকিলো। ভগৱানৰ ওপৰতো খং উঠিল বহুত। সকলো দিয়াৰ পিছত তাইৰ মাতটো কিয় নিদিলে !
পিছদিনা ৰাতিপুৱা ঘৰলৈ আহিলো। কিন্তু বহুদিনলৈ মণিৰ মুখখন মই পাহৰিব
পৰা নাছিলো। প্ৰেছৰ
চাকৰিত সোমোৱাৰ পিছত লাহে লাহে মোৰ ব্যস্ততা বাঢ়িল। আৰু মণিৰ কথাও পাহৰি পেলালো। কিন্তু দুবছৰ পিছত আইতা ঢুকোৱাত পুনৰ
শিৱসাগৰলৈ গৈছিলো। বিতুলৰ
মাহীয়েকক তাত দেখি চাৎকৈ মণিৰ কথা মনত পৰিল।
বিতুলক
একাষৰীয়াকৈ মাতি নি সুধিলো,
:
ঐ বিতুল মাহীঘৰত যে ছোৱালীজনী লগ পাইছিলো।
: কোন
ছোৱালী অ !
:
কিয় তই আৰু মই মাছ ধৰিব যাওঁতে সোমাইছিলো যে। তাত মাত নুফুটা ছোৱালীজনী লগ পাইছিলো মণি।
: অহ মণিৰ
কথা সুধিছা? তাইৰ লগত বৰ বেয়া ঘটনা এটা ঘটিল নহয়। তাই আজিকালি ঘৰৰ পৰা ক'তো
নোলায়।
মোৰ বুকুখন কঁপি উঠিল।
: ক চোন
কি হ'ল তাইৰ লগত !
জোখতকৈ বেচিকৈ চিঞৰি উঠিলো মই।
: পিছত ক'ম
দিয়া। এতিয়া
বহুত কাম আছে মোৰ।
সি আঁতৰি গ'ল। মোৰ ৰৈ থকাৰ ধৰ্য্য নাছিল। তাৰ পিছে পিছে গ'লো।
: ক না কি
হ'ল ! নক'লে মই শান্তি নাপাম।
: তুমি বৰ
অদৰকাৰী কথা কিছুমানত লাগি থাকা অ নিলয় দা।
: মই জানো
মোৰ বাবে কি দৰকাৰী আৰু কি অদৰকাৰী। এতিয়াই
ক সকলো।
পুখুৰী পাৰত থকা চাং খনতে বহিলো
দুয়োটা। সি কৈ গ'ল।
: তাই
দেখাত ধুনীয়া হোৱাটোৱেই তাইৰ বাবে কাল হ'ল। অ এন জি চিত চাকৰি কৰা ল'ৰা
এজনে তাইক দেখি পছন্দ কৰিলে। মাত
নুফুটিলেও দেখাত ধুনীয়া হোৱাৰ বাবেই তাইক
বিয়া কৰাম ক'লে। তাৰ
চলাহী কথাত সকলো ভোল গ'ল। সকলোৱে তাক বিশ্বাসত ল'লে। ভগৱানৰ দৰে পুজিলে তাক। কাৰণ মাত নুফুটা ছোৱালীজনীক যে বিয়া
কৰাবলৈ সি আগবাঢ়ি আহিল। তায়ো
বহুত সুখী হ'ল। তাইৰ
বুকুতো প্ৰেমৰ খৰিকাজাই ফুলি উঠিল। তাৰ মৰম পাই তাইৰ হিয়া আনন্দৰে নধৰা হ'ল। তাক লৈ সপোন দেখিবলৈ ল'লে
তাই। দেহ-মন
সমস্ত খপি দিলে মণিয়ে তাক। সি
প্ৰায়ে সিঁহতৰ ঘৰলৈ আহে। বিয়াৰ
তাৰিখো ঠিক কৰা হ'ল। হঠাৎ এদিন মণি মূৰ ঘূৰাই পৰি গ'ল। দুৰ্ৱল হৈ পৰিল। ডাক্তৰে ক'লে তাইৰ দুমাহৰ
অন্তঃসন্তা। মাক
দেউতাকৰ মূৰত যেন সৰগ হে ভাগি পৰিল। বিয়াৰ
আগতে এইবোৰ হ'লে সমাজে তেওঁলোকক এঘৰীয়া কৰিব। মণিক
মনে মনে এবৰচন কৰাই দিয়া হ'ল। ল'ৰাজনে তাইৰ চৰিত্ৰৰ দোষ
দি অন্য ল'ৰাৰ লগত সম্পৰ্ক আছে বুলি বিয়া ভাঙিলে। তাইৰ কন্দাৰ বাহিৰে অন্য একো কৰিব
নোৱাৰিলে। সেইদিন
ধৰি তাই নিজকে ঘৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ কৰি ৰাখিছে। দুখ আচলতে সেই লম্পটটোৰে আছিল। তাই তাক একো কৰিব নিদিয়াতহে সকলো চুপ
থাকিল। নহ'লে…
গৰজি উঠিল বিতুল। সি কঁপিছে খঙত। মোৰো চকু ৰঙা হৈ পৰিল। হাতৰ মুঠি টান হৈ আহিল। নাকৰ পাহি ফুলি উঠিল। এই পাষণ্ডবোৰে আৰু কিমান সহজ সৰল নাৰীক
প্ৰেমৰ নামত প্ৰতাৰণা কৰিব ! কেতিয়া হ'ব, কোনে
দিব ইঁহতক উচিত শাস্তি ! আজিও সেইটো যেন
এটা উত্তৰবিহীন প্ৰশ্ন !! মণিৰ বুকুৰ
বেদনাখিনি উপলব্ধি কৰি শিয়ৰি উঠিলো মই। মই তাইৰ বাবে কিবা এটা কৰিব লাগিব। এইদৰে এজনী সুন্দৰী গাভৰু ছোৱালীক ঘৰৰ
ভিতৰতে তিল তিলকৈ মৰিবলৈ থেলি দিব নোৱাৰো।
মই
তাইক লগ কৰিম। তেতিয়াহে
মনটো অলপ পাতল যেন লাগিল। আৰু
সিদিনা তাইক লগ কৰি তাইৰ মাক দেউতাকৰ লগত কথা পাতি পিছদিনা আমাৰ লগতে তাইক
গুৱাহাটীলৈ লৈ আহিলো। দুদিন
মান আমাৰ ঘৰত থকাৰ পিছত আমাৰ প্ৰেছত কাম কৰা অকলশৰীয়া ৰাণু বাইদেউৰ লগতে ৰাখিলো
তাইক। আৰু
লেডিছ ট্ৰেইলাৰ এখনত সোমোৱাই দিলো। তোমাৰ
জোৰোণত দিয়া দুযোৰ মান কাপোৰ মণিয়ে ডিজাইন কৰা। ভাল কাপোৰ বনাই বুলি তাইৰ নাম এটাও হৈছে।
: মোক
তাইক আকৌ এবাৰ লগ কৰাই দিয়া নিলয়। মোৰ বুটিকতে
তাইক ৰাখিম।
চলচলিয়া চকুৰে মোৰ ডিজাইনাৰ পত্নী ৰিমিয়ে
ক'লে। ৰিমিক বুকুৰ
মাজলৈ চপাই আনিলো। মোৰ মুখত সুখৰ হাঁহি এটিয়ে খেলা কৰিলেহি।