সৃষ্টিৰ আঁৰৰ কথা



বেটুপাত পৰিয়াললৈ আপোনাসৱক স্বাগতম জনাইছোঁ।

        বেটুপাত এখন অসমীয়া মাহেকীয়া ই-আলোচনী। কোনো জাতি বা সমাজৰ ভাষা, কলা-সংস্কৃতি, শিক্ষা-দীক্ষা, মানসিক বিকাশ তথা সৌন্দৰ্যবোধ আদিৰ সম্যক পৰিচয় লাভ কৰিব পাৰি সেই জাতি বা সমাজৰ সাহিত্যৰ মাজেদি। সেয়ে সাহিত্যক এক প্ৰকাৰৰ সমাজৰ দাপোনস্বৰূপ বুলি ক'ব পাৰি। মানুহৰ জীৱন আৰু জগত সম্পৰ্কে বোধ জন্মায় সাহিত্যই। কেৱল লেখকৰ দ্বাৰা সাহিত্য সৃষ্টি নহয়।সাহিত্যই জীৱন পায় লেখক আৰু পাঠকৰ ঘনিষ্ঠ সম্পৰ্কত।

        ব্যস্ততাপূৰ্ণ জীৱনত আমি কিতাপ পঢ়াৰ মানসিকতা তথা অৱকাশ হেৰুৱাই পেলাইছো। ইয়াৰ পৰিৱৰ্তে ইণ্টাৰনেটত বিভিন্ন ছোচিয়েল চাইট সমূহৰ মাজেৰেই পাৰ কৰিছো আমি আমাৰ দৈনন্দিন জীৱন। এনে এক জটিল পৰিস্থিতিত অসমীয়া সাহিত্য চৰ্চাৰ অন্য এক ব্যতিক্ৰমী মঞ্চ হিচাপে বেটুপাত নামৰ এই অসমীয়া ভাষা সাহিত্যৰ ই-আলোচনী খনৰ জন্ম। যত ডিজিটেল জগতখনৰ জৰিয়তেই অসমীয়া ভাষা-সাহিত্যক আৰু এখোপ আগুৱাই নিবলৈ চেষ্টা কৰা হৈছে। এই যাত্ৰা পথত আপোনাসৱৰ সহায়-সহযোগিতা তথা দিহা পৰামৰ্শ শ্ৰদ্ধাৰে কামনা কৰিলোঁ।