বাটচ'ৰা





বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা, মাৰ্চ- ২০১৮

পলমকৈ হ'লেও বেটুপাতৰ দ্বিতীয় বৰ্ষৰ এয়া সপ্তম সংখ্যা আপোনালোকৰ হাতত আগবঢ়ালোঁ, ভাল-বেয়া বিবেচনা কৰাৰ দায়িত্বও আপোনালোকৰ হাততেই এৰিলোঁ। লগতে জনাবলৈ পায় সুখী হৈছো যে আগন্তুক কেইটামান মাহৰ ভিতৰত বেটুপাতক আৰু অধিক আকৰ্ষণীয় ৰূপত সজোৱাৰ লগতে কিছু নতুন শিতান তথা নতুন লেখাৰ সমাহাৰেৰে লৈ আহিম আপোনালোকৰ মাজলৈ। এক কথাত এখন নতুন বেটুপাত লৈ আহিম অতিশীঘ্ৰেই। তেতিয়ালৈ ধৈৰ্য ধৰক লগতে আমাৰ ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দি আগুৱাই যোৱাত সহায় কৰক।

                     ধন্যবাদেৰে,
                             সম্পাদক, বেটুপাত।


****************

দ্বিতীয় বৰ্ষষষ্ঠ সংখ্যাফেব্ৰুৱাৰী- ২০১৮

স্বাগতম প্ৰিয় ফাগুন

ফাগুন মানে তুমি 
তুমি মানেই ফাগুন
এজাক পচোৱা বতাহৰ নাম ফাগুন
তোমাৰ চঞ্চল হাঁহিটোৰ নাম ফাগুন
উম ফাগুন আহিছে
তোমাৰ হাঁহিৰ লহৰে লহৰে...
ফাগুন আহিছে মেঘালী চুলিৰ ফাকেৰে...
ঠন ধৰি উঠিছে ফাগুন
কবিতাৰ উঠন বুকুত...


     ফাগুন মানে এক হেঁপাহ। ধূলিময় বতাহৰ মাজতো আছে অন্য এক মাদকতা! ফাগুন মানেই কবিতা, ফাগুন মানেই গান, ফাগুন মানেই ৰঙৰ উত্সৱ ফাকুৱা, ফাগুন মানেই প্ৰিয়জনৰ লগত প্ৰাণ ভৰি কথা পতাৰ সময়.........! শুকান হ'ব পাৰে ফাগুনৰ উঠন বুকুৰ ভাঁজবোৰ কিন্তু ফাগুন ৰঙীন! আৰু সেইবাবেই কবিৰ বাবে ফাগুন প্ৰিয়জনৰ উষ্ম শৰীৰ ও এটি আধালিখা কবিতা!
-তৃষ্ণা দাস

সম্পাদক, বেটুপাত।


***********************

বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

মোদী চৰকাৰৰ 'বেটী বচাওঁ, বেটী পঢ়াওঁ'

-তৃষ্ণা দাস

সম্পাদক, বেটুপাত।

        ২০১৫ চনৰ ২২ জানুৱাৰী তাৰিখে হাৰিয়ানাৰ পানীপট নামৰ ঠাইত পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সহযোগত এই আঁচনি গঢ় লৈ উঠে। ইয়াক কাৰ্যকৰী কৰাৰ উদ্দেশ্যি বহুতো সংস্থা আগবাঢ়ি আহিছে যদিও মূলতঃ তিনিটা সংস্থাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উক্ত সংস্থাকেইটা ক্ৰমে- (i) Women and Child Development, (ii) Ministry of Health and Family Welfare, (iii) Ministry of Human Resource.
         যিসমূহ জিলাত এতিয়াও লিংগৰ অৰ্থাৎ ল'ৰা-ছোৱালীৰ অনুপাত সমান নহয় তেনে ১০০খন জিলাত ইয়াৰ আৰম্ভণি হয়। পিছপৰা ঠাইসমূহৰ কন্যাসন্তান সমূহৰ বিকাশ সাধন কৰাই হৈছে এই আঁচনিৰ মূল লক্ষ্য। ইয়াৰ বাবদ জিলাসমূহক ৫ লাখকৈ টকা দিয়া হয়। যাতে কন্যাসন্তান সমূহৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়।
          সাম্প্ৰতিক সময়ত এই আঁচনিখনৰ গুৰুত্ব অধিক; জনসাধাৰণৰ মাজত সজাগতা আনিবলৈও সফল হৈছে। ল'ৰা-ছোৱালীৰ মাজত কোনোধৰণৰ বৈষম্য নোহোৱা হৈছে যদিও বিশেষকৈ মধ্যপ্ৰদেশ, গুজৰাট আৰু হাৰিয়ানাতহে ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিমাণে দেখা পোৱা যায়। আন ৰাজ্যৰ প্ৰসংগ এৰি যদি আমি অসমৰ কথাই চাওঁ, এতিয়াও ইয়াত কন্যাসন্তান নিৰাপদ হৈ উঠা নাই। আমি আশা কৰিম, অনাগত দিনবোৰত এই আঁচনিখন আৰু অধিকভাবে সফল কৰাৰ কাৰণে কেন্দীয় ও ৰাজ্য চৰকাৰ উভয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। মোদী চৰকাৰৰ 'বেটি বচাওঁ, বেটি পঢ়াওঁ' সঁচাকৈয়ে এখন লেখত ল'বলগীয়া ও সমাজৰ হিতৰ হকে ৰূপায়ণ কৰা প্ৰশংসনীয় আঁচনি। আগলৈ ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত গাফিলতি কৰি থকা কৰ্মকৰ্তাসকলক লৈ সজাগ হৈ কাম কৰিলেই এই আঁচনি সফলভাবে কাৰ্যকৰী হৈ উঠিব বুলি আমি ভাবো।

*********************

বেটুপাতদ্বিতীয় বৰ্ষচতুৰ্থ সংখ্যাডিচেম্বৰ-২০১৭


বহু অপেক্ষাৰ অন্তত অৱশেষত বেটুপাতৰ দ্বিতীয় বৰ্ষৰ চতুৰ্থ তথা ডিচেম্বৰ সংখ্যা প্ৰকাশ পালে। পলমকৈ প্ৰকাশ কৰিবলগা হোৱাৰ বাবে আমি সমূহ পঢ়ুৱৈৰ ওচৰত ক্ষমা মাগিছোঁ।
    
     আঘোণ মাহ। পথাৰ সোণোৱালী। বছৰৰ এই দিনকেইটাতেই কুঁৱলীয়ে ঢাকি ৰাখে সেউজী ধৰণী। কাৰোবাৰ ভঁৰাল ভৰ্ত্তি আৰু আন কাৰোবাৰ উদং। চাবলৈ গ'লে সুখ-দুখ ইয়াৰ মাজতেইতো জীৱনৰ প্ৰকৃত সোৱাদ লুকাই থাকে।

       আশা কৰিছোঁ ২০১৭ বৰ্ষৰ এই শেষৰ মাহটো আটাইৰে ভালে-কুশলে পাৰ হ'ব লগতে অনাগত ২০১৮ বৰ্ষই সকলোৰে জীৱনলৈ সুখ-শান্তি-সমৃদ্ধি কঢ়িয়াই আনিব বুলিও আমি আশাবাদী।
ধন্যবাদেৰে,
তৃষ্ণা দাস,
সম্পাদক, বেটুপাত।


*********



      বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭


মুক্ত চিন্তা

          এটা কথা ভাবি আচৰিত হৈ পৰোঁ-- আমাৰ অসমৰ নিউজ চেনেল কেইটাৰ বাৰু সঁচাকৈয়ে বাতৰিৰ অভাৱনে? কি চলিছে বুজি নাপাওঁ! ছোচিয়েল মেডিয়াৰ সৰু সৰু বিষয়, ধেমেলীয়া সুৰৰ কথাও গৈ হেডলাইন হৈ যোৱা হৈছে চকুৰ পচাৰতে!
      আমাৰ ৰাজ্যত এতিয়াও বহুত এনেকুৱা বাতৰি আছে যিবোৰ কোনো নিউজ চেনেলে ঢুকি পোৱা নাই বা সেইবোৰ দেখুৱাবলৈও চেষ্টা কৰা হোৱা নাই! কি কৰিব নোৱাৰে নিউজ চেনেল বোৰে, আপোনালোকে যদি উঠি পৰি লাগে তেন্তে অতি কম সময়ৰ ভিতৰত সত্যক দাঙি ধৰিব পাৰে, সৰ্বসাধাৰণক ন্যায় প্ৰদান কৰিব পাৰে। কিছুমান এনেকুৱা বিষয়ক ফেচবুকৰ পৰা নি সম্প্ৰচাৰ কৰিব কিয় লাগে যিবোৰে আমাৰ সৰ্বসাধাৰণ ৰাইজ (যিসকলে ফেচবুকৰ বিষয়ে অজ্ঞাত) তথা উঠি অহা চামটোলৈ ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰে!! ভালবোৰো কৰক চোন তাৰ লগে লগে, 'চিয়েল মেডিয়াত বেয়াৰ লগতে ভাল কামোতো হৈ আছে বহুত। সেইবোৰো দেখুওৱাক তাৰ লগে লগে; যাতে আগলৈ অভিভাৱকৰ অজ্ঞাতে ফেচবুক/হোৱাটচ্এপ একাউন্ট খুলিব নালাগে কোনেও!!!
        ভাবিলে দুখ লাগে ভাৰতবৰ্ষত চিনেমাতহে সকলোবোৰ হয়-- সত্য উদঘাটন কৰা, ন্যায় প্ৰদান কৰা, মানুহৰ চিন্তা-ভাৱনাৰ পৰিৱৰ্তন ঘটোৱা, দেশৰ অৰ্থনৈতিক বিকাশ সাধনৰ বাবে বিভিন্ন ব্যৱসায় আৰম্ভ কৰা, কেৱল চিনেমাতহে হয় ছ'চিয়েল মেডিয়াৰ দ্বাৰা নৱজাগৰণৰ সৃষ্টি!!!! যদি চিনেমাবোৰ সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ কৰিব পাৰে, তেন্তে বাস্তৱ জীৱনত আমি কিয় তাৰ এক অংশও অনুসৰণ কৰিব নোৱাৰো?!! তাৰ ভাল ভাল ধাৰণাবোৰ লৈ কিয় দৈনন্দিন জীৱনত খটুৱাব নোৱাৰো?!!
       আমি কোৱা নাই যে আমাৰ নিউজ চেনেল সমূহে ভাল বাতৰি তথা ভাল বিষয়ৰ ওপৰত আলোচনাই কৰা নাই! কৰিছে, তেওঁলোকে ক্ষুপ্ত প্ৰতিভাবোৰক দাঙি ধৰিবলৈ এখন মঞ্চ দিছে লগতে আৰু বহুতো সমাজৰ উন্নয়ণমূলক কাম কৰিছে, ইয়াৰ বাবে আমি শলাগ লৈছোঁ তেওঁলোকৰ। আকৌ তাৰ পৰিৱৰ্তে ফেচবুকৰ সৰু সৰু কথাক অৰ্থাৎ তিলকে তাল কৰি যি দেখাই আছে বাতৰি হিচাপে তাৰ বাবে তীব্ৰ গৰিহণাও দিছোঁ! বেয়াবোৰ দেখুওৱাক কাৰণ সেইবোৰো জনা উচিত ৰাইজে, লগতে ভালবোৰো দেখুৱাব চোন। যিহেতু সৱ বস্তুৰে ভাল-বেয়া দুয়োটা দিশেই আছে!

       আমি জানোঁ নিউজ চেনেল চলিবলৈ হ'লে টি.আৰ.পি. লাগিবই, তথাপিও অনুৰোধ-- এশ বাৰ নালাগে মাত্ৰ এবাৰ ধনাত্মক, ঋণাত্মক দুয়োটা দিশেই ভাবিব বাতৰি এটা সম্প্ৰচাৰ কৰাৰ আগমূহুৰ্তত।
- তৃষ্ণা দাস
সম্পাদক, বেটুপাত
                      @@@@@@@

    বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭   
    প্ৰত্যেকটো মাহেই অসমীয়া সকলৰ বাবে অতি আৱশ্যকীয়। প্ৰতিটো মাহেই আমাৰ বাবে উত্সৱ কঢ়িয়াই আনে। সেয়া ভোগৰ উত্সৱে হওঁক বা ৰঙৰ উত্সৱেই হওঁক। শৰত্ আৰু শীতৰ সন্ধিক্ষণতেই পালন কৰা হয় কাতি বিহু। এই চেগতে আটাইকে আগন্তুক কাতি বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। শৰতৰ বিয়লি বেলাত শীতৰ আগমন ঘটে। সেউজীয়া পথাৰবোৰ লাহে লাহে সোণোৱালী হ'ব ধৰে। পৰম্পৰাগতভাবে লক্ষ্মীদেৱীক আদৰাৰ আয়োজন কৰা হয় এই বিহুৰ জৰিয়তে। এই সময়খিনিত মানুহৰ ভঁৰাল উদং, শাক-পাচলিৰ যথেষ্ট অভাৱ হোৱা দেখা যায়। সেইবাবেই মানুহবোৰৰ মন সেমেকি থাকে। ৰং-ৰইচ নোহোৱা হয়। তথাপিও ভগৱানৰ নাম কীৰ্ত্তন কৰে, পথাৰত আকাশ বন্তি জ্বলাই, ঘৰে ঘৰে তুলসীৰ তলত চাকি-বন্তি দি সকলো দিশৰ মংগল কামনা কৰে। ইঘৰে সিঘৰৰ তাত গৈ নৈবদ্যৰ ভাগ লয়। কিন্তু বৰ্তমান সময়ত এয়াও যেন লোপ পাবলৈ ধৰিছে। মাটিৰ চাকিৰ পৰিৱৰ্তে আজিকালি ব্যৱহাৰ কৰা হয় ভিন্ন প্ৰকাৰৰ ৰং চঙীয়া লাইট। পথাৰত আকাশবন্তি জ্বলাব যাবলৈ সময় নাথাকে ডেকা-গাভৰুৰ। আজি যেন ছোচিয়েল মেডিয়াৰ Wish you very happy Kongali bihu, Rangali bihu আদি জাতীয় কথা কিছুমানতে সীমাবদ্ধ আমাৰ সাতামপুৰুষীয়া পৰম্পৰাসমূহ। উত্সৱ মানেই যেন ভিন্ন প্ৰকাৰৰ ফাংচন, হৈ-হাল্লা ইত্যাদি। ইয়াৰ বাবে দায়ী কোন? চাবলৈ গ'লে কম বেছি পৰিমাণে বুঢ়া-ডেকা সকলো। ডেকাবোৰৰ শিকাৰ আগ্ৰহ, জনাৰ আগ্ৰহ নাই আৰু তাৰ বিপৰীতে বয়সীয়ালসকলৰো শিকোৱাৰ ইচ্ছা থকা যেন নালাগে। তথাপিও আমি একাংশই হ'লেও নিষ্ঠাৰে পালন কৰি আহিছো আমাৰ আটাইবোৰ উত্সৱ। পৰম্পৰা বৰ্তাই ৰাখি এইবেলিও উলহ-মালহেৰে কাতি বিহু উদযাপন কৰা হ'ব।
ধন্যবাদেৰে,

-তৃষ্ণা দাস
সম্পাদক, বেটুপাত
-----------------------

বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

ভাল লগা সময়

এদিন দুদিনকৈ বছৰবোৰ বাগৰি গল।

প্ৰতিটো মূহুৰ্তই আমাক নতুন নতুন কথা শিকাই যায়। প্ৰতিটো দিনেই আমাৰ বাবে মহত্বপূৰ্ণ হৈ ৰয়। কেতিয়াবা যদি বেদনাৰ বাবে, কেতিয়াবা সুখৰ বাবে। এই সুখ-দুখৰ মাজতেই গতানুগতিকভাবে জীৱন আগবাঢ়ি যায়। তাৰ ভিতৰত কিছুমান দিনৰ স্মৃতি বিশেষভাবে সজীৱ হৈ ৰৈ যায়। ঠিক তেনেদৰে এই মাহটোৰ ৫ ছেপ্টেম্বৰ দিনটো অতি গুৰুত্বপূৰ্ণ তথা স্মৰণীয় দিন হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীন ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ড. সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে। এই মহান শিক্ষক, দাৰ্শনিক, পণ্ডিত গৰাকীৰ বিষয়ে আমি সকলোৱে জ্ঞাততেখেতৰ এই জন্মদিনটোৰ জৰিয়তে আমি আমাৰ সকলো শিক্ষাগুৰুক কৃতজ্ঞতা আৰু সন্মান দিবৰ কাৰণে প্ৰতিবছৰে চেষ্টা কৰি আহিছোঁ। এইচেগতে মই সকলো শিক্ষাগুৰুলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।

     বৰ্ষা গুচি লাহেকৈ শৰতে ভূমুকি মাৰিছে। পদূলি মুখৰ শেৱালি আৰু হাচনাহানাই শৰত অহাৰ আগজাননী দিছে। উখল-মাখল পৰিৱেশ চৌদিশে। প্ৰকৃতিৰ লগতে সমগ্ৰ মানৱজগত শৰতৰ ৰাণীক আদৰাত ব্যস্ত। এইবাৰ হেনো শৰতৰ আৰম্ভণিতে আগমন ঘটিব মা দূৰ্গাৰ। শৰত ঋতুৰ প্ৰথম মাহতে মা দূৰ্গাৰ চৰণ চুব সৌভাগ্য হব সকলোৰে। সেয়ে এতিয়া ব্যস্ত সকলো খনিকৰ। খনিকৰৰ হাতত প্ৰাণ পায় উঠিছে মা দূৰ্গা। আলোক সজ্জাৰে আলোকিত হৈ পৰিছে বিভিন্ন পূজাৰ মণ্ডপবোৰ। কিছু আশা, হাঁহি তথা কিছু আনন্দ যেন শৰতেই কঢ়িয়াই আনে। অভাৱৰ মাজতেই সকলোৱে মুখত হাঁহি লৈ ওলায় আহে মা দূৰ্গাৰ আশীৰ্বাদ লবলৈ। এইখিনিতে, আটাইকে আগন্তুক দূৰ্গা পূজাৰ হিয়া ভৰা ওলগ জনালোঁ।

তৃষ্ণা দাস
সম্পাদক, বেটুপাত

বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭


      ধন্যবাদ অসমবাসী। লগতে ধন্যবাদ সেইসকল লোকলৈও যিসকলে অসমৰ বাহিৰত থকাৰ পিছতো অসমীয়া ভাষাক পাহৰি নগৈ বৰঞ্চ ইয়াৰ আৰু অধিক সম্প্ৰসাৰণ ঘটোৱাত উঠি পৰি লাগিছে আৰু প্ৰতিটো মূহুৰ্তত বেটুপাতৰ উত্তৰোত্তৰ কামনা কৰি আমাক সহায় আগবঢ়াই আহিছে।

  সকলো বাধাক নেওচি আজি বেটুপাতে সফলতাৰে এবছৰ অতিক্ৰম কৰিলে। এইক্ষেত্ৰত বেটুপাতৰ জন্মদাঁতা সকল সদায়ে সাহিত্যানুৰাগী ৰাইজৰ ওচৰত চিৰঋণী। আপোনালোকৰ সহায় অবিহনে হয়তো আজি আমি ইমানখিনি আগুৱাই অহাৰ সাহস নাপালোঁ হেঁতেন। বেটুপাত জন্মৰ পৰাই এখন ন প্ৰতিভাক ৰাইজৰ মাজত দাঙি ধৰা মঞ্চ ৰূপে চিহ্নিত হৈ আহিছে আৰু অনাগত সময়তো এই ধাৰা অব্যাহত থাকিব। আমি সদায়ে আপ্ৰাণ চেষ্টা কৰিম বেটুপাতক আটাইৰে মনোগ্ৰাহী কৰি তুলিবলৈ।

        বৰ্তমানৰ এই ডিজিটেল যুগটোৰ সৈতে খোজত খোজ মিলাই খোজ দিয়াৰ এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস মাথো। আমাৰ ফালৰ পৰা যেনেকৈ নহওঁক বেটুপাতক আটাইতকৈ ভাল বুলি পৰিচিত কৰাবলৈ ১০০ শতাংশই নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছো। ভৱিষ্যতলৈ কৰি যাম।



         আজি পৰ্যন্ত, দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজেৰে সময় অকণ উলিয়াই "বেটুপাত' পঢ়ি ভাল লগা, বেয়া লগাবোৰ আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ আটাইলৈ।

ইতি
তৃষ্ণা দাস,
সম্পাদক, বেটুপাত

বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭


বেটুপাতৰ পঢ়ুৱৈ সকলে যদি লক্ষ্য কৰিছে তেন্তে নিশ্চয় মন কৰিছে ইয়াৰ প্ৰতিটো সংখ্যাত হোৱা পৰিবৰ্তনবোৰ। বেটুপাতক সদায় নতুন কৰাৰ বাবে কষ্ট কৰি আহিছো, ইয়াক অন্য আলোচনীবোৰতকৈ ব্যতিক্ৰম কৰাৰ চেষ্টা চলাই আহিছো সদায়, প্ৰতিটো বিষয়ক সাঙুৰি ল'বলৈ যত্ন কৰি আহিছো। একাষাৰত বেটুপাতক সকলোৰে মাজলৈ লৈ যাব বিচাৰো। কেৱল এটা চামৰ মাজতেই সীমাবদ্ধ নহয় বেটুপাত।

যাহওঁক, প্ৰথম বছৰৰ এই একাদশ তথা জুলাই সংখ্যাটিত পঢ়ুৱৈসকলে পঢ়িবলৈ পাব ভিন্নৰুচী সম্পন্ন লেখা। অম্বুবাচীৰ উৎপত্তিৰ ৰহস্যৰ পৰা ইয়াৰ লোকাচাৰসমূহলৈ, কবি হীৰেণ ভট্টাচাৰ্যৰ জীৱনৰ আংশিক বিৱৰণ, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জীৱনৰ আংশিক বিৱৰণ লগতে সমসাময়িক বিভিন্ন বিষয় সন্নৱিষ্ট কৰা হৈছে এই সংখ্যাত।

জুলাই মাহত বহুকেইটা বিশেষ ঘটনা ঘটি গৈছে ; এইমাহতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ দেহাৱসানো ঘটিছিল। তাৰ ভিতৰত, কবি হীৰেণ ভট্টাচাৰ্য, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, নটসূৰ্য ফণী শৰ্মা, ড. সূৰ্য কুমাৰ ভূঞা, 'ৱেলজয়ী সাহিত্যিক আৰ্নেষ্ট হেমিঙ, কবি শ্যেলী, ৰেডিঅ'ৰ আৱিস্কাৰক মাৰ্কণী আদিৰ মৃত্যু হৈছিল। এইচেগতে এইসকল মহান ব্যক্তিৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।

শেষত, ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিছো সেইসকলৈ যিসকলে প্ৰতিটো মূহুৰ্ততে বেটুপাতৰ উত্তৰোত্তৰ কামনা কৰি সহযোগিতা আগবঢ়াই আহিছে।

ধন্যবাদেৰে,
তৃষ্ণা দাস
সম্পাদক, বেটুপাত