উপন্যাস








বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা, মাৰ্চ- ২০১৮

(ধাৰাবাহিক)

আবেলিৰ হেঙুলীয়া ৰং

            - কৰবী কলিতা

                   (৬)

    একেৰাহে বহু সময় ধৰি কথা কৈ থকাৰ বাবে নিয়ৰৰ ডিঙিটো শুকাই আহিছিল । গিলাচৰ পৰা পানী এঘোট খালে সি । মই তাৰ মুখলৈ চাই আছো তেতিয়াও । নিয়ৰযি মোৰ চৌপাশৰ পৃথিৱীখন ৰঙীন কৰি ৰাখিছে ,সেই নিয়ৰৰ বুকুত থকা জীয়া যন্ত্ৰনা বোৰে মোৰ বুকুখন দহি নিছে । বৰ কষ্ট পাইছো মই নিয়ৰৰ অতীতৰ এটি এটি সংগ্ৰামৰ কথা শুনি । কোনো সময়ত বুকুখনত বৰ জোৰেৰে খুন্দা মাৰি ধৰে । উশাহ ল'বলৈয়ো কষ্ট পোৱা যেন লাগে । 
: নুপূৰ 
: হা ! - নিয়ৰৰ মাততহে মোৰ তন্ময়তা ভাঙিল । মই তাৰ অতীততে বিচৰণ কৰি ফুৰিছিলো তেতিয়াও । 
: সন্ধ্যা লাগিল ,'লা যাওঁ । পিছৰখিনি অন্য এদিন শুনিবা ।
: আন্ধাৰে হ', 'লা তেন্তে । কিন্তু কাইলৈ পুনৰ আহিম । কথাবোৰ শেষ নোহোৱালৈকে মই শান্তি নাপাম । 
: ঠিক আছে । - দুয়ো ওলাই আহিলো ৰেষ্টোৰেন্ট খনৰ পৰা । মই জোৰকৈ নিয়ৰৰ হাতখন ধৰি আহিছো । কিমান যে কষ্ট সহ্য কৰিছে মোৰ সপোন কোঁৱৰ জনে । সকলো দুখ, কষ্টৰ পৰা আঁতৰাই হাতত ধৰি লৈ যাম যেন মই বহুত দূৰলৈ । য'ত থাকিব কেৱল সোণোৱালী সপোনৰ সেউজীয়াৰে ভৰা এসাগৰ সুখ । ইজনে সিজনৰ সাহস হৈ পাৰ কৰিম জীৱনটো । 

         মোক ঘৰৰ সন্মুখত নমাই নিয়ৰ গ'লগৈ । মোৰ মনটো অস্থিৰ হৈ পৰিছে । অলপো শান্তি পোৱা নাই । নিয়ৰৰ কথাবোৰে অশান্ত কৰি তুলিছে মোক । দেউতা তেতিয়াও চেম্বাৰৰ পৰা আহি ঘৰ পোৱাহি নাই । দেউতা এজন নিউৰ'চাৰ্জন । তেওঁৰ নিজৰ চেম্বাৰ আছে,বহুত ব্যস্ত মানুহ দেউতা । মা গৃহিনী , লগতে লেখা-মেলা কৰে । মাক লৈয়ে মোৰ পৃথিৱীখন । সকলো কথা মই মাৰ লগতে ভাগ বতৰা কৰো । অকলশৰীয়া মইজনীৰ প্ৰতিমুৰ্হূতৰ লগৰী মোৰ মা ।
: মা । - কিতাপ এখন মেলি পঢ়ি থকা মাক পিছফালৰ পৰা সাৱতি ধৰিলোগৈ মই ।
: মৌমন( ঘৰত মাতে) তুমি কেতিয়া আহিলা ?
: তুমি যেতিয়া এই উপন্যাসখনৰ মাজত ডুবি চকুপানী মচি আছিলা তেতিয়াই আহিলো । মই আহিও গা-পা ধুই আজৰি । 
: হয় নেকি ! বৰ কৰুণ কাহিনী অ । কিমান যে দুৰ্বিহ জীৱন কটাইছে সৰু ল'ৰাজনে । 
: হয় মা । মানুহৰ জীৱন যে কিমান দুখ , কষ্টৰে পাৰ হয় , কিন্তু তেওঁক দেখিলে ধৰিবই নোৱাৰি ।
: কাৰ কথা ক'লা তুমি ? - মায়ে মোলৈ কৌতুহলেৰে চালে । 
: নিয়ৰৰ কথা মা । বহুত দুখেৰে পাৰ কৰি আহিছে সি জীৱনটোত । তোমাক মই সকলো ক'ম । কিন্তু আজি নহয় , মই সকলো কথা গম পোৱাৰ পিছত । 
: 'ব বাৰু ক'বা । ৰ'বা মই চাহ দুকাপ বনাই আনো । - মা চাহ বনাবলৈ আঁতৰি গ'ল । নিয়ৰক মেচেজ এটা কৰিলো । 
"মই আজীৱন তোমাৰ কাষত থাকিম সোণ , ভালে থাকিবা ।" মেচেজটো কৰি ম'ৱাইলটো অফ কৰি থ'লো, আজি আৰু কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই । মায়ে নিয়ৰ আৰু মোৰ সম্পৰ্কটোৰ কথা জানে , এদিন বজাৰত নিয়ৰক লগ কৰাই দিছিলো । কথা পাতি বৰ ভাল পালে মায়ে । দেউতাই কিন্তু একো নাজানে । সেই কথা গম পালে কি প্ৰতিক্ৰিয়া কৰিব ময়ো নাজানো । দেউতাৰ বাবে এম এ চি পাছ কৰাৰ পিছতো মই এজনী কণমানি ছোৱালী । মাৰ লগত চাহ কাপ খাইৱে ৰুমলৈ আহিলো । আজি আৰু মোৰ ভাত খাবলৈ মন যোৱা নাই । গাৰুটো সাৱতি বিচনাত বাগৰ দিলো ।

            ……………><……………

    বান্ধৱী এজনীৰ বাৰ্থ ডে পাৰ্টী আছিল হোটেল K&N ত । নিমন্ত্ৰণ ৰক্ষা কৰি ময়ো গৈছিলো সেই পাৰ্টীলৈ । বহু ৰাতি হৈছিল , দেউতা চহৰৰ বাহিৰত আছিল মোক নিবলৈ আহিবলৈ । লগৰ প্ৰায়বোৰে ড্ৰিংকচ লৈছিল সেয়ে সিহঁতৰ লগত আহিবলৈ মোৰ অলপ ভয় লগাত হোটেলৰ সন্মুখতে কেবৰ বাবে অপেক্ষা কৰিছিলো । বহু সময় অপেক্ষা কৰিও এখনো কেব নাপালো । সম্ভৱ ইমান ৰাতি কেব চলাচলো বন্ধ হৈ যায় । মাৰ ওপৰা-ওপৰি ফোন দেৰি হোৱাৰ বাবে   
: এক্সকিউচ মি । - মোৰ পিছ ফালৰ অহা মাতটো শুনি মই ঘূৰি চালো । এজন সুদৰ্শন যুৱক । 
: অহহ ইয়েচ । 
: কাৰোবালৈ ৰৈ আছে সম্ভৱ । 
: হয় কেবৰ বাবে । 
: কিন্তু ইমান ৰাতি কেব পাব জানো ! 
: নাজানো !  
: আপোনাৰ ঘৰ ?
: ইয়াৰ পৰা চাৰি কিলোমিটাৰ মান হ'ব । উদয়পুৰত ।
: অহহ আপোনাৰ ঘৰ পাৰ হৈ যাম মই । যদি ইচ্ছা কৰে মোৰ লগত যাব পাৰে ।
: ন থেংকচ । - অচিনাকী মানুহ জনৰ লগত কেনেকৈ যাওঁ ! যিবোৰ হে ঘটনা হৈ আছে পৃথিৱীখনত ! 
: আপুনি মোক বেয়া মানুহ বুলি নাভাবিব । আপোনাৰ দৰে ঘৰত মোৰো এজনী ভণ্টী আছে । এজনী ছোৱালীক কেনেকৈ  সন্মান কৰিব লাগে সেইখিনি অন্ততঃ মোৰ আছে । - তেওঁৰ কথাখিনি মোৰ ভাল লাগিল । আৰু একো নাভাবি তেওঁৰ লগত গাড়ীত বহিলো । অলপ দূৰ কোনো কথা নহ'ল আমাৰ । 
: আপুনি কিবা কামত আহিছিল এই হোটেললৈ ? - তেওঁ মোক সুধিলে ।
: হয় , বান্ধৱী এগৰাকীৰ বাৰ্থ ডে পাৰ্টী আছিল । 
: উমম ।
: আপুনি ?
: হোটেল খন মোৰে । - চমু উত্তৰ তেওঁৰ ।
: অহহ ৰিয়েলী ! আপুনি মানে হোটেল   কে এণ্ড এন'ৰ মালিক । - মই আচৰিত হৈ সুধিলো
: হয় ।
: ইমান কম বয়সতে ইমান ডাঙৰ এখন হোটেলৰ মালিক ! আই এম চাৰপ্ৰাইজদ । - তেওঁ মিচিকীয়াই হাঁহিলে । মই তেওঁৰ মুখলৈ চাই ৰ'লো । কি সাংঘাটিক ব্যক্তিত্ব তেওঁৰ , ইমান এখন ডাঙৰ হোটেলৰ মালিক হৈয়ো এইদৰে মোক লিফট দিছে । আৰু ইমান সাধৰণ ভাবে কথা পাতিছে । 
: ও ইয়াতে ৰাখক । এইটো আমাৰ ঘৰ , আহিব কেতিয়াবা ।
: 'ব বাৰু । কথা এষাৰ কওঁ বেয়া নাপাব । এইদৰে বেচি ৰাতিলৈ বাহিৰত নাথাকিব । কোন কেনেকুৱা প্ৰকৃতিৰ মানুহ আপুনিটো নাজানে । 
: হয় , কথাটো মনত ৰাখিম । মই নুপূৰ ,নুপূৰ চলিহা ।
: এইটো মোৰ কাৰ্ড । কেতিয়াবা প্ৰয়োজন হ'লে কন্টেক কৰিব । - মোৰ হাতত কাৰ্ডখন দি তেওঁ গ'লগৈ । ভিতৰলৈ আহি লাইটৰ পোহৰত কাৰ্ডখন চালো । কাৰ্ডখনৰ ওপৰতে কেপিটেল লেটাৰত লিখা আছিল

        SRI NIYOR BORUAH
         OWNER OF "K&N"


আগলৈ

**********************

দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮

(ধাৰাবাহিক উপন্যাসআবেলিৰ হেঙুলীয়া ৰং
-কৰবী কলিতা

                   (৫)

         ধিমিক-ধামাক চাকিৰ পোহৰত এজন মানুহে জুই ফুৱাই আছে । বেৰৰ ফুটাৰে নিয়ৰে দেখিলে । 
: ককা অলপ ওলাই আহিবচোন । - নিয়ৰৰ মাত শুনি হাতত চাকিটো লৈ বুঢ়া মানুহজন ওলাই আহিল ।
: কোন তোমালোক ইমান ৰাতিখন এইটো পথেৰে ক'ৰ পৰা আহিলা ! - বুঢ়া মানুহজনে সিহঁতক দেখি আচৰিত হৈ হিন্দীতে সুধিলে । নিয়ৰে এফালৰ পৰা সকলো বিৱৰি কলে । 
: উফফ বৰ কষ্ট পালো কথাবোৰ শুনি ।
: ককা আপোনাৰ যদি অসুবিধা নহয় নিশাটো কটাব পাৰিম নে! 
: কিন্তু বোপাই মোৰ এই জুপুৰীটোত থাকিব পাৰিবা জানো !! এখনেই মাথো বিচনা ।
: পাৰিম ককা , মাটিৰে বালিৰে পৰি থাকিম । এই ৰাতি খন যাবলৈ ইয়াত কাকো চিনি নাপাওঁ ।
: ঠিক আছে তেন্তে অাহা ভিতৰলৈ । - দুইটাই ভিতৰলৈ সোমাই জুইৰ কাষতে বহিল । সৰু জুপুৰীটোত মাথো এটাই কোঠা । অসংখ্য জোতা চেন্দেলে কোঠাটোৰ এটা অংশ ভৰি আছে । বুঢ়াজন এজন মুচী । তেওঁ ষ্টেচনৰ কাষতে বহে । ঘৰত আহি ৰাতিও তেওঁ  জোতা চেন্দেলৰ কাম কৰে । বুঢ়াজনে নিজলৈ বনোৱা খিচিৰি অকন অকন সিহঁত দুটাকো খাবলৈ দিলে । পেট নভৰিল যদিও বৰ তৃপ্তিৰে দুইটাই খালে । দুইটাকে বিচনাত শুবলৈ দি জুইৰ কাষতে বস্তা এটা পাৰি বুঢ়াজন শুলে । নিয়ৰে তলত শুম বুলি কৈছিল যদিও তেওঁৰ ঘৰলৈ প্ৰথম অহা আলহীজনক তেওঁনো কোন সতে তলত শুৱায় ! ইমান কষ্টকৰ হৈ পৰিছে জীৱনটো । কুঁৱলীৰ টোপনি যোৱা মুখখনিলৈ চাই নিয়ৰৰ দুচকুৱেদি চকুলো বৈ আহিল । সি পাৰিব নে এনেদৰে কুঁৱলীক ভাল মানুহ বনাব ! য'ত নিজৰ জীয়াই থকাই নিশ্চয়তা নোহোৱা হৈছে তাত জানো পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ চিন্তা কৰিব পাৰি ! একো উপায় নোপোৱা হ'ল সি । গোটেই ৰাতিটো সেইবোৰ চিন্তাতে পাৰ হ'ল । পুৱতি নিশাহে তাৰ টোপনি আহিল । 

        পুৱাৰ কোমল ৰ'দজাক বেৰৰ ফুটায়েদি সোমাই অহাতহে নিয়ৰৰ টোপনি ভাগিল । ইতিমধ্যে কুঁৱলী উঠি বাহিৰত ৰ'দ লৈছে । সিয়ো উঠি আহিল বিচনাৰ পৰা ।
: কু তই উঠিলি !
: উমম দাদা ।
: ককা ক'?
: ককা কামলৈ গ'ল । তই শুই থকা দেখি নুঠালে । ভিতৰতে অলপ খোৱা বস্তু আছে বোলে দুইটাকে খাবলৈ কৈছে । 
: অ হ'ব দে । ৰাতিটো কটালো এতিয়া কি কৰিব পাৰি চিন্তা কৰো !
: দাদা কথা এটা কওঁ নে।
:
: মোৰ আৰু স্কুল যোৱা নহ'ব নেকি! - কুঁৱলীৰ কথা শুনি নিয়ৰৰ বুকুখন বিষাই উঠিল । কি উত্তৰ দিব সি একো  ভাবি নোপোৱা হ'ল । কাষলৈ আহি তাইক সাৱতি ধৰিলে ।
: কিয় তেনেকৈ ভাবিছ পাগলী ! তই  আকৌ স্কুল যাবি । - অস্ফূট মাতেৰে সি কৈ উঠিল । 
         কাম বিচাৰি দিনটো বহু ঠাইত ঘূৰিল কিন্তু কোনেও কাম নিদিলে তাক । কুঁৱলীয়ো লেবেজান হৈ পৰিল ঘূৰি ঘূৰি । ষ্টেচনৰ ফালে খোজ দিলে দুইটাই । আগনিশাৰ দুৰ্ঘটনাটোৰ বাবে ট্ৰেইন বন্ধ দিছে । গোটেই ষ্টেচনটো জীয়া তেজৰ ভেকেটা-ভেকেট গোন্ধ আহি নাকত ধৰিছে । পিছদিনালৈও তাৰ পৰিৱেশটো গমগমীয়া হৈ আছে । বেচি দেৰি তাত নৰখি দুইটা পুনৰ জুপুৰী ঘৰটোলৈ ঘূৰি আহিল । ককাজন তেতিয়াও ঘৰ আহি পোৱাহি নাছিল । সন্ধিয়া নামিছিল । জোনৰ পোহৰত বাৰান্দাতে বহি ককাজনলৈ অপেক্ষা কৰিলে দুয়ো ।
: তহঁত দুটা বাহিৰতে বহি আছ যে ! -ককাজনৰ মাতত উচপ খাই উঠিল সিহঁত । 
: ককা আজি দিনটো ঘূৰিও একো এটা কাম নাপালো । 
: অহহ সেইটো কথা । এদিনতে হাৰি গ'লে হ'ব নে! কাইলৈ আকৌ বিচাৰিবি । মোৰো আজি ষ্টেচনৰ ওচৰত বহা নহ'ল । পৰিৱেশটো হুলস্থলীয়া দেখি বজাৰৰ ফালে গ'লো । উপাৰ্জনো ভাল আজি । - কথা কৈ কৈ ককাজন ভিতৰলৈ সোমাই গ'ল । 

        আগনিশাৰ দৰেই নিয়ৰ,কুঁৱলী আৰু ককাজন জুইৰ কাষত বহি পৰিল । নিয়ৰৰ মন মাৰি থকা মুখখনলৈ বহু সময় চাই ককাজনে ক'লে ।
: বোপাই তুমি যদি ইচ্ছা কৰা মোৰ লগতে কাম কৰিব পাৰা । মোৰ আগৰ দৰে জোৰ নাইকিয়া হৈ আহিছে । তুমি যদি মোক সহায় কৰা নিজৰ লগতে মোৰো সুবিধা হ'ব । 
: কিন্তু ককা মই যে মুচীৰ কাম একো নাজানো ।
: মই শিকাই  দিম নহয় । 
: ঠিক আছে তেন্তে । মই কাইলৈ পৰাই আপোনাৰ লগত কামত লাগিম । কিন্তু,
: কিন্তু কি ?
: কুঁৱলীক পঢ়োৱাব লাগিব । তাইক কাম কৰিবলৈ নিদিওঁ । 
: অ তাই পঢ়িব । অলপ অাঁতৰত এখন চৰকাৰী স্কুল আছে । তাতে নাম লগাই দিবি তাইক । - কুঁৱলীৰ মুখখন উজ্বলি উঠিল পুনৰ স্কুল যাবলৈ পোৱাৰ আশাত ।

দিন , মাহ , বছৰ বাগৰিল । নিয়ৰে মুচীৰ কাম কৰি ভনীয়েকক পঢ়োওৱাৰ লগতে অলপ-অলপকৈ টকা সাঁচি এখন  পান তামোলৰ দোকান খুলিলে । কুঁৱলীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাৰ বাবেও সাজু হৈছে । 


আগলৈ

বেটুপাতদ্বিতীয় বৰ্ষচতুৰ্থ সংখ্যাডিচেম্বৰ-২০১৭


(ধাৰাবাহিক উপন্যাস)        বেলিৰ হেঙুলীয়া ৰং

                           -কৰবী কলিতা

(৪) 
   ট্ৰেইন খনৰ ডবা এটাত উঠি দুয়োটাই ইফালে-সিফালে চালে । মানুহেৰেভৰ্তি ডবাটোত খালী ছিট এটাও নাপালে । প্ৰস্ৰাৱগাৰৰ কাষতে থকা বেৰ খনত আউজি নিয়ৰ ৰু কুঁৱলী বহিল । ভোকত পেটটো কলমলাই উঠিছে । গনিশাই মাথো ব্ৰেড দুটুকুৰা খোৱা ।
: দাদা বৰ ভোক লাগিছে ।
      কুঁৱলীয়ে নিয়ৰৰ মুখলৈ চাই ক'লে । বৰ কৰুণ শুনিছে তাইৰ মাতটো ।
: এতিয়া ট্ৰেইন চলিলেই নহয় । পিছৰ ষ্টেচনত কিবা এটা খাই ল'ম দেই ।
: ও হ'ব । মই তোমাৰ কোলাতে মুৰ থৈ শুও নে !
: শুই দে ।
     নিয়ৰৰ কোলাতে মুৰ থৈ তাই শুলে । টোপনিত নহয় ভোকতহে টোপনি যোৱাৰ চেষ্টা কৰিছে । ভোকটো অলপ পাহৰি থাকিব বিচাৰিছে তাই ।

: ঐ ল'ৰা ইয়াত কিয় বহিছ ?
     টি টি জনৰ মাতত নিয়ৰে মূৰ তুলি চালে ।
: টিকট চাওঁ ।
: টিকট নাই চাৰ ।
: টিকট নকটাকৈ ট্ৰেইনত বহিছ । এইটো এটা ডাঙৰ অপৰাধ জান নে নাই ! উঠ ইয়াৰ পৰা ।
: চাৰ প্লিজ ইয়াতে বহি যাবলৈ দিয়ক । পুনি যি কয় তাকে শুনিম।
: ক'ৰ পৰা আহিছ ? কলৈ যাৱ ?
      নিয়ৰে এফালৰ পৰা সকলো কথা বিৱৰি ক'লে । সকলো শুনাৰ পিছত টি টি জনৰ মনটো কুমলিল।
: ক'ত থাকিবিগৈ কলিকতাত গৈ!
: নাজানো চাৰ।
: মোৰ লগত যাবি।
: ক'ত যাব লাগিব?
: মোৰ ঘৰত। মোৰ ছোৱালী এজনী ছে। মাকে তায়ে ঘৰত থাকে। মইটো প্ৰায় নাথাকোৱে ঘৰত। তোৰ ভনীয়েৰক পঢ়াম। ৰু তই বাইদেউক দুই এটা কামত সহায় কৰি দিবি। যদি ইচ্ছা ক'ৰ তইয়ো পঢ়িবি।
: যদি কুঁৱলীক পঢ়াই তেন্তে যাম। তাইক পঢ়ালে  মই সকলো কাম কৰি দিম। তাইক ভাল মানুহ কৰাই মোৰ লক্ষ্য।
: ঠিক আছে তেন্তে। তই ট্ৰেইনৰ পৰা নানামিবি। এইখন ট্ৰেইনতে ঘূৰি হিম।
: ঠিক আছে।
      নিয়ৰৰ মনটো মুকলি হৈ পৰিল । ডাঙৰ চিন্তা এটাহে যেন কমিল তাৰ মূৰৰ পৰা । টিটি জনে সিঁহতক ট্ৰেইনতে ভাত খাবলৈ দিলে। দুদিন ধৰি নোখোৱাকৈ থকা দুয়োটাই গোগ্ৰাসে গোটেই খিনি খালে । চুক এটাতে শুই পৰিল । টোপনিত লালকাল দিলে । যেতিয়া চকু মেলিছিল চাৰিওফালে ধোৱাৰ বাহিৰে একো দেখা নাছিল। চাৰিওফালে হুলস্থুল শুনিছিল । ধোৱাৰ মাজেদিয়ে ভনীয়েকক খেপিয়াই হাতত ধৰি ল'লে সি । দৰ্জা মুখলৈ ওলাই  আহি চালে নিয়ৰে । পিছফালৰ পৰা ট্ৰেইনখন জ্বলি আহিছে । জুইৰ ধোৱাই গোটেইখন অন্ধকাৰচন্ন কৰি পেলাইছিল । কি হৈছে সি তৰ্কিবই নোৱাৰিলে । মানুহবোৰক ট্ৰেইনৰ পৰা জপিয়াই দিয়া দেখি সিয়ো ভনীয়েকক পিঠিত উঠাই জপিয়াই দিলে । ডবাটোৰ পৰা নমাৰ অলপ পিছতে সেই ডবাটোও জুইয়ে চানি ধৰিলে । মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল । নিয়ৰে কি কৰিব কি নকৰিব একো ভাবি নাপালে । বেগটোও ট্ৰেইনতে থাকিল  । মাথো সিঁহত দুটাহে নামিব পাৰিলে । কুঁৱলীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে ।
: নাকান্দিবি কু । বেগ টোহে গ'ল, মই আছো নহয় তোৰ লগ
      নিয়ৰে সান্তনা দি তাইক সাৱটি ধৰিলে । অগ্নি নিৰ্বাপক বাহিনী আহে মানে ট্ৰেইনখনৰ সৰহভাগ অংশ জ্বলি শেষ হৈছিল । কাৰেন্টৰ তাঁৰ পৰি জ্বলিলে বুলি কোনোবাই কোৱা শুনিলে সিঁহতে ।

ধৰালৈ তেতিয়া সন্ধিয়া নামি আাহিছিল । ঘপককৈ নিয়ৰৰ টিটি জনৰ কথা মনত পৰিল । সি ভনীয়েকক হাতত ধৰি টিটি জনক বিচৰাত লাগিল । বহুত বিচাৰিও একো শুং সুত্ৰ নাপালে । ক'ত পালেহি তাকো চিনি নাপায় সিঁহতে । মানুহবোৰৰ মাজত কান্দোনৰ ৰোল উঠিছিল । বহুত মানুহ ট্ৰেইনৰ ভিতৰতে জ্বলি ছাই হৈ গৈছিল। ভাগ্য ভাল সি যে সাৰ পালে নিয়ৰে মনতে ভাবিলে। মানুহবোৰৰ পৰা অলপ ঁতৰলৈ হি ক'ৰবাত থকাৰ সুবিধা হৈ নেকি বিচৰাত লাগিল। লুংলুঙীয়া বাট এটাৰে দুয়োটাই  থৰক-বৰককৈ ভাগৰুৱা দেহাৰে খোজ ল'লে।
: অ দাদা নোৱাৰিছো ৰু, বৰ ভাগৰ লাগিছে ।
: লাহে লাহে ব'ল । ইয়াত ৰৈ দিলে কেনেকৈ হ'ব ! ওচৰতে পাম ৰহ থাকিবলৈ ।
      সি ভনীয়েকক মিছা সান্তনা দিলে । বহুদূৰ গৈয়ো ক'তো বিচাৰি নাপালে মানুহৰ বসতি। সি ভনীয়েকক ভাল মানুহ কৰিব বিচাৰিছে। কিন্তু এতিয়ালৈকে থকাৰ নিশ্চয়তাই কৰিব পৰা নাই । কেনেকৈ কি কৰিব সি ! দুগালেদি দুটোপাল চকুলো বাগৰি আহিল । ভনীয়েকে নেদেখাকৈ চকুৰ পানীখিনি মোহাৰি পেলালে সি ।
: ঐ দাদা চোৱা সৌটো ঘৰ ।
      ভনীয়েকে উৎফুল্লিত হৈ ক'লে । তাই ঙুলি দেখুৱাৰ ফালে চাই সি দেখিলে অলপ আঁতৰত থকা সৰু জুপুৰি এটাৰ ভিতৰত সামান্য পোহৰ । দুয়োটাৰে চকু দুটা উজ্বলি উঠিল ।

গলৈ…


***

বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭

(ধাৰাবাহিক উপন্যাস)
আবেলিৰ হেঙুলীয়া ৰং
-     কৰবী কলিতা
             (যোৱা সংখ্যাৰ পিছৰ পৰা)
(৩)
   এখোজ দুখোজকৈ অৱশ শৰীৰে ষ্টেচনত থকা বেঞ্চ এখনতে গৈ বহি দিলে নিয়ৰ আৰু কুঁৱলীয়ে । বহুদূৰ খোজ কাঢ়ি আহি ভাগৰো লাগিছে দুইটাৰে । তেতিয়া নিশা ১০ বাজি গ'ল । কুঁৱলীয়ে দুপৰীয়াতে ভাত দুগৰাহ মান খোৱা । নিয়ৰৰ ভাত খোৱাই নহ'ল । তাৰ পেটটো ভোকত কলমলাই উঠিল । পিয়াহত ডিঙিটো শুকাই গৈছে । সি বহাৰ পৰা উঠি ইফালে সিফালে চালে ।
: ভণ্টী তই বহ চোন । মই খাবলৈ কিবা এটা আনো ।
: সোনকালে আহিবি । মোৰ অকলে ভয় লাগে ।
: ও যাম আৰু আহিম । তই উঠি নাযাবি । একে ঠাইতে বহি থাক ।
      তাই মুৰ দুপিয়ালে । সি উঠি গৈ অলপ আঁতৰত থকা টেপটোৰ পৰা পানী অলপ খালে । দোকান বোৰো বন্ধ হৈছিল । সি জেপত হাত দি চালে । পইচাও বেচি নাই লগত । এখন খোলা দোকান দেখি তাৰ পৰা ব্ৰেড এটা ল'লে । আৰু দোকানী জনক খুজি খালী বটল এটা আনিলে । টেপটোৰ পৰা পানী অলপ ভৰাই সি ভনীয়েকৰ ওচৰলৈ আহিল ।
: দাদা , ইমান দেৰি কৰিলি ।
      তাক দেখি তাই উধাতু খাই আহি তাৰ ওচৰ পালেহি ।
: দোকান বোৰ বন্ধই হ'ল । সৌ দূৰৰ দোকানখন খোলা দেখি তাৰ পৰা আনিলোগৈ । তই ইমান উধাতু খাই আহিলি যে ।
: সৌ ল'ৰা কেইটাই মোক জোকাই আছে । বৰ ভয় লাগিছিল মোৰ ।
      তেতিয়াহে নিয়ৰে চালে । সিঁহত বহা বেঞ্চ খনৰ পৰা অলপ দূৰত চাৰিটা মান ল'ৰাই সিঁহতৰ ফালেই চাই আছে । নিয়ৰে সিঁহতৰ ফালে চোৱা দেখি অন্য ফালে মুৰ কৰিলে ল'ৰা কেইটাই । কিন্তু আঁতৰি নগ'ল ।
: 'ব দে । মই আহিলো নহয় এই ব্ৰেডটো খাই ল ।
    সি ভনীয়েকৰ হাতত ব্ৰেডটো তুলি দিলে । ভোকত থকা কুঁৱলীয়ে একে টানে ব্ৰেডটো খুলি খাবলৈ ধৰিলে । সি চাই ৰ'ল তাইৰ ফালে । তাৰ পেটৰ ভোকটোও যেন নাইকিয়া হ'ল কুঁৱলীৰ খোৱাৰ ধৰণ দেখি ।
: তই খালি নাই ।
: খালো । তই খা ।
       মিছা মাতিলে নিয়ৰে । ভনীয়েকে খালেই যেন তাৰো পেট ভৰি যায় । সি একেথৰে চাই ৰ'ল ভনীয়েকক । ইমান যে মৰমৰ তাৰ এই ভনীয়েক জনী । তাইক ভালকৈ পঢ়াব লাগিব । তাই ডাঙৰ মানুহ হ'ব ।
: মোৰ হ'ল । বৰ টোপনি ধৰিছে অ ।
        ভনীয়েকৰ মাততহে তাৰ তন্ময়তা ভাঙিল ।
: তই মোৰ কোলাতে শুই দে অলপ ।
       তাৰ কোলাতে মুৰ থৈ তাই শুলে । খন্তেকতে তাই টোপনিত লালকাল দিলে  । ব্ৰেডৰ পেকেটটোত অৱশিষ্ট দুটুকুৰা ব্ৰেড সোমাই আছিল । তাকে উলিয়াই সি খালে । পানী দুঘোট মান খাই বেঞ্চ খনতে মুৰটো পেলাই ভাবিবলৈ ধৰিলে কি কৰিব এতিয়া ! ট্ৰেইন ৰাতিপুৱাহে আছে । ৰাতিটো তাতে কটাব লাগিব । সিঁহতক চাই থকা ল'ৰা কেইটাও ইতিমধ্যে আঁতৰি গৈছিল ।
:ঐ ল'ৰা ইয়াত কি কৰিছ ?
      কাৰোবাৰ মাতত চিলমিলকৈ টোপনি অহা নিয়ৰ সাৰ পালে । চকু মেলি সি সন্মুখত ষ্টেচন মাষ্টৰ জনক দেখিলে ।
: ট্ৰেইনলৈ ৰৈ আছো ।
: এইজনী তোৰ কোন হয় ?
     কুঁৱলীৰ ফালে দেখুৱাই ষ্টেচন মাষ্টৰে সুধিলে ।
: মোৰ ভণ্টী ।
: ট্ৰেইন ৰাতিপুৱাহে আহিব । ইয়াত ঠাণ্ডা পাবি । যা ভিতৰত ৰুম আছে । তাত গৈ বহ ।
      বয়সিয়াল যেন লগা ষ্টেচন মাষ্টৰ জনে ক'লে । তেওঁ দেখুৱাই দিয়াৰ মতে নিয়ৰে ভনীয়েকক ধৰি ধৰি নি ৰুমত গৈ সোমাল । বহু কেইজন মানুহ তাত আছিল । কিছুমান বহি আৰু কিছুমান তলতে কাপোৰ পাৰি শুইছে । সিয়ো ভনীয়েকক কাপোৰ এখন পাৰি শুবলৈ দিলে আৰু সি কাষতে বহি থাকিল । ক'ত যাব কি কৰিব সি একোকে ঠিৰাং কৰিব পৰা নাই । সঁচাকৈ পিতৃ-মাতু বিহীন জীৱনৰ একো নিশ্চয়তা নোহোৱা হৈ পৰে । ৰঙীন পৃথিৱী খনো বৰণহীন হৈ পৰে । বৰ কষ্টকৰ । আজি মাক দেউতাক জীয়াই থকা হ'লে সিঁহত জানো এইদৰে অনাই বনাই ঘূৰিব লগা হ'ল হয় ! মাক দেউতাক অবিহনে জীৱনটো কি দুঃসহ সি আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছে । তাৰ চকুৰ কোণত দুটোপাল চকুলো জলমলাই উঠিল । আঙুলিৰে হেঁচি ধৰিলে চকু দুটা । নাই , সি দুৰ্ৱল হৈ পৰিলে নহ'ব । ভনীয়েক সমাজৰ আগত মুৰ তুলি থিয় কৰাবলৈ হ'লে সি সাহসী হ'ব লাগিব । ভনীয়েকৰ মুখলৈ চালে সি । তাই নিশ্চিন্ত মনেৰে শুই আছে ককায়েকৰ কোলাত । সি বেৰতে আউজি দিলে । কেতিয়া নো তাৰ টোপনি আহিল সি গমেই নাপালে । পুৱা ট্ৰেইনৰ উকিতহে খকমককৈ সাৰ পাই উঠিল সি । হেঁচুকি ভনীয়েকক উঠাই বেগটো লৈ ওলাই আহিল দুইটা । কলিকতালৈ যাবলৈ ওলোৱা ট্ৰেইনখন আহি প্লেটফৰ্মত ৰৈছেহি । আগ পিছ একো নাভাবি সিয়ো ভনীয়েকক এখন হাতত ধৰি ট্ৰেইনত উঠি দিলে । ভৱিষ্যৎ কি হ'ব সি নাজানে । মাথো এতিয়া কিদৰে খাব, থাকিব তাক লৈহে চিন্তা হৈছে তাৰ ।

আগলৈ



বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭


(ধাৰাবাহিক) আবেলিৰ হেঙুলীয়া ৰং
: কৰবী কলিতা
                                       (২)

চুবুৰীটোৰ মানুহখিনি গোট খোৱাৰ পিছত মাক দেউতাকৰ মৃতদেহ দুটা চোতালত একেলগে শুৱাই দিয়া হ'ল । নিয়ৰ আৰু কুঁৱলীয়ে মাক দেউতাকৰ গাত উবুৰি খাই পৰি কান্দোনত গছ পাত সৰালে । কিন্তু মাক দেউতাক জানো ঘূৰি আহিব সিঁহতৰ হিয়াভঙা কান্দোনত ! যি এবাৰ গুচি যায় তেওঁ পুনৰ কেতিয়াও ঘূৰি নাহে । মৃত্যু বৰ অসহনীয় । ই দুখৰ বাহিৰে একো নিদিয়ে । প্ৰত্যক্ষদৰ্শী সকলৰ চকুও সেমেকি উঠিল সিঁহতৰ কান্দোনত । কোনোবা দুগৰাকী মানে কুঁৱলীক আঁতৰাই নিলে । তাই কান্দি কান্দি ভাগৰি পৰিছিল । গালে মুখে পানী ছটিয়াই কাষৰ বৰুৱা খুৰীয়ে পানী অলপ খুৱাই দিলে । তাই তেওঁৰ গাতে ঢলি পৰিল । নিয়ৰক দুজন মানে পিন্ধি থকা হাফ পেন্ট আৰু চাৰ্টটো খুলি দি ধূতি এখন পিন্ধাই দিলে । সি উচুপিয়ে থাকিল । বাৰীৰ চুকতে মাক দেউতাকক সৎকাৰ কৰা হ'ল । নিয়ৰে মুখাগ্নি কৰিলে । কুণ্ডলী পকাই পকাই চিতাৰ ধোঁৱাবোৰ আকাশত বিলীন হৈ পৰিল । 

      ঘাট মাউৰা হৈ পৰিল দুয়োটা । আপোন বুলিবলৈ সিঁহতৰ কোনো নাছিল । দেউতাক অনাথ আশ্ৰমত ডাঙৰ হোৱা । ক'ৰ পৰা কেনেকৈ তালৈ আহিছিল তেওঁ নিজেও জনা নাছিল । মাকো ঘাট মাউৰা আছিল । সম্পৰ্কীয় ভায়েক এজন আছে । সিঁহতৰ লগত মাক বিয়া হোৱাৰ পৰা একো সম্পৰ্ক নাই । ওচৰ চুবুৰীয়াই মিলি শ্ৰাদ্ধৰ নিয়মখিনি কৰি দিলে । শ্ৰাদ্ধৰ দিনা সেই অচিনাকি মোমায়েকজন আহি ওলাইছিল । নিয়ৰ আৰু কুঁৱলীক লৈ যাব বিচাৰিলে লগতে । কিন্তু সিঁহতে যাব বিচৰা নাছিল । কাৰণ মোমায়েক বুলি চিনাকি দিলেও সিঁহতে বিশ্বাস কৰিব পৰা নাছিল । কিন্তু সকলোৱে সিঁহতক যাবলৈ কৈছিল মোমায়েকৰ লগত । কাৰণ অকলে সিঁহত কেনেকৈ থাকিব সেই ঘৰটোত । মোমায়েকৰ লগত থাকিলে অন্ততঃ দুবেলা দুসাজ খাবলৈ পাব । সকলোৰে কথাবোৰ শুনি অৱশেষত মান্তি হৈছিল মোমায়েকৰ লগত যাবলৈ । শ্ৰাদ্ধৰ দুদিনৰ পিছত বেগ এটাত প্ৰয়োজনীয় কাপোৰ দুযোৰ মান ভৰাই নিয়ৰ আৰু কুঁৱলী ৰাওনা হৈছিল মোমায়েকৰ লগত এটা নতুন জীৱনৰ বাট বুলিবলৈ । 
মোমায়েকৰ ঘৰত মোমায়েক মামীয়েক আৰু কুঁৱলীৰ সমবয়সীয়া তেওঁলোকৰ একমাত্ৰ সন্তান প্ৰিয়া । কুঁৱলীক লগ পাই প্ৰিয়াই খুউব ভাল পাইছিল । নিয়ৰে আহিয়ে মোমায়েকক কৈছিল যি কৰিব লাগে সকলো সি কৰিব । ভনীয়েকে মাথোঁ পঢ়িব । পঢ়াৰ বাহিৰে যাতে তাই অন্য একো কৰিব লগা নহয় সি প্ৰতিমূহুৰ্ত্ততে চকু দিছিল । প্ৰিয়া পঢ়া প্ৰাইমেৰী স্কুল খনতে কুঁৱলীক নাম লগাই দিয়া হ'ল । প্ৰথম অলপ দিন সকলো ঠিকেই চলিছিল । কিন্তু নিয়ৰ নথকাৰ সুযোগ লৈ মামীয়েকে কুঁৱলীক পঢ়াৰ পৰা উঠাই ঘৰ সৰা , বাচন ধোৱা আদি কামত লগায় । কুঁৱলীয়ে বিনা প্ৰতিবাদে সকলো কৰিছিল । নিয়ৰে মোমায়েকৰ  শাক-পাচলিৰ ব্যৱসায়ত লাগি দিছিল । সি অহাৰ পৰা মোমায়েকৰ ব্যৱসায়তো বহুখিনি উন্নতি হৈছিল । মোমায়েকে দুইটাকে মৰম কৰিছিল । কিন্তু মামীয়েকে চকুপাৰি দেখিব নোৱাৰিছিল  দিনটো মোমায়েকৰ লগত কাম কৰি অহাৰ পিছতো মামীয়েকে নিয়ৰক দিনৰ ঠাণ্ডা ভাত খাবলৈ দিছিল । কেতিয়াবা গোন্ধ ওলোৱা ভাতকে খাই সি শুই পৰিছিল । সি যেনেকৈ হ'লেও থাকিব পাৰিব । মাথোঁ কুঁৱলীক লৈ চিন্তা তাৰ । তাই ভালে থাকক । ৰাতি শুই থকা কুঁৱলীৰ নিষ্পাপ মুখলৈ চাই চাইয়ে সি শুই পৰে। 
দিনবোৰ পাৰ হৈ গৈ থাকিল । নিয়ৰে মোমায়েক নাথাকিলেও অকলেই বেপাৰ কৰিবলৈ যাব পৰা হ'ল । কুঁৱলী ডাঙৰ হৈ আহিছে । দেখাতো বৰ ধুনীয়াজনী হৈ পৰিছে । স্কুলত সকলোতকৈ বেছি নম্বৰ পাই তাই এইবাৰ চতুৰ্থ শ্ৰেণীলৈয়ো উত্তীৰ্ণ হ'ল । নিয়ৰে তাইৰ ৰিজাল্টত সুখী হ'ল । সি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে যাতে কুঁৱলী সদায় এইদৰেই আগুৱাই গৈ থাকিব পাৰে। প্ৰিয়াই চুচুৰি বাগৰিহে কোনোমতে পাছ কৰিলে । মামীয়েকে আৰু দেখিব নোৱাৰা হ'ল সিঁহতক । কুঁৱলীয়ে পঢ়াৰ সময়খিনিত মামীয়েকে এশ এটা কাম উলিয়াই তাইক কৰিবলৈ দিয়ে । নিয়ৰৰ অলক্ষিতে ঘৰৰ সকলো কাম কুঁৱলীয়ে কৰি যায় । তথাপিও তাই ককায়েকক একো কথা নকয় । তাই বুজে এইবোৰ কথা নিয়ৰে গম পালে মনত বৰ দুখ পাব । নিয়াৰিকৈ সকলো কাম কৰাৰ পিছত ৰাতি সকলো টোপনি গ'লে তাই মম ডাল জ্বলাই কিতাপ পঢ়ে । 
:  ভণ্টী শুই থাকবহুত ৰাতি হ'ল।
: তই শুচোন দাদা মোৰ আৰু অলপ আছে। 
      তাই পুনৰ পঢ়াত মন দিলে। 
: কাইলৈ পঢ়িবিচোন। মোৰ টোপনি ধৰা নাই পোহৰত। অলপ শুবলৈ দে দিনটো কাম কৰি আহিছো।
: 'ব দে।
     ফু মাৰি তাই মম ডাল নুমুৱাই দিয়ে। ককায়েকৰ কাষলৈ আহি তাৰ মুৰটো পিটিকি দিয়ে। 
: দাদা তোৰ বহুত কষ্ট হৈছে ন।
: ও অলপ হৈছে। কিন্তু তই ভালকৈ পঢ়িবি। তোৰ বাবেই মই সকলো কৰিছো।
: ও পঢ়িম। শুই থাক। 
: আৰু অলপ মুৰটো পিতিকি দেচোন। ভাল লাগিছে। 
       তাই লাহে লাহে পিতিকি থাকে নিয়ৰৰ মুৰটো। তাই বুজে ককায়েকক । বৰ কষ্ট কৰিছে সি ইমান কম বয়সতে । সঁচাকৈ মাক দেউতাকৰ অবিহনে জীৱনটো অসাৰ । মাক দেউতাক থাকোতে কিমান যে ভাল আছিল । যি বিচাৰিছিল তাকে পাইছিল তাই । তাইৰ সকলো আব্দাৰ দেউতাকে পূৰণ কৰিছিল । কিন্তু এতিয়া ককায়েকৰ ওচৰত আব্দাৰ কৰিবলৈ তাই  ভাল নালাগে । সময়ে তাইকো বুজন কৰি তুলিছে । কথাবোৰ ভাবি ভাবি টোপনিত লালকাল দিলে তায়ো । সপোনতে মাক দেউতাকৰ লগত ডাৱৰৰ মাজে মাজে পৰীজনী হৈ ঘূৰি ফুৰা দেখিলে নিজকে ।
         হঠাৎ এদিন এজাপ কাঁহী বাতি সন্মুখত লৈ ধুই থাকোতেই নিয়ৰে দেখিলেহি । সি ঘৰলৈ হিচাবৰ বহী এখন নিবলৈ আহিছিল । তাইক সেইদৰে দেখি খঙত জ্বলি উঠিল সি । 
: ভণ্টী 
      চিঞৰি দিলে নিয়ৰে । থৎমৎ খাই উঠিল কুঁৱলীয়ে । তাই ভবাই নাছিল সেই সময়ত যে ককায়েক ঘৰলৈ আহিব । কঁপি উঠিল তাই । নিয়ৰৰ চিঞৰ শুনি মামীয়েক ওলাই আহিল ।
: কি হ'ল অ কিয় চিঞৰিছ ইমান কৈ!
: এইবোৰ কি মামী ! মই তাইক কাম কৰাবলৈ মানা কৰিছিলো নে নাই । যি কৰিব লাগে মই কৰিম বুলি কৈছিলোই দেখোন। 
      গৰজি উঠিল সি । অলপ দিনতে সি পৰিপক্ক হৈ উঠিছে । সঁচা কথাত ভয় নকৰে কালৈও । 
: কিনো ডাঙৰ কামটো কৰালো ! ভাত খোৱা কাঁহী বাতি কেইটাহে মাত্ৰ । মহাৰাণীক মই বহাই বহাই খুৱাব নোৱাৰো দেই । 
         মামীয়েকক আৰু একো কোৱাৰ সুযোগ নিদি নিয়ৰে কুঁৱলীক হাতত ধৰি নিজৰ ৰুমলৈ আহি নিজৰ বস্তুবোৰ বেগত ভৰাই ওলাই আহিল । সি আৰু নাথাকে ইয়াত । ভনীয়েকক কাম কৰা দেখি তাৰ বুকুখন বিষাই গৈছে । আগলৈ খোজ দিলে সিঁহতে ।  তেতিয়া ধৰালৈ সন্ধিয়া নামি আহিছিল । দুয়োটা অগ্ৰসৰ হ'ল অনিশ্চয়তা ভৱিষ্যতৰ দিশে ।


আগলৈ

বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

আবেলিৰ হেঙুলীয়া ৰং (ধাৰাবাহিক)

                         : কৰবী কলিতা

      পৃথিৱীৰ প্ৰত্যকজন মানুহকে মৃত্যুৰ ভয়ে এবাৰলৈ হ'লেও চুই গৈছেএদিন মোৰ মা -দেউতাৰো মৃত্যু ঘটিছিলআসঃ কি দুঃসময় আছিল সেয়া! কোনো ঋতুৰে ৰং নথকা এখন আকাশ মোৰ মুৰৰ ওপৰত কাঁচৰ চিলিঙৰ দৰে খহি চূচুৰ্মৈ হৈ পৰিছিল। উশাহ সলাবলৈ পাহৰি গৈছিলো মইতেতিয়ানো মোৰ বয়সেই বা কিমান! মৃত্যু কি বুজিয়ে পোৱা নাছিলোঅসহনীয় আছিল সেই মৃত্যুবছৰীয়া মোৰ হাতত ৫ বছৰীয়া ভনীজনীক গতাই মোৰ মা দেউতাই চিৰদিনৰ বাবে আমাক নিঠৰুৱা কৰি অজান ঠাই লৈ গুচি গৈছিল । য'ৰ পৰা কেতিয়াও উলটি আহিব নোৱাৰে 
খন্তেক ৰৈ গিলাছৰ পৰা পানী এঘোট খালে নিয়ৰেতাৰ অতীতৰ জীয়া পৃষ্ঠাবোৰ এখিলা এখিলাকৈ মোৰ আগত খুলি গৈছিল সিবহুদিনৰ পৰা তাৰ মনত খুদুৱাই থকা, নিমৰ্ম অতীতৰ  ঘটনা বোৰ তাৰ মুখৰ পৰা শুনিবলৈ আজি আমি দুটা পাহাৰৰ কাষত থকা ৰেষ্টোৰেন্ট খনৰ নিৰ্দিষ্ট টেবুলখনত বহিছোহিপাহাৰৰ ওপৰেদি কুলুকুলু কৈ বৈ গৈছে এটি নিজৰামই বহি থকাৰ পৰা খিৰিকীখনেৰে সেই নয়নাভিৰাম দৃশ্য ধুনীয়াকৈ প্ৰত্যক্ষ কৰিছোঁ। ঠাণ্ডা বতাহ এচাতিৰে আমাৰ গা মন শীতল কৰি পেলাইছে 
: নুপূৰ, মোৰ জীৱনৰ যিবিলাক গোপন পৃষ্ঠা মই তোমাৰ আগত ক'বলৈ লৈছোসকলোবোৰ জানো তুমি সহ্য কৰিব পাৰিবা!
: সহ্য কৰিবলৈ চেষ্ঠা কৰিম নিয়ৰতুমি মোক ৰহস্যৰ মাজত নোথোৱাকৈ সকলো খুলি কোৱাতোমাৰ মনটো অলপ হ'লেও পাতল লাগিব
টেবুলত থকা নিয়ৰৰ হাত খনত হাত ৰাখি মই তাক আশ্বাস দি ক'লো
সি দুচকু মুদি মুৰ দুপিয়ালেমই অনুভৱ কৰিছোঁ সি কথাবোৰ ক'বলৈ বৰ কষ্ট পাইছেকিন্তু সি যে মোক নক'লেও নহ'কথাবোৰ ক'লেহে তাৰ মনটো অলপ পাতল লাগিব তাক এইদৰে মই চাব নোৱাৰোতাৰ মুখত অকনমান হ'লেও হাঁহি বিৰিঙাব লাগিবসি আৰম্ভ কৰিলেউপন্যাসৰ দৰে লগা ঘটনাবোৰ, মই আচৰিত হৈ শুনি গ'লো। মাজে মাজে শিঁহৰি উঠিলো 
মাক দেউতাক ,নিয়ৰ আৰু কুঁৱলীৰে চাৰিজনীয়া পৰিয়ালটোদেউতাকৰ চাকৰি নাছিল যদিও খেতি-বাতিৰে সুন্দৰকৈ চলি আছিল। লঘোণত থাকিবলগীয়া হোৱা নাছিলভালদৰে দিনবোৰ গৈ আছিলমাকে বোৱা কটাৰ কাম কৰি বিক্ৰী কৰিছিলতাৰ পৰাও এটা উপাৰ্জন হৈছিলবছৰীয়া নিয়ৰ আৰু ৫ বছৰীয়া কুঁৱলী ঘৰখনৰ দুটি উজ্বল নক্ষত্ৰ আছিলশীতৰ নিয়ৰ সনা এটি কোমল পুৱা নিয়ৰৰ জন্ম হৈছিল বাবে তাৰ নাম হ'ল নিয়ৰআৰু নিয়ৰৰ লগত সংগতি ৰাখি ভনীয়েকৰ নাম কুঁৱলী ৰাখিছিল দেউতাকে। সিহঁতক অভাৱত পৰিবলৈ কোনোদিনে দিয়া নাছিল মাক দেউতাকেআহিন মাহৰ কোনো এটা দিন আছিলঅন্যদিনাৰ দৰে সেইদিনাও ভাত পানী খাই সকলো বিচনাত পৰিছিল১১ মান বাজিছিল হঠাৎ বতৰটো গাজি গুমৰি ৰণচণ্ডী মুৰ্ত্তি ধৰি আহিছিল। মুষলধাৰ বৰষুণ। গৰুম-গৰুম গাজনিমাজে মাজে চেলেককৈ মৰা বিজুলীকুঁৱলীয়ে দেউতাকৰ কোলাত সোমালগৈ ভয়তে। সেই সময়ত গাঁৱত কাৰেন্টো নাছিললেম্প, চাকিৰ পোহৰতে সকলো কৰিছিলটিপিক টাপাক কৰি চাকিটোও নুমাই থাকিলঘোপ মৰা আন্ধকাৰগোটেই চাৰিটা একে ঠাইতে থুপ খাই বহিলটক্ টক্ শব্দ কিছুমান ভাঁহি আহিলপ্ৰথমে লাহে লাহে তাৰ পিছত জোৰে জোৰেইমান ৰাতি কোন আহিছে বুলি ভয়ো খালে অলপতথাপিও কোনোবা বিপদত পৰিছে বুলি ভাবি তিনিবেটেৰী টৰ্চটো হাতত লৈ দেউতাকে দৰ্জাখন খুলি দিলেগৰুপ গাৰাব খোজেৰে তিনিটা মানুহ দেউতাকক থেলা মাৰি ভিতৰলৈ সোমাই আহিলসিঁহতৰ টৰ্চৰ পোহৰে নিয়ৰহঁতৰ চকু চাট মাৰি ধৰিলেভয়তে পেপুৱা লাগিল 
: কোন আপোনালোক? ইমান ৰাতি কিয় আহিছে?
     দেউতাকে খঙেৰে সুধিলে
: ঐ ইয়াৰ খং চা না বে। বেছি নকৰিবি চোবাই পেলাম
    এটাই দাঁত কৰচি কৈ উঠিলগোটেই কেইটাই অট্টহাস্য কৰি উঠিলবৰষুণৰ  শব্দত সিঁহতৰ অট্টহাস্য কোঠাটোৰ ভিতৰতে পাকঘূৰণি খাই থাকিলএটাই দেউতাকক টানি টানি বাৰান্দালৈ উলিয়াই নিলেএটাই মাকক টানি আনিলেনিয়ৰে মাকৰ চাদৰখনত ধৰি জোৰেৰে তাৰ ফালে টানিছেকিন্তু সি ধৰি ৰাখিব নোৱাৰিলেভনীয়েকক লাহেকৈ বিচনাৰ তললৈ থেলি দি সি আন্ধাৰতে খেপিয়াই খেপিয়াই মানুহকেইটাৰ লগত যুঁজিবলৈ আহিলকোনোবা এটাই তাৰ বুকুত ধৰি থেকচি পেলোৱাৰ দৰে কৰিলেতাৰ সন্মুখতে এটাই মাকৰ কাপোৰ বোৰ চিৰাচিৰি কৰি ফালি পেলালেমাকে আৰ্তনাদ কৰি উঠিল। যিমান পাৰে সিমান জোৰে চিঞৰিলেকোনেও শুনা নাপালে মাকৰ মৰণকাতৰ চিঞৰজোৰ জবৰদস্তি কৰি তাৰ সন্মুখতে মাকৰ শৰীৰত হাত দিলে এটাই মাকৰ আটাহত গাজনিৰ শব্দও হাৰি গৈছিলবিজুলীৰ চমকত সি সকলো স্পষ্টকৈ দেখিলে। সি কন্দোনত চিঞৰি গগন ফালিলে। কিন্তু কোনো নাহিল সহায় কৰিবলৈ। সি অসহায় হৈ পৰিলসি মাকৰ কাষলৈ আগবাঢ়িব লওঁতেই  এটাই পিছফালৰ পৰা ধৰি থেকেচি পেলোৱাৰ দৰে কৰি বাহিৰলৈ দলিয়াই দিলেঅজ্ঞান হৈ পৰিল সি 
        সি যেতিয়া চকু মেলিলে অলপ অলপ পোহৰ হৈছিলতেতিয়ালৈ তাৰ সৰু পৃথিৱীখন ধবংস হৈ গৈছিলগুলিবিদ্ধ অৱস্থাত দেউতাক চোতালত পৰি আছিলঅৰ্ধ উলংগ হৈ বাৰান্দাত পৰি থকা মাকক সি চাদৰ এখনেৰে ঢাকি দিলে। সি ভিতৰলৈ গৈ ভনীয়েকক বিচাৰিলেবিচনাৰ তলত পৰি আছিল তাইসি টানি উলিয়াই আনি ভনীয়েকৰ গালে মুখে পানী চটিয়াই দিলে। তাই চকু মেলিলে লাহেকৈনিয়ৰে ভনীয়েকক সাৱতি ধৰি উচুপি উঠিল, লাহে লাহে কান্দোনত ভাগি পৰিল দুইটাসিঁহতৰ কান্দোন শুনি দুই এজন মানুহ সিঁহতৰ চোতালত গোট খালেহি


আগলৈ