খেলজগত

বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭


বিলুপ্তিৰ পথত অসমৰ থলুৱা খেল-ধেমালি
: ৰূপক বৈশ্য
আদিম যুগৰে পৰা ৰজা বিক্ৰমাদিত্যৰ কালছোৱাতেই সৃষ্টি হৈছিল বিভিন্ন থলুৱা খেল-ধেমালিৰ। ৰজা-প্ৰজা সকলে প্ৰায় বহু বছৰ আগতেই নিজ নিজ ৰাজ্যত প্ৰতিযোগিতামূলক মনোভাৱেৰে খেল অনুষ্ঠিত কৰিছিল। খেল-ধেমালিবোৰৰ জৰিয়তে মনোৰঞ্জন, প্ৰতিভা বিকাশৰ লগতে পুৰস্কাৰ প্ৰাপ্তিৰ আশাৰে জড়িত হৈছিল একাংশ প্ৰাচীন কালৰ ৰজা-প্ৰজাই।
সময়ৰ গতি আগবাঢ়ি অহাৰ লগে লগে অসমৰ প্ৰাচীন ৰজাসকলে আজৰি সময়ত ঢোপগুটি, কঢ়ী মৰা, ৰজা-ৰাণী আদি বিভিন্ন খেল সৃষ্টি কৰিলে যাৰ ফলত আজিৰ মানুহৰ মনলৈ বাৰুকৈয়ে জন্ম হল খেলৰ ৰোমাঞ্চকৰ কথা। আজিৰ পৰা প্ৰায় কিছু বছৰ আগতে অসমৰ বিভিন্ন পাহাৰীয়া আৰু নামনি অঞ্চলৰ মানুহে এই থলুৱা খেলসমূহ খেলিবলৈ লৈছিল। খেলসমূহ ক্ৰমে- লুকা-ভাকু,ঢোপ গুটি, কুট-কুট, ৰচী টনা, কুকুৰা যুঁজ ইত্যাদি উল্লেখনীয়। পিছে বৰ্তমানৰ নতুন প্ৰজন্মৰ মাজত হেৰাই যোৱাৰ লগতে ক্ৰমান্বয়ে বিলুপ্তিৰ পথত গতি কৰিছে এই পৰম্পৰাগত থলুৱা খেল-ধেমালিবোৰ। অৱশ্যে এতিয়া অসমৰ একাংশ গাঁৱৰ মানুহে এই খেলসমূহ জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে।
কিন্তু এতিয়া প্ৰশ্ন হয় যে আৰু কিমান দিনলৈ জীয়াই থাকিব এই প্ৰাচীন খেলবোৰ। শেষত কব পাৰি যে এই থলুৱা খেলবোৰ হয়তো ভৱিষ্যতে ফটো আকাৰত সংগ্ৰহালয়ত হে জিলিকি থাকিব।