কবিতা




বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা, মাৰ্চ- ২০১৮

শ্ৰীদেৱী

                          - হিমাংশু প্ৰসাদ দাস

মানুহে ক'লে- "তুমি ধুনীয়া"

বজাৰে ক'লে- "তুমি ধুনীয়া হৈ থাকিব লাগিব সদায়"

এনেদৰেই দিনবোৰ গৈ আছিল

অটোগ্ৰাফ চিকাৰীৰ বিমুগ্ধ চাৱনি

সাংবাদিকৰ কেমেৰাৰ ফৰিংফুটা পোহৰ

ৰঙীণ আলোচনীৰ উমাল আলোচনা





এনেদৰেই দিনবোৰ গৈ আছিল

বজাৰত বিক্ৰী হয় শ্ৰীদেৱীৰ ৰাতিপুৱা

বজাৰত বিক্ৰী হয় শ্ৰীদেৱীৰ দুপৰীয়া

বজাৰত বিক্ৰী হয় শ্ৰীদেৱীৰ গধূলি

বজাৰত বিক্ৰী হয় শ্ৰীদেৱীৰ ৰাতি




কেৱল বিক্ৰী নহয়

শেষ নিশাৰ সংশয়ী বিষাদ




এনেদৰেই দিনবোৰ গৈ আছিল

সলনি হোৱাৰ আহ্নিক নিয়মৰ বাবে

এদিন বজাৰো সলনি হয়

বজাৰৰ অস্তিত্বৰ বাবে





কিন্তু শ্ৰীদেৱীয়ে বিচাৰে শ্ৰীদেৱী হৈ থাকিবলৈ

আৰু এনেদৰেই আৰম্ভ হয়

সময়ৰ বিৰুদ্ধে - সময়ক হৰুৱালৈ

শ্ৰীদেৱীৰ নিৰ্বোধ অভিমানী যুঁজ




কিয়নো বজাৰেই তেওঁক বিশ্বাস দিছিল

তুমি ৰূপৰ ৰাণী

পূৰ্ণিমাৰ স্নিগ্ধ জোনালী




প্ৰিয় পাঠক

ভুল নকৰিব

হৃদক্ৰিয়া বন্ধ হৈ শ্ৰীদেৱীৰ মৃত্যু ঘটা নাই

অথবা বাথটাবত পিচলি




মই কওঁ শুনক

শ্ৰীদেৱীক হত্যা কৰা হৈছে

হত্যা কৰা হৈছে




ছিন্নমূল পৃথিৱীত মৰিচিকা খেদি খেদি ভাগৰি পৰা শ্ৰীদেৱীক

বজাৰে হত্যা কৰিছে নিৰ্মমতাৰে

বজাৰৰ চক্ৰবেহুত বজাৰে হত্যা কৰিছে তাইক





যিটো কথা

কোনো পোষ্টমৰ্টেম ৰিপোৰ্টত লিখা নাথাকিব



***********



ফাগুন

-  ছায়া দত্ত

গুন গুন সুৰ এটি হৈ
মিঠা ফাগুনে আনে
একাজলী ৰঙীন সপোন
যাৰ পৰশত লঠঙা গছেও সানে
সেউজী ৰহন...

উন্মনা মন...

বতাহত ভাঁহি আহে
উতলা ফাগুনৰ
চঞ্চল সুঁহুৰি
যাৰ তেজাল সুৰে
সানিব পাৰে
মোৰ কলিজাত

বসন্তৰ ৰং...

*********

অস্ত

                     -কিশোৰ কুমাৰ দাস


চৌপাশে কেচেমা কেচেম গোন্ধ
মৃত মানুহৰ তেজ উৰিছে

ফাগুণৰ বিদ্ৰোহী পতাকা দেখি দৌৰিছে
কাৰোবাক মাৰি মৰিবলৈ মোৰ তেজ

শুক্ৰেশ্বৰ ঘাটেৰে উটি যায় হাড়ৰ ঢৌত
হেজাৰ জীয়া ফুল নাও হৈ

জীয়া ফুলৰ গোন্ধত গা ধুবলৈ উঠি আহে
পাপৰ পুখুৰীৰ বুজন সংখ্যক পাপী

নিচেই চিনাকি যদিও হঠাতে অচিনাকি।

**********

আৱিৰ
             
-  ঋতুপৰ্ণ হাজৰিকা

' ৰাঙলী পলাশ
কিনো ৰং ওঁঠত সানি ,
মাতিলি বলিয়া এছাটি
পচোৱা ফাগুনী ।
আজাৰৰ হেঁপাহ
লাগিছে তাইৰ আঁচলত
সেন্দুৰী ঘাম বিৰিঙে
মিচিকিয়া হাঁহিৰ ভাজত ।
চঞ্চলা প্ৰকৃতিয়ে
পিন্ধিছে নতুন সাজ ,
সৰাপাত আজি
সোঁৱৰণি হৈ ৰ'ল ।
ধূলিয়লি ফাগুনে
হেঁপাহৰ আৱিৰ খেলে ,
পলাশৰ ৰঙেৰে ৰাঙলী
বতাহত ফাগুন হয় বাউলি।
উজাগৰী নিশাটিত
কেতেকীয়ে কান্দিলে
নহবা উদাসত ,
তুমি অভিমানী ।

************

নাৰী

-       মাছুমা বেগম


নাৰী নহয় মাথো
এটি সত্বা;
ই এক অপূৰ্ব শক্তি ,
মমতাৰ অৱতাৰ ৰূপী
চেনেহৰ সাগৰ বুকুত সিঁচি
জন্মে নাৰী।

তেজাল অশ্ৰু হাঁহিৰে পান কৰি
সপোনৰ বুটা বছা
অনন্যা শক্তিৰ
অধিকাৰিণী ৰূপেই নাৰী।

সময়, সমাজ আৰু পুৰুষৰ
হাতত ধৰ্ষিতা হৈও
জীয়াই থকাৰ বাবে
যুঁজ কৰা যুঁজন্তা নাৰী।

প্ৰতি ক্ষণে
লাঞ্ছিতা বঞ্চিতা হৈও
ন সূৰুযৰ তেজাল পুৱাৰ
ন ৰূপত প্ৰকাশিত
আজিৰ নাৰী।

***********


মৌনতা!! মৌনতা!!

-     লুতফা আখতাৰা

সেইপিনে এখন শীতল নৈ বৈ গৈছিল
সেইখনো আজি শুকাই কৰাল মাৰিলে,
বিষাক্ত কজলা দ্ৰব্যবোৰৰ কবলত
সিওঁ এদিন বৰফৰ পৰ্বত
হোৱাৰ সপোন দেখিলে।

সৌৱা, চোৱা....
তৃষ্ণাতুৰসকল ৰাজআলিয়েদি,
দৌৰি ফুৰিছে মৰীচিকা খেদি খেদি
চিৎকাৰ কৰি উঠে মমতাৰ ভোকত;
আন্ধাৰ চৌদিশ,
নিস্তব্ধতা, নিস্তেজ!!
সুযোগতে হঠাৎ
নিষ্ঠুৰতাৰ চোকা অস্ত্ৰ
সোমাই আহে বুকু ভেদি,
বুকু ভেদি!

খন্তেকতে,
ৰাজআলি ৰঙা হ';
কৰাল মাৰা নৈখন আজি
তেজৰ নৈ লৈ সলনি হ'ল।
তাৰ পিছত,
মৌনতা!
মৌনতা! মৌনতা
মাথোঁ মৌনতা!!

****************

দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮


বিচ্চিন্ন
-কোকিল শইকীয়া
বিচ্ছিন্ন হলো
আমি বিছিন্ন হলোঁ
আগতে আমাৰ এটা ঘৰ নাছিল এতিয়া আমাৰ এটা ঘৰ হল বিচ্চিন্ন হলোঁ
আগতে আছিল আমাৰ মাজত এন্ধাৰ এতিয়া আমি ইজন-সিজন
পোহৰত আমাৰ মুখ
বিচ্চিন্ন হলো
আগেয়ে আমাৰ মাজত কোনো সম্পৰ্ক নাছিল স্পৰ্শ নাছিল
যোগাযোগ নাছিল
এতিয়া হ
বিচ্ছিন্ন হলোঁ
আগতে আছিল ধূলি ধুমুহা বতাহ এতিয়া দুটি কুঁহিপাত মাজেদি এটা কলি বিচ্চিন্ন হলোঁ

আমি বিচ্চিন্ন হলোঁ

************

শ্বিলঙৰ গধূলি



-গোদাবৰী

খাচী ডেকাজনৰ সুহুৰিটোৰ ছন্দে ছন্দে

লুংলুঙীয়া একাবেঁকা বাটটোৰে

নামি আহিছিল শ্বিলঙৰ সন্ধিয়াটো।


হঠাত্ গহীন হৈ পৰিছিল পাইন বননি,

চিগাৰেটৰ ধোঁৱাৰে ধূসৰিত বাটবোৰক

কুঁৱলীবোৰে আহি আগচি ধৰিছিল,

বাটবোৰ হৈ পৰিছিল ক্ৰমান্বয়ে এটি সাঁথৰ।


সাঁথৰ মোৰ সদায়েই প্ৰিয়

সেয়েহে প্ৰিয় মোৰ এই শ্বিলঙৰ গধূলি।

*************

মই পিচলিব খোজো

-ভাস্বতী দেৱী

বসন্তৰ সেই মন পৰশা দিনত
মই পিচলিব খোজো,
বসন্ত...........
হে ‌‌ঋতুৰাজ বসন্ত,
তুমি সিঁচি যোৱা মোৰ দেহৰ
কুঞ্জে কুঞ্জে,
তোমাৰ আগমনৰ বতৰা।
মই যে আনন্দত বাউলি
ছোৱালী জনীৰ দৰে,
চিঞৰি চিঞৰি সকলোকে শুনাও
বসন্ত........
বসন্ত আহি গ'ল।
ম‌ইও পুনৰ কলম তুলি ল'লো,
প্ৰতিবাৰ তুমিয়েইটো  মোলৈ লৈ আহা
মোৰ কবিতাৰ ভাষা,
বিচাৰি দিয়া মোৰ কবিতাৰ সুন্দৰতা,
সিঁচি যোৱা তোমাৰ প্ৰেমৰ বতৰা ,
তোমাৰ আগমনৰ সেউজীয়াই
মোৰ সপোনবোৰক জীপাল কৰি তোলে,
তোমাৰ সেউজীয়া সপোনবোৰ ৰ মাজতে
মই বিচাৰি লঁও মোৰ হালধীয়া সপোনজাক
তোমাৰ পৰশত,
তোমাৰ আগমনত মই যে
পিচলিব খোজো,
প্ৰতিবাৰ..........

পিচলিব খোজো।

***************

Suicide Note
-পল্লৱ দত্ত

আই অ'.. তোৰ জোঁৱাইৰ সতে মই একেবাৰে সুখী হ'ব পৰা নাই..

ইমান ক'লো-
মোক বিয়া নিদিবি
মোক বিয়া নিদিবি
তহঁতি কোনেও নুশুনিলি মোৰ কথা..
এবাৰো কিয় নুশুধিলি মনৰ কথা...
বুজিও নাপালি মই আনৰ সতে পুহি ৰখা সপোনটোৰ কথা....

জাননে আই মই আজি বহুদিনে শুৱা নাই
শুলেই সপোনত তেওঁ  আহি মোক বৰকৈ হাঁহি যায়..
মই বোলে টকা গাড়ী অট্তালিকা দেখি
আমি একেলগে দেখা সপোনটোত দিলোঁ জুই লগাই ।
মিছা মিছা মিছা বুলি এদিন চিঞৰি উঠিলোঁ..
তোৰ জোঁৱাই সাৰপাই উঠাত
জোৱায়েৰক দিবলৈ মোৰ একোৱেই উত্তৰ নাই...
বহু দি ন সুধিছে মোক সপোনটোৰ কথা
তোৰ জোৱায়েৰক দিবলৈ মোৰ একোৱেই উত্তৰ নাই..

সপোনৰ ভয়ত মই বহু দিন শুৱা নাই
কিজানি তোৰ জোঁৱাইয়ে কিবা গমকে পাই..



আই অ'.. তোৰ জোঁৱাইৰ সতে মই একেবাৰে সুখী হ'ব পৰা নাই..
তোৰ জোঁৱাই বেয়া নহয়
বৰ ভাল মানুহ এওঁ
মোক টুপকে পৰিবলৈ নিদিয়ে
বৰ মৰম কৰে....
বিয়াৰ পিছদিনাই মোক ফুৰাবলৈ নিলে
বহু দূৰলৈ
নতুন দাম্পত্তিয়ে তাত বোলে নিশা কটাই...
মই কিন্তু বৰ আমনি পালোঁ আই..

তোৰ জোঁৱাইয়ে মই ভালপোৱাকৈ বিধে বিধে ৰান্ধে সদায়....
মোলৈ ৰঙা নীলা শাৰী আনি আনি এতিয়া থ'বলৈকে ঠাই নাই...
জান আই.... পুৱাৰ চাহ কাপো মোক বিচনাতে দিয়েহি চপাই..
ইমানৰ পিছতো মই কিন্তু সুখী হ'ব পৰা নাই...

প্ৰেম এৰি সপোন পুৰি মই কেনেকৈ সুখী হ'ও তয়েই ক আই ।
কেতিয়াবা ভাবো
এই সকলোবোৰ এৰি আধৰুৱা সপোনটো সাজিমগৈ দুনাই...
কিন্তু মোৰ ভয় লাগে
সমাজখনে যে হাঁহিব খুৱাব আৰু পিতাইয়েটো মোক দিব জলাই...
মই এতিয়া কি কৰো আই.. মোৰ যে একো উপায় নাই
জীয়াই জীয়াই মৰাতকৈ মই সঁচাকৈয়ে মৰি যাওঁ অ' আই ।

তহঁত কুশলে থাক
এই কাগজখন পুৰাই হ'লেই মই ল'ম দিঙিত ৰচিডাল লগাই..
মোক ক্ষমা কৰি দিবি আই

মোক ক্ষমা কৰি দিবি........

****************

ঢৌবোৰ ঘূৰি নাহে
-জয়ন্ত কুমাৰ দাস
ঢৌবোৰ ঘূৰি নাহে।
নাওঁবোৰহে আহে।
নাওঁ ! সাউদৰ নাওঁ
বনিজৰ নাওঁ।
কণমানি দুজনী দৌৰি আহে।
নাওঁখনত বহে।
মৰা মাছবোৰৰ সতে কথা পাতে।
মৰা মাছবোৰে হাহে।
কণমানি দুজনীও হাহে।
হাহিবোৰৰ বতাহত ভাহে।
আৰু সুৰ এটি হৈ
ঢৌবোৰ ধৰি লৈ আহে।
সুৰবোৰ গুণগুণাই গুণগুণাই
সদাগৰে আকৌ নাওঁ মেলি যায়।
পশ্চিমীয়া বতাহজাক জোৰকৈ আহে।
সদাগৰৰ টুলুঙা নাওঁ টুলুং ভুটুংকৈ ভাহে।
কণমানি দুজনী পাৰলৈ দৌৰি আহে
দুৰৈত ৰিনিকি ৰিনিকি নাওবোৰ ভাহে।
হুমুনিয়াহ এজাকৰ সৈতে
ঢৌবোৰ উভটি আহে।
টুলুঙা নাওঁখনহে নাহে।
লঘোনীয়া পেটেৰে দুজনী কণমানি
পাৰৰ শিলচতাত বহে।
দুদিন পিছত চিনাকী সুৰ এটি
ৰিনিকি ৰিনিকি নাওবোৰ মাজত ভাহে।
মৰা মাছবোৰে পুন: হাহে।
কণমানি দুজনীও হাহে।
দুয়ো দুয়োকে বুজায়
ধেইৎ আকৰী
ঢৌবোৰ ঘূৰি নাহে।
নাওঁবোৰহে আহে।

**********


এবাৰ মূৰ তুলি চোৱা
-কাৱেৰী কাশ্যপ বৰা।
দেৰগাওঁ।
শুনা¸ আজি পুনৰাই কওঁ তোমাক
এবাৰ মূৰ তুলি চোৱা
শুধৰাম নিজক জানা
মাথো এবাৰ সুযোগ দিয়া


অসহায়ত দুহাত
ভৰিবোৰো অচল¸ নিঠৰ

কি ক'
তোমাৰ দুচকুৰ গভীৰতাত ডুবো মই
উজাগৰে পান কৰো অজস্ৰ নিশা


এবাৰ মূৰ তুলি চোৱা
জিলিকাম তোমাৰ দুওঁঠ
ওলমাম মুকুতা সলাজ হাঁহি।

বুজানে¸
হেৰুৱাৰ ভয়ে বাঁহ সাজে
উদং উদং মোৰ বুকুৰ পাৰ।


 ************

মা

        -ডিম্পী দত্ত
        কমাৰগাওঁ কলেজ বোকাখাট, গোলাঘাট

তয়েই নহয় জানো
যিয়ে মোক দহ মাহ দহ দিন
নিজৰ দেহত ধাৰণ কৰি
এই পৃথিৱীৰ ৰং দেখুৱাই দিয়া জনী৷
আজি বৰকৈ মনত পৰিছে মোৰ
তোৰ বুকুৰ উমত শুই নিজকে আপোন পাহৰা কৰা দিনবোৰলৈ৷
মা তয়েই নহয় জানো সেই নাৰী
যিয়ে নিজে নাখায় আমাৰ ক্ষুধা নিবাৰণ কৰাইছিলি,
চাচোন মা আজি আছেনে সেই দিনবোৰ৷
যি দিনত তোৰ পৰশ পাবলৈ মই ব্যাকুল হৈছিলো
আৰু আজি
মোৰ সকলো আছে
মাথো নাই তোৰ বাবে অলপমান সময় ৷
মই কি কৰো ক
ধনৰ বাবে মই আনৰ অধীন
সেইবাবে মই পাহৰি গৈছো তোৰ মৰম
যান্তিকতাৰ বলি হলো অ মই,
আজি হেৰাই পেলাইছো নিজক কোলাহলৰ মাজত
আঁতৰি আহি তোৰ আঁচলৰ পৰা৷

**********

পলৰীয়া 

-ডাঃপংকজ কলিতা
মুগুৰীয়া,কালীঘাট,পাঠশালা
যিহে নিৰ্জনতা
ফুটগধুলিতে দোভাগ নিশা
টোপ টোপ নিয়ৰে
সতেজ কৰি তোলে
ৰাতিৰ বিচিত্ৰ প্ৰকৃতি
ফুলবোৰ সুৰৰ দৰে ঘূৰি ফুৰে
দূৰ বহুদুৰ
খোৰেংত চৰাইহাল কপিছে
এজাক ঝিলিয়ে
মোৰ সোঁৱে বাঁৱে
জলমল শীতৰ সুৰ তোলে
ইচ্ছা কৰিয়েই
আকাশখন মূধচত শুই পৰে
খেৰৰ চালিত তৰাবোৰ জপিয়ায়
একোবাৰ ভুল হয়
ভুলবোৰ হেঁপাহৰ আঙুলি
ডাংবৰলা বাসনা হৈ চুব খোজে
তৰাৰ তেজৰ উম
আঁচলতে
মোৰ দুৰ্বলতা তাতেই
'দ পাই ঠনধৰা লাইদৰাৰ দৰে
ইচ্ছাৰ দহোটা আঙুলি
নিৰ্জনতাত
বহুদুৰ গুচি যাব খোজে

*************



বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮
  
কুঁৱলী

-ডুলুমণি ৰায়

ধোৱাবৰণীয়া আৱৰণত
সুদূৰত প্ৰায়ে ঢাক খায়
সূৰ্য্যৰ জলমলীয়া আভা
কোনোবা নাবালিকাৰ সত্বা....


কুঁৱলীৰ আৱেশত
ক্ৰমশঃ গৰ্ভৱতী হৈ অহা
আকাশখন দেখি
ওলাই নহাকৈ থাকে জানো
ফুটপাথৰ সেইজাক শিশু
কিম্বা,
কুহেলিকা নেওচি
নজ্বলাকৈ থাকে জানো
উচ্চ আসনৰ হেঁপাহত
জৰ্জ্জৰিত হোৱা মনৰ জুই...


খিৰিকীখন খুলিলেই
তেওঁক চুবলৈ পাওঁ
শূণ্য হিয়াত
প্ৰতিধ্বনিৰ আভাষ বুজি পাওঁ
দিগন্তৰ নিৰ্দিষ্ট তৰাটি এৰি
কাষতে আজীৱন থকা
প্ৰতিশ্ৰুতিৰ সেই সুৰ শুনা পাওঁ...

মেলি নিদিবি অ' কুঁৱলী
তোৰ অভিশপ্ত আচ্ছাদন
ছটিয়াই নেযাবি

হেজাৰজনৰ জীৱনত ক'লা বৰণ

**********************

সময়ৰ অপেক্ষা

-গণেশ কলিতা,  হাজো


আহিছিলা যিদিনা তুমি
সেই বাট
এতিয়া কাঁইটেৰে ভৰা,
অঁকোৱা পকোৱা আলি বাটটোত
নাই -
আঘোণীবাইৰ খৰি লুৰি
গোটাই অনা লগুৱা,
জাৰত পেপুৱা লগা
দূৰৰ পৰা মাত লগাই
"আই ঔ, বহুত খৰি আনিছুং" বুলি কবলৈ,
আঘোণীৰ  নিথৰ দেহত
আশাৰ বুলনি দিবলৈ,
চোতালৰ সেউজীয়া দলিচা গুচাই
প্রাণ প্রতিমা থাপিবলৈ,
নাই-
ভোমোৰাৰ গুণ গুণনি
ফুলে ফুলে মৌ চুহিবলৈ,
চৌপাশে নিতাল তাল
এক অনাবিল লহৰৰ মাজত-
গুৰি পৰুৱাৰ লেঠাৰি নিচিগা লানি,
বনৰজাৰ দপ দপনিত
কাহ পৰি জিন যায়
কেঁচু কুমটিৰ মুক্ত বিচৰণ,
ফেঁচাৰ নিবন্ধ কেমেৰাত বন্দী ৰাতিৰ নীলা সেউজীয়া তৰাবোৰ,

তথাপি মোৰ অপেক্ষা
সেই সময়ৰ সেই দিনটোৰ,
যিটো দিনত
আমি দুয়ো হেৰাই গৈছিলোঁ -
চিত্ত চঞ্চল কৰা কাননত,
এক অনাবিল আনন্দৰ জোৱাৰ বৈ গৈছিল-
আমাৰ দেহত তথা মনত

হেঁপাহেৰে তথা আলফুলে
সাবট মাৰি ধৰিছিলোঁ,
যানোচা প্ৰাণৰ সঞ্চাৰ হয়-
তেওঁৰ সৰ্পদংশনকৃত
নিথৰ দেহটোত,
মই অপেক্ষা কৰিছোঁ
এতিয়াও


 ****************
-

মাঘৰ এদিন
-পল্লৱ চৌধুৰী, হাজো
আঘোণৰ সোণোৱালী পথাৰখন
উদং হ'বৰে হ',
ভোগালীৰ ভোগৰ বাবে
চিৰা - পিঠা বনাবৰে হ',
গাওঁৰ প্ৰতিখন ঘৰতে হোৱা
হাই - উৰুমিৰ লগতে ঢেঁকীৰ শব্দ,
চাৰিওপিনে বিয়পি পৰে
সান্দহ তথা ভজা পিঠাৰ গোন্ধ

মনতে পৰে ঐ,
শৈশৱত নৰা কাটি
বনোৱা ভেলাৰে পুঁজি,
লগৰীয়াৰ সৈতে আনন্দ কৰি
ভোজ - ভাত খাই কটোৱা,
উৰুকাৰ প্ৰতিটো ৰাতি

মাঘৰ প্ৰথম পুৱা,
যেতিয়া জ্বলি উঠিব
সেই ভেলাৰে পুঁজি,
সেই জুয়ে দহন কৰক সকলো পাপক
নাশ কৰক সকলো পাপীক,
দিয়ক সকলোকে আগবঢ়াৰ শক্তি

সেইদিনাই যেতিয়া
কৰা যায় প্ৰণাম,
জ্যেষ্ঠ জনৰ চৰণ চুই,
দিয়ে আশীৰ্বাদ মূৰৰ চুলি চিঙি
গোটেই বছৰটো কুশলে যাবলৈ

খেতিয়ক সকলৰ নিষ্ঠুৰ প্ৰচেষ্টাত,
পাই ৰস আমাৰ এই ভোগালিয়ে,
সেইবাবেই বাপতি সাহোন বিহুটি আমাৰ
জাতীয় উৎসৱ ৰূপে সকলোৱে আদৰে

 ****************

সময়
-পল্লৱী খাটনিয়াৰ
তেওঁ আহিছিল..
বেলিটো লহিওঁৱাৰ পৰত
নাৱৰীয়া উভতনিৰ সময়ত..

নৈৰ দাঁতিৰ পথতো
একা বেঁকা আছিল
কাষৰ বনবোৰ
নিশ্চুপ হৈ আছিল,

তেওঁ যেনেকৈ আহিছিল
তেনেকৈ উভতি গৈছিল,

মোৰ ভ্ৰান্ত ধাৰণাবোৰ
ভাঙি দিছিল
সপোনবোৰ মৰীচিকা কৰি
আশাবোৰ দূৰলৈ ঠেলি দিছিল...

আৰু নৈপৰীয়া চেঁচা বতাহজাকে
বিৱৰ্ণ সময়ৰ আগজাননী দিছিল...     

 ***************
             
 ভালপোৱা
-চন্দ্ৰিকা দাস ভাগৱতী

স্মৃতি সাৱটি
বহি থাকে সময়
ভালপোৱা যে
কি যন্ত্ৰনা
ওঁঠ বাগৰি বৈ আহে
মাথোন
বুকুৰ হেজাৰ নিৰৱতা

************ 

জাৰজ
-লিপিকা দাস
আচলতে জাৰজ কোন
মই,
 নে মোৰ জন্ম নে মোৰ পৰিচয়?
জাৰজ বুলি কয়-য়েই বা কিয়?
মোৰ জন্ম জানোঁ মোৰ ইচ্ছাত হৈছিল?
 
নাই তো
 
হৈছিল মোৰ পিতৃ মাতৃৰ কৰ্মৰ ফলত

তেন্তে কিয়,
কিয় মোৰ সমাজ স্বীকৃত পৰিচয়------ মই অবৈধ!
এৰা! মোৰতো ভুল নাছিল
কেৱল থিতাপি লৈছিলোঁ
তোমাৰ গৰ্ভত,
 
সেয়া জানোঁ মোৰ ভুল?
যদি নহয়,
 তেন্তে কিয়,
কিয় আজি মোৰ আশ্রয়স্থলী
বাটৰ কাষৰ সেই জাবৰৰ দমটো?
কিয় আজি মই অৱহেলিত?
তোমালোকেতো হয়তো এতিয়া
সমাজৰ মুখাধাৰী ভদ্ৰলোক
হয়তো পাহৰি পেলাইছা
মোৰ অস্তিত্ব,
ময়ো যে আছিলোঁ তোমালোকৰ এটি অংশ

নাপাহৰিবাই বা কিয়!
তোমালোকেতো পাপ ধুইছা নিজৰ
উম,
 তোমালোকৰ দৃষ্টিত মইতো পাপেই হওঁ,
নহয় জানোঁ?
আজি মই উপেক্ষিত,
 অৱহেলিত
কিয়নো তোমালোকে প্ৰদান কৰা মোৰ সমাজ স্বীকৃত পৰিচয়
মই যে জাৰজ

**********

মন্দিৰ
                                       -অৰূপ কুমাৰ বৈশ্য

মোক সেৱা কৰে আপুনি,
মই সেৱা কৰো আপোনাক।
মোৰ অস্তিত্বক আপুনি বিশ্বাস কৰে,
আপোনাৰ অস্তিত্বক
মই শ্ৰদ্ধা কৰো।
আপুনি মোৰ বাবে জীয়াই আছে,
মই আপোনালোকৰ বাবে জীয়াই আছো।
আপোনাৰ চৰণ বুকুত বান্ধি
মইয়েই হওঁ ভগৱান।

***********

ভালপোৱা

               -মৃদুলা দৈমাৰী
              মঙ্গলদৈ

শেষ হৈ গৈছে
মোৰ প্ৰিয় সময়বোৰ,
তেজৰ কোহবোৰ
উলিয়াই দিছে সময়ে
কলিজাৰ পৰা,
তথাপিও পাহৰিব
পৰা নাই ভালপোৱা।
মাৰ যোৱা বেলিটি উভতি আহে
এটি পুৱাৰ উপহাৰ দিবলৈ,
সেয়ে পাহৰিব নোৱাৰো সময়
আৰু সময়ে দিয়া সেই উপহাৰ।
মোৰ দুটি ওঁঠৰ
সুমথিৰা ৰঙৰ হাঁহিবোৰ
শুকাই গৈছে,
থৰ হৈ ভাৱি থাকো
হাঁহি এটি আহিব বুলি।
যৌৱনৰ বোজা যেন
এই প্ৰেমো
হৈ পৰে অভিশপ্ত
আমি সেইজনক বেছি ভালপাওঁ
যিয়ে ঘৃণাহে কৰে।

********

সোঁৱৰণী
                       
                             -গায়ত্ৰী বুঢ়া গোঁহাই

বুকুখনত আবুৰকৈ ৰখা
অতিকৈ আপোন
সত্বাটোৱেওচোন কেতিয়াবা
ওফন্দি উঠি
তোলপাৰ লগাই
মোৰ হৃদয়ৰ চৌপাশ।
'ব নোৱাৰাকৈয়ে
খুলি পৰে
এখিলা এখিলাকৈ
সোঁৱৰণিৰ প্ৰতিখিলা পাত।
উস: একো নথকা
কলিজাটোতোচোন জোকাৰণি তোলে
হিচাপ নিকাচ কৰিব নোৱাৰা
খিচিৰ মিচিৰ অনুভৱবোৰে।
যি অনুভৱে কৰি তোলে মোক
কুমাৰী সাঁজৰ বিধৱা জোন।


*******

ভোগালী আহক এনেদৰেই
      
              -জয়ন্ত কুমাৰ দাস


ৰণুৱা মহৰ শিংৰ আচোৰত
বাৰীৰ ঢাপত খহি পৰে
উই হাফলুৰ আকাশ চুবৰ সপোন।

বলিয়া শীতত মেজি হৈ জ্বলি
ছাই হৈ উৰে আঘোনত এলাগী হৈ পৰা
উদঙীয়া গৰু মহৰ গছকত
পুহত হাউলি পৰা এদৰা নৰাৰ দুখ।

ককা আইতা আৰু নাতিৰ বাহিৰে
এই শীতত আৰুনো সুখী কোন?

জোনবাই ক'ত - ৰতনপুৰত।
শিয়ালী এ নাহিবি ৰাতি।
আৰু শেষত চাতি-মাটি বাইৰ পিঠা খোৱা
সাধুটো বাঘৰ দাঁত ভাগি শেষ হয়।
আইতাৰ বুকুৰ মাজত কুচিমূচি সোমাই
অজান দেশৰ সপোন খেদি লালকাল
ভাগৰুৱা পোনাকণ।

বিশ্বায়নৰ ধামখুমীয়া ব্যস্ততাৰ
নিগনি দৌৰ!
এতিয়া সুখীনো বাৰু কোন ?
এতিয়া সুখীনো বাৰু কোন!
তথাপি পুহত শুকুৱাই মেলি
ভঁড়াললৈ চপাওঁ
পকা সোণবৰনীয়া আঘোণ।

মাঘৰ মেজিত জ্বলি ছাঁ‌ই হওঁ‌ক
জ্বলি ছাঁ‌ই হওঁ‌ক জ্বলি ছাঁ‌ই হওঁ‌ক
অপ্ৰীতিৰ অসুৰ।

শিঙৰী গজা মাটিত গজি উঠক সুখ।
সম্প্ৰীতিবোৰ সাৰ্বজনীন হওঁ‌ক।
এনেদৰেই প্ৰতিবাৰেই
ভোগালী আহক
ভোগালী আহক
ভোগালী আহক ।

********

শীত

.              -স্পন্দন পলাশ
উমাল বুকুত গুজি গুজি উশাহ
লোৱাৰ
সময়তে
ওঁঠত গজি উঠে এপিয়লা ৰ'দৰ
গান
.
তপ্ত বুকুত তোক
হেৰুৱাৰ বাসনা
.
তোৰ ভোকত জুহাল জ্বলে
আশাশুধীয়া সুৰ এটাই হালে
জালে -
মই বসন্ত ।

**********

অতীত

         - ডিম্পী দত্ত
            বোকাখাট
আজি অতীতলৈ বৰকৈ মনত পৰিছেচোন
হে অতীত আহচোন আকৌ
তোৰ বুকুত বিলীন হৈ যাঁও
এবাৰ প্রাণ খুলি চাওঁ
তোৰ মৰম সনা মুখখনি
এবাৰ আলিঙ্গন কৰিব দে তোক
আজি তই বহুত দূৰৈত
 
সেইবাবে হয়তো মন বিষাদেৰে ভৰা
তই নোহোৱাৰ বাবেই হয়তো
মই পাহৰি গৈছোঁ সকলো
মাথো বিচাৰো কেৱল তোক
' অতীত তোৰ বাৰু এবাৰো মনত নপৰেনে
মোলৈ?
******************
নিৰুদ্বেশ

-ডাঃ পংকজ কলিতা
পাঠশালা, বৰপেটা
ফোন-৯৬৭৮৬৮০৩৯০
দীঘলীয়া উকি মাৰি গুচি যোৱা ৰেলখন
বহুপৰ হ'
এতিয়াও এৰি যোৱা নিৰ্জনতাই
গাওঁখন মোচৰা মাৰি ধৰি আছে
অলপ ঠাণ্ডাতে মানুহজন
থৰথৰ কপিছে
দাঁতে দাঁতে ভয়াৰ্ত শব্দৰ যংকাৰ
উদং বক্ষত সহিষ্ণু কলিজাৰ
হেজাৰ প্ৰতিবাদ
ঘৰ পথাৰ একাকাৰ কৰা
এইয়া কাৰ বুকুৰ এন্ধাৰ!
দীঘলীয়া উকি মাৰি গুচি যোৱা ৰেলখন
আচলতে সিয়েই জীৱন
হাতৰ মুঠিৰ গোপন সত্য
পাবলৈ
হেৰুৱাবলৈ
কোনো মতলব নাই।