নতুনৰ কন্ঠ






দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮

বিষয়ঃ ভেলেন্টাইন দ্যে আৰু যুৱ প্ৰজন্ম : বিশৃংখলতাৰ মাজত হেৰাই গৈছে নেকি ফাগুনৰ আৱেশৰ অনুভূতি।

ক) আজিৰ যুৱপ্ৰজন্মই যান্ত্ৰিকতাৰ অৱদান ফেচবুক হোৱাটচএপ, পাশ্চাত্যৰ সুলভ ভেলেণ্টাইন দ্যেৰ সতে নিজৰ আৱেগসৰ্বস্বক এনেদৰে সাঙুৰি লৈছে যে এইবিলাকৰ সৈতে ব‍্যস্ততাৰে সময় কটোৱাতহে আগ্ৰহী, ফাগুনৰ সৌন্দৰ্য, পচোৱাৰ আবিৰতা উপলব্ধি কৰিবলৈ সময়ৰ অভাৱ। সম্প্ৰতি যুৱসমাজ ফেব্ৰুৱাৰী মাহটোত ভেলেণ্টাইনৰ যা-যোগাৰক লৈয়ে এনেদৰে ব‍্যস্ত যে পৃথিৱী 
কেতিয়া ৰঙা কেতিয়া সেউজীয়া হয় তাক লৈ উৎসাহৰ অভাৱ। বিশ্বায়নৰ ধতুৰা ফুলৰ নিচাত দিকভ্ৰান্ত হৈ যুৱপ্ৰজন্ম লিপ্ত হৈছে অসামাজিক কামত। প্ৰেমৰ সংজ্ঞাক যৌনতালৈ অৱনমিত, প্ৰাকৃতিক সৌন্দৰ্য চেলফিতে সীমাবদ্ধ, হৃদয় পাষাণ হৈ আহিছে; এনে বিশৃংখলতাৰ পৰিৱেশ সুলভ বজাৰত কেইজনে বুজি পায় ফাগুনৰ সহজাত আৱেগ!! 

-নাং তুলিকা
স্নাতক ষষ্ঠ ষণ্মাসিক
ইতিহাস বিভাগ
দেবৰাজ ৰয় কলেজ
গোলাঘাট
ফোন-৮০১১৫০৪৭৪২
                              ***********

খ) ১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন দ্যে মানে প্ৰেমৰ দিৱস। মইবোৰ আমি হৈ ৰ'ব সেইদিনাৰ পৰা, মৰম ভাগ-বতৰা কৰিব ইজনে আনজনক, উপহাৰ দিব প্ৰেম যুগমীয়া কৰাৰ উদ্দেশ্যি, প্ৰতিজ্ঞা ল'ব চাকিৰ গছাঁ হোৱাৰ।

বিশৃংখলতাত হেৰাই গৈছে প্ৰেমৰ দিনৰ পৱিত্ৰতা আৰু ফাগুন ফাগুন লগা সেই অনন্য মনোভাৱটি। চিনেমা হল,ৰেষ্টুৰেন্ট,পাৰ্কৰ এন্ধাৰ এচুকতেই যেন সীমাবদ্ধ আজিৰ ১৪ ফেব্ৰুৱাৰী। ১৪ ফেব্ৰুৱাৰী বুলিলেই অশ্লীলতাৰ ভাওঁনাত ব্যস্ত হৈ আজিৰ যুৱ প্ৰজন্মৰ কিছু সংখ্যকে, তেওঁলোকৰ মতে প্ৰেমৰ দিৱসৰ সূত্ৰ সেইটোৱেই। দামী বাইক, এটা কেমেৰা, এজনী প্ৰেমিকা এইবোৰই শেষ প্ৰাপ্তি আজিৰ যুৱ প্ৰজন্মৰ। হেৰাই গ'ল আগৰ দিনৰ সেই মধুৰ দিন বোৰ। ব্যৰ্থ হ'ল ভেলেণ্টাইন দ্যে শৃংখলতা অটুট ৰখাত আজিৰ যুৱ প্জন্ম। যদি এনেধৰণৰ শৃংখলতাৰ আত্মহত্যা ভৱিষ্যতলৈও এনেদৰেই থাকে তেনেহ'লে স্বৰ্গীয় অনুভূতি প্ৰেমৰ সেই বিশেষ দিনটোৰ একো অৰ্থ নাথাকিব।

-ৰূপজ্যোতি শৰ্মা
নলবাৰী মহাবিদ্যালয়

দ্বিতীয় ষান্মাষিক

বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭




ক/ “মিছন চাইনা” অসমীয়া চলচ্চিত্র জগতৰ বাট মোকলাই দিয়া বুলি ক’লে ভুল নহয়। চলচ্চিত্রখনত যদিওবা বহুতো ঋণাত্মক দিশ আছে তাৰ ধনাত্মক দিশটোও আমি নুই কৰিব নোৱাৰো। যুৱ প্ৰজন্মৰ লগতে সমগ্র অসমৰ ৰাইজে আঁকোৱালি লৈছে। মিছন চাইনাই অসমৰ চলচ্চিত্র জগতলৈ পৰিবৰ্তনৰ ঢৌ কঢ়িয়াই আনিছে। ইয়ে এক নতুন যুগৰ সূচনা কৰিব। বিশ্ব দৰবাৰত অসমীয়া চলচ্চিত্রৰ নাম উজলি উঠক, এয়াই আমাৰ কামনা- মুনমী ৰাজবংশী

খ/ 'মিছন  চাইনা' হ'ল  ২০১৭  চনৰ  ৮  ছেপ্টেম্বৰত  যুপ্ৰজন্মৰ  হাৰ্টথ্ৰ  জুবিন  গাৰ্গৰ  দ্বাৰা  পৰিচালিত  হৈ  মুক্তি  লাভ কৰা  এখন  Action ধৰ্মী  অসমীয়া   চলচ্চিত্ৰ।  ক'বলৈ  গ’লে  এই  ছবিখনে  অসমীয়া  চিনেমাৰ  জগতৰ  লগতে  যুৱপ্ৰজন্মৰ  মাজত  এক  জোৱাৰৰ  সূচনা  কৰা  দেখা  যায়।
যিহেতু  বৰ্তমান  সময়ত  জুবিন  গাৰ্গ   হৈছে  যুৱপ্ৰজন্মৰ  হাৰ্টথ্ৰব  লগতে  সংগীত  জগতৰ  ভোটাতৰা  বুলিব  পাৰি।  তেওঁৰ  লগতে  বহুতো  লোকৰ  আৱেগ, মৰম,  ভালপোৱা,  আশা,  সপোন  আদি  সোমাই  আছে।
মই  উল্লেখিত  প্ৰশ্নৰ  আঁতধৰি  মোৰ  অনুভৱৰ  পৰা  কওঁ  যে--  'মিছন  চাইনা'  ছবিখনে  অসমীয়া  চিনেমা  জগতলৈ  কিছু  পৰিমাণে  পৰিবৰ্তন  আনিছে  হয়  কিন্তু  তাত  তাৰ  সমান্তৰালভাৱে  "পৰিচালনা"  কথাও   কম-বেছি  পৰিমাণে   সোমাই  আছে। মই  ভাবো  যে,  এই  ছবিখনে  কাহিনীৰ  ক্ষেত্ৰত  ইতিহাসৰ  সূচনা  নকৰিলেও  আন  আন  প্ৰযুক্তিবিদ্যা-  কেমেৰা,  লাইট, শব্দ  ইত্যাদি  আনুষংগিক  বিভিন্ন  দিশ  উন্নত  আৰু  সেই  সমূহে  দৰ্শকক  সহজে  আকৰ্ষণ  কৰিব  পাৰিছে  বুলি  ক'ব  পাৰি।
    আৰু  এটা  কথা  জুবিন  গাৰ্গ  দ্বাৰা  পৰিচালিত  এই  চলচ্চিত্ৰ  খনে  বহুতো  জনসাধাৰণক  কম-বেছি  পৰিমাণে  হ'লেও  ছবিগৃহত  চিনেমা  চোৱাৰ  সোৱাদ  এটা  প্ৰদান  কৰিলে।
   ই  যি  কি  নহওঁক  যদি  'মিছন  চাইনা' ৰ  দৰে  অনাগত  দিনত  আহিব  লগা  আন  আন  অসমীয়া  ছবিসমূহো  দৰ্শক  সকলে আদৰি  লয়  তেন্তে  অসমীয়া  চিনেমা  জগতৰ  অৰ্থনৈতিক  দিশৰ  লগতে  আন  দিশ  সমূহো  শক্তিশালী  হৈ  উঠিব।
-     মৃদুস্মিতা  নাথ।

------------------------------------


বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭


: ৰেখা কলিতা
শিশু শ্ৰমিক এক ভয়াবহ সমস্যা। আমাৰ সমাজৰ চাৰিওফালে এবাৰ চকু ফুৰালেই দেখা পোৱা যাব যে বহু সংখ্যক কণ কণ বঞ্চিত আৰু অৱহেলিত শিশুৱে হাৰ ভঙা পৰিশ্ৰম কৰি একোখন ঘৰ, এটা পৰিয়াল চলাই আছে। বিদ্যালয়লৈ গৈ নিজৰ ভৱিষ্যতৰ ভেটি গঢ়াৰ সময়ত তেওঁলোকে তুলি লব লগা হৈছে গধুৰ বোজা। এয়াই আমাৰ দেশৰ কৰুণ বাস্তৱ। ভাৰতবৰ্ষৰ জনসাধৰণৰ অৰ্থনৈতিক অসমতাৰ ফলস্বৰূপেই পখিলা খেদাৰ বয়সৰ এচাম শিশুৰ দুবেলা-দুমুঠি অন্নৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে। কোৱা হয়, দেশ এখনৰ ভৱিষ্যত শিশুৰ উন্নয়নৰ লগত সাঙুৰ খাই আছে। তেনেস্থলত বিভিন্ন কামত শিশু শ্ৰমিকৰ নিয়োগ কোনো কাৰণতেই গ্ৰহণযোগ্য বুলি কব নোৱাৰি। বিভিন্ন সময়, বিভিন্ন আইন প্ৰণয়নৰ জৰিয়তে শিশুৰ শৈশৱ সুৰক্ষিত ৰখাৰ য়ত্ন কৰা হৈছে কিন্তু সেই আইনৰ সঠিক ব্যৱহাৰ নোহোৱাত সকলোবোৰ ধোৱা চাঙতহে পৰিণত হৈছে। কেৱল আইনৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকি আমি দেশৰ সাধৰণ জনতাই সেই সকল শিশুৰ শিক্ষা আদিৰ দায়িত্ব লৈ এক সুন্দৰ ভৱিষ্যত সৃষ্টি কৰিব পাৰোঁ হক।
*****
: অনুশ্ৰী দত্ত, হাজো
অৰ্থনীতিবিদ সকলে কৈ গৈছে যে মানুহো হেনো এক সম্পদ যাক মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ ওপৰতে এখন সমাজ, এখন দেশ, এক কথাত গোটেই পৃথিৱীৰ অস্তিত্ব নিৰ্ভৰ কৰি আছে। মানুহৰ অন্তৰ্নিহিত গুণ, দক্ষতা আদিৰ বাবেই মানুহক সম্পদ হিচাপে বিবেচিত কৰা হৈছেএষাৰ কথা আছে আজিৰ শিশু ভৱিষ্যতৰ এজন সু নাগৰিক, অৰ্থাত্ আজিৰ শিশু ভৱিষ্যতৰ সম্পদ। এই শিশুবোৰৰ ওপৰতেই দেশৰ ভৱিষ্যত নিৰ্ভৰশীল। কিন্তু সাম্প্ৰতিক কালত এই শিশুবোৰ শ্ৰমিকৰ ৰূপত অৱতীৰ্ণ হোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয় যাৰ ফলত দেশৰ ভৱিষ্যত সংকটজনক অৱস্থাত পৰিলক্ষিত হয়।
*****
: পল্লৱ চৌধুৰী, হাজো
"আজিৰ শিশু ভৱিষ্যতৰ সম্পদ"---- এই বাক্যশাৰী অতি তত্বগধুৰকাৰণ, এজন শিশুৱে শৈক্ষিক দিশেৰেই পৰিপুষ্ট হৈ এজন সুনাগৰিক হিচাপে তেওঁ, নিজৰ পৰিয়ালৰ লগতে দেশৰ তথা দহৰো উপকাৰ সাধন কৰিবলৈ নিজক প্ৰস্তুত কৰাৰ সময়টো শৈশৱতেই নিৰ্ধাৰিত হয়শিশুজন যদি ভাল পৰিবেশত গঢ় দিব পৰা যায় তেন্তে এদিন দেশৰ সম্পদ হোৱাটো নিশ্চিতকিন্তু যদি তেওঁক প্ৰতিভা বিকাশত সুযোগ দিয়াৰ আগতেই শ্ৰমিক হিচাপে নিয়োগ কৰা যায়, তেতিয়া দেশৰ সম্পদ হিচাপে গঢ় লবলৈ বহুতো বাধা আহি পৰে সমাজখন যাতে অশান্তি, বিশৃংশলতা আৰু উন্মত্ত হিংসাৰ বলি নহয়, শিশুবোৰক তাৰেই জ্ঞান দিব লাগিব
আচলতে দৰিদ্ৰতা হ'ল পৰিয়াল এখনৰ বা শিশু এজনৰ প্ৰধান ঘাটক দৰিদ্ৰতাৰ পোকে  শুহি শুহি তেজ খোৱাৰ ফলত তথা কিছু মাক-দেউতাকৰ প্ৰতাৰণাৰ বলি হৈও একোটা শিশু শ্ৰমিকৰ জন্ম হয়দৰিদ্ৰতাৰ হেঁচায়ে শিশু এজনক বন্ধ কাৰাগাৰৰ পিনে ঠেলি দিয়েযাৰ ফলত সুন্দৰ বাল্যকালটো অন্ধকাৰ হৈ পৰেকিন্তু, শৈক্ষিক দিশৰ মাজতো যদি শিশু সকলক চিত্ৰ, ভাস্কৰ্য্য, নৃত্য, গীত বা অন্যান্য কৌশলৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা যায় তেন্তে এই শিশু সকলৰ ভৱিষ্যত আৰু কিছু ৰঙীন হ'ব পাৰেজ্ঞান আহৰণৰ যোগেদিহে জ্ঞান-বিজ্ঞানৰ পৃথিৱী খনৰ লগত শিশু সকলে নিজকে খাপ খুৱাব পাৰিবমানৱীয় সমূল্যৰ অধিকাৰী হ'লেহে শিশু সকল সামাজিক প্ৰমূল্যৰ অধিকাৰী হৈ দেশখনত শান্তি শৃংখলা আৰু সুখ সমৃদ্ধি অটুত ৰাখিব পাৰিব 
      গতিকে দৰিদ্ৰতা হল শিশু শ্ৰমিক এজনৰ মূল কাৰণদৰিদ্ৰতা কমিলেহে শিশু শ্ৰমিক কমিব বুলি মোৰ বিশ্বাসআৰু ইয়াৰ কাৰণে চৰকাৰ খনেও কিবা এটা গভীৰ পদক্ষেপ ল'ব লাগিবকেৱল চৰকাৰ খনেই নহয়, আমাৰ  ৰাইজেও শিশুৰ হাতত কামৰ পৰিবৰ্তে কাগজ-কলম তুলি দিয়া উচিত। কিয়নো, এই একোটা শিশুৱেই ভৱিষ্যতে আমাৰ দেশখনৰ উন্নয়নৰ বাবে একোটা সাংঘাতিক অস্ত্ৰ ৰূপে পৰিগণিত হয়
******
: পল্লৱ দত্ত
উক্ত কথাষাৰ সঁচা বুলি প্ৰমাণ কৰিবলৈ হ'লে প্ৰতিটো শিশুৱে শিক্ষা গ্ৰহণ কৰিবই লাগিব। 
কিন্তু কিছুমান ঠাইত দেখা যায় যে শিক্ষাতকৈ দুবেলাৰ দুসাঁজ খাদ্যৰ যোগাৰেহে বেছি প্ৰধান্য পায়এইয়া অৱশ্যে স্বাভাৱিক, কাৰণ নোখোৱাকৈটো কোনো জীয়াই থাকিব নোৱাৰে সেয়েহে দৰিদ্ৰ পৰিয়ালৰ শিশু সকলক শিক্ষাৰ সলনি শ্ৰমিক হৈ উপাৰ্জন কৰিবলৈ শিকোৱা হয়ইয়াৰ মাজতো কিন্তু বহু কথা জড়িত হৈ থাকেকিছুমান শিশুৰ মাক দেউতাক নাথাকে, তেওঁলোকৰ থকা আৰু খোৱাৰ সুবিধা দি কোনোবাই শ্ৰমিক কৰি ৰাখেএনে কিছুমান শিশুও থাকে যাৰ মাক দেউতাক থাকে কিন্তু তেওঁলোকৰ বাবেও শিশুটিয়েই উপাৰ্জন কৰিব লাগে, ফলত শিশুটি হৈ পাৰে এজন শ্ৰমিক 
সাম্প্ৰতিক সময়ত শিশু শ্ৰমিকৰ ৰূপত অৱতীৰ্ণ হোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয় আজিৰ শিশু ভৱিষ্যতৰ সম্পদ হ'বলৈ হ'লে প্ৰতিটো শিশু স্কুললৈ যাবই লাগিব আৰু উপযুক্ত শিক্ষা পাবই লাগিব। অৱশ্যে এইক্ষেত্ৰত তেওঁলোকে সুবিধাও পাব লাগিব
********
: তৰালী দত্ত, গুৱাহাটী
"আজিৰ শিশু ভৱিষ্যতৰ সম্পদ" কিন্তু সাম্প্ৰতিক সময়ত এই শিশুসকল শ্ৰমিকৰ ৰূপত অৱতীৰ্ণ হোৱাটো একেবাৰে গ্ৰহণযোগ্য  নহয় কাৰণ তৰুণ সকল দেশ আৰু জাতিৰ ভৱিষ্যত শিশু শ্ৰমিক এক ভয়াৱহ সমস্যা হৈ থিয় দিছে। শিশু শিশুয়েই ধনী আৰু দুখীয়া শ্ৰেণীৰ লগত তাৰ তুলনা নহয় দৰিদ্ৰ ঘৰৰ শিশুসকলৰ প্ৰয়োজন এমুঠি অন্ন আৰু তাৰ বিনিময় ৰূপত তুলি লব বাধ্য হয় হাতত শ্ৰমফুলকুমলীয়া পখিলা খেদি ফুৰা বয়সত একোখন কৈ ঘৰ চলাই থাকিব লগীয়া হয়। এয়া আমাৰ বাবে, দেশৰ বাবে এক অভিশপ্ত জীৱনত শুনা পাওঁ হৃদয়ৰ কোঠাৰীত কৰুণ শব্দৰ সুহুৰীশিশু শ্ৰমিক অসম তথা ভাৰতৰ এক অন্যতম সমস্যাশিশু শ্ৰমিক নিষিদ্ধ কৰা হৈছিল কিন্তু আমি প্ৰায়ে দেখিবলৈ পাওঁ  ডাঙৰ ডাঙৰ বিষয়ববীয়া সকলৰ ঘৰতেই শিশু শ্ৰমিক বহুতসিহঁতবোৰে শাৰীৰিক মানসিক অত্যাচাৰ খাইয়ো এমুঠি অন্নৰ বাবে জীয়াই থাকিব লগীয়া হয়জ্ঞানৰ শীৰ্ষত থকা শিক্ষিত সকলৰো ঘৰত নাইবা নিজ নিজ প্ৰয়োজনত শিশু শ্ৰমিক নিয়োজিত কৰাৰ নিদৰ্শন বহুত আছেকিন্তু তেওঁলোকেই সভা-সমিতিবোৰত শিশু শ্ৰমিকৰ পক্ষে ঠিয় হৈ ডাঙৰ ডাঙৰ ভাষণ দিয়ে আৰু তেওঁলোকৰ ঘৰতে  সেই নিয়োজিত শ্ৰমিক শিশু সকলে নাপায় এষাৰ মৰমৰ মাতনাপায় নিজৰ সন্তানক খাবলৈ দিয়া মালভোগ কল কিম্বা ভাল আহাৰৰ সোৱাদ .....সাজ পোছাকৰ কথাটো বাদেই  কেতিয়াবা এনেকুৱাও দেখা যায় যে গৃহস্থই খাই ৰৈ যোৱা বা পেলাই দিব খোজা  এভাগৰ হে সিহঁতবোৰৰ বাবে হৈ পৰে ক্ষুধা নিবাৰণৰ একমাত্ৰ উপায় এয়াই আমাৰ শিক্ষিত সমাজ আৰু মানসিকতাতাৰ মাজতো সচেতন ভাল মানুহো অৱশ্যে আছেআমাৰ মানৱতা আৰু মানসিকতাবোৰ যেতিয়ালৈ সলনি নহয় আৰু দৰিদ্ৰতা শেষ নহয় হয়টো তেতিয়ালৈ এই সমস্যা ভয়াৱহ সমস্যা হৈয়ে থাকিবতাৰ বাবে লাগিব আমাক এক মানৱীয় মানসিকতা আৰু এখন বহল হৃদয়আহক আমি সকলোৱে মনৱতাকে আচল ধৰ্ম মানি আগুৱাই যাওঁ আৰু এই কন কন শিশু বোৰৰ মুখত হাঁহি বিৰিঙাও
**********

বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭

“বেটুপাত” ৰ “নতুনৰ কন্ঠ’ ৰ আগষ্ট মাহৰ বিষয়—

সাম্প্ৰতিক সময়ত বাঢ়ি অহা পিতৃ-মাতৃৰ বৃদ্ধাশ্ৰম যাত্ৰা আপুনি মানি ল’ব পাৰেনে?

বৃদ্ধাশ্ৰম! আলয়, মৰমৰ ঘৰ আৰু যে ক'ত কি! কিয় এইঘৰবোৰৰ জন্ম হৈছে? মানুহে মানৱতা এৰিছে, পুত্ৰই মাতৃস্নেহ ত্যাগ কৰিছে, পিতৃৰ আঙুলিত ধৰি পৃথিৱীত খোজ পেলোৱাৰ কথা পাহৰিছে। বৃদ্ধাশ্ৰমত কোনো ককা-আইতা নথকাতো বিচাৰো তথাপিও যে বাতৰি পাওঁ পুত্ৰই মাতৃক বিমানবন্দৰত থৈ আমেৰিকালৈ পলায়ন কৰিলে, পিতৃক কোঠাত আবদ্ধ কৰি ৰাখিলে নিজ পুত্ৰ-বোৱাৰীয়ে। অনাগত দিনবোৰ যেন ভাল হয়, যিয়ে পৃথিৱীত আনে  সেইজনক যেন শেষৰ সময়চোৱাত অকলসৰীয়া নকৰে কোনো সন্তানে। কোনো ককা-আইতা এনে বৃদ্ধাশ্ৰমৰ সদস্য নহওঁক তাৰে কামনা কৰিলো।
: জেনিয়া আহমেদ।
গুৱাহাটী।
------------------
সাম্প্ৰতিক সময়ত বাঢ়ি অহা  পিতৃ-মাতৃৰ বৃদ্ধাশ্ৰম যাত্ৰাৰ বৃদ্ধি পুতৌজনক,আৰু মই কোনোপধ্যেয় ইয়াৰ দ্বাৰা কিবা ধনাত্মক দিশৰ উদয় ' বুলি মানি ' নুখোজোঁ বিশ্বৰ আন আন দেশসমূহত এই অভাৱনীয় আত্মীয় মূল্যবোধৰ স্খলন আগৰ পৰাই পৰিলক্ষিত হৈ আহিছে,কিন্ত এই ক্ষেত্ৰত ব্যতিক্ৰম আছিল ভাৰতভূমি,এতিয়া তাৰ ওলোটা ক্ৰিয়া, জাকজমকতাৰ -দিগন্তৰ সন্ধানত আজি দিকভ্ৰষ্ট পথিক মানৱ সমাজ
৯মাহ নিজৰ ভ্ৰুণ ৰক্ষাৰ বাবে সকলো কষ্ট যথোসাধ্যে শ্বীকাৰ কৰা মমতা,জন্মৰ পাছত নিজৰ কথা চিন্তা নকৰি কপাল ঘাম মাটিত পেলাই নিজৰ সন্তানৰ উজ্বল ভৱিষ্যৎৰ স্বাৰ্থহীন সপোঁন দেখা পিতৃ শ্নেহক মূল্যহীন কৰি যি কৃত্ৰিম পৃথিৱী এখন প্ৰস্ততৰ জো-জা চলিছে,তাত যে জীৱশ্ৰেষ্ঠ বিপন্ন নহ'ব তাৰ কোনো মানে নাই।সাম্প্ৰতিক কালত সামাজিক ব্যাধি স্বৰূপে থিয় দিয়া এই কীটটোক আমি সকলোৱে দুনাই বিবেচনা কৰা উচিত।

सर्वतीर्थमयी माता सर्वदेवमयः पिता 
मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत्
অৰ্থাৎ,মাতৃয়েই সকলো তীৰ্থস্থানৰ মূল আৰু পিতৃ সবৰোপৰ দেবাদি দেৱ,আৰু মাতৃ-পিতৃক পূজোতা জনেহে সৰগ ঢ়ুকি পায় ।
সদৌ শেষত সমূহ পাঠক বৃন্দলৈ মোৰ এটাই অনুৰোধ-মন্দিৰ বনাওঁক,মজজিদ বনাওঁক,গীৰ্জা বনাওঁক কিন্ত বৃদ্ধাশ্ৰম কেতিয়াও নবনাব  নিজৰ মাতৃ-পিতৃক নিজৰ লগতেই ৰাখক,আৰু আপোনাক জন্মৰ পৰা নিজৰ ভৰিত থিয় দিব পৰালৈকে সামৰ্থবান কৰাৰ অনুদান হিচাপে ভক্তি-শ্নেহৰ বান্ধোনেৰে বান্ধক যাতে তেওঁলোকে সুখেৰে জীৱনৰ বাৰটা বসন্ত ভ্ৰমি সুখনিদ্ৰা লাভ কৰে।

: ছানকুমাৰ কলিতা
নগৰবেৰা
৭৩৯৯৪২৫১৮১
------------------

বালিলৈ  যিপাট শৰ সুগ্ৰীৱলৈও একেপাট. বৰ্তমান আমাৰ সমাজত  দেখা পোৱা পিতৃ মাতৃৰ বৃদ্ধা শ্ৰম গমনৰ বিষয়টো অপ্ৰিয় 'লেও কিছু কিছু কাৰণত মানি ' লগা হলেও ইয়াক  আমি সমৰ্থন নকৰো  যাৰ স্থান আকাশতকৈও উচ্চ আৰু যাৰ অবিহনে আমি সসাগৰা বসুধা দেখা নাপালো হেতেঁন তেওঁলোকক প্ৰতিদান দিয়াৰ সময়চোৱাত যদি অবহেলা কৰো সেয়া নিতান্তই অনুচিত
কিন্তু বৰ্তমান সমাজত দেখা যায় যে সন্তান সকলৰ অতিমাত্ৰা কৰ্ম ব্যস্ততাৰ বাবে পিতৃ মাতৃক ভালদৰে আল পৈচান ধৰাত অসমৰ্থ হয়। তদুপৰি  বহুক্ষেত্ৰত ঘৰত ৰুগীয়া মাক দেউতাকক কৰ্ম সংস্থানৰ খাতিৰতঅকলেই এৰিব লগা হয়। তেনেক্ষেত্ৰত বৃদ্ধাশ্ৰমত থোৱাতো মানি ল'ৱ পাৰি কিন্তু কেৱল নিজৰ সুবিধাৰ বাবেই মাক /দেউতাকক বৃদ্ধাশ্ৰমত ৰখাটো সমাজৰ বাবে অশনি সংকেত। কাৰণ পৰৱৰ্তী প্ৰজন্মই আমাৰ পৰাই শিক্ষা লৈ আমাকো একেই ব্যৱহাৰ কৰিব।
: কৌশিক ৰনজন বৰা
 দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়,দেৰগাঁও
------------------

কেতিয়াও মানি লব নোৱাৰো,কাৰণ মা দেউতা যদি বৃদ্ধ অৱস্থাত বৃদ্ধাশ্ৰম যাবয়ে লাগে,যিটো সময়ত তেখেত সকলে নিজৰ সন্তানৰ সংগ বিচাৰে তাতকৈ সন্তান জন্ম নিদিয়াই ভাল,কাৰণ সন্তান থাকিও যদি তেনে অৱস্থা হয় তেন্তে নিজকে সন্তানহীন বুলি কওতে লাজ আৰু দুখ কমকৈ হে লাগিব

: পাঞ্চি কলিতা, শুৱালকুছি
--------------------

জন্ম দিয়া পিতৃ মাতৃক যিবোৰে আশ্ৰমত থয় সেইবোৰৰ আচলতে জীয়াই থকাৰ অধিকাৰ নাইসিহতবোৰ মানুহে নহয়মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰ বুজিব নোৱাৰি
এতিয়া এই বিষয়ত সজাগতা আৰম্ভ কৰিবলগীয়া হৈছে , নহলে এনে এটা দিন আহিব আশ্ৰমৰ কথা বাদ দিয়ক ফুটপাথবোৰো বৃদ্ধ
মানুহেৰে ভৰি পৰিব।

: মৰমী আহমেদ
ৰঙিয়া
------------------


বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭

নতুনৰ কন্ঠৰ এই মাহৰ বিষয়ঃ
অসমৰ চলচ্চিত্ৰ প্ৰেক্ষাগৃহ সমূহৰ পৰা অসমীয়া চলচ্চিত্ৰ আঁতৰাই  হিন্দী চলচ্চিত্ৰৰ প্ৰদৰ্শন কিমান গ্ৰহণযোগ্য?

ৰূপজ্যোতি শৰ্মা, নলবাৰীঃ এজন অসমীয়া হিচাপে এনেকুৱা এটা প্ৰশ্নৰ সন্মুখীন হ'ব লগাটো আমাৰ বাবে লাঁজৰ কথা। এটা সৰু উদাহৰণ যোৱা ১৯ মে' তাৰিখে অসমৰ সৰু বৰ সকলো ছবিগৃহতে মুক্তি পাইছিল চন্দ্ৰ মুদৈ ছাৰৰ এখন অসমীয়া চ্চলচিত্ৰ নাম "ছয়গাঁওৰ চম্পা" আৰু তাৰ সমসাময়িক ভাৱে মুক্তি পাইছিল হিন্দী ছবি "হাফ গাৰ্লফেণ্ড আৰু হিন্দী মিডিয়াম"। এই দুখন বলিউদ চলচ্চিত্ৰৰ  বাবে আমাৰ অসমীয়া চলচ্চিত্ৰ খনক কমকৈ গুৰুত্ব দিয়া হ', আৰু যদিও লগাইছে ৰাতি ৮ বজাৰ দৰ্শনীতহে। অসমীয়া চলচ্চিত্ৰক আকৌ অসমতে ভাল দৰ্শনীৰ সময় নিদিয়া টো চিন্তনীয়। আৰু এটা দুখৰ বিষয় যোৱা ২০ জানুৱাৰীত মুক্তি প্ৰাপ্ত হিমাংশু প্ৰসাদ দাসৰ "শ্বাকিৰা আহিব বকুল তলৰ বিহুলৈ" ছবি খন তাৰে চাৰি দিন পিছৰ মুক্তি প্ৰাপ্ত "কাবিল আৰু ৰইজ"ৰ বাবে আঁতৰাই দিছিল, এসপ্তাহ সম্পূৰ্ণকৈ চলিব নিদিলে আমাৰ চলচ্চিত্ৰ খন। অসমত অসমীয়া বোলছবিক গুৰুত্ব নিদিয়া বিষয়টো সঁচাই ভাৱিব লগীয়া, কিয় কৰে নিজৰ ভাষাৰ বোলছবিক এনেকুৱা? সঁচাকৈয়ে প্ৰশ্নৰ  বিষয় !!

লুতফা আখতাৰা, চাংসাৰী (জলাহ) : অসমীয়া চলচ্চিত্ৰ প্ৰেক্ষাগৃহসমূহৰ পৰা অসমীয়া চলচ্চিত্ৰ আঁতৰাই বলিউদ জগতখনক প্ৰাধান্য দিয়াটো মুঠেই যুক্তিসংগত নহয়। যাৰ ফলত সাম্প্ৰতিক কালত অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখন নানান ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। বলিউদৰ চলচ্চিত্ৰৰ হেঁচাৰ প্ৰকোপত অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখন নিজ মাতৃভূমিতে একোটা বিন্দুত পৰিণত হোৱাৰ উপক্ৰম হৈছে। অসমতে অসমীয়া কলা কুশলীৰ প্ৰতি আদৰ সন্মান অইন বহু ঠাইৰ তুলনাত বহু পৰিমাণে কম। সাধাৰণতে প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ এক উপযুক্ত মাধ্যম চলচ্চিত্ৰ উদ্যোগ, কিন্তু চলচ্চিত্ৰ উদ্যোগৰ অসমীয়া ছবি প্ৰদৰ্শন কৰাৰ হেলাতে হওঁক, চলচ্চিত্ৰ গৃহৰ অভাৱতে হওঁক, অসমৰ বহু প্ৰতিভা কালৰ গৰ্ভত বিলীন হৈ যোৱা দৃষ্টিগোচৰ হৈছে। অসমীয়া চলচ্চিত্ৰৰ স্বকীয় বৈশিষ্ট্য, আন বহুভাষিক  চলচ্চিত্ৰত পাবলৈ নাই, তথাপিও অসমৰ চলচ্চিত্ৰ গৃহসমূহে অসমীয়া বোলছবি প্ৰদৰ্শনৰ ক্ষেত্ৰত হেমাহি কৰে, অসমীয়া ছবিৰ প্ৰতি যেন স্পষ্ট অনিহা। যিটো কাৰণত নিজ গৃহতে অসমীয়া আজি লাঞ্ছিত। আধুনিকতাৰ মেৰপাকত সোমাই অসমীয়া চলচ্চিত্ৰৰ যাতে স্বকীয় গৰিমা ম্লান হৈ নাযায় তাৰ প্ৰতি আমি প্ৰত্যেকেজন অসমীয়াই গুৰুত্ব আৰোপ কৰাটো বৰ্তমান সময়ত নিতান্তই প্ৰয়োজন হৈছে। তেতিয়াহে চাগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ বুকুলৈ প্ৰভাতৰ কিৰণ নামি আহিব।

ৰূপম কলিতা, বামুন্দীঃ অসমত এতিয়া প্ৰতিখন জিলাতে প্ৰয়োজন হৈ পৰিছে এটাকৈ আচুতীয়া ছবিগৃহৰ। য'ত প্ৰদৰ্শিত হ'ব একমাত্ৰ অসমীয়া বোলছবি। জুবিন গাৰ্গে চেলেঞ্জ লৈছে যে অসমত আৰু ৩০০ টা ছবিগৃহ জীৱিত কৰি তুলিব। এয়া হৈছে আমাৰ বাবে গৌৰৱৰ কথা। অসমীয়া বোলছবি নোহোৱা হৈ গ'লে আমি বিশ্ববাসীৰ সন্মুখত নিজকে অসমীয়া বুলি চিনাকি দিব পাৰিম নে। সেয়া আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন হৈ ৰ'ব।


বিতোপন দাস, কামৰূপঃ প্ৰথমতে এষাৰ কথা কওঁ জন্ম গ্ৰহণ কৰিছো অসমত গতিকে বুকু ওফন্দাই কৈছো মই অসমীয়া। নতুনৰ কন্ঠৰ বিষয়টোৱে মোক বহুত উৎসাহিত কৰিছে। নতুন অসমীয়া চলচিত্ৰ--- ছাকিৰা আহিব বকুলতলৰ বিহুলৈ, দূৰদৰ্শন এটি যন্ত্ৰ এই দুখন ছবি চাই অনুভৱ হৈছিল অসমত এতিয়া শক্তিশালী পৰিচালক তথা কাহিনীকাৰৰ জন্ম হৈছে। এখন নাটকক চিনেমালৈ অগ্ৰগতি দিয়া কিমান কষ্টকৰ সেয়া নক’লেও সকলোৰে জ্ঞাত। কিন্তু এটা কথাই বৰকৈ আমনি কৰে, হিন্দী বোলছবি অহাৰ লগে আঁতৰাই দিয়া হয় জাতি মাটিৰ সংস্পৰ্শেৰে ভৰি থকা অসমীয়া ছবিখন। এয়াই নেকি আমাৰ সন্মান মৰ্যাদা। হে আমাৰ অসমৰ বন্ধু বান্ধৱী আমাৰ দায়িত্ব নাই জানো অসমৰ শিল্পী সকলক প্ৰকৃত মৰ্যাদা প্ৰদান কৰাৰ। গতিকে আহক আগুৱাই অসমীয়া বোলছবিক আঁকোৱালি লওঁ।

পল্লৱ দত্তঃ অসমৰ অসমীয়া হিচাপে যদি চাওঁ তেন্তে ই একেবাৰেই গ্ৰহণযোগ্য নহয়। কাৰণ অসমৰ প্ৰেক্ষাগৃতেই যদি অসমীয়া চলচ্চিত্র প্ৰদৰ্শন নকৰে তেন্তে ক'ত কৰিব। কিন্তু প্ৰেক্ষাগৃহৰ মালিক সকলে বৰ্তমান সময়ত অসমীয়াতকৈ হিন্দী ছবি প্ৰদৰ্শনৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া দেখা যায়। কাৰণ অসমীয়া ছবি উপভোগৰ বাবে দৰ্শকৰ অভাৱ। ইয়াৰ বাবে প্ৰেক্ষাগৃহৰ  মালিক সকলক জগৰীয়া কৰি লাভ নাই। অসমৰ অসমীয়াই যদি অসমীয়া ছবি চাবলৈ নাযায় তেন্তে মালিক সকলে কাৰ বাবে অসমীয়া ছবি প্ৰদৰ্শন কৰিব। ইয়াৰ মাজতো দুই এখন অসমীয়া ছবিত যথেষ্ট দৰ্শক দেখিবলৈ পোৱা যায় কিন্তু কেইটামান দৰ্শনীৰ পিছতেই দৰ্শকৰ সংখ্যা কমি যায় আৰু তাৰ বাবেই হিন্দী ছবিয়ে বেছি আদৰ লাভ কৰে। আৰু এনেকুৱা হোৱাটোও স্বাভাৱিক কাৰণ এইয়া ব্যৱসায়।