বেটুপাতলৈ শুভেচ্ছাবাণী


বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭


-----------------------------
বেটুপাত : এক মূল্যায়ণ
"Literature is the brain of humanity" সাহিত্য মানৱ জাতিৰ মস্তিষ্ক স্বৰূপ৷ ই মানৱ জাতিৰ অবিনশ্বৰ ভাৱ চিন্তাৰ ভঁৰাল৷ ই এক কলা-- যি কলা আমি একনিষ্ঠ বিনিদ্ৰ সাধনাৰ দ্বাৰা লাভ কৰা কৌশল বা সামৰ্থ্য৷ ইয়াৰ সম্বল স্বাধীনতা, যি স্বাধীনতাই মানুহৰ বিচাৰ-বুদ্ধি-জ্ঞান-অভিজ্ঞতাক  কলমৰ মাজেৰে প্ৰকাশিত কৰাত সহায় কৰে৷ প্ৰকাশতেই আনন্দ, জেউতি মাধুৰী, অপ্ৰকাশতেই নিৰানন্দ, বিষাদ-অন্ধকাৰ৷ দহজনৰ কথা আলচ কৰা আৰু বাস্তৱৰ জগতৰ বাহিৰেও কাল্পনিক জগতৰ কথা চিন্তা কৰাৰ স্বভাৱ-সুলভ প্ৰবৃত্তিৰ সফল ৰূপ দিয়াৰ উপায় হৈছে ভাষা আৰু ইয়াক লিপিবদ্ধ কৰি পাঠকক মোহাৱিষ্ট কৰিব পাৰিলেই ই সাহিত্য নাম পায়৷
      "বেটুপাত"  এনে এখন আলোচনী যিখনে সাহিত্যৰ এনে মৰ্যদা অক্ষুণ্ণ ৰখাত সফল হৈছে৷ কবিতা, গল্প, প্ৰবন্ধ, অনুভৱ আদিৰ  উপৰিও বিভিন্ন সময়োপযোগী লেখা ইয়াত সন্নিৱিষ্ট হৈছে৷ প্ৰতিটো লেখাই উচ্চমানবিশিষ্ট আৰু পাঠকক চিন্তাৰ খোৰাক জন্মোৱাত সফল হৈছে৷
      আলোচনীখনৰ এটা ভাল লগা দিশ হ'ল ইয়াত নৱীন-প্ৰবীন সকলোৰে লেখা সন্নিৱিষ্ট হোৱা দেখা গৈছে৷ যিসকল প্ৰতিষ্ঠিত লেখক তেওঁলোকৰ উপৰিও সাহিত্য চৰ্চা কৰিব খোজা গৰিষ্ঠসংখ্যক নতুন লেখকক এই আলোচনীয়ে এখন মঞ্চ দিছে, তেওঁলোকৰ প্ৰতিভাক বাহিৰলৈ উলিয়াই অনাত সহায় কৰিছে৷ ই আমাৰ সাহিত্যৰ বাবে শুভ লক্ষণ৷
 আশা ৰাখিছোঁ এই ই-আলোচনীখনে আৰু নতুন নতুন সাহিত্যৰ শিতান ইয়াত অন্তৰ্ভুক্ত কৰি পাঠক সমাজক  মনোৰঞ্জন তথা জ্ঞান প্ৰদান কৰিব৷
     শেষত, এবছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষ্যে "বেটুপাত"ৰ সম্পাদক প্ৰমুখ্যে আলোচনীখনৰ লগত জড়িত সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু এই আলোচনীখনৰ সৰ্বাঙ্গীন উন্নতি কামনা কৰিলোঁ৷
: পাৰ্ভিছ জলী ভূঞা
------------------------------
বেটুপাত
মই যিদিনা পৰা বেটুপাত আলোচনী পঢ়িবলৈ পাইছিলো তেতিয়াৰ পৰাই বেটুপাতৰ কথা মনত ৰৈ আছে!
মই বেটুপাতৰ লিখনি পঢ়ি খুবেই ভাল পাওঁ!
বেটুপাতৰ লিখক/কবি সকলোক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ! তেওঁলোকৰ লিখনিয়ে বহুত নজনা কথা শিকাই থৈ যায়!
প্ৰথমতে মোৰ দাদাই আৰু মায়া আৰু তেনেকুৱা আলোচনী ক্ৰয় কৰিছিল মই সেইবোৰ চুৰ কৰি পঢ়িছিলো! কাৰণ মোৰ পঢ়িব লগীয়া কিতাপ আছিল যদিও মই বাহিৰা কিতাপ পঢ়ি ভাল পাইছিলো!
সেই বাবে চুৰ কৰি পঢ়িব লগীয়া হৈছিল! তেনেকুৱা বহুত আলোচনী পঢ়িছোঁ কিন্তু বেটুপাত আলোচনী পঢ়ি বেছি ভাল লাগিছে মোৰ!
আপোনালোকে জনোৱা মতে বেটুপাত এবছৰ হ'ল বেটুপাত আলোচনী খন আৰু দীর্ঘ জীৱি হওঁক তাৰে কামনা কৰিলোঁ!
বেটুপাত আলোচনী পঢ়িবলৈ পাই মই নথৈ সুখী অনুভৱ কৰোঁ!
বেটুপাতে নিজৰ কথা নাভাবি আনক উৎসাহ দিয়ে তাৰ বাবে সম্পাদক তথা বেটুপাতৰ কৰ্ম কৰ্তালৈ আন্তৰিক ধন্যবাদ!
সঁচাকৈ কবলৈ গ'লে মোৰ প্ৰিয় আলোচনী বেটুপাত!
: ধৰ্মেন্দ্ৰ নাথ
----------------------------
ই-মেগাজিন বেটুপাতে এবছৰ পূৰ্ণ কৰা বুলি জানি সুখী হৈছো। অসমীয়া ভাষা-সাহিত্যৰ সংকটৰ দিনত এচাম তৰুণে যি নিষ্ঠা আৰু আন্তৰিকতাৰে আমাৰ ভাষাটোৰ সাধনা কৰিছে, ই প্ৰশংসনীয়।
: মৃণাল পি জ্যোতি
-----------------------------
যুগে যুগে শেষ নহয় জিজ্ঞাসা, মাধ্যম সলনি হয় । সময় প্ৰবাহ কিন্ত অনন্ত । প্ৰথমে মৌখিক ৰূপত, তাৰ পিছত ছপা ৰূপত আৰু এতিয়া ইন্টাৰনেটৰ মাধ্যমেৰে মানুহৰ সৃষ্টিশীল জিজ্ঞাসা অব্যাহত আছে । যুগৰ লগত খোজ মিলাই এই যাত্ৰাত সংযোজিত এটা নাম বেটুপাতএটা বৰ্ষ অতিক্ৰমী দ্বিতীয় বৰ্ষত ভৰি দিয়া মুহূৰ্তত বেটুপাত ৰ অগ্ৰগামিতা সহৃদয়তাৰে কামনা কৰিলো । সৃষ্টিশীল কৰ্মৰ দলিল হৈ ৰওঁক সদায় ।
: বিনীতা বৰা দেৱ চৌধুৰী
------------------------
চাওঁতে চাওঁতে বেটুপাতে এবছৰ পূৰণ কৰিলে । সম্পাদকৰ লগতে বেটুপাতৰ সকলো কৰ্ম-কৰ্তা আৰু শ্ৰদ্ধাৰ মৰমৰ লেখক-লেখিকা তথা পঢ়ুৱৈ সকলোলৈ অশেষ ধন্যবাদ আৰু শুভকামনা ।
এনেকুৱা ভাল কামবোৰ সদায় কৰা যায় যেন। এবছৰীয়া যাত্ৰাত কষ্ট যথেষ্ট হৈছে; হয়তো আৰু আগলৈও হব । কিন্তু সকলো হেঙাৰ ভাঙি আগুৱাই যোৱা ।উজলি উঠা । শুভ কামনাৰে………. 
: মিনাক্ষী বৈশ্য
-------------------------
বৰ্তমান সময়ত প্ৰচলিত অসমীয়া  ই-আলোচনী সমূহৰ ভিতৰত "বেটুপাত" য়ে অতি কম সময়ৰ ভিতৰতে অসমৰ পঢ়ূৱৈ সমাজত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আলোচনী খনৰ অভূতপূৰ্ব সফলতাৰ আঁৰত লুকাই আছে সম্পাদনা সমিতিৰ অবিৰাম চেষ্টা আৰু কৰ্মসাধনা।আলোচনীখনৰ মুখ্য পৃষ্ঠাৰ লগতে প্ৰতিটো শিতানেই পাঠক সমাজৰ মাজত জনপ্ৰিয়। নবীন কবিলিখক সকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আলোচনীখনে বিশেষভাৱে  সহায় কৰি আহিছে। আগষ্ট মাহত আলোচনীখনে এটা বছৰ সম্পূৰ্ণ কৰিব। "বেটুপাত"ৰ জনপ্ৰিয়তা আৰু সফলতা ক্ৰমশঃ বৃদ্ধি হৈ যাওঁক। সদৌশেষত, আলোচনীখনৰ দীৰ্ঘায়ু কামনাৰে ....
: তৃষ্ণা শইকীয়া 

নগাওঁ
--------------------------
বেটুপাত

 বেটুপাতবোৰতেই কঢ়িয়াই ফুৰে
অফুৰন্ত আশা উত্তৰ পুৰুষৰ অনাগত দিনৰ
তাৰ পাকস্থলীত সোমাই থকা 
ৰসাল খাদ্য বোৰ বিয়পি যায় 
সিৰাই উপসিৰাই 
ৰঙা ৰঙা তেজৰ বৰণহৈ.......।
    ই-আলোচনী বেটুপাতৰ বৰ্ষপুতিৰ বাবে হিয়াত নিগৰি অহা কলমৰ সোঁত। বেটুপাতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
: গীতিকা কলিতা