অণুগল্প





দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮

অহেতুক
-তৃপ্তী ডেকা
সম্পৰ্কটো গতানুগতিক নাছিল! তেওঁ এজন সফল স্বামী, সু পুত্ৰ লগতে এজন মৰমিয়াল পিতৃ আছিল।  এখন সুখী পৰিয়াল স্থাপন কৰিবলৈ তেওঁ সক্ষম আছিল।   পত্নী লগত কেতিয়াও কোনো কথাত আজিলৈ মত ভিন্নমত হৈ পোৱা নাই। গৌৰৱ কৰিব পৰা ধৰণে এজনী মহিলাক জীৱনত পোৱা সৌৰভ শৰ্মাই এজন সুখী মানুহ আছিল।    ব্যক্তিগত জীৱনৰ লগতে ব্যৱসায়িক জীৱনত ও তেওঁ সুখ্যাতিৰে আগ বাঢ়িব পাৰিছিল।                       কস্তুৰীয়ে সৰুৰে পৰা এই মানুহজনক দেখি আহিছে। বছৰত এবাৰ হলেও তেওঁক দেখি তাই কব নোৱাৰাকৈ সুখী হবলৈ ধৰিলে। সময় আগবাঢ়িল। কস্ত্তৰীৰ বয়ষো।  কলেজীয়া জীৱন শেষ কৰি এতিয়া বিশ্ববিদ্যালয়ত খোজ দিছে।     সকলোবোৰ ঠিকেই ছলিল।  তাৰ মাজতে এদিন তাইৰ সৌৰভ শৰ্মা লগত চিনাকী হল। বিশ্ববিদ্যালয়ৰ অধিবেশনত তেখেতে মূখ্য অতিথি বুলি আগতীয়াকৈ গম পোৱা হলে তাই অন্তত নিজক অলপ প্ৰস্তুত কৰি লব পাৰিলে হয়। কিন্তু সেইদৰে হথাৎ চিনাকি হব লগা হোৱাত তাই কবলৈ একো বিচাৰি নাপালে।               কস্তুৰীয়ে যিজন মানুহৰ প্ৰতি সৰুৰে পৰা এক অবুজ শিহৰণ অনুভৱ কৰি আহিছে সেইজন মানুহৰ লগত প্ৰথম চিনাকীতে তাই আপোনত্ব গঢ়িবলৈ সক্ষম হৈছে।
 এই চিনাকি ইয়াতেই শেষ নহ ল, ইয়াৰ পৰা Facebook, Facebook ৰ পৰা ফোনলৈ গতি কৰিলে। এতিয়া সিহতৰ মাজত প্ৰায়ে কথা বতৰা হবলৈ ধৰিলে। কস্তুৰীয়ে হৃদয়ত থুপখাই থকা সকলো আবেগ এটা এটাকৈ তেওঁৰ আগত বিনা দ্বিধাই প্ৰকাশ কৰিলে। সৌৰভে ও নিজকে কোনো সীমাবদ্ধতাত নাৰাখি কৈ গ ল কস্তুৰীক লগ পোৱাৰ পিছত তেওঁৰ জীৱনলৈ অহা অচিনাকি অনুভুতিৰ কথা।  তেওঁ প্ৰায়ে কয়                            '' মই মোৰ পত্নীৰ পৰা বিৰক্ত হৈ তোমাৰ কাষ চপা নাই। মই তেওঁৰ লগত সুখী ; কিন্তু মোৰ তোমাকৈও ভাল লাগে। লগ পোৱাৰে পৰা তোমাক মোৰ আপোন আপোন লাগে। ''               কস্তুৰীয়ে বুজি পায় সকলো কথা। সৌৰভৰ  আবেগিক তাই দুবাহুৰে কেতিয়াবাই নিজৰ কৰি লৈছে। সমস্ত জানিওঁ নিজকে তেওঁৰ প্ৰেমত পৰিবলৈ বাধা দিব নোৱাৰিলে। তাই কেতিয়াও তেওঁৰ
লগত এখন ঘৰ পতাৰ সপোন দেখা নাই। বৰঞ্ছ সৌৰভক দিব পৰা মৰম খিনি দি তাইক তেওঁৰ

 ভাবনাত জীপাল কৰি ৰখাৰ এক বিশ্বাস হৃদয়ত ৰাখি তেওক ভাল পায় আহিছে।                    (হৃদয়ৰ সম্পৰ্কবোৰ তেনেকুৱাই । তেওঁক অত্যন্ত ভাল পাওঁ অথচ বিনিময়ত তেওঁৰ পৰা ভালবোৰ বিচাৰি সম্পৰ্কটোক বেপেৰুৱা কৰিব মন নাযায়)

            *************************

নিচা
-অৰূপ ৰাজ কলিতা
ভৱানীপুৰ

: - মই পিছলৈ উভতি চাব নোৱাৰোঁ,  তুমি কথাবোৰ কিয় নুবুজা অনিৰ্বান?  মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো ।
:- কি  ?
:-   মোৰ গৰ্ভত এখুদ এখুদকৈ বাঢ়িব ধৰিছে তোমাৰ বংশৰ বীজ ৷

 বিজুলীৰ চমকনি,  মেঘৰ গুমগুমনিৰ মাজেৰে আবেগ গধুৰ সুৰ এটি ভাঁহি আহিছে ৷ নীৰাৰ ওঁঠ দুটি কঁপি উঠিছে ৷ তাই স্থিৰ দৃষ্টিৰে  চাই ৰৈছে অনিৰ্বানৰ মুখলৈ ৷ বিমূৰ্ত হৈ নৈৰ কাষৰ শিলচটাত বহি পৰিছে অনিৰ্বান ৷ কম পোহৰৰ জ্বলি থকা লাইটবোৰৰ পোহৰ আৰু ক্ষীণ হৈ গৈ হঠাৎ সকলো লাইট একেলগে জ্বলি উঠিছে ।
হাত চাপৰিৰে ৰজন্জনাই গৈছে প্ৰেক্ষাগৃহটো । নীৰা আৰু অনিৰ্বানৰ  চৰিত্ৰ দুটিত ইমান প্ৰাণ ঢালি অভিনয় কৰিছে  পৰিধি আৰু কুনালে । 
  জানুৱাৰীত  ৰাষ্ট্ৰীয় নাট সমাৰোহ ত্ৰিপুৰাত  মঞ্চস্থ হ'  অনিৰুদ্ধ বৰ্মনৰ  নাটক " নৰকত বন্দী ঈশ্বৰৰ  ভালপোৱা" 

যদিও মই অভিনয় কৰিব নাজানো,  নাটক কিন্তু বৰ ভালপাওঁ ৷ সেয়েহে অনিৰুদ্ধৰ নাটকৰ আখৰাৰ প্ৰথম দিনৰ পৰা নাট মঞ্চস্থ হোৱাৰ  শেষ মূহূৰ্তলৈ  মই থাকো । অনিৰুদ্ধ মোৰ স্কুলীয়া বন্ধু ৷  সৰুৰ পৰাই সি নাটক বলিয়া । 
সমাজৰ বিভিন্ন চৰিত্ৰ  অধ্যয়ন কৰি নিজৰ প্ৰতিভাৰে বহুকেইখন সফল নাটক  মঞ্চস্থ কৰি  ৰাষ্ট্ৰীয়  প্ৰেক্ষাপটৰ পৰা বহুকেইটা পুৰস্কাৰ বুটলি এজন দক্ষ পৰিচালক হিচাপে নিজৰ পৰিচয় ডাঙি ধৰিছে । সোঁহাতৰ আঙুলিৰ ফাকত জ্বলন্ত চিগাৰেট এটা লৈ মঞ্চৰ  মাজত থিয় হৈ যেতিয়া নাটক পৰিচালনা কৰে, তেতিয়া তাৰ প্ৰতিভাৰ ওপৰত আমাৰ হিংসা লাগে । এনে এজন প্ৰতিভাসম্পন্ন ল'ৰাক বন্ধু হিচাপে পাই আমি বহুত সুখী । মাথো এটাই তাৰ বেয়া অভ্যাস,  প্ৰয়োজনতকৈ বেছি চিগাৰেট খাই সি । নাটকৰ আখৰাৰ  সেই  তিনি ঘন্টা সময়ত সি প্ৰায় দহটা চিগাৰেট জ্বলায় । অলপ কমকৈ খাবিচোন চিগাৰেট ,   এই কথাষাৰ আমি যে কৈ কৈ ভাগৰি গৈছো ৷ এটাই তাৰ উত্তৰ, মানুহক জীয়াই থাকিবলৈ কিবা নহয় কিবা এটা নিচাৰ প্ৰয়োজন ।
 বহি থকা নিৰ্দিষ্ট চকীখনৰ পৰা  অনিৰুদ্ধই মঞ্চৰ সোঁমাজলৈ উঠি আহিল ৷ কুনাল আৰু  পৰিধিয়ে এক প্ৰশ্নবোধক দৃষ্টিৰে তাৰ মুখলৈ চাই ৰ'ল। 
: আৰু ভাল কৰিব পাৰিলাহেতেন ৷ দুয়োটাৰে মাজত সিমানখিনি  ক্ষমতা আছে । খুব গম্ভীৰ ভাবে কথাষাৰ কৈ অনিৰুদ্ধ আহি মোৰ কাষত বহিল ।
ইতিমধ্যে সৰু ল'ৰা এজনে চাহ দি গ', আজি অনিৰুদ্ধই চিগাৰেট জ্বলোৱা নায় ৷ ময়ে পকেটৰ পৰা চিগাৰেটৰ পেকেটতো উলিয়াই তালৈ আগবঢ়াই দিলো ৷ মিচিকিয়া হাঁহি এটা মাৰি সি ক'লে নাখাওঁ।
মই একপ্ৰকাৰ চিঞৰি উঠিলো,  
কি ?  চিগাৰেট আৰু তই নাখাৱ !  কথাটো কি ?
: মই  প্ৰেমত পৰিছো
: হাৰে এইটো কোন দেশৰ নিয়ম প্ৰেমত পৰিলে চিগাৰেট খাব নোৱাৰি  ?   নে  তেওঁ খাবলৈ হাক দিছে ? 
সৰু সৰুকৈ ক'লে সি মই চিগাৰেট খাওঁ বুলি নাজানে তাই । কালি তাইৰ বান্ধবী এজনীৰ মুখত শুনিছো তাই হেনো  মদ,  চিগাৰেট খোৱা মানুহ বৰ বেয়া পায় । কথাষাৰ কৈ সি পুনৰ মঞ্চলৈ উঠি গ'ল ।
মনতে ভাবিলো মই  প্ৰেমৰেই এনে শক্তি আছে যিয়ে ঘূৰি থকা সময়কো স্তব্ধ কৰিব পাৰে ৷ প্ৰেম এনে এক নিচা, যাৰ সান্নিধ্যত মানুহে পৃথিৱীৰ সকলো নিচা পাহৰি যায়••••••••


                      *****************

বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

মুখাৰ আঁৰৰ মুখ

-মাচুমা বেগম
                                                          জ্যোতিনগৰ, বামুণীমৈডাম
      
    সভাই সমিতিয়ে নাৰী মুক্তি আৰু "বেটি বচাওঁ বেটি পঢ়াওঁ" বিষয়ত সুন্দৰ ভাষণ দি ৰাইজৰ বিপুল হাতচাপৰি লাভ কৰা সমাজকৰ্মী মিছেছ শইকীয়ানী। আজিও শিশুশ্ৰমিক বিৰোধী আলোচনাত তেওঁক নিমন্ত্ৰণ কৰা হৈছে ইতিমধ্যে তেওঁ ভাষণত কব লগা কথাখিনিও দুবাৰমান আওঁৰাই লৈছে। সকলো ৰেডী কৰি তেওঁ চাহকাপ আনিবলৈ বনকৰা ছো‌ৱালী মিনতিক মাত লগালেমিনতিয়ে দৌৰ মাৰি চাহৰ কাপটো দিবলৈ আনোতে হাতৰ পৰা পিছলি চাহ অকণ শইকীয়ানীৰ কাপোৰত পৰিবলৈহে পালে, ঠাচ্ ঠাচ্ কৈ মিনতিৰ দুগালত চৰ দুটা সোধাই কাপোৰসাজ সলাই ওলাই আহিল। দহ বছৰীয়া মিনতিজনীয়ে এচুকত বহি কান্দি কান্দিয়ে বাচনবোৰ ধোৱাত লাগিল। ইফালে সভাত হাতচাপৰিৰ জাঁউৰি উঠিল....

*********


দেৱাল
                              
-অৰূপ ৰাজ কলিতা
                                                    ভৱানীপুৰ


    দুয়োখন ঘৰৰ মাজৰ খালী ঠাই দুটুকুৰা মিলি আগতে এখন ডাঙৰ চোতাল আছিলহঠাতে অনুমান কৰিব নোৱাৰি দুয়োখন ঘৰৰ মাজৰ সীমা কোনটো৷ দুয়োখন ঘৰৰ বিয়াই-সভাই  এইখন চোতালেই ব্যৱহাৰ হৈছিল।
কিন্তু দিন জানো সমানে যায়?
এদিন আগৰ ঘৰৰ  গৰুৰ পোৱালি এটাই পিছৰ ঘৰৰ পিৰালিত ফুলি থকা ফুলৰ গছ এডাল খাই তহিলং কৰিলে৷গৰুৱে  ফুলৰ গছ খোৱাক লৈ দুয়োখন ঘৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'   সেই কাজিয়াই অকল মুখৰ কাজিয়া হৈ নাথাকি কাজিয়া   সীমাত বহিল গৈ।
ৰচি টানি সীমা নিৰ্ধাৰণ কৰা হ',   বাঁহ কাটি গোঁজ সজা হ' আৰু চোতালৰ মাজতে গঢ় লৈ উঠিল এখন জেওৰা এতিয়া এখন ঘৰৰ মানুহ সিখন ঘৰলৈ যাব নোৱাৰে জেওৰাৰ সিপাৰে দেখা মানুহজনক মাতো বুলিও মাতিব নোৱাৰে দেখিও নেদেখাৰ ভাও জুৰি ঘৰ সোমাই সকলোৱে।

লাহে লাহে ৰ'দে পুৰি, বৰষুণে তিয়াই  মাটিয়ে খাই জেওৰাখন  দুৰ্বল কৰি পেলালে৷কিন্তু খং, ঘৃণা আৰু অহংকাৰ মিলি দুয়োখন ঘৰৰ মানুহৰ  মনত গঢ়ি উঠা দেৱালখন জানো ৰ',  বতাহ, বৰষুণে খহাব পাৰিব! 

 ********


বেটুপাতদ্বিতীয় বৰ্ষচতুৰ্থ সংখ্যাডিচেম্বৰ-২০১৭



বুদ্ধি
-পাপৰি বৰ্মন


ৰাতিপুৱা ৰ পৰা পৰিয়াল আৰু অফিচৰ কামৰ পৰা আজৰি হৈ নিতুয়ে চাহ ৰ কাপটো হাতত লৈ আৰামকৈ বহাৰ লগে লগে শাহুৱেকে বেয়াকৈ চিঞৰি উঠিল , " কিমান বহি থাকা? অফিচত টো বহিয়ে থকা ।" নিতুয়ে একো উত্তৰ নিদিয়া দেখি কাম কৰা ছোৱালীজনীয়ে খং কৰিলে, " বৌ ,  মনে মনে থাকে যে।" নিতুয়ে ওচৰত খেলি থকা নিজৰ সাতবছৰীয়া লৰাটোলৈ দেখুৱাই কলে, " মা হয় , খং তো কৰিবই। মই কিয় বেয়াকৈ উত্তৰ দিম? আজি মই উত্তৰ দিয়া শুনি মোৰ লৰাই যদি কালিলৈ মোক উত্তৰ দিয়ে? পঢ়ি শুনি চাকৰি কৰিলে নহব নহয়। নিজৰ পৰিয়ালৰ ভৱিষ্যত মই নিজে ভাল কৰিব চেষ্টা কৰিব লাগিব । মোৰ লৰাক মানুহ কৰিবলৈ কিতাপৰ শিক্ষাৰ লগতে ঘৰুৱা পৰিৱেশ ও সুস্হিৰ কৰি ৰাখিব লাগিব ।"
******


বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭

সপোন
                
    - ৰবীন্দ্ৰ কুমাৰ ডেকা

    ফোন- ৯৪৩৫৬৫৪৩৫৬ 

            ধুনীয়াকৈ সজাই থোৱা শাৰী-শাৰী মিঠাইৰ দোকানবোৰৰ সন্মূখেৰে এখোজ- দুখোজকৈ পাৰ হল ল'ৰাটো ৷ লক্ষ্য তাৰ মিঠাইৰ ষ্টল সমূহত থকা সুস্বাদু সুন্দৰ - সুন্দৰ জিলাপী,খুৰমা ,নিমকি, জাম,আদি বোৰলৈ ৷
     গাত কেৱল এটা গেঞ্জী আৰু ফটা পেন্টতো তাৰ ৷ সন্মূখত সি দেখিছে নতুন,নতুন সাজ-পাৰ পিন্ধা অসংখ্য তাৰ বয়সৰ ল'ৰা ছোৱালী ৷ সকলোৰে হাতে- হাতে ৰং বিৰঙৰ বেলুন,পিষ্টল,খেলনা সামগ্ৰীবোৰ ৷ মাক- দেউতাকৰ লগত মিঠাই কিনি থকা দৃশ্যবোৰ দেখি সি ৰ লাগি চাইছে সিহতলৈ ৷ সকলোবোৰ যেন তাৰ এবাৰ চুই চাবৰ মন ৷
         নাম তাৰ বাবলু ৷দেউতাক কোন তাৰ দেখাৰ সৌভাগ্য নহলেই ৷ষ্টেচনৰ সিতো পাৰে ৰেল লাইনৰ কাষত এটা পলিথিনৰ চালি ঘৰ ৷তাতেই সি ৰোগীয়া মাক জনীৰ লগত এসাজ খাই এসাজ লঘোনে থাকি জীয়াই থকাৰ সপোন দেখিছে ৷ প্ৰতিদিনে ৰাতি পুৱাই ওলাই যোৱা মাক জনীক সি নিশাহে লগ পায় ৷
         মাটিৰ ওপৰত পাৰি থোৱা কাৰ্টনৰ এখন বিচনা ৷বাবলুৰ মাকে দিনটোৰ হাৰভঙা পৰিশ্ৰমত অৱসাদিত দেহটো এৰি দিছে  নিদ্ৰা দেৱীৰ কোলাত ৷কোচ-মোচ খাই শুই থকা মাক জনীৰ বুকৰ মাজত সোমাই থকা তন্দ্ৰামগ্ন বাবলুৱে যেন বিচাৰি পাই প্ৰত্যাহিক স্বৰ্গীয় মাদকতা ৷
                        @@@@@@@


ধুমুহা

-   অৰূপ ৰাজ কলিতা
 মেঘৰ গাজনি বিজুলী চমকনি আৰু প্ৰচণ্ড ধুমুহা জাকৰ মাজেৰে ল'ৰা সন্তানটোক বুকুত বান্ধি তাই দৌৰি দৌৰি স্কুল ঘৰৰ বাৰাণ্ডা পালেগৈ , ধুমুহা জাকৰ তাণ্ডব ৰূপে গোটেই গাওঁ খনকে জোকাৰি গৈছে। ভাত কেইটা খাই মণিকাই বিচনালৈ আহিছিল হে মাথোন ক'ৰ পৰা জানো হিল দল ভাঙি সোমাই আহিল ধুমুহা জাক তিনি বছৰীয়া ল'ৰাটোক দুহাতেৰে বুকুৰ মাজত সাৱটি তাই বাঁহৰ দুৱাৰ খন পিঠিৰে ভেজাদি বতাহ জাকে খুলিব নোৱাৰা কৈ হেঁচামাৰি ধৰিছিল ।
বতাহ জাকৰ স'তে বৰষুণ আৰু বিজুলী ঢেৰেকনিয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল ।
 আৰু হঠাৎ গছৰ ডাঙৰ ডাল এটা বতাহৰ সৈতে উৰি আহি তাইৰ ঘৰটোৰ খেৰৰ উৰুখা চালত পৰিল , আৰু মৰমৰকৈ ভাঙি মাটিত পৰিছিল ।  
কোনোমতে দুৱাৰ খন খুলি তাই ল'ৰাটোক লৈ দৌৰ দিছিল স্কুল ঘৰলৈ বুলি । ধুমুহা জাক লাহে লাহে শান্ত হৈছিল । কিন্তু মণিকাৰ মনটো ক্ৰমশঃ অশান্ত হৈ উঠিছিল ।
ঘৰ বুলিবলৈ গিৰিয়েকৰ দিনৰে খেৰ বাঁহেৰে সজা যিটো জুপুৰি আছিল ধুমুহা জাকে তাকো ভাঙি পেলালে । পোনাটোক লৈ এতিয়া তাই ক'ত  থাকিব? আনৰ ঘৰত কাম  কৰি পোৱা টকা কেইটাৰে তাই ল'ৰাটোৰ বাবে ভাত এমুঠি যোগাৰ কৰিব নে ঘৰটোৰ বাবে খেৰ বাহ গোটাব। তাই বহুতৰ মুখত শুনিছে চৰকাৰী কাগজ পত্ৰই তাইৰ নামতো এটি চৰকাৰী ঘৰ আবন্টন হৈছে কিন্তু তাই চৰকাৰী ঘৰ এটি আজিলৈ নাপালে, পঞ্চায়ত অফিছলৈ। তাই কিছুদিন তাঁত-বাটি কৰিলে । কিন্তু কোনো সু ফল নাপালে ।
তেওঁলোকৰ দৰে সাধাৰণ মানুহৰ বাবে ভাবিবলৈ কোনো জনপ্ৰতিনিধিৰে সময় নাথাকে । মণিকাহঁতৰ দুখৰ ছবিবোৰ একো একোটা চৰকাৰী ফাইলত আবদ্ধ হৈ থাকে আৰু সেই ফাইলৰ টকাৰে মন্ত্ৰী আমোলা বোৰে বিলাসী গাড়ী চলাই সাধাৰণ মানুহৰ দুখ-দুৰ্গতি বোৰ একেদৰে  ৰয় আৰু এখন নতুন চৰকাৰ আহে।
@@@@@@@ 

বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭


শেষ চুক্তি

- বন্দনা দত্ত মজুমদাৰ

: "ইচ্, বৰষুণজাক যে নেৰানেপেৰাকৈ লাগিল দেই! বহুত দেৰি কৰিলা চুমি।"

:"গুৱাহাটীৰ যান-জঁটৰ কথাটো জানাই, তাতে ঠায়ে ঠায়ে আজি আকৌ বানপানী।"

ব্যস্ত হৈ পৰিল নিয়ৰ।

:"আহাঁ, কৰ্টৰ ফৰমেলিটিছ বিলাকত কেৱল তোমাৰ চহীটো বাকী আছে।"

সেয়ে বৰষুণ আপোন তাইৰ। তিতি যোৱা মুখখনত সি আৰু আজি তাইৰ চকুপানী বিচাৰি নাপায়।
ভিঁজা মুখখন নোমোচাকৈয়ে ডিভৰ্চ পেপাৰখনত চহী কৰিবলৈ ৰূমটোলৈ আগবাঢ়িল তাই।
-------------------










বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

সুবাস
উৰুখা পঁজাটোৰ পৰা ভাহি অহা অস্পষ্ট গেঙনিবোৰে বুকু কপাইছে নৰেনৰ বাৰে বাৰে ভগৱানক খাটিছে সময়তো ভালকৈয়ে পাৰ হলেই হ' অজান আশংকাত তাৰ বুকুৱে ধান বানিছে ক্ষন্তেক সময়ৰ পিছতে ভিতৰৰ পৰা ভাঁহি আহিল সদ্যোজাত কেঁচুৱাৰ কান্দোন নৰেনে আলিটোৰ সিপাৰে থকা স্কুলৰ মাষ্টৰজনক চিঞৰি সুধিলে  "লোকনাথ ককাইদেউ কিমান সময় হ'ল কওকচোন
খুউব ব্যস্ততাৰে সি বাঁহৰ দুৱাৰখন খুলিব বিচাৰিলে নাই নোৱাৰিলে, ভিতৰৰ পৰা হয়তো ডাং লগাই লৈছে ওচৰৰে খুড়ী দুজনীয়ে সি বাহিৰৰ পৰাই চিঞৰিলে 'সকলো ভালে আছেনে খুড়ী'
হয় হয়, এজনী ছোৱালীৰ বাপেক হলি অ' নৰে তই সাইলাখ গাখীৰৰ দৰে বগা বৰ ধুনীয়া ছোৱালী ঐ । লখিমী আহিল তোৰ ঘৰলৈ, চিন্তা নকৰিবি । তোৰ দিন ভাললৈ আহিব
কথাবোৰ শুনি নৰেনৰ একেকোবে গৈ মালতীজনীক সাৱটি ধৰি মৰম কৰিবৰ মন গ'ল তাৰ। কেঁচুৱাজনীক হেঁপাহ পলুৱাই চাবলৈ মন গ'ল। অকণমান লাজো লাগিল।  আজিৰ পৰা সি বাপেক  হ'ল । বহুত দায়িত্বও বাঢ়িল তাৰ মালতীৰ দায়িত্ব, দেৱী যেন কেঁচুৱাজনীৰ দায়িত্ব।

কিবা এক অচিনা সুবাসে তাৰ বুকুখন আৰু উৰুখা পঁজাটো চহকী হৈ পৰিল আজি। সিহঁত সম্পূর্ণ হৈ পৰিল
ৰঞ্জনা কোঁচ মৰাণ


----------------------

সংগ্ৰাম
 একে উশাহে এন্ধাৰ গলিটো পাৰ হৈ আহি কোনোমতে নিজৰ ৰুমত সোমায় তাই দীঘলকৈ উশাহ এটা ল'লে। আজিও কামৰ পৰা উলটি অহাৰ পৰত সন্ধিয়া নামিছিল ধৰাৰ বুকুলৈ । সোতৰ বছৰ বয়সতে ৰতন নামৰ মানুহ এজনৰ সৈতে বিয়া হৈছিল  তাইৰ। দুখ কষ্টৰ মাজেৰেও ৰতন আৰু মানিকীৰ প্ৰেম ভালপোৱাৰে উজ্বলি উঠিছিল সিহঁতৰ জুপুৰিটো ।দুয়োজনৰ মিলনৰ সাক্ষীহৈ  সিহঁতৰ মাজলৈ আহিছিল "ৰূপহী"  । ৰূপহীক পাই ৰতনৰ ৰিক্সাৰ চকা আৰু অধিক খৰকৈ ঘুৰিছিল । ছোৱালী জনীক লৈ ৰতনৰ অযুত সপোন এই সপোনৰ মাজেৰে তাই একোলা দুকোলাকৈ  ডাঙৰ হৈ আহিছিল মা দেতা বুলি মাতিব জনা হৈছিল । ঠিক এনে সময়তে ৰতনৰ ৰিক্সাৰ চকা স্তব্ধ হৈ গৈছিল । এদিন সন্ধিয়া ঘৰলৈ উভতি আহি থকা মুহুৰ্তত সম্মুখৰ পৰা অহা গাড়ী এখনে খুন্দিয়াই থৈ গৈছিল ।
 থিতাতে প্ৰাণ বায়ু উৰি গৈছিল ৰতনৰ । শৱ দেহটোৰ ওপৰত পৰি মানিকী চিঞৰি চিঞৰি গগন ফালিছিল কিন্তু যোৱাজন জানো আহে উভতি ? ৰতনৰ মৃত্যুৰ পিছত মানিকীহঁতৰ ভাতমুঠিৰও আকাল হৈ আহিছিল
এনে সময়তে দূৰসম্পৰ্কীয় ককায়েক এজনে মানিকীক লৈ আহিছিল চহৰলৈ ।
 বিস্কুট কোম্পানী এটাৰ পেকেজিংৰ কামত সোমায় দিছিল তাইক ।কম টকাৰ ভাড়াঘৰ এটা যোগাৰ কৰি বিছনা-পত্ৰ, বাচন-বৰ্তন আৰু দুই এপদ লাম-লাকুটিৰে তাই নতুনকৈ আৰম্ভ  কৰিলে চহৰীয়া জীৱন।
গাওঁত আইতাকৰ সৈতে এৰি আহিছে বুকুৰ এফাল ৰূপহীক ।
মানিকীৰ মনটো প্ৰতিটো সময়ত ৰূপহীৰ কাষলৈ উৰা মাৰে , তাই বাৰু কি কৰিছে, কি খাইছে, মাকক বিচাৰি  ফেকুৰি ফেকুৰি কান্দিছে নেকি?
 এনেবোৰ চিন্তাই তাইক প্ৰতিটো মুহুৰ্তত আগুৰি ৰাখে । ক'ৰ পৰা যে কলৈ গতি কৰিলে জীৱনটো তাই ধৰিব নোৱাৰিলে ।এতিয়া কথাবোৰ ভাবিলে  দুচকু ভৰি উঠে ।
       সেমেকা চকুহাল মচি তাই বাহিৰলৈ ওলাই আহিল । এন্ধাৰে আৱৰা আকাশখনৰ কোনোবা কোনোবা কোনত দুই এটা তৰা ধিমিক্ ধামাক কৈ জিলিকি আছে ।
   মানিকীৰ এই আন্ধকাৰ জীৱনটোৰ মাজত ৰূপহী এটা আশাৰ কিৰণ ।
তাইক মানুহ কৰিবলৈ মানিকী এনেকুৱা হেজাৰ খন অন্ধকাৰ পৃথিৱী অতিক্ৰম কৰিবলৈ সাজু ।
: অৰূপ ৰাজ কলিতা, ভৱানীপুৰ