চলচ্চিত্ৰজগত







দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮


ইন্টাৰষ্টেলাৰ আৰু বিজ্ঞান
-দেৱপ্ৰতিম হাজৰিকা

৭ নৱেম্বৰ, ২০১৪ তাৰিখে ছবিঘৰলৈ আহিছিল ক্ৰিষ্টফাৰ নলানৰ কল্পবিজ্ঞানভিত্তিক কথাছবি ইন্টাৰষ্টেলাৰলানৰ কথাছবি বুলিলেই এক প্ৰকাৰে মনটো ভাল লাগি আহে। কাৰণ তেওঁৰ কথাছবিৰ বিষয়বস্তু। চোৱাৰ পাছত বহুদেৰিলৈ ছবিখনৰ হেংগঅভাৰত থকাটো খাটাং। ইনছেপছন’, ‘মেমেন্ট’’, ‘প্ৰেষ্টিজআদি ছবিৰ কথা ভাবিলে সেই কথা ভালদৰেই বুজা যায়।

কিন্তু ইন্টাৰষ্টলাৰে যেন অলপ বেলেগ আছিল। প্ৰায় তিনিঘ্ন্টাৰ এই ছবিখন চাই অহাৰ পাছত বহুতেই কিজানি ভাবিছিল আকৌ এবাৰ চাব লাগিব, যিটো মইও ভাবিছিলো। কাৰণ আছিল ছবিখনৰ কঠিন বিষয়বস্তু। কোৱান্টাম বলবিদ্যা (Quantum Mechanics), নিউটনৰ (কলনগণিতীয়) বলবিজ্ঞান (Mechanics), আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ব’ (Theory of Relativity) আদি অনেক কঠিন বিষয়বস্তুৰে ছবিখন আৱৰি ধৰিছিল। এবাৰ চাই বুজি পোৱাটো এক প্ৰকাৰে কঠিন আছিল। ৭৫% বুজি পাইছিলো ছবিখন চাই, কিন্তু বুজিবলৈ বাকী আছিল ২৫%।

গতিকে সহায় ললো ইন্টাৰনেটৰ। ইউটিউব ভিডিঅচালো, বহুতো লেখা পঢ়িলো। আৰু তাৰ ফলস্বৰূপেই কিবা অলপ বুজি পালো। তাৰেই আলমত তলৰ কথাখিনি আগবঢ়ালো৷ 

এটা ৱৰ্মহলৰ মাজেদি কুপাৰে(মেথিউ মেককাহানি) আৰম্ভ কৰিছিল এক যাত্ৰা এক নতুন পৃথিৱীৰ সন্ধানত। ৱৰ্মহলএটা সুৰংগৰ দৰে, যি আছিল দুখন জগতৰ মাজৰ এটা চুটি পথ(চৰ্ট কাট)। এই পথা এক অৰ্থত হাইপথেটিকেল বা কাল্পনিক। ইয়াক আইনষ্টেইন-ৰজেন ব্ৰীজবুলিও কোৱা হয়। এই পথত তেওঁলোক মুখামুখি হয় বিজ্ঞানৰ নানা চমকৰ, যিবিলাকৰ বিষয়ে আমি পঢ়িছো, যেনে: থিয়ৰি অৱ ৰিলেটিভিটি, পঞ্চম মাত্ৰা ইত্যাদি। চিনেমাখনত কোৱা হৈছিল পঞ্চম মাত্ৰাৰ লোকৰ কথা মানে ‘being from the 5th Dimension’, বাৰে বাৰে উল্লেখ হৈছিল তেওঁলোকৰ কথা। তেন্তে কি আছিল এই পঞ্চম মাত্ৰা? তলত তাকেই বুজাবলৈ অলপ চেষ্টা কৰা হল।

প্ৰথম মাত্ৰা: এডাল সৰল ৰেখাকেই কোৱা হয় প্ৰথম মাত্ৰা। এটা বিন্দুৰ পৰা আৰম্ভ কৰি আন এটা বিন্দুলৈকে টনা ৰেখাই হৈছে প্ৰথম মাত্ৰা। বুজিবলৈ অতি সহজ এই মাত্ৰাৰ কোনো বস্তুৰ কিন্তু কোনো বাস্তৱতা নাই।


দ্বিতীয় মাত্ৰা: যেতিয়া এডাল ৰেখাৰ লগত প্ৰস্থ যোগ দিয়া হ্য় তেতিয়া ই হৈ পৰে এখন সমতল, যি অন্তৰ্গত দ্বিতীয় মাত্ৰাৰ, যাৰ থাকিব মাথো দীঘ-প্ৰস্থ নাথাকিব কোনো উচ্চতা। অতি বেছি সমান এখন পিঠিক কোৱা হব দ্বিতীয় মাত্ৰা। এনে এখন মাত্ৰাৰো বস্তু বাস্তৱ পৃথিৱীত কল্পনা কৰাটো অতি কঠিন কাম।

তৃতীয় মাত্ৰা: আমি বাস কৰি থকা জগতখন হৈছে তৃতীয় মাত্ৰাৰ অন্তৰ্গত। যেতিয়া এখন সমতলত উচ্চতা যোগ দিয়া হয় তেতিয়া ই হৈ পৰে তৃতীয় মাত্ৰাৰ। আমি ব্যৱহাৰ কৰি থকা যিকোনো বস্তুৱেই তৃতীয় মাত্ৰাৰ অন্তৰ্গত।

চতুৰ্থ মাত্ৰা: সময় হৈছে চতুৰ্থ মাত্ৰা। বৰ্তমান নিজৰ পৃথিৱীখন ভাৱক, তাৰ পাছত আপুনি ভাৱিব পাৰে দহমিনিট আগৰ কথা নতুবা দহ মাহ বা দহ বছৰৰ আগৰ কথা। সময়ৰ ৰেখাৰে এই সকলোকেইটা মূহুৰ্ত্ত একে লগে জড়িত কৰিব পাৰি। মানে তৃতীয় মাত্ৰাৰ পৃথিৱীখনৰ পৰা আন এটা জাঁপ মাৰিলেই চতুৰ্থ মাত্ৰাৰ এখন নতুন পৃথিৱীত আপুনি উপস্থিত।


এডাল সৰল ৰেখাক যদি আপুনি বেলেগ এটা কোণৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি দেখা পাব এখন সমতল। অৰ্থাৎ অলপ সময় আগলৈকে যি বহুতো বিন্দুৰ সমষ্টি আছিল সেইয়া এতিয়া আপোনাৰ সন্মুখন এখন সমতল। ঠিক তেনেকৈয়ে এখন সমতলক ভাল দৰে লক্ষ কৰক। এখন সমতল হৈছে এটা বস্তু বা যিকোনো জীৱিত বস্তুৰ এটা পিঠি যাৰ উচ্চতা বা গভীৰতা নাই। এই পিঠিখনৰ ইপাৰে যদি আমি চাবলৈ যত্ন কৰো তেন্তে আমি উপস্থিত হম তৃতীয় মাত্ৰাত। 

ঠিক তেনেদৰেই যদি চতুৰ্থ মাত্ৰাতো উপস্থিত হবলৈ চেষ্টা কৰিব পাৰো। যিদৰে এডাল সৰল ৰেখা হৈছে এখন সমতলৰ এটা পিঠি, এখন সমতল হৈছে এটা বস্তুৰ অৰ্থাৎ তৃতীয় মাত্ৰাৰ বস্তু এটাৰ পিঠি ঠিক সেইদৰে তৃতীয় 
মাত্ৰাৰো যিকোনো বস্তু সময় ৰেখাডালৰ এখন পিঠি। ধৰি লওঁক আপোনাক এই সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে, তেতিয়া আপুনি আপোনাৰ সময়ৰ ৰেখাডালৰ ওপৰত ভিত্তি কৰি আপোনাৰ অতীত-বৰ্তমান-ভৱিষ্যত সকলো একেলগে চাবলৈ সক্ষম হব।

পঞ্চম মাত্ৰা: 'ইন্টাৰষ্টেলাৰকথাছবিখনত আমি শেষৰ ফালে দেখা পাওঁ কুপাৰ এখন অদ্ভুৎ জগতত উপস্থিত হৈছে, ৰপৰা তেওঁ নিজৰ জীৱনৰ লগত জড়িত সকলো ঘটনা একেলগে চাবলৈ সক্ষম হৈছে। সেইখন পৃথিৱীৰ পৰা কুপাৰে জীয়েক মাৰ্ফীক বাইনেৰী কড দিবলৈ চেষ্টা কৰিছে, কথা পাতিবলৈ চেষ্টা কৰিছে। ওপৰৰ চতুৰ্থ মাত্ৰাৰ আলোচনাত কৈছিলো যদি আপোনাক সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই লৈ অনা হয় তেন্তে কি হব। এই জগতখনেই হৈছে পঞ্চম মাত্ৰা, ৰ পৰা আপুনি আপোনাৰ সময়ৰ ৰেখাডাল নিৰীক্ষণ কৰিব পাৰে। এনেকুৱা এখন জগত যৰ পৰা আপুনি আপোনাৰ জন্মৰ পাছৰ সকলোবোৰ ঘ্টনা একেলগে চাবলৈ সক্ষম। সময়ৰ ৰেখা যি আপোনাৰ সকলোবোৰ মূহুৰ্ত্তৰ সমষ্টি।


তেন্তে ইয়াৰ ওপৰতো আন মাত্ৰাৰ কথা কল্পনা কৰিব পাৰি নেকি? পঞ্চম মাত্ৰাৰ ওপৰতো আন অদ্ভুৎ মাত্ৰাৰ এনে কিছুমান কাল্পনিক কথা বাস্তৱ জগতত নহলেও ছবিৰ পৰ্দাত দেখিবলৈ নিশ্চয় আশা কৰিম। সেয়েহে ইন্টাৰষ্টেলাৰৰ ছিকুৱেল এখনৰ পৰা কল্পবিজ্ঞানৰ নানা ধৰণৰ চমক আকৌ চাবলৈ পাম ক্ৰিষ্টফাৰ নলানৰ পৰা আশা কৰিলোঁ।

**************


বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

ৰকী: এজন অখ্যাত ব্যক্তিৰ এটা প্ৰখ্যাত কাহিনী

-দেৱ প্ৰতীম হাজৰিকা, বিহপুৰীয়া

১৯৭৬ বৰ্ষটো ছবিজগতৰ বাবে এক উল্লেখযোগ্য বৰ্ষ বুলিয়েই কব লাগিব। কাৰণ সেই বৰ্ষতে মুক্তি লভিছিল টেক্সি ড্ৰাইভাৰ’, ‘অল দ্য প্ৰেছিডেন্টছ মেন’, ‘নেটৱৰ্ক’, ‘কেৰী’, ‘ৰকী’, ‘দ্য আউট লছে ৱেলছ’, ‘স্মল ছেঞ্জআদি ছবিয়ে। ইয়াৰ ভিতৰত ৰকীয়ে অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা আজুৰি আনি সকলোকে আচৰিত কৰি তুলিছিল। সঁচা অৰ্থত ৰকীসেই বছৰৰ শ্ৰেষ্ঠ নাছিল, কাৰণ টেক্সি ড্ৰাইভাৰ’, ‘অল দ্য প্ৰেচিডেন্ট মেনআদিৰ দৰে ছবি আছিল এই শিতানৰ বঁটাৰ বাবে বেছি যোগ্য। ৰকীআছিল এজন আণ্ডাৰডগৰ কাহিনী। এজন অখ্যাত লোকৰ বিশ্ববিখ্যাত হোৱাৰ কাহিনী। ছবিখন আছিল অনুপ্ৰেৰণাৰ এক উৎস। বক্সিং বিষয়ক এই ছবিখন ক্ৰীড়াভিত্তিক ছবিৰ ক্ষেত্ৰত নিৰ্মাণ হোৱা শ্ৰেষ্ঠ ছবিসমূহৰ মাজৰে এখন। ছবি খনৰ নিৰ্মাণৰ আঁৰতো আছে এটা আণ্ডাৰডগকাহিনী।

ৰকীনিৰ্মাণৰ আঁৰৰ কাহিনী:

ৰকীছবিৰ মূখ্য অভিনেতা ছিলভেষ্টাৰ ষ্টেলনৰ নাম নুশুনা মানুহ হয়তো আজিৰ দিনত অতি কম সংখ্যক হে পাম। বৰং তেওঁৰ প্ৰকৃত নামতকৈ তেওঁ অভিনয় কৰা প্ৰখ্যাত ৰকী’, ‘ৰেম্বোআদি চৰিত্ৰৰ নামেৰেহে তেওঁ বেছিকৈ জনাজাত। অৱশ্যে ১৯৭৬ চনৰ আগলৈকে তেওঁৰ নাম শুনা লোক অতি কম সংখ্যক আছিল। আজিৰ প্ৰখ্যাত ষ্টেলোন আছিল সেই সময়ত এজন অখ্যাত লোক। তেওঁ আছিল এজন অখ্যাত অভিনেতা, যাৰ পত্নী আছিল সন্তানসম্ভৱা, ঘৰৰ ভাৰা দিবলৈ নাছিল হাতত পইচা। তেনে সময়তে বিখ্যাত আলী-ৱেপনাৰৰ মাজত হোৱা বক্সিং যুঁজখন (মাৰ্চ ২৪, ১৯৭৫ চনত মহম্মদ আলী আৰু ছাক ৱেপনাৰৰ মাজত হোৱা বক্সিং যুঁজ, যুঁজখনক বেছিকৈ জনাজাত ‘Give the White Guy a Break’ বুলি)-ৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ তিনি দিনত লিখি উলিয়াইছিল ৰকীছবি খনৰ কাহিনীভাগ। তাৰ পাছতেই তেওঁ সৰু-বৰ প্ৰায় সকলো ধৰণৰ ষ্টুডিঅৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছিল সেই চিত্ৰনাট্য লৈ, উদ্দেশ্য এটাই কোনোবাই তাৰ ওপৰত ছবি নিৰ্মাণ কৰক। আশা কৰা ধৰণে বহুতো ষ্টুডিঅই সেই চিত্ৰনাট্যৰ ওপৰত ছবি নিৰ্মাণ কৰিবলি ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ষ্টেলনৰ এই ক্ষেত্ৰত আছিল এক ছৰ্ত্ত, ছবিৰ নায়ক অৰ্থাৎ ৰকীৰ চৰিত্ৰত তেওঁ অভিনয় কৰিব। কিন্তু তেওঁলোক মান্তি হোৱা নাছিল, কাৰণ এজন অখ্যাত অভিনেতাৰ ওপৰত তেওঁলোকে ভৰষা কৰিব পৰা নাছিল। চিত্ৰনাট্যৰ বাবদ বহু মোটা অংক দিবলৈ সাজু হোৱাৰ পাছতো ষ্টেলন মান্তি হোৱা নাছিল। অৱশেষত ইউনাইটেড অৰটিষ্টছ্মান্তি হল ষ্টেলনৰ ছৰ্ত্ত মানিবলৈ। তেওঁলোকে ছবিখনৰ বাবে বাজেট নিৰ্ধাৰণ কৰিলে ১ মিলিয়ন আমেৰিকীয় ডলাৰ। নিৰ্দেশক হিচাপে বাচনি কৰিলে জন জি. অভিল্ডছেনক। ফিলাডেলফিয়াত কেইজনমান চৰিত্ৰভিনেতা(কেৰেক্টাৰ এক্টৰ)-ক লৈ আৰম্ভ হল ছবিখনৰ শ্বুটিঙৰ কাম। অভিনয়ত আছিল অস্কাৰৰ বঁটাৰ বাবে আগেয়ে মনোনীত বাৰগেছ মেৰিডিথ আৰু তালিয়া ছায়াৰৰ দৰে অভিনেতা-অভিনেত্ৰী। ২৮ দিনত শ্বুটিং সম্পন্ন কৰা ৰকীয়ে বক্স অফিচত খলকনি তুলিছিল। ৰকীআছিল সেই বৰ্ষৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী ছবি।  দৰ্শকৰ লগতে সমালোচক সকলেও ছবিখনক আদৰি লৈছিল। তেওঁলোকৰ মতে ৰকীআছিল নিখুট ভাৱে তৈয়াৰী এক ছিণ্ড্ৰেলা ষ্টৰীএজন আণ্ডাৰডগৰ এটা আণ্ডাৰডগকাহিনীয়ে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটাৰ লগতে আন তিনিটা বঁটা।

কাহিনীৰ বিষয়বস্তু আৰু অলপ চৰ্চা:

জীৱনৰ বহু কেইখন প্ৰকৃত যুঁজত পৰাস্ত ‘another bum from the neighbourhood’ ৰকী বালবৱা আছিল এজন বক্সিং খেলুৱৈ, লগতে এজন লোকৰ তলত ধাৰ দিয়া পইচা সংগ্ৰহ কৰ্তা হিচাপে চাকৰিয়াল। ছবিখনৰ আৰম্ভণি এখন বস্কিং খেলৰে, ত ৰকী বিজয়ী হৈছে; তথাপি তিৰস্কিত হৈছে ‘You’re a bum’ বুলি। কিন্তু ৰকীয়ে সকলোকে কৈ ফুৰিছে তেওঁ এখন উন্নত খেল প্ৰদৰ্শন কৰিছে। জীৱনৰ বহু ক্ষেত্ৰত প্ৰায় অকলশৰীয়া প্ৰিয় বন্ধু পৌলি। পৌলিৰ ভগ্নী এড্ৰিয়ান কৰ্মৰত এখন পশু-পক্ষীৰ(Pet Shop) দোকানত কৰ্মৰত। অকলশৰীয়া ৰকীয়ে জীৱনটো কষ্ট, দুখেৰে ভৰা। ৰকী এড্ৰিয়ানৰ প্ৰতি আকৰ্ষিত, তাইৰ মাজত বিচাৰি পাইছে প্ৰেম-ভালপোৱা। মাক-বাপেকে কোৱা মতে বেছি মগজ নাই কাৰণে শৰীৰটোক বেছি ব্যৱহাৰ কৰাৰ স্বাৰ্থতেই বক্সিং জগত খনত পদাপৰ্ণ কৰা ৰকীৰ সম্পূৰ্ণ ওলোটা আছিল এড্ৰিয়ান। স্বাভাৱত লাজকুৰীয়া এড্ৰিয়ান ৰকীৰ জীৱনলৈ অহাৰ পাছতেই যেন সলনি হৈছিল ৰকীৰ জীৱন। এড্ৰিয়ান হৈ পৰিছিল লেডী লাক
নতুন বছৰৰ প্ৰথম দিনত হবলগীয়া বস্কিং যুঁজ খনৰ মূখ্য প্ৰতিদ্বন্দী যেতিয়া আঘাতৰ বাবে যুঁজ খনৰ বাবে বাহিৰ হব লগীয়া হল তেতিয়া বিশ্বৰ হেভীৱেইট চেম্পিয়ন এপলক্ৰীডে এজন অখ্যাত বক্সাৰক সুযোগ দিয়াৰ উদ্দেশ্যে ফিলাডেলফিয়াৰে এজন বক্সাৰক মূখ্য প্ৰতিদ্বন্দী হিচাপে থিয় কৰোৱাটো ঠিক কৰিকে। সেই মতেই বাচনি কৰা হল ৰকীক, ইয়াৰ কাৰণ এপলক্ৰীডৰ পচন্দ হৈছিল ৰকীৰ উপনাম দ্য ইটালীয়ান ষ্টেলীয়ন’; যিটো ৰকীয়ে নিজেই দিছিল। এদিন ঘটনাক্ৰমে দিয়া নিজৰ উপনামটোৱে সলনি কৰিবলৈ লৈছিল ৰকীৰ জীৱন। ৰকীয়ে বহু বছৰৰ পৰা গৈ থকা জীমৰ প্ৰবীণ প্ৰশিক্ষক মিকিয়ে ৰকীক প্ৰশিক্ষণ দিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ৰকীয়ে জানিছিল এপলক্ৰীডৰ দৰে বক্সিং চেম্পিয়ন এগৰাকীক তেওঁ হৰুৱাব নোৱাৰে, কাৰণ ক্ৰীডৰ দৰে ৰকীৰ নাছিল গতি আৰু ক্ষ্ৰীপতা তথা অভিজ্ঞতা। কিন্তু ৰকীৰ ধনাত্মক দিশটো আছিল প্ৰবল ইচ্ছাশক্তি, কষ্ট কৰিব পৰা গুণ আৰু প্ৰতিপক্ষৰ প্ৰহাৰ সহ্য কৰিব পৰা শক্তি। ৰকীয়ে জানিছিল, ইমান ক্ৰীডৰ সন্মুখত প্ৰতিটো ৰাউণ্ড পাৰ কৰি ৰিঙত মুৰ দাঙি ঠিয় দি থাকিব পৰাটোৱেই হব তেওঁৰ বাবে আটাইতকৈ এক গুৰুত্বপূৰ্ণ প্ৰাপ্তি। আৰু কালক্ৰমত সেইয়া ৰকীয়ে কৰি দেখুৱাইছিল। এপলক্ৰীডৰ লগতে সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি ৰকীয়ে পাৰ কৰিছিল পোন্ধৰটা ৰাউণ্ড। যি সময়ত ক্ৰীডে তিনিটা ৰাউণ্ডত ৰকীক নক্-আউট কৰিম বুলি ভাবিছিল সেই সময়ত ক্ৰীডে যুঁজ দিব লগীয়া হৈছিল এজন অখ্যাত দ্য ইটালীয়ান ষ্টেলীয়নৰ বিপক্ষে পোন্ধৰটাকৈ ৰাউণ্ড।
ছবিখন নিৰ্দেশনা কৰিছিল জন জি. এভিল্ডছেনে। অতি সুদক্ষতাৰে পৰিচালনা কৰাৰ বাবদ তেওঁ লাভ কৰিছিলা অস্কাৰৰ শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা। এপলক্ৰীড আৰু ৰকীৰ মাজৰ বস্কিং যুঁজ খন আজিও বহুতে অন্যতম শ্ৰেষ্ঠ মূহুৰ্ত্ত বুলি অভিহিত কৰে। তেওঁলোকৰ অভিনয়ত নাছিল কোনো ধৰণৰ অতিৰিক্ত নাটকীয়তা, যুঁজ খনত বাস্তবীয়তা দেখা পোৱা যায়। ঠিক সেইদৰে ওচৰৰে চুবুৰীয়া এজনী কিশোৰীক ৰকীয়ে জীৱনৰ কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ দি থকা আৰু পাছত কিশোৰী জনীয়ে ৰকীক ইতিকিং কৰাত ৰকীয়ে নিজৰ ওপৰতে কৰা ক্ষোভৰ দৃশ্যটো আছিল প্ৰশংসনীয়। ইয়াত ফুটি উঠে ৰকীৰ নিজৰ জীৱনৰ ওপৰত থকা ক্ষোভ আৰু হতাশা। ছবিখনৰ চিনেমাটগ্ৰাফী কৰিছে জেমছ ক্ৰেবে। এদিন ককায়েক পৌলীৰ লগত কাজিয়া লাগি ক্ষোভ আৰু হতাশাত এড্ৰিয়ানে লাজ লাজকৈ ৰকীক সুধিছিল কোঠাত সংগীৰ দৰকাৰ নেকি বুলি, ৰকীয়ে কৈছিল নিশ্চয়বুলি। অকলশৰীয়া ৰকীক দৰকাৰ হৈছিল এজন সংগীৰ, তেওঁক বুজিবলৈ, ভাল পাবলৈ। দৃশ্যটোত এড্ৰিয়ানে যেন নিজৰ লাজকুৰীয়া স্বভাৱৰ বান্ধোনৰ পৰা মুক্ত হবলৈ কৰা চেষ্টা প্ৰকাশ পাইছে। ৰকীয়ে যূঁজখনৰ বাবে কচৰৎ কৰা দৃশ্য কেইটাই আজিও বহুতকে অনুপ্ৰাণিত কৰে। প্ৰথৱাবস্থাত দৌৰি চিৰি বগাই ফিলাদেলফিয়া মিউজিয়াম আৰ্টৰ চৌহদলৈ উঠোতে ভাগৰি পৰা ৰকীয়ে পাছলৈ দৃঢ় হৈ অতি সহজতে দৌৰি সেই চিৰি বগাই যোৱালৈকে দেখা পাওঁ ৰকীৰ শাৰিৰীক তথা মানসিক পৰিবৰ্তন। ছবিখনৰ সংগীত পৰিচালনা কৰিছে বিল কন্টিয়ে। ৰকীছবিখনৰ মূল গীত গনা ফ্লাই নাওৱে বিলবৰ্ড আলোচনীৰ হট ১০০ৰ তালিকাত বহুকেইদিন প্ৰথম স্থান অধিকাৰ কৰি আছিল। কচৰৎ কৰাৰ সময়ত বা জিম বিলাকত এই গীতটো আজিও বহু ঠাইত বাজি থাকে।
ছবিখনৰ সফলতাৰ আন এক চাবীকাঠী হল চৰিত্ৰ বিলাকৰ অভিনয়। ৰকীৰ ৰূপত ছিলভেষ্টাৰ ষ্টেলনৰ গম্ভীৰ, এক অদ্ভুৎ ধৰণৰ কথা কোৱা শৈলী আছিল দৰ্শকৰ বাবে তেতিয়া নতুন, যিটোৱে সকলোকে আকৰ্ষিত কৰিছিল। অতিৰিক্ত অভিনয় নকৰা ষ্টেলনে মনোনয়ন লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতা বঁটাৰ বাবে। এড্ৰিয়ানৰ চৰিত্ৰত অভিনয় কৰিছিল তালিয়া ছায়াৰে। গডফাডাৰৰ কনী কৰলিয়নৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে প্ৰশংসিত(অস্কাৰৰ শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী হিচাপে মনোনীত) ছায়াৰে লাজকুৰীয়া এড্ৰিয়ানৰ চৰিত্ৰটো অতি সুন্দৰকৈ ৰূপায়ণ কৰিছে আৰু লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনয়ন। ৰকীৰ বন্ধু তথা এড্ৰিয়ানৰ ভাতৃ হিচাপে পৌলীৰ চৰিত্ৰত অভিনয় কৰিছে বাৰ্ট য়ংগে। এজন পৰাস্ত, খঙাল, তিক্ত কিন্তু বিশ্বাসী ব্যক্তি পৌলীৰ ৰূপত য়ংগৰ চৰিত্ৰটোৱে ছবিখনত যথেষ্ঠ গুৰুত্ব বহন কৰিছে। ৰকীৰ প্ৰশিক্ষক মিকীৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰবীণ অভিনেতা বাৰ্গেছ মেৰিডিথে। জীৱনৰ বহু যুঁজত সুযোগ নোপোৱা মিকীয়ে এটা হেৰোৱা সুযোগ পুনৰোদ্ধাৰৰ বাট দেখিছে ৰকীৰ সেই যুঁজ খনৰ মাজেৰে। সেয়ে আগ বাঢ়ি আহিছে ইমান দিনে গুৰুত্ব নিদিয়া ৰকীক বক্সিঙৰ প্ৰশিক্ষণ দিবলৈ। এপলক্ৰীডৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰাক্তক আমেৰিকান ফুটবল খেলুৱৈ কাৰ্ল ৱিথাৰছে। এপলৰ চৰিত্ৰটোক বহু ক্ষেত্ৰত ৰীজাব পাৰি মহম্মদ আলীৰ লগত। ক্ৰীডৰ সহায়কাৰী হিচাপে অভিনয় কৰিছে টনী বাৰ্টনে। সকলোৰে প্ৰশংসনীয় অভিনয়ে ছবিখনক সফল কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ৰকীআছিল সমাজৰ কিছুমান সৰু সৰু চৰিত্ৰৰ কাহিনী যি জীৱনত কিবা এটা ডাঙৰ কৰিবলৈ অপেক্ষা কৰে সুযোগৰ। আৰু তেনে এক সুযোগ পালে সেই সুযোগৰ অপচয় নকৰিবলৈ অহোপুৰুষাৰ্থ সেই সকল লোক। তাৰ মাজৰে তেনে এজন ৰকী, এটা আণ্ডাৰডগ।  
এই সৰুছবি ৰকীয়ে সকলোকে আচৰিত কৰি অস্কাৰৰ দহটাকৈ শিতানত মনোনয়ন লাভ কৰিছিল আৰু তিনিটা শিতানত বঁটা লাভ কৰিছিল, তাৰ ভিতৰত শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটাও আছিল। অৱশ্যে এই ক্ষেত্ৰত অস্কাৰৰ লগত বহুতৰে মনোমালিন্য হয়। কাৰণ সঁচা অৰ্থত ৰকীসেইবাৰৰ শ্ৰেষ্ঠ ছবি নাছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, ‘ৰকীএখন বেয়া ছবি আছিল। ছিলভেষ্টাৰ ষ্টেলন বাস্তৱ তথা ৰূপালী পৰ্দাৰ জীৱনত সঁচা অৰ্থত এজন আণ্ডাৰডগ’, যি যুঁজিছিল নিজৰ জীৱনৰ লগত, আৰু সময়ত পোৱা এটা সুযোগৰ সদব্যৱহৰ কৰি জীৱনলৈ সফলতা কঢ়িয়াই আনিছিল
এদিন ষ্টেলোন নাইকিয়া হব বা আমি সকলোবোৰ নাইকিয়া হম। কিন্তু এক আণ্ডাৰডগৰ কাহিনী হিচাপে ৰকীসদায়ে মানুহৰ মনৰ মাজত থাকিব। সেয়ে হয়তো ছবিখন মুক্তি পোৱাৰ আজি চল্লিশ বছৰৰ পাছতো ছবিখনে মনটোক প্ৰফুল্লিত কৰি তোলে, অনুপ্ৰেৰণাৰ এক ঢল বোৱাই আনে; আৰু সুযোগ বুজি, সেই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ প্ৰেৰণা যোগায়। কাৰণ কৰ্মক্ষেত্ৰ বেলেগ হলেও সমাজত যুঁজি থকা ৰকীৰ দৰে এনে আণ্ডাৰডগবহুতো আছে, যি অপেক্ষা কৰি আছে এটা সুযোগৰ।

**************

বেটুপাতদ্বিতীয় বৰ্ষচতুৰ্থ সংখ্যাডিচেম্বৰ-২০১৭

মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি

-দেৱ

প্ৰতীম হাজৰিকা

আমাৰ জীৱনটো কিছুমান মূহুৰ্ত্তৰ সমষ্টি। এই ভিন ভিন মূহুৰ্ত্ত বিলাকৰ মাজৰে কিছুমান এনে কিছুমান মূহুৰ্ত্ত থাকে যিবিলাকে আমাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰে। এনে কিছুমান মূহুৰ্ত্তই আমাক অনুপ্ৰাণিত কৰে আৰু আন কিছুমান মূহুৰ্ত্তক জীৱনত আকৌ সন্মুখীন নোহোৱাটো আমি মনে-প্ৰাণে কামনা কৰো। ঠিক একেই কথা যেন খাটে এখন কথাছবি বা এখন গ্ৰন্থৰ ওপৰতো। ‘মাজ ৰাতি কেতেকী’ ঠিক তেনে এক মূহুৰ্ত্ত, যি হয়তো আমাৰ জীৱনটোক বিভিন্ন ধৰণেৰে অনুপ্ৰাণিত কৰিব।
জীৱনৰ বিভিন্ন সময়ত আমি বিভিন্ন জনক লগ পাওঁ, লগ পোৱা বহু জনৰ পৰা বহু কথা শিকো। সেই শিকা কথা বিলাকে জীৱনটোক আগুৱাই লৈ যোৱাত আমাক সহায় কৰে।  অতীতৰ বহু মূহুৰ্ত্তই বৰ্তমানৰ জীৱনটোক বহু সময়ত প্ৰভাৱিত কৰে। ঠিক তেনেদৰে বৰ্তমানৰ কিছুমান মূহুৰ্ত্তই আমাক লৈ যায় অতীতৰ কিছুমান মূহুৰ্ত্তলৈ। ঠিক এনে কিছু ঘটিছিল ছবিখনৰ মূখ্য চৰিত্ৰ প্ৰীয়েন্দু হাজৰিকাৰ জীৱনত। প্ৰায় দহ বছৰৰ পাছত নিজৰ পুৰণি চহৰলৈ অহা হাজৰিকা আছিল এজন প্ৰতিষ্ঠিত সাহিত্যিক। তেওঁ কোৱামতে অসমীয়া হৈয়ো ‘পেটৰ তাড়নাত’ ইংৰাজীত সাহিত্য চৰ্চা কৰা হাজৰিকাই অসমলৈ আহি লগ পায় সুমনা দাসক, যি আছিল এগৰাকী লেখিকা। এজন প্ৰকাশকে সুমনাৰ প্ৰথম খন গ্ৰন্থ প্ৰকাশ কৰি দিম বুলি কোৱা কথাৰ ভৰষা কৰি আগবাঢ়ি যাব খুজিছিল। কিন্তু কালক্ৰমত প্ৰীয়েন্দু হাজৰিকাৰ সংস্পৰ্ষলৈ আহি শিকে কিছু নতুন কথা, এই নতুন কথা বিলাকে যেন মুকলি কৰে তাইৰ জীৱনৰ এক নতুন পথ।
ছবিখনৰ প্ৰথম ভাগতেই আমি দেখিবলৈ পাম এটা দহ-বাৰ বছৰীয়া ল’ৰাই এটা ঘৰৰ জপনাৰ ফুটাইদি জুমি থকা। তাৰ অলপ পাছতেই এখন বিমানত দেখা পাম ছবিৰ মূখ্য চৰিত্ৰ প্ৰীয়েন্দু হাজৰিকাক তেওঁৰ প্ৰিয় লেখকৰ কিতাপ পঢ়ি থকা অৱস্থাত। পাছলৈ তেওঁ এই কিতাপখনক নিজৰ জীৱনৰ ‘বাইবেল’ বুলি আখ্যা দিছে। জীৱনৰ বহু সময়ত সমাজৰ বহুতে বিভিন্ন মুখা পৰিধান কৰে। হাজৰিকাই বেৰত আঁৰি থোৱা এখন মুখা বহু পৰ চাই থকা দৃশ্যই যেন সমাজৰ বিভিন্ন মুখাৰ কথাকেই ইংগিত দিছে, ই যেন আছিল ‘মুখাৰূপী শোষণ’ৰ প্ৰতীক স্বৰূপ৷ দুটা কাহিনীয়ে সমান্তৰালকৈ ছবিখন আগবঢ়াই নিয়া ছবিখনৰ আনটো কাহিনীত দেখিবলৈ পাম প্ৰীয়েন্দু হাজৰিকাৰ বাল্যকালক। সমাজ সংস্কাৰকৰ মুখাৰ পৰা আৰম্ভ কৰি ওচৰৰে চুবুৰীয়া ভাল চিনাকী দোকানী, বিদেশত থকা পুত্ৰ তথা এজন সমাজৰ এজন ভদ্ৰলোকৰ মুখালৈকে ছবিখনত আজিৰ সমাজত ব্যৱহৃত বহুকেইখন মুখা দেখুৱাবলৈ চেষ্টা কৰা হৈছে।
প্ৰীয়েন্দুৰ বাল্যকালটো আমাৰ বহুতৰ দৰেই। সৰল মনৰ প্ৰীয়েন্দুৱে আমাৰ বহুতৰ দৰে খুচুৰা পইচা চুৰ কৰি নিজৰ বাঁহৰ চুঙাত ভৰাইছে, উদ্দেশ্য ২৪০ টকা গোটাই এখন ক্ৰিকেট বেট কিনা, কাৰণ প্ৰীয়েন্দু সুনীল গাভাস্কাৰৰ অনুৰাগী। তাৰ মেধাৱী ককায়েক ৰুষ্ট অন্যায়ৰ প্ৰতিবাদ কৰি শাস্তি ভোগা দেউতাকৰ ওপৰত। তাৰ ককায়েকো আমাৰ বহুতৰ দৰেই বাল্যকালত প্ৰেমত পৰে শ্ৰেণীৰে এগৰাকী ছাত্ৰীৰ লগত। ইয়াতো যেন দেখাইছিল প্ৰেম ৰূপী এক মুখাক। ৭০-৮০ দশকৰ অসমীয়া সমাজ জীৱনৰ এখন সুন্দৰ ছবিখনে দাঙি ধৰিছে। সমাজত থকা জাত-পাতৰ ভিন্নতাৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰ্মীয় লোকৰ মাজত থকা আদৰ-সাদৰলৈকে সমাজৰ বিচিত্ৰতা ছবিখনত প্ৰকাশ পাইছে। প্ৰীয়েন্দুৰ বাল্যকালৰ বন্ধু ভোলা। অন্য এক জাতৰ ভোলাই কাম কৰে এজন ভদ্ৰ লোকৰ ঘৰত, যি সমাজত সমভাৱ অনাৰ কথা কয়। ঘৰৰ পৰা দুৰত থকা এটা ১০-১২ বছৰীয়া ল’ৰাৰ দৰে ভোলাৰো ঘৰলৈ খুব মনত পৰে, সি ঘৰলৈ যাব বিচাৰে। কিন্তু সি নিৰূপায়, কাৰণ ঘৰলৈ যাব পৰাকৈ নাই তাৰ হাতত পৰ্য্যাপ্ত পইচা। সেই কথা সি বন্ধু প্ৰীয়েন্দুক কয়। প্ৰীয়েন্দুৰ ভনীয়েকে ভাল পাই নেইল পলিছ লগাই, কিন্তু সেই নেইল পলিছত আছে এক সমস্যা। সেই নেইল পলিছ নখত নাথাকে যে বেছি দিন, ‘পেটলা দোকানী’ৰ মতে দামী নেইল পলিছ লগালেহে নখত থাকিব বহু দিন। কিন্তু তাৰ কাৰণে ভৰিব লাগিব পইচাৰ লগতে বহু খিনি। সেই কথা তাই মনে মনে জানিলেও বয়সৰ দোষৰ কাৰণেই ভালদৰে বুজি পোৱা নাছিল। শেষত মাকে শিকোৱা ‘ছোৱালী মানুহে বেয়া কথা নকয়’ বোলা শিক্ষাৰ বিপৰীতে গৈ চুবুৰীয়া মাইকী মানুহে শিকোৱা বেয়া শব্দ মুখলৈ আনি সমাজে শিকোৱা এক কথাৰ যেন প্ৰতিবাদ কৰে তাই। তাই যেন কৈ গ’ল সমাজে শিকোৱা ‘ছোৱালী মানুহে এইটো নকৰে, সেইটো নকৰে’ ভাৱধাৰা সলনি কৰিবলৈ হ’ল।  ‘বিপদৰ সময়ৰ বন্ধুহে আচল বন্ধু’, এই কথা প্ৰমাণ কৰিছিল প্ৰীয়েন্দুৱে ভোলাক বিপদৰ সময়ত সহায় কৰি, কিন্তু তাৰ সেই সহায় বন্ধুৰ কাৰণে হৈ পৰিছিল শেষ সহায়।

ছবিখনৰ এটা উল্লেখযোগ্য বৈশিষ্ট হৈছে ছবিখনৰ সৰু-বৰ সকলোবোৰ চৰিত্ৰ তথা বস্তুৱে ছবিখনৰ কাহিনীত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লাগিলে ই প্ৰথমতেই দেখুওৱা হাঁহটোৱেই হওঁক, চিলা কেইখনেই হওঁক বা সেই দুখন কাটা বিস্কুটেই হওঁক প্ৰতিটো বস্তু/পাত্ৰৰে ভূমিকা অনন্য।
বিশেষ বঁটা নোপোৱা এজন লেখকৰ এখন গ্ৰন্থক নিজৰ ‘বাইবেল’ বুলি কৈছিল প্ৰীয়েন্দু হাজৰিকাই। বৰ্তমান আৰু অতীতৰ দোমোজাৰ মাজেৰে হাজৰিকাই বিচাৰে ফুৰে কিছুমান প্ৰশ্নৰ উত্তৰ। ওপৰত কৈ অহাৰ দৰে জীৱনটো কিছুমান মূহুৰ্ত্তেঅ সমষ্টি, বহু চেষ্টা কৰিও তেনে কিছুমান মূহুৰ্ত্ত জীৱনৰ পৰা মচি দিব পৰা নাযায়, মানসপটত ভাঁহি থাকে তেনে কিছুমান স্মৃতি। লেখক হিচাপে এখন আত্মজীৱনীত তেনে কিছুমান কথা লেখকে ইচ্ছা কৰিলেও প্ৰকাশ কৰিব নোৱাৰে। ফলত প্ৰকাশ পাই তেনে কিছুমান ‘অৰ্ধসত্য’। যেতিয়া হাজৰিকাক সুমনাই নিজৰ প্ৰিয় সাহিত্যিক জনৰ বিষয়ে সুধিছিল তেতিয়া হাজৰিকাই কৈছিল, “মই যেতিয়া সেউজীয়া ঘাঁহ আছিলো, তেওঁ মোৰ বেলিটো আছিল”। কথাষাৰে বহু কেইটা কথাই কৈ গৈছিল। জীৱনত আমি বহুতকে আদৰ্শ ব্যক্তি হিচাপে বাচি লওঁ,  যি জীৱন যাত্ৰাত আগুৱাই যোৱাত আমাক প্ৰেৰণা যোগাই। ঠিক সেউজীয়া ঘাঁহ আৰু বেলিৰ সম্বন্ধটোৰ দৰেই হৈ পৰে এই প্ৰেৰণাদায়ক ব্যক্তি সকল। প্ৰীয়েন্দু হাজৰিকাৰ বৰ্তমানৰ জীৱনটোৰ ঘটনাৰাজিয়ে যেন আমাৰ সাহিত্যিক সকলৰ এক ক’লা অধ্য়ায়ৰ ওপৰতো আঙুলি টোঁৱালে ছবিখনে।
নিৰ্দেশিকা ডাঃ সান্তনা বৰদলৈৰ এইখন নিৰ্দেশিকা হিচাপে দ্বিতীয় ছবি। ইয়াৰ আগেয়ে তেওঁ নিৰ্দেশনা কৰিছিল ‘অদাহ্য’ (১৯৯৬)। প্ৰায় বিশ বছৰৰ পাছত নিৰ্দেশনা কৰা এই ছবিখন সৰ্বাংগসুন্দৰ। ছবিখনত দৰ্শকে পাবলগীয়া সকলোকেইটা উপাদানেই আছে, লাগিলে সেইয়া মনোৰঞ্জনেই হওঁক বা কাহিনীয়েই হওঁক বা অভিনয়েই হওঁক। ছবিখনে আপোনাক যিদৰে আপোনাক মনোৰঞ্জনৰ খোৰাক জগাব ঠিক সেইদৰে আপোনাক জীৱনত ভুমুকি মাৰি বহুকেইটা প্ৰশ্ন কৰিব, যাৰফলত হয়তো আপুনি জুকিয়াই চাব নিজৰ জীৱনত ঘ্টি থকা ঘটনাবিলাকক। হয়তো আপুনি বিচাৰি পাব বহু দিনৰ পৰা বিচাৰি ফুৰা বহু কেইটা প্ৰশ্নৰ উত্তৰ। ১১৬ মিনিটৰ এই ছবিখনৰ চিনেমাট’গ্ৰাফীৰ কাম কৰিছে দক্ষিণাত্যৰ এছ .ভি. গণশেখৰে। তেওঁ কেমেৰাৰে ৭০-৮০ দশকৰ অসমীয়া সমাজখনৰ লগতে বৰ্তমানৰ সমাজখনৰ মাজৰ ভিন্নতাক সুন্দৰকৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ছবিখনত অতীত আৰু বৰ্তমানৰ দুটা কাহিনীক সমান্তৰালকৈ উপস্থাপন কৰা হৈছে। কিন্তু কেইটামান মূহুৰ্ত্তত যেন এই দুটা সময়ৰ মাজৰ আঁত ডাল বান্ধি ৰখাত বিফল হোৱা যেন লাগিল, এইখিনিত সম্পাদনা আৰু কিছু উন্নত হ’ব লাগিছিল যেন বোধ হয়। ছবিখনৰ সংগীত পৰিচালনা তৰুণ পৰিচালক অনুৰাগ শইকীয়াৰ। ছবিখনক এক নিৰ্দিষ্ট গতিত আগবাঢ়ি যোৱাত তেওঁৰ সংগীতে যথেষ্ঠ সহায় কৰিছে, এক কথাত তেওঁৰ সংগীত ছবিখনৰ এক অন্যতম চালিকা শক্তি। ছবিখনৰ মাজত ব্যৱহৃত গীতটো অতি সুন্দৰ।
বলিউডৰ সফল অভিনেতা আদিল হুছেইনে ছবিখনৰ মূখ্য চৰিত্ৰ প্ৰীয়ান্দু হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছে। সাৱলীল অভিনয়েৰে তেওঁ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব। উল্লেখযোগ্য যে আদিল হুছেইনে এই ছবিত কৰা অভিনয়ৰ বাবে ৬৪-তম ৰষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অনুষ্ঠানত  বিচাৰকৰ বিশেষ বঁটা (National Film Award – Special Jury Award / Special Mention (Feature Film) লাভ কৰিছে। সুমনা দাসৰ চৰিত্ৰত অভিনয় কৰিছে সুলক্ষণা বৰুৱাই। তেওঁৰ অভিনয়ত পৰিপক্কতা প্ৰকাশ পাইছে। ‘কথানদী’ৰ জৰিয়তে ছবিজগতত ভুমুকি মৰা কাছভী শৰ্মাই এইখন ছবিত ‘কথানদী’ৰ চৰিত্ৰৰ বিপৰীতে এক সম্পূৰ্ণ বেলেগ ধৰনৰ চৰিত্ৰৰ ভূমিকা পালন কৰিছে। ইয়াৰ জৰিয়তে তেওঁ যে সকলো ধৰণৰ অভিনয় কৰিবলৈ প্ৰস্তুত তথা সক্ষম তাৰেই উমান দিছে। ঠিক সেইদৰেই ভাল লাগিল বাল্যকালৰ প্ৰীয়ান্দুৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা নৱাগত ৰাহুল গৌতম শৰ্মাৰ অভিনয়৷ অসমীয়া ছবিয়ে ভৱিষ্যতত অভিনয়ৰ দিশত যে হাবাথুৰি খাব নালাগে এই কম বয়সীয়া অভিনেতা সকলে নিশ্চিত কৰিলে৷ আন আন বহু চৰিত্ৰত ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ সমাবেশ ঘটিছে। তাৰ ভিতৰত অন্যতম কুলদা কুমাৰ ভট্টাচাৰ্য্য, মালা গোস্বামী, ছাকিল ইমতিয়াজ, হিমাংশু প্ৰসাদ দাস, মহেন্দ্ৰ ৰাভা, ৰাহুল গৌতম শৰ্মা, প্ৰণামী বৰা, ইন্দু মোহন দাস, অসীম বৰুৱা ইত্যাদি। ছবিখনৰ সফলতাৰ অন্যতম ছাবীকাঠী হ’ল এই সকলোৰে প্ৰশংসনীয় অভিনয়। উল্লেখযোগ্য ছবিখনত কোনো এক চৰিত্ৰৰ মাজত অতিমাত্ৰা অভিনয়ৰ প্ৰভাৱ দেখা পোৱা নগ’ল, ইয়াৰ কাৰণে নিৰ্দেশিকা গৰাকী নিশ্চয় প্ৰশংসাৰ পাত্ৰ।
ছবি এখনৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছবিঘৰত উপস্থিত দৰ্শকৰ ওপৰত। ৬৪-তম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয় চলচিত্ৰৰ ৰজত কমল বঁটা লাভ কৰা এই ছবিখনৰ প্ৰচাৰ তেনেই কম আছিল। আৰু সেই মতেই ছবি ঘৰত দৰ্শকৰ উপস্থিতি দেখা গ’ল। অসমীয়া চলচিত্ৰ উদ্দ্যোগৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি প্ৰতিজন অসমীয়া ছবি নিৰ্মাতাই এই কথাটো মন কৰিলে কিজানি নিজৰ ছবিৰ লগতে মুক্তি পাবলগীয়া সকলো আন আন ছবিৰ ক্ষেত্ৰটো এক আশানুৰূপ ফলাফল লাভ কৰিব পাৰিব। এইটো মোৰ লগতে প্ৰতিজন অসমীয়া চলচিত্ৰ প্ৰেমীৰ ছবি নিৰ্মাতা সকললৈ এক বিশেষ অনুৰোধ।

‘মাজ ৰাতি কেতেকী’ ছবিজগতৰ এক কবিতা স্বৰূপ। কেতেকীৰ সুৰীয়া মাতৰ দৰেই ছবিখনো সুৰীয়া। এই সুৰীয়া মাতেৰে দৰ্শকক সন্মোহিত কৰি তুলিব। সমাজৰ বহু কেইটা দিশ ছবিখনত অতি সৰল ভাৱে দৰ্শকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ঠিক ভিট্টৰিঅ’ দি ছিকাৰ ‘বাইচাইকেল থীভ্ছ’ বা সত্যজিত ৰয়ৰ ‘পথেৰ পাঞ্চালী’ৰ দৰে, আৰু এই ক্ষেত্ৰত নিৰ্দেশিকা সফল হৈছে। মোৰ বোধেৰে প্ৰতিজন প্ৰকৃত চলচিত্ৰ প্ৰেমীয়ে ছবিখন চোৱা উচিত। কাৰণ “বিয়ালৈ নাই মতা বুলি বিয়ালৈ নোযোৱাটো” আৰু “প্ৰচাৰ নাই কৰা বুলি এখন সৰ্বাংগসুন্দৰ ছবি নাচাওঁ” বোলা ভাৱধাৰাৰ মাজত আছে এক আকাশ-পাতাল পাৰ্থক্য।

******


অনাৰকলী অৱ আৰাহ (২০১৭)
-তৃষ্ণা দাস
সম্পাদক, বেটুপাত।

  অনাৰকলী অৱ আৰাহ হৈছে ২০১৭ বৰ্ষৰ ২৭ মাৰ্চত মুক্তি পোৱা এনে এখন ছবি যিয়ে বহুকেইটা প্ৰশ্নৰ উত্তৰ লৈ দৰ্শকৰ মাজলৈ আহিছেনাৰী এগৰাকীয়ে নিজৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ শেষত সেই অধিকাৰৰ বাবে যুঁজ দি জয়ী হোৱা কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনা আৰু কাহিনীৰ ৰচক বলীউডত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰা অভিনাশ দাস। প্ৰায় ১ ঘন্টা ৫৩ মিনিটৰ এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিহাৰৰ এখন সৰু ঠাই আৰাহৰ এগৰাকী নৰ্টকী হিচাপে মোহময়ী অভিনেত্ৰী স্বৰা ভাস্কৰে, স্বৰাৰ এই ছবিখনৰ যোগেৰে টেলিভিচনৰ পৰ্দাত প্ৰথম আত্মপ্ৰকাশছবিখনৰ আৰম্ভণি হয় এটা আইটেম চঙেৰে। অনাৰ ওৰফে স্বৰা ভাস্কৰৰ মাতৃয়ে গীতৰ তালে তালে ককাল ভাঙে। সেই অনুষ্ঠানৰ দৰ্শক হিচাপে থাকে বহুতো মুখা পিন্ধা ভদ্ৰলোক। যিয়ে নিজৰ পৰিয়াল থকাৰ পিছতো জীৱন নিৰ্বাহৰ বাবে নাচি-নাচি খায় থকা নাৰীক বেশ্যাৰ দৰে ব্যৱহাৰ কৰে। অনাৰ মাকে নচাৰ চলেৰে ; দলিয়াই থকা পইচাবোৰ বুটলিব আহে যদিও প্ৰায় দুইমিনিটৰ সেই গানটোত, এজন মানুহৰ ৰাইফলৰ মুখৰ পৰা পইচা লব ধৰোতেই সেই মদাহী মানুহজনৰে গুলীচালনাত মাকৰ মৃত্যু হয়।
     এই ঘটনাৰ পিছত ছবিখনত দেখুওৱা হয় ১২ বছৰ পাচৰ ঘটনা। অৰ্থাত্ অনাৰ গাভৰু হয়। মাকৰ সেই পেচা তাই লয়। তেনেকৈ তাই বৃদ্ধ খুড়াকৰ সতে কোনোমতে চলি থাকে। ঠিক সেই সময়তে তাইৰ যৌৱনত চকু পৰে এগৰাকী স্থানীয় ৰাজনীতিবিদৰ। মানুহজনৰ অভদ্ৰ আচৰণৰ বলী হৈ তাই বহুত কষ্টত ভূগে। পুলিচৰ ওচৰত গৈ সহায় বিচাৰে যদিও তাইৰ ওপৰত পুলিচেও অত্যাচাৰ চলায়।
     অৱশেষত তাই সেই গাওঁ এৰি দিল্লীলৈ গুচি যায় আৰু তাইক সংগ দিয়ে তাইৰ কৰ্মৰ লগৰী আনৱাৰ ওৰফে অভিনেতা ময়ূৰ মৌৰে। ছবিখনত কিছু কিছু অংশত আনৱাৰ-অনাৰৰ প্ৰেম-ভালপোৱাৰো উমান পোৱা যায়। তেনেকৈ দুয়ো গৈ তাত থাকিব লয় আৰু তাত লগ পায় ষ্টুডিঅৰ লগত চিনাকি থকা এজন ব্যক্তিক যিয়ে অনাৰৰ কন্ঠক খুবেই শ্ৰদ্ধা কৰিছিল। তেওঁ হৈছে পূৰ্বে ৰনবীৰ কাপুৰ আৰু দিপিকা পাদুকন অভিনীত ছবি তামাশাত অভিনয় কৰা ইশ্তেয়াক খান। উল্লেখ্য যে, তেওঁ দিল্লীত অডিঅৰ কেছেট বিক্ৰী কৰিছিল। তেনেকৈ উক্ত মানুহজনৰ সহায়ত অনাৰে দিল্লীত গান ৰেকৰ্ড কৰিবলৈ সুবিধা পায় যদিও ৰাজনীতিবিদজনৰ কথা মতে তাইক বিচাৰি পুলিচে তেতিয়াও সন্ধান চলায় আছিল বাবে তাই দিল্লীত থকাতো গম পোৱাৰ লগে লগে তাইক গ্ৰেপ্তাৰ কৰাৰ জাননী দিয়ে।
     ছবিখনৰ ঠিক শেষৰ ফালে কেছেট বিক্ৰী কৰা মানুহজনে তাইক ৰাজনীতিবিদজনে অপব্যৱহাৰ কৰা অনুষ্ঠানটোৰ ভিডিঅটো দেখায়আৰু তাৰ পিছতে আৰম্ভ হয় তাইৰ ৰিভেঞ্জ, অৱশ্যে তাই ভিডিঅটোৰ কথা গম পোৱাৰ আগতেই পুলিচৰ ওচৰত চাৰেণ্ডাৰ কৰে।
     অনাৰক পুলিচে বিহাৰলৈ আনি কৰ্টত নিয়ে আৰু তাতেই খুউৱ কৌশলেৰে তাই ৰাজনীতিবিদজনৰ ওচৰত পূৰ্বে কৰা কামবোৰৰ বাবে ক্ষমা বিচাৰে আৰু তেওঁ যি কয় তাকেই কৰিম বুলি কয়। সেইদৰে তাই বীৰ কোঁৱৰ সিং বিশ্ববিদ্যালয়ৰ ৰজত জয়ন্তী সমাৰোহত অনুষ্ঠান পৰিৱেশন কৰেত ৰাজনীতিবিদজনৰ পৰিয়াল তথা বহুতো মন্ত্ৰী, পুলিচৰ উচ্চ পদস্থ বিষয়াৰ লগতে সেই অঞ্চলৰ গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনাৰে তাত অনুষ্ঠান পৰিৱেশন কৰে আৰু তাতেই উক্ত ৰাজনীতিবিদজনৰ সকলো কু-কৰ্মৰ ভিডিঅ ৰাইজক দেখায়। ইয়াৰ পিছত তাই আজাদ হয় আৰু ৰাজনীতিবিদজনৰ ওপৰত পুলিচে কেছ চলায় ছবিখনৰ থুল-মূল কাহিনী এইখিনিয়েই যদিও ইয়াৰ যোগেৰে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে সমাজলৈনাচি বা গান গাই টকা আৰ্জিলে বুলিয়েই মহিলা এগৰাকী যে কাৰোৰে চাবি দিয়া পুতলা নহয়, তাইৰ শৰীৰত ইচ্ছা কৰিলেই তাইৰ অনুমতি অবিহনে যে চুব নোৱাৰে। এই আটাইবোৰ কথাক সামৰি ছবিখন নিৰ্মান কৰা হৈছে।

এমুঠি অন্নৰ বাবে যিকোনো কাম কৰিবলগা হব পাৰে কিন্তু তাৰ মানে এয়া নহয় যে উক্ত কামৰ মাজেৰে কাৰোবাৰ চৰিত্ৰক জোখা হব। অনাৰৰ জৰিয়তে স্বৰা ভাস্কৰে সঁচাকৈ এটা খুউৱ সুন্দৰ চৰিত্ৰত অভিনয় কৰে। স্বৰা ভাস্কৰৰ লগতে ইতিমধ্যে নিজৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰা সঞ্জয় মিশ্ৰ, পংকজ ট্ৰীপাথী, নিতিন আৰোৰা আদিৰ দৰে প্ৰতিভাসম্পন্ন অভিনেতাৰ সাৱলীল অভিনয়েৰে ভৰপূৰ অনাৰকালী অৱ আৰাহ সকলো শ্ৰেণীৰ দৰ্শকে চাব লগা এখন ছবি। যাক কেৱল উপভোগেই নহয় অনুভৱো কৰা উচিত। তাৰোপৰি ৰোহিত শৰ্মাৰ তত্ত্বাৱধানত ছবিখনৰ সংগীতৰ দিশটোৱো খুৱেই মনোগ্ৰাহী হৈছে। সংগীতৰ কথা সাংঘাতিক সংবেদনশীল। লগতে চিনেমেটোগ্ৰাফীত থকা অৰ্ৱিন্দ কন্নাবিৰানৰ দক্ষতাৰ ওপৰত সন্দেহ নাই যদিও দৰ্শকে আৰু অধিক উন্নত মানদণ্ডৰ কাম তেওঁৰ পৰা আশা কৰিব পাৰে।

*******

বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭

২০০১: এ স্পেচ ওডেচী: ছবিজগতৰ এক সাঁথৰ

-      দেৱ প্ৰতিম হাজৰিকা, বিহপুৰীয়া


পৃথিৱীখন নানা ধৰণৰ ৰহস্যৰে পৰিপূৰ্ণ। কেতিয়াবা আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে যাৰ অৰ্থ উলিয়াবলৈ আমাক বহু সময় লাগে, কেতিয়াবা সেই অৰ্থৰ উত্তৰ দিবলৈ আমি অপৰাগ হৈ পৰো। সেইয়া কালক্ৰমত হৈ পৰে এক ৰহস্য। এইটো সঁচা যে দৈনন্দীন বিজ্ঞানে নানা ধৰণৰ আৱিষ্কাৰেৰে পৃথিৱীৰ বহুতো ৰহস্যৰ পম খেদি উলিয়াবলৈ সক্ষম হৈছে। তথাপিও থাকি গৈছে বহু কথা। সভ্যতাৰ ইমান হাজাৰ বছৰৰ পাছতো বহু প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত নাই। তথাপি আমি জানো এই প্ৰশ্ন কৰিবলৈ এৰিছো? হয়তো কেতিয়াও নেৰো এনে প্ৰশ্ন কৰিবলৈ। পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত আমাৰ দৰে জীৱ আছে নে নাই, ভগৱান আছে নে নাই, এইবিলাক তেনে ধৰণৰ কিছুমান প্ৰশ্ন। যিটো প্ৰশ্নৰ উত্তৰ পাবলৈ পৃথিৱীৰ বিজ্ঞানীসকলে নতুন নতুন নানা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিয়েই আছে আৰু হয়তো এই প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে কৰিয়েই থাকিব।
ষ্টেনলী কুব্ৰিক, ছবিজগতৰ এক চিনাকী নাম। ন ন চিন্তাৰ বহু কেইখন সুন্দৰ ছবি তেওঁ ছবিজগতক উপহাৰ দি গৈছে। যুদ্ধ বিষয়ক এক ব্যংগ ছবি ডঃ ষ্ট্ৰেঞ্জ লাভনিৰ্মাণ কৰি তেওঁ এক নতুন চিন্তাৰ ছবি নিৰ্মাণৰ কথা ভাবিলে। বিষয় হিচাপে বাচি লৈছিল কল্পবিজ্ঞান। সেই সময়ত মহাকাশ বিজ্ঞান চালুকীয়া অৱস্থাতে আছিল। ছোভিয়েট ইউনিয়ন এই খেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ বহু আগত স্থান লৈছিল। সেই সময়ত অৰ্থাত ৬০ৰ দশকত মহাকাশচাৰীয়ে চন্দ্ৰত ভৰি থোৱাটো এক দুৰ্বোধ্য সপোন আছিল। তেনে সময়তে ষ্টেনলী কুব্ৰিকে লগ পায় প্ৰখ্যাত লেখন আৰ্থাৰ চি. ক্লাৰ্কক। আনৰ মতে কাম কৰি বেয়া পোৱা ক্লাৰ্কৰ বাবে কুব্ৰিকৰ বাবে চিত্ৰনাট্য ৰচনা কৰিটো আছিল এক কঠিন কাম। আনহাতে পাৰ্ফেকচনিষ্টহিচাপে খ্যাত কুব্ৰিকক প্ৰয়োজন হৈছিল এনে এক চিত্ৰনাট্য যত সকলো খুটি-নাটি মৰা থাকে। ক্লাৰ্কে কুব্ৰিকক বহুতো ছুটি গল্প দেখুৱালে, আৰু শেষত কুব্ৰিকৰ পছন্দ হৈছিল দা ছেন্টিনেলনামৰ গল্পটো। কুব্ৰিকে ক্লাৰ্কক সেই গল্পটোক এখন পূৰ্ণ্দৈৰ্ঘ্যৰ উপন্যসা ৰূপ দিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছিল আৰু ফলস্বৰূপে ১৯৬৮ নিৰ্মাণ হৈছিল তেতিয়াৰ সময়তকৈ বহু আগৰ ছবি ২০০১: এ স্পেচ ওডিচীৰ।
কলাৰ বিভিন্ন ৰূপৰে এক ৰূপ বোলছবি। ইয়াৰ মাজেৰে বহুতে এনে ওপৰত কৈ অহা নানা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছে। প্ৰমেথাছ’, ‘কন্টেক্ট’, ‘ইন্টাৰষ্টেলাৰ’, ‘এৰাইভেলআদি এনে ধৰণৰ কিছুমান ছবি যিবিলাকে আমাৰ সময়তকৈ আগৰ কিছু প্ৰশ্নৰ উত্তৰৰ অন্বেষণত নমাৰ এক দিশ উন্মোচিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এনে ধৰণৰ প্ৰথম প্ৰচেষ্টা চলাইছিল ষ্টেনলী কুব্ৰিকে ১৯৬৮ চনতেই। ওপৰত কোৱাৰ দৰে তেতিয়াৰ সময়তকৈ বহু আগৰ কিছুমান ধাৰণা লৈ নিৰ্মাণ কৰিছিল ২০০১: এ স্পেছ ওডিছীৰ। আৰু এই খন ছবিৰ স্থান এই শৈলীৰ বহু ছবিতকৈ এতিয়াও বহু ওপৰত।
যেতিয়া ১৯৬৮ চনত ছবিগৃহত ছবিখন প্ৰথমবাৰলৈ প্ৰদৰ্শন কৰা হৈছিল তেতিয়া দৰ্শক হতাশ হৈছিল, বহুতে নিৰ্দেশকক গালি পাৰিছিল। কাৰণ ছবিখন বুজিবলৈ সৰহ সংখ্যক দৰ্শক অসমৰ্থ হৈছিল। সমালোচক সকলে সমালোচনাৰে ছবি খনক থকা-সৰকা কৰিছিল।
ছবিখনৰ প্ৰথম দৃশ্যত দেখিবলৈ পাম, কিছুমান গৰিলা মানৱক। হঠাতে তাত আৱিৰ্ভাৱ হয় এটা ৰহস্যময়ী কলা ৰঙৰ মনলীথৰ। তাৰ পাছতে গৰিলা মানৱে হাড়ক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ শিকে, যিটো সিহঁতে প্ৰয়োগ কৰে সিহঁতৰ শত্ৰু আন এক গৰিলা-মানৱ বাহিনীৰ ওপৰত। বহু হাজাৰ বছৰৰ পাছত তেনে এক মনলীথক দেখা পাম ২০০১ চনত চন্দ্ৰত। এইবিলাকৰ মাজতেই এই মনলীথৰ জৰিয়তে আমি বুজিবলৈ চেষ্টা কৰো সময় আৰু মহাকাশৰ মাজৰ এক যাত্ৰাক। ছবিখনৰ গতি লেহেমীয়া, আৰু বুজিবলৈ যথেষ্ঠ কষ্ট কৰিব লগীয়া হয়। ছবিখনত অতি কম সংলাপ আছিল আৰু যিকেইটা সংলাপ আছিল সেইকেইটাও আছিল অতি ছুটি।

ছবিখনৰ আটাইতকৈ উল্লেখনীয় দিশটো জফ্ৰী আনছৱৰ্থৰ চিনেমাটগ্ৰাফী। প্ৰায় নিখুট চিত্ৰগ্ৰহণ, দৰ্শকক চমক দিব পৰা মহাকাশৰ দৃশ্যাৱলী তথা মহাকাশ যাত্ৰাৰ দৃশ্যসমূহ আদি চাই থাকিলে ছবিখন যে ১৯৬৮ চনৰ এই ভাৱ মনলৈ কেতিয়াও নাহে। প্ৰায় পঞ্চাছ বছৰীয়া এই ছবিখন আজিৰ যুগত উপভোগ কৰিলেও ইয়াৰ দৃশ্য সমূহে আপোনাক এতিয়াও সন্মোহিত কৰি ৰাখিবলৈ সক্ষম হব। চিত্ৰনাট্য ৰচনাৰ কথা ওপৰত কৈ আহিছো। ক্লাৰ্ক আৰু কুব্ৰিক মিলি ৰচনা কৰা চিত্ৰনাট্য খন এবাৰতে বুজিবলৈ টান। বুজিবলৈ প্ৰয়োজন হব অলপ মগজুৰ কচৰতৰ। সেয়েহে হয়তো এই ছবিখনক বহুতে বুজিবলৈ টান ছবিৰ ভিতৰত ধৰে।
ছবিখনৰ বিভিন্ন কাৰিকৰী দিশৰ লগতে আন এটা উল্লেখযোগ্য দিশ হল ইয়াৰ সংগীত। উল্লেখযোগ্য যে ছবিখনৰ সংগীতৰ দায়িত্ব প্ৰথমে দিয়া হৈছিল পিংক ফ্লয়ড্ক। কিন্তু বেণ্ডটোৰ নিজৰ কিছুমান সমস্য়াৰ বাবে তেওঁলোকে এই দায়িত্ব গ্ৰহণ কৰিব পৰা নাছিল। মাহাকাশ জগতৰ লহত জৰিত এখন ছবিৰ বাবে এক অতি প্ৰয়োজনীয় উপাদান হৈছে সংগীত। কুব্ৰিকে দেখুৱাব বিচাৰিছিল মহাকাশক এক অন্তহীন যাত্ৰা হিচাপে। সেয়েহে তাৰ  সৈতে সংগতি ৰাখি সংগীত প্ৰস্তুত কৰিব লগীয়া হৈছিল। সেয়েহে ছবিখনত ব্যৱহৃত হৈছিল কিছুমান ক্লাছিকেলসংগীতৰ। এটা সংলাপৰ পাছত আন সংলাপৰ মাজৰ সময় কণত কোনো সংগীত নাছিল, আছিল এক নীৰবতা। সংগীত ছবিখনৰ বাবে আছিল এক চালিকা শক্তি। ছবিখনৰ গভীৰতা এই সংগীতে ভালদৰেই বুজাবলৈ সক্ষম হৈছিল। ক্লাছিকেল সংগীতৰ টুকুৰা বিলাক ছবিখনত এনেদৰে ব্যৱহাৰ কৰা হৈছিল, যেন আপোনাৰ লাগিব বিভিন্ন মহাজাগতিক বস্তু তথা মহাকাশ যান বিলাকে নৃত্য কৰি উঠিছে।
ছবিখনে বহুকেইটা নতুন দিশ উন্মোচিত কৰিছিল। কলা মনলীথৰ আৱিৰ্ভাৱে এক পৰজগতৰ অস্তিত্বৰ কথাঅ উদঙাই। এই কলা মনলীথৰ ছবিখনত দুবাৰ আৱিৰ্ভাৱ হয়। এবাৰ মানৱ সমাজ সভ্যতাৰ দুৱাৰ ডলিত থকা অৱস্থাত আৰু আন বাৰ মানৱ সমাজে সভ্যতাৰ পৃথিৱীত কেইবাটাই স্তৰ পাৰ কৰাৰ পাছত।  ই নিঃসন্দেহে পৰজগতৰ অস্তিত্বৰ সংকেত দিয়ে যদিও ছবিখনত এবাৰো এনে পৰাজাগতিক কিবা জীৱৰ দেখুওৱা হোৱা নাই, যাৰ ফলত ছবিখনক আৰু ৰসহ্যময়ী হৈ পৰে। ছবিখনত দেখুওৱা ‘Star gate’ আৰু ‘Star child’ হৈছে ছবিখনৰ আন এক ৰসহ্যময়ী দিশ। মনলীথে মানৱক এনে এটা দিশলৈ গতি কৰায় যিটো ব্যাখ্যা কৰা অসম্ভৱ, ই মানৱক জ্ঞান দিয়ে। মহাকাশৰ জ্ঞান দিয়ে আমাৰ অতীত আৰু ভৱিষ্য়তৰ মাজেৰে।
ছবিখনে ছবিজগতৰ এটা অন্যতম খলনায়কৰো জন্ম দিছিল। ‘HAL 9000’ আছিল ছবিখনৰ খলনায়ক আৰু ই কোনো মানুহ বা অন্য জন্তু নাছিল। ই আছিল এটা আৰটিফিছিয়েল ইনটেলিজেঞ্চব্যৱস্থা, আছিল এক মহাকাশ যান যাক চালিত ৰখা হৈছিল এটা কম্পিউটাৰ প্ৰগামেৰে। বিজ্ঞান, কাৰিকৰী আদি দিশৰ সৈতে জৰিত ছবিখনে দৰ্শকলৈ মাজলৈ আনিছিল এটা ‘AI’-ক মূল খলনায়ক হিচাপে। কেনেদৰে সদায় সহায়কাৰী বুলি ভাবি অহা এটা কম্পিউটাৰ ব্যৱস্থাই সকলো নিয়ন্ত্ৰণ নিজৰ দখললৈ আনি কেনেদৰে হানি কৰিব পাৰে তাক দৰ্শাইছিল এই ছবিখনে। কুব্ৰিকৰ লিখনিত প্ৰাণ পাই উঠিছিল এটা কন্ঠ তথা এটা ৰঙা কেমেৰা সংলগ্ন চকুৰ হালে(Hal)
ষ্টেনলী কুব্ৰিকৰ এই ছবিখনক এক কবিতাৰ লগত তুলনা কৰিব পাৰি। ছবিখন বুজিবলৈ সহজ নহয়, তথাপি ই সন্মোহিত কৰে বহুতকে। জীৱনটো আমি নানা প্ৰশ্নৰ উত্তৰৰ সন্ধানতে পাৰ কৰিছো। ২০০১: এ স্পেচ ওডিছীয়ে আপোনাক বা মোক একো প্ৰশ্নৰ উত্তৰ নিদিয়ে, বৰং কিছুমান নতুন প্ৰশ্নৰহে সৃষ্টি কৰে। ই আপোনাৰ চিন্তাধাৰাৰ ওপৰত প্ৰশ্ন কৰিব। ই বিজ্ঞান, দৰ্শন, ধৰ্ম আদি নানা দিশত প্ৰশ্ন তুলিব। ভগৱান আছে নে নাই, নে বেলেগ এটা শক্তি আছে? এনে কিছুমান প্ৰশ্নৰ সৃষ্টি কৰিব। আমি কেতিয়াও সন্তুষ্ট নহওঁ, বিজ্ঞানেও আমাক তাকেই শিকাই। সত্যাসত্য নজনালৈকে আমি ক্ষান্ত নাথাকো। প্ৰশ্ন এতা জাগিলে তাৰ উত্তৰ জানিবলৈ উঅদগ্ৰীৱ হৈ পৰো। এইয়া আমাৰ স্বভাৱ, মানৱ সমাজৰ স্বভাৱ। এই ছবিখনো যেন ঠিক তেনেকুৱাই, প্ৰশ্নৰ উত্তৰ বিচাৰি যেন ষ্টেনলী কুব্ৰিকৰ ছবিজগতলৈ এক বৃহৎ প্ৰশ্ববোধক চিহ্ন এই ছবিখন।

ছবিখনে যেতিয়া মুক্তি লাভ কৰিছিল তেতিয়া বহুতে প্ৰশ্ন তুলিছিল, সমালোচনা কৰিছিল। বহুতে কল্পবিজ্ঞান শৈলীৰ ছবিসমূহৰ ভিতৰত এই ছবিখনক নিকৃষ্ট আখ্যা দিছিল। কিন্তু তাৰ উত্তৰ সময়ে দিলে। ই এতিয়া সৰ্বকালৰ এখন অন্যতম ছবি সমূহৰ মাজৰে এখন। ছবিখন মুক্তি হোৱাৰ সময়ত তেতিয়াৰ দৰ্শকে ছবিখন বুজি পোৱা নাছিল, কাৰণ তেতিয়াৰ সময়ত এনে ছবি নিৰ্মাণ হোৱা নাছিল, ই আছিল অগতানুগতিক, বহুতৰ বাবে এক সাঁথৰস্বৰূপ। আৰু আজি মুক্তি হোৱাৰ ৪৯ বছৰৰ পাছতো এনে ছবি মুক্তি হোৱা দেখিবলৈ পোৱা নাই; সময়তকৈ আগৰ, অগতানুগতিক।
                @@@@@@@@@
বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭


ইনছেপছন: সপোনৰ এক মায়াজাল
- দেৱপ্ৰতিম হাজৰিকা,
বিহপুৰীয়া
(Spoilers Alert: চিনেমা খন নাই চোৱা যদি লেখাটো পঢ়িব জানো? ৰিক্স আপোনাৰ নিজৰ!)
ক্ৰিষ্টোফাৰ নলান, ছবিজগতৰ এক চিনাকী নাম। বহুকেইখন সফল কথাছবি তেওঁ ইতিমধ্যে আমাক উপহাৰ দিছে। তেওঁৰ কথাছবি বেয়া পোৱা মানুহ খুব কম ওলাব। তেওঁৰ কথাছবিৰ এটা বিশেষত্ব হল তেওঁৰ কথাছবিৰ বিষয়বস্তু, আন সকলোতকৈ বেলেগ, যি প্ৰতিবাৰেই আমাক আচৰিত কৰি আহিছে।

তেওঁৰ এখন অন্যতম সফল কথাছবি হইনছেপছন। ছবিখন মুক্তি পোৱা সাত বছৰ হ, তথাপি এতিয়াও এই ছবিখনে মনত খু-দুৱনি লগাই। ইয়াৰ কাৰণ ছবিখনৰ টান বিষয় বস্তু। যেতিয়া বিষয় বস্তু সপোনৰ ভিতৰৰ সপোনৰ ভিতৰৰ সপোনহয় তেতিয়া মনত খু-দুৱনি থকাটো স্বাভাৱিক। তলত এই খু-দুৱনি আঁতৰাবলৈকে অলপ চেষ্টা কৰা হল।
কথাছবিখনৰ মূল বিষয়বস্তুৱেই হসপোন। এই সপোনৰ লগত জড়িত তিনিবিধ উপাদান হল:

সপোন দেখোতা(The Dreamer): যিজন লোকে সপোন দেখে।

বিষয় বস্তু(The Subject): যিজন লোকৰ পৰা সংবাদ আহৰণ কৰা যায়, যিটো লোকজনৰ অৱচেতন মনটোৱে সহয় কৰে।

স্থপতিবিদ(The Architect): যিজন লোকে সপোনৰ পৰ্যায় পৰিকল্পনা কৰে বা তৈয়াৰ কৰে।

কথাছবিখনত সপোন বিলাক দুই প্ৰকাৰৰ আছিল:
১) প্ৰথমবিধ হল সাধাৰণ সপোনৰ ভিতৰৰ সপোন(Dream-within-a-dream), যিটো কবে সাধাৰণতে সংবাদ আহৰণ কৰিবলৈ ব্যৱহাৰ বিষয়বস্তুৰ ওপৰত প্ৰয়োগ কৰে। ছবিখনৰ আৰম্ভণিতে দেখুওৱা যত কবে ছাইটোৰ পৰা সংবাদ আহৰণ কৰিবলৈ চেষ্টা কৰে সেইটো তেনেকুৱা ধৰণৰ সপোন।

২) দ্বিতীয়বিধ হল বহুকেইটা স্তৰ থকা সপোন। ফিছাৰৰ পৃথিৱীখনত সোমাবলৈ চেষ্টা কৰাটো আছিল এনে ধৰণৰ সপোন। এনে ধৰণৰ সপোনৰ কাৰণে খুব শান্ত পৰিবেশৰ দৰকাৰ হৈছিল।
ইয়াৰোপৰি যিমানেই সপোনৰ স্তৰ বাঢ়ি গৈছিল সিমানেই বাস্তৱ আৰু সপোনৰ পৃথিৱীৰ সময় মাজত থকা পাৰ্থক্য বাঢ়ি গৈছিল। বাস্তৱ পৃথিৱীৰ দহ ঘন্টা সপোনৰ প্ৰথম স্তৰত আছিল এক সপ্তাহ আৰু দ্বিতীয় স্তৰত আছিল ছয় মাহ আৰু এনেকৈয়ে সপোনৰ পৃথিৱীত সময়ৰ পৰিবৰ্তন হৈ গৈছিল।
এতিয়া কথাছবিখনত ব্যৱহাৰ কৰা কিকমানে কি?
কথাছবিখনত কিকহৈছে এক প্ৰকাৰৰ বাধা, মানে ধৰি লওঁক আপুনি নিদ্ৰাত মগ্ন, তেনেতে আপোনাক কোনোবাই মতাত আপুনি অকস্মাৎ সাৰ পালে, এনে ধৰণৰ কথাকে বুজাবলৈ ব্যৱহাৰ কৰা হৈছে কিকৰ। এই কিকৰ ফলত সপোন দেখোতা প্ৰথম স্তৰতে সাৰ পাই যায়।

কথাছবিখনত যেতিয়া কব বাথটাবত পানীৰ মাজত সোমাই গৈছিল তেতিয়া তেওঁ সপোনৰ প্ৰথম স্তৰতে সাৰ পাইছিল, ই হৈছে কিক। এইবিধ কিকল বাস্তৱ পৃথিৱীৰ।
আকৌ আন এবিধ কিকআছে যিটো সপোনৰ পৃথিৱীত পোৱা যায়। কবে আৰ্থাৰক মূৰত গুলীয়াইছিল যাৰ ফলতে আৰ্থাৰ বাস্তৱ পৃথিৱীত সাৰ পাইছিল।
কিন্তু যেতিয়া সপোন দেখোতা সপোনৰ বহুকেইটা স্তৰত উপস্থিত হয় তেতিয়া এটা সাধাৰণ কিকতেওঁক সাৰ পোৱাবলৈ যথেষ্ঠ নহয়। তাত কাৰণে লাগিব এক শক্তিশালী কিক। এই কিক সমান্তৰাল ভাৱে দুখন ঠাইত প্ৰয়োগ কৰিব লাগিব।  মানে এক প্ৰকাৰৰ কিকবাস্তৱ পৃথিৱীৰ লোকজনৰ ওপৰত প্ৰয়োগ কৰিব লাগিব আৰু আন এবিধ কিকঠিক সেই সময়তে প্ৰয়োগ কৰিব লাগিব সপোনৰ পৃথিৱীৰ লোকজনৰ ওপৰত।
সহজ অৰ্থত ধৰি লওক, আপুনি শুই আছে আৰু সপোন দেখি আছে। সেই অৱস্থাত যদি কোনোবাই আপোনাৰ শুই থকা শৰীৰক ঠেলি দিয়ে বা হেচুকি দি বিচনাৰ পৰা পেলাই দিয়ে তেন্তে আপুনি সাৰ পাই যাব আৰু সেই সময়তে আপুনি সপোনটোৰ পৰাও ওলাই আহিব। এইটো প্ৰথম অৱস্থাৰ এটা সাধাৰণ কিক
আকৌ ধৰি লওক আপুনি অচেতন অৱস্থাত আছে কাৰণ আপোনাৰ ওপৰত এনাস্থেছিয়া প্ৰয়োগ কৰা হৈছে আৰু আপুনি সেই অৱস্থাত সপোন দেখি আছে। তেনে অৱস্থাত আপোনা মাত্ৰ ঠেলি বা হেচুকিয়াই বিচনাৰ পৰা পেলাই জগাবলৈ সক্ষম নহয়। তেন্তে তেনে অৱস্থাত আপুনি কেনেকৈ সাৰ পাব? এটা উপায় আছে যেতিয়া আপোনাৰ ওপৰত এনাস্থেছিয়াৰ প্ৰভাৱ শেষ হ, এইটো ঠিক কথাছবিত ব্যৱহাৰ কৰা ড্ৰিম মেছিনৰ টাইমাৰৰ দৰেই।
আনটো উপায় হল কথাছবিখনৰ দৰে সমান্তৰালকৈ ব্যৱহাৰ কৰা দুটা কিক। যদি কিবা উপায়েৰে সপোনৰ ব্যক্তিজনক পেলোৱা হয় আৰু ঠিক একে সময়তে বাস্তৱ পৃথিৱীত আপোনাক বিচনাৰ পৰা পেলাই দিয়া হয় তেতিয়া হয়তো এনে অৱস্থাৰ আপুনি সাৰ পাব। কিন্তু এনাস্থেছিয়া এনেকৈ দিব লাগিব যাতে পৰি যোৱাটো ব্যক্তিজনে অনুভৱ কৰে।
কথাছবিত আমি দেখিবলৈ পাইছিলো যেতিয়া তেওঁলোক বৰফৰ মাজত আছিল তেওঁলোকে ‘Missing Kick’ৰ কথা উল্লেখ কৰিছিল। তেওঁলোকৰ প্ৰকৃত কিকটো আছিল ভান খনৰ দলং খনৰ কোণৰ লগত জড়িত। কিন্তু তেওঁলোকৰ ভান খন পানীত পৰি গৈছিল, এইটোৱেই আছিল ‘Missing Kick’ইয়াৰ ফলত আৰ্থাৰ থকা হোটেল খনৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱ পৰিছিল। ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰ্থাৰে লিফ্ট খন নিয়ন্ত্ৰণহীন কৰি তললৈ লৈ যাব লগীয়া হৈছিল। এইটো আছিল এটা সমান্তৰাল কিক

এতিয়া আহো মৃত্যুলৈ। কি হব যেতিয়া এজনৰ সপোনত মৃত্যু হ? এইটো আকৈ নিৰ্ভৰ কৰিব সপোনৰ স্তৰ বিলাকৰ ওপৰত। যদি এটা সাধাৰণ পৰ্য্যায়ৰ সপোনত কোনো লোকৰ মৃত্য়ু হয় তেন্তে এইটো হব এটা কিকআৰু লোকজন সাৰ পাই যাব। কিন্তু যদি বহুকেইতা স্তৰৰ ভিতৰত সোমাই থকা সপোনত লোকজনৰ মৃত্য়ু হয় তেন্তে তেওঁ সোমাই পৰিব লিম্বোত।

এতিয়া লিম্বো কি?

লিম্বো হৈছে এটা অৱচেতন অৱস্থা যত লোকজন এখন পৃথিৱীত উপনিত হয় যত তেওঁৰ মগজে সেইটো সপোন নে বাস্তৱ ধৰিব নোৱাৰে আৰু তেওঁ সেই পৃথিৱীতেই চিৰদিনৰ কাৰণে হেৰা যোৱাৰ সম্ভাৱনা থাকে। আৰু যদি এই অৱস্থাত তেওঁৰ মৃত্য়ু হয় তেন্তে ব্যক্তিজনে সকলো স্তৰ অতিক্ৰম কৰি বাস্তৱ পৃথিৱীত উপস্থিত হব।
কথাছবিখনত আমি দেখিবলৈ পাইছিলো কব আৰু মলৰ সেই অদ্ভুৎ পৃথিৱীখন।, ত দুয়ো মিলি নানা ধৰণৰ ঘৰ-অট্টালিকা নিৰ্মাণ কৰিছিল। সেই খন পৃথিৱী আছিল এটা লিম্বো।

দুটা ধৰণে ব্যক্তিজন লিম্বোত প্ৰৱেশ কৰিব পাৰে:

প্ৰথমতে, যদি সপোনৰ পৃথিৱীখনত তিনিটা স্তৰ থাকে আৰু ব্যক্তিজনে সেই পৰিকল্পনা কৰা তিনিটা স্তৰৰ বাহিৰেও আন এটা স্তৰত সোমাবলৈ চেষ্টা কৰে তেন্তে তেওঁ লিম্বোত প্ৰৱেশ কৰিব। এই  ধৰণৰ লিম্বোত ব্যক্তিজনে এই নতুন স্তৰত প্ৰৱেশ কৰিছিল মনত থাকে আৰু লিম্বোত প্ৰৱেশ কৰাৰ আগেয়ে কি কৰিছিল সেইয়াও মনত থাকে। দ্বিতীয়তো যেতিয়া ব্যক্তিজনৰ ওপৰত কোৱা ধৰণে বহু-স্তৰীয় সপোনত মৃত্য়ু হয়। এই লিম্বোত প্ৰৱেশ কৰাৰ পাছত ব্যক্তিজনৰ একো মনত নাথাকে।
কথাছবিখনত কবে কৈছিল যে সপোনৰ প্ৰতিটো স্তৰতে এটা নিৰাপদ স্থান আছে যত বিষয়বস্তুৰ(যাৰ পৰা সংবাদ আহৰণ কৰিবলৈ সপোন দেখোতাই চেষ্টা কৰে, বা যাৰ ওপৰত ইনছেপছন কৰা হয়) নানা চিন্তা আৰু গোপনীয় কথাবিলাক থাকে। কবৰ দলটোৱে সেই নিৰাপদ স্থানৰ পৰা লোকজন(বিষয় বস্তু)ৰ গোপনীয় কথা বিলাক আহৰণ কৰিবলৈ চেষ্টা কৰে। কবে লগতে কৈছিল সপোনৰ তৃতীয় স্তৰ বা তাৰ তলৰ স্তৰত যদি ব্যক্তিজনৰ সেই নিৰাপদ স্থানত কেনেবাকৈ কোনো ধৰণৰ ধাৰণা দিবলৈ সক্ষম হয় তেন্তে ব্যক্তিজনে সাৰ পাই সেইটো নিজৰে ধাৰণা বুলি ভাবিব।
যেতিয়া কব আৰু মল লিম্বোত বন্দী হৈছিল, কবে লাহে লাহে বুজি উঠিছিল যে সেইয়া বাস্তৱ পৃথিৱী নহয়। কিন্তু মলে সেই কথা স্বীকাৰ কৰা নাছিল। সেয়েহে কবে মলৰ সেই নিৰাপদ স্থানত এটা ঘুৰি থকা টটেমৰ প্ৰৱেশ ঘটাইছিল, যিটোৱে মলক সেইটো সপোন বুলি বিশ্বাস কৰাত সহায় কৰিব। শেষত মলে সেই লিম্বো বাস্তৱ নহয় বুলি পতিয়ন গৈছিল আৰু কবৰ সৈতে একেলগে ৰেল লাইনত মৃত্য়ুৰ বাবে অপেক্ষা কৰিছিল। কব আৰু মল তাৰ পাছতেই নিজকে কিজৰ কোঠাত আৱিষ্কাৰ কৰিছিল। কিন্তু সেই ঘুৰি থকা টোটেমৰ বাবে মলে সেই বাস্তৱ পৃথিৱীকো সপোন বুলি ভাবিবলৈ ধৰিছিল। যাৰ ফলতেই মলে ঘৰৰ পৰ জাপ দিছিল। কিন্তু সেইখন আছিল বাস্তৱ পৃথিৱী, যাৰ ফলত মলৰ সঁচাকৈয়ে মৃত্য়ু হৈছিল।

লিম্বোত ছাইটো কবতকৈ বহু বেছি বয়সীয়াল আছিল। ইয়াৰ কাৰণ কি হব পাৰে?

ছাইটোৰ প্ৰথম স্তৰত গুলী লাগিছিল। তেনেদৰেই ছাইটোৱে কেইবাটাও স্তৰ পাৰ কৰি শেষত লিম্বোত প্ৰৱেশ কৰিছিল। তৃতীয় স্তৰত ফীশ্বাৰক যেতিয়া মলে হত্যা কৰিছিল তেতিয়া ফিশ্বাৰ লিম্বোত প্ৰৱেশ কৰিছিল। তেতিয়া কব আৰু এৰিয়াণ্ডে চতুৰ্থ স্তৰত প্ৰৱেশ কৰি ফীশ্বাৰক উদ্ধাৰ কৰিছিল। এৰিয়াণ্ডে ফীশ্বাৰক লৈ সেই লিম্বোৰ পৰা মুক্তি পাইছিল। কিন্তু কব থাকি গৈছিল সেই স্তৰত মলৰ সৈতে যুঁজিবলৈ আৰু ছাইটোক লিম্বোৰ পৰা মুক্তি দিবলৈ। যেতিয়া ভান খনত সকলোৱে নিজৰ কিকৰ জড়িয়তে প্ৰথম স্তৰলৈ ঘুৰি আহিছিল তেতিয়া সকলোৱে কবক পানীত এৰি আহিছিল, যাৰ ফলতে কবৰ পানীত ডুবি মৃত্যু হৈছিল। দুয়ো লিম্বোত প্ৰৱেশ কৰিছিল, কিন্তু দুয়োৰে মৃত্য়ু বেলেগ বেলেগ স্তৰত হোৱাৰ কাৰণে দুয়োৰে বয়সৰ মাজত পাৰ্থক্য আছিল। কথাছবিখনৰ প্ৰথম আৰু শেষত আমি দেখা পাওঁ বুঢ়া ছাইটোৱে কবক কোৱা, “Are you here to kill me?” যিটো আছিল দুয়োৰে লিম্বোৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়।
এতিয়া ইমান খিনি হোৱাৰ পাছত শেষৰ দৃশ্যটোৱে (যত টেটোমটো ঘুৰি থকা দেখুওৱা হয়) দৰ্শকৰ মনত এটা সন্দেহৰ সৃষ্টি কৰে। গোটেই কথাছবিখনেই সপোন আছিল নেকি? নে শেষত কব বাস্তৱ পৃথিৱীলৈ ঘুৰি আহে? কিন্তু দুয়োৰে মৃত্য়ু বেলেগ বেলেগ স্তৰত হোৱাৰ কাৰণে দুয়োৰে গোটেই কথাছবিখনেই এটা সপোন আছিল তেন্তে এইটো অস্পষ্ট হৈ ৰব এইটো কাৰ সপোন? কাৰ কল্পনা? যদি সপোন হয় তেন্তে সপোনৰ বিভিন্ন স্তৰ তথা কিকআদি ধাৰণা বিলাক হৈ পৰিব অৰ্থহীন। ঘুৰি থকা টেটোমটোৰ গতি শেষৰ পিনে হ্ৰাস হোৱা যেন বুলি অনুমান কৰিব পৰা যায় যদিও এই কথা ১০০% মানিও লব নোৱাৰি। কিন্তু যদি কবক শেষত বাস্তৱত উপস্থিত হৈছে বুলি ধৰা হয় তেন্তে ই হব কথাছবিখনৰ এক সুন্দৰ সমাপ্তি। কাৰণ কথাছবি,  সপোনেই বা নিজৰ বাস্তৱ জীৱনেই হওঁক সকলোতে আমাৰ কাম্য এক হেপ্পী এণ্ডীং
----------------------
দুখন ভাললগা ছবিৰ কথাৰে 
- তৃষ্ণা দাস
A DEATH IN THE GUNJ

উক্ত ছবিখনৰ আৰম্ভণিতে Dead Body ৰ কথা কোৱা হৈছে। যাৰ বাবে এটা কথা স্পষ্ট যে ছবিখনত কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যু সমাগত। আৰু এই ভাবটোৱে প্ৰতিটো মূহুৰ্তত আপোনাক সংকিত কৰি ৰাখিব। বলীউডৰ আগশাৰীৰ অভিনেত্ৰী তথা পৰিচালক কংকনা সেন শৰ্মাৰ সুপৰিকল্পিত পৰিচালনাৰে A DEATH IN THE GUNJ ২০১৭ বৰ্ষৰ এখন খুবেই মনোগ্ৰাহী ছবি। হয়, আপুনি ছবিখনৰ এটাও চৰিত্ৰক সহায় কৰিব নোৱাৰিব কিন্তু অনুভৱ কৰিব পাৰিব তেওঁলোকে অতিবাহিত কৰা প্ৰতিটো মূহুৰ্ত। ছবিখনত ইমান বেছি ছাচপেঞ্চ আছে যে এক ছেকেণ্ডো আপুনি আন কথা ভাবিব নোৱাৰিব। প্ৰতিটো চৰিত্ৰৰ কাষে কাষে যেন আপুনি ঘূৰি আছে তেনে লাগিব। জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপ দ্যেৰ তত্ত্বাৱধানত এটি অসমীয়া সংগীতো ছবিখনৰ এক বিশেষ মূহুৰ্তত পৰিৱেশন কৰা হৈছে। এইক্ষেত্ৰত ৰাজদ্বীপ ডাঙৰীয়া প্ৰশংসাৰ পাত্ৰ। উল্লেখ্য যে, অসমৰ বিহু নৃত্য তথা গামোচাৰ ব্যৱহাৰ Anurag Basu পৰিচালিত ছবি Jagga Jasoos তো দেখা গৈছে।
    
    কংকনা সেন শৰ্মাৰ এই ছবিখনত অভিনয়ত আছে Vikrant Massey, Tillotama Shome, Om Puri, Tanuja, Gulshan Devaiah, Kalki Koechlin, Jim Sarbh আৰু Ranvir Shorey আদি।

THE JAPANESE WIFE

    সাধাৰণতে বলীউডত যিধৰণৰ কাহিনীৰ ওপৰত চিনেমাবোৰ নিৰ্মাণ কৰা হয়, এইখন তাতকৈ কিছুপৰিমাণে পৃথক।
      

ৰাহুল ব', চিগুসা তাকাকু, ৰৈমা সেন, মৌচুমী চ্যাটার্জী আদিৰ অভিনয়ে আপ্লুত কৰিলে। চিনেমাখনৰ সুন্দৰ উপস্থাপন শৈলীৰ যোগেৰে পুনৰবাৰ অপৰ্না সেনে অভিজ্ঞ পৰিচালক হিচাপে নিজৰ চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰায় এঘন্টা ৪৫ মিনিটৰ এই ড্ৰামা তথা ৰোমাঞ্চধৰ্মী চিনেমাখনে আপোনাক সময়ত হঁহুৱাব, কন্দুৱাব লগতে শেষত আৱেগিক কৰি, কাহিনীটো যেন আধৰুৱা কৰিয়েই চিনেমাখন শেষ কৰিব। জাপানৰ মহিলা মিয়াগী (চিগুসা তাকাকু) আৰু পশ্চিম বেংগলৰ এখন সৰু গাওঁ সুন্দৰবনৰ স্নেহময় (ৰাহুল ব'স) ৰ চিঠিৰ যোগেৰে গঢ়ি উঠা প্ৰেম, তেনেকৈয়ে বৈবাহিক জীৱনৰ আৰম্ভণি কৰাৰ লগতে পইচাৰ অভাৱ বা পৰিয়ালৰ সমস্যাৰ কাৰণে কেনেকৈ তেওঁলোকে কোনোদিনেই ইজনে আনজনক শাৰীৰিকভাবে লগ নাপায় আদি এই সকলোবোৰ সাৱলীলভাবে দেখুওৱা হৈছে। কুনাল ব'সৰ উপন্যাস THE JAPANESE WIFE ৰ ওপৰত আধাৰিত এই চিনেমাখনৰ চিনেমেট'গ্ৰাফাৰ অনয় গোস্বামী, যাৰ কেমেৰাই আমাক সুন্দৰবনৰ বহুতো ভাল লগা দৃশ্য দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, চিনেমাখনত মূলতঃ তিনিটা ভাষা ব্যৱহাৰ কৰা হৈছে বাংলা, ইংৰাজী আৰু জাপানীজ।
                       ------------------------
বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

টেক্সি ড্ৰাইভাৰ: এক উপভোগ্য ভয়ানক সপোন
: দেৱপ্ৰতিম হাজৰিকা,
বিহপুৰীয়া
অপৰাধ, থ্ৰীলাৰ এনেধৰণৰ শৈলীৰ বোলছবিৰ ভিতৰত এখন অন্যতম কথাছবি হল মাৰ্টিন স্কৰছেজিৰ ১৯৭৬ চনৰ টেক্সি ড্ৰাইভাৰ। পৰিয়াল, সমাজৰ পৰা বিচ্ছিন্ন আৰু শেষত বাস্তৱৰ পৰাই বিচ্ছিন্ন হোৱা এজন সমস্যাৰে জৰ্জৰিত লোকৰ কাহিনী টেক্সি ড্ৰাইভাৰ।
কথাছবিখন প্ৰথম চাইছিলো ২০০৮ মানত। তাৰ পাছতো ছবি খন বহুবাৰ চাইছো, আৰু কোনোবাৰেই ছবিখন চাই আমনি লগা নাই। শতিকাৰ অন্যতম কথাছবিৰ মাজৰ এখন টেক্সি ড্ৰাইভাৰ। ছবিখন চাই এনেকুৱা লাগে যেন স্কৰছেজিয়ে পথৰ দাঁতিয়ে দাঁতিয়ে কেমেৰা লগাই থৈছে আৰু নিজৰ কেমেৰাত যেন বন্দী কৰিছিল তেওঁ যি দেখিছে। সেই পৰিৱেশ, পথৰ তেনে এক অনুভৱ বোলছবিখনৰ একো একোটা চৰিত্ৰ যেন।
ৰবাৰ্ট-ডি-নেৰআছিল ছবিখনৰ মূল চালিকা শক্তি। কিন্তু আন বহুতো দিশ আছিল যি ছবিখনত এখন শ্ৰেষ্ঠ ছবিৰ শাৰীত উপনীত কৰাত উপাদান যোগাইছিল। মাৰ্টিন স্কৰছেজি, ছবিজগতৰ এজন অন্যতম সফল নিৰ্দেশক। ছবিখনত তেওঁ নিউ য়ৰ্কৰ পথবিলাক ভয়ানক কৰাত সফল হৈছিল। তেওঁ পথ বিলাক নিজৰ কেমেৰাৰে বন্দী কৰিছিল, তেওঁ যেন পথ বিলাকৰ প্ৰকৃত সত্য দেখুৱাবলৈ সক্ষম হৈছিল এই ছবিখনৰ জৰিয়তে। আমি সকলোৱে জানো ৰবাৰ্ট-ডি-নেৰআৰু মাৰ্টিন স্কৰছেজিৰ জুতিটোৰ বিষয়ে। এই জুতিটোৰ সফলতাৰ কথা। তেওঁলোকৰ প্ৰথম বোলছবি আছিল মিন ষ্ট্ৰীটছ (১৯৭৩)। তেওঁলোকৰ নিৰ্দেশক-অভিনেতাৰ এই সম্পৰ্ক গাঢ় হৈছিল ১৯৭৬ চনৰ টেক্সি ড্ৰাইভাৰৰ জৰিয়তে। স্কৰছেজিয়ে বিশ্বাস কৰিছিল সেই সময়ৰ যুৱ অভিনেতা ৰবাৰ্ট-ডি-নেৰক। ছবিখনত স্কৰছেজিয়ে বিচৰা ধৰণেই সেই যুৱ অভিনেতা জনে অভিনয় কৰিছিল, এক দুৰ্দান্ত অভিনয় আৰু লগে লগে  ছবিজগতলৈ আগমণ ঘটিছিল এজন সুদক্ষ অভিনেতাৰ।
"Are you talkin’ to me? Are you talkin’ to me?” - ৰাবাৰ্ট-দি-নেৰ ৰ এক সংলাপ, কালক্ৰমত ই হৈ পৰিছিল মানুহৰ মুখে মুখে প্ৰচলিত এক আইকনিক বক্তব্য। তেওঁৰ অভিনয় আছিল দুৰ্দান্ত, যেন সোমাই পৰিছিল তেওঁ চৰিত্ৰটোত। “All the animals come out at night.” - আৰু তেনে এক চৰিত্ৰই দেখিবলৈ পোৱা যায় এই বোলছবিত। প্ৰাক্তন মেৰিন তথা বৰ্তমানৰ এজন টেক্সি ড্ৰাইভাৰ ৰূপী ট্ৰেভিছ (ৰবাৰ্ট-ডি-নেৰ’) ৰ অকলে কোঠাত সোমাই বন্দুকৰ সৈতে খেলি থকা এনে কিছুমান দৃশ্য আছিল ভয়ংকৰ তথা মনোগ্ৰাহী। যি বোলছবিখনক উপভোগ্য কৰি তুলিছিল। ছবিখনত তেওঁ এটা মহৱাক কাট দিছিল, লা চশমা পিন্ধিছিল আৰু তেওঁ আছিল হিংস্ৰ, বিপদজনক। ছবিত তেজৰ খেলা হোৱাৰ পাছত আমি হয়তো ভাবিছিলো সেই হিংস্ৰতাৰ অন্ত পৰিছে, কিন্তু গাড়ীৰ আইনাত যেতিয়া নায়কৰ হিংস্ৰ চকুহাল দেখা যায় তেতিয়া বুজিব পাৰো সেইয়া অন্ত হোৱা নাই, আৰু তেজৰ খেলা হব বাকী আছে। ছবিখনত প্ৰথমতে দেখা সহজ যেন লগা নায়ক লাহে লাহে হৈ পৰে হিংস্ৰ। তেওঁৰ সেই দুৰ্দান্ত অভিনয়ৰ বাবে তেওঁ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত মনোনয়ন লাভ কৰিছিল। ছবিখনক সফল কৰাত আন দুজন অভিনেতা তথা অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয়ৰ অৱদান আছে। আমি দেখিবলৈ পাম তেৰ বছৰীয়া কিশোৰী অভিনেত্ৰী জডী ফষ্টাৰক। এজনী গণিকাৰ অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে এজনী সমস্যা জৰ্জৰিত অস্থিৰ কিশোৰী, যি বিচাৰি ফুৰিছিল তাৰ পৰা ওলোৱাৰ উপায়, যিটোৰ ব্যৱস্থা কৰিছিল ট্ৰেভিছে। হাৰভে কিটালে অভিনয় কৰিছিল এজন কিশোৰী গণিকাৰ দালাল হিচাপে। কিশোৰীৰ লগত যৌন ক্ৰীড়া কৰিব খোজা ব্যক্তিসকল আছিল তেওঁৰ ধন ঘটাৰ আহিলা। ট্ৰেভিছৰ প্ৰথম চিকাৰ আছিল এই মেথিউ (হাৰভে কিটাল) তেওঁলোকৰ অভিনয় আছিল দুৰ্দান্ত।
ছবিখনৰ সফলতাৰ আন এটা দিশ হল ছবিখনৰ সংগীত তথা চিনেমাটগ্ৰাফী। বাৰ্ণাৰ্ড হাৰমেনৰ সংগীত আছিল ছবিখনৰ চালিকা শক্তি স্বৰূপ। ছবিখনৰ চিনেমাটগ্ৰাফাৰ আছিল মাইকেল ছেপমেন। ৭০ দশকৰ নিউ য়ৰ্কৰ টাইমছ স্কোৱাৰৰ বিভিন্ন দিশ যেনেঃ মুকলি ড্ৰাগছৰ বেহা, মাছাজ পাৰ্লাৰ, ট্ৰিপল এক্স ছবিৰ ছবিঘৰ, স্ত্ৰীপ শ্বআদিবিলাক দেখুৱাইছিল বোলছবিখনত। স্কৰছেজিয়ে সেই পৃথিৱীখন কেমেৰাত সুন্দৰকৈ বন্দী কৰিবলৈ সক্ষম হৈছিল।
ছবিখনৰ এটা উল্লেখযোগ্য দিশ হল ছবিখনৰ হিংস্ৰতা। গুলীত আঙুলি চিগি যোৱা, দেৱালত মানুহৰ মূৰৰ অংশ ছিটিকি পৰা, আঙুলিৰ পৰা তেজ ওলাই অহা আদি ধৰণৰ দৃশ্য সমূহ আছিল বাস্তৱ যেন লগা, আৰু ১৯৭৬ চন হিচাপে এই দৃশ্য সমূহ আছিল অতি উন্নত মানৰ। হিংসা আমি আন বোলছবিতো দেখা পাইছো, কিন্তু এইখন আছিল অলপ ব্যতিক্ৰম।
এক ভয়ানক সপোন যেন লগা কিন্তু উপভোগ্য ছবিখনক স্কৰছেজিয়ে অতি দক্ষতাৰে পৰিচালনা কৰিছিল। এটা সুন্দৰ কাহিনীক স্কৰছেজিয়ে বোলছবিৰ আকাৰত ৰূপান্তৰিত কৰি তৈয়াৰ কৰিছিল এখন ডাৰ্ক মাষ্টাৰপিচহিচাপে। ছবিখনত অশ্লীলতা, নগ্নতাৰ মুক্ত উপস্থাপন সেই সময়ৰ বোলছবিৰ এক ব্যতিক্ৰমী উপাদান। সেয়ে হয়তো সকলোফালৰে পৰা সফল এইখন বোলছবিক সকলোৱে কব বিচাৰে মাৰ্টিন স্কৰছেজি, ৰবাৰ্ট ডি নেৰৰ কেৰিয়াৰ তথা হলীউডৰ ৭০ দশকৰ বোলছবিৰ বাবে এক মাইলৰ সুঁতিস্বৰূপ বুলি।
*****
জেক নিকলছন (১৯৩৭ - ……) :      হলীউডৰ এগৰাকী প্ৰতিভাধৰ আৰু অন্যতম জনপ্ৰিয় অভিনেতা হিচাপে পৰিচিত জেক নিকলছনৰ জন্ম হয় ২২ এপ্ৰিল, ১৯৩৭ চনত নিউ জাৰ্ছী, আমেৰিকাত। প্ৰথমাৱস্থাত টম এণ্ড জেৰীৰ স্ৰষ্টা ৱিলিয়াম হানা আৰু জোছেফ বাৰবাৰাৰ MGM ষ্টুডিঅ'ৰ এটা সৰু অফিচত এগৰাকী কেৰানীৰ চাকৰি কৰা জেক নিকলছনে প্ৰথম অভিনয় কৰে এখন অতি কম বাজেটৰ ছবি "ডা ক্ৰাই বেবী কিলাৰ" ত। ছবিখনে মুক্তি লাভ কৰে ১৯৫৮ চনত। কিন্তু ছবিখন বেছি নচলিল। ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখন ছবিত অভিনয় কৰি যায়। এনেদৰে তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ ছবি "ৱান ফ্লিউ অভাৰ কাকু'ছ নেষ্ট" (১৯৭৫) এ  মুক্তিলাভ কৰে এই ছবিখনে মুক্তিৰ লগে লগেই লাভ কৰে অভূতপূৰ্ব সফলতা। দৰ্শক সমালোচকৰ সঁ‌হাৰিৰ বলতেই ছবিখনে ১৯৭৬ চনৰ অস্কাৰ বঁ‌টা প্ৰদান অনুষ্ঠানত জয় কৰে ৫ টাকৈ অস্কাৰ। শ্ৰেষ্ঠ ছবিৰ লগতে জেক নিকলছনে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁ‌টা। ছবিখনে উক্ত অনুষ্ঠানত পাঁচটা মুখ্য অস্কাৰ বঁ‌টা (শ্ৰেষ্ঠ ছবি, পৰিচালক, অভিনেতা, অভিনেত্ৰী আৰু চিত্ৰনাট্য) লাভ কৰিছিল। ইয়াৰ পিছত জেক নিকলছন হলীউডৰ এক চিনাকি তথা জনপ্ৰিয় নাম হৈ পৰিল। ইয়াৰ পিছত তেওঁ বিভিন্ন বিখ্যাত তথা অস্কাৰ মনোনীত ছবিত অভিনয় কৰে। 
"ডা ছাইনিং", "টাৰ্মছ অফ এনডেয়াৰ্মেন্ট", "এ ফিউ গুড মেন", "এছ গুড এছ ইট গেটছ", "এবাউট শ্মিডট" আদি তেওঁ অভিনয় কৰা বিখ্যাত ছবি। ইয়াৰে দ্বিতীয়খনৰ বাবে তেওঁ ১৯৮৪ চনত শ্ৰেষ্ঠ সহ অভিনেতা আৰু চতুৰ্থখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ দ্বিতীয়টো অস্কাৰ বঁ‌টা লাভ কৰিছিল ১৯৯৯ চনত। ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত টিম বাৰ্টনৰ "বেটমেন" ত জেক নিকলছনৰ জ'কাৰ চৰিত্ৰটিক আজিও এটা অন্যতম জনপ্ৰিয় চৰিত্ৰৰূপে গণ্য কৰা হয়। জেক নিকলছনৰ দ্বাৰা সকলো চৰিত্ৰকেই এটা অগতানুগতিক তথা এন্টাগনিষ্ট চৰিত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হয়। এইক্ষেত্ৰত "ৱান ফ্লিউ অ'ভাৰ কাকুছ নেষ্ট" আৰু "ডা ডিপাৰ্টেড" ত কৰা অভিনয়ে বাৰুকৈয়ে প্ৰতিফলিত কৰে।
জেক নিকলছন সৰ্বাধিক ১২ টা অস্কাৰ মনোনয়ন (৩ বাৰ বিজয়ী) লাভ কৰা আৰু ছটাকৈ গোল্ডেন গ্ল'ব বিজয়ী হোৱা পৃথিৱীৰ একমাত্ৰ অভিনেতা।
******



বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭

ছেভিং প্ৰাইভেট ৰায়ানঃ স্পীলবাৰ্গৰ এক অনুপম সৃষ্টি

 “আপোনাৰ আটাইতকৈ প্ৰিয় যুদ্ধ-ভিত্তিক বোলছবি কি?”, এই প্ৰশ্ন যদি কাৰোবাক সোধা হয় তেতিয়া সৰহ সংখ্যক লোকৰে উত্তৰ হ’ব ষ্টিভেল স্পীলবাৰ্গৰ নিৰ্মিত ১৯৯৮ চনৰ অনুপম সৃষ্টি ‘ছেভিং প্ৰাইভেট ৰায়ান’। এইখন এখন এনেকুৱা বোলছবি যিখন চাই আপুনি বেয়া পাইছো বুলি হয়তো ক’ব নোৱাৰিব। এজন জোৱান প্ৰাইভেট ফাৰ্ষ্ট ক্লাছ জেমছ ৰায়ানক ৰক্ষা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এটা মিছনক লৈ নিৰ্মিত বোলছবিখন আন আন যুদ্ধভিত্তিক বোলছবিতকৈ অলপ পৃথকদ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিৰ ওপৰত নিৰ্মিত ১৯৯৮ চনৰ এই বোলছবিখনে অস্কাৰৰ এঘাৰটা শিতানত মনোনয়ন লাভ কৰিছিল।
বোলছবিখন নিৰ্দেশনাৰ ফালৰ পৰা অন্যতম। কাৰণ অৱশ্যে আছে, কাৰণ ই হৈছে ষ্টিভেন স্পীলবাৰ্গৰ বোলছবি। নিৰ্দেশনা সাংঘাতিক হোৱাতো আচৰিত হ’বলগীয়া একো নাই। যুদ্ধক্ষেত্ৰত ঘটা প্ৰায় সকলোবিলাক ঘটনাই তেওঁ দেখুৱাইছিল এইখন ছবিৰ জৰিয়তে। ছবিখনৰ প্ৰথমতেই দেখুওৱা হয় ওমাহা বীচ্চৰ এক ভয়ানক দৃশ্য, য’ত আমেৰিকাৰ সৈনিক সকল নাৱেৰে সেই বীচ্চলৈ আহিবলৈ চেষ্টা কৰে, কিন্তু মৃত্যুদূত ৰূপী বিপক্ষ জাৰ্মান সেনাৰ গুলী-বাৰুদৰ আক্ৰমণে আমেৰিকান সৈন্যৰ দলটোক ছেদেলি-ভেদেলি কৰি পেলায়।  সেই বীচ্চ খন হৈ পৰিছিল আমেৰিকান সৈন্যৰ দলটোৰ বাবে একা মৃত্যু-ফান্দ। এই ভয়ংকৰ পৰিস্থিতিক নেওচি অৱশেষত কেপ্লেইন মীলাৰ(টম হেংকছ)ৰ সৈন্য দলটোৱে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। নাৱৰ পৰা নামি বীচ্চলৈ যোৱাৰ সেই বিভীসিকাময় পৰিস্থিতি সুন্দৰকৈ দেখুওৱা হৈছে এই দৃশ্যত। নাৱৰ পৰা বীচ্চলৈ সেই পথ আছিল ভয়ংকৰ, নাও বীচ্চ পোৱাৰ আগেয়েই আৰম্ভ হৈছিল বিপক্ষ বাহিনীৰ গুলীচলনা, নিঠৰ হৈছিল বহুতো আমেৰিকান জোৱান। এই প্ৰথমভাগৰ এই দৃশ্যত বহুতো অংশ কেপ্তেইন মীলাৰৰ দৃষ্টিকোণৰ পৰা দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মীলাৰ নাৱৰ পৰা নমাৰ পাছত পানীত এবাৰ সোমাই পৰে আকৌ পানীৰ পৰা উঠি খোজ দিয়ে, পানীত যেতিয়া সোমাই তেতিয়া দেখে বিপক্ষৰ গুলীয়ে কেনেদৰে আমেৰিকান জোৱানক থকা-সৰকা কৰিছে, পানীৰ তলতেই বহুতে মৃত্যুক সাৱটি লৈছে। এই দৃশ্যবিলাক ইমানেই সজীৱ আছিল এনেকুৱা লাগে যেন যুদ্ধক্ষেত্ৰত আমি মীলাৰৰ লগে লগে খোজ দিছোঁস্পীলবাৰ্গ আৰু চিনেমাটোগ্ৰাফাৰ জেনুজ কিমিন্সকিয়ে এই ছবিৰ কাৰণে ব্যৱহাৰ কৰিছিল ৰিয়েল লাইফ ফটোগ্ৰাফী যাতে দৃশ্য বিলাক ১৯৪০ৰ যেন লাগে। বোলছবিখনৰ বাজেট আছিল ৭০ মিলিয়ন আমেৰিকান ডলাৰ, কিন্তু অকল এই ওমাহা বীচ্চৰ ডি-ডেৰ দৃশ্যটোৰ কাৰণে প্ৰায় ১২ মিলিয়ন আমেৰিকান ডলাৰ খৰচ হৈছিল। এনেকুৱা কিছুমান নতুনত্ব তথা তাক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবদেই এই বোলছবিয়ে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ নিৰ্দেশক তথা শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰৰ বঁটা।
পাছত এই সকলোবিলাক বাধা নেওচি মীলাৰৰ নেতৃত্বত আমেৰিকাৰ সৈন্যৰ দলটি প্ৰাইভেট ৰায়ানৰ সন্ধানত যাত্ৰা কৰে তেতিয়া বৰ সুন্দৰকৈ দেখুওৱা হৈছে ইউৰোপীয়ান অঞ্চল বিলাক, বিশেষকৈ ইউৰোপীয়ান গাওঁ অঞ্চল বিলাক। দেখুওৱা হৈছে যুদ্ধক্ষেত্ৰৰ সম্পূৰ্ণ বিপৰীত সেউজীয়া অঞ্চল বিলাক। কিন্তু গোটেই পৃথিৱীকে যুদ্ধই আৱৰি পেলাইছিল, সেই সেউজীয়া অঞ্চলো  বাদ পৰা নাছিল। তালৈ মৃত্যু আহিল অকস্মাৎ। যাত্ৰাপথত মৃত্যু হোৱা কেপাৰজ’(ভীন ডিজেল) আৰু ৱেড(জীঅ’ভানি ৰিবিছী)ৰ মৃত্যু বীভৎস কৰি দেখুৱাতকৈ দেখাইছিল বেছি আৱেগিক ভাৱে। স্নাইপাৰৰ গুলীত মৃত্যু হোৱাৰ পূৰ্বে কেপাৰজ’ৰ হাতত এজন দেউতাকে নিজৰ কণমানি জীয়েকক গতাইছিল যাতে তাই সুৰক্ষিত থাকে, কিন্তু ঠিক পাছ মূহুৰ্ত্ততেই কেপাৰজ’ৰ মৃত্যু হৈছিল। এই দৃশ্য আছিল অতি আৱেগিক। তাৰ পাছতেই আৰম্ভ হৈছিল দুয়োপক্ষৰ মাজত স্নাইপাৰৰ যুদ্ধ। শত্ৰুৰ স্নাইপাৰ ধৰোতাৰ স্ক’প ভেদী চকুত আঘাত কৰিছিল জেকছন(বেৰী পেপাৰ)ৰ স্নাইপাৰৰ গুলীয়ে। এই দৃশ্য আছিল অতি সুন্দৰভাৱে নিৰ্দেশিত। চিনেমেটিক ফালৰ পৰা এটা দুৰ্দান্ত দৃশ্য। ৱেডৰ মৃত্যু হোৱাৰ আগত কৈ আছিল মাকৰ বিষয়ে, মাকলৈ মনত পেলাইছিল। সেই দৃশ্য আছিল অতি বেদনাদায়ক। গুলী লগাৰ পাছত মৃত্যু যন্ত্ৰণাত ছটফটাই থকা ৱেডৰ দৃশ্য আছিল অতি কৰুণ।
যুদ্ধ যে কাৰো কাম্য নহয়, ইয়াৰ পৰিণাম কি হ’ব পাৰে সেই কথা এই বোলছবিখন চালেই গম পোৱা যায়। কেপ্তেইন মীলাৰ এজন অতি সুদক্ষ সেনা বিষয়া। তেওঁৰ কৰ্তব্যৰ প্ৰতি থকা দায়িত্ব সুচাৰুৰূপেই পালন কৰিছিল। নিজৰ বহুতো সৈন্য তেওঁ যুদ্ধক্ষেত্ৰত হেৰুৱাইছিল, তাৰ মাজতেই তেওঁ লৈছিল বহুতো কঠিন সিদ্ধান্ত আৰু নিজৰ সেই সিদ্ধান্তত বৰ্তি আছিল। হয়তো সেনাৰ বিষয়া বিলাক এনেকুৱাই হয়, চকুৰে দেখে বহুতো বেদনাদায়ক দৃশ্য, কিন্তু হৈ থাকিবলগীয়া হয় কঠোৰ, নিজৰ সিদ্ধান্তত অটল।
‘ছেভিং প্ৰাইভেট ৰায়ান’ চিনেমাখনৰ পটভূমিৰ আধাৰ আব্ৰাহম লিংকনৰ ‘বিক্সবী লেটাৰ’। জেনেৰেল জৰ্জ মাৰ্ছে প্ৰাইভেট ৰায়ানক বিচৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে সেনা বিষয়া সকলৰ আগত এই চিঠিখন পঢ়িছিল। কাৰণ প্ৰাইভেট ৰায়ানৰ আন তিনি ভাতৃৰ যুদ্ধক্ষেত্ৰত মৃত্যু হৈছিল, সেয়েহে এইতো তেওঁলোকৰ দায়িত্ব আছিল একমাত্ৰ ৰায়ানক ৰক্ষা কৰা আৰু নিৰাপদে ঘৰ পঠিওৱা। ই দৰ্শাই যে মানৱীয়তা শেষ হৈ যোৱা নাই সমাজৰ মাজৰ পৰা, ই এতিয়াও বৰ্তি আছে, যুদ্ধৰ সময়তো। যেতিয়া প্ৰাইভেট ৰায়ান(মেট ডেমন)ক মীলাৰৰ দলে বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল তেতিয়া দেখা পাম ৰায়ানে প্ৰথমাৱস্থাত যুদ্ধক্ষেত্ৰ এৰি যাবলৈ মান্তি হোৱা নাছিল। ই দেখুৱাই এজন সেনাৰ দায়িত্ববোধ।
বোলছবিখনৰ সমাপ্তও আছিল এখন যুদ্ধৰে। কিন্তু আৰম্ভণিৰ দৰে ই বিভীষিকাময় নাছিল। জাৰ্মান সৈন্যৰ লগত নিজৰ সীমিত মৰোনাস্ত্ৰৰে যুঁজ দিয়াৰ পাছত কেপ্তেইন মীলাৰৰ মৃত্যু হৈছিল। ৱেডৰ মৃত্যুৰ পাছত মীলাৰে এজন জাৰ্মান সৈন্যক মুক্তি দিছিল আৰু সেই জাৰ্মান সৈন্যই হৈ পৰিছিল মীলাৰ মৃত্যুৰ কাৰণ। মীলাৰৰ মৃত্যুৰ আগত ৰায়ানক কোৱা শেষ কথাকেইটা আছিল “Earn this. Earn it.”সন্মান অৰ্জন, বীৰত্ব অৰ্জন এনেদৰেই হয় এখন যুদ্ধক্ষেত্ৰত। ইয়াক সকলোৱে অৰ্জন কৰিব নোৱাৰে।  ইয়াক অৰ্জন কৰিবলৈ কেতিয়াবা প্ৰাণৰ আহুতিও দিব লগা হয়। চিনেমাখনৰ আৰম্ভণি যিদৰে ভয়ানক আছিল ঠিক সেইদৰে সমাপ্ত হৈছিল অতি কৰুণ ভাৱে। যুদ্ধই পৰিৱৰ্তন আনে এখন সমাজৰ, এখন দেশৰ। লগতে সেই যুদ্ধত অংশ লোৱা জোৱান সকলৰ।
এই বোলছবি খন আপেক্ষিক ভাৱে এক সত্য ঘটনাৰ আলমত নিৰ্মিত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিলান্দ উপাধিৰ চাৰিজন ককায়েক-ভায়েক আছিল আমেৰিকান সৈন্যত কৰ্মৰত। তাৰে তিনিজনন ক্ৰমে ৰবাৰ্ট, প্ৰেছটন আৰু এডৱাৰ্ডৰ মৃত্যু হৈছিল যুদ্ধক্ষেত্ৰত। বাচি থকা ফ্ৰীট্জক নিজৰ পৰিয়াললৈ ঘুৰাই পঠোৱাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছিল যাতে নিলান্দ পৰিয়ালৰ আটাইকেইজন ল’ৰাৰ মৃত্যু নহয়। এডৱাৰ্ড যাক মৃত বুলি ভবা হৈছিল পাছত তেওঁক জীৱিত অৱস্থাত জাপানীজ বন্দী হিচাপে ম্যানমাৰৰ এটা কাৰাগাৰৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই বোলছবিখনৰ কাৰণে অভিনেতা সকলে এটা দহ দিনীয়া বুট কেম্প কৰিবলগীয়া হৈছিল, য’ত তেওঁলোকক যুদ্ধক্ষেত্ৰৰ প্ৰশিক্ষণ দিয়া হৈছিল।
“ছেভং প্ৰাইভেট ৰায়ান’ সৰ্বশেষ্ঠ যুদ্ধভিত্তিক বোলছবি নহ’ব পাৰে, কিন্তু নিঃসন্দেহে ই হ’ব সেই জনৰাৰ শ্ৰেষ্ঠৰে মাজৰ এখন। এই জনৰাৰ বোলছবি নিৰ্মাণ ইমান সহজ নহয়, বহুতো ক্ষেত্ৰত লক্ষ্য ৰাখিব লগীয়া হয়, ফলত থাকি যায় বহুতো আঁসোৱাহ। ‘প্লেটুন’, ‘ব্ৰীডজ অন ডা ৰিভাৰ ক্বোৱাই’ আদি হলিউডৰ যুদ্ধভিত্তিক সুন্দৰ বোলছবি, কিন্তু তাতো আঁসোৱাহ আছে। ষ্টিভেন স্পীলবাৰ্গে এইখন বোলছবিৰ জৰিয়তে এই জনৰাৰ ‘সম্পূৰ্ণ নিৰ্ভুলতা’ৰ অলপ কাষ চাপিছিল। শেহতীয়াকৈ মেল গিবছনৰ ‘হেকশ্ব’ ৰীডজ’ এখন লেখত ল’বলগীয়া যুদ্ধভিত্তিক বোলছবি যি যুদ্ধক্ষেত্ৰত মানবীয়তাৰ এক প্ৰভাৱ দেখুৱাই।

: দেৱ প্ৰতীম হাজৰিকা
---------------------------------

ষ্টেনলি কুব্ৰিক (১৯২৮-১৯৯৯) :         
         
যেতিয়াই পৃথিৱীৰ মহানতম চিত্ৰ নিৰ্মাতাৰ নাম আহে তেতিয়া এটা নামে ইয়াৰ শিৰোনাম দখল কৰে। সেয়া হ'ল আমেৰিকান চিত্ৰ পৰিচালক, নিৰ্মাতা, চিত্ৰনাট্যকাৰ, চিত্ৰগ্ৰহণকাৰী আৰু এগৰাকী বিখ্যাত ফটোগ্ৰাফাৰ ষ্টেনলি কুব্ৰিক। তেখেতৰ জন্ম ২৬ জুলাই ১৯২৯ চনত নিউয়ৰ্কত। অতি কম বয়সতেই স্কুলত এগৰাকী প্ৰতিভাশালী ফটোগ্ৰাফাৰ হিচাপে থিতাপি লোৱা ষ্টেনলি কুব্ৰিকে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল এগৰাকী ফটোগ্ৰাফাৰ হিচাপে এখন মেগাজিনত। তাৰ পিছত তেওঁৰ প্ৰ্থমখন পূৰ্ণদৈৰ্ঘৰ ছবিয়ে মুক্তি লাভ কৰে ১৯৫৬ চনত। নাম আছিল "ডা কিলিং"। তাৰ পিছত তেওঁৰ দ্বিতীয় আৰু তৃতীয় ছবিদুখন আছিল বিখ্যাত অভিনেতাৰ কাৰ্ক ডগলাছৰ লগত। ছবিদুখন আছিল ক্ৰমে, "পাথছ অফ গ্লৰী" (১৯৫৭) আৰু "স্পাৰটেকাছ" (১৯৬০)।
"পাথছ অফ গ্লৰী" চাৰিটা অস্কাৰ জয় কৰিছিল ১৯৫৮ চনত। এগৰাকী বিখ্যাত পৰিচালক হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰে ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত "২০০১ঃ এ স্পেছ অডিছী"য়ে। এই ছবিখন আছিল তেওঁৰ জীৱনৰ সবাতোকৈ সফল ছবি। ছবিখনে হলিউদত আনিছিল এক নতুন জোৱাৰ, ইয়াৰ ছাইন্স ফিকছন থিম আৰু নতুন ভিজুৱেল এফেক্টছৰ সংযোজনৰ দ্বাৰা। এই ছবিখন আছিল সেই সময়ৰ লগতে আজিৰ তাৰিখতো এখন মাষ্টাৰপিচ। ইয়াৰ পিছত তেওঁৰ ভালেকেইখন ছবিয়ে মুক্তিলাভ কৰে। তাৰ ভিতৰত আছিল ভৌতিকৰ পৰা যুদ্ধকেন্দ্ৰিক ছবি, আৰু ৰোমান্টিক ড্ৰামাৰ পৰা এৰ'টিল ড্ৰামালৈ। ১৯৮৭ চনত আহিছিল "ফুল মেটেল জেকেট"। এইখন আছিল আমেৰিকা-ভিয়েটনাম যুদ্ধৰ পটভূমিত নিৰ্মিত এখন যুদ্ধকেন্দ্ৰিক ছবি। এই ছবিখনত দেখুৱা হৈছিল যুদ্ধৰ সময়ত একো একোজন সাধাৰণ নাগৰিকৰ লগতে একো একোজন সৈনিকৰ জীৱনত ঘটা বিভিন্ন অন্ধকাৰাচ্ছন্ন সত্য। এই ছবিখনৰ বানে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ অঁ‌স্কাৰ মনোনয়ন। তেওঁৰ অন্তিমখন ছবি আছিল ১৯৯৭ চনৰ "আইজ ৱাইলড ছাট"। এৰ'টিক ড্ৰামাখনত অভিনয় কৰিছিল টম ক্ৰুজ আৰু নিকল কিডমেনে।
ষ্টেনলি কুব্ৰিকৰ ছবিসমূহৰ বৈশিষ্ট আছিল বিভিন্ন। তেওঁৰ ছবিত ড্ৰামা, একছন, ডাৰ্ক হিউমৰ আৰু অতি ক্ষীপ্ৰ চিত্ৰগ্ৰহণ মন কৰিবলগীয়া। প্ৰতিখন ছবি তেওঁ নিজে অভিনয়ৰ পৰা ইয়াৰ সম্পাদনালৈ সকলো কামতেই ১০০% মনোনিৱেশ কৰিছিল। সেইবাবে হয়তো ষ্টেনলি কুব্ৰিকক এজন সুদক্ষ পাৰফেকছনিষ্ট বুলি অভিহিত কৰা হয়।
১৯৯৯ চনত এইজনা মহান চিত্ৰ নিৰ্মাতাৰ দেহাৱসান ঘটে। সেই সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।