অনুভৱৰ এটি পৃষ্ঠা




বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

পোহৰ পিয়াসী আমিবোৰ

-ভাস্কৰ জ্যোতি ডেকা
নলবাৰী
     স্বপ্ন দুঃস্বপ্নৰ বাট কাটি আমি আগুৱাই যাওঁ৷ হেঁপাহৰ বাট বুলি ৰৈ থাকোঁ প্ৰিয়তকৈও প্ৰিয় সময়বোৰলৈ, সমাজবোৰলৈ, মানুহবোৰলৈ, মুহূৰ্তবোৰলৈ…আশাৰ বাটত কেতিয়াবা তমসা আৰু কেতিয়াবা প্ৰভাতী কিৰণ...তেনেকৈ বাট বুলি যাওঁ! পাওঁ তিক্ত ৰসসিক্ত মুক্ত আকাশ! বাধাৰ প্ৰতিখন প্ৰাচীৰ নেওঁচি আমি আলোকমুখী হওঁ সময়বোৰ নিজৰ কৰাৰ বাবে...
জীৱন! যদিহে ৰৈ নাথাকো অথবা গৈ নাথাকো সেয়া জানো জীৱন? ৰৈ থকা আৰু গৈ থকা মাদকতাবোৰ বুজাজনে বুজেই! প্ৰিয়তকৈও প্ৰিয় মানুহজনলৈ ৰৈ থকাৰ মাদকতাবোৰ...ৰৈ থকা প্ৰতিটো পল যেন এক অবুজ উৎকণ্ঠা!কিবা এটা ভাল লগাই সজীৱ কৰি ৰাখে মই নামৰ সমগ্ৰ সত্ত্বাটোক৷
       সময়...কেতিয়াবা সুখৰ আৰু কেতিয়াবা দুখৰ, কেতিয়াবা হেৰুওঁৱাৰ আৰু কেতিয়াবা প্ৰাপ্তিৰ, কেতিয়াবা আশাৰ আৰু কেতিয়াবা নিৰাশাৰ... দৰাচলতে সময়বোৰ সময়েই হৈ থাকে! গৈ থাকে বৈ থাকে৷ আমি মাথোঁ আমাৰ অনুভৱেৰে নামকৰণ কৰোঁ সময়ক, সমাজক৷
সন্মুখত এটা নতুন বছৰ আৰু নতুন প্ৰত্যাশা! এনেকৈয়ে আগুৱাই যাম আমিবোৰ৷ মাথোঁ সাক্ষী হৈ থাকিব আমাৰ সময়, আমাৰ সমাজ৷


***************

অজানিতে সুখী হৈ পৰোঁ সৰু সৰু সপোনবোৰ লৈ
               
                               -পৰিণীতা কলিতা

বুকুৰ কলিজাটোৱে কুমলীয়া  ৰং লৈ মোক হহুৱাইছিলমই যেন মই হৈ ৰোৱা নাছিলোকাহানিও নভবা ঢৌবোৰে মোক জীৱন নদীত সংগ দিবলৈ লৈছিল
সৰুতে দেউতাই কৈছিল, সপোনবোৰ খুব দূৰলৈকে দেখিব লাগে,তেহে অতিক্ৰম কৰিব পাৰিবিগৈ জীৱন নদীৰ প্ৰতিটো ঘাটজীৱনটো ব্যস্ততাৰে পৰিপূৰ্ন হৈছিল সপোনৰ পিছত দৌৰিবলৈ গৈতাৰ মাজতো হেৰুৱা নাছিল কবিতা, পথাৰ, নদী, আকাশ. ভালপোৱা মইজনীৰ সেউজীয়া হবলৈ বিচৰা প্ৰেমিক মনটোকবিতা ভালপোৱা,কবিতাক  বুকুৰ মাজত ৰাখিব বিচৰা মইজনীক সেইবাবেই চাগে  কবিতাৰে নিচুকাবলৈ সপোন কোঁৱৰে আহি মোক আকোৱালী লৈছিলসপোনবোৰৰ মাজতো যে সৰু সৰু সপোন, আশা ৰৈ থাকে,যিবোৰ মই ঢুকি পোৱা নাছিলো কাহানিও,তেওঁ আহি পূৰ কৰিছিলহি মনৰ প্ৰতিটো হিয়ালি জিয়ালী আশাসুখী হৈ পৰো বহুত যেতিয়া তেওঁ দুহাতৰে বুকুৰ মাজত মোক আৱৰি লৈ সুধে- এনেকৈয়ে থাকিবা নে গুন অহৰহ বৈ মোৰ মাজত..এইখন বুকু মোৰ নামত ৰব নে  সেই মূহূৰ্তত মাথোঁ  হাঁহি হাঁহি কৈছিলোথাকিমতোঅথচ কিমানবোৰ যে কবলগীয়া কথা বুকুতে ৰৈ গৈছিল
সিদিনা তেওঁৰ হাতখন বুকুত লগাই কৈছিলো? 
চোৱাচোন,কিমান জোৰেৰে  বুকুখনে স্পন্দন তুলিছে
তেওঁ হাঁহি কৈছিল,মোৰ বুকুখনেওমই মাথোঁ চুই চাইছিলো আৰু সেই যে চুই চোৱা অনুভৱটোকি যে এক স্বৰ্গীয় সুখ লুকাই আছিলকব নোৱাৰো কিয় বুকুখনৰ মাজত পালে মোক একোৱে নেলাগে 
       এই যে দিনে দিনে বাঢ়ি অহা মৰমবোৰ আৰু তোমাৰ কথাবোৰে গোটেই দিনটো ভৰাই ৰাখে আৰু তোমাৰ সৰু সৰু সপোনবোৰ,যিবোৰ পূৰন কৰিবলৈ  লৈ মই অহৰহ সুখী হওঁ
এনেকৈয়ে থাকিম আমি,সদায়েই, তোমাৰ বুকুত বুকু থৈ


**************

বেটুপাতদ্বিতীয় বৰ্ষচতুৰ্থ সংখ্যাডিচেম্বৰ-২০১৭



নষ্টালজিয়া
-মৌচুমী দাস,
দুলীয়াজান

 কেতিয়াবা হথাৎ পুৰণি উইনচাং কলমটোলৈ মনত পৰেনে? শৈশৱত সেই উইনচাং কলমটোলৈও যে কিমান হেঁপাহ ৷ কিছুমান বস্তু,ঠাই,ছবিৰ স্মৃতিয়ে শৈশৱতে এনেকৈ সাঁচ বহুৱাই থৈ যায় যে মাজে মাজে সেই  স্মৃতিবোৰৰ ফ্লেচবেক পুৰণি য়াচিকা কেমেৰাৰ ৰিল টোৰ নিগেটিভ কপিবোৰৰ দৰে চকুৰ আগত ভাঁহি থাকে ৷ দিন,মাহ,বছৰ বাগৰি যায় সময়ৰ সোঁতত এৰি থৈ অহা স্মৃতিবোৰ জোলোঙাৰ পৰা উলিয়াই ভুমুকি মাৰো ৷ আহ্ কেনে ৰোমাঞ্চকৰ দিন আছিল সেইবোৰ ৷ মনোৰঞ্জনৰ আহিলা ৰেডিঅ'ৰ পাচতেই অত্যাধিক জন্যপ্ৰিয় অৰ্জন কৰিবলৈ লোৱা ইলেক্ট্ৰনিক মাধ্যমবিধেই আছিল দুৰদৰ্শন অৰ্থাৎ টেলিভিচন ৷ ব্লেক এণ্ড হোৱাইট পৰ্টেবল টিভিৰ সন্মুখত বহি লৈ এফালৰ পৰা যি যি দেখুৱাই সকলোবোৰ চাই যাওঁ ৷ এইখিনিতি কৈ থোৱা ভাল হ'ব যে নব্বৈ দশকৰ শিশুসকলৰ মনত তোলপাৰ লগাবলৈ সক্ষম হৈছিল কেইখনমান জনপ্ৰিয় ধাৰাবাহিক আৰু বিজ্ঞাপনে ৷ মনৰ মাজত দকৈ সাঁচ বহুৱাইছিল সেই বিশেষ ধাৰাবাহিককেইখনে ৷ প্ৰথমেই কওঁ দুটামান জনপ্ৰিয় বিজ্ঞাপনৰ কথা ৷

ধাৰা জেলেবীৰ অকণমানি শিশুটি সেই সময়ৰ আটাইতকৈ জনপ্ৰিয় বিজ্ঞাপনটোৱেই আছিল ধাৰা ৰিফাইনৰ বিজ্ঞাপনটোত দেখুওৱা অকণমানি সৰু ল'ৰাটোৰ জেলেবী প্ৰেম ৷ পাৰজান দাচটোক নামৰ কণমানি এটাই পৰিয়ালৰ লোকে কোনেও মৰম নকৰে বুলি লৈ মনৰ বিৰহত ঘৰ এৰি গুছি যোৱাৰ দৃশ্য আৰু তাৰ পাচত কণমানিটোৰ মাকে ধাৰা ৰিফাইনত জেলেবী প্ৰস্তুতেৰে কিদৰে কণমানিটিৰ হৃদয় জিনিছিল সেয়াই আছিল সঁচাই মৰমলগা ৷ আমাৰ দৰে শিশুসকলৰ মন জয় কৰিব পৰা বিজ্ঞাপন আছিল এইটো ৷

হামাৰা বাজাজ দুচকীয়া বাহন বাজাজ স্কুটাৰখনত বহি দেউতাৰ গাত ধৰি ফুৰিবলৈ যোৱা দিনবোৰ কেনেকৈ পাহৰোঁ ৷ বাজাজ কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা স্কুটাৰখনৰ বিজ্ঞাপনটোত গোৱা "হামাৰা বাজাজ" গীতটোৱে সকলোৰে মনত স্বদেশ প্ৰেমৰ ভাৱ জাগ্ৰত কৰছিল ৷ "বুলন্দ ভাৰত কি বুলন্দ তাচবিৰ ;হামাৰা বাজাজ" শীৰ্ষক গীতটি এতিয়াও জলজল পটপটকৈ মনত আছে ৷

এক্সন স্কুল জোতাৰ কেকোঁৰা চুলিৰ শিশুটিৰ বিজ্ঞাপনটো,আই লাভ ইউ ৰাস্না'ৰ গ্ৰীষ্মকালিন পানীয়ৰ বিজ্ঞাপনটো অথবা অনিডা টিভিৰ অসুৰটোৰ দৰে এই বিজ্ঞাপন সমূহ আছিল সেই সময়ৰ আটাইতকৈ মনোগ্ৰাহী বিজ্ঞাপন ৷ 

বিজ্ঞাপন জগতৰ সমান্তৰালকৈ দূৰদৰ্শনৰ পৰ্দাত ভুমুকি মাৰিছিল কেইখনমান জনপ্ৰিয় ধাৰাবাহিকে ৷ কেবল সংযোগ হোৱাৰ আগলৈকে এইকেইখন ধাৰাবাহিক আছিল সেই সময়ৰ আবাল,বৃদ্ধ,বনিতা সকলোৰে বাবে মনোৰঞ্জনৰ কাৰক ৷ জনপ্ৰিয় ধাৰাবাহিক সমূহৰ কেইখনমান আছিল এনেধৰণৰ

১৷আলিফ লেইলা,২৷ ব্যমকেশ বাক্সী,৩৷ কেপ্তেইন ব্যুম,৪৷ চন্দ্ৰকান্তা,৫৷ চিত্ৰহাৰ,৬৷ মহাভাৰত,৭৷ শক্তিমান,৮৷ বিক্ৰম আৰু বেতাল,৯৷ মালগোড়ী দেইজ,১০৷ সুৰভী ইত্যাদি৷

৯০'ৰ শিশুসকলৰ মনত বিশেষভাৱে প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা আলিফ লেইলাৰ সেই বিখ্যাত সেউজীয়া জিনিটোৰ চৰিত্ৰটোৱে ৷ চাৰ্লক হোমছৰ ডিটেক্টিভ গল্পৰ আধাৰত নিৰ্মিত ব্যমকেশ বাক্সীৰ চৰিত্ৰটি,ইণ্ডিয়ান চায়েন্স ফিকচনৰ আধাৰত নিৰ্মিত কেপ্টেইন ব্যুম,চন্দ্ৰকান্তা আদিবোৰে এক সোণালী যুগৰ সূচনা কৰিছিল ৷ আৰ.কে নাৰায়ণ ছাৰৰ গ্ৰন্থ মালগোড়ী দেইজ'ৰ দূৰদৰ্শনৰ পৰ্দাত ধাৰাহিক ৰূপান্তৰে ভাৰতীয় জীৱনশৈলীৰ চৰিত্ৰসমূহক বৰ সুন্দৰকৈ বৰ্ণনা কৰিছিল ৷ ইয়াৰ উপৰিও আন দুখন ধাৰাবাহিক যিকেইখনে নেকি আজিও আমাক  শৈশৱৰ দিনবোৰলৈ ওভতাই নিয়ে সেই দুখন আছিল জনপ্ৰিয় ধাৰাবাহিক কেপ্টেইন ব্যুম আৰু শক্তিমান ৷

পোনপ্ৰথমবাৰৰ বাবে ভাৰতত চুপাৰ হিৰ'ৰ ধাৰণাটো লৈ আহিছিল ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্তক নিৰ্মাতা তথা প্ৰযোজক কেটন মেহতাই ৷ কেপ্টেইন ব্যুম চৰিত্ৰটি ৰূপায়ণ কৰিছিল  সেই সময়ৰ হাৰ্টথ্ৰব চুপামডেল মিলিণ্ড চোমানে ৷ দূৰদৰ্শন যোগে প্ৰচাৰিত একমাত্ৰ চায়েন্স ফিকচন কেপ্টেইন ব্যুমে অতি কম দিনৰ ভিতৰতেই জনপ্ৰিয়তা অৰ্জন কৰছিল ৷ এনিমেচন আৰু ভিউজুৱেল ইফেক্টৰ সহায়ত ভৱিষ্যত পৰিঘটনাসমূহ দেখুওৱা হৈছে ৷ আমাক লৈ যোৱা হৈছিল ২১২৩ চনলৈ কিদৰে সেই সময়ত মানুহে সৌৰজগতত বিচৰণ কৰিবলৈ সক্ষম হ'ব ৷ যি সময়ত হলিউডত এনেধৰণৰ চায়েন্স ফিকচন সমূহৰ চিন্তা-চৰ্চা কৰি সেইসমূহৰ ছবি প্ৰস্তুত কৰি  দৰ্শকৰ মাজলৈ উলিয়াই দিয়া হৈছিল সেই সময়ত ভাৰতত এনে ধৰণৰ ধাৰাবাহিক প্ৰস্তুত কৰি উলিওৱাটো আছিল তেনেই বিৰল ঘটনা ৷ বিজ্ঞানী ড° ওম প্ৰকাশ স্বৰূপৰ পুত্ৰ কেপ্টেইন ব্যুমে যোগ বিদ্যাৰ সহায়ত কেনেদৰে চুপাৰ পাৱাৰ পাবলৈ সক্ষম হৈছিল,কিদৰে সৌৰজগতৰ হাটীপটি আৰু উল্কাপিণ্ডত বিচৰণ কৰি চুপাৰ ভিলেইনৰ দৰে অসূয়া শক্তি সমূহক পৰাস্ত কৰাৰ দৃশ্য দেখুওৱা হৈছিল সেয়া আছিল ৯০ দশকৰ শিশুসকলৰ বাবে অতিকৈ আমোদজনক৷ অভিনেতা- অভিনেত্ৰী সকলৰ মাজত আছিল টম অল্টাৰ,কাৰ্টিকা ৰাণে,সঞ্জয় সিং,কমাণ্ডাৰ পাবল',লেফটেনেন্ট মায়া,কেপ্টেইন ব্লেজ ইত্যাদি ৷ কেপ্টেইন ব্যুমৰ সমানেই জনপ্ৰিয় আন এখন চায়েন্স ফিকচন ধাৰাবাহিকৰ নাম লব গ'লে পোনচাটেই ল'ব লাগিব শক্তিমান আৰু শক্তিমানৰ চৰিত্ৰত অভিনয় কৰা মি: খান্নাৰ চৰিত্ৰটি ৷ ইমোৰৰ পৰা সিমোৰলৈ প্ৰতিঘৰ মানুহৰ ঘৰতেই এনে এটি শিশু নোলালহেঁতেন শক্তিমানক মনত ৰখা নাই ৷ শিশুসকলৰ সপোন ৰাজ্যতো বিচৰণ কৰিছিল এই শক্তিমানে ৷ শিশুসকলৰ মনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ চুপাৰ হিৰ' শক্তিমানে ধাৰাবাহিকখনৰ শেষৰভাগত সমাজলৈ আগবঢ়োৱা বাৰ্তাটি আছিল অতিকৈ গুৰূত্বপূৰ্ণ সাৱধানবাণী ৷ পণ্ডিত গংগাধৰ,বিদ্যাধৰ মায়াধৰ,ওমকাৰনাথ শাস্ত্ৰী,গীতা বিশ্বাস,ড° জেকেল আদিৰ দৰে জনপ্ৰিয় অভিনেতা- অভিনেত্ৰীৰ অভিনয় প্ৰতিভাই  আপ্লুত কৰিছিল আমাক ৷ তেওঁলোকৰ প্ৰশংসনীয় অভিনয় প্ৰতিভাই আজিও দি যায় স্মৃতি ৰোমন্থনৰ মধুৰ সুবাস আৰু ক'ব নোৱাৰাকৈয়ে ডুব যাওঁ শৈশৱৰ নষ্টালজিয়াত ৷ জানিব পৰামতে প্ৰযোজক কেটন মেহতাই কেপ্টেইন ব্যুম আৰু শক্তিমানক পুনৰবাৰ ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ চিন্তা-চৰ্চা কৰিছে ৷ তেখেতে প্ৰকাশ কৰাৰ মতে অতি শীঘ্ৰেই এই দুখন ধাৰাবাহিকে পুনৰবাৰ টেলিভিচনৰ পৰ্দাত ভুমুকি মৰাৰ সম্ভাৱনাই অধিক ৷ শৈশৱৰ দিনবোৰ আৰু অধিৰ ৰোমাঞ্চিত আৰু অনুসন্ধিৎচু হোৱাৰ সময় সমাগত ৷ সেই সময়লৈ আমি আগ্ৰহেৰে বাট চাই ৰ'লোঁ ৷ 

*****

কৃষকৰ সপোন:সোণালী আঘোণ
                           -ৰবীন্দ্ৰ কুমাৰ ডেকা
                             ফোন- ৯৪৩৫৬৫৪৩৫৬

       শৰতৰ শেষত নিয়ৰ সনা বতৰত শেৱালীয়ে কৈ যায় - " অতীত যায় বাটেৰে তিয়াই, দুৱৰি নতুন সিয়ো আহে যে তাকেই গচকি" ৷
         হেমন্তৰ আগমনত চৌদিশ মুখৰিত, চৌদিশে জীপাল এক সেউজীয়া আভৰণ ৷ প্ৰকৃতিৰ চিৰাচৰিত নিয়মেই গতিশীলতা ৷ গতিশীলতাই পঙ্কিলতা আতৰাই ধৰাৰ বুকুলৈ নমাই আনে এক অনাবিল আনন্দৰ বন্যা ৷
           লয়লাসে, হালি-জালি প্ৰাণ চঞ্চলা পথাৰে যেন হৃদয়ৰ আকুলতা বিচাৰি প্ৰীয়জনৰ অনন্ত অপেক্ষাত বাউলি ৷ মনৰ কামনা-বাসনা উঠলি উঠা যৌৱনৰ পূৰ্ণ আৱেশত প্ৰেমিক আঘোণেও তাকেই বিচাৰে ৷
            আঘোণ, সুঠাম,সাৱলীল,পাহোৱাল আঘোণ ৷ প্ৰকৃতিৰ দীঘলীয়া বিচ্ছেদৰ অন্তত আঘোণে আকি দিয়ে পথাৰৰ কুমাৰী শীৰত দগমগীয়া এটি মৰমৰ জোন ৷ হৃদয়ত সানি দিয়ে সোণ হালধীয়া একাজলি উষ্ম আৱেশ ৷ ধন্য হয় পথাৰ ৷
             লাৱনি প্ৰকৃতি,শুৱনি প্ৰকৃতি ৷ প্ৰাকৃতিক বান্ধোনত স-গৰ্ভা পথাৰ গাভৰু পথাৰৰ দেহত ফুটি উঠে মাতৃত্বৰ লক্ষণ ৷পথাৰে সলাই সেউজীয়া সাজ ৷ ক্ৰমশ: হালধীয়া আৰু এটি অৱশ: মূহুৰ্তত পথাৰে প্ৰসৱ কৰে - সোনালী দেহৰ এক হালধীয়া কামনা ৷
               পথাৰৰ বুকুত উজ্বলি উঠে উছাহৰ হেপাহৰ এক বৰ্ণময় বাসনা ৷সোণালী শইচৰ মাজত দাৱনীৰ লাৱনি হাতৰ পৰশ  ৷ পথাৰ ভৰি পৰে সোণগুটিৰ ভৰত, পথাৰে যেন কামনা কৰে প্ৰিয়তম আঘোণৰ নিৱিড় আকৰ্ষণ  ৷ সুঠাম দেহৰ কৃষকৰ কান্ধত মেটমৰা বোজা ৷ চোতাল শুৱনি কৰা সোণ গুটিয়ে যেন বৰ্ষা ঋতুৰ বেদনা গধুৰ কৃষকৰ মন আন্দোলিত কৰে ৷ওঠত বিৰিঙি উঠে সোণসেৰীয়া মেটমৰা হাঁহি ৷
            ঘৰৰ লখিমীয়ে আদৰি আনে পথাৰৰ লখিমীক ৷ ভঁৰাল ভৰায়, বছৰলৈ সাচি ৰখা কৃষকৰ দুখ বেদনা ,পৰিশ্ৰম ও ঘৰ্মাক্ত দেহৰ মিশ্ৰিত 'ফচল' ৷ পৰিতৃপ্তিৰে ক্ষুধাতুৰ কৃষকৰ পেটৰ জ্বালা নুমুৱাই ৷ এনেকৈয়ে পৰিবৰ্তনশীল ধৰালৈ নামি আহে নতুনৰ ক্ৰমবদ্ধমান গতি…….
                   "ছয় ঋতু
ছয় ৰঙিন ৰথে
যায় আসে যে
বিনা পথে
নিজেৰ সেই
অচিন পথেৰ

খবৰ শুধাই…….

বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭


সেই সময় ক'ত হেৰাল?
-     চন্দনা শৰ্মা

অকলশৰীয়াটো নহয় তথাপি নিসংগ হৈ পৰিছে হৃদয়বুকুত কোনোদিনে নুফুলাটো নহয় পদুম কলি তথাপি আশা হালধীয়াবোৰৰ সান্নিধ্যতালৈ বুলি। এই সময়... দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পোৱা কোনো বিশাল সমুদ্ৰৰ সমাধি নহয়। বিষাদবোৰ সমনীয়া, অনাকাংক্ষিত বৰষা দুচকুত আৰু হেৰুৱাৰ বোজাবোৰ বৰ বিৰক্তিকৰ। তথাপি সময়বোৰ অপ্ৰিয় নহয়।হয়তো সেই সময়ৰ প্ৰভাৱ পৰা নাই। বুকুৰ সাঁচিপাতবোৰ এতিয়াও নিথৰ হৈ পৰি আছে।
     স্মৃতিয়ে বোৱাই লৈ যায় বাৰে বাৰে সপোনপূৰ্ণ দিনবোৰলৈ। সেই সময়ৰ শান্তিৰ হুমুনিয়াহবোৰ, সফল হাঁহিবোৰ, দুচকুত ফুলা এজাৰৰ পাঁহি... এতিয়া পুৰণিটো নহয় তথাপি নতুনৰ ছবি মচি গ'ল। মন যেন এজোপা মদাৰ হৈ পৰিছে। আধৰুৱা হ'ব পাৰে প্ৰতিটো পল কিন্তু অপ্ৰিয় নহয়। পলাশৰ ৰং নাথাকিব পাৰে দেহত স্মৃতিবোৰ কিন্তু এতিয়াও সচিব।
      মলয়াৰ বা দেহত লাগিছিল বহুবাৰ, জোনাক নিশাৰ উজাগৰী দুনয়ন- যেন তৃষ্ণাতুৰ পখীৰ ব্যাকুল বিচৰণ। দুৰ্বলতা নথকা নহয়;  ৰাতিপুৱাৰ ৰঙা-হালধীয়া সুৰুযটো নাইবা অমানিশাৰ কাচিঁ জোনটো... খৰালিৰ ভৰ দুপৰীয়াৰ কদম তলৰ ছাঁ অথবা শীতৰ কুঁৱলীসনা গধুৰ গধুলি। উকলি যোৱা সময়, অদৃশ্যটো নহয় এতিয়া তথাপি অনুভূতিবোৰ হেৰাল। অকলশৰীয়াতাৰ প্ৰভাৱ পৰিছে লাহে লাহে হয়তো বুজিছে হৃদয়ে এতিয়া যে নিসংগ তাৰ প্ৰতিটো ক্ষণ। অভ্যস্ত হুলস্থুলবোৰ এতিয়া হেৰাই থাকিল, তথাপি শুনিবলৈ বাধা দিয়াৰ আপ্ৰাণ চেষ্টা। এতিয়া যে বিষাদ-সুখবোৰ ভগাবলৈও একমাত্ৰ উকা মনটোৰ বাদে একোৱেই নাই। বেলি ডুবিবলৈ লোৱা সময়... হৃদয়ৰ সিপাৰৰ এনে অনুভূতি যাক বুজোৱা টান। তাৰ মাজেৰে আকৌ কেতিয়াবা সাতো ৰঙৰ বিশাল ছাতিটো- সেই সময়ৰ অব্যক্ত ছবিখন বুকুৰ কেনভাচত এতিয়া পিছে বেৰঙীন হৈ পৰিছে।

       প্ৰশান্তিবোৰ ক'ত হেৰালে? সময়ে লৈ গ'ল বিনা অনুমতিত... আচৰিত! হেৰুৱাবলগীয়াটো নাছিল একো। চিৰস্থায়ী আছিল চাগে সুখৰ, ভাগৰৰ, শান্তিৰ, কষ্টৰ, হুমুনিয়াহবোৰ। এতিয়া পিছে  লুটিয়াবলৈ অতীত গাঁথা অপ্ৰাপ্য হৈ পৰিল। হেৰাই থাকিল ক'ৰবাত, হেৰাই গ'ল হৃদয়ৰ বিশাল গহ্বৰত, হয়তো নিজৰ মাজত... হেৰাই যায় আছে  স্মৃতিৰ পটত, হেৰাই যাব সময়ৰ মাজত। আৰু শেষত? অনুভূতিবোৰক আজুঁৰি চিঞঁৰাৰ প্ৰয়াস... সেই সময় ক'ত হেৰাল???
                           @@@@@@@

অনুভৱ
-     বন্দিতা মেধি
ফোন নকৰিবাচোন, চিঠি লিখিবা। মাজে মাজে পঠাব নোৱাৰা নে এখন আৱেগ উবুৰিয়াই লিখা নীলা চিঠি? জানো মোৰ ম'বাইলটোতে আছা তুমি। মন গ'লেই শুনিব পাৰোঁ তোমাৰ ব্যস্ততা ভৰা কণ্ঠ। তথাপি অকলশৰীয়া মুহূর্তত তোমাক সোঁৱৰিবলৈ চিঠি এখনৰ বৰ প্ৰয়োজন অনুভৱ কৰোঁ। প্ৰেমৰ বৰষুণে তিয়াই পেলোৱা চিঠি এখনৰ মাদকতাই সুকীয়া। বৰ যান্ত্ৰিক হৈ পৰিছো আমিবোৰ...। ৰুটিনমাফিক সকলো কাম। হোৱাটচ্এপত হাই, হেল্লো, নিৰ্দিষ্ট সময়ত কৰিব লাগে বাবেই এটা ফোন কৰি দিনটোৰ খতিয়ান লওঁ ইজনে সিজনৰ। গতানুগতিক যেন সকলো, কোনো নতুনত্ব নাই। ১৫ মিনটৰ বেছি কথা পাতিলেটো আমাৰ মাজত কিবা প্ৰসংগ লৈ তৰ্কই হয় গৈ। ইমানেই অনুভূতিহীন হৈ পৰিছো নে আমি! প্ৰেমৰ আলাপ নকৰি কিছুমান ভিত্তিহীন যুক্তিক লৈ মিছা তৰ্ক কৰোঁ। কিন্তু চিঠিতটো তৰ্কৰ কোনো কথাই নাহে। এখন উকা কাগজত মনৰ সমস্ত আৱেগ ঢালি তুমি লিখিবা আৰু মই নিৰলে বাৰে বাৰে পঢ়ি এখন অনুভৱী দুনীয়াত হেৰাই যাম। উদ্বিগ্নতাৰে বাট চাম পিছৰখন চিঠিৰ বাবে। যাৰ এটা এটা শব্দই লৈ আহিব মোৰ বাবে অযুত সপোনৰ টুকুৰা। হৃদয় উজাৰি লিখা তোমাৰ চিঠি বোৰ সযতনে লুকুৱাই ৰাখিম, মন গ'লেই উলিয়াই পঢ়িম আৰু তুমি তুমি অনুভৱত বুৰ গৈ নিজকে পাহৰি যাম। তুমিও ব্যস্ততা বোৰক একাষৰীয়া কৰি মোলৈ বুলি লিখিবা বুকুৰ নিভৃত মৰমেৰে উপচাই এখন নিভাজ প্ৰেমৰ দলিল। আমনি লগা নাইনে তোমাৰো? যন্ত্ৰৰে অনুভৱৰ বিনিময় কৰি? সেয়ে কৈছো ফোন নকৰিবা চোন, চিঠি লিখিবা।
                     @@@@@@@@@

ভাল লগাবোৰ যেতিয়া ভালপোৱা হৈ পৰে

-     ভাস্কৰজ্যোতি ডেকা
ফোন- ৮৮২২৮৫৪০৬৯
এজাক বৰষুণ আৰু কিছু নিস্তব্ধতা...প্ৰাণভৰা নিশ্বাস আৰু গভীৰতৰৰ পৰা নিগৰি অহা চৰ্তহীন অথচ সীমাহীন বিশ্বাস! এই ধৰক কেতিয়াবা যে দুবযাওঁ আমাৰ কাল্পনিক প্ৰিয়জনৰ সৈতে...

তেওঁ মোক ভালপায় মই তেওঁক ভালপাওঁ; তথাপিও যেন কৰবাত কিবা অলপ উৰুঙা উৰুঙা লাগি থাকে নিজকে বুজাব নোৱাৰাকৈয়ে! অ’ ৰৱৰৱ, কথাবোৰ আচলতে তেনেকুৱা নহয়৷ ধৰক প্ৰিয়জনে বৰষুণ ভালপাই অথচ আপুনি বৰষুলৈ ভয় কৰে, প্ৰিয়জনে আকাশ ভালপায় অথচ আপোনাৰ আকাশৰ মেঘাচ্চন্ন সময়বোৰলৈ ভয় লাগে.....আৰু...আৰু এই যে  বহুত কিবা কিবি...

লাহে লাহে আপুনি বৰষুণত তিতিবলৈ শিক, আনকো কয়  আপুনি বৰষুণ ভালপোৱাৰ আঁৰৰ কথাবোৰ...লাহে লাহে আকাশৰ প্ৰেমত পৰিবলৈ লয়; আলোকমুখী মনটোৰে আপুনি যুঁজিবলৈ শিকে মেঘাচ্চন্ন আকাশৰ হঠাৎ নামি অহা অন্ধকাৰবোৰৰ সৈতে...লাহে লাহে হৃদয়ৰ কঠোৰতাবোৰ হিমৰদৰে গলিবলৈ লয়... আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ভাল নলগাবোৰেই ভাললগাৰ ৰূপ লয়...অ’ কথাবোৰ ভাবিয়েইচোন কিবা ভাললাগে! নিজকে কেতিয়াবা অকলে নীৰৱ সময়ত আপুনি প্ৰশ্ন কৰে; আপুনি প্ৰেমত পৰিলে নেকি? নাই নাই! লাজ লাগে! ক্ৰমশঃ আজিৰ বিশ্বাস আৰু আৱেগহীন হৈ পৰিব খোজা সমাজখনত প্ৰেমতপৰাৰ কথা ক'লে মানুহে আপোনাক আউটডেটেটবুলি কৈ হাঁহিব বুলি আপুনি ভয় কৰে! আপুনি গম পাইছে আপুনি প্ৰেমত পৰিছে; কিন্তু আন কিবা এটা যেন অজানা ভয়ে কেতিয়াবা আৱৰি ধৰে আপোনাক সেয়ে সকলোকে জনাই দিবলৈ ভয় কৰে আপুনি আপোনাৰ ভালপোৱাক...জানোচা আপোনাৰ ভালপোৱাৰ হঠাৎ কেতিয়াবা হেৰাই থাকে...এক অজানা ভয় আৰু উৎকণ্ঠা! এই যে আপোনাক হেৰুৱাৰ ভয়ত আপোনাৰ ভালপোৱাজনে কেতিয়াবা আতংকিত হয়..কান্দি উঠে...ভালপোৱাবোৰে তাতেই শিপাই; নিৰৱে বুকুৰ পৰা বুকুলৈ....

কথাবোৰৰ যেন অলপো ব্যতিক্ৰমেই নাছিল৷ আছিল মাথোঁ সময় আৰু সমাজৰ পাৰ্থক্য! “ভালপাওঁ বুলিয়েই ভালপাব নোৱাৰি”বুলি জানিও তেওঁৰ প্ৰেমত পৰিছিল..তেওঁৰ বেয়া লগাবোৰ অথচ মোৰ ভাল লগাবোৰৰ পৰা একমাত্ৰ তেওঁৰ বাবেই আঁতৰি গৈছিলোঁ৷ ফুলৰ কলি মেলা সময়তেই হঠাতেই যিদিনাখন তেওঁ কৈ উঠিছিল “দাড়ি ৱালা লোগ মুজে পচন্দ ন্যেহী হে”মই কঁপিবলৈছিলো কিছুসময়ৰ বাবে...সিদিনাই আঁতৰাই পঠিয়াইছিলো মোৰ সেই ভাললগাবোৰক দুৰলৈ বহু দুৰলৈ....

মাজে মাজে হোৱাটচ্এপমেছেজ আৰু কেতিয়াবা কল...হেল্লো বুলি কৈ সিদিনা তেওঁ ৰৈ গৈছিল কিছু সময়ৰ বাবে....“তোমাৰ মাতটো কিবা এটা ভাললাগে” মই যেন অপ্ৰস্তুত হৈ পৰিছিলোঁ৷ নিজকে চম্ভালি সঁচা কথা কৈ দিছিলোঁ...ৰৱ ৰৱ; অৱশ্যেই ভালপাওঁ বুলি অথবা আইাভবুলি কোৱা নাছিলোঁ৷ কৈছিলো মোৰ কঠুৱা মাতটোৰ কথা... উপলব্ধি কৰিছিলো ভাললগাবোৰ আচলতে ক’ত! তেওঁ হাঁহিছিল....শুধিছিল কবিতা কিয় ভালপাওঁ? লগে লগে কৈ উঠিছিলো “তোমাক ভালপাওঁ বাবেই কবিতা ভালপাওঁ”। তেওঁ চাগে বুজি উঠিছিল মোৰ ৰিক্ত হৃদয়ৰ তিক্ত অভিজ্ঞতাৰে পৰিপূৰ্ণ বিজ্ঞাপনহীন হৃদয় নামৰ বৰপথাৰখনৰ স্বাস্বত অনুভৱবোৰ.. নুশুনাৰ ভাওলৈ দুবাৰ মান হে’ল্ল হে’ল্ল বুলি কৈ তেওঁ ফোনটো ডিচকানেক্টকৰিছিল....সময়বোৰে  তেনেদৰেই খোজ দিবলৈ লৈছিল৷ এপাঁহি দুপাঁহিকৈ নিৰল ফুলি উঠা আশাৰ সপোনজাক ডাঙৰ হোৱা বুলি গৃহস্থই যিদিনাখন গম পাইছিল সেইদিনাই ভয়বোৰে কোলাত উঠিছিল৷ লাহেকৈ কোনে গম নোপোৱাকৈ কোলাৰ পৰা ভয়ক নমাই থৈ বুকুৱে বুকুৱে শিপোৱা সপোনজাক আৰু পুৰঠ হওঁক বুলিয়েই এৰাল চিঙি চেকুৰিবলৈ দিছিল আমি...এতিয়া সেই সপোনবোৰে দৌৰিছে মাথোঁ দৌৰিছে..কিন্তু গৃহস্থই ছিঙি নিয়াৰ ভয়ত নহয়; আৰু অধিক ডাঙৰ হোৱাৰ আশাৰেই মাথোঁ এতিয়া সপোনবোৰে দৌৰিছে...

(প্ৰেয়সী পৰীলৈ মোৰ ভালপোৱাবোৰ উপহাৰ স্বৰূপে)
                           @@@@@@

তেওঁ অভিমানী আকাশখনৰ দৰে

-     পৰিণীতা কলিতা
ফোন: ৯৫৭৭২০২৬১৬৯৫

থ্ৰি স্কোৱেৰ ফিট দীঘল খিৰিকীখনৰ নতুনকৈ প্ৰাইমাৰ লগোৱা গ্ৰীলৰ ফাঁকেৰে মই একেথিৰে আকাশখনলৈ চাই থাকিলো৷ ক'ৰবাৰ পৰা  ফুলৰ ধুনীয়া সুঘ্ৰাণ এটা ভাহি আহিছে৷ আকাশখনে লুকাভাকু খেলে মাজে মাজে মোৰ স'তে বৰষুণ এজাকলৈ অপেক্ষা কৰিলে যেনেকৈ জোনাকে বাট বুলে, ঠিক তেনেকৈ ডাৱৰৰস'তেজোনটোয়েলুকাভাকু খেলি আছে…এই লুকাই পৰে জোনটো ডাৱৰৰ মাজত…আকৌ নিমিষতে জোনটোয়ে বেঙা মেলি মোৰ ফালে চাই হাঁহে…

মই যেতিয়া আকাশখন চাবলৈ আৰম্ভ কৰিছিলো,তেতিয়া আকাশৰ ৰং আছিল নীলা ,তাত লেখমানো ডাৱৰৰ ভাৱ নাছিল…

হঠাতে সিদিনাখনৰ পৰা আকাশ ভালপাবলৈ শিকিলো৷ কেইমূহূৰ্তমানৰ পিচতে কলীয়া মেঘএসোপাই আৱৰি ধৰিছিল মই ভালপাবলৈ লোৱা নীলা আকাশখন৷ সাতটা ৰঙেৰে  ৰাগিনী হব খোজা মইজনীয়ে মুখ ওন্দোলাই বাৰান্ডাত আহি চিৰিকেইটাত বহি পৰিছিলো মোৰ দৰে মুখ ওন্দোলাই বৰষণজাকেও ছানি ধৰিছিল মোৰ সমগ্ৰ সত্বা৷ লাহে লাহে আকাশৰ কপাহৰ কোমলতাবোৰ পণীয়া হোৱা যেন দেখা গৈছিল নিমিষতে…

আৰু এয়া, এই মই এমুঠি বৰষুণ হাতেৰে চুইছো আৰু এৰিছ, এৰিছো আৰু ধৰিছো…এক আজৱ ধৰণৰ সুখানুভূতি…যেন এক আত্মতৃপ্তিৰ খেল…এতিয়া বহুতবাৰ খেলো এই আত্মতৃপ্তিৰ খেল৷
মোৰ ফাগুনবলীয়া  প্ৰেমিকজনে সোধে-
হেই বৰষণভালপোৱা প্ৰেয়সী,কি খৰ,পদূলিত ৰৈ ৰৈ বৰষুণলৈ অধীৰ অপেক্ষা কিহৰ বাবে,কোৱানা এনে কি ৰহস্যআছে বৰষণক লৈ?

মই আলফুলকৈ বৰষণৰ নেজবোৰ ছিঙি ছিঙি  কওঁ-
নালাগে,নকওঁ দিয়া,ৰহস্যবোৰৰহস্য হৈয়ে থাকক,ভিতৰৰ কথাবোৰ ভিতৰত কথা হৈ থকাই ভাল…

তেওঁ অভিমান কৰে…হঠাতে তেওঁৰ হাঁহিভৰ্তি মুখখন মেঘে হেন্দোলদোপ কৰা আকাশ হৈ উঠে…আৰু কৈ উঠে? মইনো কোন তোমাৰ মনৰ কথা জানিবলৈ?

মই আৰু একো নুশুনা হৈ আহোঁ, এনেকুৱা বৰষুণ সৰিব পৰা তেওঁৰ অভিমানী মুখখনৰ কাষত পৃথিৱীৰ সকলো কথাই তুচ্ছ হৈ পৰে,অন্তত. মোৰ বাবে  এই পৃথিৱী গৌণ এই মূহুৰ্তত…

জোনাক গলা বৰষূণৰ টোপালবোৰ যেন বৰ চেঁচা......

এৰা , প্ৰিয় মানুহজনৰ.. অভিমানভৰা মুখখনৰ কাষত পৃথিৱীৰ সকলো কথাই তুচ্ছ৷
                     @@@@@@@


কিছু বিশৃংখল কথাৰে
- নিলাক্ষী নীলাঞ্জনা
এটোপাল অশ্ৰুৰে এধাৰি মালা গাঁঠিব নোৱাৰি
,
সময়ে সময়ক কৰা প্ৰতাৰণা পাহৰিব নোৱাৰি
,
তোমাৰ , মোৰ অথবা আপোনাৰ প্ৰেমেই একান্ত বান্ধোন বুলি স্বীকাৰ কৰিবওতো নোৱাৰি.....
আমেজ যিদৰে সুখৰ আছে ঠিক একেদৰে দুখৰো সুকীয়া আমেজ আছে
,
মোৰ বিশ্বাসৰ প্ৰতিশ্ৰুতি মুঠিয়ে মুঠিয়ে তোমাৰ দুহাতত সপি দিছিলো তুমি মুঠি মেলি দুহাতৰ উৰি যাব দিছিলা,
ভৱিষ্যতৰ বীজক সাক্ষী কৰি মই আত্মসমৰ্পণ কৰিছিলো তুমি মোকেই বিদ্ৰোহী ঘোষণা কৰিছিলা..
( আচলতে কথাবোৰ এনেকুৱা আছিল যেনেকুৱা মই নাছিলো, আচলতে মই এনেকুৱা আছিলো যেনেকুৱা কথাবোৰ নাছিল ; সময় কিন্তু একেই আছিল উভয় ক্ষেত্ৰত )

               @@@@@@@@@@

হেৰুৱা সময়
-      বন্দনা দত্ত মজুমদাৰ
       বাহিৰত চিপচিপিয়া বৰষুণ। এটি আমনিদায়ক গতানুগতিক গধূলি। নিয়ৰে খৰধৰকৈ বৰফ আৰু গিলাচটো উলিয়াই ষ্ট্ৰং পেগ এটা বনাই ল'লে। টিভিটো অন কৰিবলৈ গৈ ৰিমটটো বিৰক্তিৰে কাষৰ টেবুলত থৈ দিলে। পেন্টৰ পকেটত খেপিয়াই চিগাৰেটৰ পেকেটটো উলিয়াই দেখে, এটা অৱশিষ্ট চিগাৰেট বাকী আছে। লাইটাৰটো বিচাৰি খপজপাই ইফালে-সিফালে চালে, কাষত নাই। এইখিনি সময়ত চিগাৰেট এটা হুঁপাৰ দুৰ্বাৰ ইচ্ছা হৈছিল। ধোঁৱাৰ লগতে দুখবোৰ উৰুৱাই দিবলৈ। আস! ইমান অসহায় সি!! ভিতৰত এক অবুজ যন্ত্ৰণাত অস্থিৰ হৈ পৰিল নিয়ৰ।
আছলতে কি হৈছে সি নিজেই বুজা নাই। নুবুজা সাঁথৰ হৈ পৰিছে জীৱনটো। মেঘালী আহিবলৈ এতিয়াও বহু সময় বাকী। বহুত কষ্ট কৰিবলগীয়া হৈছে তাই। সি জানে যদিও সেইয়া বুজাবলৈ মন নাযায় তাৰ।
খিলখিলাই হাঁহি থকা মেঘালীৰ মুখত আজিকালি সদায়ে এটা দুখৰ বোজা ওলমি ৰয়। কৰবাত যেন সম্পৰ্কটোৱে ছন্দ হেৰৱাইছে। নিয়ৰৰ বাবেই তাই আজি এখন নতুন পৃথিৱীত খোজ দিবলৈ বাধ্য হৈছে। অথচ সময়ৰ যে কি প্ৰতাৰণা! দুয়োৰে মাজত এক দৰ্বোধ্য প্ৰাচীৰ গঢ়ি উঠিছে লাহে লাহে।
দেৱাল ঘড়ীত দহ বজাৰ সংকেত ভাঁহি আহিল। লৰালৰিকৈ মেঘালীয়ে দুৱাৰৰ ইন্টাৰ ল'কটো খুলি সোমাই আহিল। বেগটো চ'ফালৈ দলিয়াই নিয়ৰক বিচাৰি তাই সিধাই শুৱনি কোঠাত প্ৰৱেশ কৰিলে। কি যে দুঃসহ জীৱন তাইৰ। ছমাহ আগতে তাই কষ্ট কৰি ক'ল চেন্টাৰ এটাত সোমাইছে। মহানগৰীৰ ট্ৰেফিকৰ যান-জঁট অতিক্ৰম কৰি আহি ঘৰ পাই মানে ৰাতি দেৰি হৈ যায়। নিয়ৰ প্ৰায় এনেদৰে গভীৰ টোপনিত নতুবা টোপনিৰ ভাওঁত পৰি ৰয়। তাই লাহেকৈ ভৰি দুখন পোনাই দিলে। চুলিখিনিত হাত বুলাই আলফুলে গাৰুত শুৱাই দিলে।
নিয়ৰৰ দুবছৰৰ আগতে ঘটি যোৱা বাইক দুৰ্ঘটনাই সিহঁতৰ সংসাৰৰ গতি সলাই দিছে। দুয়োৰে জীৱন পেৰেলাইজড কৰি পেলোৱা হুইল-চেয়াৰখনলৈ চাই মেঘালীৰ এটি হুমুনিয়াহৰ লগতে চকুলো সৰি পৰিল।
                     @@@@@@@@@

এটা জীয়া সপোনৰ পম খেদি
- তৃপ্তী ডেকা
 - সাম্প্ৰতিক সময়ত তুমি মোৰ প্ৰিয়!
- সময় সলনি হ'লে প্ৰিয় বিষয়বোৰ সলনি হৈ যাব!
- মানে?
- সেইটো নাজানো, কিন্তু সাম্প্ৰতিক সময়ত তুমি মোৰ প্ৰিয় সেইটো জানো।                                    
- আপুনি এনেকুৱাই নে?                                           : - মই একদম সাধাৰণ। নিজৰ বুলিবলৈ বিশেষ একো নাই, দেউতাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ। তুমি এতিয়া যি বুলি ভবা।
- কবিতা লিখা মানুহ যে কথা ক'ব জানে।                                   এটা সম্পৰ্ক, এটা বন্ধুত্ব। কাজিয়াৰ মাজেৰে হোৱা চিনাকি বন্ধুত্ব হ'ব পাৰেনেপাৰে চাগে, আমাৰ চিনেমা বোৰত হোৱাৰ দৰে।   ৰাজ আৰু মায়া ৰ চিনাকি ও তেনেকৈ হৈছিল। লগৰ ছোৱালী এজনীৰ বিয়াত লগ পাইছিল দুয়ো দুয়োকে।    কথাৰ মাজতে হোৱা কথাবোৰে কাজিয়া এখনৰ সৃষ্টি কৰিছিল। পিছত লগৰ এজনীয়ে কোৱাত মায়া শান্ত হৈ পৰেছিল। এই দেখা ইমানতে শেষ নহ'ল, প্ৰায় এমাহ মান পিছত সিহঁত দুয়োটা পুনৰ মুখা মুখি হ'সেইবাৰ ৰাজে প্ৰথমে মাতিলে তাইক, তাই ও সঁহাৰি জনালে। ৰাজে বিয়াৰ দিনাখনত কৰা ব্যৱহাৰৰ বাবে ক্ষমা খুজিছে আৰু কাজিয়া খনৰ সুত্ৰপাত হোৱা কাৰণটো ভালদৰে বুজাই দিলে। মায়াই ও নিজৰ ভুল বুজি ৰাজক কথাবোৰ ভাবি নাথাকিবলৈ ক'লে। কেইদিনমান পিছত মায়াৰ কলেজত নাট্য সাহিত্যৰ ওপৰত এখন চেমিনাৰ হোৱা কথাতাইৰ টেনচনত টোপনি নাই, হঠাৎ মনত পৰিল ৰাজে নাটক লিখে। তাক লগ পাওঁতে কথাৰ মাজতে শুনিছিল তাই।  অলপো পলম নকৰি তাই ৰাজে সেইদিনা লগ পাওঁতে দিয়া তাৰ ফোন নম্বৰটো বিচাৰিলে, ক'ত থৈছিল মনত পৰা নাই। বহুত বিচাৰি ও নাপালে তাৰ ফোন নাম্বাৰ টো! পিছদিনা ফেচবুক খুলি  চাৰ্চ কৰিলে তাৰ নাম টো........। একে  নামৰ বহুত মানুহৰ মাজত তাই ৰাজক বিচাৰি পালে।
    প্ৰায় এমাহ মান পিছত পিছলি তাৰ ভৰি ভাঙিল, ডক্টৰে ৩ মাহ বিছনাতে থাকিব ক'লে! এই সময় ৰাজ ৰ বাবে নাযায় নুপুৱাই। নাটক, কবিতা, ছবি  আদিক লৈ ব্যস্ত থকা  ৰাজৰ দৰে এজন মানুহ বিচনাত পৰি থকা সহজ কথা নহয়।  তথাপি উপায় নাই।                            বিচনাত পৰি থকা সেই ৩ মাহ সিহঁত দুয়োৰে মাজত প্ৰায়ে ফোনত কথা হ'ব ধৰিলে। দিনত  পাঁচ-ছয়বাৰলৈ ফোন কৰে তাই তাক। সি  দৰব ল'লেনে নাই কিবা খালে নে, সি কুশলে আছেনে ইত্যাদি!! এই সময়ছোৱাত সিহঁতৰ বন্ধুত্বটো আৰু এখোজ আগ বাঢ়িল।

- কবিতা কবিতা লগা কথাবোৰ মই কিন্তু একদম বুজি নাপাওঁ।       

- মইনো ক'ত কবিতা কলোঁ।

- আপোনাৰ প্ৰতিটো কথাই কবিতা। আমি এইবোৰ ক'ত বুজিম।                                            
      ক্ৰমশঃ কথাবোৰ বাঢ়িব ধৰিলে, মিনিটবোৰ এতিয়া ঘন্টা হ'ব ধৰিলেকথাৰ মাজতে ৰাজে তাৰ সকলোবোৰ কথা তাইক ক'লে ; ২৫ টা বসন্ত একেলগে পাৰ কৰিও ভালপাওঁ বুলি ক'বলৈ ৰৈ যোৱা প্ৰথম প্ৰেমৰ কথা, কিমান সাহসেৰে প্ৰিয় নাৰীৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ সজাইছিল  সেই কথা  সি নিজক ক'বলৈ ৰৈ থকা বহুতো কথাই এতিয়া মায়াৰ হাতত তুলি দিছে।

এইদৰে প্ৰায় ৬ মাহ পাৰ হ'ল। ৰাজ শাৰীৰিক ভাৱে সুস্থ হৈ উঠিছে।  সি এতিয়া পুনৰ আধৰুৱা ছবিবোৰ পূৰ্ণ কৰা কামত লাগিছে।        - এদিন মোকো আঁকিব দেই আপোনাৰ তুলিকাৰে।                    - চেষ্টা কৰিম দিয়া হালধীয়াৰে সজাম তোমাক ।                       - হালধীয়া কিয়?                                        
- চিঞৰি ক'ব পৰা হ'লে ক'লোঁ হেতেন, অৰুন্ধতী- হালধীয়া শাৰিৰে তোমাক বৰ ধুনীয়া লাগে।                                      
- কথাৰ মাজতে এইদৰে সি বহুবাৰ বুজাব চেষ্টা কৰে মায়া এতিয়া তাৰ বাবে এটা প্ৰিয় নাম।  কিন্তু কোনোবাখিনিত ৰৈ যায়। তাই অৱশ্যে বুজিব বাকী নাছিল যদিও কেতিয়াও তাক দেখুওৱা নাছিল। ৰাজক লগপোৱাৰ আগতে তাই প্ৰেমত বেয়াকৈ বিফল হৈছিল। গতিকে পুনৰ প্ৰেম নামৰ জুইকুৰা জ্বলাই জীৱন পোহৰাব ইচ্ছা নাছিল। সেইবাবেই হয়তো তাই ৰাজৰ  মনৰ কথা জানিও তাৰ। লগত অন্যায় কৰি আছে।     মায়াই ভয় কৰে জানোছা কষ্ট পায় সি।  তাই  তাক প্ৰায়ে কৈছিল, প্ৰেম কৰা সহজ কিন্তু প্ৰেমক বিবাহত ৰূপান্তৰ কৰাটোহে বহুত টান।    প্ৰেমত নপৰাকৈ মই আপোনাৰ লগত থাকিম।  প্ৰেম হ'লেই জানিব মই আপোনাৰ পৰা আঁতৰি যাম.............

(মাদকতা - এই ধৰা তেওঁ মোক ভাল পায় অথচ ক'ব নোৱাৰে, আৰু মইও বুজি পাওঁ অথচ দেখুৱাব নোৱাৰোঁ!)        
                      @@@@@@@@@@ 
   
ডেকাচাং
-  জয়ন্ত কুমাৰ , শুৱালকুছি
ফোন- ৮৮৭৬৭-৪৯১৬৮

     আজি বৰকৈ মনত পৰিছে বকুল তলৰ ডেকাচাঙলৈ। বকুল তলৰ ডেকাচাং এতিয়া কেৱল সোঁৱৰণী। বকুল তলৰ ডেকাচাং এতিয়া অকলশৰীয়া আজি বিনাইছে সি নিৰৱতাৰ মাজত। কমল, মদন, অনুজমনপল কিমান যে ডেকা সমনীয়া লগ হৈ সেই বকুল তলৰ ডেকাচাংত বহি আদ্দা মাৰিছিলো, তাৰ  মজায়ে সুকীয়া আছিল। সেই গাঁৱৰ ডেকাচাং খনৰ কোনোধৰণৰ বিজুলীৰ ব্যৱস্থা নাছিল আছিল কেৱল জোনাক নিশাৰ পোহৰ। জোনাকী পৰুৱাই তিৰবিৰাই ফুৰা গধূলিৰ ফৰকাল আকাশ খন আছিল তাৰ সাক্ষী। লগতে আছিল বকুল ফুলৰ সুৱাস যি কোনেও পাহৰিব নোৱাৰে।
      সেই ডেকাচাঙতে আলোচনা হৈছিল গাওঁৰ সমস্যা সমূহৰ বিষয়ে। তাতেই আলোচনা হৈছিল ৰম্ভা, মেনকা, উৰ্ব্বশী ৰ লগতে গাওঁৰ ধুনীয়া ছোৱালী সমূহৰ বিষয়ে। আৰু আলোচনা হৈছিল চিনেমা, খেলা ইত্যাদি কত যে কিমান কাহিনী। তাৰ মাজতে মনে চুৰ কৰি অনা ককাৰ অনৰ্গল বাজি থকা ৰেডিঅ ৰ চিনাকি গীত বোৰ। আৰম্ভ হৈছিল বিকট চিঞৰ আৰু হাঁহি কিমান যে অনাবিল আনন্দ যাক সকলোৱে হৃদয়ৰে অনুভৱ কৰিছিল।
       কিন্তু আজি চোন সময়ৰ খোজত সকলো হেৰাই গ'ল। হেৰাই গ'ল সই বকুল তলৰ হেঁপাহৰ ডেকাচাং খন। কমলমদন, অনুজ, মনপল সকলো চোন আজি নিজক লৈয়ে ব্যস্ত। কাৰো আজি সময় নোহোৱা হ'ল। মনৰ ককাকৰ মৃত্যুৰ
  পিছৰে পৰা সেই অনৰ্গল বাজি থকা ৰেডিঅ ৰ চিনাকি গীত বোৰ আজি নিস্তব্ধ হৈ পৰিল। সকলোৱে নিজৰ মাজতে বিচাৰিছে নিজৰ পৃথিৱী খন। গাওঁ খনলৈ আহিল   বহু পৰিবৰ্তন সময়ে আজি সকলোকে সলাই পেলালে। গাওঁৰ চাকিৰ পোহৰ আৰু উৰুসা পজাৰ বেজাৰ আজি নোহোৱা হল। সেই জোনাক নিশাৰ জোনাকী পৰুৱা বোৰ সময়ৰ খোজত হেৰাল কেনি। বকুল তলৰ গোন্ধ আজি নোহোৱা হ'ল। সকলো হেৰাই গ'ল কেৱল পাহৰণিৰ গৰ্ভত।
                             @@@@@@

গৃহিনী
-     ৰঞ্জনা কোঁচ 
মৰাণ ,লাচিত নগৰ

    গৃহিনী সকলোৰে চিৰ পৰিচিত এটা শব্দ। যাৰ অভিধানিক অৰ্থই হৈছে- গৃহকৰ্ম সুচাৰুৰূপে পৰিচালনা কৰা নাৰী। সকলোৰে পৰিচিত এই নাৰীৰ ত্যাগ আৰু মৰ্মবেদনাখিনি ফঁহিয়াই চাওঁ আহক আজি। আপুনি সকলো সময়তে কৰ্মব্যস্ত দেখি অহা গৃহিনী গৰাকীৰ মনৰ ভিতৰলৈ এবাৰ হলেও জুমি চাইছে নে কেতিয়াবা, অথবা প্ৰয়োজনীয়তা অনুভৱ কৰিছেনে জুমি চোৱাৰ। সততে আপোনাৰ শুশ্ৰষাত নিজকে সমৰ্পণ কৰা গৃহিনী গৰাকীয়ে অনবৰতে হৃদয়ত বৈ ফুৰা বোজাটোৰ উমান পাইছেনে কেতিয়াবা?
     
       এৰা! এতিয়াৰ গৃহিনী গৰাকী এসময়ত কিন্তু চটফটীয়া, চঞ্চলমতি সকলোৰে নয়নৰ মণি যুৱতী আছিল। আছিল তেওঁলোকৰ নিজা পৰিচয়। কোনোবা যদি দেখনিয়াৰ, কোনোবা মেধাৱী, কোনোবা শিল্পী আন কোনোবা খেলুৱৈ। কিন্তু বিয়া হৈ স্বামীগৃহত ভৰি দিয়া দিন ধৰি আমাৰ সমাজে তেওঁলোকক প্ৰদান কৰা এটা সুকীয়া পৰিচয়েই হ'ল গৃহিনী। অন্তহীন কৰ্মব্যস্ততা, তিতা-হাত নুশুকোৱা সৰ্বদা আনৰ সুখৰ বাবে নিজকে উৎসৰ্গা কৰা মহীয়সী নাৰীগৰাকী গৃহিনীৰ বাহিৰে আন কোনোবা হব পাৰিবনে?
    
   পূৱাৰ পৰা ৰাতিলৈকে এখন্তেক শান্তিৰে জিৰণি লবলৈ আহৰি নথকা এই নাৰী গৰাকীৰ সামাজিক, আৰ্থিক অৱদানৰ মূল্য দিবলৈ আমাৰ পুৰুষপ্ৰধান সমাজখন কিমান ইচ্ছুক এবাৰ উপলব্ধি কৰাৰ অৱকাশ আছেনে ? বজাৰত আলু, দাইল, চাউল, পিয়াজৰ দাম বাঢ়িল, গৃহিনীৰ মুখ শুকাই চূণটেমী হেন হ'ল। মাহটোত বজাৰৰ তালিকাত বস্তু কমি আহিল! এককেজি পিয়াজৰ ঠাইত গৃহিনীয়ে লিখে  ২৫০ গ্ৰাম। অকল সেয়ে নে ? মাহৰ শেষত স্বামীৰ নুন্যতম উপাৰ্জনৰ পৰা গেছ, লাইটৰ বিল, স্কুল, টিউচনৰ ফীজ। হাতত থকা টকাকেইটা লৈ গৃহিনীয়ে ভাৱে ৰবাত আলাউদ্দিনৰ চাঁকি এটা পাই যোৱা হলে। পূজায়ে, বিহুৱে ঘৰৰ মানুহক এডোখৰ নতুন কাপোৰ দিবলৈ গৃহিনীয়ে কেনেকৈ যে বাজেট মিলাই সেয়া তেওঁ নিজেহে জানে। এহ!! এই মাহত ক্ৰীম পাউদাৰ নঘহোঁ যা, চান্দা ও দিবলৈ আছেই দেখোন।
   
     শুই উঠাৰ পৰা ঘৰৰ মানুহক খুৱাই বোৱাই নিজৰ কৰ্মস্থানলৈ নপঠিওৱালৈকে টাকুৰি ঘুৰাদি ঘুৰি থাক গৃহিনী। এই চাহ, এই ভাত, এই টিফিন, মোৰ চোলা, মোৰ জোতা, মোৰ বেগ। তাৰ পাছতো গোটেই কাম সামৰি কিছু গৃহিনী কামলৈ যায়। অফিচতে হওঁক, দিন হাজিৰাই হওঁক, দিনটো শাৰীৰিক, মানসিক কষ্ট।  ঘৰত থকা গৰাকীয়ে চিন্তা কৰে গিৰিহতজন ভালে কুশলে কামৰ ঠাই পাইছেগৈ নে? বলৈ সময় নাই গৃহিনীৰ। বিহু পালেহিয়েই। দাম দি সুতা কিনি হলেও গামোচা ববই লাগিব। বিহুৰ দিনা গিৰিহঁতক যদি এখন গামোচা দিব নোৱাৰে হলহে আৰু ...! 

      স্কুল, অফিচ চুটী। গদ-গদ প্ৰৱেশ সকলোৰে। চাহ, জলপান, ৰা-ছোৱালীৰ টিউচন, জিৰণি, বাকী কথা নকলোৱেইবা। কৰ্মৰত গৰাকীৰো একেই অৱস্থা। হাতত বেগ ভৰাই পাছলি দুটামান, নহলে ৰাতিৰ সাঁজৰ চিন্তা। খৰখেদাকৈ ভৰি-হাত ধুই সকলোকে অপ্যায়ন। গধূলি চাকি বন্তি জ্বলাই ল'ৰা-ছোৱালীৰ পঢ়া টেবুলত গৃহিনী! ৰুটিনমতে ভাত-পানী, ঘৰুৱা কাম। মুঠতে ৰাতি দহ বজালৈ শান্তিৰে উশাহ লোৱাৰ সময় নাই গৃহিনীৰ। কিন্তু হলে কি হ  ....... !! তাৰ পিছতো এঘোটা ধৰি আহি হকে-বিহকে চৰটো, গোৰটো, ভূকুতো গিৰিহঁতৰ পৰা উপহাৰ পোৱা বহু গৃহিনী আমাৰ মাজতে বিদ্যমান।  বাহৰে জীৱন ........., হাঁয় বিধাতা !! তথাপি কাৰো ওচৰত অভিমান ,অভিযোগ নাই গৃহিনীৰ। সকলো কৰি যায় নিৰলে, অকলে।এইয়াই জীৱন। গৃহিনী জীৱন।


     আহকচোন এপলক ৰৈ বিনা বেতনে কৰ্ম কৰি যোৱা এই শ্ৰমিক গৰাকীৰ মৰ্মবেদনাখিনি উপলব্ধি কৰোঁ। তেওঁলোকৰ কৰ্মত সহায়ৰ হাত আগবঢ়াই তেওঁলোককো দিওঁ মুক্তিৰ সোৱাদ, জীৱনৰ আনন্দ। ভগাই লওঁ তেওলোকৰ কৰ্মসূচী সকলোৱে। তেহে নাৰীৰ সমমৰ্য্যদাৰ শ্লগানটো সচাঁ অৰ্থত ফলপ্ৰসু হব।
@@@@@@@@@
                
বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭

কেতিয়াও কোৱাই নহ’ল কথাবোৰ
-     তৃপ্তী ডেকা

সম্পৰ্কবোৰত এইদৰেই দূৰত্ব আহিছিল! কেতিয়াও নিবিচৰা এটি দূৰত্ব.......... ।    প্ৰেম আৰু বন্ধুত্ব এটা মুদ্ৰাৰ দুই পিঠি; সদায় একেলগে থাকে যদিও কেতিয়াও দুয়ো দুয়োৰে মুখামুখি নহয়।  ঠিক এইধৰৰ উদাহৰণ এটা যথেষ্ট সিহঁতৰ সম্পৰ্কটোৰ বাবে।                                     কোনে জানে কাৰ জীৱনত কেতিয়া প্ৰেম নামৰ বতাহজাক আহে আৰু কাক কিমান দুৰলৈ আঁতৰাই লৈ যায়!   পলাশ আৰু ময়ুৰীয়ে ও ভবা নাছিল, সিহঁতৰ বন্ধুত্ব / সিহঁতৰ মাজৰ একাতীয়া সময়খিনিত কেতিয়াবা কোনোবাই হস্তক্ষেপ কৰিব বুলি! বিশেষকৈ ময়ুৰীয়ে, তাই কেতিয়াও নিজৰ সপোনবোৰ আঁতৰাই ৰখা নাছিল পলাশৰ পৰা।
কলেজ আৰম্ভ হোৱাৰ কিছুদিন পিছতে গঢ় লৈ উঠা সিহঁতৰ বন্ধুত্বটো অতি কম সময়ৰ ভিতৰতে আপোন হৈ পৰিল ময়ুৰীৰ। দিনৰ দিনটো কেনেকৈ পাৰ হৈ হিচাপ নোহোৱা হ’ল সিহঁতৰ, কেলেণ্ডাৰৰ ৰঙা আখৰবোৰ আপদীয়া হৈ পৰিল লাহে লাহে। বিচৰা ধৰণে সুখ বুটলি ফুৰিব পৰাকৈ পালশৰ দৰে এজন বন্ধু পালে ময়ুৰীয়ে। তাইৰ মনৰ কথাবোৰ মুখত প্ৰকাশ নকৰাৰ আগতেই সি বুজি পোৱা হ’ল। পলাশৰ উপস্থিতিত তাই পাহৰিব ধৰিলে সকলো, আনকি তাইক লৈ সপোনৰ পৃথিৱী সঁজা সমীৰৰ কথা ও!                       দিনবোৰ এইদৰেই পাৰ হৈছিল, কলেজৰ হাঁহি বোৰৰ মাজতে ছেমেষ্টাৰৰ এবছৰ পাৰ হৈছিল।   হাঁহিবোৰ মাজতে এদিন পলাশৰ জীৱনলৈ আহিছিল নিয়ৰ! নিয়ৰৰ উপস্থিত আঁচহুৱা নাছিল ময়ুৰীৰ বাবে। অতি মৰমিয়াল আৰু মানুহৰ সৈতে সহজে মিলিব পৰা এজনী ছোৱালী। প্ৰথমে সকলোবোৰ বিচৰা ধৰণেই আছিল। ময়ুৰীৰ আগতেই সিহঁতৰ বন্ধুত্ব আগবাঢ়িছিল।  লাহে লাহে পলাশৰ জীৱনত ময়ুৰীৰ অস্তিত্ব কমি আহিছিল, ময়ুৰীৰ সময়বোৰ এতিয়া নিয়ৰৰ হৈ পৰিছিল।  পলাশে ভাগৰি পৰিছিল সময়বোৰ ভাগ বতৰা কৰি। যদিও সি চেষ্টা কৰিছিল প্ৰেম আৰু বন্ধুত্বৰ খিৰিকীখন আলফুলে সজাবলৈ, কিন্তু সি পৰা নাছিল। এইদৰে কোনোবাখিনিত হেৰাই গৈ থাকিল পলাশ আৰু ময়ুৰীৰ বন্ধুত্ব। হেৰাই গ’ল ময়ুৰীৰ প্ৰতি তাৰ আন্তৰিকতা। এতিয়া এক দুৰত্বই বাঁহ ল’লে সিহঁতৰ মাজত...............               ময়ুৰীৰ সময়বোৰ এতিয়া লগৰ আনবোৰ স’তে পাৰ হ’বলৈ ধৰিলে। হাঁহিবোৰ হেৰাই গ’ল তাইৰ পৰা, খুব কষ্ট কৰিও লগৰ বোৰৰ খুহুতীয়া কথাত হাঁহিব নোৱাৰা হ’ল, ইয়াৰ মাজতে কোনেও নেদেখাকৈ তাই কেতিয়াবা চাই পঠিয়াই সি অহা বাটটোলৈ, বাটটো একেই আছে, পলাশৰ মুখৰ হাঁহিটো ও! মাত্ৰ এতিয়া তাৰ হাঁহিৰ কাৰণবোৰ সলনি হৈছিল আৰু তাৰ লগত থকা মুখখন.......!
অভিমান বোৰ বুকুতে লুকাই ময়ুৰীয়ে কলেজৰ তিনিটা বছৰ পাৰ কৰিলে।  কোৱা-নোকোৱা বহু কথাৰে সিহঁতৰ কলেজীয়া জীৱনৰ সামৰণি পৰিল। পলাশে কেতিয়া তাইক সোধাৰ প্ৰয়োজন অনুভৱ  নকৰিলে তাইৰ মুখৰ হাঁহিটো হেৰুৱাৰ কাৰণ, তাইও কেতিয়াও তাক জনাব চেষ্টা নকৰিলে, সি আঁতৰি  অহাত কিদৰে পাৰ কৰিব শিকিছিল সময়বোৰ!
কলেজৰ শেষ দিনটো ময়ুৰীয়ে বুকুত আছুতীয়াকৈ ৰাখি থ’লে।  তাই তাক এৰি হাৰ আৰু সি নিয়ৰক এৰি অহা দুখত কলিজাৰে নিগৰা প্ৰতিটো চকুলোৰ হিচাপ ময়ুৰীয়ে বুকুত বান্ধি থ’লে।      (বন্ধুত্ব এনেকুৱাই, পোৱা-নোপোৱাৰ হিচাপ নকৰাকৈ নিজৰ সমস্ত দি ও সুখৰ হাঁহিৰে ৰঙীন কৰিব জানে নিলাম হোৱা হৃদয়ৰ প্ৰতিটো কোঠা)…….
----------------


শৈশৱৰ লেছেৰি বুটলি
-     শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত
তাৰ বয়স তেতিয়া ৭ কি ৮ ! দুপৰীয়া ৰবাব টেঙা খাই আহি সিহঁত নিজ নিজ ঘৰৰ তুলসী ভেটিটো ধুনীয়াকৈ সজাই তোলাত ব্যস্ত । বয়সৰ কিছু পার্থক্য আছে যদিও সিহঁতৰ মনৰ পার্থক্য শূন্য । যোৱা বছৰ বৰমাকে শিকোৱা তুলসী তলত গোৱা ঘোষাটো সি আওৰাবলৈ চেষ্টা কৰিলে-
"তুলসী, তুলসী  ' আই তুলসী
তুমি গোবিন্দৰ প্রিয়া ।
গোঁসাই কোন পিনে গ'লে আই তুলসী
আমাক সমিধান দিয়া ।।"
  
সিহঁতৰ ঘৰৰ তুলসীৰ ভেটিটোৰ চাৰিওফালে হালধীৰে আল্পনা(!) আঁকি থৈছে । বিগত বর্ষত এঘৰত আটা গুড়িৰে বনোৱাৰ ফলত নাম গাই থাকোঁতেই পৰুৱা উঠাৰ কথাটো তাৰ মনত আছিল । হালধীয়ে পৰুৱা অহাত বাধা দিব বুলি জানি এইবাৰ এই পন্থা হাতত ল'লে । 
তুলসীৰ তল বন্তিৰ আলোকৰে উজলি উঠিল । চোতালত পাৰি থোৱা কঠকেইখনত আটাইবোৰ শাৰী শাৰীকৈ বহি নাম গোৱা পর্ব আৰম্ভ কৰিলে । অকল যে এঘৰতেই সিহঁতে নাম গাই সেইটো নহয়, সত্রৰ প্রত্যেক ঘৰতে ভাগে ভাগে একেটা নামকে গায় । নামৰ উন্মাদনাত বুৰ যায় সমস্ত শ্যামকাণু সত্র । তেতিয়াও, আজিও......
আজিৰ তাৰিখত সিহঁতে আৰু এটা ঘোষা জানে,
"তুলসী চিঙিলোঁ চন্দনো পিঢ়িলোঁ
মই থ'লোঁ কুকীত ভৰাই ।
চান্দ মুখ চাই পিন্ধাব নাপালোঁ
গোসাঁই কোন পিনে যায় ।।"
দুটা ঘোষাৰ লগত মিলাই পদ দিব জানে । জানে নামৰ মাজত চাপৰি সলোৱাৰ সময় তথা নিয়ম । দেখি শিকিছে নে লেখি শিকিছে সেয়া তাৰ মনত নাই । 
যান্ত্রিকতাই চানি ধৰা জগতখনত আজিও সিহঁত একেই আছে । সিহঁতৰ শৈশৱ সদায় লগত থাকে । মাথোঁ অজুহাত বিচাৰি ফুৰে । সুবিধা পালেই প্রত্যেকজন হৈ পৰে সেই তাহানিৰ অকমানিহঁত । কাতি বিহুৰ উন্মাদনা সিহঁতৰ বাবে অতীত নহয় । আজিও যায় পথাৰত ৰবাব টেঙা খাবলৈ, তলসী ভেটি সাজে, ঘৰে ঘৰে নাম গায়...

>> মূলঃ দাপোণ

-------------

বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

হেপ্পী টিচাৰ্ছ দ্যে

: মাহবুবুৰ ৰহমান

     প্ৰতিবছৰে পাঁচ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশতে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু মহান শিক্ষাগুৰু ভাৰতীয় দৰ্শনত বিশ্বৰ বুকুত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকাই থৈ যোৱা ড. সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো বৰ তাত্পৰ্য পূৰ্ণ দিন। এই দিনটোত শিক্ষাগুৰু সকলৰ কষ্টৰ কথা স্মৰণ কৰি তেওঁলোকলৈ ছাত্ৰ সমাজে শ্ৰদ্ধা নিবেদন কৰে। কথাতে কয়- A good teacher is like a candle. It consumes itself to light the way for others. এই বাক্যফাঁকি সঁচাকৈয়ে বৰ বিশাল আৰু গধুৰ। ইয়াৰ তাত্পৰ্য ছাত্ৰসমাজে হৃদয়ংগম কৰি লোৱা উচিত।
     মোৰ বাবে এই বাক্যটি অতিকৈ আদৰৰ। এই বাক্যটিয়ে মোৰ মনলৈ শিক্ষাগুৰুসকলৰ প্ৰতি গভীৰ ভাব জাগ্ৰত কৰি তোলে। মোৰ জীৱনৰ অন্ধকাৰ আৰু হতাশাত ভাঙি পৰা প্ৰতিটো মূহুৰ্ততে শিক্ষাগুৰু সকলৰ উত্সৰ্ঘিকৃত মানসিকতাৰ উমাল সংস্পৰ্শই অন্ধকাৰ ৰাতিৰ জোনাকী পৰুৱাই বাটৰুৱাক পথ দেখুৱাই লৈ যোৱাৰ দৰেই নাইবা আউসীৰ পিছত পূৰ্ণিমাৰ জোনাকে অকৃপণ ভাবে যেনেকৈ পোহৰ বিলাই ঠিক তেনেকৈ পোহৰ বিলাই মোক ছাত্ৰ হৈ থকাৰ আনন্দ দিছে। জীৱন বাটত প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বৰ্তমানলৈকে ১২১ গৰাকী শিক্ষাগুৰুৰ পৰা মৰম-চেনেহ আৰু  আদৰ পাই আহিছোঁ। মনৰ মাজত সদায় কেবাখনো মুখে অগা-দুৱা কৰে। কলপাতত স্বৰবৰ্ণ লিখুওৱা, ফলিৰ পৰা বহীত লিখিবলৈ শিকোৱা, গ্ৰন্থাগাৰৰ পৰা কিতাপ লৈ দিয়া, অসুখ-বিসুখত খৱৰ লোৱা, ভাল-বেয়া সকলো দিনতে সাহস যোগোৱা, প্ৰতিটো মাতত সঁহাৰি দিয়া, হোমৱৰ্কৰ বহীখন নিজৰ বেগত ভৰাই ঘৰলৈ নি চাই দিয়া, উত্সাহ আৰু প্ৰেৰণা দিয়া শিক্ষাগুৰুসকল আজীৱন মোৰ মন আকাশত জীপাল হৈ থাকিব।
     আজি পোন প্ৰথমতে লিখিবলৈ লৈছো ড. শেৱালী বৰা বাইডেউৰ কথা। বাইদেউ এক দয়াৰ সাগৰ। বাইদেউৰ পৰা পোৱা উত্সাহ আৰু অনুপ্ৰেৰণামূলক বাক্যবোৰে মোক কলা ডাৱৰৰ মাজত সূৰ্য্যৰ কিৰণৰ দৰে সহায় কৰি আহিছে। কিবা বিষয় এটা নোৱাৰিলে বা ভয় কৰিলে বাইদেউক য়েতিয়া কওঁ তেতিয়া তেওঁ কয়, ভয় নকৰিবা, পাৰিবা, মই জানো তুমি পাৰিবা, গড ব্লেছ ইউ। এইষাৰ মিঠা মাতে মোক বহুত বহুত সহায় কৰিছে। বাইদেউৱে মোক তেওঁৰ অন্তৰৰ পৰা শিকাইছে বহু কথা। মোৰ  মনলৈ অহা আন এগৰাকী শিক্ষাগুৰু হল শ্ৰদ্ধাৰ শিক্ষাগুৰু চৰিফুল ইছলাম। তেওঁ মোক সৰুৰে পৰাই পঢ়াইছে। ইংৰাজী ভাষাৰ প্ৰতি আগ্ৰহী হবলৈ শিকাইছে। ছাৰক যেতিয়া কোনো জটিল সমস্যাৰ কথা কওঁ তেতিয়া ছাৰে কোৱা কথাষাৰ- Don’t worry, Almighty bless you everywhere. ২০১৫ চনৰ ডিচেম্বৰ মাহত জণ্ডিছত আক্ৰান্ত হৈ যেতিয়া নাৰ্চিংহোমত অশান্তি আৰু হতাশাত দিন কটাই আছিলোঁ, এমাহ একো আহাৰ খাব পৰা নাছিলো, ডাক্তৰ প্ৰণৱ শইকীয়া ছাৰক বাৰে বাৰে সুধিছিলোঁ- ছাৰ, মই মৰি যাম নেকি!! ছাৰ মই আৰু পঢ়িব পাৰিম নে!! সেইসময়ত চৰিফুল ইছলাম ছাৰে খবৰ পাই মোবাইলত মেছেজ কৰিছিল- Almighty please does speedy recovery of my favorite student. ছাৰৰ এই কথাষাৰ পাহৰি যাব নোৱাৰো। আজিও এই মেছেজটো ডিলিট কৰা নাই।
     মোৰ অন্তৰত বিশেষভাবে সংৰক্ষিত আন এগৰাকী শিক্ষাগুৰু হল প্ৰবক্তা পৰিস্মিতা বৰা বাইদেউ। নিয়মানুৱৰ্তিতা, নিৰহংকাৰ আৰু উত্সৰ্গা এই গুণবোৰ বাইদেউৰ ব্যক্তিত্বৰ ভূষণ। যিকোনো সময়তেই বাইদেউৱে আন্তৰিকতাৰে দিয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ। কেতিয়াও বিন্দু পৰিমাণেও আওকাণ নকৰে। বাইদেউৰ এটা সুন্দৰ বাক্য- My prayer always with you.
     তাৰ উপৰিও মোৰ অতি আদৰৰ শিক্ষাগুৰু সকলৰ ভিতৰত অধ্যাপক পৰাগ দত্ত, অধ্যক্ষা ড. মণিশীষা বৰুৱা, মৃণ্ময় মজুমদাৰ, প্ৰবক্তা জাহ্নৱী দাস, অনুপমা গায়ন, অৰ্চনা তালুকদাৰ, আঃ হেকিম ছাৰ, হাবিবুৰ ছাৰ, ড. মৃণাল নেওগ, মেহদী ইকৱাল, ড. সুণাৰাম নাথ, প্ৰবক্তা তুলিকা বৰা, প্ৰবক্তা ৰিজুমণি কোঁৱৰ, প্ৰবক্তা ৰুমী লচকৰ, প্ৰবক্তা ৰুনজুন বৰা, প্ৰবক্তা মিতালী দেৱী, প্ৰীতিমা বৰা, লিনা শইকীয়া আদি বিশেষভাৱে উল্লেখযোগ্য।

     আজি শিক্ষক দিৱস উপলক্ষে মোৰ জীৱনত লগ পোৱা ১২১ গৰাকী শিক্ষাগুৰুলৈ যাচিছোঁ অশেষ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু শিক্ষক দিৱসৰ অকৃত্ৰিম শুভেচ্ছা। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰি, তেওঁলোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি আজিলৈ সামৰিলোঁ- Happy Teachers Day to all of my respected teachers!
*******
ঐতিহাসিক শিৱসাগৰলৈ
: চন্দন কুমাৰ নাথ,
বাংগালোৰ।
২০১১ চনৰ ৩ অক্টোবৰ। সোমবাৰ, ৰাতিপুৱা ১০ বজাত।
এই বিশেষ দিনটোত মই শিৱসাগৰলৈ যাত্রা কৰিলোঁ 
সৰুৰেপৰা উজনি অসমৰ বিভিন্ন ঠাই চোৱাৰ হেঁপাহ এটা আছিল। বিশেষকৈ শিৱসাগৰ জিলা। কিন্তু কোনো চিনাকি আত্মীয় নোহোৱা বাবে যাব পৰা নাছিলো। ভাগ্যে শিৱসাগৰৰ গায়ন গাওঁৰ বিশ্বজিত হাজৰিকাৰ লগত মোৰ চিনাকি হয়। প্ৰায় এবছৰীয়া চিনাকিৰ অন্তত যাবলৈ ওলালোঁ

শাৰদীয় বতৰ। দুই-এদিনতে দূৰ্গা পূজা। অকলেই যাব ওলালোঁ সপোনৰ শিৱসাগৰলৈ।
বৰপেটাৰোড ৰেল ষ্টেচনত চিনাকি মানুহ এজন লগ পাই ভাল লাগিল। তেওঁ চাকৰি সূত্রে তিনিচুকীয়াত থাকে, গতিকে দীঘলীয়া যাত্রাত লগ এজন পাই সাহস অলপ পালোঁ
আবেলি ২ বজাত কামাখ্যা এক্সপ্ৰেছ ৰেলগাড়ীখন ২ নং প্লেটফৰ্মত সোমোৱাৰ লগে লগে আমি ডবা এটালৈ সোমাই গলো। যাত্রা আৰম্ভ হ'ল। আমি থিয় হৈয়ে গুৱাহাটী পালোঁগুৱাহাটীত ছিট এটা পালোঅলপদূৰ তেওঁ বহে, অলপ মই বহোঁ তেনেকৈ গৈ থাকিলো। লামডিং ষ্টেচনত কেইজনমান আৰ্মি আমাৰ ডবাটোলৈ সোমাই আহিল। আকৌ যাত্রা কৰিলোঁ 
ডিমাপুৰ ষ্টেচন পাওঁতে নিশা এঘাৰ বাজিছিলতেতিয়ালৈ ৰেলৰ ৰান্ধনীশাল বন্ধ হৈ গৈছিল। তেনেতে চিনাকি মানুহজনে বেগৰপৰা খোৱা বস্তু উলিয়ালে। দুয়ো খালো।
এনেকৈ গৈ গৈ নিশা ২ বজাত শিমলুগুৰী জংচন পালোঁলগৰজনক বিদায় দি মই তাতে নামিলো। তেতিয়াও ৰাতি পুৱাবলৈ ৩ ঘন্টা বাকীইফালে বিশ্বজিতে ৭ বজাতহে ষ্টেচনৰপৰা লৈ যোৱা কথা। টোপনি লাগিছে যদিও অচিনাকি ঠাইৰ বাবে নিজেই সাৱধান হৈ ৰাতিপুৱালৈ অপেক্ষা কৰিলোঁ 
ৰাতিপুৱা ৭ টা মান বজাত বিশ্বজিতে মোক আদৰি নিবলৈ বুলি খৰ খোজেৰে মোৰ ওচৰত উপস্থিত হ'ল। দুয়ো মেজিক গাড়ী এখনত উঠি সিহঁতৰ ঘৰলৈ গলো।

শিৱসাগৰ নগৰৰ সোঁমাজতে সগৌৰৱে থিয় হৈ আছে ঐতিহাসিক শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল। ৰাস্তাৰপৰা উত্তৰফালে স্পষ্টকৈ শিৱদৌলটো দেখা যায়। বিশ্বজিতে মোক আঙুলিয়াই দিলেদেৱীদৌলত তেতিয়া দূৰ্গাপূজাৰ পূৰ্ণ আয়োজন। 
ঘৰ গৈ পাই মই সিহঁতলৈ বুলি নিয়া মিঠাইৰ টোপোলাটো বিশ্বজিতৰ মাকক আগবঢ়াই দিলোঁমাকে আথে-বেথে বহিবলৈ দি চাহ জলপান বনোৱাত ব্যস্ত হ'ল। মইও গা পা ধুই চাহ খাই অলপ জিৰণি ল'লো। 
বিশ্বজিতৰ এখন দোকান আছে, ইতিমধ্যে সি দোকানলৈ গৈছিল। দুপৰীয়া ভাত খাই মইও তাৰ লগত দোকানলৈ গলো। দোকানৰপৰা বাহিৰে বাহিৰে দুয়ো পূজা চাবলৈ গলো। তেনেতে সিহঁতৰ আত্মীয় ছোৱালী পৰিনীতা বৰুৱা সেইখিনি পালেহি।
: বিশ্বজিত দা, কি খবৰ? -- পৰিনীতাই সুধিলে।
: অ পৰি, কোন কোন আহিছা? -- বিশ্বজিতে মাত লগালে।
: ভন্টি আৰু মই। 
: পৰি, এয়া মোৰ বন্ধু চন্দন।
: নমস্কাৰ, মই পৰিনীতা। আপোনাৰ ঘৰ?
: বৰপেটাত। 
প্ৰতি নমস্কাৰ জনাই মই ছুটিকৈ উত্তৰ দিলোঁ
: শিৱসাগৰলৈ আপোনাক স্বাগতম। আগতে আহিছিল নে? -- হাঁহি মিশ্ৰিত সুৰেৰে পৰিনীতাই ক'লে।
: ধন্যবাদ। এয়া প্ৰথম আহিছোঁ
: কেনেকুৱা পালে শিৱসাগৰ?
: আহিছোঁ হে, একো দেখাই নাই।
তেনেতে বিশ্বজিতে পৰিনীতাক উদ্দেশ্যি ক'লে : অ পৰি, কাইলৈ এওঁক এপাক ফুৰাবাচোন।
তাই '' বুলি কোৱাত সি কিজানিবা পৰম আনন্দই পালে। এনেয়ে দোকান এৰিব নোৱাৰে, তাতে আকৌ পূজাৰ বতৰ। সন্ধিয়া ঘৰলৈ আহি চাহ খাই বহি আছো। মাকে দুই এটা কথা সুধি আছে, মইও উত্তৰ দি আছো।
পিছদিনা শুই উঠি গা পা ধুই চাহ খালো। মই শুই উঠাৰ আগতে বিশ্বজিতে দোকানলৈ গৈছিল। মইও খোজ ল'লো। সিফালে পৰিনীতাই মোৰ বাবে দোকানতে অপেক্ষা কৰি আছিল।
প্ৰথমতে সিহঁতৰ কলেজখন দেখুৱাই তাই ক'লে : এইখনেই মই পঢ়া কলেজ। ইয়াত মোৰ বহুতো স্মৃতি আছে।
তাৰ পিছত শিৱসাগৰ কমাৰ্চ কলেজ, কলেজ হোষ্টেল, অলপ আগুৱাই গৈ শ্বহীদ বেদী, শিৱসাগৰ চেন্ট্ৰেল জেল। আকৌ অলপদূৰ আগুৱাই গৈ শিৱসাগৰ টাই আহোম যাদুঘৰ। দুমহলীয়া ঘৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা। টিকট লৈ ভিতৰলৈ সোমাই গলো। আহোম যুগৰ পুৰণা বস্তুবোৰ পৰিপাটিকৈ সজাই থোৱা আছে। তাৰপৰা ওলাই আহি এখন পাৰ্ক চকুত পৰিল। মনতে ভাবিলো ইয়াতে অলপমান জিৰাই লওঁ। কবলৈ নৌপাওঁতেই পৰিনীতাই কৈ উঠিল : ইয়াতে অলপমান বহি লওঁ নেকি!
দুজনৰ টিকট লৈ সোমালো। আনন্দৰাম বৰুৱা পাৰ্ক।

উজনি অসমৰ মানুহবোৰে ইমান আন্তৰিকতাৰে মানুহক আকৰ্ষণ কৰিব পৰে ভাবিলে আচৰিতে লাগে। এখন চকীত দুয়ো বহি ল'লো। পৰিনীতা ছোৱালীজনী দেখাত যেনেকৈ ৰূপৱতী, তেনেকৈ গুণৱতীও। দীঘল ক'লা চুলি, নীল বৰণীয়া চকু, উজ্বল বগা গাল, লাহী কঁকাল, ডালিম গুটি যেন দাঁত, বাহ কি সুন্দৰ তাইৰ চকুৰ চাৱনিঠিক তেনেকৈ মানুহৰ লগত কেনেকুৱা ব্যবহাৰ কৰিব লাগে, তাইৰ কথা-বতৰা আন দহজনে শলাগ লবলগীয়া।
: মনে মনে বহি আছে যে, কিবা কওক আকৌ! -- নিৰৱতা ভংগ কৰি তাই কৈ উঠিল।
: কি ক, শিৱসাগৰলৈ আহি সঁচাকৈ বৰ ভাল লাগিছে।
: মানে মোক লগ পাই ভাল লগা নাই।
: সেইটো আকৌ সুধিবলগীয়া কথা নে!
: ...................
মই কিবা এটা কব ওলাইছিলো, তেনেতে তাই এখন চাহৰ দোকানলৈ চাই ল'ৰা এজনক চাহ আনিবলৈ ক'লে। দুকাপ চাহ সম্মুখৰ টেবুলখনতে থৈ ল'ৰাজন গুচি গল। 
চাহৰ কাপত সোহা মাৰি তাই সুধিব ধৰিলে : আপোনাৰ ঘৰত কোন কোন আছে?
: মা, দেউতা, ভাইতি আৰু মই। -- মই টপৰাই ক'লো।
: উজনিৰ ছোৱালীবোৰক আপোনাৰ কেনে লাগে? 
: বহুত ভাল লাগে। বিশেষকৈ তোমাক লগ পাই আৰু ভাল লাগিছে।
পৰিনীতাই এপোলক মোৰ ফালে ভেবা লাগি চাই ৰ'ল।
তাইৰ লগত পাৰ্কত কিমান সময় বহি পাৰ কৰিলো কবই নোৱাৰিলো। বিশ্বজিতৰ ফোন অহাতহে ঘড়ী চালো। তাই চাহৰ বিল দিবলৈ আগবাঢ়ি গল। পাৰ্কৰপৰা ওলাই আহি থানাখন পালো। শিৱসাগৰ পুখুৰীক কেন্দ্ৰ কৰি সম্পূৰ্ণ এপাক ঘুৰিলো।

: অহা কালি ৰংঘৰ চাবলৈ যাম, বনে? -- তাই সুধিলে।
: তুমিহে জানিবা কি দেখুৱাম বুলি ভাবিছা।
: , আজিৰ সময়ত ওলাব। এতিয়া এৰিছো। বাই।
: বাই.....
এদিনৰ চিনাকীতে মানুহ ইমান আপোন হব পাৰে, ইয়ালৈ অহাজনে হয়তো নিশ্চয় অনুভব কৰিব পাৰিছে।
তৃতীয় দিনা অলপ সোনকালেই গা পা ধুই ওলাই গলো। সিদিনা দেৱীৰ শেষ পূজা। দেৱী উটুৱাক লৈ চাৰিওফালে উখল-মাখল লাগিছে। দিখৌ নৈত দেৱীক উটুৱাব লৈ যোৱা হ'ল। সেইদিনা তেনেকৈয়ে দিনটো পাৰ হ'ল। 
তাৰ পিছৰ দিনা আকৌ পৰিনীতাৰ লগত ফুৰিব ওলাই গলো। দুয়োজনে ৰংপুৰ অভিমুখে গাড়ীত উঠিলো। প্ৰথমে তলাতল ঘৰ দেখুৱাব লৈ গল। তলাতল ঘৰটো ওপৰত তিনি মহলীয়া আৰু মাটিৰ তলত হেনো চাৰি মহলীয়া। কিন্তু মাটিৰ তলৰ ভাগটো দেখা পোৱা নাযায়। তাৰপৰা ওলাই ন-দুৱাৰ পাৰ হৈ আহি ৰংঘৰ পালোহি। ৰংঘৰটো এটা প্ৰকাণ্ড দুমহলীয়া ইটা ৰঙৰ পকীঘৰ। সম্মুখত সেউজীয়া আহল বহল পথাৰ এখন। কাষতে লাগি আছে এখন উদ্যান। পৰিনীতা আৰু মই ৰংঘৰৰ বাকৰিত সেউজীয়া ঘাহনিৰ ওপৰত বহু সময় বহি ৰ'লো।
: শিৱসাগৰত কিনিবলৈ মাটি পোৱা যাব নে? -- হঠাতে মই পৰিনীতাক সুধিলো।
: মাটি? কি কৰিব নো?
: ঘৰ সাজিবলৈ। তোমালোকৰ দৰে বন্ধু-বান্ধৱীক ওচৰতে পাই থাকিলোহেঁতেন।
: তাৰপৰা ইয়াত ঘৰ সাজিব অহাতকৈ আমাকে লৈ যাব আকৌ।
: আমাক মানে?
: মানে ছোৱালীবোৰক।
: ছোৱালীবোৰক আকৌ কেনেকৈ নিম?
: বিয়া পাতি লৈ যাব।
: তোমাক যদি অকলে লৈ যাওঁ, তুমি যাবা নে?
: নিবলৈ আহিলে নিশ্চয় যাম। -- লাজকুৰীয়া চাৱনিৰে তাই হাঁহি এটা মাৰিলে।
ৰংঘৰৰপৰা ওলাই আহি উদ্যানখনত সোমালো। ওচৰতে থকা গোলাপ এপাহ চিঙি মোৰ হাতত দি তাই ক'লে-- এয়া মোৰ ফালৰপৰা উপহাৰ লওক।
মই গোলাপ পাহ আলফুলে লৈ চুমা এটা খাই ক'লো-- এই চুমাটো তোমালৈ।
তাই লাজতে তলমুৰ কৰিলে। তেতিয়া গধুলি হৈছিল। আমিও উভতিছিলো।
পঞ্চম দিনা বিশ্বজিতৰ লগত কাৰেংঘৰ চাই বাহিৰে বাহিৰে ৰেল ষ্টেচন পালো। বিশ্বজিত আৰু তাৰ ঘৰখনে দিয়া মৰম চেনেহ আৰু পৰিনীতাই হিয়া উজাৰি দিয়া ভালপোৱা বুকুত লৈ ঘৰ অভিমূখে নিশা ৯ বজাত ৰেলত উঠিলো।
***
মোৰ মন আকাশত তেওঁৰ উমান

: পৰিণীতা কলিতা,
টিহু, নলবাৰী
( টিহু সাহিত্য সভাৰ আজীৱন সদস্যা)
ফোন: ৯৫৭৭২০২৬১৬৯৫
নিশাৰ বিষাদজাক  ফালি উজলে যদি মনৰ আকাশ, এই চকুজুৰিতেই নীলা হৈ জিলিকে তাৰেই উমান৷ সপোনত আহি যদি  দিঠকত আতৰিয়েই যোৱা, সেই সপোনৰ মূল্যই বা ক?
বুকুৰ  আপোন হৈ যদি আতৰিয়েই যোৱা, সেই আপোনতাৰ  মূল্যই বা ক? দুখবোৰ ভগাই ললেই উপক্ষম নহয় আঘাতত ক্ষত বুকু……
প্ৰতিটো মূহূৰ্তত ধৰি ৰাখিম বুলি খামুচি ধৰা হাতখন যদি আঁতৰাইয়ে দিম বুলি ভাবা, সেই আন্তৰিকতাৰ মূল্যই বা ক??

কেতিয়াবা আন্ধাৰতেই থাকিবৰ মন যায়, আন্ধাৰতেই খুবেই ভাললগা হৈ পৰে নিজকে, সকলোৰে পৰা অচিনাকি কৰি ৰাখিব পাৰি যে, উদং জোনটো, জীয়া তৰাটোৱো নাথাকে উপলুঙা কৰিবলৈ
তুমি কব নোৱাৰিবা? কিমান কান্দিলে চকুপানীবোৰ শেষ হ, কিমানখিনি মোক বুজিলে মই- মই হৈ জীয়াব  পাৰিম সপোনক
তোমাৰ বুকুতেই মন উপচাই দিবলৈ মন যায়, তোমাৰ উশাহতেই বাট বুলিবলৈ মন যায়, বিচাৰি ফুৰো তোমাকে, তোমাৰ নিজস্বতাৰ  পৰা
**********

বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭


বৰষুণঃ তেতিয়া আৰু এতিয়া
: সবিতা গোহাই গগৈ
      কিমান আবেগ, কিমান অনুৰাগৰে হৃদয় পূর্ণ হৈ থাকিলে বৰষুণৰ শব্দবোৰত এক ছন্দৰ ঘ্রাণ পোৱা যায় ! বিচাৰি পোৱা যায় এক সংজ্ঞাবিহীন লয়লাসৰ ! বৰষুণ, মোৰ হেঁপাহৰ বৰষুণ ! ভালপাওঁ তোমাক !
শ্বিলং, মোৰ জন্ম ঠাই। বৰষুণত জন্ম মোৰ, বৰষুণতে লুতুৰি-পুতুৰি হৈ ডাঙৰ-দীঘল হৈছোঁ। বৰ ওচৰৰ পৰা দেখিছোঁ বৰষুণ। শ্বিলং বুলি ক'লে সকলোৱেই জানে, বুজে। নিতে তাত বৰষুণে বেলিৰ সৈতে ধেমালি কৰে তাত। ওন্দোলা আকাশ আৰু বেলিৰ লুকা-ভাকুৰ মাজেৰে পাৰ হৈছিল মোৰ শৈশৱ, মোৰ কৈশোৰ......
বুজা নুবুজা বয়সৰ পৰাই ভাল পাইছিলোঁ বৰষুণ। কিনকিনীয়া বৰষুণত ৰঙা-নীলা ফুল থকা ছাটিটো লৈ বাহিৰলৈ ওলাই যোৱাৰ দুর্বাৰ হেঁপাহ, বৰষুণত তিতা এহাতমান দীঘল বেণী দুডাল নচুৱাই কৰা হর্ষোল্লাস। এতিয়া ভাবোঁ, "শ্বিলঙৰ মনালিছা"জনী হ'ব পৰাহেঁতেন !!
বৰষুণে ধুৱাই গোটেইখন নিকা কৰা এখন ঠাই। বোকাৰ নাম-গোন্ধ নাই। গছে-পাতে সকলো সেউজীয়া, মানুহৰ মনবোৰ সেউজীয়া নহৈ পাৰে নে? বৰষুণজাকৰ মাজতেই আজিও বিচাৰি ফুৰোঁ বুকুত কাহানিবাই কবৰ দিয়া এক সপোনৰ। কিজানিবা আহি ধৰা দিয়েই মোৰ অপৈণত হাতত !
সময় সলনি হ'ল। শ্বিলং গুচি মহানগৰী গুৱাহাটী। কেতিয়াও ভবা নাছিলোঁ, বৰষুণ বুলিলে আনন্দত নাচি উঠা মনবোৰ যে কেতিয়াবা বৰষুণৰ নামত পেপুৱা লাগিব লগা হ'ব ! কার্যতঃ সেয়াই হৈছে। এতিয়া মহানগৰীত বৰষুণে গুঞ্জৰিত নকৰে মানুহৰ মন। বৰষুণ যেন আতংকৰ অন্য নাম ! স্কুলৰ পৰা উভতি আহিব নোৱাৰা কণমানিহঁতে বৰষুণ ভাল নাপায়। আশী বছৰীয়া আইতাজনীয়ে নিবিচাৰে পানীৰ মাজত আবদ্ধ হৈ থকাটো......
সেইবুলি মই পাহৰা নাই বৰষুণৰ আনন্দ। বৰষুণৰ গোন্ধ। বৰষুণৰ মাদকতা। বৰষুণ মোৰ প্রাণৰ, বৰষুণ মোৰ মনৰ......
এতিয়াও বৰষুণজাক দিলে এই যেন দৌৰ মাৰিম চোতাললৈ আৰু গুণগুণাম
"ৰিম ঝিম ঝিম বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহে লাগিছিল,
যেন ময়ো এটি গীত হৈ তাতে মিলি যাম ..."


বিদ্যালয়ত ভ্ৰমণ কালৰ কিছু অভিজ্ঞতা
: ইব্ৰাহিম আলী
মণ্ডল সমল সমন্বয়কৰ দায়িত্বত থকা বাবে বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ কামত বিভিন্ন অঞ্চলৰ বিদ্যালয় সমূহত গৈ থকা হয়। প্ৰতিখন বিদ্যালয়ত পুৱা ৮:৪৫ বজাৰ পূৰ্বে উপস্থিত হৈ চাফাই কাৰ্যত শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্র-ছাত্ৰীৰ লগত সহযোগ কৰোঁ। ৯:০০ বজাত প্ৰাতঃসভাত অংশগ্ৰহণ, নিৰীক্ষণ আৰু ফটোসহ প্ৰতিবেদন বিভাগীয় কৰ্তৃপক্ষলৈ পঠিওৱা, ৯:১৫ বজাৰ পৰা বিদ্যালয়খনত পাঠদান কাৰ্যসূচী আৰম্ভ নিশ্চিতকৰণ ও শিক্ষক বা শিক্ষয়িত্ৰী কম থাকিলে নিজেও পাঠদান আৰম্ভ কৰা, পাঠদাতাৰ ক্ৰিয়া-কলাপ পৰ্যবেক্ষণ ও প্ৰতিবেদন দাখিল (অনলাইন যোগে),  শৈক্ষিক সমস্যা আলোচনা, তথ্য সংগ্ৰহ, মধ্যাহ্ণ ভোজন নিৰীক্ষণ, স্বচ্ছ ভাৰত মিছনৰ দিশ পৰ্যবেক্ষণ আদি বিভিন্ন দৈনন্দিন কাৰ্যসূচীৰ মাজেৰে শৈক্ষিক সহযোগিতা আগবঢ়োৱাই আমাৰ কাম। তাৰ মাজত  সময় সাপেক্ষে ও পৰিস্থিতি সাপেক্ষে আমাৰ কামৰ ধৰণ আংশিক সাল-সলনি হয়। বিদ্যালয়ৰ সময় শেষ হ'লে কাৰ্যালয়লৈ যোৱা (প্ৰয়োজন সাপেক্ষে) আদিও চলি থাকে। বিদ্যালয় সমূহ ভিন ভিন ভৌগোলিক পৰিৱেশত তথা ভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰে ভৰপুৰ আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা পৃথক পৃথক, প্ৰায় এশ শতাংশই দৰিদ্ৰ। দৰিদ্ৰ বাবেই তেওঁলোকে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহলৈ নিজৰ সন্তানক পঠিয়ায় আৰু নিজৰ শিশুৰ শিক্ষা আৰু ভৱিষ্যতক লৈ উদাসীন। আচলতে আজিৰ তাৰিখত কোনো বুৰ্বক নহয়। তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা অলপ ভাল হ'লেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ঢাপলি মেলে, উন্নত শিক্ষা বিচাৰি, নিজৰ সন্তানক এজন ভাল নাগৰিক গঢ়ি তোলাৰ মানসেৰে।
চৰকাৰী বিদ্যালয়ত মানুহ গ্ৰাহক হিচাপে কিয় আহিব আৰু কি নাহিব বা নাহে তাৰ কাৰণ কিছুমান বিদ্যালয় সমূহত থকা জনসাধাৰণৰ দৃষ্টিত জলজল পটপট। আজি কালি সকলোৱে সকলো কথা জনা হ', নিজৰ স্বাৰ্থজড়িত কথাবোৰত চকু দিয়া হ'ল।
কিছুমান সমস্যা আছে যাৰ কোনো সমাধান নাই, পৃথিৱীখন থকালৈকে কেতবোৰ সমস্যা থাকিব, আৰু কিছুমান সমস্যাৰ সমাধানৰ উপায় আছে, চৰকাৰ, ৰাইজ আৰু শিক্ষকৰ অলপ হাত উজান দিলেই সমস্যা সমাধান হৈ যায়, মাথোঁ লাগিব আন্তৰিকতা। আন কিছুমান কথা আছে যিখিনি কেৱল শিক্ষকেই সমাধান কৰিব পাৰে, কি কৰিলে নিজৰ দোকানৰ মিঠাইবোৰ সু-স্বাদু হ', গ্ৰাহক আকৰ্ষিত হ'ব সেই কথাখিনিত গুৰুত্ব আৰোপ কৰিলেই বহু কথা মিমাংসা ও সমাধান হৈ যায়। কিন্তু নকৰে, যিহেতু দোকানৰ মিঠাই সমূহ বিক্ৰী নহ’লেও লোকচানৰ কথা নাহে, মূলধন ক্ষতি নহয়, বৰঞ্চ দিনক দিনে দোকানীজনৰ আৰ্থিক অৱস্থা ভালহে হৈ গৈ থাকে।
ভ্ৰমণ কালত বিভিন্ন ধৰণৰ শিকাৰু আৰু শিক্ষক লগ পাওঁ, মত বিনিময় কৰি ভিন্ন সোৱাদ পাওঁ। এনে শিক্ষকো আছে যিয়ে পৃথিৱীৰ অন্য মন্দিৰ মছজিদত দান দিয়াৰ সলনি বিদ্যালয় খনকে মন্দিৰৰ দৃষ্টিৰে অন্তঃকৰণে লৈ বিদ্যালয়তে দান দিয়ে। খুউব ডাঙৰ দান নহয়, বছৰেকত দুই তিনিখন আৰ্টপেপাৰ, ৰংপেঞ্চিল, আঠা, দুই এখন ত্ৰিশ/চল্লিশ টকীয়া কিতাপ ইত্যাদি ইত্যাদি। এনে কৰি তেখেতসকলে আত্মসন্তুষ্টি লাভ কৰে। আন কিছুমান শিক্ষক বন্ধুৱে আপত্তি কৰে যে চৰকাৰে ফাণ্ড দিয়া নাই, নিদিলে আমি ক'ৰ পৰা কৰিম, কিয় কৰিম। আৰু এচামে ভুৱা ভাউচাৰ দাখিল কৰি পাপৰ ধন আত্মসাত কৰাত সিদ্ধহস্ত। এই বিদ্যাসমুহ অৰ্জন কৰাত কোনো সহায় নকৰিলেও নিজৰ মগজু ব্যৱহাৰ কেনেকৈ কৰিব পাৰি সেইক্ষেত্ৰত পাকৈত।
আমি বিদ্যালয় এখনলৈ যাওঁ বিদ্যালয় খনৰ সামগ্ৰিক উন্নয়নৰ কামত। আমাৰ উদ্দেশ্য কণ কণ দৰিদ্ৰ শিশুবোৰৰ ভৱিষ্যত গঢ়াক লৈ। কেনেকৈ তেওঁলোকক ভাল মানুহ কৰি তুলিব পাৰি তাক লৈ কৰা আঁচনি সমূহৰ বিদ্যালয় পৰ্যায়ত ৰূপায়ণ কৰা। বিদ্যালয় সমূহ হৈছে ভৱিষ্যত নাগৰিক গঢ়া কাৰখানা। তাত আমি শিক্ষকৰ আন্তৰিকতা ও সহযোগিতা আশা কৰোঁ। কিন্তু দেখা যায় যে এচাম এনে শিক্ষক আছে যে তেওঁলোকে নিজে সহযোগিতা কৰাটো বাদেই আন শিক্ষককো বাটে-পথে লগ পালে নিজৰ কু-কীৰ্তি সমূহ গৰ্বৰে গাই নেতিবাচক ভাবে প্ৰভাৱিত কৰে। এসপ্তাহ দহ দিন আগতে কৈ অহা কথাবোৰ কোনো ধৰণৰ গুৰুত্ব নিদি সেই আগৰ দৰেই কামবোৰ পেলাই ৰাখিছে। যদি কিবা কাৰণত কোনো এজনৰ কথা কাৰ্যালয় পৰ্যায়ত অৱগত কৰিব লগীয়া হয়, (যিটো আমি সচৰাচৰ কৰিব নিবিচাৰোঁ, অনুপ্ৰেৰণাৰ যোগেদি মনৰ স্থায়ী পৰিৱৰ্তন কৰিবলৈহে মনস্থ।) পিছৰ দিনবিলাকত তেওঁলোকে আমাক শত্ৰুৰ দৰে আচৰণ কৰে, নামাতে, ওফন্দি থাকে, মুঠতে সহযোগ নকৰে, যেন আমি তেওঁলোকৰ পকা ধানৰ পথাৰত মৈ দিছিলোঁ। আনকি ৰাতি ফোন কৰি  "তোমাক চাই ল'ম"  বুলিও ভাবুকি দিয়াৰ উদাহৰণ মোৰ ক্ষেত্ৰত ঘটিছে। কিন্তু আমি কাকো ব্যক্তিগত আখেজৰ দৃষ্টিৰে নাচাওঁ, বিদ্যালয় খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিবলৈহে যোৱা হয়। উদ্দেশ্য এটাই দেশখনক আগবঢ়াই নিয়াত নিজৰ ক্ষুদ্ৰ প্ৰয়াস, নিজৰ ভূমিকা আন্তৰিকতাৰে পালনৰ চেষ্টা। কোনোবাই আমাক হাজাৰ বেয়া পালেও এয়া আমাৰ পৱিত্ৰ নৈতিক দায়িত্ব বুলি ভাবি কৰি আহিছোঁ, কৰি থাকিম। বিভাগীয় কৰ্তৃপক্ষই যেতিয়া আমাক লৈ অসন্তুষ্ট হ'ব তেতিয়া আমাক অব্যাহতি দিব, আমি এৰি দিম। একো ডাঙৰ কথা নহয়, ইয়াত কোনো বৃহৎ অৰ্থনৈতিক বা অন্য ধৰণৰ লাভালাভৰ কথা নাই, যাৰ কাৰণে আমি এৰিবলৈ মনোকষ্ট পাম। আমি এটি মিছনৰ হৈহে কাম কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। এইক্ষেত্ৰত মাজে সময়ে সৰু-সুৰা ধুমুহাৰ সন্মুখীন হ'বলগীয়া হয় অৱশ্যে। এচাম লোক আছে যি সকলো ক্ষেত্ৰতে উন্নয়ন কামনা কৰে, নিজে হলে পৰিৱৰ্তন হ'ব নিবিচাৰে। সভাই সভাই বৰ ভাষণেৰে মানুহক মোহাচ্ছন্ন কৰাই তেওঁলোকৰ কৰ্ম। কেন্দ্ৰীয় হাৰত দৰমহাটো বিচাৰে, কেন্দ্ৰীয় আৰ্হিত কাম কৰিব নিবিচাৰে। অনলাইন যোগে দৰমহা হোৱাটো বিচাৰে, কিন্তু অন্য ক্ষেত্ৰত "অনলাইন" শব্দটো বেয়া পায়, অনলাইন যোগে শৈক্ষিক তথ্য বা সমল অলপ বিচাৰি শিকাৰুক সহায় কৰাৰ মানসিকতা কেতিয়াও দেখা নগ', অথবা নিজেও নিজৰ কাৰণে ও কিছু জানিবলগীয়া কথা জানিবলৈ চেষ্টা নকৰিলে। এদিন এজন এম ই বিদ্যালয়ৰ শিক্ষকক মোবাইলত ফটো এখন মাৰিবলৈ কৈছিলোঁ, তেওঁ উত্তৰ দিলে যে তেওঁ এইবিলাক "ফটো-ছটো মৰা" বেয়া পায়, নাজানে, মাৰি পোৱা নাই, শিকিব‌ও নিবিচাৰে হেনো। কিন্তু মই তেখেতক জোৰকৈ অনুৰোধ কৰি ফটো মাৰিবলৈ শিকাই দিলো, যাহওঁক, তেওঁ মোবাইলত ফটো মাৰিবলৈ শিকিলে। নোম শিয়ঁৰি গৈছিল মোৰ সেইদিনা, ২০১৭  চনতো এজন শিক্ষকে মোবাইলত ফটো মাৰিব নাজানে বুলি কৈছে। কিন্তু একেই পৰ্যায়ৰ আন এখন এম ই স্কুলৰ শিক্ষকে নিজৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিকায়, নিজে আনৰ পৰা শিকি স্কুলত শিকায়, নিৰ্দেশত নহয়, হেঁপাহত....আচলতে কাম কৰিবলৈ নিৰ্দেশনা নালাগে।
আন এদিন এখন হাই স্কুলৰ শিক্ষকে মোৰ পৰা কিবা এটা কাগজ বিচাৰিছিল, মই ক'লো যে হোৱাটচ্এপত দি দিম, নম্বৰটো খুজিলোঁ, তেওঁ ক'লে তেওঁৰ হোৱাটচ্এপ নাই, ফেচবুক, হোৱাটচ্এপ এইবিলাক বৰ বেয়া বস্তু, মানুহ বেয়া হয় এইবোৰ ব্যৱহাৰ কৰিলে, গতিকে তেওঁ এইবিলাকৰ পৰা আঁতৰি থাকে। মই বেহুচ হৈ যোৱাৰ উপক্ৰম হৈছিল তেওঁৰ কথাটো শুনি। কি বিচিত্ৰ এই জগতখন, এজন উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষকে যদি এনেকৈ ভাবে তেনে স্থলত তেওঁ এই আধুনিক যুগত তেওঁৰ ছাত্ৰ-ছাত্ৰীক দিব কি !
এচাম আছে কামৰ সময়ত হোৱাটচ্এপ, ফেচবুকত ব্যস্ত থাকে, 'ৰা-ছোৱালীবোৰে কয় চাৰ/বাইদেৱে মোবাইল টিপি থাকে। অহা সময়কণ পলম, যোৱা সময়কণ আগতীয়া, মাজৰ সময়কণ অনলাইনত... আনকি গাড়ীখনতো একেই মুদ্ৰাসনত স্থিতি লৈ গমন এখেতসকলৰ। মুঠতে ডিজিটেল ইণ্ডিয়াৰ ভাৱমূৰ্তি এওঁলোকক চাইহে ক'ব পাৰি যে আমি ইন্টাৰনেটৰ যুগৰ বাসিন্দা।
শেষত আন এজন শিক্ষক বন্ধুৰ কথা ক'ব‌ই লাগিব। তেখেতে চাকৰি সোনকালে প্ৰাপ্ত কৰিছিল, কম বয়সতে। জীৱটোক সুন্দৰ ভাবে উপভোগ কৰিবলৈ শিকিছিল। শিক্ষকতা কৰি থাকোতে তেওঁ দেশ ভ্ৰমণো কৰিছিল সঘনাই। থাইলেণ্ড, ম্যানমাৰ, ভূটান, টাৱাং, বাংলাদেশ বৰ্ডাৰ, চাইনা বৰ্ডাৰ, ওচৰত মণিপুৰ, সঘনাই নাগালেণ্ড, চিলং ইত্যাদি ঠাইবোৰ দুচকীয়া বাহনতেই ভ্ৰমণ কৰিছে। মোকো এবাৰ লগ লৈছিল, কিন্তু মোৰ কলিজা যিহে সৰু, পুঠিমাছৰ কলিজাটোৰ দৰে, তেওঁৰ স’তে মই বাইকখনো ইমান স্পীডত চলাব নোৱাৰিম, টু টুৱেন্টি পালচাৰখনত তেওঁৰ নূন্যতম গতিবেগ এইট্টি...আৰু মই ক'ত বাজাজ চুপাৰ....। বেচেৰাই দেশ ভ্ৰমণত পূৰ্ণহাৰত স্বাধীনতা নাপাই শেষত চাকৰি ৰিজাইন দি দিলে, মানে হেড চাৰেতো ইমান ছুটি দিব নোৱাৰে, গতিকে, বান্ধোনমুক্ত হৈ লোৱাই ভাল বুলি সেই মহান পদক্ষেপ ল'লে চাৰে। মই নালাগে চাৰি পাঁচজনে বুজাই হাৰ মানি গ’লো। তেওঁক স্বাধীনতা লাগে... লৈ ল'লে...তেওঁৰ মতে জীনটো পূৰ্ণদমে ভোগ কৰিব লাগে, পিছত যি হয় দেখা যাব।
আন এগৰাকী উদীয়মান শিক্ষক পালোঁ যে তেখেত যথেষ্ট সংস্কৃতিবান, নতুনকৈ আৰম্ভ হোৱা ধুতি সংস্কৃতিটো তেখেতে সুন্দৰকৈ আদৰি লৈছে, পালন কৰিছে, কিন্তু বিদ্যালয়ৰ প্ৰাতঃসভাত তেওঁ উপস্থিত নাথাকে, ছাত্ৰ-ছাত্ৰীৰ লগত প্ৰাৰ্থনা নাগায়। তেওঁ হেনো এজন বিয়াগোম নেতা তথা শিক্ষক সংগঠনৰ এজন দায়িত্বশীল উচ্চ পদবীত থকা বিষয়ববীয়া। সংগঠনৰ কামত ঘূৰি ফুৰে বাবে বিদ্যালয়ত প্ৰায়ে অনুপস্থিত থাকে।
আজিকালি সৰু সৰু দোকান বোৰতো ইলেকট্ৰনিক তৰ্জু ব্যৱহাৰ কৰে, মানুহৰ চিন্তাধাৰা ইলেকট্ৰনিকচৰ দৰে হৈ পৰিছে, মানে মানুহ অনিচ্ছা স্বত্বেও কিছুমান চিষ্টেমত নিজৰ অজ্ঞাত সোমাই পৰিছে। এনে এক সন্ধিক্ষণত মানুহবোৰে কিয়নো ক্ৰীম নথকা ভেজাল বিস্কুটবোৰ কিনি খাব...।
কেতিয়াবা কেতিয়াবা ভাবোঁ যে আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীয়ে মাজে সময়ে উচিত কথাই কয়, শুনিবলৈ বেয়া লাগে বা তেনে কাম কাৰ্যকৰী কৰিবলৈ গ'লে বহুতৰেই ভৰিত কুঠাৰ পৰিব। নৈখনলৈ বান আহিলেই বেয়া, কিন্তু সেই নৈখনৰ পাৰতে কাৰোবাৰ সৈতে সন্ধিয়াৰ সূৰ্যাস্তৰ দৃশ্য চাই কিমান ভাল লাগে, আস ! কি অনুপম !  আমি বহুত ক্ষেত্ৰত মানৱতাৰ দোহাই দি দি দেশখনৰ উন্নতিৰ ক্ষেত্ৰত স্থবিৰতা আনো, যদি মানৱতাৰ কথা প্ৰয়োজনাধিক গুৰুত্ব দিওঁ তেন্তে দেশখনক পিছুৱাই থকাত ইন্ধন যোগোৱাহে হ'ব। সেয়াই যদি সকলোৰে কাম্য তেন্তে আহক দেশখনক আৰু দুশবছৰমান পিছ পেলাই দিওঁ, কাৰ কি হ'ব...মাথোঁ "পৰিৱৰ্তন" শব্দটো অভিধানতেই অপৰিত্যক্ত হৈ পৰি থাকিব। মানসিকতা আৰু পৰিৱৰ্তন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।
তাৰ মাজত বহু এনে বিদ্যালয় তথা শিক্ষক, শিক্ষয়িত্ৰী এতিয়াও আছে আৰু থাকিব যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, দেশ আগবাঢ়ি থাকিব, কাছৰ পিঠিত উঠি হ'লেও....।

মোৰ প্ৰিয় শিক্ষাগুৰু ড. শেৱালী বৰা বাইদেউ
: মাহবুবুৰ ৰহমান
      যিসকল শিক্ষা গুৰুৱে মোক পঢ়াইছে সেইসকলৰ কোনো গৰাকীয়েই মোৰ অপ্ৰিয় নহয় আজি মই এনে এগৰাকী শিক্ষা গুৰুৰ বিষয়ে লিখিছো যি গৰাকী শিক্ষা গুৰুৰ উমাল সংস্পৰ্শই মোক দৃঢ় বিশ্বাসী আৰু সাহসেৰে জীৱনৰ গতিপথত আগুৱাই যোৱাৰ এক স্পষ্ট পথৰ সম্ভাৱনা দেখুৱাই দিছে কলেজ অৱ এডুকেশ্বন, নগাওঁত তেখেতৰ সান্নিধ্য পোৱাৰ সোভাগ্য মোৰ হ' বাইদেউৰ যিটো দিশে মোক আকৰ্ষিত কৰে সেইটো তেখেতৰ ব্যক্তিত্ব মোৰ জীৱনত লগ পোৱা শিক্ষা গুৰু সকলৰ ভিতৰত তেখেতৰ ব্যক্তিত্ব অতুলনীয় কোনোবাই যদি তেওঁৰ ওচৰলৈ যায় এবাৰ হ'লেও হঁহুৱাইয়ে এৰিব কথা-বতৰা, গাম্ভীৰ্যতা, দয়া-সৰলতা, সমাজ-সচেতনতা, মানৱতাবাদ, শিক্ষানুৰাগ, নিৰহংকাৰ, অতিথি পৰায়ণতা, সাজ-পোছাক, বুদ্ধিমত্তা কোনটো দিশ চাব আপুনি সকলোতেই ইৰ্ষনীয় তেখেতৰ ব্যত্তিত্বৰ ওপৰত চমুকৈ এটা কথাই যথেষ্ট যে ব্যক্তিত্বৰ বিকাশৰ ওপৰত ঘন্টাৰো অধিক সময় অনৰ্গল কথা ক'ব পাৰে আমাৰ বি এড ফাৰ্ষ্ট ইয়েৰৰ বিকাশমূলক মনোবিজ্ঞানত থকা ব্যক্তিত্বৰ বিকাশ নামৰ ইউনিটটো ইমান সুন্দৰকৈ বুজাইছিল, যিটোৱে মোক মুগ্ধ কৰি পেলাইছিল নিয়মানুবৰ্তিতাত আগৰণুৱা, কৰ্মনিষ্ঠাত আপোচহীন সৰ্বপৰি বাইদেউৱে সকলোকে সহজতে আপোন কৰি ল'ব পৰা উদাৰ মন আৰু বহল দৃষ্টিভংগীৰ অধিকাৰী এগৰাকী আদৰ্শবান নাৰী বিজ্ঞসকলে কয় - One educated mother or ideal lady is best of one hundred teachers মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শেৱালী বৰা বাইদেউ তাৰ এক সুন্দৰ উদাহৰণ
      ছাত্ৰ হিচাপে শ্ৰেণী কোঠাত পাঠ গ্ৰহণৰ উপৰি বিভিন্ন উপলক্ষ্যত তেখেতৰ পৰা পোৱা উত্সাহ আৰু অনুপ্ৰেৰণা ইমানেই সহায় কৰিছে যে সেয়া কৈ শেষ কৰিব নোৱাৰি তথাপিও চমুকৈ এটা কথাই উল্লেখ কৰিলো বিজ্ঞসকলে কয়, Good teacher teach and great teacher inspires. প্ৰিয় শিক্ষাগুৰু ড. বৰা বাইদেউ তাৰেই জলন্ত পৰিচয় সঁচাকৈ বাইদেউ এগৰাকী বিশুদ্ধ অন্তৰৰ মানুহ ছাত্ৰ হিচাপে তেওঁৰ পৰা পোৱা প্ৰতিটো মাতৰ সঁহাৰিত সৰলতাৰ ৰেখা প্ৰত্যক্ষ কৰি আত্মতৃপ্তি পাই আহিছো এই ক্ষণ মই কোনো দিন আদায় কৰিব নোৱাৰিম শিক্ষাৰ্থীৰ সৈতে সু সম্পৰ্ক বজাই ৰাখি শিক্ষাৰ্থীৰ মনত প্ৰকৃত মানৱীয় মূল্যবোধৰ প্ৰেৰণা দি সু-নাগৰিক হিচাপে গঢ় দি তোলাৰ এগৰাকী নিপুণ খনিকৰ বুলি ছাত্ৰ হিচাপে মই দ্বিধাহীনভাৱে অভিহিত কৰিলো এই মধুৰ সান্নিধ্যৰ স্মৃতি আজীৱন মোৰ মন আকাশত জীপাল হৈ থাকিব
      এগৰাকী বিদগ্ধ প্ৰবক্তাৰ লগতে তেখেত সৱল নেতৃত্বৰো অধিকাৰী একেধাৰে বাইদেউ Editorial board of multidisciplinary international golden research thought, World peace movement trust, editorial board of Asian journal of educational research and technology, Council of research and sustainable development, Editorial board of 'Brahmagyan' research analysist এইকেইখন মূল্যবান journal ৰ কেইবাবছৰ ধৰি সন্মানীয় সদস্য হিচাপে সফলতাৰে নেতৃত্ব দি আহিছে
      পৰিশেষত, তেখেতলৈ মোৰ অশেষ কৃতজ্ঞতা, আন্তৰিক শ্ৰদ্ধা যাচিছোঁ  লগতে তেখেতৰ সু-স্বাস্থ্যসুখ, শান্তিময় জীৱনৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আজিলৈ সামৰিলোঁ