জনা-নজনা কিছু কথা













বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম সংখ্যা, মাৰ্চ- ২০১৮

"ঐতিহ্যময় অসমৰ কিছু পুৰণি খেল-ধেমালিৰ নাম"

সংগ্ৰহ- চিন্ময় কলিতা
নলবাৰী (বগলচ ৰোড)
৮৭২৪৮৫১০৫২

১) কণী যুঁজ, ২)কড়ি খেল৩)ম'হ যুঁজ৪)ঘোৰা দৌৰ৫)দৌৰ, ৬) তৰোৱাল খেল, ৭) শেন মেলা৮)কাড় খেল৯)বুলবুলি চৰাই যুঁজ, ১০) মাল যুঁজ১১) বাঘ-ভালুক যুঁজ১২) ঘঁৰিয়াল যুঁজ১৩) হাতী যুঁজ১৪) হাউখেল, ১৫) লৰা, ১৬) ধৰা, ১৭) বোন্দা হাউ, ১৮) ঢোপখেল১৯) টাংগুটি২০) ঘিলাখেল২১) লুকাভাকু২২) ধেমনা অনা খেল২৩) লালী২৪) ফুৰ্টি২৫) গোল্লা২৬) হাফলা২৭) ঘিলা২৮) ৰচী টনা২৯) কধৰা টনা৩০) কুকুৰা যুঁজ৩১) ভটাগুটী৩২) মুঠিভটা৩৩) মংগলপঠা৩৪)হাতবল৩৫) বৈঠা বল৩৬) তিনিঠেঙীয়া দৌৰ৩৭) টেকেলী ভঙা৩৮) গছকপটি৩৯) থাটিকপটি৪০) ফুলফুলতি৪১) হাফোলা৪২) সোলঠুকুচা৪৩) লেটেকু৪৪) চিলনী-চিলনী৪৬) হচিন-বিচনী৪৭) লেচেকচ৪৮)সাঁতোৰ-চিলনী৪৯) থিয় সাঁতোৰ৫০) কচুগুটি ষোল্ল গুটি৫১) বাইশগুটি৫২) বাঘবোল, ৫৩) পঁচিশগুটি, ৫৪) দুইগুটি৫৫) কানিমুনি৫৬) হাঠাবঠা বা দাণ্ডা বটা৫৭) ঢুলনি৫৮) চোৱা-চুই৫৯) চাক ঘোঁৰা বাঁহৰ ঠেং৬০) ছৌবিশটা বকুল গুটি বা ছৌবিশটা তেতেলী গুটি খেল৬১) পাশা খেল৬২) তেল দিয়া বাঁহ গছত বা কলগছত উঠা৬৩) লাঠি খেল৬৪) নাওখেল চৰানাও, ৬৫) পানচৈনাও, বৰনাও৬৬) হেতালি৬৭) হাঁচিয়াই৬৮) চণ্ডালী৬৯) কুকুৰ পোৱালী৭০) খুলিখেল৭১) কুকুৰঠেঙীয়া৭২) ইৰিকটি-মিৰিকটি৭৩) গছ কবাদি৭৪) হৈ কবাদি ।।

(বিঃদ্ৰঃ- নাম কেইতা সংগ্ৰহ কৰোঁতে বিভিন্ন মাধ্যমৰ সহায় লোৱা হৈছে)


                        *************

বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

১) ঘঁ‌ৰিয়ালে নিজৰ জিভাখন কেতিয়াও মুখৰ পৰা বাহিৰলৈ উলিয়াই আনিব নোৱাৰে।

২) দৈহিক গঠন অনুসৰি গাঁ‌হৰিয়ে কেতিয়াও আকাশলৈ চাব নোৱাৰে।

৩) বৰ জোৰকৈ উশাহ ল'লে মানৱ শৰীৰৰ কামিহাড় ফাটি যাবও পাৰে।

৪) চিগাৰেট জ্বলোৱা লাইটাৰ দিয়াচলাই বাকচৰ আগতেই আৱিষ্কাৰ কৰা হৈছিল।

৫) জোছেফ নাইচে ১৮২৭ চনত পোনপ্ৰথমবাৰৰ বাবে ফটোগ্ৰাফিক প্ৰতিবিম্ব গঠন কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত ১৮৯৪ চনত টমাছ আলভা এডিছন আৰু ডব্লিউ কে এল ডিকছনে চলচ্চিত্ৰ কেমেৰা উদ্ভাৱন কৰে। কিন্তু পৰ্দাত প্ৰতিবিম্বৰ গঠন কৰিছিল এগৰাকী জাৰ্মান ধৰ্মযাজকে। গীৰ্জাঘৰত কাম কৰা আথানাচিয়াছ কাৰ্চাৰে ১৬৪৬ চনত এডাল মম বাতি আৰু এটা অইল লেম্পেৰে নিজৰ হাতদুখৰ প্ৰতিচ্ছবি এখন পৰ্দাত গঠন কৰিছিল।


৬) বিশ্বখ্যাত চলচ্চিত্ৰ ফ্ৰাঞ্চিছ ফৰ্ড ক'পলাৰ "দ্য গডফাডাৰ"ত কৰা অভিনয়ৰ বাবে ১৯৭৩ চনত অভিনেতা মাৰ্লন ব্ৰেণ্ডই লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ অঁ‌স্কাৰ বঁ‌টা। কিন্তু তেওঁ এই বঁ‌টা গ্ৰহণ কৰা নাছিল। একেদৰে ১৯৭০ চনত অভিনেতা জৰ্জ চি স্কটেও "পেটন" ছবিৰ বাবে লাভ কৰা উক্ত শিতানৰ অঁ‌স্কাৰ বঁ‌টা গ্ৰহণ কৰা নাছিল। ইয়াৰ পূৰ্বে ১৯৩৫ চনত চিত্ৰনাট্যকাৰ ডাদলী নিকলছে গ্ৰহণ কৰা নাছিল অঁ‌স্কাৰ বঁ‌টা। সেই সময়ত হলিউদত ৰাইটাৰ্ছ গীলড আৰু চলচ্চিত্ৰ পৰিচালকৰ মাজত চলি থকা সংঘাতৰ বাবে তেওঁ‌ এই বঁ‌টা গ্ৰহণ কৰা নাছিল।

বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ - ২০১৭


১) ভাৰতত প্ৰায় ১৬০০ ৰো অধিক আঞ্চলিক ভাষাৰ প্ৰচলন আছে আৰু ১৮ টা ভাষাক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হৈছে।

২) ইংৰাজী ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে।

৩) ভাৰতৰ মুঠ জনসংখ্যাৰ ১০% মানুহে ইংৰাজী ভাষা ক'ব আৰু লিখিব পাৰে। এই পৰিমাণ প্ৰায় ১২৫ নিযুত।

৪) ভাৰতত পৃথিৱীৰ ভিতৰতে বৃহৎ পৰিয়াল আছে। ৩৯ গৰাকী পত্নী, ৯৪ গৰাকী সন্তান, ৩৩ জন নাতি-নাতিনীৰ সৈতে এই বৃহৎ পৰিয়ালৰ মুৰব্বী গৰাকী হ'ল মিজোৰামৰ জিঅ'না ছানা।

৫) ৭০০ খ্ৰীঃ পূঃত স্থাপিত হোৱা তক্ষশীলা বিশ্ববিদ্যালয়ক পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় বুলি স্বীকৃতি দিয়া হয়।

*********



বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭


১) বহুধৰণৰ কৃষ্ণ গহ্বৰ (Black-Hole)  একেলগে খুন্দা খায় থাকিব পাৰে। বিশেষকৈ হাটীপটি তাৰকাৰাজ্যৰ নিচিনা কাঁ‌হী আকৃতিৰ তাৰকাৰাজ্যত ইয়াৰ সম্ভাৱনা বেছি।
২) মংগোলীয়াত এক নতুন প্ৰজাতিৰ উৰন্ত মাংসভোজী প্ৰাণীৰ জীৱাশ্মৰ সন্ধান পোৱা গৈছে।
৪) ছৌদি আৰৱত এটা ৰবটক শেহতীয়াকৈ নাগৰিকত্ব প্ৰদান কৰা হৈছে
৩) বিৰাট কোহলীয়ে পৃথিৱীৰ প্ৰথমগৰাকী দ্ৰুততম ক্ৰিকেটাৰ হিচাপে এদিনীয়া ক্ৰিকেটত ৯০০০ ৰাণ সম্পূৰ্ণ কৰে।
৫) প্ৰখ্যাত ফোননিৰ্মাতা কোম্পানী এলজি য়ে বজাৰত মুকলি কৰিব এটা নতুন ফোন LGK7iউল্লেখযোগ্য যে এই ফোনটোৱে ম'হৰ উপদ্ৰৱৰ পৰা ইয়াৰ ব্যৱহাৰকাৰীক ৰক্ষা কৰিব।



বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭
১. এটা শামুকে তিনি বছৰ শুৱ পাৰে ।
২. সকলো মেৰু ভালুকে বাওঁহতীয়া ।
৩. হাতীয়ে হৈছে একমাত্ৰ জীৱ, যিয়ে জপিয়াৱ নোৱাৰে ।
৪. কোকা-কোলা প্ৰকৃততে সেউজীয়া, সজীৱ কোকোৱা পাতৰ বাবে ।

৫. মৌ একমাত্ৰ খাদ্য, যি কেতিয়াও নষ্ট নহয় । 
-----------------------

বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭

| শামুকৰ ১৪০০০ টা দাঁত আছে লগতে ইহঁতে মানুহক হত্যা কৰিবও পাৰে।

| Washington, USA ৰ একমাত্ৰ ৰাজ্য যাৰ নাম এগৰাকী ৰাষ্ট্ৰপতিৰ পিছত নামাকৰণ কৰা হৈছিল।

| ১৯৬৯ চনত জৰ্জছ্ পেৰেকে এখন উপন্যাস সম্পূৰ্ণ কৰে 'e' আখৰটোৰ ব্যৱহাৰ নকৰাকৈয়ে।

| ২০০৪ চনত ফ্ৰেন্স লেখক মাইকেল থেলাৰে এখন ২৩৩ পৃষ্ঠাৰ উপন্যাস প্ৰকাশ কৰি উলিয়াই কোনোধৰণৰ 'ক্ৰিয়া' (verb) ৰ ব্যৱহাৰ নকৰাকৈ।

| 'Queueing' হৈছে ৮ টা বৰ্ণযুক্ত একে শাৰীতে পাঁচটা স্বৰবৰ্ণ থকা একমাত্ৰ ইংৰাজী শব্দ।