এক মিনিটৰ গল্প



বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮

ব্যৱধান

-শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত। 
কলিয়াবৰ, নগাঁও।


চৌকাটোৰ উধানকেইটা ভগ্নপ্ৰায়। সত্তৰ উৰ্দ্ধৰ মানুহগৰাকীয়ে অকলশৰে আৰু কিমান কৰিব! নিজৰ নিত্ত-নৈমিত্তিক কামবোৰ কৰিবলৈকে তেওঁৰ অসুবিধা হয়। বাকীবোৰলৈ চকু দিবলৈ তেওঁৰ দেহাই নটনা হৈছেগৈ। সেইবোৰ কথা বুজিব পৰাকৈ তেওঁৰ আঠ বছৰীয়া নাতিয়েক ইমান বুজন নহয়। 
চৌকাটোৰ কাষত এটা পুৰণি তেলৰ টিং। টিঙটোৰ ওপৰফালটো কাটি লৈ দুফালে দুটুকুৰা সৰু কাঠ লগাই থোৱা আছে। কোৰোকা এটাৰ এফালত সৰু, মিহি বাৰি এডাল ইফালৰ পৰা সিফাললৈ সুমুৱাই ৰখা হৈছে যাতে টিঙটোৰ পৰা পানী উলিয়াবলৈ সুবিধা হয়। ধোঁৱা লাগি লাগি টিঙটোৰ বেৰবোৰ আৰু কোৰোকাটো ছাঁইৰঙী হৈ পৰিছে। 

নাতিয়েকে আয়েকৰ লগত সকলো বস্তু মন দি চাই গ'ল। গাঁৱৰ ঘৰলৈ প্ৰায় চাৰি বছৰৰ মূৰত আহি এইবোৰ বস্তু দেখি তাৰ বৰ ভাল লাগিল। আয়েকক চোতালতে এৰি দৌৰি গৈ দেউতাকক ক'লে, "পাপা, এইবাৰৰ exhibiton ত মই আইতাৰ ঘৰৰ পাছফালৰ বস্তুখিনি দেখুৱাম।" দেউতাকে নিৰুত্তৰ হৈ ৰৈ থাকিল। কিজানি লাজ পালে! 

************


বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭




সুখ


-     অৰূপ ৰাজ কলিতা, ভৱানীপুৰ

ধাত্ৰীগৰাকীৰ মুখেৰে তাই শুনিলে তাইৰ এটা ল'ৰা সন্তান জন্ম হৈছে। দুখৰ সকলো এন্ধাৰ কাটি কৰি সুখৰ এজাক বতাহ আহি তাইৰ বুকুতে ৰ'ল চিকিৎসালয়ৰ বিচনাখনত চিত হৈ পৰি থকাৰ পৰা সামান্য মূৰটো দাঙি কান্দি থকা ল'ৰা সন্তানটোৰ মুখখন মানিকীয়ে চাব  বিছাৰিছিল,  কিন্তু নোৱাৰিলে।  দেহৰ সমস্ত গাঁঠিবোৰ জঠৰ হৈ পৰিছে, শ্বাস-প্ৰশ্বাস বোৰ ঘন হৈছে৷  চকুৰে ক্ৰমশঃ  ধোঁৱা-কোৱা দেখিছে আৰু  কিবা এটা বুজি পোৱাৰ আগতেই স্তব্ধ হৈ পৰিছিল তাইৰ শৰীৰটো।                               নিথৰ হৈ পৰি থকা মানিকীৰ  দুচকুত তেতিয়াও তিৰবিৰায় আছিল সুখৰ এছাটি ৰূপোৱালী কিৰণ ৷ তিনিটাকৈ কন্যা সন্তান জন্ম দিয়াৰ পিছতো এটা ল'ৰা সন্তান জন্ম দিব নোৱাৰাটো আছিল তাইৰ বাবে যেন পৃথিৱীৰ আটাইতকৈ ডাঙৰ অপৰাধ।
: মানিকীয়ে ল'ৰা সন্তান এটা জন্ম দিওঁ বুলিয়ে জানো জন্ম দিব পাৰে! এয়া সকলো নেদেখাজনৰ দান৷ কিন্তু এই কথাবোৰ গিৰিহঁতে নুবুজে।  ল'ৰা সন্তান এটা জন্ম দিব নোৱাৰাৰ অপৰাধত কিমান যে মানসিক নিৰ্যাতন চলে তাইৰ ওপৰত!      চকুলোৰে বাট নেদেখা পৰত তাই নেদেখা জনক খাটে, উপৱাসে থাকে৷ ভগৱানৰ ওচৰত এটাই মাথো প্ৰাৰ্থনা,  তাইৰ কোষত যেন এটা ল'ৰা সন্তান দিয়ে। দুখ, যন্ত্ৰণা, অপবাদ সকলোকে এফলীয়া কৰি আকৌ তাই মাক হ'বলৈ ওলাল। এইবাৰ ভগৱানে শুনিলে তাইৰ আকুল প্ৰাৰ্থনা৷ তাইৰ গৰ্ভত জন্ম হ'ল এটা ল'ৰা সন্তানৰ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস! সেই সুখ বুকুত সাবটি তাই জীয়াই থাকিবলৈ নাপালে। ল'ৰা সন্তানৰ পিতৃ হোৱাৰ সমস্ত সুখ মানুহ জনক সঁপি দি সন্তানটো জন্মাৰ কিছুসময় পিছতে তাই মেলানি মাগিলে এই পৃথিৱীৰ পৰা। অথচ জীৱনৰ শেষ ক্ষণটোতো  জিলিকি আছিল তাইৰ দুচকুত, ল'ৰা সন্তান  এটা জন্মদিয়াৰ অদম্য সুখ।           
--------------------------
বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

ভাগ্য
: হৃদয় মৃণাল,
      বইটামাৰী, বঙাইগাওঁ।
               ফোনঃ ৯৭০৬৬৯৪৮৯২
     গাঁৱলীয় ৰাস্তা। তেনেই ঠেক। বাৰিষাত বোকা পানীৰ মনোমহা নাচোন। গৰু-ছাগলীৰ খোজত আকৌ কৃষকৰ খেতি পথাৰ সদৃশ।
    শাৰদীয় দেৱী আহি পাবৰে হ'ল। মানে দূৰ্গা পূজালৈ কেইদিন মানহে আছে। এতিয়াও আমাৰ গাঁৱৰ ঠায়ে ঠায়ে বাৰিষাৰ বোকা-পানী শুকুৱা নাই।
    কেৰ্ কেৰ্ শব্দ হোৱা বুঢ়া চাইকেল খনি লৈ ওলালোঁ। ফাৰ্মাচিলৈ। মাৰ অতিমাত্রা জ্বৰ উঠিছে। লগতে মুৰৰো বিহ। যন্ৰণাত ছটফটাই আছে। চিকিৎসালয়লৈ নিবও নোৱাৰি; অৱস্থা তেনেই ফুটা জেপ। সেয়ে ফাৰ্মাচিষ্টক সুধিয়ে কিবা এটা ঔষধ আনো বুলি ওলালোঁ।
      ইতিমধ্যে হাজিৰা মুজুৰি কৰি গোটোৱা টকাকেইটেৰে পূজাৰ পোছাক এযোৰ লৈছোঁ। তাকে হেঁপাহেৰে পিন্ধি দুই এজনক দেখুৱাও বুলি বোকা পানীৰ ওপৰেৰে পেডেলৰ স'তে যুঁজ কৰি গৈ থাকিলোঁ। পূজা চাম বুলি সাঁচি থোৱা টকা কেইটাকে লৈ ওলাইছোঁ। মাকৰ বেমাৰ কৃপনালী কৰিবও নোৱাৰি।
         কিছু সময় যোৱা পিছত শিল গুটি পাৰি দিয়া অলপ ভাল ৰাস্তাটো পালোঁ। শৰীৰটোয়ে অলপ সকাহ অনুভৱ কৰিলে। এতিয়া সামান্য হ'লেও আগতকৈ সোনকালে যাব পাৰিম।
      মুখেৰে গানৰ কলি এটা গুণ গুণাই গৈ থাকিলোঁ। এনেতে আকস্মাত ৰাস্তাটোৰ কেঁকুৰি এটা পাৰ হৈ ভিজা মেকুৰী হৈ পৰিলোঁ। কিয়নো সম্পূৰ্ণ ৰাস্তাটোক এখনি বিলাসী চাৰিচকীয়া সৰু গাড়ীয়ে দখল দি আছে। গাড়ীখনিৰ খিৰিকিবোৰ পৰিপূৰ্ণ বন্ধ। চালকজনে চিটটো হেলনীয়া কৰি মোবাইলত অতি ব্যস্ত হৈ থকা যেন লাগিল। ভিতৰত আন কোনোবা আছে নে নাই ধৰিব নোৱাৰিলোঁ। 
       হেঁপাহ পলুৱাই চাইকেল খনৰ টিলিঙা বজালোঁ। ভদ্ৰ ভাৱে কোমল মাতেৰে গাড়ীখন অলপ আঁতৰাবলৈ কলোঁ। কিন্তু মানুহ জনে টিলিঙাৰ শব্দ আৰু মোৰ কথাষাৰ শুনিলে নে নাই বুজি নাপালোঁ। গাড়ীখনৰ ঠাই অলপো সলনি নকৰিলে। তথাপিতো কিয় জানো মনটিয়ে বিন্দুমানো খং নকৰিলে। হয়তো এয়া ভাগ্যৰে লিখন।
        ৰাস্তাটোৰ দুয়োকাষে দুটা দীঘলীয়া নলা আছে। হয়তো ঠিক নগৰ-চহৰৰ ফুটপাথৰ দৰে। কেৱল ওপৰতহে ঢালাই মাৰি দিয়া নাই। পানী এক আঁঠু মান আছে। ইপিনে মাৰ কথা মনত পৰি বুকুখন জ্বলি উঠিল।
         গাড়ীখন জানো কেতিয়া যায় তাকে ৰৈ থকিলে নহ'ব। কোনোমতে গাড়ীখনৰ কাষেৰেও যাব নোৱাৰি সামান্যও ঠাই নাই। কিন্তু যাবতো লাগিবই।
        অৱশেষত চাইকেল খন কান্ধত উঠাই নলা এটাৰে নামি গৈ ঠাইখিনি পাৰ হ'বলৈ খিৰাং কৰিলোঁ।
        সৌভাগ্যক্ৰমে নলাটোত প্ৰথমতে সোঁ ভৰি খন খোজ দিওঁতেই হামখুৰি খাই পৰি গ'লোঁ। লাজে-সংকোচে মুৰটো ডাঙি চোলো কোনোবাই দেখিলে নেকি বুলি। এনেতে ঠিক সেই সময়তে গাড়ীখন সাউত কৰে সেই ঠাই এৰি গুচি গ'ল। আৰু মোৰ মুখ খন লেতেৰা পানীৰে ক'লা পৰি ৰ'ল।

(বিঃদ্ৰঃ-- গল্পটো দুখীয়া ল'ৰা এজনৰ জীৱনৰ চমু যাতনাৰ অনুভৱ।)