বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম
সংখ্যা, মাৰ্চ- ২০১৮
"প্ৰেমে নামানে বয়সৰ
সীমা"
-
ভাস্বতী দেৱী
মৰমৰ,
আকাশীতৰা,
মৰম ল'বা। সুদূৰ আকাশ পৰিপূৰ্ণ মৰম তোমালৈ বুলি ।
আজিও আমনি কৰে ও
মোক তোমাৰ মৰমে।১৬ বছৰীয়া ডেকাটো যেন হৈ উঠে মন।কিন্তু দেহটো যে আজি ৬০
বছৰীয়া।আজিও সপোনত তোমাৰ আমনি, দিঠকত আকৌ
বাৰ্ধক্যৰ আমনি।সেয়ে তোমাক আকৌ এবাৰ মনত পেলাইছোঁ।আশা কৰোঁ তুমি ভালেই আছা।তাহানিৰ
সেই কাজল সনা দুচকুত আজি বাৰু তুমি হাই পাৱাৰ থকা চচমা পিন্ধা নেকি? ৰঙা, গোলপীয়া লিপষ্টিক সনা তোমাৰ দুই ওঁঠত আজি বাৰু তামোলৰ পিকে
পৰিপূৰ্ণ হৈ থাকে নেকি? কলা ঢৌ খেলা চুলি
কোছাই আজি বাৰু বৰণ সলাইছে নেকি আকাশীতৰা? সেই যে শেষ বাৰৰ
বাবে তোমাক দেখিছিলো, বগা পাটৰ কাপোৰ
যোৰত, ওৰণিৰ তলত পূৰ্ণিমাৰ জোনটো যেন মুখখন, কপালত ৰঙা ফোঁটটো, ঘনাই চকু গৈছিল তোমাৰ শীৰৰ সেন্দুৰ
খিনিৰ ফালে। মই আজিও অকলশৰীয়া ও আকাশীতৰা। তোমাৰ চলনাময়ী চকূহালে আজিও মোৰ টোপনি
হৰে ও।তোমাতেই মোৰ পৃথিৱীৰ আৰম্ভণি, তোমাতেই শেষ
আকাশীতৰা। কুশলে থাকিবা।
ইতি
------------------
তোমাৰ আজন্ম প্ৰেমিক।
দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮
-জ্যোতিলেখা ডেকা
মৰমৰ ..........
কিদৰে আৰম্ভ কৰোঁ কচোন শেষেই হ'বৰ হ'লচোন সৌ সিদিনা পলাশ মদাৰৰ ৰঙচুৱা বাটেৰে তোৰ
কোলা শুৱনি কৰিছিলোহে বুকুৰ উম গাখীৰৰ সোৱাদ এতিয়াও জিভাত লাগি আছে ... পিনুম
পিনুম কৰি লৰি ঢাপৰি ফুৰা কণমানি জনী সেইখন চোতালেৰেই যে পঠিয়াবৰ হ'ল তোৰ বাৰু কেনেকুৱা লাগিছে দুখ নে সুখত কান্দ নে হাঁহ ??? বুকুখন বিষাই নে এৰা ছোৱালী দুদিনৰ আলহী আনৰহে ধন তইতো এইটো কথা প্ৰায়েই
কৈছিলি আৰুনো কিমান দিন কিছুদিন পাচতে উকা হৈ পৰিব চাদৰ চাৰিওকোণ চাদৰ ওপৰৰ
আকাশখনে অভিমান কৰিব মই নাচাও নামাতো জোনটোক অকলশৰীয়া কৰি মই যে গুচি যাম পূৱৰ পৰা
পশ্চিমলৈ চাদখন একেবাৰে খালী হৈ পৰিব ন মা বতাহে নুশুনিব তোৰ মোৰ ব্যক্তিগত
বাৰ্তালাপ গুনগুনাই নুঠিব গানৰ শব্দবোৰ মই উভতি নাযাম কাহানিও অতীত সুৱঁৰি বাস্তৱৰ
পৰা গানৰ দেশলৈ কিন্তু হৃদয়ত বাজি ৰ'ব সদায়লৈ তই গোৱা গান
"
ইলচা মাছৰ বৰ বৰ মাথা হয়ৰে ইলছা ৰে " নতুবা " জিলমিল জোন
জ্বলে কপালত তিৰবিৰ তৰা জ্বলে নয়নত "
তই বাৰু চাদৰ ওপৰত আকৌ বহিবিনে কেতিয়াবা সুৱঁৰি
সুৱঁৰি উচুপি উঠিবি মই জানো নহয় গধূলি সময়ত তোৰ মোৰ চাহমেলখন মই কেনেকৈ থাকিম অ' মোলৈ থৈ দিয়া ৰাতিৰ তৰকাৰীখনৰ সোৱাদ
বিচাৰি আহিবলৈ আহৰি পাম জানো আৰু দেওবাৰৰ পুৱাৰ সানমিহলি পাচলিৰ তৰকাৰীখন আহ! মোলৈ
থৈ দিবি কিজানি আহি যাওঁ কি ঠিক নে কি?
তোৰো বাৰু মোৰ দৰেই হৈছে নে মোৰ
দৰে তইও মই নথকা সময়ত ভাবি থাক ইটো সিটো কিন্তু সন্মুখত কওঁ বুলিলেই চকুহালিৰে বৈ
আহে সমস্ত আৱেগ মা অ' তই বাৰু সেইকাৰণেই মাজৰাতি মোৰ চুলিত
হাত ফুৰাই ফুৰাই মোলৈ চাই ৰৱ নেকি ? তই আঙুলি বুলোৱা মোৰ এই
চুলিকোচা তিনিমাহৰ পাচতেই খোপা হৈ শুৱাব ন ঘৰত নতুন
ৰাতিপুৱা তোৰ বাৰু কেনেকুৱা লাগিব তোৰ দৰেই মই সেন্দুৰ ল'লে
ৰঙা ফোটেৰে ওৰণি টানিলে
তই দেখোন বাৰে বাৰে কৈছিলি ফ্ৰক পিন্ধিলেই তই
মোক ভাল দেখ দেউতাইও গাইছিল
" অ' ধুন
ধুনীয়া মোৰ আইটিজনী তোমাৰ ডিঙিৰ বুটাম খোলা সদায় খোলা থক
"
তেন্তে মোক সজাই পৰাই আজি কেলৈ কান্দিছ কেলৈ কৈছ
" আই তই পুৱাতে উঠিবি মেখেলা পিন্ধিবি চাদৰেৰে ঢাকিবি লাজ চুলি নেমেলি খোপা
বান্ধিবি তেহে বুলিব বোৱাৰী ভাল "
সময়ৰ গতি ইমান খৰ বুকুত মোৰ নজহা দুখ তোক এৰি থৈ
যোৱাৰ তোক নিতৌ নেদেখাৰ ধৰাৰ বুকু আন্ধাৰঘন হওঁতে সন্ধ্যা নামোতে প্ৰতিদিনে তোলৈ
মনত পৰিব অ' মা উচুপি উচুপি হৃদয়ে গাব
" সন্ধ্যা যেতিয়া নামে
জিলমিলাই কাঁচিজোনে আইলৈ মনত পৰে "
মৰমৰ চুমাৰে
মাইনা
*********************
বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭
চিত্ৰৰসিক ভাৱনাৰে এখনি প্ৰেমপত্ৰ
-তুতুল মানৱ
'সত্যম শিৱম সুন্দৰম'
'প্ৰিয়া অ'
প্ৰিয়া',
জানানে কিয় বাৰু 'মনে বিচাৰে তোমাকে' বুজানে 'ইমান
মৰম কিয় লাগে'? মই যে 'গৰম বতাহ'
খাই শত 'জখম' সহি,
শত 'দাগ' লৈ নীৰৱে দহি
সুঁৱৰি আছো অতীৰ। 'প্ৰেমভৰা
চকুলো' বোৱাই 'গুণগুণ গানে গানে'
ৰচি আছো মিঠা 'প্ৰেমগীত'। বৰ
ভাল আছিল 'পানেই-জংকী'ৰ দৰে আমাৰ নামবোৰো খোদিত হোৱা হ'লে ইতিহাসৰ পাতত।
তেতিয়া মই 'নায়ক' হ'ম আৰু হ'বা 'তুমিয়ে মোৰ
কল্পনাৰ', 'কইনা মোৰ ধুনীয়া' তথা সুখী 'পত্নী' আপোন ভাবত।
'জীৱন নদীৰ দুটি পাৰ'ত আমি আছো এতিয়া ৰৈ। 'মনৰ মাজত এটিয়ে আশা : 'সেউজী ধৰণী ধুনীয়া' হ'ব। মোৰ 'জোনাকী মন' তোমাকে 'অৰ্পণ'
কৰি সুধিছো পুনৰ 'মৰম হ'বানে
লগৰী'? আহিবানে 'প্ৰেম আৰু প্ৰেম'
লৈ 'ইপাৰ সিপাৰ' সামৰি থ'ব?
পিছে এটা কথা। 'ককাদেউতাৰ ঘৰজোঁৱাই' হোৱাৰ ইচ্ছা সমূলি নাই,
'কন্যাদান কৰিবলৈ ক'বা। লাগিলে ময়ে ক'ম দিয়া! নিজৰ ঘৰ 'ত্যাগ' কৰি 'অন্য এক যাত্ৰা'ৰ বাবে সাজু থাকিবা। 'এটি কলি দুটি পাত' নাচিছে নাচক আশাৰ বাগিছাত। 'কণিকাৰ ৰামধেনু' উজলি জ্বলক সুখৰ নীলিমাত। সেই আশা
আৰু সুখৰ পৰা যাচিলোঁ তোমালৈ 'এই মৰম তোমাৰ বাবে'। 'শেষ উপহাৰ' স্বৰূপে লোৱা!
'আই লাভ ইউ'
ইতি
তোমাৰ 'কুশল'
****************
ভুল নুবুজিবা আকাশীলতা…..
- অভিজিৎ
ভূঞা, সোণাৰি
আকাশী লতা,
আকাশৰ পৰিধিভাঙি
পঠিওৱা মৰম লবা ৷ ইমান দিনে কম কম বুলি মনত ভাবি থকা কথাটো কবলৈকে চিঠিখন লিখিলো ৷
মই জানো কথাটো কোৱাৰ পাছত তোমাৰ পৰা কি উত্তৰ পাম ৷ তুমি কবা ‘’মোৰ হিয়াৰ দুৱাৰখন বন্ধ আছে ,এতিয়া কোনোৱে প্ৰৱেশ
কৰিব নোৱাৰে”৷ ময়ো সোমাব নিবিচাৰো , তোমাৰ
হিয়াৰ পদুলিত ভৰি দিবলৈও নিদিবা মোক ৷ মাথোঁ মনত পুহি ৰখা কথাটো এইবাবেই কবলৈ
বিচাৰিছো আজি, নকলে হয়তো আজীৱন দোষী দোষী লাগি থাকিব মনটো৷
কিন্তু কথাটো কবলৈ লওঁতেই মনটোত এক অনুভুতিয়ে ভূমুকি মাৰিছেহি ৷ কি নাম এই
অনুভুতিৰ ? লাজ নে ভয় ? কাৰণ তুমি হৈছা
বিলাসীতাৰ মাজত জীৱন অতিবাহিত কৰা সম্ভ্ৰান্তৰ দুহিতা ৷ আনহাতে মই হৈছোঁ
অট্টালিকাৰ ছাঁত হাজাৰটকীয়া ভাৰা ঘৰত আশ্ৰয় লোৱা এজন অসহায় যুৱক ৷ মাহেকৰ মুৰত
তোমাৰ দেউতাৰ দৰে কাৰোবাৰ চৰ, ভুকু, গালিৰ
বিনিময়ত যিকেইটকা দৰমহা পাওঁ তাৰ মূল্য তোমাৰ এটা কচমেটিকৰ সমান ৷ তোমাৰ ভৰিৰ
চেণ্ডেলযোৰৰ মূল্যৰে মই তিনিযোৰ চার্ট,পেণ্ট কিনিব পাৰিম ৷
ৰাতিপুৱা যেতিয়া তোমালোকে ব্ৰেড, বাটাৰ, কল, আপেল, সিজোৱা কণী খাই থাকা
তেতিয়া মই কি খাওঁ জানানে ? ৰাতিয়েই চৰুটোত তিয়াই ৰখা
দুটামান ভাত আৰু কাষত এচিকুট নিমখ ৷ সেয়াই মোৰ জীৱন ৷ দিনটোৰ পৰিশ্ৰম, তথাকথিত ভদ্ৰজনৰ গালি-শপনি , অনবৰতে দেহৰ
তেজ শুহি থকা শোষণকাৰীসকলৰ অত্যাচাৰত মই অৱশ হৈ পৰিছোঁ ৷ “মৰম”
নামৰ শব্দটো যেন মোৰ অভিধানৰপৰা ক্ৰমশঃ হেৰাই
গৈছে ৷ সেয়ে কম বুলি ভাবি থকা কথাটো কবলৈও সাহস নহ’ল আজিলৈকে ৷
তথাপিও আজি কবলৈ মৰ সাহ কৰিছোঁ, ভুল নুবুজিবা আকাশীলতা,
তোমাৰ ৰূপত ভোল গৈ হয়টো বহু ৰাজকুমাৰে তোমাক যি কথা কলে সেই কথা মই
তোমাৰ গুণত ভোল গৈ কব বিচাৰো………. মই তোমাক ভাল পাওঁ ৷ গোটেই
জীৱন তোমাৰ স্মৃতিকেই মোৰ মনৰ নিভৃত কোণত সাঁচি ৰাখিব বিচাৰোঁ ৷ মই আকৌ কৈছো,
তোমাৰ প্ৰেম পাবলৈ তোমাক এই প্ৰস্তাৱ দিয়া নাই, গোটেই জীৱন মনৰ কথা খুলি কব নোৱাৰা ‘কাপুৰুষ’
বুলি অন্তদণ্ডত ভোগাৰ ভয়তহে কৈছো ৷ তুমি মোৰ প্ৰস্তাৱ গ্ৰহণ নকৰা
বুলি জানিও পুনৰ কব বিচাৰো “ মই তোমাক ভাল পাওঁ” ৷ ভুল নুবুজিবা আকাশীলতা মনৰ অশান্তি দুৰ কৰিবলৈকে লিখিলো কথাখিনি ৷ এই
চিঠিখন পঢ়ি তুমি মোক খং কৰিলেও যে ঘীণ নকৰা সেই কথা মই ভালদৰেই
জানো,
ঘীণ কৰিলেও সেয়া মই তোমাৰ মৰম বুলি গ্ৰহণ কৰিবলৈ সাজু ৷ তুমি সুখী
হোৱা তাৰে কামনাৰে ……
মৰম আকলুৱা
তোমাৰ জোনাক