চুটিগল্প

     বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭

ৰেবতী মোহন আহমেদ আৰু চিৰাজউদ্দিন বৰদলৈৰ স'তে 

এটা দুপৰীয়া

-  পৰশমণি কাশ্যপ

     চাৰিওফালে পথাৰ আৰু পানী। চকু যিমান দুৰলৈ যায় মাথো সেউজীয়া। অলপ দুৰতে পাহাৰখন। অলপ দুৰত পাহাৰৰ পৰা জুৰি এটা বৈ আহিছে। কেঁচা আলিবাটটোৰে ভালেখিনি যোৱাৰ পিছতে সৰু অফিচটো। পিছফালে এটা প্ৰকাণ্ড পুখুৰী। হয়তো ঘৰটো বনাওতে ভেটি বান্ধিবলৈ পুখুৰীতো খান্দিছিল। পাৰতে কেইজোপামান প্ৰকাণ্ড আঁহত আৰু কদম। বিশাল পথাৰৰ মাজত সৰু ঘৰটো দুৰৰ পৰা নিৰ্জন দ্বীপ এটা যেনহে লাগে। হাইৱেৰ পৰা ওচৰতে গাঁও দুখন আছিল। ইচ্ছা কৰা হলে তাতো অফিচটো পাতিব পাৰিলেহেতেন। কিন্তু বাৰখন গাঁওৰ মাজত পাতিব গৈ চাৰিমাইল ভিতৰৰ পথাৰৰ মাজত পাতিছে। 

খং উঠি আহে মোৰ। চাগে কোনোবা জনমৰ পাপৰ ফলতহে এনেকুৱা ঠাইলৈ ট্ৰাঞ্চপাৰ হোৱা যায়। হওতে মোৰ ওপৰত কোনো কেলেংকাৰীৰ গোচৰো নাছিল আৰু কোনো উপৰৱালা বিষয়াৰে মতানৈক্যও হোৱা নাছিল। হঠাতে অৰ্দাৰটো পায় দৌৰিবলগা হল। মহানগৰীৰ পৰা বহুত দুৰৰ অসম মেঘালয় সীমান্তবৰ্তী এই গাঁওখন সকলো চৰকাৰী কৰ্মচাৰীৰ বাবেই নৰক সদৃশ হব। অবশ্যে প্ৰাকৃতিক পৰিবেশ বৰ সুন্দৰ। চাৰিওফালে মনোমোহা পৰিবেশ। দুৰ দুৰলৈ সেউজীয়া মাথো সেউজীয়া। মানুহবোৰো সহজ-সৰল। পিকনিক খাবলৈ এনেবোৰ ঠাইতে মন যাব। হয়তো এদিনৰ বাবে ফুৰিবলৈ অাহিবলৈ সুন্দৰ এডভেঞ্চাৰ। কিন্তু নিগাজীকৈ থাকিবলগা হলহে যন্ত্ৰনা।স্বাভাবিকতে এই ঘোকোট ঠাইত মন নবহে।

নতুন চৰকাৰখন আহিয়ে ওলট-পালট লগাই দিলে। অবশ্যে কিছুদিন আগলৈকে ময়ো ভাল পাইছিলো নতুন ব্যবস্হাটো। বছৰৰ পিছত বছৰ একেখন ঠাইতে ৰৈ মানুহবোৰ সৰহভাগেই অকৰ্মণ্য হৈ পৰিছিল। কিন্তু চাৰিশ কিলোমিটাৰ দুৰৰ ঘোকোট গাঁওখনলৈ বদলি হওতেহে মোৰ হাঁহাকাৰ লাগিল। হয়তে ময়ো গাঁওৰে লৰা। কিন্তু অতদিনে নগৰত থাকি অভ্যস্ত হৈ হঠাতে গাঁওৰ পৰিবেশটো অখজা লাগিল। বিশেষ বৰষুণতে এআঠু বোকা হৈ নিতৌ অফিচলৈ লংপেন্ট কোচাই যোৱা কামটোহে বিৰক্তিকৰ লাগিল। কিন্তু উপায় নাই¸ ভাত মুঠিৰ বাবে যতেই পঠাই যাবলৈ বাধ্য।

গ্ৰামোন্নয়ন বিভাগটোৰ কৰ্মচাৰী হোৱা হেতুকে এই ব্লক অফিচত জইন কৰিলো। অনিশ্চাসত্তেও দুমাইল আতঁৰত বাছষ্টেণ্ডৰ অলপ ওচৰতে ঘৰ এটা ভাৰালৈ লব লগা হল। ভাড়া অবশ্যেই বহুত কম। উপায় নাই¸ বাছষ্টেণ্ডৰ পৰা অফিচলৈ তিনি মাইলমান সোমাব লাগে। বোধহয় এজিপি চৰকাৰ প্ৰথম আহোতেই ৰাষ্টাত কেইটামান শিলগুটি পেলাইছিল। এতিয়া বৰষুণ দিলেই এআঠু বোকা হয়। ঠায়ে ঠায়ে গাত। আনদিনত গালত পাউদাৰ সনাৰ প্ৰয়োজন নাই। প্ৰাকৃতিক ধুলিয়ে গা বগা কৰি দিয়ে। সেই পথছোৱাত মটৰ নচলে। দুই এখন ৰিক্সা চলে যদিও¸ বৰষুণ দিলেই আহিব নোখোজে। অবশ্যে অফিচটো বেছ পৰিস্কাৰ। ভেটি যথেষ্ট ওখ বাবে হাজাৰ বৰষুণ হলেও অসুবিধা নাই। গৰমত কাৰেন্ট নাথাকিলেও সমষ্যা নহয়। অনবৰতে ফেৰফেৰীয়া বতাহজাক বৈয়ে থাকে। কিন্তু আহুকালৰ সৃষ্টি হয় তেতিয়াহে¸ যেতিয়া ৰাষ্টাত এআঠু বোকা হয়। চাইকেল ঠেলি ঠেলি নিওতে চেণ্ড্লৰ ফিটা চিগি যায়। ময়ো ছশ টকাত চেকেণ্ডহেণ্ড চাইকেল এখন কিনি লৈছিলো ৰুমৰ পৰা অফিচলৈ আহিবলৈ। নিতৌ আহিবলৈ বাটৰুৱা চাইকেল আৰোহী সময়মতে পোৱা নাযায়। এশ ওঠৰটা বেমাৰী চাইকেলখন চলি আছিল। বেল নাবাজিলেও বাকী অংশবোৰ বাজে। তাতে আকৌ পকা চপৰাৰ ওপৰেৰে নিতৌ যাব লগা হলে নতুন চাইকেলেও আন্দোলন কৰিব। অবশ্যে মানুহবোৰ ভাল। বৃহত্তৰ মৌজাখন হিন্দু-মুছলমানৰ বসতি যদিও যোৱা তিনিমাহে মই একো অশান্তি¸ অসূয়া দেখা নাই।

অবশ্যে দিনত ঠাইখিনি ভালেই। প্ৰখৰ ৰদ দিলেও উৎকট গেলা গৰম বোলা সমষ্যাটো নাথাকে। সমষ্যা থাকে মাথো বৰষুণ বতৰতহে। সন্ধিয়া হলেই বিদ্যুৎ কৰ্তন হলেও বেছি অশান্তি নহয়¸ কিয়নো ভাড়াঘৰৰ মালিকৰ চোতালত বহি লেকচাৰ দিব পাৰি।

লাহে লাহে এডজাষ্ট হৈ গৈছিলো। ফিল্ডত খুউব কমেইহে যাবলগা হয়। হঠাতে এদিন ফাইল এটা পুটআপ কৰাৰ সময়ত চকু ৰৈ গল। হিতাধিকাৰী দুয়োজনৰ বয়স প্ৰায় একে। এজনে কল্পতৰুৰ ৫০হাজাৰ টকা পোৱাৰ বিপৰীতে আনজনে পাইছে পাৱাৰ টিলাৰ। কিন্তু নাম দুটাইহে আহুকালত পেলালে। আজিকালি নিয়ম-কানুন কঠোৰ হৈছে। পালমৰা কাম কৰিলে চাকৰী নৰবগৈ। একো বুজিব নোৱাৰি মুৰটো গৰম হৈ গল।

ৰেবতী মোহন আহমেদ আৰু  চিৰাজ উদ্দিন বৰদলৈ নামদুটাই কিবা হজম নোহোৱা। বহু পুৰণি ফাইল-বিচাৰি খুচৰি গোটেই আলমাৰীটোৱেই চাফা কৰাৰ নিচিনা হল। খঙো উঠিল¸ একাংশ পালমৰা মনোভাবৰ কৰ্মচাৰীৰ বাবেই আমাৰ দৰে দায়িত্ব বুজাখিনিয়ে হাৰাশাস্তিৰ সমুখীন হয়।


একো উৱাদিশ নাপায় বিডিঅৰ কাষ পালোগৈ। কিবা এটা হেস্ত-নেস্ত কৰিব লাগিব। কাহানিবাই পঠিওৱা ফাইল¸ এপ্ৰুভ হৈ আহিছে। কিন্তু কিবা কথাত অনিয়ম হব লগা হলে দায়িত্বত থকাকেইজনে ফচিব। তাতে আজিকালি তল খুচৰা মানুহৰ অভাব নাই।

: চাৰ¸ এই নাম দুটা চাওকচোন।
- ফাইলটো খুলি চাৰৰ আগত মেলি ধৰিলো।

: এইটো আগৰ জেইৰ ভুল কলিতা।
বুঢ়া হৈছিলতো¸ বোধহয় লিখোতে ওলট পালট কৰিলে।
- হাঁহি মাৰি কৈ উঠিল তেও।

: নহয় চাৰ¸ মই সকলো পৰীক্ষা কৰিছো। তেখেতৰ ভুল নাছিল¸ প্ৰেচিডেন্টেই এনেকৈ দিছিল নামদুটা। তেও বোধহয় বিশেষ নাভাবিলে।
- কৈ উঠিলো মই। ৰিটায়াৰ মানুহজনক সুধিবলৈ বিচাৰি যোৱাও সম্ভব নহয়। আনহাতে আগৰদৰে চকুমুদি কাম কৰিবও অসুবিধা। কিবা বেয়াদিন আহিলে তলৰ মাটি ওপৰ হব। 

: এতিয়া কি কৰিব কলিতা! পাওক দিয়ক নহলে!
- এনেয়ে এবাৰ কলে চাৰে।

: কিন্তু চাৰ¸ কথাটো ভাল নহব নেকি! এৰি দিয়াৰ আগতে ক্ৰছ চেক কৰাটো ভাল হব। 
- বৰকৈ কবলৈ ভাল নালাগিল। মোৰ খুড়াৰ বয়সীয়া মানুহজন কথাবিলাক দকৈ ভাবি নাচায়। হয়তো অনেকেই আগতে এই সৰলতাৰ সুযোগ লৈ গৈছে। নে চাৰৰো কিবা আছে! মনটো সন্দেহী হৈ উঠে। এখন ঘৰৰ দায়িত্ব মোৰ কান্ধত। চাকৰীটোৱেই একমাত্ৰ ভৰসা। যোগ্যতাৰ বলত এটকাও নিদিয়াকৈ পোৱা চাকৰীটোৰ আগত অযথা নলগা জেঙত সোমাই প্ৰশ্নবোধক লগাব নোৱাৰি। 

: আপুনি মোক জনাই ভালেই কৰিলে কলিতা। নহলে চাগে বিপদত পৰিলোহেতেন। আপুনি খবৰ এটা লওক।
-অলপ চিন্তিত হৈ কলে তেও। হয়তো পেটে-পেটে ভয় অলপ তেঁৱো খাইছে। অনিয়ম কৰক বা নকৰক জবাবদিহি আগতে তেও হব লাগিব।

ৰেবতী মোহন আহমেদৰ পিতৃৰ নাম মতিউৰ আহমেদ আকৌ চিৰাজ উদ্দিন বৰদলৈৰ পিতৃ মোহিনী বৰদলৈ। সচাকৈয়ে মুৰ গৰম হোৱা কথাই। 

প্ৰেচিডেন্ট¸ চেক্ৰেটেৰীৰ কথাবোৰ চকুমুদি সহ্য কৰিব নোৱাৰি। আগতেও অনেক ভুৱা নামৰে অনিয়ম হোৱাৰ বহু ৰেকৰ্ড আছে। চাকৰীজীবনত আজিলৈ দাগ এটাও লাগিব দিয়া নাই যেতিয়া এই খেলিমেলিটো সমাধান নকৰালৈকে টোপনি নাহিব মোৰ। 

দুদিনমান গৈছিল। বিডিঅচাৰ চুটিত আছিল। বেংলোৰত পঢ়ি থকা পুতেকৰ কাষলৈ গৈছিল। এনেতে দুপৰীয়া সোমাই আহিল লৰা দুজন। লগত দুজন বুঢ়া মানুহ।  চাইকেল চলাই অহা বাবে দুয়োজনৰে মুখ দুখনত ঘামৰ টোপাল। গাটোও অলপ তিতিছে। হয়তো দুয়ো বয়সীয়াল দুজনক দবলিং কৰি আহিছে।

: চাৰ নমস্কাৰ¸ মই ৰেবতী মোহন আহমেদ।
: মই চিৰাজ উদ্দিন বৰদলৈ।
- দুয়োজনে নমস্কাৰ জনালে। যেন নিজৰ কাণকে ভুলকৈ শুনিলো। 

: কি কলা?
- দুয়োজনে পুনৰ নামদুটা কলে। এইবাৰ আশ্বৰ্য্যত মোৰ চকু কপালত উঠিল। প্ৰেচিডেন্টে সিঁহতক কথাটো কৈছে। সেয়ে নিজেই দেখা কৰি মোক বুজাই কবলৈ আহিছে। দুয়োজনৰে ভোটাৰ আই দি কাৰ্ড আৰু ৰেচন কাৰ্ড দেখি এইবাৰ সচাকৈয়ে আচৰিত হোৱাৰ পাল মোৰ। ধুমকৈ শৰীৰটো চকীখনতে এৰি দিলো।

: চাৰ আমি সৰুৰে পৰা ভাল দোষ্ট। মোৰ পিতাও ইয়াৰ আব্বাৰ দোষ্ট আছিল। বিয়াও আমি একেটা সপ্তাহতে কৰাইছিলো। ডেকা কালতে কথা পাতিছিলো¸ জীবনত এৰাএৰি নহও।
- চিৰাজৰ দেউতাকে কৈ উঠিল।

: আৰু চাৰ সেই কাৰণেই আমি বিয়া জবান দিছিলো যে দুয়োটাই লগ হৈ থাকিম। আৰু তাৰ বাবেই মই তাৰ পিতাৰ নাম মোৰ বেটাক দিলো আৰু সি মোৰ আব্বাৰ নাম মোৰ তাৰ লৰাক দিলে।
- চিৰাজৰ দেউতাক কান্ধত হাতখন থৈ কৈ উঠিল মতিউৰ মিঞাই।

: আমি বৰ গৰীব মানুহ চাৰ। ইয়াৰ মাটি আছে। ই খেতি কৰে। সেয়ে ইয়াক পাৱাৰ টিলাৰখন দৰকাৰ আৰু মই মুৰ্গী বেপাৰ কৰো। ভাবিছো কল্পতৰু পালে ডাঙৰকৈ ফাৰ্মখন খুলিম। আমি কষ্ট কৰি খাই বৈ আছো চাৰ। ৰেহেম কৰক।
- এইবাৰ হাতযোৰ কৰি কৈ উঠিল ৰেৱতীয়ে।

মই যেন চিনেমা এখনহে চাই আছিলো চাচপেঞ্চ¸ ড্ৰামা। নিজকে চিকুটি চাব মন গল। বি টি এ ডিত¸ সমগ্ৰ অসমত চলি থকা গোস্হী সংঘৰ্ষৰ দিনত এওলোক সম্প্ৰীতিৰ নিদৰ্শন। বন্ধুত্ব অটুত ৰাখিবলৈ বন্ধুৱে সন্তানক দিলে আন ধৰ্মালম্বী বন্ধু পিতৃৰ নাম। ইয়াতকৈ সুন্দৰ কথা কি হব পাৰে!

: আচ্ছা¸ তোমালোক দুটাৰ নাম যে বেলেগ হল¸ তাকলৈ তোমালোক সুখীনে?
: খু দুৱনি মাৰিব নোৱাৰি সুধি দিলো।

: চাৰ¸ নামত কি আহে যায়! আচল পৰিচয় কাৰ্য্যতহে। প্ৰথমতে লগৰবোৰে ফিচিঙা-ফিচিঙি কৰিছিল¸ কিন্তু পিছলৈ নকৰা হল। আমি সুখী চাৰ। পিতাহতৰ মনবোৰক বুজি পাও। ধৰ্মৰ বাবেতো মানুহ নহয়¸ মানুহৰ বাবেহে ধৰ্ম।

- চিৰাজে বুকু ফিন্দাই গৌৰবেৰে কৈ উঠিল। ৰেবতীয়ে তাৰ হাতখন মুঠি মাৰি ধৰিলে। তাৰ মুখখনতো গৌৰবৰ ৰেশ।

উঠি গৈ দুয়োৰে পিঠিত থপৰিয়াই দিব মন গল। নিদিলো। ফাইল দুটা অকে কৰি পুটআপ কৰিলো। বিডিঅচাৰক কথাটো বুজাই কব পাৰিম।
                           @@@@@@@