টুকুৰা খবৰ

 

বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

এখন সাধাৰণ ঘৰৰ লৰা ৰাজপ্ৰতিম নাথ। ৰঙিয়াৰ বৰদল নামৰ গাওঁখনৰ লৰা। যিটো সময়ত তাৰ লগৰীয়া সকল ব্যস্ত খেল ধেমালি বা আন কামতসেই সময়ত এই বিশেষ শিশুটো ব্যস্ত হৈ আছে যন্ত্ৰ উদ্ভাৱন কৰাৰ কামতৰাজপ্ৰতিমৰ উদ্ভাৱনী শক্তি বৰ অসাধাৰণ ভনীয়েকলৈ বৰ মৰম তেওঁৰসেয়ে ভনীয়েকৰ দীঘল চুলি ফনিয়াবৰ বাবে ৰাজে সাজিছে এটা চুলি ফনিওৱা যন্ত্ৰমাকৰ তাঁতশালত মহুৰা বনাবলৈ সাজিছে এটা যঁতৰআকৌ পানী উঠোৱা সৰু যন্ত্ৰ এটা সাজি লৈছে নিজহাতে। নিজৰ জোতা নিজেই সাজি লৈছৈ ৰাজপ্ৰতিমে লগতে জানিবলৈ পোৱা মতে, ৰাজপ্ৰতিমে সুন্দৰ ছবিও আঁকে। স্থানীয় ৰাইজে এই অসাধাৰণ উদ্ভাৱনী শক্তিৰ অধিকাৰী শিশুটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে লগতে বেটুপাতৰ পৰিয়ালৰ ফালৰ পৰাও ৰাজৰ ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ।
বাতৰিঃ  বিশিষ্ট সাংবাদিক প্ৰকাশ ডেকাৰ প্ৰতিবেদনৰ সহযোগত পুনৰ সম্প্ৰচাৰ।
******

বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭

·    বিশিষ্ট লেখিকা তথা সমাজকৰ্মী অৰুন্ধতী ৰয়ৰ সূদীৰ্ঘ ২০ বছৰৰ অন্তত প্ৰকাশ পোৱা উপন্যাস দ্যা মিনিষ্ট্ৰী অৱ আউটমোষ্ট হেপিনেছ অন্তৰ্ভূক্ত হ'ল মেন বুকাৰ বঁটাৰ বাছনি তালিকাত। ইয়াৰ পূৰ্বে দ্যা গড অৱ স্মল থিঙছ্ ৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল বুকাৰ বঁটা। উল্লেখ্য যে, এই বঁটাত আছে মুঠ ৫০,০০০ পাউণ্ড ধন।

·      আই. চি. আই. চি. আই. (ICICI) ৰ ৱোমেনছ্ এচিভাৰ্ছ তালিকাত ভাৰতৰ সফল ৫১ গৰাকী মহিলাৰ ভিতৰত আছে অসমৰ ৪ জীয়ৰী—ক্ৰমে, অন্ধবিশ্বাসৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰা পদ্মশ্ৰী বিৰুৱালা ৰাভা, সাংবাদিক, লেখক তথা সমাজকৰ্মী যুতিকা মহন্ত, প্ৰখ্যাত ওডিচী নৃত্যশিল্পী ডাঃ লিমা দাস  আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন মডেল তৰা খাচগিৰ।

·     মি. প্ৰাফেক্টছনিষ্ট খ্যাত বলিউদৰ অন্যতম প্ৰভাৱশালী অভিনেতা আমিৰ খানে সমগ্ৰ দেশবাসী তথা তেওঁৰ শুভাকাংশীৰ লগতে অনুৰাগীসকলক আহ্বান জনালে অসম তথা গুজৰাটৰ বান পীড়িত লোকসকলক সহায় কৰিবলৈ। এই কথা তেওঁ টুইটাৰ আৰু এটি ৪৫ ছেকেণ্ডৰ বিশেষ ভিডিঅ' যোগে জানিবলৈ দিয়ে।

·      দেশৰ ১৪ তম ৰাষ্ট্ৰ প্ৰধান হিচাপে জয়ী হল—ৰাম নাথ কোৱিন্দ।


বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭






এজন বিতৰ্কিত বাবাৰ সম্পৰ্কে :
    নাম কালিদাস বাবা হঠাতে কামাখ্যা মন্দিৰত অম্বুবাচী উপলক্ষে উপস্থিত হোৱা কালিদাস বাবাক লৈ উবুৰি খাই পৰিছে সাংবাদিকৰাজনীতিবিদৰ লগতে সাধাৰণ নাগৰিক কাৰণটো হ'ল বাবা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্নাতকতিনি বছৰ তাত অধ্যাপকো আছিল লগতে লণ্ডনৰ এখন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ PHD ডিগ্ৰীধাৰী
    সঁচা-মিছা বিচাৰ কৰিবলৈ কাৰো সময় নাই কেৱল প্ৰচাৰৰ নামত প্ৰচাৰ কি যে অদ্ভুত এখন ৰাজ্য! এনেকুৱাও কোনো কথা নাই যে বাবা বুলি ক'লেই এজন অশিক্ষিত ব্যক্তি হ'ব লাগিব কিন্তু পদাৰ্থ বিজ্ঞানৰ PHD ডিগ্ৰী থকা ব্যক্তি এজনে কিহৰ বাবে কেৱল আধ্যাত্মিক ভাবধাৰাৰ প্ৰতি আসক্ত হৈ সন্ন্যাস ল'লে সেয়াও চিন্তনীয় বিষয়

    লগতে তেওঁৰ সান্নিধ্যৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে ব্যক্তিয়ে কি কাৰণত লৰাধপৰা কৰিছে সেয়াও আমি ফহিয়াই চোৱা উচিত বাবাজনে কোৱা মতে তেওঁ ভাল কাম কৰিবলৈ সন্ন্যাসী হৈছেধ্যানৰ মাজত নিজক সমৰ্পন কৰিছে পদাৰ্থ বিজ্ঞানত PHD কৰা মানুহ এজনে কিন্তু সমাজৰ বাবে ইয়াতকৈও বহু মহান কাম কৰিব পাৰিলেহেতেন যদিহে ধ্যান কৰাৰ উপৰিও তেওঁ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণাত মনোযোগ দিলেহেতেন

খবৰঃ টীম বেটুপাত