বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম
সংখ্যা, মাৰ্চ- ২০১৮
কেৱল মধ্যবিত্তকহে আকৰ্ষিত কৰিব
- পঞ্চানন হাজৰিকা
একত্ৰিকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণ ক মূলমন্ত্ৰ
বুলি ঘোষনা কৰি বিত্তমন্ত্ৰীয়ে দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বাজেট আলংকাৰিক শব্দ আৰু
সুমিষ্ট ভাষাৰে দিয়া চমকৰ চৰ্বিত চৰ্বনেৰে সুশ্ৰাব্য বক্তৃতা হৈ থাকিল, নিম্নবৰ্গীয় সমাজ আৰু কৃষকৰ বাবে
উৎসাহিত হব পৰাকৈ বিশেষ কোনো আঁচনি বা উদ্যোগ দেখা পোৱা নগল।পূৰ্বৰ কাৰ্যকাল
কেইটাৰ দৰে নতুন শিক্ষানুষ্ঠান,মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপনৰ আঁচনি ঘোষনা
কৰা হ'ল যদিও উচ্চ শিক্ষাৰ অনুষ্ঠানৰ
আন্তঃগাঁঠনিৰ ক্ষেত্ৰত অমনোযোগী হৈয়ে থাকিল।অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বকীয়তা
ৰক্ষাৰ দাবীত ছাত্ৰীয়ে আন্দোলন কৰি থকাৰ সময়তো এই নৱ স্থাপিত বিশ্ববিদ্যালয় খনৰ
প্ৰতি চৰকাৰে কোনো সদিচ্ছা নেদেখুৱালে।বৰঞ্চ নতুন বিশ্ববিদ্যালয় স্থাপনৰ অভিলাষী
আঁচনি ঘোষণা কৰি নিজৰ কৃতিত্বৰ তালিকাত নতুন নাম সংযোজনৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া
যেন অনুভৱ হয়।অৱশ্যে বি এড কলেজ স্থাপন ৰ প্ৰস্তাৱ সময়োপযোগী আৰু সদৰ্থক
পদক্ষেপ।তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত বয়সৰ সীমা বৃদ্ধি, অবিবাহিতা কন্যাসন্তানলৈ পেঞ্চন, জ্যেষ্ঠ নাগৰিকলৈ পেঞ্চন আদিয়ে
মধ্যবিত্ত সমাজক আকৰ্ষিত কৰিব। কিন্তু অসমৰ মূল অৰ্থনীতিৰ ভেটি কৃষিক্ষেত্ৰ আৰু
কৃষকৰ প্ৰতি বাজেট খন একেবাৰে উৎসাহজনক নহয়। বহু বছৰৰ পৰা জলসিঞ্চন, আঁচনিৰ মাজতেই আবদ্ধ- কাৰ্যকৰীকৰনত এই
আঁচনি এতিয়াও ফলপ্ৰসূ হৈ উঠা নাই।বিজ্ঞানসন্মত ভাবে কৃষি উৎপাদনতো চৰকাৰৰ যাবতীয়
গুৰুত্ব নাই।ইফালে মাত্ৰ ২৫ শতাংশ কৃষি ঋণ ৰাজসাহায্যৰ পৰা দিয়া যাব বুলি কৰা
ঘোষণা ঋণগ্ৰস্ত কৃষকৰ সকাহ হব নোৱাৰে।এই ঋণৰ ৰেহাই কমেও ৭৫% লৈ বৃদ্ধিৰ ব্যৱস্থা
কৰা হলেহে ই কৃষকৰ বাবে ত্ৰানকৰ্তা স্বৰূপ হৈ উঠিলহেঁতেন। ভূমিহীন কৃষক,নদীয়ে খেদা কৃষক আৰু বানপানীত
সৰ্বহাৰা হোৱা কৃষকৰ বাবে একো আঁচনিয়ে নাথাকিল।কৃষকে উৎপাদিত ফচলৰ উচিত মূল্য
নোপোৱা, মধ্যভোগীৰ লুণ্ঠন, আৰু উৎপাদনে প্ৰকৃত বজাৰ এখন
নোপোৱাটো- অসমৰ কৃষি অৰ্থনীতিৰ দুৰ্ভাগ্য হিচাপে পৰিগণিত হৈ আহিছে। সেই দুৰ্ভাগ্য
উত্তৰণ কৰাৰ কোনো প্ৰচেষ্টা নতুন বাজেটত নাই। একেদৰে প্ৰাকৃতিক দুৰ্যোগত ফচল নষ্ট
হোৱা কৃষকৰ বাবেও বাজেটত একো প্ৰস্তাৱ দেখা নগল। ভূমি অধিগ্ৰহনৰ বিৰোধিতা, ঋণ ৰেহাই আৰু ফচলৰ উচিত মূল্যৰ দাবীত
এসময়ত আত্মহত্যাৰ চৰম বাট লোৱা মহাৰাষ্ট্ৰৰ কৃষকে আজি লং মাৰ্চ ৰ ঐতিহাসিক
সিদ্ধান্তৰে দেশ কঁপাই তোলাৰ সময়ত কৃষিক্ষেত্ৰৰ একেবাৰে মৌলিক সমস্যাবোৰত অসম
চৰকাৰৰ গুৰুত্বহীনতা ভাবিবলগীয়া কথা। ইফালে পথৰুঘাটৰ ৰণৰ ১২৫ বর্ষ উপলক্ষে স্মাৰক
সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ ৰখা বিত্তমন্ত্ৰীয়ে কৃষকৰ ভূমিৰ অধিকাৰ, নদীয়ে উচন কৰা কৃষক, উপান্ত কৃষক, চৰ অঞ্চলৰ কৃষকৰ প্ৰতি উৎসাহজনক আঁচনি
দাঙি ধৰা নাই। বানপানী আৰু গৰাখহনীয়াৰ লগত অসমৰ কৃষকৰ সমস্যাৰ সম্পর্ক এৰাব
নোৱাৰা- এই বাজেটে সেই দিশটোত একেবাৰে গুৰুত্ব দিয়া নাই।সেয়ে আঁচনি বোৰ সুশ্ৰাব্য
কিন্তু আন্তঃসাৰশূন্য হৈ পৰাৰহে সম্ভাৱনা বেছি।স্মাৰ্টফোনৰে চৰ্দাৰক প্ৰলোভিত কৰিব
বিচৰা আঁচনিয়ে কিন্তু শ্ৰমিকৰ মজুৰি বৃদ্ধি বা তেওঁলোকৰ জীৱন প্ৰণালী ৰ সামূহিক
কল্যাণৰ কোনো লক্ষ্য- উদ্দেশ্য বাজেটত দাঙি নধৰিলে।তদুপৰি নিবনুৱা সমস্যা দূৰীকৰণ, নতুন নিযুক্তি, আৰু অপ্ৰাদেশীকৃত বিদ্যালয়-
মহাবিদ্যালয়ৰ প্ৰতিও বাজেটখনত একো স্পষ্ট আৰু আশাপ্ৰদ খবৰ নাথাকিল।
তথাপিও সংখ্যালঘু
ছাত্ৰীৰ প্ৰতি বৃত্তি, চেনিটেৰী পেডৰ বাবে
অনুদান আদি এই সময়ত সামাজিক কল্যান আৰু অগ্ৰগতিৰ ক্ষেত্ৰত বাজেটখনৰ প্ৰগতিশীল দিশ
বুলি কব পাৰি।
দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮
সফলতা
-মন্টু কুমাৰ ডেকা
ককাই শেঁতাপৰা হাতখন মোৰ কপালত ৰাখি আর্শীবাদ দি সদায়েই কৈছিল ,” ভাল দৰে পঢ়া শুনা কৰা ,কিবা
এটা কৰিব লাগিব , জীৱনত সফল হ'ব লাগিব ,মানুহ হ'ব লাগিব “ । ক’কাৰ কথাম’তে
উঠি পৰি লাগি গ'লো সফল হ'বলৈ ...দিনবোৰ পাৰ হৈ গ'ল , সময়ৰ সোঁতত ককাও এদিন এই পৃর্থিৱী খন এৰি গুচি গ'ল । বেৰত আঁৰি থোৱা ককাৰ ফ'টো খন চালেই ঘনাই মনত পৰে
তেওঁৰ সেই কথাবোৰলৈ.. । মাজে-মাজে নিজকে প্রশ্ন কৰো ,”জীৱনত
সফল হ'লোনে ? সফল হ'বলৈ কি কি কৰিব লাগিব ? কিমান দূৰ আগুৱাই গ'লে মানুহ সফল হয় ? মাজে-মাজে সফলতাৰ সংজ্ঞাটো বিচাৰি
হাবাথুৰি খাওঁ ..
এতিয়াও মনত পৰে , তেতিয়া আমি ইঞ্জিনিয়েৰিঙৰ ছাত্র আছিলোঁ , এদিন গণিতৰ
কিতাপ লিখা লিখক ( গণিতজ্ঞ ) এজনে নিজৰ কিতাপ খনৰ “প্র'মোশ্বন “ কৰিবলৈ আমাৰ শ্রেণীকোঠালৈ আহিছিল । কিছু
সময় ভাষণ দিয়াৰ পাছত সকলোকে সফলতাৰ সংজ্ঞাটো কি বুলি শুধিছিল । ওচৰতে বহি থকা আমাৰ
সহপার্ঠী এজনে ঠিয় হৈ তপৰাই কৈছিল ,” এজন ভাল মানুহ
হোৱাটোৱেই সফলতাৰ সংজ্ঞা “। তেওঁ কিছু
সময় ৰৈ “খেক খেক ” কৈ
হাঁহিছিল । শ্রেণীকোঠাত থকা বাকীবোৰেই তেখেতৰ লগতেই হাঁহিছিল । আমাৰ বন্ধু
একেবাৰেই ৰঙাচিগা পৰিছিল । বন্ধুক বহিবলৈ তেওঁ কৈছিল ,” জীৱনত
পঢ়ি শুনি বহুত ধন সম্পতি খ্যাতি এইবোৰ পোৱাটোৱেই সফলতৰ সংজ্ঞা । বাকী একো নাই । “
বন্ধুৰ মাক -দেউতাকে ইমানদিনে শিকাই থোৱা সংজ্ঞাটোত খেলিমেলি
লাগিছিল । সেই দিনাৰ পৰাই সফলতাৰ সংজ্ঞাটো বিচাৰি হাহাকাৰ কৰিছিলোঁ ।
কেইবা বছৰ আগতে ঘৰলৈ যাওঁতে এজনে কিমান দৰমহা পোৱা ,ক'ত কাম কৰা এইবোৰ সোধাত আমি
ব্যক্তিগত খণ্ডত কাম কৰো বুলি কোৱাত যিটোহে কৈছিল । ”এমুকাৰ
পুতেকে তোৰ বহীত চাই লিখিছিল , লাগি-যুঁজি চাকৰি এটা পালে ।
দৰমহা ভাল । বাহিৰা টকাও বহুতেই আছে হেনো । সফল হ'ল আৰু ।
তয়ো কিবা এটা ক'ৰ ? দেউতাৰেৰ পইচা
কেইটা নি নি এতিয়ানো “প্রাইভেদ” কাম হে
কৰা নে ?” কেতিয়াবা আচৰিত লাগে মানুহৰ মানসিকতা দেখিলে !
আমাৰ অফলতাত আমাতকৈ তেওঁৰেই যেন দুখ বেছি ? মানুহৰ এনেবোৰ
কথাই সফলতাৰ সংজ্ঞাটো বিচৰাত আৰু এখোজ আগবঢ়াই দিয়ে ।
এই সফলতৰাৰ সংজ্ঞাটো বিচাৰি ফুৰোঁতে এটা শিকিছো যে এই সংজ্ঞাটো
প্রত্যকৰে বেলেগ বেলেগ .. পৃথিৱীত যেন সকলো মানুহ সমানে সুখী-সমানে দুখী । সুখ-দুখ, সফলতা-বিফলতা , শান্তি-অশান্তি
এইবোৰ সকলোৰেই আছে । মানুহৰ স্তৰ অনুসাৰে অসলতা, অসফলতা ,
সুখ -দুখ এইবোৰৰ সংজ্ঞাটো বেলেগ বেলেগ ।
গাঁৱৰ ল'ৰা পঢ়ি
শুনি ডক্তৰ হৈ গাও এৰি চহৰ পালেগৈ । মানুহৰ দৃষ্টিত সফল ডক্টৰ , সফল জীৱন। টকা-পইচাৰ কোনো সমস্যা নাই । মাক -দেউতাকৰ সন্মতি নোহোৱাকৈ
চহৰৰে ছোৱালী এজনী বিয়া পাতিলে । বিয়াৰ কেইবছৰ মান পাছত ছোৱালী এজনী জন্ম পোৱাৰ
পাছত দুয়োৰে মাজত মনোমানিল্য ঘটি বিবাহ বিচ্ছেদো হ'ল ।
লাহে-লাহে ঘৈণিয়েকে বেলেগ এজনৰ লগত বিয়াত বহিলে । বেচেৰা সফল ডক্টৰে দিনটো
ব্যস্ততাৰ মাজত কটাই সন্ধিয়া আহি সুৰাত মগ্ন হয় । মাজে-মাজে ভ্রম বকে । কয় ,”আৰে জীৱনত একেবাৰেই সফল নহ'লো । চহৰলৈ ডক্টৰী পঢ়িবলৈ
নাহি যদি ঘৰতেই দেউতাৰ মাটিডৰাত খেতি কৰিলোঁ হয় তেতিয়া এই অশান্তিবোৰ নেপালোৱেই হয়
। এটা সুখী , শান্তি আৰু সফল জীৱন কটালো হয় । “
সফলতা বিচাৰি হাবাথুৰি খাই খাই ৰাতি-দিন এক কৰি সফল হৈয়ো যদি মানুহৰ
শান্তি নেথাকে তেতিয়া সফলতাৰ মূল্যই বা কি ?
মনিপুৰী ছোৱালী এজনী বেলেগৰ ঘৰত কাম কৰে । মাহেকত তিনি হেজাৰ টকা
পায় । খূউব সুখী । সকলো সময়তেই সুখী হৈ থাকে । সংজ্ঞাটো বিচাৰি বিচাৰি এদিন তাইকেই
সুধি পেলালোঁ । তাই হেনো জীৱনত সুখী আৰু সফল । আচৰিত হৈ সোধাত ক'লে তাই হেনো একঠা মাটি কিনিছে । ইমান বছৰ বেলগৰ ঘৰত
ভাড়া থকা মাক-দেউতাকৰ হেনো এতিয়া নিজৰ বুলিবলৈ এটা ঘৰ হ'ব ।
বেলেগৰ ঘৰত কাম কৰা পইচাৰেই ভায়েককো পঢ়াইছিল । ভায়েকে হেনো “আর্মি’ত চাকৰিও পালে । তাই সফল আৰু আনন্দিত । ঈশ্বৰক নিৰন্তৰ প্রার্থনা কৰি-কৰি
যিখিনি খুজিছিল সেইখিনি হেনো তাই পালে । মোৰ সফলতৰাৰ সংজ্ঞাটোত শান্তি আৰু আনন্দও
যোগ হ'ল ।
সফল মানেই টকা পইচা ,
ধুনীয়া কাম , ধুনীয়া ঘৰ,নাম
যশ, খ্যাতি এইবোৰেই জানো??
কামৰ কোনো সৰু-বৰ নাই । কাম কৰা মানুহৰ জাত নাই । সকলো কামেই কাম
তথাপি এচামৰ দৃষ্টিত সৰু-সুৰা কাম কৰা সকল ,
যেনে ৰিক্সাচলোৱা, ঠেলা চলোৱা,দিন হাজিৰা কৰা, নতুবা সৰু খুচুৰা বেপাৰ কৰি জীৱন
চলোৱা এইবোৰৰ জীৱনবোৰ আপুনি বা মই বেলেগ কোনো উদ্যোগপতিৰ লগত তুলনা কৰি কোনোপধ্যেই
অসফল বুলি ক'ব নোৱাৰিম । আমি অসফল বুলি চার্টিফিকেট দিয়া
মানুহবোৰ যদি সেই উদ্যোগপতিতকৈ বেছি সুখী? যদি তেওঁলোকে এটা
শান্তি আৰু সততাৰ জীৱন কটাই আছে তেনেহ'লে তেওঁলোকৰ কাম চাই
আমি কোনোপধ্যেই চার্টিফিকেট দিয়া উচিত নহয় । হয়তো তেওঁলোক নিজৰ দৃষ্টিত নিজে সুখী আৰু
সফল হয় যিটো আপুনি বা ম ই নতুবা সেই উদ্যোগপতিজনো নহয় তেনেহ'লে
আপুনি বা মই দিয়া অসফলতাৰ চার্টিফিকেট খনৰ মূল্যই বা কি ???
বিহাৰৰ বন্ধু এজন । ইঞ্জিনিয়েৰিং সমাপ্ত কৰি কেই বছৰ মান ” এম এন চি’ত কাম কৰি ঘৰলৈ
গুচি গৈ সৰুকৈ “এন্টাৰপ্রাইজ' এটা
খুলিছে । নিজৰ লগতেই দুই এজনকো কর্ম সংস্থান দিছে । লাহে-লাহে বন্ধুৰ ব্যৱসায় বাঢ়ি
গৈ গৈ এতিয়া এটা শ্বেয়াৰৰ মুল্য এটকাৰ পৰা দুশ টকা পালেগৈ । বিয়া বাৰুহ কৰোৱাৰ
পাছত বন্ধুৰ এটা ব্যস্ত জীৱন । মাজে-মাজে বন্ধুক সফলনে অসফল সোধো । বন্ধুয়ে কয় সফল
হ'লো বুলি আন্তসন্তোষ্টি লৈ থাকিলে , আনন্দিত
হৈ থাকিলে সমলতাৰ সীমাৰেখাডাল সিমানতেই সমাপ্ত হৈ যায় । গতিকে বন্ধুয়ে ডাঙৰ সপোন
এটা পুহি ৰাখি দিনে-দিনে আগবাঢ়ি গৈ আছে সফলতাক চুবলৈ...পিছে বন্ধুয়ে নিজেই নেজানে
আৰু কিমান খোজ আগবাঢ়ি গ'লে সফল হ'ব ?
হয় , জীৱনত
বেছি ভাগ মানুহেই সফলতাৰ পাছত পৰি আগুৱাই গৈ গৈ বহুত আগত পায় গৈ ,পিছে তেওঁলোকে নিজেই নেজানে সফলতানো কি? এইখিনিতে
কথা এটা মনত পৰিল , কোনোবা এজনে কৈছিল সফল অসফল বিচাৰ কৰিবলৈ
সময় নথকাটোৱেই হ'ল সফলতা । সঁচাকৈ পোৱা নোপোৱাৰ হিচাপবোৰ কৰি
নেথাকি কাম কৰি আগুৱাই যোৱা বোৰেই যেন আছল সফল ।
সফলতাৰ সংজ্ঞাটো বিচাৰি বিচাৰি এইবাৰ আধ্যত্মিক বা আত্মিক সফলতাৰ
ফালে ধ্যান দিলো :
পঢ়ি শুনি কিছু বছৰ বিদেশত চাকৰি কৰি বিয়া বাৰু কৰাই এতিয়া আধা
বয়সতে হেনো সংসাৰ ত্যাগ কৰি বাবাজী হ’ল । গেৰুৱা কাপোৰ পিন্ধি ঘুৰি ফুৰে ইফালে সিফালে । মাজে-মাজে শ্মশানলৈও
যায় । বহু সময় ধ্যানত মগ্ন হয় । পাছত হাতে-মুখে ধুলি লিপি লয় গাৱে-ভুঞে ঘুৰি ফুৰে
। মানুহে কয় সত্যত পালে । মোক্ষ পালে । সফল হ’ল ।
কেতিয়াবা ভাৱো সফলতাক বিচাৰি বিচাৰি কিজানি তেওঁ তাতেই সংজ্ঞাটো
পালে । পিছে মাজে-মাজে প্রশ্ন হয় সত্যক বিচাৰি মানুহে কেলে বহু দূৰলৈ যায় , কেলে হাৰ মানে জীৱনত ? সৰু-সৰু
ল'ৰা ছোৱালীৰ দায়িত্ব এৰি সত্যৰ ওচৰলৈ গ'লে সত্যই জানো এই কথাটো মানি ল'ব ? সফলতাৰ সংজ্ঞাটো বিচাৰি এই জীৱনটো যেন অসাৰ সেইটো বুজি পাই ঈশ্বৰক বিচাৰি
সকলো ত্যাগ কৰিলে এতিয়া দেহ ত্যগ কৰিবলৈহে বাকী, পিছে ঈশ্বৰ
জানো আমাৰ হৃদয়তে নেথাকে ? মানুহেই জানো ঈশ্বৰৰ ৰূপ নহয় ?
আমাৰ শৰীৰটোৱেই জানো ঈশ্বৰৰ মন্দিৰ নহয় ?
মাজে-মাজে কোনোবা বিখ্যাত মানুহৰ মৃত্যু হ'লে মুখে-মুখে শুনিবলৈ পাওঁ ," বিখ্যাত মানুহ আছিল, সময়ৰ বালিত খোজ পেলাই গ'ল । একে বাৰেই সফল জীৱন কটালে “। মাজে-মাজে ভাৱো মানুহে মৃত্যুৰ সিপাৰে থকা জীৱনটোৰ বিষয়ে কৰা
বিশ্ৱাসটোৰ দুটাই কথা হ'ব পাৰে
এটা “ আছে” আনটো “নাই “। ”সঁচা” বা ”মিছা” । যদি সঁচাই হয় তেতিয়া এই জীৱনত কৰা কাম খিনিৰ
মানদণ্ডটো যদি ঈশ্বৰৰ দৃষ্টিত নগন্য হয় ,
যদি এই জীৱনৰ সফলতাখিনি আনটো জীৱনৰ বিফলতা হয় তেতিয়া কি হ'ব ? তেতিয়া এইটো জীৱনৰ সফলতাৰ মুল্য ই বা কি ?
দ্বিতীয় কথা , মৃত্যুৰ পাছত যদি তেনে কোনো জীৱন নাই , মৃত্যৰ লগতেই
এই শৰীৰৰ লগে-লগে আমাৰ মন-আত্মাৰো যদি কোনো অস্তিত্বই নেথাকে তেনেহ'লে সফলবোৰে এইটো জীৱনৰ বাটত দি থৈ যোৱা সফলতাৰ খোজ বোৰ চাই চাই আনন্দ ল'বলৈ মৃত্যুৰ পাছত জানো আৰু ঘুৰি আহিব ? অসাৰ নহয়
জানো ? তেওঁলোকৰ ম’তে জীৱনটোৱেই যেন
অসাৰ ।
মাজে-মাজে ক’কাৰ বেৰত আঁৰি থোৱা ফ'টোখন চাই চাই ক'কাক সোধো যে তেওঁ বিচৰা সফল মানুহ জন মই হ'লোনে ?
হাবি জুৰি , বনৰীয়া জন্তুৰ লগত যুঁজ কৰি কেইবা
বিঘা মাটিৰ মালিক হৈ গাওঁ পাতি সমাজ পাতি সেই সময়ৰ সমাজৰ দৃষ্টিত সফল আৰু মৃত্যুৰ
সোৱাদ পোৱা ক'কাক মই মাজে-মাজে সোধো “ ক’কা আপুনি আত্মিকভাৱে সফল নে ? মৃত্যুৰ পাছত এই জীৱনৰ
সফলতাৰ সংজ্ঞাটোৰ কিবা মূল্য আছেনে ?
মাজে-মাজে মোৰ শ্রেণী কোঠাৰ সেই বন্ধুজনৰ উত্তৰটোৰলৈ মনত পৰে ।
সঁচাকৈ এজন ভাল মানুহ হোৱাটোৱেই যেন সফলতাৰ এটা সংজ্ঞা । দ্বিতীয় কথা সফল অসফল
বিচাৰ কৰিবলৈ সময় নথকাটোৱেই হেনো সফলতা । তৃতীয় আৰু শেষ কথা মানুহৰ দৃষ্টিত নহয়
নিজৰ দৃষ্টিত নিজে সফল, সন্তোষ্ট
হৈ ঈশ্বৰক বিশ্বাস কৰা সকলে এই জীৱনৰ সিপাৰে থকা আনটো জীৱনৰ কথা চিন্তা কৰি
সাৱধনতাৰে আগবঢ়াটোৱেই সফলতা । ঈশ্বৰৰ অস্থিত্ব বিশ্বাস নকৰা সকলে নো কি কৰিব ,কাৰণ সকলো অসাৰ । সফল বা অসফলতাৰ সংজ্ঞাই বা কি ? ঈশ্বৰ
আৰু মৃত্যুৰ সিপাৰে তেওঁলোকৰ মতে কোনো জীৱন নাই যেতিয়া মৃত্যুৰ পাছত নো কেনেকৈ
ঘুৰি আহে এৰি যোৱা সফলতাৰ খোজবোৰ চাই আনন্দ ল'বলৈ...।
সামৰণি : জীৱনটোৱেই এক অনিশ্চয়তা । আমাৰ দৃষ্টিত আর্থিক ভাৱে সফল
বা ভাল চাকৰি কৰা বা বিখ্যাত মানুহ হোৱা মানেই সফল নহয় । ব্যক্তিগতভাৱে ঈশ্বৰৰ
অস্থিত্ব বিশ্বাস কৰো কাৰণে এই জীৱনৰ সফলতাতকৈ মৃত্যুৰ পাছত জীৱনটোৰ বিষয়েও চিন্তা
কৰো । মাজে-মাজে ভাৱো এই জীৱনৰ বিফলবোৰ যদি আনটো জীৱনত সফল হয় ? যানহওঁক ব্যক্তিগত জীৱন আৰু চিন্তা চর্চা, ধ্যান -ধাৰণা এইবোৰ প্রত্যেকৰে ব্যক্তিগত কথা । ঈশ্বৰৰ প্রতি থকা বিশ্বাস
-অবিশ্বাসটোও সকলোৰে নিজস্ব কথা । চিন্তা কৰিবলৈ সকলোৰে স্বাধীনতা আছে । তথাপি কওঁ
জীৱনত আনন্দ কৰক । জীৱনটোৰ প্রতিটো মুহুর্ত্ব উপভোগ কৰক । এইয়াই যেন জীৱনৰ পৰা
পাবলগীয়া আমাৰ ভাগ ।
**************
বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮
মানুহ হোৱাৰ সংজ্ঞা বিচাৰি
-মন্টু কুমাৰ ডেকা
নতুন দিল্লী
কপালত হাত ফুৰাই ফুৰাই অতি মৰমেৰে মায়ে প্ৰায়ে কৈছিল "ভালদৰে
পঢ়া শুনা কৰা, মানুহ হ'ব লাগিব"। এৰা, মানুহ
তো মই তেতিয়াও আছিলো, তাতে আকৌ কিহৰ মানুহ হোৱাৰ কথা কৈছিল।
মাক সোধাত কৈছিল "পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হ'ব
লাগিব"। সৰুৰ পৰা ডাঙৰ হৈ পঢ়া শুনা সমাপ্ত কৰি কৰ্মৰত হ'লো। এতিয়া মায়ে কোৱা কথাষাৰে বাৰে বাৰে মনত ভুমুকি মাৰে মই বাৰু মানুহ হ'লোনে? কেতিয়াবা মাক সুধিবৰ মন যায় যে মায়ে বিচৰা সেই
মানুহ জন মই হ'লোনে? কিন্তু নোসোধো!
সুধিবৰ সাহস নহয়! কথাবোৰ নিজৰ মাজতেই ৰাখো………!
শিক্ষকজনে সন্তান কেইজনক মানুহ কৰিব নোৱাৰিলে। এজনে প্ৰাথমিক
বিদ্যালয় এখনত কাম কৰে বাকী দুজনে ভাৰতীয় সৈনিকত ভৰ্তি হ'ল। এটা সুখী পৰিয়াল! এই মানুহ
হোৱাৰ সংজ্ঞাটো শিক্ষকজনে হয়তো পুতেক কেইজনক তেনেকৈয়ে শিকাইছিল। এজনক শিক্ষা দান
কৰাৰ কাৰণে আন দুজনক দেশৰ কাৰণে যুজিবলৈ তথাপিও যেন মানুহ নহ'ল। মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি আৰু কিছুদিন আৰু কিছু দিন আগবাঢ়ি গ'লো……।
ল'ৰা জনে অষ্টম শ্ৰেণীলৈকে পঢ়িছিল। ঘৰৰ পৰা পলাই গৈ মুম্বাই পালেগৈ। আজিকালি
হেনো ভাল দৰমাহা পায়। মাজে মাজে দুই তিনিমাহৰ বাবে ডুবাই লৈকেও যায়। বিয়া পাতিলে
ঘৈনিয়েক জনীও হেনো বাহিৰৰে। মাজে মাজে হেনো গাঁৱলৈ আহে ককায়েক কেইজনৰ লগত মাক জনীও
আগৰ সেই জুপুৰী ঘৰটোতে থাকে। গাওঁখনো আগৰ দৰেই আছে মানুহবোৰো কোনো সলনি হোৱা নাই
আগৰ দৰেই দিন হাজিৰা পেট ৰক্ষা। সি আহিলে গাৱৰ মানুহবোৰে কোৱাকুই কৰে গাৱৰ ল'ৰা বাহিৰত গৈ মানুহ হ'ল। যোৱা মাহত মুম্বাইত হেনো
ঘৰো কিনিছে। গাৱত আৰু ক'ত থাকিব? নিজৰ
ভাগত মাটি খিনি বেছি গুচি যাব। কথাবোৰ শুনি কিছু বিমোৰত পৰিলোঁ। আগবাঢ়ি গৈ থাকিলোঁ……।
কিছুদিন আগতে এজন দিল্লীৰ আৰক্ষীৰ লগত চিনাকী হৈছিল। অলপ ল'ৰামতীয়া আছিল কাৰণে মোৰ লগত অতি
সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁ সাধাৰণতে সুৰা পান নকৰে যদিও সেইদিনা
কৰিছিল।কাৰণটো সোধাৰ কৈছিল তেওঁৰ ছোৱালীজনী হেনো কেইবাদিন ধৰি কিবা বিশেষ মানসিক
বিকৃতিত ভুগি আছিল। তেওঁ অবিবাহিত ডেকা ল'ৰা। কেইবা বছৰ আগতে
ৰাস্তাৰ দাঁতিত পাইছিল ছোৱালীজনীক। অবৈধ ভাৱে প্ৰসব কৰাৰ পাছত তাইক পেলাই থৈ গৈছিল
আজিৰ সমাজৰ কোনো মানুহে। পঢ়াই শুনাই কিছু ডাঙৰ কৰিলে। এতিয়া তাই অষ্টম শ্ৰেণীত
পঢ়ে। তাইক হেনো তেওঁ মানুহ কৰি তুলিব। মায়ে কোৱা কথাষাৰে আমনি কৰিব ধৰিলে। কথাবোৰ
ভাৱো কিন্তু একো বুজি নেপাওঁ। মানুহ হোৱাৰ সংজ্ঞা বিচাৰি বাৰে বাৰে হাবাথুৰি খাওঁ……।
মাজে মাজে ঘৰলৈ (গাঁৱলৈ) যাওঁ। প্ৰায়বোৰ মানুহেই খা-খৱৰ লোৱাৰ পিছত
এটাই প্ৰশ্ন কৰে '
ক'ত কাম কৰা, চাৰকাৰী নে
বেচৰকাৰী, দৰমহা কিমান? বাহিৰা পইচা
আছেনে?" মানুহ হোৱাৰ সংজ্ঞটোক টকা-পইচা, সা- সম্পত্তি, বেইমানী পইচা এইবোৰৰ লগত কেলেই তুলনা
কৰে বাৰ? কিছুদিন মান আগতে এজন শিক্ষকৰ উক্তিয়ে মোৰ মানুহ
হোৱাৰ বাখ্যাটো অলপ মুকলি কৰি দিছিল। সৰুৰ পৰা জ্ঞান পোহৰ পাই থকা শিক্ষকজনৰ পৰা
শুনিবলৈ পালোঁ মানুহ হোৱাৰ সেই সংজ্ঞাটো। অতি আবেগিত ভাৱে কৈ উঠিছিল যে তেখতৰ
পুতেকে কৰা সেই চাকৰিটোত হেনো বাহিৰা পইচা নাই বাকীবোৰ সকলো ঠিকেই আছে। তেখেতে
বিচাৰিছিল পুতেকে বাহিৰা টকা পোৱাটো আৰু আৰ্থিক ভাৱে টনকীয়াল হৈ সমাজৰ দৃষ্টিত
মানুহ হোৱাটো……। পঢ়া শুনা কৰি ডক্তৰ, ইনজিনিয়াৰ,প্ৰফেচৰ বা আই এচ বিষয়া হৈ কিছুমান বেআইনী টকা গোটাই সমাজৰ আগত আৰ্থিক
ভাৱে টনকীয়াল হৈ দেখুৱাটোৱেই জানো মানুহ হোৱাৰ সংজ্ঞা। মানুহ হোৱাৰ সংজ্ঞাটোক
মানুহবোৰে টকা-পইচা, খ্যাতি, সুনাম
ঈত্যাদিৰ লগত তুলনা কৰি পোৱা নোপোৱাৰ হিচাপ নিকাচবোৰ কৰি কৰি নোপোৱাৰ বেদনা খিনি
আকোৱালি লৈ জীৱনৰ মধুৰ আনন্দ খিনি বিসৰ্জন দিয়ে। মানুহ মানুহ হ'ব গৈ হৈ পৰে পইচা সজাৰ এটা যন্ত্ৰ। অতি যত্নেৰে পঢ়া শুনা কৰি হৈ পৰে সমাজৰ
একো একোটা উচ্চ শিক্ষীত পইচা সজা যন্ত্ৰ। আনৰ সৰলতাক সহজ ভাৱে ল'ব নোৱাৰে, নিজৰ পোৱাৰ আনন্দ খিনি হেৰাই নোপোৱাৰ
বেদনাখিনিক লৈ জীয়াই থাকে সুৰা বা মদিৰাৰ সংগী হৈ……।
মোৰ মাই বিচৰা সেই "ডাঙৰ মানুহজন" বাৰ কেনেকুৱা আছিল সেই
কথাটো আৰ সোধা নহ'ল আৰু এতিয়া প্ৰয়োজনবোধ নকৰো। এৰা মানুহ মই হ'ব
নোৱাৰিলোঁ আৰু মানুহ হোৱাৰ সেই সপোনটোও এৰিলো। ভাৱিলোঁ মানুহ হৈ জন্ম পোৱাটোৱেই
মানুহ হোৱাৰ ডাঙৰ সংজ্ঞা। ঈশ্বৰে এই সুন্দৰ পৃথিৱীত এটা সুন্দৰ মানবী জীৱন দিছে
সুন্দৰ ভাৱে জীয়াই থাকিবলৈ। দুদিন মানৰ পাছত হয়তো এদিন এৰি যাব লাগিব এখন অচিন
দেশলৈ এই মানুহ হোৱাৰ সংজ্ঞাটো এৰি থৈ। দুদিনীয়া জীৱনটো যেন অসাৰ হৈ পৰিব যেন
কোনোবাই বতাহক ধৰিবলৈ যে চেষ্টা কৰিছে। মই বহুত ধন সম্পত্তিৰ মালিক এই কথাটো চকুৰে
দেখা আৰু মুখেৰে কোৱাৰ বাহিৰে একোৱেই নাথাকিব। সুন্দৰ শৰীৰটো প্ৰকাণ্ড অগ্নিকুন্ডত
জ্বলি উঠিব নিমিষতে শেষ হৈ যাব জীৱন।
কথাবোৰ দেখিলো ভাৱিলো বুজিলো। ঠিৰাং কৰিলো বকু ভুৰাই এই সুন্দৰ
জীৱনটোৰ প্ৰতিটো দিনেই জীয়াই থাকিম এজন সাধাৰণ মানুহ হৈ… জীয়াই থাকিম মানুহৰ কাৰণে দহৰ
কাৰণে …… মানুহ হোৱাৰ এয়াই সংজ্ঞা পাই লিখনি সামৰিলোঁ।
বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭
ভগৱান কোন ?
- নয়ন জ্যোতি দাস
কেন্দুগুৰি আই.টি. আই
যোৰহাট , অসম
ফোন নং - ৮৪০২০৩৬৬২৭
সাধৰণতে সন্ন্যাসী বা ভগৱান বিশ্বাস কৰা লোকসকলে কোৱা শুনিবলৈ পোৱা যাই
য়ে পূজা কৰিব লাগে। সঁচাকৈয়ে পূজা কৰিব লাগে
। পূজা কৰিলে মানসিক শান্তি পোৱাৰ লগতে মনত বিশ্বাস বাঢ়ে, লগতে সেই বিশ্বাসে জীৱনটোক আাগুৱাই নিয়াত সহায় কৰে
। কিন্তু পূজা কৰাৰ অৰ্থ বা মনোভাৱ এনে হব নেলাগে
যে ম’হ ,হাঁহ, আদি নিৰ্বোধ জীৱবোৰক
ভগবানৰ নামত বধ কৰিলে ভগৱান সন্তুষ্ট
হব ।“ কৰ্মই ধৰ্ম” বুলি এষাৰ কথা আছে। প্ৰতিবছৰে দেখি আহিছো যে পূজা বুলি হেজাৰ হেজাৰ
নিৰ্বোধ জীৱবোৰক আমি ভগৱানৰ নামত নিধন কৰি আহিছো । কিন্তু ভগৱানে জানো আমাৰ পৰা বিছাৰিছে নেকি
নে কাৰোবাক কৈছে যে মোৰ আগত তোমালোকে নিৰ্বোধ জীৱবোৰক টানি আজুৰি আনি হত্যা
কৰা। যিমানখিনিলৈকে জানো সেয়া চাগে কেতিয়াও
বিছৰাও নাই অথবা কাকো কোৱাও নাই ।
ভগৱানে আমাক পঠাইছে
এই সুন্দৰ পৃথিৱীখনলৈ নিজৰ কৰ্মবোৰক সুকলমে কৰিবলৈ পঞ্চইন্দ্ৰিয় দিছে ।কিন্তু আমিবোৰ
সেই পঞ্চইন্দ্ৰিয়ৰে নিজৰ কামবোৰ নকৰি ভাগ্যক ধিয়াই আছো । নতুবা কোনোৱা এজন জ্যোতিষীৰ
ওচৰত গৈ নিজৰ কুষ্টি খন দেখাই জ্যোতিষীজনে কোৱা মতে হোৱাই নোহোৱাই ব্ৰত ৰাখিছোঁ , মন্দিৰত গৈছোঁ , ব্যয়বহুল পাথৰ লৈছোঁ, নতুবা জ্যোতিষীজনে কোৱা অনুসৰি নেদেখাজনৰ ওছৰত নিৰ্বোধ
জীৱক নিজৰ ভাগ্যখন ভাল হ’’ব বুলি নিধন কৰিছোঁ । কিন্তু ভাগ্যখন জানো সলনি হ’ব ? বহু
জ্ঞানী হলেও কাৰ ভাগ্যত কি আছে কোনেও নাজানে
অথবা কবও নোৱাৰে ।ভাগ্য সলনি কৰাৰ মাথো এটাই উপাই সেয়া হৈছে কৰ্ম। কোনো বেদ বা কোনো
ধৰ্মৰ ধৰ্মশাস্ত্ৰত লিখা নাই যে জীৱ বধ মহা
পুণ্য । সকলোতে লিখা আছে জীৱ হত্যা মহা পাপ ।অৰ্থাৎ আমি এইবোৰ কাম কৰি পাপবোৰহে চপাই
আছো । কেতিয়াবা মনত প্ৰশ্ন উদয় হয় “ ভগৱান বাৰু আছেনে” ? হয় ভগৱান আছে আমাৰ সকলোৰে
মাজত কিন্তু আমি চিনি পোৱাত অসুবিধা হৈছে যে
ভগৱান কোনজন ?
আমি যিমানেই ভগৱানক পূজা নকৰো
কিয় পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ মন্দিৰে মন্দিৰে ভগৱান বিছাৰি ফুৰিলেও ভগৱানক মাত্ৰ
পাম আমি আমাৰ হৃদয়ৰ মাজত । আনহাতে ভগৱান দুজন
সেয়া হৈছে আমাৰ সকলোৰে জন্মদাতা মা আৰু দেউতা। কাৰণ মা বা দেউতাৰ অবিহনে হয়তো এই পৃথিৱীখন দেখা নেপালোহেতেন ।উদাহৰণ স্বৰূপে আমি প্ৰতিদিনে বিশ্বাস কৰি অহা ভগৱান গণেশ আৰু কাৰ্তিকৰ
বিশ্ব পৰিভ্ৰমণৰ কথাটোক ধৰিব পাৰো।যেতিয়া তেখেতসকলৰ পিতৃয়ে তেখেতসকলৰ পৰীক্ষা লবৰ বাবে
কৈছিল যিজনে এই সমগ্ৰ ধৰণীখনত তিনি বাৰ
তীৰ্থভ্ৰমণ কৰি আহিব পাৰিব সেয়ে এই পৰীক্ষাত জয়ী হ’ব । কাৰ্তিক গুচি গৈছিল পৃথিৱী ভ্ৰমণৰ বাবে । কিন্তু
গণেশে জানিছিল যে প্ৰকৃত ভগৱান মা আৰু দেউতা
বাহিৰে আন কোনো হ’ব নোৱাৰে । সেয়ে তেঁও কলৈকো নগৈ তাতেই মাক আৰু দেউতাকৰ ওচৰত তিনিপাক
ঘূৰিছিল আৰু শেষত এই পৰীক্ষাত তেঁওৱে জয়ী হৈছিল । সেয়ে কেতিয়াবা অনুভৱ কৰো যে মানৱ
ধৰ্মই প্ৰকৃত ধৰ্ম । আমি যদি আমাৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰি শান্তিত থাকিব নিদি কেইটামান
মন্দিৰত গৈ দীঘল দি পৰিলোৱেই যেনিবা আমাৰ জানো কিবা লাভ হ’ব ? সদ্যহতে আজিৰ
সমাজখনত প্ৰায়েই দেখি অহা কথাটোকে কওঁ যে বৃদ্ধ মাক বাপেক সকলক আজিকালি সামান্য
চলিব নোৱাৰা অৱস্থা হোৱাৰ লগে লগে কোনোবাই নি ৰাস্তাত নতুবা কোনোবাই নি বৃদ্ধা আশ্ৰমত
পেলাই থৈ আহে । কিয় বাৰু এনেকুৱা হয় যে দোকানৰ
ম্যাদ শেষ হোৱা বস্তু বোৰৰ দৰে নিজৰ মাক বাপেকবোৰ অৰ্থহীন হৈ পৰে । কিছুমানে
ৰাখিছে অনিশ্চাকৃত ভাবে অথবা বাধ্যত পৰিহে
টকা, মাটি সম্পত্তি অথবা সমাজৰ ভয়ত । কিন্তু সকলোৰে সদায় ভাল দিন নছলে। আপুনি
যদি নিজৰ মাক দেউতাকক নকৰিবগীয়া কাম কৰিছে তেতিয়াহ’লে আপোনালোকৰো লৰা ছোৱালীয়ে আপোনালোকৰ
লগত তেনেকুৱাই কৰিব ।
আজি কিছুদিন আগৰ কথা বহু
ব্যস্ততাৰ মাজত সিদিনাখন অকণমান সময় উলিয়াই সত্ৰনগৰী মাজুলীত গৈছিলোঁ দ্বিতীয় বাৰৰ
বাবে সত্ৰ দৰ্শনৰ উদ্দেশ্যৰে। বহুতৰে মুখত শুনিছিলো তাত হেনো সত্ৰধিকাৰ থাকে সেৱা কৰিবলৈ
বাট ল’লো । দুজন সত্ৰধিকাৰৰ এজন সত্ৰধিকাৰক
সেৱা কৰিলোঁ । সন্মুখত থকা বটাএখনত সেৱাকৰি থকা মানুহবোৰে কোনোবাই পঞ্চাশ, কোনোৱে এশ,
কোনোবাই পাঁচশ টকা অৰিহনা দিছে। আন মানুহবোৰৰ দৰে মই ডাঙৰকৈ কিবা নোৱাৰিলেও মোৰ সাধ্য
অনুসাৰে কিবা এটি দিলো। অলপ আঁতৰত বহি থকা
আন এজন সত্ৰধিকাৰক সেৱা কৰিবলৈ গৈ দেখিলোঁ
বহুত মানুহে সেৱা কৰি আছে। তেখেতৰ তাতেও সেই একেই সন্মুখত থকা বটাখনত সেৱাকৰি থকা
মানুহবোৰে কোনোৱাই পঞ্চাশ, কোনোৱে এশ, কোনোবাই পাচশ টকা অৰিহনা দিছে। এক কথাত কবলৈ
গলে পঞ্চাশ টকাৰ কমত কোনেও দিয়া নাই । মনতে ভাবিলো অলপ সত্ৰখন ফুৰি আহি সেৱাটো জনাম।ফুৰিবলৈ গৈ দেখিলো সত্ৰখনৰ
গেটখনৰ কাষত এজন অন্ধলোকে দোতোৰা এখন বজাই এতিয়াও গান গাই আছে। মাতটো অলপ ভাঙিছে তেঁওৰ
। আগত এখন ৰুমাল পাৰি দিছে, তাত আছে কেইটিমান
এটকীয়া আৰু কেইটিমান দুটকীয়া পইছা। মইয়ো কিবা
এটি দিলো মানুহ জনক মোৰ সাধ্য অনুসাৰে। সত্ৰখনৰ
চাৰিওপিনে চাই শেষ হোৱাত আকৌ আহিলো। অথনি বহুত মানুহ থকা বাবে আশীৰ্বাদ নোলোৱা সেই
সত্ৰধিকাৰ জনৰ আশীৰ্বাদ লবলৈ। সেই সময়ত অৱেশ্য তেঁওক সেৱা কৰা ঠাইখিনিত কোনো মানুহ
নাছিল। দূৰৰ পৰা দেখিলো যে তেঁও এখন ভৰি আন এখনৰ ওপৰত উঠাই পথালিকৈ ওপৰলৈ মুখ কৰি কিবা কিতাপ পঢ়ি আছে । সেইখিনি দেখি মোৰ তাতেই ভৰিখন
থমকি ৰল। কাৰণ যাৰ ভৰিত সেৱা কৰি ভগৱানক চৰণ
পোৱা বুলি ভাবি, পুন্য হ’ব বুলি ভাবি আছিলো।
তেওঁক সেইটো ৰূপত দেখি বিৰক্তি লাগিল মোৰ ।কাৰণ কোনো ভগৱানে তেনেকৈ চাগে কিতাপ
পঢ়া নাছিল আৰু বুজা হোৱাৰে পৰা যিমানবোৰ ফটোত ভগৱানৰ দেখিলো তেখত সকলে ধুনীয়াকৈ থাপনাত লৈহে পোন হৈ সুন্দৰ ভাবে বহিহে কিতাপ পঢ়িছিল ।দীঘলকৈ
ফোট এটি ল’লেই, কেইটিমান ধৰ্মমূলক কথা ক’লেই , কোনো এজন মানুহ ভগৱান দৰে হৈ নাযায়। আমি তেখত সকলক সহজতে চকুত কাপোৰ বান্ধি
বিশ্বাস কৰিব নালাগে। আজিকালি প্ৰায়েই ভণ্ড বাবাৰ আবিৰ্ভাৱ হৈ থকা সংবাদ মাধ্যমবোৰত
দেখিবলৈ তথা পঢ়িবলৈ পোৱা যায় ।কেতিয়াবা কেতিয়াবা
তেখেত সকলক ৰাইজৰ উত্তম মাধ্যম খোৱাও দেখিবলৈ পোৱা যায় । মনলৈ কিছুমান বেয়া
ভাৱ অহা বাবে মই আৰু তেখেতক সেৱা নকৰি গুচি
আহিলোঁ। লগতে বটাখনত দিব লগা পইছা কেইটা নিদি, সেই গীত গাই থকা অন্ধ মানুহজনকে দিলোঁ
।
শেষত এটাই কথা ক’ৱ
বিছাৰো যে মানৱ ধৰ্মই প্ৰকৃত ধৰ্ম হয় । মানিছো ভগৱানক সেৱা কৰিব লাগে, কিন্তু সেই ভগৱানৰ
নামত অন্ধবিশ্বাসত ভোল যাব নেলাগে। মানুহবোৰে যদি সেই বটাখনত পইছাবোৰ নিদি বা দিলেও
অলপ কমকৈ দি সেই অন্ধ মানুহজনে বহুত আশাৰে
পাৰি থোৱা ৰুমালখনত দিলেহেঁতেন তেতিয়া হয়তো তেঁও
বহুত সকাহ পালেহেঁতেন ।
সেন্দুৰ- কিছু
আৱেগ কিছু যুক্তি
- কাৱেৰী কাশ্যপ বৰা
সেন্দুৰ এক
প্ৰকাৰৰ শক্তি। ই আমাৰ এক বিশ্বাস। হিন্দু পৰম্পৰা অনুযায়ী সেন্দুৰৰ ব্যৱহাৰ এক
মংগলময় আৰু পৱিত্ৰতাৰ প্ৰতীক। পৰম্পৰা অনুসৰি আমাৰ হিন্দু সমাজত বিবাহৰ পাছৰ পৰাই
শিৰত আৰু কপালত সেন্দুৰ লোৱা হয় স্বাভাবিক ভাবে। বৰ্তমান সময়ত অনেক লোকৰ মাজত
বিৰ্তকৰ বিষয় হৈ পৰিছে সেন্দুৰ লোৱা বা ল'ব নোখোজাক লৈ। আজি অলপ
দিনৰ আগত মোৰ এগৰাকী বাইদেউক খুবেই অশান্তি দিয়া হ'ল এই
বিষয়ক লৈ। কাৰণ আছিল এটাই তেওঁ বিবাহিত কিন্তু সেন্দুৰ ব্যৱহাৰ নকৰে।সকলো
ব্যক্তিৰেই নিজৰ কিছু ৰুচি,ভাল লগা বেয়া লগা আছে। সকলোৱেই
নিজ ইচ্ছা অনুযায়ী জীয়াই থাকিব খোজে। তেনে ক্ষেত্ৰত মই ভাবো এগৰাকী নাৰীয়ে
সেন্দুৰৰ ব্যৱহাৰ কিদৰে কৰে সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব।আমাৰ সমাজত আজিও এনে কিছু
নাৰী আছে যি নিজেই নিজক দুৰ্বল বুলি ভাবে।তেনে ক্ষেত্ৰত তেওঁলোকক যিকোনো কথাকেই
এটি নিয়ম বনাই বান্ধি ৰখাটো সহজ হৈ পৰে সমাজৰ বাবে। কিন্তু ইয়াৰ মাজতো এনে বহু
নাৰী আছে যি সকলো কথা বিবেচনা কৰি চায়;সেয়ে হয়তো যিকোনো
কথাকেই মানি লবলৈ দিগদাৰ পাই। সেন্দুৰৰ কথাটোও ঠিক তেনেকুৱাই সকলোৰে বিবেচনা বেলেগ
বেলেগ।কাৰোবাৰ বাবে যদি যুক্তি কাৰোবাৰ বাবে আৱেগ আন কাৰোবাৰ বাবে পচন্দ অপছন্দ
ইত্যাদি। কিছুমান কথা লিখিবলৈ ল'লে অনেক কথাই আহি পৰে আচলতে।
অতীজৰে পৰা চলি
অহা এই সেন্দুৰ ব্যৱহাৰৰ বহুখিনি বৈজ্ঞানিক হেতু আছে যাৰ বাবে সেন্দুৰ প্ৰয়োজনীয়
আমাৰ বাবে।বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চাবলৈ যাও তেন্তে সেন্দুৰ প্ৰস্তুত কৰা হয়
ধাতু পাৰা(mercury) ; হালধি(turmeric) আৰু
চূণ(lime)ৰ মিশ্ৰণৰ পৰা। লগতে lead ও
ব্যৱহাৰ কৰা হয়। আমি জানো পাৰা এবিধ শীতল পদাৰ্থ লগতে চূণ আৰু হালধি ও, যাৰ বাবে সেন্দুৰৰ ব্যৱহাৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ই যৌন কাৰ্যক্ৰম
অভিযান সক্ৰিয় কৰাত সহায় কৰে। সেইবাবেই হয়তো হিন্দু পৰম্পৰা অনুসৰি সেন্দুৰৰ
ব্যৱহাৰ বিবাহৰ পাছত;হয়তো এই কাৰণেই এগৰাকী বিধৱা মহিলাক
সেন্দুৰ ল'বলৈ দিয়া নহয়। অতীজৰ পৰা চলি অহা এই নিয়মবোৰৰ
বহুখিনিৰেই একোটা বিজ্ঞানসন্মত কাৰণ আছে। এয়া আছিল সেন্দুৰৰ উপকাৰিতা।
সেন্দুৰৰ সৈতে
আমাৰ এটি আৱেগও জড়িত হৈ আছে। কাৰোবাৰ বাবে সেন্দুৰ প্ৰেমৰ এক প্ৰতীক আন কাৰোবাৰ
বাবে শ্ৰদ্ধাৰ প্ৰতীক। হয়তো কাৰোবাৰ বাবে ই এক পৰাধীনতাৰো চিন। সকলোৰে দৃষ্টিভংগী
একে নহয়। ঠিক সেইদৰেই সকলোৱে সেন্দুৰৰ ব্যৱহাৰক হয়তো আপোন কৰি নলবও পাৰে। আজিৰ
দিনত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ কথা আমি ভালদৰেই জানো। প্ৰায় সকলোবোৰ বস্তুতেই
ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়। ঠিক সেইদৰে সেন্দুৰতো যাৰ ফলত সেন্দুৰৰ ব্যৱহাৰৰ পাছত
বহু মহিলাৰ ছালৰ বিভিন্ন ধৰণৰ ৰোগৰ ও জন্ম হোৱা দেখা যায়। সকলোবোৰ বস্তুৱে সকলোকে
নুসুজিব পাৰে সেয়া কোনো অস্বাভাবিক কথা নহয় । কোনোৱে হয়তো ইচ্ছা কৰিও সেন্দুৰৰ
ব্যৱহাৰ কৰিব পৰা নাই এই কাৰণবোৰৰ বাবেই। সেয়া ব্যক্তিগত কথা। সেইবুলি সেন্দুৰ
লোৱা বা নোলোৱাক লৈ আমি কাৰো চৰিত্ৰত আঙুলিয়াব নোৱাৰো।সেয়া ভুল। প্ৰকৃত পৱিত্ৰতা
থাকে মনত,হৃদয়ত। সেন্দুৰ ব্যৱহাৰ নকৰিলেই যে কোনোবা চৰিত্ৰহীন হ'ব তেনে কোনো কথা নাই। ফেশ্বন বুলি কোৱাটোও মানি ল'ব
নোৱাৰো কাৰণ "Choice" বুলিও এটা শব্দ আছে।
মানসিকতাবোৰ বহল হওক সেয়াই বিচাৰো। সেন্দুৰকণক লৈ যাতে নাৰীক "Judge"
নকৰে কোনেও। দুখ পাও মইও নাৰী। আজি যিটো আঙুলি আন এগৰাকীলৈ উঠিছে
কাইলৈ হয়তো মোলৈও উঠিব সেইবাবেই দুষাৰ লিখাৰ ইচ্ছা জাগিল।বৰ বিশেষ নাজানো;ইমান জ্ঞান ও মোৰ নাই;মাত্ৰ সাধ্যৰ পৰিসীমাৰ ভিতৰত
থাকি দুটামান শব্দ একেলগ কৰিলো। জানো মই এটি লেখাৰে বহুত কিবা সলনি কৰিব নোৱাৰো,
তথাপিও শব্দৰ শক্তিত মোৰ অযুত বিশ্বাস। এজন ব্যক্তিয়েও যদি কথাখিনি
বুজি পাই হৃদয়েৰে সাৰ্থকতা তাতেই।
@@@@@@@@
নিজস্বতা
- দিব্যজ্যোতি
শইকীয়া
জীৱ শ্ৰেষ্ঠ
মানুহৰ প্ৰথম অলংকাৰেই হ'ল শিক্ষা, শিক্ষাই
বিশেষ কৰে মানুহৰ ব্যক্তিত্বক, অৱশ্যে অতিমাত্ৰা শিক্ষায়ো
পৃথক কৰে মানুহৰ ব্যক্তিত্ববোৰক।
যিমানে
যি নকওক কিয়,কোনোৱেই কাকো সম্পূৰ্ণ অনুকৰণ কৰিব নোৱাৰে আৰু আচলতে হ'বও নোৱাৰে।
মই
দেউতা অথবা মা' ৰ দৰে হৈছো(দেখোতাজনৰ ওপৰত নিৰ্ভৰ কৰে)কিন্তু একে
নিচিনাই হৈছো বুলি ক'ব পাৰিব জানো কোনোবাই? নিশ্চয়কৈ নোৱাৰে।
সংস্কাৰ কিন্তু
পৰিয়াল এটাৰ সম্পূৰ্ণ সংস্কৰণ। ই কোনো ব্যক্তিবিশেষৰ অৱদান নহয়। এই সংস্কাৰতেই
থাকে ৰক্ষণশীলতা, যাক সহজ অৰ্থত "নিজস্বতা" বুলিও
ক'ব পাৰি। "নিজক চিনিবা যদিহে তোমাৰ নিজস্বতা
আছে।"
যেতিয়া আমি
বাহিৰলৈ যাওঁ, এই ধৰক অৰুণাচল, ভূটান, মণিপুৰ, কলিকতা (মানে অসমৰ সমীপৱৰ্তী ঠাইবোৰত) আদিত, তেতিয়া
তাৰ মানুহবোৰে অসমীয়া হিচাপে বহুত সমীহ কৰে, বহুখিনি মানে বিশেষকৈ
এইটো ভাৱে যে আমি এটা ধুনীয়া পৰিবেশত, থলুৱা লোক সংস্কৃতিবোৰৰ, নদ-নদী, খাল বিল, গছ-গছনিৰ মাজত সৰুৰে পৰাই ডাঙৰ
হৈছো, কোনো ভিনপৰ নাই, কোনো ভেদাভেদ
নাই, কোনো জাতিগত হীনমান্যতা নাই।
অৰ্থাৎ আমাৰ পৰা
বহুখিনি কথা জানিব বিচাৰে।
(যোৱাবছৰ মই
নিজেই এটি কিশোৰীৰ আগত তামিলনাডুত বিহু গাই শুনাইছো,দেখুৱাইছিলো
ভন্টিহ'তৰ বিহুৰ দলটোৰ ফটো,শুনাইছিলো অ'
মোৰ আপোনাৰ দেশ।)
তথাপিও আমি আমাক
বৰ্হিজগতত হেৰুৱাব খোজো কিয়?
ইন্দিৰা
গান্ধীয়ে বিলাতত গৈ পঢ়ি অহাৰ পিছতো মূৰত ওঢ়নী লৈ ৰাষ্ট্ৰভাষাত ভাষণ দিবলৈ যদি
লাজ কৰা নাছিল। আমি কিয় আমাৰ কথাবোৰত সম্পূৰ্ণ নিজস্ব ভাষা প্ৰয়োগ কৰিব লাজ
পাওঁ।
বাক্যৰ
মাজত আধা ডোখৰিয়া সংমিশ্ৰত শব্দ যোগ কৰাটোৱেই যদি সভ্যতা হয়,
আমি কিয় বৰ্ণমালা শিকিছিলো। ইংৰাজী মাধ্যমত ময়ো পঢ়িছিলো, কিন্তু
আজি পৰ্য্যন্ত ইংৰাজীৰ ব্যৱহাৰ অসমীয়াৰ দৰে নকৰিলো। যদি এজন হিন্দী ভাষীয়ে
অসমীয়া এজনৰ কথা বুজিবলৈ সমৰ্থ হয়, আমি জানিলো বুলিয়েই
হিন্দী ভাষাৰে কথা পাতি লগত থকাজনক হীনমান্যতাত ভোগাও কিয়?
ভাষাৰ
বৈশিষ্ট্য তাতেই, যিয়ে নিজৰ ভাষাক সংস্কৃতিক সন্মান দিব
জানে, মই ভাবো তেওঁ আনবোৰ ভাষাকো সন্মান দিব জানিব। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীবোৰে এইক্ষেত্ৰত গুৰুত্ব আৰোপ নিশ্চয়কৈ
কৰিব পাৰে, মোৰ বোধেৰে। কেৱল ডিগ্ৰীত গ্ৰেড, শতাংশ লোৱাটোৱেই জানো উদ্দেশ্য, মহাবিদ্যালয়বোৰো
একো একোখন নৱজাগৰনৰ মুকলি মঞ্চ।
যোৱাবছৰ আমাৰ গুৱাহাটী চিকিৎসা
মহাবিদ্যালয়ৰ ৰেডিঅ'লজীত পোষ্ট গ্ৰেজুৱেট কৰি থকা কেৰেলাৰ চাৰ
এজনে চানমাৰী গ্ৰন্থমেলাৰ পৰা অভিধান এখন কিনিছিল, লগতে এজন
ট্ৰাইবেল ছাত্ৰয়ো, অৰ্থাৎ তেওঁলোকৰো এটা হেঁপাহ আমাৰ ভাষাটো
জানিবলৈ। আমিও সেইখন ৰাষ্ট্ৰৰেই সন্তান, যিখন ৰাষ্ট্ৰৰ
প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীত্ব লাভ কৰিয়েই আমেৰিকাৰ দৰে বিশ্বৰ প্ৰথম স্থানৰ
যুক্তৰাষ্ট্ৰত গৈ সহশ্ৰ জনগণৰ আগত হিন্দী ভাষাত দীঘলীয়া ভাষণ দিবলৈ সাহস কৰিব
পাৰে।
অসমতো তেনে
বহুতো উদাহৰণ আছে, নতুন চামলৈ যদি যাওঁ। মোৰ শ্ৰদ্ধাৰ (কটন
মহাবিদ্যালয়ৰ) মৌচুমী চহৰীয়া বা (বিদেশত থাকিও, আজিও কথা, সংগীত, শব্দৰে এগৰাকী অসমীয়া চাহপাতৰ দৰে
আপুৰুগীয়া সম্পদ), গুৱাহাটী ইউনিভাৰচিতিৰ তৰালী বা (ইংৰাজীত এম.এ), হোমেন
বৰগোহাঞী চাৰ, লক্ষ্মীনন্দন বৰা ইত্যাদি।
মই এইটো নকওঁ যে
ভাষা জ্ঞান নালাগে, লাগে কিন্তু নিজস্বতা হেৰুৱাব নালাগে। "উজনিত
এমাহ থাকিলোৱেই যেনিবা, সেইবুলিয়েই জানো নামনিৰ ভাষা
এৰিম"। শিপাই নকয়, মোক এৰিবি বুলি। কিন্তু গছে জানে
শিপা এৰি যাব পাৰে, উঘালি পৰিলেও লগত লৈয়ে থাকে।
@@@@@@@@
পোতাশ্ৰয়ৰ গৰাহত
প্ৰাচীন হিন্দু ধৰ্ম
- হীৰক জ্যোতি মহন্ত
মহাজন পাৰা, কামৰূপ ।
মুঠিফোনঃ ৯৮৬৪৭৩২৪১১
ধৰ্ম - অধৰ্মৰ শিপা বিচাৰি ফুৰা মানুহ আজিৰ শিক্ষিত
- মধ্যবিত্ত মানৱ সমাজত বহুতো দেখা যায় । ইয়াৰে এচামৰ বাবে
ধৰ্মৰ দোহাই দি সমাজত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি দিয়াটো যিদৰে সহজসাধ্য হৈ পৰিছে, ঠিক
তেনেদৰে আন এচামে নিজৰ মাজতেই অন্তৰ্কন্দলৰ সূচনা কৰিবলৈ লৈছে । কোনো কোনোৱে আকৌ ধৰ্মৰ নামত নিজৰ ব্যৱসায়কেন্দ্ৰীক মনোবৃত্তিৰ উদগীৰণ ঘটাইছে
। অৰ্থাত্ কোনোধৰণৰ আস্থাহীনভাৱেই কেৱল মানুহৰ ব্যক্তিগত জীৱনৰ স্বাৰ্থৰ চাকনৈয়াত
চলিবলৈ লৈছে সাম্প্ৰতিক সময়ৰ ধাৰ্মিক ব্যৱস্থা । মানুহে লোভ - লালসা, ভোগ - বাসনা, মায়া - মোহ আদিৰ বাবেই আজি পাহৰি পেলাইছে
মানৱ জীৱনৰ প্ৰকৃত সত্ত্বাৰ সৰ্বস্ব । কিন্তু প্ৰকৃত সত্য
এই যে, আমি চৌৰাশী লাখ যোনিত বিচৰণ কৰাৰ পিছতহে মনুষ্য জীৱন লাভ কৰিলো; জ্ঞান - বুদ্ধি,
চিন্তা - চেতনা, আৱেগ - অনুভূতি আৰু আত্মাৰ নিচিনা গুণ পালোঁ । তথাপি আমি আজি এই সমস্ত থকা সত্ত্বেও পশুৰ নিচিনা খোৱা আৰু শোৱাত সন্তুষ্ট
থাকোঁ, লোভ - লালসা আৰু কামনা - বাসনাৰ পিছে পিছে অনৰ্থকভাৱেই দৌৰি ফুৰো । এনেকৈ যদি কেৱল নিজৰ চিন্তাৰ বাহিৰে আনৰ কথা চিন্তা নকৰোঁ, জন্তুৰ নিচিনা
আচৰণ আৰু নৈতিকতাহীন জীৱন - যাপন কৰো, ধৰ্মৰ নাম লৈ অধৰ্মক প্ৰতিনিধিত্ব কৰো, মানুহ
হৈ আন মানুহ তথা জীৱকূলৰ প্ৰতি অমানৱীয় আচৰণ প্ৰদৰ্শন কৰো, সততাৰ নাম লৈ অসত্যৰ ভেটি
প্ৰতিষ্ঠা কৰোঁ, তেন্তে মানুহৰ ৰূপ ধাৰণ কৰাৰ সাৰ্থকতা কি ?
সাম্প্ৰতিক সময়ত বহুতেই ধৰ্ম প্ৰচাৰ বা ধৰ্ম চৰ্চাৰ
যোগেদি মানুহ হবলৈ অহোপুৰুষাৰ্থ কৰা দেখা যায় । কিন্তু আচলতে ধৰ্ম, ঈশ্বৰ বা আল্লা মানুহৰ বাবেহে । সেয়ে আগতে মানুহ হৈ, তাৰ পিছতহে ধৰ্মৰ নাম ল'ব লাগে । অন্যথা ধৰ্মৰ নামত অৰাজকতাইহে বিৰাজ কৰা দেখা যায় । অৰ্থাত্ ৰাস্তাৰ মাজতে অকলশৰে পোৱা অসহায় ছোৱালীজনীৰ শ্লীলতা হানি কৰিবলৈ
চেষ্টা কৰা মানুহজনে বগা কামিজ পৰিধান কৰি দুৰ্গা দেৱীৰ আগত নতশিৰে আশীৰ্বাদ বিচৰাটো
একেবাৰে অৰ্থহীন ।
আজি চৌদিশে দেখো মাঁথো ধৰ্মৰ এক অতি দুঃখলগা অৱস্থা
। ভাৰতবৰ্ষৰ আন ধৰ্মবোৰৰ তুলনাত যেন হিন্দুধৰ্মৰ অৱস্থা আৰু বেছি শোচনীয় । এদিন হিন্দুধৰ্ম কিমান ভাল আৰু পবিত্ৰ আছিল আৰু এতিয়া ইয়াৰ অধঃপতন আৰম্ভ
হৈ লাহে লাহে গাঁতৰ ভিতৰলৈ সোমাই গৈছে । ধৰ্মৰ নামত আমাৰ
মাজত চলিছে কেৱল নাস্তিকতা, অশ্ৰদ্ধা আৰু অন্ধবিশ্বাস । ধৰ্মৰ ভেটিতেই এচাম মানুহে নিজকে প্ৰতিষ্ঠিত বুলি দাবী কৰিবলৈ গৈ বৰ্বৰতাৰ
আশ্ৰয় লৈছে । ইয়াৰ ফলতেই ইমান পাপ আৰু সেই পাপৰ ফলস্বৰূপেই
মানুহে নানা দুখ যন্ত্ৰনাৰ সন্মুখীন হ'বলগা হৈছে ।
যি আৰ্যজাতি এদিন অতিকে ধৰ্মপ্ৰাণ আছিল, ঈশ্বৰ
বিশ্বাসী আছিল আৰু পবিত্ৰ হৃদয়েৰে ধৰ্মৰ নামত নিজকে বিলীন কৰি দিছিল ; তেওঁলোকৰ উত্তৰপুৰুষসকল
(বংশধৰসকল) এতিয়া কিমান যে অধাৰ্মিক আৰু নাস্তিক হ'ল ! সেই অতীত কালত মানুহৰ একমাত্ৰ
কৰ্তব্য আছিল ধ্যান, প্ৰাৰ্থনা আৰু উপাসনা ; কিন্তু এতিয়া কিমান মানুহে ঈশ্বৰৰ নাম
লয় ? লোৱাসকলৰো ভগৱানৰ নামত হৃদয়ৰ প্ৰাৰ্থনা কিমান সত্যশুদ্ধ...?
আজিৰ সমাজত পাপ, দুখ - কষ্ট, ভোক, ভালপোৱাৰ কাৰণে
তৃষ্ণা, ঈৰ্শা, স্বাৰ্থপৰতা আৰু সকলোতকৈ অধিক ধৰ্মৰ অভাৱ স্পষ্ট হৈ পৰিছে । এই সকলোবোৰ মিলি মানুহৰ অস্তিত্বক নাৰকীয় কৰি তুলিছে । মানুহে নিজৰ সুখ - সম্ভোগৰ বাবে আন মানুহ তথা জীৱকূলৰ প্ৰতি বিস্তৃত ৰূপত
অন্যায় - অবিচাৰ কৰিবলৈ লৈছে । প্ৰায় মানুহৰে যেন
দয়া আৰু মানৱতা নিঃশেষ হৈ গৈছে । সেয়ে সমাজব্যৱস্থা
আজি ইমান দুৰ্ঘোৰ বিভীষিকাত উপনীত হৈছেহি ।
সম্প্ৰতি সনাতন ধৰ্ম প্ৰায় লুপ্তপ্ৰায় অৱস্থাত
। অশ্ৰদ্ধা, নাস্তিকতা, আৰু অন্ধবিশ্বাসে তাক পতনৰ পিনে লৈ গৈছে আৰু কুত্চিতা
কৰি পেলাইছে । ইমানেই নহয়, আজিকালি ইমান পাপকৰ্ম হৈছে আৰু
পবিত্ৰ স্থানত ইমান অধৰ্ম হৈছে যে সেইবোৰক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি । আজি আমাৰ পুৰোহিতসকলৰো কি যে দুৰ্দশা, কিমান লজ্জাহীন তেওঁলোকৰ অৱস্থা । প্ৰাচীণ কালৰ আমাৰ সেই পবিত্ৰ ব্ৰাহ্মণসকলৰ যেন স্বৰূপটোও দেখিবলৈ পোৱা
নাযায় । কলৈ গ'ল তেওঁলোক ? আৰু তেওঁলোকৰ স্থান এতিয়া যিবিলাকে
লৈছে, তেওঁলোকৰ কিমান অসত্ আৰু ধূৰ্ত ? এতিয়া য'তেই অলপ ধৰ্মৰ পোহৰ আহে, অলপ পিছতে
তাক পাপৰ আন্ধাৰে গ্ৰাস কৰি পেলায় । যাৰ ফলস্বৰূপে মানুহে
জীৱন পথত নানাধৰণৰ দুখ - কষ্ট, লঘু - লাঞ্ছনাত ভোগাৰ উপৰিও বিভিন্ন সময়ত জীৱনৰ প্ৰতিও
আস্থাহীনতাত ভোগা দেখা যায় ।
সেয়ে আজি আমি ভাৱিবলৈ বাধ্য হৈছো যে, ভাৰতৰ আকাশত
সূৰ্য্য লাহে লাহে অস্ত যাবলৈ ধৰিছে ! কি ভয়ংকৰ পৰিবৰ্তন ; কি আছিল আৰু এতিয়া কি হ'ল
? ভাৰতৰ ঋষি-মুনি আৰু দাৰ্শনিকসকল কলৈ গ'ল ? আমাৰ পূৰ্বপুৰুষসকল এতিয়া ক'ত, যিসকলে
জ্ঞানৰ চৰম সীমাপৰ্যন্ত অন্বেষণ কৰিছিল ? তেওঁলোকৰ ওজস্বী ব্যক্তিত্ব আজি ক'ত বিলুপ্ত
হ'ল ? তেওঁলোকৰ নিচিনা নৈষ্ঠিক ব্ৰহ্মচাৰীসকল এতিয়া ক'ত ? তেওঁলোকৰ ঐশ্বৰিক অনুভূতি
আৰু চিন্তাধাৰাবোৰ ক'ত ? তেওঁলোকৰ আত্মাৰ লগত পৰমাত্মাৰ মিলন ক'লৈ গ'ল, যাক আমি আলোচনা
কৰিও মনত অপূৰ্ব সন্তোষ পাঁও ? সকলোবোৰেই দেখোন বিলুপ্ত হ'ল । তেওঁলোকৰ বৈদিক মন্ত্ৰৰ উচ্চাৰণ এতিয়া ক'তো শুনা নাযায় । পবিত্ৰ গংগাৰ পাৰতো এতিয়া সামহেদৰ ধ্বনি গুঞ্জৰিত নহয় ।
সমস্ত হেৰুৱায়ো ধৰ্ম চৰ্চা কৰাৰ অধিকাৰ আজি আমাৰ
আছে জানো ? ধৰ্ম হেৰুৱালো - তথাপি আমি আজি ধাৰ্মিক, মানৱতা হেৰুৱালো - তথাপি আমি আজি
মানুহ, হৃদয়ৰ পবিত্ৰতা হেৰুৱালো - তথাপি আমি আজি ভক্ত, - ই কেনেকৈ সম্ভৱ...? ধৰ্মৰ
পৰা আমি আচলতে কি বিচাৰো ? ঈশ্বৰ চিন্তাই আমাক কি দিয়ে ? - এনেবোৰ বিষয় আজি আমি আমাৰ
হৃদয়ৰ মাজত যুক্তিপূৰ্ণভাৱে বিচাৰ - বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । তেতিয়াহে আমাৰ প্ৰাচীন হিন্দু ধৰ্মই আজিৰ এই জৰাজীৰ্ণ অৱস্থাৰ পৰা মুক্তি
লাভ কৰিব পাৰিব । নহ'লে আমাৰ মাজত ধৰ্মৰ নামত হোৱা অধৰ্মৰ প্ৰাদুৰ্ভাৱে
এদিন সমগ্ৰ সমাজখনকেই মৃত্যুৰ গৰাহত উপনীত কৰাব ।
সি যি কি নহওঁক, পৃথিৱীৰ প্ৰতিটো ধৰ্মই মানুহক
ঈশ্বৰ বিশ্বাসী তথা সমগ্ৰ জীৱকূলৰ প্ৰতি দয়াশীল হবলৈ শিকায় । আমাৰ হিন্দুধৰ্মও ইয়াৰ ব্যতিক্ৰম নহয় । হিন্দুধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণ - মহাভাৰততো মানুহক ঈশ্বৰৰ তত্ত্বত
বিশ্বাসী হ'বলৈ শিক্ষা দিয়া হৈছে । কাৰণ ঈশ্বৰে সদায়
মানুহৰ উপকাৰ সাধন কৰে । পাপ, অধৰ্ম, দুৰাচাৰ আদি সকলো বেয়াৰ মাজেদি
তেওঁ আমাৰ একমাত্ৰ লক্ষ্যস্থানত উপনীত হ'বলৈ লৈ যায় । তেওঁ এনেকুৱা চুম্বক যি সকলো পিনৰ বস্তুক তেওঁৰ ওচৰলৈ টানি লৈ আহে, সকলোৰে
ওপৰত তেওঁ ঐশ্বৰিক প্ৰভাৱ বিস্তাৰ কৰে । সেয়ে আমাৰ পথ যিমানেই
বিপদজনক হওঁক, আমাৰ যাত্ৰা যিমানেই কষ্টপূৰ্ণ হওঁক, আমি আগুৱাই যাবই লাগিব । আমি তেওঁৰ লগত লীন হ'বই লাগিব । আমি ধৰণীত সত্য,
ধৰ্ম, ন্যায় আৰু সততাক প্ৰতিষ্ঠা কৰিবই লাগিব । এয়াই প্ৰকৃততে আমাৰ ধৰ্ম ।
----------------------
সংস্কৃতিৰ সপক্ষে ঐক্যবদ্ধ হওঁক যুৱ ছাত্ৰ সমাজ
-অভিজৎ ভূঞা
সময় নৈৰ দৰে, ই কাৰো বাবে ৰৈ নাথাকে ৷ যুগৰ পৰিৱর্তনত খোজ মিলাই
সমাজলৈ পৰিৱর্তনই আহিবই ৷ কিন্তু এই পৰিৱর্তন নেতিবাচকৰ সলনি ইতিবাচক হোৱাটো
প্ৰয়োজন ৷ সাম্প্ৰতিক সময়ত বিশ্বায়নে গণ মাধ্যমৰ যোগেদি আমাৰ সাতাম পুৰুষীয়া সংস্কৃতিৰ
ওপৰত ভোগবাদী চিন্তাধাৰা আৰু অপসংস্কৃতিয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ৷ কেৱল অসম
নতুবা ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ অস্থিৰ এটা শতিকাত আমি উপনীত হৈছো ৷
গোষ্ঠীগত সংঘর্ষ, ভোগবাদী সংস্কৃতিৰ প্ৰৱেশ, শিক্ষা আৰু ব্যক্তি কেন্দ্ৰিকতা, অপ সংস্কৃতি আদিয়ে
ক্লেদাক্ত আৰু যন্ত্ৰণাময় কৰি তুলিছে সময় ৷
আজি অসমৰ সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক জগতখন সৱলভাৱে বলিষ্ঠ
নেতৃত্বৰ দ্বাৰা আগুৱাই যাব পৰা নাই ৷ আজি অর্থনীতি, সমাজনীতি,
গৃহ ভূমি, শিক্ষা- সংস্কৃতি আদি সকলো দিশতে
অসমীয়া সমাজখন গভীৰ সংকটৰ সন্মুখীন হৈছে ৷ ৰাজনৈতিক অদুৰদর্শিতা আৰু স্বার্থ
সিদ্ধিৰ মতলবত মতলীয়া হোৱা ৰাজনীতিয়ে প্ৰৱজনৰ সমস্যা, ৰাজ্যখনৰ
অর্থনৈতিক, উগ্ৰবাদী, নিবনুৱা আদি
সমস্যালৈ পিঠি দিয়াৰ পৰিণতি স্বৰূপে ৰাজ্যখনত সদায় বিৰাজ কৰি আহিছে এক অস্থিৰ
অৱস্থাই ৷ এনে সন্ধি ক্ষণত জাতীয় স্বার্থৰ হকে সংগ্ৰাম কৰাৰ, অসমীয়াৰ বাৰে ৰহনীয়া সাংস্কৃতিক বৈশিষ্ট ৰক্ষা কৰি জাতি, ধর্ম, বর্ন নির্বিশেষে সকলো জাতি জনজাতিৰ মিলনেৰে
অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ প্ৰয়োজন আহি পৰিছে ৷
চাওলুং চুকাফা, চিলাৰায়, শংকৰ- মাধৱ- আজান পীৰে গঢ়ি যোৱা মহামিলনৰ সমন্বয়ৰ এই অসম ভূমি আজি ভাঙি- চিঙি ঠান- বান হোৱাৰ উপক্ৰম হৈছে ৷ আজি অসমৰ বায়ু মণ্ডল বিষাক্ত, চৌদিশে কেৱল হত্যা-হিংসা, লুণ্ঠন, ধর্ষণ, দুর্নীতি- শোষণ, অন্যায় আৰু অবিচাৰে সকলোকে গ্ৰাস কৰি পেলাইছে ৷ আজি অসমৰ আকাশত ক'লা বিষাক্ত বায়ু সেৱন কৰা কোনো এজন সুস্থ ব্যক্তিয়ে সুস্থ মানসিকতাৰে চিন্তা কৰিব নোৱাৰা হৈছে ৷ জাতি জনগোষ্ঠীসমূহৰ মাজত প্ৰেম ভাতৃত্ববোধ, বিশ্বাস আদি ভাৱধাৰাৰ বিপৰীতে সংশয়, সন্দেহ আৰু আস্থাহীনতাই গা কৰি উঠিছে ৷ ভায়ে ভায়ে আজি তেজৰ লুকা- ভাকু খেলিছে ৷ কাৰ কি লাভ হৈছে বা লোকচান হৈছে সেয়া নিশ্চয় সময়েহে ক'ব৷
আজি বাৰেৰহনীয়া অসমীয়া সমাজখনক অপ- সংস্কৃতিয়ে চানি পেলাইছে ৷ সমাজত অপ- সংস্কৃতিৰ লগতে মদ ভাং, জুৱা, ড্ৰাগছ আৰু ৰাজহুৱা ব্যভিচাৰ, অশ্লীলতা বাঢ়িছে ৷ জাতীয় সাজ- পোচাকৰ প্ৰতি আদৰ কমাৰ মনোবৃত্তি সৃষ্টি হৈছে ৷ ৰুচিহীন সাজপোচাকৰ জৰিয়তে অসুস্থ মুল্যবোধৰো পৰিচয় দিবলৈ সংকোচ নকৰা হৈছে এচাম অসুস্থ মানসিকতাৰ লোকে ৷ নিজৰ মাতৃভাষাটোৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে বহুতক ৷ আনহাতে ছাত্ৰ- ছাত্ৰীসকল আধুনিকৰ পৰা অত্যাধুনিক হ'বলৈ আগবাঢ়িছে ৷ সমাজক কলুষিত কৰাৰ উদ্দেশ্যে ছাত্ৰ- ছাত্ৰী, যুৱক- যুৱতীৰ মন চঞ্চল কৰি ৰাখিবৰ বাবে আমাৰ সমাজত নগ্ন দুষ্কৃতিৰ প্ৰৱেশ কৰোৱাৰ চক্ৰান্ত কৰিছে বিশেষ এটা পক্ষই ৷
অসমৰ সংস্কৃতিৰ পথাৰখনত অতি সম্প্ৰতি ভুমুকি মৰা অশ্লীলতা, নগ্নতা, আদি অপ- সংস্কৃতিক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰা আৰু অসম ভূমিত বাৰেৰহনীয়া সংস্কৃতি আৰু জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰ মাজত আজিৰ সময়ত অসমীয়া সমাজখনক এক কৰি ৰখাটো প্ৰয়োজন হৈ পৰিছে ৷
এনে পৰিস্থিতিত অসমৰ ছাত্ৰ- যুৱ সমাজে আত্ম বিশ্বাস আৰু আত্ম প্ৰত্যয়ৰে আগুৱাই যোৱাৰ মন বন্ধাৰ লগতে এনে সংকটপূর্ণ সময়ত নিজৰ সমাজখনৰ, ৰাজ্যখনৰ আৰু নিজৰ জাতিটোৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব।
চাওলুং চুকাফা, চিলাৰায়, শংকৰ- মাধৱ- আজান পীৰে গঢ়ি যোৱা মহামিলনৰ সমন্বয়ৰ এই অসম ভূমি আজি ভাঙি- চিঙি ঠান- বান হোৱাৰ উপক্ৰম হৈছে ৷ আজি অসমৰ বায়ু মণ্ডল বিষাক্ত, চৌদিশে কেৱল হত্যা-হিংসা, লুণ্ঠন, ধর্ষণ, দুর্নীতি- শোষণ, অন্যায় আৰু অবিচাৰে সকলোকে গ্ৰাস কৰি পেলাইছে ৷ আজি অসমৰ আকাশত ক'লা বিষাক্ত বায়ু সেৱন কৰা কোনো এজন সুস্থ ব্যক্তিয়ে সুস্থ মানসিকতাৰে চিন্তা কৰিব নোৱাৰা হৈছে ৷ জাতি জনগোষ্ঠীসমূহৰ মাজত প্ৰেম ভাতৃত্ববোধ, বিশ্বাস আদি ভাৱধাৰাৰ বিপৰীতে সংশয়, সন্দেহ আৰু আস্থাহীনতাই গা কৰি উঠিছে ৷ ভায়ে ভায়ে আজি তেজৰ লুকা- ভাকু খেলিছে ৷ কাৰ কি লাভ হৈছে বা লোকচান হৈছে সেয়া নিশ্চয় সময়েহে ক'ব৷
আজি বাৰেৰহনীয়া অসমীয়া সমাজখনক অপ- সংস্কৃতিয়ে চানি পেলাইছে ৷ সমাজত অপ- সংস্কৃতিৰ লগতে মদ ভাং, জুৱা, ড্ৰাগছ আৰু ৰাজহুৱা ব্যভিচাৰ, অশ্লীলতা বাঢ়িছে ৷ জাতীয় সাজ- পোচাকৰ প্ৰতি আদৰ কমাৰ মনোবৃত্তি সৃষ্টি হৈছে ৷ ৰুচিহীন সাজপোচাকৰ জৰিয়তে অসুস্থ মুল্যবোধৰো পৰিচয় দিবলৈ সংকোচ নকৰা হৈছে এচাম অসুস্থ মানসিকতাৰ লোকে ৷ নিজৰ মাতৃভাষাটোৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে বহুতক ৷ আনহাতে ছাত্ৰ- ছাত্ৰীসকল আধুনিকৰ পৰা অত্যাধুনিক হ'বলৈ আগবাঢ়িছে ৷ সমাজক কলুষিত কৰাৰ উদ্দেশ্যে ছাত্ৰ- ছাত্ৰী, যুৱক- যুৱতীৰ মন চঞ্চল কৰি ৰাখিবৰ বাবে আমাৰ সমাজত নগ্ন দুষ্কৃতিৰ প্ৰৱেশ কৰোৱাৰ চক্ৰান্ত কৰিছে বিশেষ এটা পক্ষই ৷
অসমৰ সংস্কৃতিৰ পথাৰখনত অতি সম্প্ৰতি ভুমুকি মৰা অশ্লীলতা, নগ্নতা, আদি অপ- সংস্কৃতিক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰা আৰু অসম ভূমিত বাৰেৰহনীয়া সংস্কৃতি আৰু জাতি জনগোষ্ঠীৰ বিচিত্ৰতাৰ মাজত আজিৰ সময়ত অসমীয়া সমাজখনক এক কৰি ৰখাটো প্ৰয়োজন হৈ পৰিছে ৷
এনে পৰিস্থিতিত অসমৰ ছাত্ৰ- যুৱ সমাজে আত্ম বিশ্বাস আৰু আত্ম প্ৰত্যয়ৰে আগুৱাই যোৱাৰ মন বন্ধাৰ লগতে এনে সংকটপূর্ণ সময়ত নিজৰ সমাজখনৰ, ৰাজ্যখনৰ আৰু নিজৰ জাতিটোৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব।
------------------------------
শৰতৰ প্ৰেমত পৰিয়েই আপুনিও সেউজীয়া হওঁক
: অভিজিৎ ভূঞা
শাৰদী কোমল
জোনাক মায়াৰে
মন উতলা কৰে
শৰত, মন কমোৱা
তুলাৰ দৰে উৰি যোৱা ঋতু শৰত। ঋতুৰ ৰাণী শৰত। গ্ৰীষ্মৰ উত্তাপক বিদায় দি শৰতক আদৰণি জনোৱা ঋতু শৰত। তাৰেই উমান শৰতৰ পুৱাৰ
বতাহজাক।
শৰত মানেই যেন শ্যামল ধৰণ, জ্যোৎস্নাময়ী
চন্দ্ৰাৱলী, সৌন্দৰ্যৰ মধুৰ মাধুৰী। শৰতৰ ৰিব ৰিব মলয়াৰ মধু লহৰত বংশীৰ বুকুত পঞ্চম সুৰৰ মূৰ্চনা তুলি
আত্মবিভোৰ হয় বৰ্ণমালী। শেৱালী
ফুলৰ মধুৰ সুবাসে দিয়ে আমাক শৰত অহাৰ বতৰা। নিশাৰ আন্ধাৰৰ সুযোগ লৈ ফুলা আমোলমোল গোন্ধেৰে সুবাসিত শেৱালী ফুলে
ৰাতিপুৱা চোতালৰ দুবৰিডৰাৰ দলিচাত বুটা বাছে। শৰত কালৰ তৰা ভৰা আকাশৰ
স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰি তোলে সকলোৰে। সেয়ে গীতিকাৰে হয়তো
লিখিছিল---
আমোলমোল শেৱালি গোন্ধ
যাওঁ বুলি যাবই নোখোজেচোন
(লোকনাথ গোস্বামী)
শাৰদী ৰাণীৰ প্ৰেমত পৰা সেউজীয়া দুবৰি বনে নিয়ৰৰ কণিকা শিৰত লৈ
কোনো অচিন পথিকক জোকায়। যাৰ
বাবে সেই পথিকে মৰমৰ প্ৰেয়সীজনীক শৰতৰ সম্ভাষণ জনাবলৈ এপাহি শেৱালি ফুল হাতত দিবলৈ
বাধ্য হয়। শাৰদী
ৰাণীৰ প্ৰেমত পৰিয়েই হয়তো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গাইছিল---
শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ,
পুৱতি নিশাৰ সপোন
শৰতৰ আগমনত প্ৰত্যেকৰে মনৰ বাগিচাত ফুলি উঠে আশাৰ পাপৰি। আচ্ছাদিত হৈ উঠে মন
গহণৰ সীমনা। উজলি
উঠে হিয়াৰ মণিকোঠা। চঞ্চল
হৈ উঠে হেঁপাহৰ দুচকুৰ মণি।
ইফালে নীল আকাশত কপাহ কোমল শুকুলা ডাৱৰৰ অহা-যোৱা। নিষ্পাপ পবিত্ৰ কোলাহল
কৰি ডাৱৰৰ মাজেৰেই ডেউকা মেলি দূৰ দিগন্তৰ দিশে উৰি যায় এজাক শৰালি নাইবা এজাক
বগলী।
শৰত মানেই কঁহুৱা। লুইতৰ বালিচৰত হালি জালি কঁকাল ভাঙি নচা কঁহুৱা বনে আমাৰ মনত
আনন্দৰ জোৱাৰ তোলে। কবি
ৰঘুনাথ চৌধাৰীৰ মতে---
লুইতৰ পাৰে পাৰে কঁহুৱা ফুল
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ ধৱলকান্তি কৰিছে বিপুল
যেন সুৰ তৰংগিনী পুলকে আকুল।
শৰতৰ আগমনত জীপাল হৈ উঠে প্ৰকৃতিৰ বুকু। সুবাসিত হৈ উঠে চৌদিশ। গাভৰু হয় কৃষকৰ জীয়ৰী
ধাননি পথাৰ। বোকাৰ
শালিতলি ৰূপান্তৰিত হয় সজাল ধৰা ধাননি পথাৰলৈ। বালিমাহীৰ নাচোনত
খহিপৰে বালিচন্দা। শেৱালীৰ
শুভ্ৰতাত তৰুণ হৈ পৰে মন প্ৰাণ। শৰতৰ পূৱাৰ পৰাণে সিঁচি দিয়ে প্ৰেৰণাৰ নতুন মন্ত্ৰ। ধন্য হয় মানব হৃদয়। শৰত মানেই আশাৰ বতৰা। কিয়নো---
শেষ হৈ গ'ল
লব্ধ আকাশৰ হিংস্ৰ উৎসৱ
উখল মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল।
--হীৰেন ভট্টাচাৰ্য
ৰং সলনি হয় সকলোৰে,
সেউজীয়াৰ পৰা ৰূপোৱালী, ৰূপোৱালীৰপৰা সেউজীয়া।
******
বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭
|
কৰ্মস্থানত নাৰীৰ যৌন নিৰ্যাতন-- ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থা
“Women are the only oppressed
group in our society that lives in intimate association with their oppressors”
~Evelyn Cunningham
সমাজৰ বিভিন্ন প্ৰান্তত শোষিত সকলৰ ভিতৰত নাৰীয়েই হৈছে একমাত্ৰ, যি শোষকৰ লগত একেলগে আৰু অন্তৰংগ হৈ বাস কৰে। নাৰীজনিত
অপৰাধ কেৱল নিৰ্দিষ্ট ধৰ্মৰ মাজত বা কেৱল দৰিদ্ৰ আৰু অশিক্ষিত শ্ৰেণীৰ মাজত সংঘটিত হোৱা অপৰাধ নহয়, ইয়াৰ বিপৰীতে ই বিস্তাৰিত হৈ থাকে সমাজৰ যিকোনো ক্ষেত্ৰলৈ অৰ্থাৎ পৰিয়ালৰ পৰা ৰাজপথলৈ, চিকিৎসাগৃহৰ পৰা সেনাৰ
চাউনিলৈ অথবা শিক্ষানুষ্ঠানৰ পৰা কৰ্মস্থানলৈ।
১৯৯২ চনত
ৰাজস্থানত সংঘটিত ভাৱৰী দেৱীৰ ধৰ্ষণ আৰু ধৰ্ষণ কাণ্ডত জড়িত হৈ পৰা আইনী প্ৰক্ৰিয়াৰ
মেৰ-পাকে প্ৰথমবাৰৰ বাবে
কৰ্মক্ষেত্ৰত নাৰীৰ যৌন নিৰ্যাতন বিষয়টো ভাৰতৰ সচেতন মহলৰ মাজলৈ লৈ আনে। বৰ্ণবৈষম্য, বাল্যবিবাহ আদিৰে জুৰুলা হৈ থকা ৰাজস্থানৰ ভাটেৰী নামৰ গাওঁখনৰ বাল্য
বিবাহ প্ৰথাত বাধা দিয়াৰ হেতু উচ্চ বৰ্ণৰ বহু লোকৰ বাবে নাৰীৰ উন্নয়ণ সম্পৰ্কীয় এক
প্ৰকল্পৰ তৃণমুল পৰ্যায়ৰ সমাজকৰ্মী , নিম্ন বৰ্ণৰ ভাৱৰী দেৱী
শত্ৰু হৈ উঠিছিল। ১৯৯২ চনৰ ২২ চেপ্তেম্বৰত ভাৱৰীয়ে পতি
মোহনলালৰ লগত পথাৰত কাম কৰি থকা অৱস্থাত পাচজন লোকে মোহনলালক মাৰ-পিট কৰি অচেতন কৰি তোলে আৰু ভাৱৰীক দলৱদ্ধ ধৰ্ষণ কৰে।
ভাৱৰী দেৱীৰ
ধৰ্ষণ কাণ্ডই ন্যায় ব্যৱস্থাৰ লেহেমীয়া,বৈষম্যমূলক স্বৰূপক
নগ্ন ভাৱে উদঙাই দিছিল।প্ৰথমাৱস্থাত আৰক্ষীয়ে এই অভিযোগ লবলৈ অস্বীকাৰ কৰে এই
যুক্তিত যে ধৰ্ষণ হব পৰাকৈ ভাৱৰী দেৱী আকৰ্ষণীয় নহয় আৰু বয়সীয়াল। পাছত আৰক্ষীয়ে
অভিযোগ লয় যদিও স্বাস্থ্য পৰীক্ষাৰ বাবে ভাৱৰী উপস্থিত হোৱা জয়পুৰৰ চিকিৎসা কৰ্মীসকলে মেজিষ্ট্ৰেটৰ নিৰ্দেশ নোপোৱালৈকে পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয় আৰু মেজিষ্ট্ৰেটে তেওঁৰ কৰ্মৰ সময় পাৰ হৈ যোৱাৰ অজুহাতত পৰৱৰ্তী
দিনৰ বাবে ভাৱৰীক অপেক্ষা কৰিবলৈ কয়, যাৰ ফলস্বৰূপে ভাৰতৰ আইন অনুসৰি ‘vaginal
swab’ ধৰ্ষণৰ ২৪ ঘন্টাৰ
ভিতৰত লোৱাটো বাধ্যতামুলক যদিও ভাৱৰীৰ ক্ষেত্ৰত ইয়াক ৪৮ ঘণ্টা পাছত লোৱা হয়। ধৰ্ষণৰ
দুবছৰ পাছত আৰম্ভ হোৱা জিলা পৰ্যায়ৰ তদন্তত
পাচজনকৈ বিচাৰকৰ সাল-সলনিৰ পাছত অৱশেষত ষষ্ঠ বিচাৰকৰ অধীনত অভিযুক্ত
সকলক নিৰ্দোষী ঘোষণা কৰা হয়।বিচাৰকৰ যুক্তি অনুযায়ী ভাৱৰী দেৱীৰ স্বাস্থ্য পৰীক্ষা
৪৮ ঘন্টাৰ পাছত কৰা হৈছিল আৰু ধৰ্ষণ সংঘটিত
হোৱাৰ সময়ত ভাৱৰীৰ পতি অচেতন অৱস্থাত আছিল,গতিকে বিচাৰকে ভাৱৰীয়ে মিছাকৈ অভিযোগ অনা সম্ভৱ বুলি ৰায় দিয়ে । বিচাৰকৰ
মতে উচ্চ বৰ্ণৰ পুৰুষ ,(যাৰ মাজত এজন ব্ৰাহ্মণ আছিল) তেওঁলোকে নিম্ন বৰ্ণৰ এগৰাকী নাৰীক
ধৰ্ষণ নকৰে। অভিযুক্ত সকলৰ দুজনৰ মাজত খূড়া-ভতিজাৰ সম্পৰ্ক থকাৰ
বাবে কৰ্টে ৰায় দিয়ে যে ভাৰতৰ দৰে দেশৰ গাৱঁৰ এজন খূড়াকে ভতিজাকৰ সম্মুখত ধৰ্ষণ সংঘটিত কৰাটো
কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। এই
ৰায়দানৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টি
আৰু প্ৰতিক্ৰিয়াৰ বাবে ৰাজস্থানৰ বিশাখা নাৰী সংগঠনৰ নেতৃত্বত
বিচাৰ লানি ভাৰতৰ উচ্চতম ন্যায়লয়লৈ প্ৰেৰণ কৰা হয়। ৰাজস্থান চৰকাৰৰ বিৰূদ্ধে বিশাখা নাৰী সংগঠনৰ এই পদক্ষেপৰ বাবে ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত কৰ্মস্থানত নাৰীৰ যৌন উৎপীড়নৰ প্ৰাথমিক সংজ্ঞা নিৰ্ধাৰণ কৰা
হয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইনৰ বাবে বিশাখা গাইডলাইন গঠন
কৰি তোলা হয়। এই ঘটনাৰ কোনো উচিত ন্যায় ভাৱৰী দেৱীয়ে পোৱা নাই (ইতিমধ্যে দুজন অভিযুক্তৰ মৃত্যু
হৈছে) কিন্তু
ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয়
পৰ্যায়ত সমৰ্থন তথা ১৯৯৪ চনত Neerja Bhanot Memorial Award আৰু ১৯৯৫
চনত চীনৰ বেইজিঙত অনুষ্ঠিত United Nations 4th
world conference on women লৈ ভাৱৰী
দেৱীক আমন্ত্ৰিত কৰা হয়।
১৯৯৭ চনৰ
পৰা এক দীঘলীয়া সময়ৰ পাছত ২০১৩ চনত কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন(প্ৰতিৰোধ,নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ)আইনখন নতুনকৈ গঠন কৰি তোলা হয় । এই
নতুন আইনে বিশাখা গাইডলাইনৰ ‘কৰ্মস্থান’ৰ পৰম্পৰাগত সংজ্ঞাক ভংগ কৰি ইয়াক বহল পৰিসৰত সংজ্ঞাবদ্ধ কৰিছে। ‘কৰ্মস্থান’ শব্দটোক ইয়াত নিয়োগকৰ্তাই যোগান ধৰা যান-বাহন আদিকো সামৰি মহিলাৰ নিয়োগৰ সৈতে জড়িত ব্যক্তিগত, ৰাজহুৱা আদি ক্ষেত্ৰ, চৰকাৰী মালিকানাধীন-নিয়ন্ত্ৰাণাধীন
প্ৰতিষ্ঠান,চিকিৎসালয়,নাৰ্চিংহোম,বৃত্তিমুলক-শিক্ষামুলক-ক্ৰীয়া-প্ৰশিক্ষণ-অনুষ্ঠান,অনান্য
আনুষ্ঠানিক/অনানুষ্ঠানিক কৰ্মৰ ক্ষেত্ৰ (যেনে ইটা ভাটা,বিউটি
পাৰ্লাৰ,পাব,ক্লাৱঘৰ,বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আদি) আৰু
নিয়োগ জড়িত কৰ্তব্যত থাকোতে মহিলাই পৰিদৰ্শন কৰা সকলো ঠাইলৈ সম্প্ৰসাৰিত কৰা হৈছে ।
ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) দফা আৰু নতুন আইনখনে দিয়া সংজ্ঞা অনুসৰি যৌন উৎপীড়ন মৌখিক , অ-মৌখিক ,লিখিত ,শাৰীৰিক, চিত্ৰায়িত আৰু বৈদ্যুতিন আদি যিকোনো ৰূপতেই হ’ব পাৰে। শাৰীৰিক
সান্নিধ্য আৰু শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ,যৌন অনুগ্ৰহৰ বাবে অনুৰোধ বা দাবী কৰা,পৰ্ণগ্ৰাফী বা অশ্লীল ছৱি দেখুওৱা,যৌনগন্ধী মন্তব্য কৰা,অ-মৌখিক যৌন প্ৰস্তাৱ-কাৰ্য বা যৌন প্ৰকৃতিৰ
আচৰণ আদি সকলো যৌনগন্ধী ঘটনাক এই আইনে ইয়াৰ পৰিসৰত আগুৰি লৈছে। যৌন উৎপীড়নৰ গুৰুতৰ পৰ্যায়কেই নহয় ,লঘু
ৰূপ যেন লগা যৌন উৎপীড়নকো এই আইনখনৰ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰণ প্ৰাৰম্ভিক অৱস্থাত
সাধাৰণভাৱে দিয়া যৌনগন্ধী ইংগিতসমুহেই ধৰ্ষণৰ প্ৰচেষ্টা বা ধৰ্ষণৰ দৰে চৰম পৰ্যায়লৈ বৃদ্ধি পাব পাৰে।
এনে ক্ষেত্ৰত মহিলা এগৰাকীয়ে এক যৌনগন্ধী ইংগিত সহ্য কৰি থকা মানেই ইংগিত দিওতাক পৰৱৰ্তী পৰ্যায়লৈ অৰ্থাৎ এক ধৰ্ষণ কাণ্ডলৈ উৎসাহিত কৰা কাৰ্য।
এই আইন অনুসৰি নিয়োগকৰ্তাই ব্যৱসায়িক প্ৰতিষ্ঠান, বৃহৎ সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানৰ শাখা বা প্ৰশাসনীয় বিভাগ আদি য’ত ১০
বা তাতোধিক কৰ্মচাৰীক কামত নিয়োগ কৰা হৈছে ,তাত একোখন আভ্যন্তৰীণ অভিযোগ কমিটি (Internal
complaint committee বা ICC) গঠন কৰাটো নিতান্তই বাধ্যতামুলক। নিয়োগ কৰ্তাৰ বাবে কেতবোৰ কৰ্তব্য যেনে সজাগতা সৃষ্টিৰ বাবে কৰ্মশালা-আলোচনা চক্ৰ আদিৰ আয়োজন,ভুক্তভোগী মহিলাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা সুনিশ্চিত কৰা আদি তালিকাভুক্ত কৰাৰ উপৰি কোনো ব্যৱসায় স্থানলৈ আগমন ঘটা মহিলা ব্যৱসায়ী বা ব্যৱসায় সংক্ৰান্তত অহা মহিলা অতিথি সকলকো অভিযোগ দাখিল কৰাৰ অধিকাৰ এই আইনে প্ৰদান কৰিছে। আভ্যন্তৰীণ অভিযোগ কমিটিৰ গঠন প্ৰণালীত দুভাগৰ এভাগ সদস্যই মহিলা হোৱাটো বাধ্যতামুলক। যিগৰাকী নিয়োগকৰ্তাই আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাত ব্যৰ্থ হয়, তেওঁ জৰিমনা ৫০,০০০ টকা লৈকে ভৰিব লগা হ’ব আৰু লগতে অনুষ্ঠান চলাই যোৱাৰ অনুজ্ঞাপত্ৰও হেৰুৱাব লগা হ’ব পাৰে। আনহাতে যদি কোনো কৰ্মস্থানত ১০ জনতকৈ কম সংখ্যক কৰ্মচাৰী থাকে, য’ত আভ্যন্তৰীণ অভিযোগ কমিটি গঠন হোৱা নাই আৰু যদিহে কোনো গোচৰ উৎপত্তি হয় তেতিয়া স্থানীয় অভিযোগ কমিটিত (Local complaint committee বা LCC)অভিযোগ দাখিল কৰিব পাৰিব। স্থানীয় অভিযোগ কমিটি বোৰ জিলা পৰ্যায়ত বা তাতোকৈ নিম্নস্তৰত জিলা প্ৰশাসকে গঠন কৰে। আভ্যন্তৰীণ অভিযোগ কমিটি আৰু স্থানীয় অভিযোগ কমিটিৰ গঠন প্ৰণালীত কোন কোন সদস্য থাকিব তাৰ বাবেও এই আইনে নিৰ্দিষ্ট নিয়ম বান্ধি দিছে। এই আভ্যন্তৰীণ কমিটি বা স্থানীয় কমিটিত ভুক্ত্ভোগী মহিলাই গোচৰ পঞ্জীয়ন কৰি ইয়াৰ সহযোগত ন্যায় তথা বিচাৰৰ বাবে আইনগত প্ৰতিবেদন দাখিল কৰিব পাৰিব। ভুক্তভোগী মহিলাই পাব পৰা ক্ষতিপুৰণৰ উপৰি বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়ত ভুক্তভুগী মহিলাই ICC লৈ সাময়িক
বা অস্থায়ী উপশম বিচাৰি আবেদন কৰাৰ সুবিধা এই আইনে প্ৰদান কৰিছে। তদন্ত
প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ নিৰ্দিষ্ট সময়ো ধাৰ্য কৰি দিয়া হৈছে। ICC য়ে অপৰাধৰ
ওপৰত ভিত্তি কৰি অভিযুক্তৰ বিৰূদ্ধে ব্যৱস্থা লৈ জৰিমণা বিহিব পাৰে আৰু বেছি
গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) সহায় লব
পাৰিব। এগৰাকী ভুক্তভোগী মহিলাই ভাৰতীয় দণ্ডবিধি আইন আৰু
কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইনৰ অধীনত সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়া
চলাই যাব পাৰে। আনহাতে কোনো মহিলাই যদি কু-অভিপ্ৰায়েৰে মিছা অভিযোগ উত্থাপন কৰিব বিচাৰে বা কোনো অভিযোগকাৰীয়ে দাখিল কৰা প্ৰমাণবোৰ যদি মিছা প্ৰমাণিত হয়,তেন্তে তেনে অভিযোগকাৰীৰ বিৰূদ্ধে কাৰ্যপন্থা লোৱাৰ বিষয়েও এই আইনে উল্লেখ কৰিছে।
কৰ্মস্থানত মহিলাৰ যৌন উৎপীড়ন সম্পূৰ্ণ ৰূপে মষিমূৰ কৰাৰ উদেশ্যে
গঠিত এই আইন কিন্তু সমালোচনাৰ উৰ্ধত নহয়। প্ৰধানত এই আইন নগৰকেন্দ্ৰিক বাবে
কৃষিখণ্ডৰ মহিলাসকল,পথ নিৰ্মান আদিত জড়িত নাৰী আৰু সামৰিক বাহিনীৰ মহিলাসকলৰ বিষয়ে
উল্লেখ কৰা নাই বুলি অভিযোগ উত্থাপন হয়। অথচ সামৰিক বাহিনীত পুৰুষৰ দমন শক্তিৰ প্ৰভাৱো বেছি আৰু দেশৰ
অধিকাংশ মহিলায়েই বৃহৎ কৃষিখণ্ডকো সাঙুৰি আছে। কিছু সমালোচকৰ মতে এই আইনে কৰ্মস্থানত মহিলা-পুৰুষৰ মাজত
মুকলি পৰিৱেশ সৃষ্টিত ব্যাঘাত জন্মাব।পুৰুষ কৰ্মচাৰীসকল সকলো সময়তে সজাগ হৈ থাকিব লাগিব।তেওঁলোকে মহিলা সহকৰ্মীৰ লগত যিকোনো আন্তৰিক বা বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ
বাবে সংকোচ আৰু অস্বস্তিবোধ কৰিবলৈ ল’ব, যিয়ে কৰ্মস্থানত এক অস্বাস্থ্যকৰ পৰিবেশৰ জন্ম দিব।আন কিছু সমালোচকে দাবী কৰে যে এই আইন বৈষম্যমূলক কাৰণ ইয়াক প্ৰধানত মহিলাৰ স্বাৰ্থক প্ৰাধান্য দি গঠন কৰা হৈছে,পুৰুষৰ বাবে
নহয়। কিন্তু বহু সমীক্ষাই ইতিমধ্যে
পোহৰলৈ আনিছে যে পুৰুষো কৰ্মস্থানত তেওঁলোকৰ নিয়োগকৰ্তা মহিলা বা দমনশীল মহিলাৰ দ্বাৰা
নিৰ্যাতিত হয়।এই আইনক একাংশ স্বাৰ্থান্বেষী নাৰীয়ে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ
কৰাৰ সম্ভাৱনা থাকি যায়। আনহাতে মিছা অভিযোগ দাখিল কৰা নাৰীৰ বিৰূদ্ধে যি
কাৰ্যপন্থা লোৱাৰ কথা এই আইনে উল্লেখ কৰিছে,সেয়াই একাংশ ভুক্তভোগী নাৰীক অভিযোগ দাখিল কৰিবলৈহে বাধা দিব,কাৰণ সকলো অপৰাধৰে প্ৰমাণ যুগুত কৰটো সম্ভৱ হৈ নুঠিবও পাৰে।অথবা প্ৰমাণ যুগুত কৰিলেও তাকো একাংশ স্বাৰ্থান্বেষীয়ে ভুল প্ৰমাণিত কৰি সমগ্ৰ ঘটনাৰ মুৰ আন দিশে নিয়াৰ সুৰুঙা থাকি যায়।কৰ্মস্থানত নাৰী-পুৰুষ উভয়কে নিয়োগকৰ্তাই কেতিয়াবা কামৰ মূল্যাংকন হিচাপে কেতবোৰ
মন্তব্য বা feedback দিয়ে যিবিলাক সকলো সময়তে ধনাত্মক নহয় যদিও প্ৰফেচনেল কাম কাজত ফলদায়কো। কিন্তু এই আইন অনুসৰি মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত বৰ্তমান বা ভৱিষ্যতৰ
কামৰ অৱস্থানৰ সম্পৰ্কে ভাবুকিজনক কথা কব নোৱাৰিব। গতিকে তেনে মন্তব্যসমুহক ভাবুকিৰ সতে একাকাৰ কৰি কোনো নাৰীয়ে আইনক বিপথে নিয়াৰ সম্ভাৱনাও থাকি যায়।এইবিলাকৰ ওপৰিও এই আইনখনে
নিৰ্ধাৰণ কৰা শাস্তি,নিয়োগৰ্কতাৰ সংজ্ঞা আদিক লৈও বহু অভিযোগ উত্থাপন হৈছে।
প্ৰকৃতাৰ্থত নাৰীৰ বাবে পৃথককৈ কেতবোৰ আইনৰ কিয় প্ৰয়োজন হয়? তথ্য
অনুসৰি ২০১৫ চনত বিশ্বৰ ৭৭% পুৰুষ আৰু ৫৫% মহিলা কৰ্মনিয়োজিত (যাৰ অৰ্থনৈতিক মূল্য আছে) ।কিন্তু UN পৰিসংখ্যা অনুসৰি ১৯৯৫-২০১৫ চনৰ ভিতৰত
দক্ষিণ এছিয়াত কৰ্মনিয়োজিত নাৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে আৰু ইয়াৰ কাৰণ হৈছে প্ৰধানত এই সময়চোৱাত ভাৰতৰ কৰ্মনিয়োজনত মহিলাৰ অংশগ্ৰহণ ৩৫% ৰ পৰা
২৭% হোৱা হেতু । এয়া হৈছে ভাৰতত নাৰীৰ বাবে
নিৰাপদ কৰ্মস্থানৰ পৰিবেশ সৃষ্টি নোহোৱাৰ লক্ষণ (কম পাৰিশ্ৰামিক, কৰ্মৰ
গুণাগুণৰ উপৰি)। National Commission of women ৰ তথ্য
অনুসৰি ভাৰতত কৰ্মক্ষেত্ৰত নাৰীৰ যৌন উৎপীড়নৰ পৰিসংখ্যা ২০১২ চনত ১৬৭, ২০১৩ চনত ২৪৯ আৰু ২০১৪ চনত ৫২৬ অৰ্থাৎ বৃদ্ধি হৈ আহিছে। ‘সু-গৃহিনী’ৰ সংজ্ঞাৰে
নাৰীৰ স্থান পাকঘৰতে সীমাৱদ্ধ কৰি ৰখা আৰু নাৰীৰ মানসিক বুদ্ধিমতাৰ পৰিৱৰ্তে শৰীৰক প্ৰধানত গুৰুত্ব দিয়া মানসিকতাৰ পৰা আমাৰ সমাজ যে এতিয়াও মুক্ত হোৱা নাই তাক এই পৰিসংখ্যা বিলাকে প্ৰমাণ কৰে। যেতিয়ালৈকে সামগ্ৰিকভাৱে অৰ্থনৈতিক কাঠামুৰ পৰিৱৰ্তন নহয় তথা
নাৰী-পুৰুষ-ৰূপান্তৰকামীকে(transgender)
ধৰি সামগ্ৰিকভাৱে সমাজৰ প্ৰতিজন ব্যক্তিৰ সম মৰ্যাদা,সম-অধিকাৰ তথা বিকাশৰ
বাবে সম-সুবিধাৰ সৃষ্টিৰ বাবে সমাজ বিফল হ’ব, তেতিয়ালৈকে সমাজৰ
শোষিত সকলৰ অধিকাৰৰ বিষয়টো সুকীয়াকৈ উত্থাপিত হৈ থাকিব। তেতিয়ালৈকে এনে আইনৰ প্ৰয়োজনীয়তাও থাকিব আৰু ব্যক্তিগত পৰ্যায়ত
দুই-এক পুৰুষ এনে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মিছা অভিযোগত অভিযুক্ত
হোৱাৰ ঘটনাও ঘটি থাকিব।
: গীতালী বৰপাত্ৰগোহাঁই
বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যা, জুলাই – ২০১৭
বিষ্ণু ৰাভাৰ আপোচহীন আদৰ্শই আমাৰ সমাজক শিকলি ভঙাৰ
সাহস দিব
: পঞ্চানন হাজৰিকা
'বিপ্লৱৰ অৰ্থ' শীৰ্ষক
ৰচনাত বিষ্ণু প্ৰসাদ ৰাভাই লিখিছিল - 'সামাজিক অৱস্থাৰ পৰিবৰ্তনৰ
অৰ্থ হৈছে বিপ্লৱ।' ৰাভা আছিল প্ৰকৃত অৰ্থত
বিপ্লৱী, স্থিতাৱস্থা বিৰোধী, পৰিবৰ্তন
আকাংক্ষী তথা নতুন দিনৰ প্ৰস্তাৱক। সেইবাবেই তেওঁ
ক'ব পাৰিছিল লোহাৰ শিকলি ভঙাৰ কথা--- সেই লোহাৰ শিকলি আছিল ব্যৱস্থাৰ,
পুৰণি সময়ৰ, শাসনৰ, ধৰ্মীয়
গোড়ামিৰ, দাসত্বৰ, অৰ্থহীন বান্ধোন বা
বন্দিত্বৰ। সমাজতন্ত্ৰৰ সপোন কঢ়িয়াই ফুৰা ৰাভাই বৰ
সততাৰে এই কথা উপলব্ধি কৰিছিল যে, 'সমাজ বুলি ক'লে
খেতিয়ক আৰু বনুৱাৰ সমাজেই আচল সমাজ।'
জাতীয়
মুক্তি সংগ্ৰামত জড়িত হৈও বিষ্ণু ৰাভাই এই কথা উপলব্ধি কৰিছিল যে মানৱ জাতিৰ
প্ৰকৃত কল্যাণ বা মুক্তিৰ সম্ভৱ সমাজতন্ত্ৰতহে। সেয়ে
স্বাধীনতাৰ পৰৱৰ্তী সময়ত এই স্বাধীনতাক ভুৱা বুলি কোৱা বিষ্ণু ৰাভাই কৃষক-শ্ৰমিকৰ
সৰ্বাংগীন মুক্তি বিচাৰি সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বিপ্লৱ আগবঢ়াই নিছিল। কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত পঢ়ি থাকোতেই ব্ৰিটিছ ৰিজেন্ট (শাসক)
হাচিন্সন চাহাবৰ বঙলাত কংগ্ৰেছৰ পতাকা উত্তোলন কৰি আৰু দেৱালত নিন্দাসূচক ফকৰা
লিখি কোচবিহাৰ এৰিবলৈ বাধ্য হোৱা বিষ্ণু ৰাভাৰ মাজত এক আজন্ম বৈপ্লৱিক সত্তা আছিল। তেওঁৰ সৃষ্ট সংগীত, নৃত্য, চিত্ৰকলা,
সাহিত্যত সেই বৈপ্লৱিক সত্তাৰে সাৰ্থক প্ৰতিফলন দেখা পোৱা যায়। অথচ মৃত্যুৰ পিছত বিষ্ণু ৰাভাৰ সংগ্ৰামী ৰাজনীতি আৰু বৈপ্লৱিক চেতনাৰ
নিলগাই ৰাখি কলা-সংস্কৃতিৰ লগত থকা ঘনিষ্ঠ সম্পৰ্ককহে বেছিকৈ চৰ্চাৰ মাজলৈ অনা হ'ল।
তেওঁক ‘কলাগুৰু’ উপাধিৰে কৰা বিভূষণ তাৰেই উদাহৰণ, যাৰ
মাজেৰে বিষ্ণু ৰাভাৰ ৰাজনৈতিক আদৰ্শ তথা সাম্ৰজ্যবাদ বিৰোধী সংগ্ৰাম আৰু
কৃষক-শ্ৰমিকৰ মুক্তিৰ পণ--- এই দিশবোৰ নতুন পুৰুষৰ দৃষ্টিৰ পৰা আঁতৰি থাকিল। কলা-সংস্কৃতিৰ বৰেণ্য সাধক হৈও ৰাভাৰ শিল্পী সত্তাই গণমুখী চেতনা আৰু
সংগ্ৰামী মূল্যবোধহে সমাজ জীৱনৰ বাবে বেছি প্ৰাসংগিক বুলি অনুভৱ কৰিছিল। কিন্তু ৰজাঘৰীয়াৰ স্তাৱকৰ পৃষ্ঠপোষকতাত হোৱা বিষ্ণু ৰাভাৰ স্মৰণত
ৰাভাৰ ব্যক্তিত্বৰ সেই শক্তিশালী দিশটোকেই অৱজ্ঞা কৰা হয়। ৰাভাৰ
শিল্পীসত্তাৰ সঠিক বিচাৰ কৰিব পৰাকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অগ্ৰণী কৰ্মী দধি
মহন্তৰ এই মন্তব্যটি উল্লেখ কৰিব পাৰি - 'ৰাভা কলাৰ প্ৰচলিত ধাৰাৰ ‘কলাগুৰু’
নাছিল। ৰাভা আছিল, কলাক উদ্দেশ্যধৰ্মী অৰ্থাত্ সমাজ বিৱৰ্তনত কলাৰ ভূমিকা ৰূপায়ণ কৰা
সংগ্ৰামী জাতিৰ শিল্পী। কলাৰ কাৰণেই
ৰাভাই কলা সাধনা কৰা নাছিল। ৰাভাৰ কলা
সাধনাৰ চালিকা শক্তি আছিল সমাজতন্ত্ৰৰ দৰ্শন আৰু তাৰেই অভিমূখে সমাজক আগবঢ়াই
নিয়াৰ ক্ষেত্ৰত নিজকে বিলীন কৰি দিয়া স্বাধীনতাৰ পিছৰ সংগ্ৰামীসকলৰ সেনানী।'
সুদীৰ্ঘ
দিন ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ থকা বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়তো অসম গণনাট্য
সংঘৰ সভাপতি আছিল। গণনাট্য সংঘৰ মূল আদৰ্শ বা বাণীয়ে আছিল 'ৰাইজেই
ভাওৰীয়া, দেশেই নাটঘৰ।' নতুন পুৰুষৰ মাজত ৰাভাৰ প্ৰাসংগিকতা বিচাৰ কৰোতে কেৱল গীত-নৃত্যৰ ৰাভাক
তুলি ধৰাৰ সলনি বিপ্লৱী আৰু সংগ্ৰামী ৰাভাক শুদ্ধ ৰূপত আৱিষ্কাৰ কৰাতোহে অধিক
প্ৰয়োজনীয়। বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ লগত জড়িত হৈ
থকা ৰাভাৰ কন্ঠ আছিল সদায় শোষিত, নিষ্পেষিত, অৱহেলিত
মানুহৰ পক্ষত। অসমৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন
জাতি-জনজাতিৰ মানুহখিনিক, শ্ৰমিক-কৃষক-মেহনতী জনতাক একেখন মঞ্চত থিয়
কৰাই নতুন সূৰ্য বিচৰাৰ পোষকতা কৰিছিল ৰাভাই -
'অ' অসমৰ
অধিবাসী
জাতি-প্ৰজাতি-উপজাতি
জাগ, হেৰ, তই, সূৰ্য বিচাৰি ব'ল।'
আধুনিক
মানুহৰ স্বভাৱজাত বিচ্ছিন্নতা আৰু একক জীৱনৰ প্ৰতি বাঢ়ি অহা মোহৰ সময়ত ঐক্যবদ্ধ মানুহৰ
সংগ্ৰাম আৰু সাহসৰ গুৰুত্ব--- ৰাভাৰ আদৰ্শ আৰু বক্তব্যৰ মাজেৰে ফঁহিয়াই চাব পাৰি। ৰাভাৰ মৃত্যুৰ পৰৱৰ্তী সময়ত অসমৰ জাতীয় জীৱনে বহু সংকট আৰু সংঘৰ্ষৰ
সময় পাৰ কৰিলে। জনগোষ্ঠীয় বিচ্ছিন্নতা, উগ্ৰ জাতীয়তাবাদৰ ভয়াবহ ৰূপ,
সশস্ত্ৰ সংগ্ৰাম আৰু সংগ্ৰামৰ পথচ্যুতি, গোষ্ঠী
সংঘৰ্ষ, গণ আন্দোলনৰ নতুন পৰ্বৰ পৰা আৰম্ভ কৰি দেশত বাঢ়ি
অহা সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিলৈকে জাতীয় জীৱন বাৰম্বাৰ দ্বন্দ্ব আৰু
সন্ধিক্ষণৰ মুখামুখি হৈছে। ৰাভাই সপোন
দেখা কৃষক, শ্ৰমিকৰ মুক্তিৰ সপোন ফলিয়াবলৈ এতিয়াও বহুদূৰ বাকী। তাৰ বিপৰীতে জাতি হিচাপে থাকিবলগীয়া স্বতন্ত্ৰ পৰিচয় আৰু অস্তিত্বক
লৈও অসমীয়া জাতিটোৱে সম্প্ৰতি যুদ্ধত নামিব লগা হৈছে। বিষ্ণু
ৰাভাৰ যুঁজখন আছিল স্বাধীন ভাৰতৰ সৰ্বহাৰাৰ স্বাৰ্থ বিৰোধী চৰকাৰৰ বিপক্ষে। ৰাভাৰ এই দুয়োখন যুঁজৰ পৰাই নতুন পুৰুষে শিকিব লগীয়া আছে। এই সময়ত ক্ষুদ্ৰ জাতিসত্বা হিচাপে আমাৰ ওপৰত চলা ভাৰত ৰাষ্ট্ৰৰ শোষণ
(অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক) আৰু
ৰাষ্ট্ৰই আমাৰ ওপৰত মেলি দিয়া সাম্প্ৰদায়িকতাৰ মাৰাত্মক বীজাণুৰ বিৰুদ্ধে যুঁজাৰ
সময়ত কেৱল কমিউনিষ্ট ৰাভাৰ আদৰ্শই আমাক বিকল্প বাট দেখুওৱাই নহয়, আমাৰ বুকুত লোহাৰ শিকলি ভঙাৰ প্ৰচণ্ড সাহসো দি যায়। ইয়াৰ বাবে শত্ৰুক প্ৰতিহত কৰাৰ ৰণ কৌশলত জাতি হিচাপে 'অসমীয়া'
একগোট হোৱাৰ বাহিৰে
গত্যন্তৰ নাই। প্ৰতিটো জনগোষ্ঠীৰ মাজত পাৰস্পৰিক
বিশ্বাস আৰু সত্ভাৱৰ মাজেৰেহে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি আৰু উপজাতিবোৰে নিজা নিজা
পৰিচয় অটুট ৰাখিব পাৰিব। কিয়নো এই সময়ত ক্ষুদ্ৰ ক্ষুদ্ৰ
জাতিসত্তাবোৰৰ ওপৰত চলা ভাৰত ৰাষ্ট্ৰৰ অৰ্থনৈতিক আগ্ৰাসন আৰু উত্তৰ ভাৰতীয়
সাংস্কৃতিক আগ্ৰাসনে কেৱল বৰ্ণহিন্দু অসমীয়াৰেই পৰিচয় ধ্বংস কৰিবলৈ আগবঢ়া
নাই, বড়ো, ৰাভা, কাৰ্বি মিচিং বা স্বৰচাপৰিৰ অভিৱাসী মুছলমানসকলৰ 'অস্তিত্ব'
আৰু 'পৰিচয়'লৈও ভাবুকি
আনিছে। এই আগ্ৰাসন সঠিকভাবে বুজি পোৱাতো আৰু
ইয়াৰ বিৰুদ্ধে একেলগে মাৰ বান্ধি থিয় হোৱাটোৱেই সাম্প্ৰতিক জটিল সময়ৰ আহ্বান। ঊনবিংশ শতিকাৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী কৃষক আন্দোলনবোৰে অসমত
জাতীয়তাবাদী আন্দোলনৰ প্ৰকৃত পৰ্ব মুকলি কৰিছিল। অসমত
ৰাজনৈতিক সংগ্ৰামত কৃষকসকলৰ গুৰুত্ব আছিল সৰ্বাধিক। অসমৰ
অৰ্থনীতি যিহেতু উদ্যোগ নিৰ্ভৰ নহয় সেয়ে ৰাছিয়াৰ দৰে অসমত সমাজ তান্ত্ৰিক বিপ্লৱ
কেতিয়াও শ্ৰমিক শ্ৰেণীৰ নেতৃত্বত গঢ়ি নুঠে। তাৰ বিপৰীতে
অসমৰ শোষিত, লাঞ্চিত কৃষকসকলৰ সংগঠিত কৰিহে যে বিপ্লৱৰ পথত
আগবাঢ়িব পৰা হ'ব, সেইবিষয়ে ৰাভাই
পতিয়ন গৈছিল। সেয়ে স্বাধীনতাৰ পৰৱৰ্তী সময়ত অসমৰ
ভূমিহীন,
ভূমিচ্যুত আনকি ক্ৰীতদাস পৰ্যায়লৈ নামি যোৱা কৃষকসকলক মহাজনী শোষণৰ বিৰুদ্ধে
সংগঠিত কৰি বিষ্ণু ৰাভাই অসমত এক বৃহত্ কৃষক আন্দোলন গঢ়ি তুলিছিল। ১৯৪৮-১৯৫২ চনলৈকে খাতি খোৱা জনতাৰ অন্তৰত প্ৰৱেশ কৰিবলৈ ৰাভাই
আত্মগোপন কৰিছিল, যাক তেওঁ নিজেই অজ্ঞাতবাস হিচাপে অভিহিত
কৰিছে। মাৰ্ক্সবাদী লেখক শশী শৰ্মাই বিষ্ণু
প্ৰসাদ ৰাভাৰ এই অজ্ঞাত বাস পৰ্বক 'কৃষক সংগঠনৰ জৰিয়তে জন
গণতান্ত্ৰিক লোক-চীন গঢ়া মাও চে তুঙৰ নেতৃত্বাধীন চীনা কমিউনিষ্ট পাৰ্টীৰ
ঐতিহাসিক লং মাৰ্চৰ অসমীয়া ৰূপান্তৰ' বুলি আখ্যা দিছে। নতুন সহস্ৰবাদৰ অসমৰ গণ আন্দোলনৰ এক নতুন বাটৰ সূচনা কৰা কৃষক মুক্তি
সংগ্ৰাম সমিতিৰ দৰে সংগঠনৰ নেতৃত্বত চলা গণ সংগ্ৰামৰ কাৰ্যসূচীবোৰো বিষ্ণু ৰাভাৰ
সেই চিন্তা-চেতনাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ থল আছে।
সমাজতন্ত্ৰৰ সপোন বুকুত কঢ়িয়াই ফূৰা নতুন পুৰুষেও বিষ্ণু ৰাভাৰ আদৰ্শৰ মাজেৰে এয়া
উপলব্ধি কৰিব পাৰিব যে অসমত কৃষক শ্ৰেণীৰ মুক্তি, প্ৰগতিৰ মাজেৰেহে
প্ৰকৃত সমাজবাদ সম্ভৱ হ'ব। কৃষকে
মুখা মুখি হোৱা বিভিন্ন মৌলিক সমস্যা বা ভূমিৰ ্ধিকাৰ সম্পৰ্কীয় জটিল প্ৰষ্ন বোৰৰ
সমাধান অবিহনে শ্ৰেণীহীন সমাজৰ স্বপ্ন, সুবিধাবাদী মহলে
সমালোচনাৰ বাবে ব্যৱহাৰ কৰা শব্দ 'ইউট’পিয়া'ই হৈ থাকিবগৈ।
বিষ্ণু
ৰাভাৰ ৰাজনৈতিক ব্যক্তিত্বৰ ক্ৰমবিকাশৰ পৰিক্ৰমাই কয় যে ৰাভাৰ ৰাজনৈতিক দৰ্শন
একেদিনাই নিৰ্মাণ হোৱা নাছিল। কেইবাটাও স্তৰ
আৰু অভিজ্ঞতাৰ বহু পৰ্ব পাৰহৈহে ৰাভাৰ ব্যক্তিত্বৰ গঠন সম্ভৱ হৈছিল। একে সময়তে তত্ত্বৰ কাৰাগাৰৰ
পৰা প্ৰায়োগিক ক্ষেত্ৰৰ বহল মুকলি পথাৰলৈ তেওঁৰ ব্যক্তিত্বৰ এক সংগ্ৰামী যাত্ৰা
অব্যাহত আছিল। 'সুবিধাজনক', 'আৰামদায়ক' আৰু ‘নিৰাপদ’ জীৱনৰ মোহত বন্দী নতুন
পুৰুষে সেই কথাও উপলব্ধি কৰিবই লাগিব।
স্থিতাৱস্থাক
প্ৰশ্ন কৰিব নোৱাৰিলে নতুন দিনৰ স্বপ্ন মনলৈ নাহে। অন্যায়
আৰু অধিকাৰ ভংগৰ প্ৰতিবাদ নকৰিলে নিজৰ ন্যায্যতাৰ দাবীও অথলে যায়। নতুন পুৰুষ প্ৰতিবাদী হ'বই লাগিব। এই সময়ত সেই প্ৰতিবাদ নিশ্চিত ভাৱে হৈ উঠিব বহুধাবিভক্ত, বহু প্ৰসংগকেন্দ্ৰিক, কিন্তু সেই প্ৰতিবাদৰ মূল
ৰাজনীতিটো হ'ব একেই। ৰাভাই
কোৱাৰ দৰে জন্মৰ পৰাই যে মানুহে অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে কান্দে, সেয়াই আচলতে ৰাজনীতি। নিজৰ অধিকাৰৰ দাবীয়ে প্ৰকৃত ৰাজনীতি। আমি কি
খাম,
আমি কি পিন্ধিম, আমাৰ পইচা আমি ক'ত ৰাখিম, ক'ত সাঁচিম--- এই
অধিকাৰবোৰ আমাৰ পৰা কাঢ়ি নিয়াৰ সময়ত, জ্যোতি প্ৰসাদ বা
বিষ্ণু ৰাভাৰ 'লুইত' খনক লৈ শাসক
গোষ্ঠীৰ 'বেপাৰ' আৰম্ভ হোৱাৰ সময়ত বা
আমাৰ কৃষকৰ মাটি আজুৰি আমাৰ সন্তানে কেতিয়াও পঢ়িবলৈ নোপোৱা বহুজাতিক
শিক্ষানুষ্ঠান খোলাৰ সময়ত, আমাৰ প্ৰতিবাদ কি হ'ব, কাৰ বিৰুদ্ধে হ'ব সেইবিষয়ে
ৰাইজে নিশ্চয় ভাবিব। ভাবিবই লাগিব। ধৰ্মৰ নামত আমাৰ সাতাম পুৰুষীয়া ঐক্য নষ্ট হৈ যোৱাৰ সময়ত আমাৰ ভাষা
হেৰুৱাৰ সময়ত, বিহু মঞ্চই প্ৰাণৰ স্পন্দন হেৰুৱাৰ সময়ত, চকুৰ আগতে আমাৰ সম্পদৰ ওপৰত লুন্ঠন চলাৰ সময়ত। চৰাইদেউ-পেঙেৰীত
চলা ৰাষ্ট্ৰ সন্ত্ৰাসৰ সময়ত আমি কাৰ পক্ষত থিয় হ'ম, কাৰ বিৰুদ্ধে কথা ক'ম--- সেই সিদ্ধান্ত আমিয়েই ল'ব লাগিব। বিষ্ণু ৰাভাৰ কৰ্মৰাজিয়ে আমাক যুঁজাৰ
বাবে সুযোগ আৰু বুকুত আপোচহীন আদৰ্শৰে শিকলি ভঙাৰ সাহস দিব।
অম্বুবাচী আৰু ইয়াৰ লগত জড়িত লোকাচাৰ সমূহ
: নিৰন দেৱশৰ্মা
সাধাৰণতে
বাৰিষাৰ আৰম্ভণি বা বাৰিষাৰ পাছৰ পৰাই সনাতন হিন্দু ধৰ্মীয় উত্সৱ সমূহ আৰম্ভ হয়। অম্বুবাচী এই উত্সৱ সমূহৰ অন্যতম। এই অম্বুবাচী
কি?
কিয় পালন কৰা হয়? লোকাচাৰ সমূহ কি?
আচলতে আমাৰ
হিন্দু শাস্ত্ৰ অনুসৰি ধৰিত্ৰী আমাৰ মা। বেদ আদি
গ্ৰন্থৰ মতে--- উৰণ, বুৰণ, গজন, ভ্ৰমণ এই চাৰিমুঠি জীৱ পৃথিৱী বা মা ধৰিত্ৰীৰে সন্তান।
জ্যোতিষ শাস্ত্ৰ
মতে ধৰিত্ৰীয়ে যেতিয়া মিথুন ৰাশিস্থ আদ্ৰা
নক্ষত্ৰত অৱস্থান কৰে তেতিয়াই বাৰিষা আৰম্ভ হয়। আৰু এই বাৰিষা
কালৰে উত্সৱ হ'ল অম্বুবাচী।
প্ৰতি মাহে
মহিলা সকল ঋতুমতী হোৱাৰ দৰে বছৰত এবাৰ হেনো আই ধৰিত্ৰী ৰজস্বলা হয়। প্ৰত্যেক বছৰত অম্বুবাচী তিনিও দিনেই এই সময় বুলি ধৰা হয়। এই লোকাচাৰ বিধ প্ৰাচীন কৃষি পদ্ধতিৰ লগত জড়িত উত্সৱ ভাৱ হয়। কাৰণ পুৰণি কালত নাৰীক উৰ্বৰা শক্তিৰ প্ৰতীক হিচাপে গন্য কৰা
হৈছিল। অম্বুবাচীৰ সময়ত মা কামাখ্যা মন্দিৰৰ শক্তি
জাগ্ৰত হয় বুলি লোক বিশ্বাস আছে। সেয়ে অম্বুবাচীৰ
সাধনা কৰিবলৈ দেশ-বিদেশৰ সাধু-সন্ন্যাসীৰ আগমণ হয়। কাহিনী অনুসৰি
দক্ষ যজ্ঞত সতীয়ে প্ৰাণ ত্যাগ কৰাৰ পিছত শিৱই সতীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱী ভ্ৰমণ
কৰিছিল। ফলত সৃষ্টিৰ ৰহস্য কথাত আউল লাগিল। দেৱতাসকলে উপায় নাপায় শেষত বিষ্ণু শৰণাপন্ন হ'ল। বিষ্ণুৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহ খণ্ড-বিখণ্ড কৰিলে। সতীৰ যোনীপীঠ বা জননাংগ আহি নীলাচলৰ এই ঠাইতে প্ৰবিষ্ট হ'ল।
প্ৰবাদ অনুসৰি
অম্বুবাচীৰ দিনকেইটাত হেনো কামাখ্যা মন্দিৰৰ মূল গৰ্ভ গৃহৰ কুণ্ডটো ৰঙা ৰঙৰ পানীয় পদাৰ্থৰে
বুৰ যায়। অৰ্থাত্ সতীৰ ৰক্তস্ৰাৱ হয়। এই ৰঙা ৰঙৰে কাপোৰ নিবৃতিৰ পাছত ভক্তসকলে ধাৰণ কৰিব পৰাটো মহাভাগ্যৰ
কথা বুলি বিশ্বাস কৰা হয়।
লোকবিশ্বাস
অনুসৰি অম্বুবাচীৰ দিনকেইটাত ব্ৰহ্মচাৰী, সাধু-সন্ন্যাসী আৰু বিধবা
মহিলাসকলে আমিষ বা নিৰামিষ খাদ্য গ্ৰহণ কৰা নিষেধ। অকল ফলাহাৰ
কৰিব পাৰে। লগতে অশুচি (?) পৃথিৱী অৰ্থাত্ মাটি স্পৰ্শ কৰা খাদ্য গ্ৰহণ কৰা নিষেধ। অম্বুবাচীৰ সময়ত কৃষি, কৰ্ম আৰু মাটি কটা,
গছ কটা আদি নিষেধ।
অম্বুবাচীৰ
প্ৰবৃত্তি সাধাৰণতে আহাৰ মাহৰ ৭ দিনৰ পৰা আৰম্ভ হৈ ১০ দিনৰ দিনা নিবৃত্তি হয়।
হীৰু দাৰ সাহিত্য কৰ্মৰাজি
: লুতফা আখতাৰা
"তুমিটো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথো কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই।"
(হীৰু দা)
আধুনিক অসমীয়া কবিজগতৰ এগৰাকী
খ্যাতিসম্পন্ন কবি হ'ল আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ হীৰু দা
(স্বৰ্গীয় হীৰেন ভট্টাচাৰ্যদেৱ)। তেখেতৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাট
জিলাত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ
ভট্টাচাৰ্য্য আৰু মাতৃ স্বৰ্গীয় স্নেহলতা ভট্টাচাৰ্য্য। অসমীয়া প্ৰতিজন কবিতা প্ৰেমীৰ
বাবে তেওঁৰ পৰিচিত নাম হ'ল হীৰু
দা। তেখেতক "সুগন্ধি পখিলাৰ কবি" আৰু "প্ৰেম আৰু ৰ'দালি কবি" নামেৰেও অসমীয়া সাহিত্য জগতত নামাংকণ কৰা হৈছে ।
অসমীয়া সাহিত্য জগতলৈ হীৰু
দাৰ যথেষ্ট পৰিমাণে অৱদান আছে। বহু কম বয়সৰ পৰাই তেখেতে কবিতা লিখিবলৈ আৰম্ভ
কৰিছিল। তেখেতৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত। তেখেতৰ দ্বাৰা ৰচিত অসমীয়া ভাষাত
মুঠ ১৩ খন কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও
অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহু কবিতা প্ৰকাশ পাইছে। তেখেতৰ প্ৰথম কবিতা পুথিৰ সংকলন "মোৰ দেশ"
আৰু "মোৰ প্ৰেমৰ কবিতা"প্ৰকাশ হয় ১৯৭২ চনত, "বিভিন্ন দিশৰ কবিতা (১৯৭৪), "কবিতাৰ ৰ'দ" (১৯৭৬) আৰু তেখেতৰ একমাত্ৰ গীতৰ
সংকলন "তোমাৰ গান" (১৯৭২) চনত প্ৰকাশ পায়। তেখেতৰ "সুগন্ধি
পখিলা" (নিৰ্বাচিত কবিতা সংকলন (১৯৮১)আৰু "শস্যৰ পথাৰ
মানুহ"(সংগৃহীত কবিতা ১৯৯১), "মোৰ প্ৰিয়
বৰ্ণমালা" আৰু "ভালপোৱাৰ বোকা মাটি "হীৰু দাৰ বাচকবনীয়া কবিতা,
(২০০৩)তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ। কণ কণ ল'ৰা-ছোৱালীৰ বাবে ১৯৯১ চনত "ল'ৰা ধেমালি"
প্ৰকাশ হয়। হীৰু দাৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল প্ৰকৃতি আৰু মানুহ। তেওঁৰ
কবিতাবোৰৰ যোগেদি পাঠকৰ মনত মাজত এক গভীৰ সাঁচ বহুৱাই গৈছে।
১৯৮৬ চনত অনুষ্ঠিত অসম
সাহিত্য সভাৰ নগাঁও,কামপুৰৰ মাধৱ কন্দলী ক্ষেত্ৰৰ কবি সন্মিলনৰ
তেখেত সভাপতি আছিল ।তেওঁ ভাৰতীয় গণনাট্য সংঘত ৫০ ৰ দশকতে ওতঃপ্ৰোতভাৱে জড়িত হৈছিল
।
তেখেতৰ সাহিত্য প্ৰেমৰ প্ৰতি
শ্ৰদ্ধা জনাই তেওঁক ১৯৭৬ চনত "বিভিন্ন দিনৰ কবিতা" গ্ৰন্থৰ বাবে অসম
সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা, ১৯৮৫ চনত "সুগন্ধি
পখিলা" গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা, ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা, ১৯৮৭ চনত
"সুগন্ধি পখিলা" গ্ৰন্থৰ বাবে চোভিয়েট দেশ নেহেৰু বঁটা, ১৯৯২ চনত "শইচৰ পথাৰ মানুহ" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা,
উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ "সৌহাৰ্দ্দ্য সন্মান",
১৯৯৩ "শইচৰ পথাৰ মানুহ" গ্ৰন্থৰ ভাৰতীয় ভাষা পৰিষদৰ
"বজালিনী বঁটা" ২০০১ উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা সাহিত্য
বঁটা, ২০১০ চনত অসম চৰকাৰৰ গণেশ গগৈ বঁটা, ২০১১ চনত মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনৰ পদ্মনাথ বিদ্যাবিনোদ
স্মৃতি সাহিত্য পুৰস্কাৰেৰে সন্মান জনোৱা হয়।
২০১২ চনৰ ৪ জুলাই তাৰিখে আমাৰ
অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱে গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত
অন্তিম নিশ্বাস ত্যাগ কৰে।
হীৰু দাৰ সৰ্বশেষৰ অৰ্ধলিখিত কবিতাটি---
"মোৰ মৰিবৰ মন
গৈছে
পাৰিলে এতিয়াই---
তিনিকুৰি বছৰ
মোৰ ল'লে কবিতাই
সলনিত মোক টনকিয়াল কৰি গ'ল
শব্দেৰে---"
বিহংগম
দৃষ্টিত হীৰেণ ভট্টাচাৰ্য
: পাৰ্ভিচ জলী ভুঞা
'সুগন্ধি পখিলা'ৰ কবি ৰূপে খ্যাত হীৰেণ ভট্টাচাৰ্য হ'ল অসমীয়া কাব্য
জগতৰ মহীৰূহ৷ খেয়ালী মনৰ মানুহজন অসমীয়া সাহিত্যৰ পথাৰখনৰ সকলোৰে পৰিচিত হীৰুদা৷
'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা', 'বিভিন্ন দিনৰ কবিতা',
'কবিতাৰ ৰ'দ' আৰু এই তিনিওখন
কাব্যগ্ৰন্থৰে সংকলিত ৰূপ হ'ল 'সুগন্ধি
পখিলা'৷ তেওঁ সৰ্বমুঠ ১৩ খন গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী
কৰি গৈছে৷
প্ৰেম, জীৱন আৰু মৃত্যু এই তিনিও
তত্ত্ব কথাৰ কাব্যময় বিশালতাৰে তেওঁ কবিতা সৃষ্টি কৰে যদিও তেওঁৰ সৃষ্টিৰ বলিষ্ঠ ধাৰাটো
হৈছে প্ৰেম৷ সেয়ে তেওঁ 'প্ৰেম আৰু ৰ'দালি'ৰ কবি৷ কবি হীৰুদাৰ বাবে প্ৰেম দৰ্শন হ'ল ব্যক্তিগত জীৱনত
প্ৰেমৰ ব্যৰ্থতাই সত্য৷ 'ব্যৰ্থতাৰ আন্ধাৰে' কবিক সেই সত্যক সহজে ল'বলৈ শিকালে৷ প্ৰেমত ব্যৰ্থ কবি
হিচাপে হীৰুদাই ব্যক্তি প্ৰেমৰ পুজাক শেহৰ পিনে মাটিৰ মানুহৰ পুজাত বিলীন কৰি দিয়াতেই
তেওঁৰ সাৰ্থকতা৷ তেওঁ প্ৰেমৰ বাসন্তী বতাহত উটি ভাঁহি নিজক পাহৰি যোৱা নাই,
মাটিৰ পৃথিৱী এৰি আকাশত বিচৰণ কৰি ফুৰা নাই৷
শব্দৰ নিপুণ খেলুৱৈ হীৰুদাই শব্দৰ শোভাযাত্ৰাৰে
বিপ্লৱৰ ঘোষণা কৰিছে এইদৰে--
"মোৰ
শব্দৰ শোভাযাত্ৰা হওঁক, ক্ৰুৰ কুটিল ৰাতিৰ প্ৰহৰী হওঁক
তিৰবিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল
তলমল শব্দৰ উচ্ছসিত তেজৰ প্ৰবাহে প্ৰবাহে৷"
শব্দৰ মায়াজালে তেওঁক কেতিয়াও আৱদ্ধ কৰি ৰাখিব
নোৱাৰে,
তেওঁ নিজ ইচ্ছা অনুসৰি শব্দক তেওঁ শব্দৰ স্বাদ লয়, সেয়ে তেওঁ শব্দৰ খেতিয়ক৷ সেয়েহে কৈছে --
"কলম
মোৰ কমাৰৰ হাতৰ হাতুৰী, ভাঙি পিটি গঢ়ি লওঁ শব্দ৷"
হীৰুদাৰ কবিতাত আঙ্গিক সৰল আৰু সুন্দৰ, দুৰ্বোধ্যতা নাই বুলিবই পাৰি আৰু
অনুভুতিৰ সংযম লক্ষণীয়৷ 'ভোগালী' কবিতাত
কবিৰ জীৱনবোধৰ সাৱলীলতা জলজল পটপট--
"তুমিতো
জানাই
এই
কবিৰ আৰু একো নাই
এটাই
মাথো কামিজ
তাৰো
ছিগো ছিগো চিলাই
প্ৰেম
নিশ্চয় এনেকুৱাই
আৱৰণ
খুলি হৃদয় জুৰাই"৷
হীৰুদাৰ কবিতা সকলো বয়সৰ মানুহৰেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷
প্ৰৌঢ়সকলেও তেওঁৰ কবিতা পঢ়ি ৰোমাঞ্চিত হয়--
"ৰূপালী
ৰং চুলিত লাগিছে,
বেয়া
নেদেখি, লাগক
সোণালীখিনি
মচি নিদিবা
বুকুজুৰি
বৈ থাকক"৷
প্ৰতীক আৰু চিত্ৰকল্পৰ অনবদ্য প্ৰয়োগে হীৰুদাৰ
কবিতাক এক স্বকীয়তা প্ৰদান কৰিছে--- "কবিতা মূলতঃ স্বাধীন, স্মৃতি তাৰ সুগন্ধি পখিলা"৷ আকৌ "আকালৰ জুয়ে পুৰি নিয়া/ বনুৱাৰ হাতৰ
তীখাৰ হাতুৰিটোৰ/ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে/ তোৰ আই তোৰ সন্মুখত"(আই)৷
'আই' শব্দৰ ব্যঞ্জনাময় প্ৰকাশৰ বিভিন্নতাই শব্দটোক অনুপম মাধুৰ্য প্ৰদান কৰিছে৷
শব্দৰ কাৰিকৰ হীৰুদাৰ কবিতাৰ হৃদয়স্পৰ্শী, মননশীল, সহজবোধ্য ভাষাই পাঠকক সহজে আকৃষ্ট কৰে৷ তাৰ দুটিমান
উদাহৰণ হ'ল-- "নিৰাশাৰ অক্লান্ত আক্ৰমণ",
"ইচ্ছাৰ হৰিণা পোৱালিটো", "চ'ত নিদাম জুই", "বাৰুদ ভৰা স্বপ্নৰ যান্ত্ৰণা"
ইত্যাদি৷
বিশাল জীৱনানুৰাগৰ শিল্পী আৰু ইতিবাচক মানৱীয়
প্ৰমূল্যৰ জয়গান গাওঁতা হীৰুদাৰ কবিতাত তেজৰ স্পন্দন প্ৰাথমিক স্তৰতেই উপলব্ধ হৈছে৷
তথাপি ই সংযত কাব্যিক ধ্বনি বৈভৱৰ মাজেদি প্ৰকাশ পাইছে আৰু পাঠকক মোহগ্ৰস্ত কৰিবলৈ
সক্ষম হৈছে আৰু সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া কবি হিচাপে স্বীকৃতি লাভ কৰিছে৷
অম্বুবাচী
উৎসৱ
:
প্রদীপ কুমাৰ গগৈ
গুৱাহাটীৰ
নীলাচল পাহাৰত মা-কামাখ্যা মন্দিৰ অৱস্থিত।
শক্তিৰ
অধিষ্ঠাত্রী দেৱী দুর্গা মাতাৰ নামত উৎসর্গীত এই মন্দিৰ দেশৰ অতি প্রাচীন ৫১তম শক্তিপীঠ। এই ঠাইতেই সতীৰ যোনী পৰিছিল বাবে, এই স্থান পৃথিৱীৰ জন্ম স্থান হিচাপে খ্যাত। এই মন্দিৰ অম্বুবাচী মেলাৰ বাবে বিখ্যাত। অম্বুবাচী
মেলাক পূবৰ "মহাকুম্ভ" বুলিও কোৱা হয়।
মৌচুমী ঋতুৰ সময়ত জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা, অম্বুবাচী মেলা অনুস্থিত হয়।
এই
উৎসৱ হৈছে মা-কামাখ্যা দেৱীৰ বছৰেকীয়া "ৰজঃস্বলা উৎসৱ"। কিছুমান লোকে "আমতী" বা "তান্ত্রিক
উর্ব্বৰতা উৎসৱ" বুলিও কয় । বিশ্বৰ বিভিন্ন
প্রান্তৰ পর্য্যটকে এই উৎসৱত যোগদান কৰে।
বিশেষত্বঃ
ভক্তসকলে বা পাণ্ডাসকলে ৰঙা বস্ত্র পৰিধান কৰাৰ উপৰিও চাৰিওফালে ৰঙা কাপোৰ মাৰে। তদুপৰি কিছুমান ভক্তই "পৃথিৱী ৰজঃস্বলা
হয়" বুলি ধ্বনি দিয়ে।
• প্রথম তিনিদিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে।
• এই কেইদিন কোনো পূজা-পার্ব্বন নহয়।
• ভক্তসকলে কোনো ধর্ম পুথি নপঢ়ে। খেতিয়কে পথাৰত হাল নাবায়।
• তিনি দিনৰ পাছত মা কামাখ্যাক গা ধুৱাই আৰু
মন্ত্র পাঠ কৰে।
• দেৱীৰ সন্তুষ্টিৰ কাৰণে ম'হ,
ছাগলি আদি বলি দিয়া হয়।
• চতুর্থ দিনা মন্দিৰৰ দুৱাৰ খোলা হয় আৰু প্রসাদ
বিতৰণ কৰে।
• কিছুমান ভক্তই তান্ত্রিক সাধুসকলৰ আশীর্বাদ
গ্রহণ কৰে।
মা
কামাখ্যা পূজাঃ
কন্যা
পূজনঃ দহ বছৰৰ তলৰ ছোৱালীক দেৱী জ্ঞান কৰি পূজা কৰা হয়। তেওঁলোকক খাদ্য, বস্ত্র আদি দান দিয়া হয়।
• মাতাৰ মন্দিৰত পৰিয়ালৰ কল্যানৰ বাবে বিশেষ
পূজা কৰা হয়।
• মাতাৰ মূর্ত্তি স্থাপন কৰি ফুল বন্তিৰে পূজা
কৰা হয়।
• দূর্গা সপ্তসতী পাঠ কৰা হয়। ইয়াৰ দ্বাৰা সকলো অমঙ্গল দূৰ হয়।
• ধর্মীয় ভাণ্ডাৰা পৰিচালনা কৰা হয়।
• দেৱীৰ সন্তুষ্টিৰ বাবে কোনো দান-দক্ষিণাও
দিব পৰা যায়।
বনফুলৰ
কবি যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতাত প্ৰেম আৰু বিষাদঃ এটি চমু অৱলোকন
:
পৰশমণি কাশ্যপ
সাহিত্য
হ'ল জাতিৰ দাপোন স্বৰূপ। মানৱ প্ৰাণৰ
সকলোধৰণৰ অনুভূতি সাহিত্যৰ মাধ্যমেৰে প্ৰকাশিত হয়। ইয়াৰ ভিতৰত প্ৰেমৰ অনুভুতি অন্যতম আৰু প্ৰেমৰ
পৰাই বিষাদৰ জন্ম । সেয়েহে প্ৰেম
আৰু বিষাদ ইপিঠি সিপিঠি।
অসমীয়া কবিতাৰ জগত খনৰ সবাতোকৈ কোমল আৰু ঠুনুকা
মনৰ কবিজনেই হৈছে যতীন্দ্ৰ নাথ দুৱৰা। প্ৰেমৰ কবি
ৰূপে খ্যাত ‘বনফুলৰ কবি’ দুৱৰাৰ কবিতাৰ ঘাই উপজীব্য হ'ল
প্ৰেম আৰু বিষাদ। তেওঁৰ কবিতাৰ
সুকোমল শব্দ আৰু মনোৰম প্ৰতীকি প্ৰকাশে পাঠকৰ মনত এক সোণালী বিষাদৰ ছাঁ পেলায়। অসমীয়া কবিতাৰ মাজত সকলোতকৈ মন-পৰশা প্ৰেমৰ
কবিতা দুৱৰাৰ কাপেৰেই নিগৰিছে বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। কবিৰ ভাষাত
‘মোৰ
এই হিয়াখনি জেতুকা পাতৰ দৰে
সেউজীয়া বননিৰ বৰণেৰে ঢকা’ –
জেতুকা পাতৰ দৰে ৰঙৰ প্ৰতীক কবিৰ ব্যক্তিগত বিৰহৰ
বেদনা। ব্যৰ্থ প্ৰেমৰ বিৰহৰ কাৰুণ্যই কবিক অসমীয়া
কাব্য জগতত এজন শ্ৰেষ্ঠ গীতি কবি ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। বিষাদৰ কবি দুৱৰাৰ বাবে বিষাদ তেওঁৰ আলসুৱা
হিয়াৰ সম্পদ। আকৌ ভালপোৱাও
তেওঁৰ বাবে এক বিষাদৰ স্মৃতি। ই অযাচিতে
আহি সুখ সপোনৰ লহৰেৰে জীৱন ভৰাই তোলে। কিন্তু সপোনৰ
বাণী আঁতৰি গ'লেই ভালপোৱাই এৰি থৈ যায় ৰিক্ত নিঃস্ব হৃদয়। তেতিয়া হৈ পৰে কবি নিঃসংগ।
যৌৱনৰ
আগবেলাত কবিৰ জীৱনলৈ প্ৰেম আহিছিল, প্ৰেমিকাৰ প্ৰেমভৰা হিয়া
বিচৰণ কৰিছিল। কিন্তু আশাহত
কবিয়ে বুজি পালে যে, প্ৰেম তেওঁৰ বাবে এক দূৰৰ সপোনহে মাথোন। প্ৰেম হ’ল এক অদ্ভুত অনুভূতি, ইয়াক সহজে চিনা নাযায়।
কেতিয়াবা
দুটি এটি আলসুৱা অনুভৱকো মিছাতে প্ৰেম বুলি কল্পনা কৰা হয়। তাৰ পাছত বহু পলমকৈ সাৰ পোৱা হিয়াই নিজকে
আৱিস্কাৰ কৰে সীমাহীন শূণ্যতাৰ মাজত। সপোনৰ পাছত ৰৈ যায় মাথোন এমুঠি ৰিক্ত অনুভৱ
।
যতীন্দ্ৰনাথ দুৱৰা প্ৰেমৰ কবি হ’লেও সচৰাচৰ প্ৰেমৰ
কবিতাত থকাৰ দৰে তেওঁৰ কবিতাত প্ৰিয়াৰ দৈহিক সৌন্ধৰ্যৰ প্ৰাণ চমকোৱা বিৱৰণ নাই। হিয়াহীন প্ৰিয়াৰ উপেক্ষাৰ সোঁৱৰণীহে তেওঁৰ
বাবে বেছি তীব্ৰ। দুখকে লিৰিকি
বিদাৰি তেওঁ বাস কৰে বিষাদৰ নিৰ্জন দ্বীপত, সেই দ্বীপত বাৰে বাৰেখুন্দা
খাইহি সোঁৱৰণীৰ জোঁৱাৰে। দুৱৰাৰ প্ৰেমৰ
কবিতাবোৰ তেওঁৰ দিনলিপিৰে একাংশ যেন।
তেওঁ ৰচনা কৰা কবিতাবোৰ অসমীয়া প্ৰেমৰ কবিতাৰ
মাইলৰ খুঁটি স্বৰূপ। দুৱৰাদেৱে ৰচনা কৰা ‘ওমৰ তীৰ্থ’ অসমীয়া কাব্য
সাহিত্যত চুফীবাদ বা চুফীতত্ত্বৰ সহজ সৰল আৰু সাৱলীল প্ৰকাশ ঘটা পৰিলক্ষিত হয়।
অসমীয়া কাব্য-সাহিত্যলৈতেওঁৰ আন এক অৱদানকথা-কবিতা৷
তেওঁৰ কবিতাত টেনিশ্যন, শ্যেলী, গ্ৰে’,
ৰুছো, ওমৰ খৈয়াম, আইভান
টুৰ্গেনিভ, হাফিজ আদিৰ কবিতাৰ প্ৰভাৱ পৰিলক্ষিত হয়! (ব্যৰ্থতা,
কৰুণ স্মৃতি, সাংসাৰিক দুখ, স্মৃতিকাতৰতা, নিসংগতা আদি তেওঁৰ কবিতাৰ বিষয়বস্তু,
কিছুমান কবিতাত আধ্যাত্মিক ভাৱৰ প্ৰকাশো দেখা যায়৷
শব্দবোৰক ‘‘বুকুৰ তেজৰ ওমনিৰে সজীৱ কৰি’’ অসমীয়া
কবিতালৈ কবিয়ে অপৰিসীম বৰঙনি আগবঢ়াইছে। জীবনৰ হা
হুমুনিয়াহ¸ হতাশা পাহৰি আগবাঢ়ি যাবলৈ কবিয়ে কৈছে ‘অতীতক যোৱাহে পাহৰি’। আনএটা কবিতাত
বৰ্তমানক ধৰি ৰাখিবলৈ অতীতক সুঁৱৰি কৈছে ‘অতীতক নাযাবা পাহৰি’।
সৰল
আৰু নিৰলঙ্কাৰ ভাষাৰে কবিতা ৰচনা কৰি প্ৰতীকৰ সহায়েৰে সুন্দৰভাৱে উপস্থাপন কৰিব পৰাটো
আছিল কবিৰ স্বমহিমা। অসমীয়া
সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেঁৱেই প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। তেওঁৰ অমৰ সৃষ্টি ওমৰ তীৰ্থ¸ আপোন সুৰ¸ বনফুল¸ মিলনৰ সুৰ আদিয়ে
অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে।
টাইটানিকঃ
জেমছ কেমৰুণৰ জীৱন্ত ৰূপ
:
বিকাশ দত্ত
১৯৯৭ চনত আহিছিল জেমছ কেমৰুণৰ অপূৰ্ব সৃষ্টি লিঅ'নাৰ্ড
ডিকেপ্ৰিয়' আৰু কেট উইনশ্লেট অভিনীত বিগত শতিকাৰ অন্যতম জনপ্ৰিয়
ৰোমান্টিক ড্ৰামা "Titanic"।
১৯১২ চনৰ ১২ জুলাই তাৰিখে নিখোজ হৈছিল RMS Titanic আটলান্টিকৰ বুকুত। ১৫০০ যাত্ৰীৰ
চিৎকাৰ,
জীৱন, যৌৱনৰ বিলুপ্তি ঘটাই আটলান্টিক মহাসাগৰৰ
বুকুত আজিও জীৱিত আছে টাইটানিক। এই জীৱন্তৰূপক
পুনৰ জীৱিত কৰিছিল জেমছ কেমৰুণে। প্ৰায় ২০০
নিযুত মাৰ্কিন ডলাৰ খৰচ কৰি নিৰ্মাণ কৰা টাইটানিক ১৯৯৭ চনৰ শ্ৰেষ্ঠ ছবিৰূপে প্ৰতিষ্ঠিত
হৈছিল। প্ৰায় ১.৮৪
বিলিয়ন ডলাৰৰ ব্যৱসায়েৰে টাইটানিক পৰিগণিত হৈছিল সেই সময়ৰ সাৰ্বাধিক উপাৰ্জনকাৰী ছবিৰূপে। ইয়াৰ পিছত ২০১২ চনৰ ৪ জুলাইত টাইটানিকৰ ১০০
বছৰীয়া জয়ন্তী হিচাপে ইয়াৰ 3D সংস্কৰণে মুক্তি লাভ কৰিছিল আৰু ৩৪৬ নিযুত
ডলাৰ উপাৰ্জনেৰে টাইটানিক সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰূপে পৰিগণিত হৈছিল।
বিষয়বস্তুঃ
৭ বছৰ জল্পনা কল্পনা আৰু বিভিন্নধৰণৰ গৱেষণাৰ অন্তত কেমৰুণে
20 Century
Fox ৰ হাতত এখন তিনিঘন্টীয়া ৰোমান্টিক ছবি নিৰ্মাণৰ এখন ৫৫ পৃষ্ঠাৰ স্ক্ৰীপ্ট
প্ৰদান কৰে। Fox
ৰ
গৱৰ্ণিঙ ব'ডিৰ সদস্য পিটাৰ চেৰেনিন প্ৰথমে আচৰিত হৈছিল যে তিনিঘন্টীয়া
ছবি এখন চাবলৈ আজিকালিৰ দৰ্শক অপ্ৰস্তুত। কিন্তু কেমৰুণৰ প্ৰচেষ্টা আৰু কাহিনীৰ উপস্থাপনে
তেওঁক আপ্লুত কৰে আৰু অনিচ্ছাসত্বেও তেওঁলোক মান্তি হয় বিনিয়োগ কৰিবলৈ ছবিখনত।
প্ৰডাকছন হাউছ আৰু ডিষ্ট্ৰিব্ৰিউটৰৰ সেউজ সংকেত লাভ কৰি ১৯৯৫
চনৰ মাজভাগত তেওঁ নিজেই সমূদ্ৰতলিলৈ গতি কৰে টাইটানিকৰ অৱশেষ প্ৰত্যক্ষ কৰিবলৈ। বীৰদৰ্পে থিয় হৈ থকা টাইটানিক প্ৰত্যক্ষ কৰি
তেওঁ তাত এক আৱেগ অনুভৱ কৰে আৰু এটা কাহিনীৰ কথা ভাবি উলিয়ায়। ওভতনি যাত্ৰাত তেওঁ ইতিমধ্যে চিত্ৰনাট্যৰ
কথাও ভাবি উলিয়াই আৰু ১৯৯৫ চনৰ শেষৰ ফালে প্ৰথম পৰ্যায়ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰি দিয়ে।
টাইটানিকক জীৱন্তৰূপে উপস্থাপন কৰিবলৈ তেওঁ ৪৫ ফুট দীঘল টাইটানিকৰ
মিনিয়েছাৰ এটা প্ৰস্তুত কৰে আৰু স্পেচিয়েল এফেক্টছৰ প্ৰয়োগেৰে ৰূপালী পৰ্দাত উপস্থাপন
কৰে টাইটানিকক।
সংগীতঃ
টাইটানিকৰ
সংগীত বৰ্তমান সময়তো সিমানেই জনপ্ৰিয় হৈ আছে যিমান ইয়াৰ মুক্তিত হৈছিল। জেমছ হৰ্ণাৰৰ সংগীতত কেমৰুণ মুগ্ধ হৈছিল প্ৰথমবাৰ
মেল গিবছনৰ "Braveheart" ছবিখনৰ পৰা। তাৰ সুবাদতেই ৰোমান্টিক ছবি হিচাপে জেমছ হৰ্ণাৰক
দায়িত্ব অৰ্পণ কৰে কেমৰুণে টাইটানিকৰ সংগীত পৰিচালনাৰ। টাইটানিকৰ My Heart Will
Go On গীতটো আজিও পৃথিৱীৰ সমগ্ৰ শ্ৰোতাৰ বাবে সৰ্বকালৰ শ্ৰেষ্ঠ ৰোমান্টিক
গীতৰূপে সন্মানিত।
প্ৰতিক্ৰিয়াঃ
১৯৯৭
চনৰ ১৯ নৱেম্বৰত মুক্তিলাভ কৰা টাইটানিকে মুক্তিৰ লগে লগেই লাভ কৰে বিশ্বজুৰি অনেক
সন্মান। দৰ্শক আৰু
সমালোচকৰ ইতিবাচক মন্তব্য আৰু ধনাত্মক প্ৰতিক্ৰিয়াই টাইটানিকক প্ৰতিষ্ঠিত কৰে বছৰটোৰ
শ্ৰেষ্ঠ ছবিৰূপে। বিভিন্ন
ধৰণৰ চলচ্চিত্ৰ বঁটাৰ লগতে ৪ টা গোলডেন গ্ল'ব আৰু ১১ টা অস্কাৰ বঁটা
জয়ী কৰি টাইটানিকে এক অভিলেখ গঢ়ে।
১৪
টা অস্কাৰ মনোনয়ন লাভ কৰি টাইটানিকে এক অভিলেখ গঢ়ে।
টাইটানিকে
১৯৯৮ চনত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক (কেমৰুণ), শ্ৰেষ্ঠ সাজ সজ্জা,শ্ৰেষ্ঠ মেক আপ, শ্ৰেষ্ঠ কলা, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ, শ্ৰেষ্ঠ শব্দগ্ৰহণৰ লগতে শ্ৰেষ্ঠ মৌলিক সংগীত আৰু গীতৰ অস্কাৰ বঁটা জয় কৰে। ৰ'বাৰ্ট লেগেটোৰ অপূৰ্ব ভিজুৱেল
এফেক্টছেও লাভ কৰে শ্ৰেষ্ঠ ভিজুৱেল এফেক্টছৰ অস্কাৰ। ইয়াৰ পূৰ্বে সৰ্বাধিক অস্কাৰ জয় কৰিছিল ১৯৬০
চনত "বেন হুৰ"এ। লগে লগে
টাইটানিক হৈ পৰে এইক্ষেত্ৰত দ্বিতীয়খন ছবি।
১৯১২
চনৰ ১২ জুলাইৰ দিনা নিশা ১ বাজি ২৪ মিনিটত এক তুষাৰাবৃত শিলত খুণ্ডা মাৰি প্ৰায় আঢ়ৈ
ঘন্টাৰ ভিতৰত আটলান্টিকৰ বুকুত নিখোজ হৈছিল ব্ৰিটেইনৰ গৰ্ৱ RMS Titanic। এক ইতিহাস গৰকা টাইটানিক
আজিও একেদৰেই পৰি আছে হাজাৰটা কাহিনী কৈ।
কিন্তু
জেমছ কেমৰুণৰ টাইটানিকে জীৱন্ত কৰি তুলিছিল শতবৰ্ষীয় টাইটানিকক আমাৰ সমুখত, ৰূপালী পৰ্দাত, সেই একেদৰে।
হয়তো
কাছিৎ হে ভৱিষ্যতলৈ এনে এখন ছবি নিৰ্মাণ হ'ব। কিন্তু টাইটানিক, সদায় টাইটানিকেই হৈ থাকিব, সেয়া ১৯১২ চনতেই হওঁক বা ১৯৯৭
চনতেই হওঁক।
এ পি জে আব্দুল কালামঃ দ্যা আনট'ল্দ
ষ্ট'ৰী
: সমুজ্জ্বল নাথ
কোনো মানুহেই জন্মতে বিশেষ ভাৱে জন্ম গ্ৰহণ নকৰে। নিজৰ মনোবল, কৰ্মস্পৃহা, একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জীৱনৰ পথত তেওঁ সমাজৰ বিশেষ ব্যক্তি হিচাপে পৰিচিত
হয়। তেনে এগৰাকী মহান ব্যক্তিয়েই হ'ল
ভাৰতৰ মিশাইল মেন খ্যাত তথা ভূতপুৰ্ব ৰাষ্ট্ৰপতি ড. এ পি জে আব্দুল কালাম। যাৰ গুণানুকীৰ্তনৰ বাবে হয়তো মোৰ বিশেষণীয় শব্দৰ অভাৱ হ'ব। মহাকাশ আৰু ভাৰতৰ সুৰক্ষা সম্পৰ্কীয় বিষয়ত তেওঁৰ যি অৱদান হয়তো
আমি কৈ শেষ কৰিব নোৱাৰো। এটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ল'ৰা
যিয়ে শৈশৱত ৰে'ল ষ্টেচনত বাতৰিকাকত বিক্ৰী কৰি পিছলৈ দেশৰ প্ৰথমজন
নাগৰিক হিচাপে পৰিগণিত হ'ল। তেওঁৰ এই জীৱনযাত্ৰাৰ বিষয়ে আমি আটাইয়ে কম বেছি পৰিমাণে
জ্ঞাত। আজিৰ এই লেখনিৰ জৰিয়তে তেওঁৰ জীৱনৰ স্বচ্ছ
দিশসমূহ আওকাণ কৰি কিছু নতুন তথ্য, কিছু আমি আটাইয়ে নজনা নতুন
সত্য উদঙাবলৈ প্ৰয়াস কৰা হৈছে। হয়তো এই
তথ্যসমূহ জনাৰ পিছত ড. কালামৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা, মৰম আৰু দুগুণ বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি। এই গোপন সত্য সমূহে তেখেতক সঁচা অৰ্থত এজন প্ৰকৃত মানুহ হিচাপে
দাঙি ধৰিছে। যি অন্যতকৈ বহু বেলেগ। যাৰ বাবেই তেওঁ মহান মানৱসমূহৰ শাৰীৰ এজন। তেওঁৰ জীৱনৰ সৰু অথচ আমাৰ দৰে সাধাৰণ মানুহৰ মন-মগজুৰ বাহিৰৰ
কৰ্ম কাণ্ডই তেওঁক আমাৰ মাজতেই অসাধাৰণ কৰি তুলিছিল।
এবাৰ তেখেত
যেতিয়া
Defence Research and Development Organisation ত কৰ্মৰত আছিল,
এবাৰ এটা ঘৰৰ চৌহদৰ পকীবেৰৰ কাম চলি আছিল; নিৰাপত্তাৰ
খাতিৰত বেৰবোৰৰ ওপৰত ভঙা কাচৰ টুকুৰা দিয়া প্ৰয়োজন। কিন্তু এই
বিষয়টো কালামৰ মুঠেও পছন্দ হোৱা নাছিল। তেওঁ কৈছিল, "যদি আমি এইটো কৰো, তেনেহ'লে পিছলৈ
চৰাইবোৰ বেৰৰ ওপৰত বহি জিৰাব নোৱাৰিব।"
আন এটা এনে
সৰু ঘটনা হ'ল তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত কিছুসংখ্যক কিশোৰ-কিশোৰীৰ
পৰা তেওঁক লগ কৰাৰ এটা অনুৰোধৰ প্ৰস্তাৱ আহিল। তেওঁ এই
প্ৰস্তাৱটো স্বীকাৰ কৰি ৰাষ্ট্ৰপতি ভৱনৰ তেওঁৰ চেম্বাৰত ল'ৰা-ছোৱালীবোৰৰ
লগত অকল দেখা কৰাই নহয়, তেওঁলোকৰ নিজা নিজা ধাৰণা, মতামতসমূহ শুনাৰ বাবেও তেওঁৰ মহা মূল্যবান সময় খৰচ কৰিছিল। খুউৱ মনোযোগেৰে তেওঁ আটাইবোৰ ল'ৰা-ছোৱালীৰে
মতামত সমূহ শুনি পিছত তেওঁৰ মন্তব্য আগবঢ়াইছিল।
তেওঁক ৰাষ্ট্ৰপতি
হিচাপে নিযুক্তি কৰাৰ ঠিক কেইদিনমান পিছৰ কথা। তেওঁ এখন
মডেল স্কুললৈ গৈছিল ভাষণ ৰাখিবৰ বাবে। তেনেতে ভাষণ
চলি থকাৰ মাজত কাৰেন্ট গুচি যায় কিন্তু সেই মূহুৰ্তটো নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰাপত্তা
বেষ্টনী ভাঙি প্ৰায় চাৰিশ ল'ৰা-ছোৱালীৰ মাজত সোমায় গৈ লাউড স্পীকাৰ
অবিহনেই ভাষণ দিবলৈ আৰম্ভ কৰে।
ৰাষ্ট্ৰপতি
পদত অধিষ্ঠিত হোৱাৰ পিছতে এদিন ড. কালামে আমুলৰ প্ৰতিষ্ঠাপক ড. ভাৰ্গিচ কুৰেইনক মাতি
কৈছিল,
"এতিয়া মই ভাৰতৰ ৰাষ্ট্ৰপতি হ'লো,
ভাৰত চৰকাৰে মোৰ সুন্দৰ যত্ন ল'ব মই জীয়াই থকালৈ। গতিকে মই মোৰ উপাৰ্জিত ধন আৰু দৰমহাৰে কি কৰিম?" ইয়াৰ পিছতে তেওঁ তেওঁৰ গোটেই ধন-সম্পত্তি Providing Urban
Amenities to Rural Areas (PURA) নামৰ ন্যাসটোলৈ দান কৰি দিয়ে।
আকৌ এবাৰ
আই আই টি বাৰানশীৰ এটা কনভোকেচন অনুষ্ঠানৰ তেওঁ মুখ্য অতিথি আছিল। মঞ্চত পাঁচখন চকীৰ
ভিতৰৰ মাজৰ চকীখন তেখেতৰ বাবে আটক ধুনীয়াকৈ সজাই ৰখা হৈছিল পিছত ড. কালামে মঞ্চত
উঠিয়েই তেওঁৰ বাবে সজাই ৰখা চকীখনলৈ লক্ষ্য কৰি চকীখন অন্য চকীবিলাকতকৈ ডাঙৰ দেখি বহিবলৈ
অসন্মত হৈ চকীখন প্ৰতিষ্ঠানটোৰ ভাইচ চেঞ্চৰলৈ আগবঢ়াই দিছিল।