বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭
কেইটামান তেনেই সাধাৰণ প্ৰশ্ন আৰু হিমাংশু প্ৰসাদ দাসৰ উত্তৰ
সাক্ষাত্কাৰ
গ্ৰহণ কৰিছে বেটুপাতৰ সম্পাদক-
তৃষ্ণা দাসে
বেটুপাতৰ "অন্তৰংগ আলাপ" শিতানৰ এইমাহৰ অতিথি আমাৰ আটাইৰে চিনাকি তথা অভিনেতা, নাট্যকাৰ, কাহিনীকাৰ,
পৰিচালক, কবি-- হিমাংশু
প্ৰসাদ দাস। হিমাংশু প্ৰসাদ দাস আমাৰ আটাইৰে বাবে এটি চিনাকি নাম। "দূৰদৰ্শন
এটি যন্ত্ৰ" (এখন গাঁৱত এটা টিভি আছিল) আৰু "ছাকিৰা আহিব বকুল তলৰ
বিহুলৈ" শীৰ্ষক বহুচৰ্চিত তথা জনপ্ৰিয় ছবি দুখনৰ কাহিনীকাৰ তথা পৰিচালক
হিমাংশু প্ৰসাদ দাসে এইবেলি প্ৰথমবাৰৰ বাবে হেঙুল থিয়েটাৰৰ যোগেৰে নাট্যকাৰ
হিচাপেও আত্মপ্ৰকাশ কৰিলে।
তৃষ্ণা দাসঃ
নমস্কাৰ হিমাংশু দা, প্ৰথমে "বেটুপাত"ৰ অন্যতম শিতান
"অন্তৰংগ আলাপ" লৈ আপোনাক স্বাগতম জনাইছোঁ।
হিমাংশু প্ৰসাদ দাসঃ
ধন্যবাদ।
তৃষ্ণা দাসঃ
আমি জনাত আপোনাৰ জন্ম মিৰ্জাৰ এখন ভিতৰুৱা গাওঁ বৰীহাটত, তেনেকুৱা এখন ঠাইৰ পৰা গৈ দিল্লী, তাৰ পৰা আহি অসমীয়া সাংস্কৃতিক জগতত জড়িত হৈ নিজৰ চিনাকি ৰাইজৰ মাজত দাঙি
ধৰিবলৈ সক্ষম হৈছে আপুনি, যি এক দীঘলীয়া যাত্ৰা! চমুকৈ এই
যাত্ৰাৰ বিষয়ে জনাব নে?
হিমাংশু প্ৰসাদ দাসঃ
জীৱনত য’তেই মই সুযোগ পাইছো তাতেই কৈছো, আমৰাংগা, দক্ষিণ কামৰূপৰ এখন গাওঁ য’ত মোৰ জন্ম। ইয়াত সৰুৰ পৰা যিটো সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ; সেই পৰিৱেশটোই আছিলে মোৰ অনুপ্ৰেৰণাৰ মূল উত্স। নাটক, গান, সাহিত্য তথা
বিভিন্নধৰণৰ বিষয়ত ইয়াত আলোচনা হৈছিলে, চৰ্চা হৈছিলে। দ্বিতীয়তে, মই যিখন স্কুলত পঢ়িছিলো আমৰাংগা বৰীহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই
স্কুলখনত বৌদ্ধিক পৰিৱেশ এটাই বিৰাজ কৰিছিল। স্কুলখন আৰু মোৰ গাওঁখন এইদুয়োখনৰ
পৰিৱেশ লগতে মোৰ যিখিনি অগ্ৰজ দাদা-বাইদেউ আছিলে তেওঁলোকে কৰি থকা কাম বিলাক সৰুৰ
পৰা দেখিছিলো আৰু সেয়াই আচলতে মোৰ অনুপ্ৰেৰণাৰ উত্স আছিলে।
আজিৰ তাৰিখলৈ যে এই
নাটক, গান লৈয়ে ব্যস্ত আছো বা সেইটো আজি কেৱল মোৰ নিচাই নহয় পেচাও আৰু এনেকুৱা এটা
জীৱন বাচি লোৱাতো চাগে এই অঞ্চলটোৰেই অৱদান। এই মানুহখিনিৰ অৱদান।
তৃতীয়তে, আমি সকলোৱে
নাটক, গান, চিনেমা ভালপাওঁ কাৰণ আমি সেইবোৰ দেখি থাকো বেলেগে কৰা আৰু দেখি দেখিয়েই
আমাৰো মন যায় যে আমিও এনেকুৱা নাটক, গান কৰিম। তেনেকৈয়ে আৰম্ভণি হৈছিলে মোৰ এই যাত্ৰাৰ। তাৰোপৰি যিহেতু আমি সামাজিক মানুহ। এজন সাংস্কৃতিক কৰ্মী তাৰ ব্যতিক্ৰম নহয়। আমিও সমাজৰে এটা অংশ। গতিকে সমাজত ঘটি থকা
ঘটনাবিলাককলৈ আমাৰ দায়িত্ব থাকে। যিহেতু গান, নাটক এইবোৰ একো একোটা গণ মাধ্যম হয়।
তাৰ যোগেৰে আমি যদি বিচাৰোঁ, প্ৰতিজন শিল্পীয়ে সমাজক যোগাত্মক অৱদানো আগবঢ়াব
পাৰে। এই আটাইবোৰ চিন্তা আগত ৰাখিয়েই কাম কৰি আছো। আৰু এইটোই আশা কৰোঁ, মৃত্যুৰ
আগদিনা লৈকে এই কামবিলাকৰ মাজতেই যাতে ব্যস্ত থাকিব পাৰোঁ।
তৃষ্ণা দাসঃ
আমি সকলোৱে জানো যে আপুনি NSD অৰ্থাৎ দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ
পৰা শিক্ষা গ্ৰহণ কৰি আহিছে আৰু আমি এনেকুৱা বহু ব্যক্তিক দেখিছো যিসকলে তেনে
প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি আহি ব্যৱসায়ীক দিশত নিজক প্ৰতিষ্ঠা কৰাৰ বাবে
উঠি-পৰি লাগে, কিন্তু এই ক্ষেত্ৰত আপুনি তাৰ সম্পূৰ্ণ
ব্যতিক্ৰম। ইয়াৰ কাৰণ?
হিমাংশু প্ৰসাদ দাসঃ প্ৰত্যেকৰে
নিজস্ব কিছুমান ধাৰণা থাকে, প্ৰত্যেকৰে নিজৰ দৰ্শন থাকে
গতিকে প্ৰত্যেকেই নিজে বিচৰা ধৰণে কামবোৰ কৰি আছে। এইক্ষেত্ৰত আনে কি কৰি আছে মই ক'বলৈ নাযাওঁ। মই ভাবোঁ যে নাটক, গান, চিনেমা এইবোৰ কেৱল মনোৰঞ্জন বা কেৱল টকা ঘটাৰ কাৰণে এটা মাধ্যম নহয়।
নাম-দাম এইবোৰ প্ৰয়োজনীয় বস্তু, মই অপ্ৰয়োজনীয় বুলি ক'ব
বিচৰা নাই কিয়নো কেতিয়াবা নামেও মানুহক কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাই। টকা-পইচা
নিশ্চয়কৈ সকলো মানুহৰ বাবেই জৰুৰী। কিন্তু তাৰ মাজতে জৰুৰী আন এটা কথা হ'ল, আমি য'ত জন্ম পাইছো, যিখিনি
মানুহৰ মাজত আমি ডাঙৰ হৈছো সেই মানুহখিনিক আমি কি দিম বা দিব পাৰিছোঁ সেইটো এটা
নিজস্ব দায়িত্ববোধ। আৰু মই ভাবোঁ যে অসমৰ প্ৰতিজন শিল্পীৰ কাৰণে আচলতে আদৰ্শ হ'ব লাগে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা
আৰু কোনোবাখিনিত মই তেওঁলোকতৈ ডাঙৰ মানুহ শ্ৰীমন্ত শংকৰদেৱৰ কথা যেনিবা এই
মূহুৰ্তত নক'লোৱেই। গতিকে মই ভাবো অসমত এতিয়ালৈ তেওঁলোকতকৈ
ডাঙৰ শিল্পীৰ জন্ম হোৱা নাই। আমিবোৰ সামান্য মানুহ, সাধাৰণ
সাংস্কৃতিক কৰ্মী। আমি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ
ৰাভাৰ কৰ্মক অনুসৰণ কৰোঁ। সেইকাৰণে আমি এতিয়ালৈ যি কৰি আছো তেওঁলোকৰ আদৰ্শৰেই কৰি
আছো। তেওঁলোকে যোৱা বাটটোৰেই আচলতে আমি যাব চেষ্টা কৰিছোঁ। হয়তো তোমাৰ মনত যি
প্ৰশ্ন উদয় হৈছে তাৰ কাৰণ চাগে এইটোই।
তৃষ্ণা দাসঃ
আপোনাৰ শেহতীয়া ছবি "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ" তলৰৰ সফলতাক লৈ আপুনি কিমান শতাংশ
সুখী? আপুনি ভৱা ধৰণে অসমবাসী ৰাইজৰ
পৰা পূৰ্ণ সহযোগিতা লাভ কৰিছেনে?
হিমাংশু প্ৰসাদ দাসঃ
‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ ত চিনেমা হিচাপে হয়তো বহুতো ক্ৰুটি আছে। তাক হয়তো আমি সৰ্বাংগ সুন্দৰ
হিচাপে গঢ়ি তুলিব পৰা নাই। এইটো কথা আমি স্বীকাৰ কৰোঁ এইকাৰণেই মই ভাবোঁ পৃথিৱীৰ
কোনো মানুহেই এজন সক্ৰিয় সাংস্কৃতিক কৰ্মীয়ে নিজে কৰি উঠা কামটোক লৈ কেতিয়াও
সন্তুষ্ট হ'ব নোৱাৰে। নিশ্চয়কৈ তাত আমাৰো
কিছুমান অসন্তুষ্টি ৰৈ গৈছে। ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ কেৱল এখন চিনেমা নাছিল যিটো কথা
আমি বাৰে বাৰে কৈ আহিছোঁ। তাৰলগতে আছিল এটা আন্দোলন। সেই চিনেমাখনৰ যোগেৰে আমি
নিজক চিনাৰ আমি নিজক বুজাৰ এটা আৰম্ভণি আছিলে। সেইক্ষেত্ৰত,
ছাকিৰা বহু পৰিমাণে সফলো হৈছে। কিয়নো চিনেমাখন
যেতিয়া চিনেমা হলৰ পৰা আঁতৰাই দিছিলে তাৰ পিছত আমি সমগ্ৰ
অসমতে এটা জনমতৰ সৃষ্টি কৰিছিলোঁ। ইয়াৰ আগতো অসমীয়া চিনেমা হলৰ পৰা আঁতৰাই দিছিলে
কিন্তু ইমানখিনি সাধাৰাণ মানুহৰ পৰা বুদ্ধিজীৱী লৈকে এই বিষয়টোৰ চৰ্চাক লৈ কোনেও
বাধ্য কৰাব পৰা নাছিল। ছাকিৰাৰ যোগেৰে আঞ্চলিক ভাষাৰ চিনেমাক লৈ হৈ থকা
সমস্যাবিলাকৰ এনেকুৱা আলোচনা যাতে সকলো শ্ৰেণীৰ মানুহে কৰে, চিন্তা কৰে তেনেকুৱা
এটা পৰিৱেশ আমি ৰচনা কৰিবলৈ সক্ষম হৈছিলো। গতিকে সেইদিশৰ পৰা ছাকিৰাক অসমীয়া
চিনেমাৰ সামগ্ৰিক ইতিহাসৰ দৃষ্টিকোণেৰে যদি চাওঁ ইয়াৰ উল্লেখনীয় এটা প্ৰভাৱ থাকি
যাব বুলি আমি বিশ্বাস কৰোঁ।
তৃষ্ণা দাসঃ
ছাকিৰাক বকুল তললৈ অনাৰ সময়ত কিছু বিতৰ্কৰ উদ্ভৱ
হৈছিল যিটো সকলোৰে জ্ঞাত, যি
বিতৰ্কৰ মাজত (ৰাইজৰ মতে) আপুনি নিজেই সোমাই পৰিছিল! এইক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন-
অসমত ইমানবোৰ জাতীয় সংগঠন থকাৰ পিছতো আপুনি এটা আইনগতভাৱে নিষিদ্ধ সংগঠনক মুকলিকৈ
চিঠি লিখাৰ কাৰণ কি আছিল?
হিমাংশু প্ৰসাদ দাসঃ এইটো
আচলতে ভুল বাখ্যা হৈছিল আৰম্ভণিৰ পৰাই যাৰ উত্তৰ বহুবাৰ দিছিলোঁ। আমি কেৱল
আলফালৈকে চিঠি লিখা নাছিলো অসমৰ বিভিন্ন সামাজিক সংগঠনলৈ আমি যোগাযোগ কৰিছিলোঁ।
চিঠিৰ যোগেৰে হওঁক বা ব্যক্তিগত পৰ্যায়েৰে হওঁক বা ফোনৰ যোগেৰে হওঁক। কিন্তু আমি
এইক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী অসমক যিহেতুকে তেওঁলোকে দাবী কৰে অসমৰ হকে কাম
কৰি থকা বুলি গতিকে তেওঁলোকক আমি এই কথাটো অৱগত কৰিছিলোঁ। আৰু যিহেতু পৰেশ বৰুৱাৰ
ফোন নং আমাৰ তাত নাই বা পৰেশ বৰুৱাৰ কোনো কাৰ্য্যালয় গুৱাহাটীত নাই সেইবাবে আমি
তেওঁক ছোচিয়েল মেডিয়াৰ যোগেৰেই কথাটো দৃষ্টিগোচৰ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমি
আছুৰ কাৰ্য্যালয়ত গৈ সমুজ্জ্বল ভট্টাচাৰ্য্য ডাঙৰীয়াক লগ কৰিব পাৰোঁ। আমি অখিল গগৈ
ডাঙৰীয়াক লগ কৰিবৰ বাবে তেওঁৰ কাৰ্য্যালয়ত যাব পাৰোঁ। কিন্তু পৰেশ বৰুৱাক আমি লগ
কৰিব কাৰণে যাব নোৱাৰো বা আমাৰ হাতত তেনেকুৱা যোগাযোগৰ ব্যৱস্থা নাই। সকলোতকৈ ডাঙৰ
কথা এইটো যে আমি কোনো কাম গোপনে কৰা নাছিলোঁ। যি কৰিছিলোঁ সকলোৱে দেখাকে কৰিছিলোঁ। তাৰোপৰি
আমি পৰেশ বৰুৱাৰ পৰা মতামত হে বিচাৰিছিলোঁ, তেওঁক আহি ক’ৰবাত বোমা এটা দিবৰ বাবে আবেদন আমি কৰা নাছিলোঁ। এইটো সম্পূৰ্ণৰূপে
গণতান্ত্ৰিক ভাবে কৰা কাম আছিলে।
তৃষ্ণা দাসঃ
এটা বাক্যত "গুৱেৰ্ণিকা"ৰ বিষয়ে কি ক'ব?
হিমাংশু প্ৰসাদ দাসঃ
একাষাৰত গুৱেৰ্ণিকা এটা সাংস্কৃতিক সংগঠন। তাৰ
কলা-কুশলী সকলে কেৱল যে নাটক-গানৰ লগতেই জড়িত তেনে নহয়। অসমৰ বিভিন্ন সামাজিক
পৰিস্থিতিত গুৱেৰ্ণিকাৰ কৰ্মী সকলে মাত মাতিছে। তেওঁলোকে কেৱল যে মঞ্চতে কাম কৰিছে
তেনেকুৱা নহয়। ৰাস্তাত ওলায় আহিও কাম কৰিছে তেওঁলোকে। ৰাইজৰ মাজত কাম কৰিছে। সেয়া
বানপানীৰ দুৰ্যোগৰ সময়তে হওঁক বা অসমৰ বেলেগ সামাজিক সমস্যাতে হওঁক। সেইকাৰণে কওঁ
যে গুৱেৰ্ণিকাৰ কৰ্মীসকলে যে কেৱল কেমেৰাৰ সমুখতেই আছে, মঞ্চতে আছে তেনেকুৱা নহয়
সময়ত তেওঁলোকে কোৰ লৈ খেতিও কৰিছে, অন্যান্য কামো কৰিছে। গতিকে মই ভাবো যে
গুৱেৰ্ণিকাৰ কৰ্মীসকল সম্পূৰ্ণৰূপে সাংস্কৃতিক কৰ্মী। গুৱেৰ্ণিকা সম্পূৰ্ণ অৰ্থত
এটা সাংস্কৃতিক সংগঠন।
তৃষ্ণা দাসঃ
আপোনাৰ এটি জনপ্ৰিয় কবিতা "ঐ ছোৱালী! এবাৰ
ভাল পায় চাবা নেকি?" ৰ
আঁৰৰ কিছু কথা আমি জানিব বিচাৰিম, যদিহে আপুনি বেয়া নাপায়?
হিমাংশু প্ৰসাদ দাসঃ
এই কবিতাটো লিখা হৈছিলে কটন কলেজত পঢ়ি থকা
দিনত। সেয়া ২০০৩ চনৰ কথা। আৰু কবিতাটো লিখাৰ কাৰণটো হ’ল যে আমাৰ প্ৰায়ে অসমৰ সাহিত্য-সংস্কৃতিক লৈ আদ্দা
হৈছিলে, আলোচনা হৈছিলে। সেই আলোচনাৰ এটা বিষয়বস্তু আছিলে কবিতা। আমি আলোচনা
কৰিছিলোঁ যে কবিতা সদায় কিয় ড্ৰয়িং ৰুমৰে এটা বস্তু হৈ থাকিব, কবিতা বুজিবৰ বাবে
কিয় সদায় ইন্টেলেকচুৱেলিটি লাগিব, কেৱল বুদ্ধিজীৱিৰ বাবেই কিয় কবিতা, ই কিয় সাধাৰণ
মানুহৰ ওচৰলৈকে যাব নোৱাৰে! তাৰ বাবেই এটা প্ৰচেষ্টা আছিলে। অসমীয়া কবিতাৰ
ক্ষেত্ৰত যদিওবা ই নতুন আছিলে। কিন্তু বঙালী সাহিত্যত এয়া বহু পূৰণি এটা প্ৰচেষ্টা
আছিলে। আমি দৈনন্দিন ব্যৱহাৰ কৰা ভাষাবোৰ, আদ্দা দিওঁতে যিবিলাক কথা কওঁ সেই
শব্দবোৰ লৈয়ে আমি এই কবিতাটো লিখিব চেষ্টা কৰিছিলোঁ। কোনোবাখিনিত সেই কবিতাটোত
প্ৰতিবাদ আছিলে; কবিতাৰ প্ৰাথমিক ধাৰণাটো ভাঙি দিবৰ বাবে।
আৰু ভাল লাগে এতিয়াও, আজি প্ৰায় ১৪ বছৰ হৈ যোৱাৰ পিছতো কবিতাটো চলি আছে। অসমৰ
ৰাইজে আদৰি লৈছে কবিতাটি।
তৃষ্ণা দাসঃ
২০ আগষ্টত শুভমুক্তি পোৱা, ২০১৭-১৮ বৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ'ব "এই চহৰৰ ৰোমিঅ' জুলিয়েট"। যি দৰ্শকৰ
বাবে এক সু-খবৰ। নাটকখনৰ প্ৰচাৰ কৰোঁতে ভিন্ন ব্যতিক্ৰমী সংলাপ সংযোগ কৰি বহুতো
পোষ্টাৰ ব্যৱহাৰ কৰা হৈছে তাৰ মাজৰে এখন পোষ্টাৰত দেখিছিলো "No জোল Only মাংস চেকি চেকি" ; এই বাক্যশাৰীৰ আঁৰৰ কিছু কথা আমাক জনাব নেকি?
হিমাংশু প্ৰসাদ দাসঃ
‘No
জোল Only মাংস চেকি চেকি’ নাটকখনৰ এটি চৰিত্ৰ বিৰেন ভুঞাৰ মুখেৰে শুনিব পোৱা যাব এই সংলাপটো। এই
সংলাপটো এটা বিশেষ সময়ত মই পাইছিলো। হৰেকৃষ্ণ নামৰ এজন ল’ৰাৰ
মুখত। আমি ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ ৰ প্ৰচাৰ কৰিব
গৈছিলো জলাহ নামৰ ঠাইত। তাতে আমি লগ পাইছিলো পাঠখালাৰ এজন যুৱক, নাম হৰেকৃষ্ণ। সি
খুউৱ ধেমালীকৈ এই বাক্যটো বাৰে বাৰে কৈ আছিল। বাক্যটো ভাল লাগি গ’ল কিবা এটা আৰু নাটকখনৰ লগতো খাপ খাই গ’ল। ইয়াৰ
সৃষ্টিকৰ্তা হ’ল
হৰেকৃষ্ণ নামৰ সেই ল’ৰাজন।
তৃষ্ণা দাসঃ
দাদা,
যেনেকৈ আপুনি আনতকৈ অলপ পৃথক, ব্যতিক্ৰম বুলি
সকলোৱে কয় বা ভাবেও ঠিক তেনেকৈ "বেটুপাত" ত কিবা ব্যতিক্ৰম দেখিছেনে
আপুনি? আপোনাৰ মতে আৰু কি কৰিলে আমি বেটুপাতক আগুৱাই নিয়াত
সফল হ'ম?
হিমাংশু প্ৰসাদ দাসঃ
প্ৰথম কথাটো হ’ল, এটা সময় আছিলে মানুহে
প্ৰাচীৰ পত্ৰিকা উলিয়াইছিলে, (এতিয়াও উলিয়াই) আমি সৰু থাকোতে হাতে লিখা আলোচনী উলিয়াইছিলো। তাৰপিছতে ছপা মাধ্যমটো
আছেই। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে যিহেতুকে এতিয়া ইন্টাৰনেটৰ প্ৰচলন বহুত বেছি
বৃদ্ধি পাইছে। তোমালোকে যিটো প্ৰচেষ্টাৰে অসমীয়া ভাষাক, অসমৰ মানুহৰ ওচৰত
সাহিত্যচৰ্চাৰ এটা পৰিৱেশ লৈ যাব বিচাৰিছা, এইটো মোৰ বোধেৰে এটা খুউৱ গুৰুত্বপূৰ্ণ
আৰু প্ৰয়োজনীয় কথা। যিটো সময়ত যি, এতিয়া এখন প্ৰাচীৰ পত্ৰিকা, এখন হাতে লিখা
আলোচনী বা ক্ষুদ্ৰ আলোচনীৰে আমি সিমানখিনি মানুহৰ ওচৰলৈকে আমাৰ চিন্তাবিলাক লৈ যাব
নোৱাৰো। গতিকে বেটুপাত সময়ৰ লগত লোৱা এটা উচিত সিদ্ধান্ত। নিশ্চয়কৈ ই বহুত উন্নত
আৰু বিচাৰোঁ যে অসমৰ এনেকুৱা কিছুমান কথা, যিবিলাক কথা হয়তো টি আৰ পি বা অন্য
বহুতো কাৰণৰ বাবে বা ব্যৱসায়িক স্বাৰ্থতে হওঁক, আলোচনীবোৰে হওঁক বা টি ভিৰ
চেনেলবোৰেই হওঁক কিছুমান বিশেষ কথাত গুৰুত্ব নিদিয়ে। তেনে কিছুমান বিষয়ত টি আৰ পি
হয়তো আজিৰ তাৰিখত নাই। কিন্তু যিহেতু তোমালোক স্বাধীন। গতিকে অন্য চেনেলবিলাকে
অন্য বাতৰিকাকতে গুৰুত্ব নিদিয়া কথাবোৰ তোমালোকে মনোযোগ দিবা বুলি আশা কৰিলোঁ।
তৃষ্ণা দাসঃ
পৰিশেষত,
আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ আমাক ব্যস্ততাৰ মাজেৰে এইকণ সময় দিয়াৰ
বাবে। "এই চহৰৰ ৰোমিঅ' জুলিয়েট" ৰ দৰে অনাগত সময়ৰ
প্ৰত্যেকটো পৰিকল্পনাই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক বহুতো সফলতা তাৰেই কামনা কৰিছোঁ।
হিমাংশু প্ৰসাদ দাসঃ
বহুত বহুত ধন্যবাদ। আকৌ লগ পাম।
*************
বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭
|
বেটুপাতৰ সম্পাদক তৃষ্ণা দাসৰ সৈতে গাওঁ ক্যা
খানা ৰ
স্বত্বাধিকাৰী হিৰণ্ময় গগৈৰ অন্তৰংগ আলাপঃ
"বেটুপাত" ৰ নৱ শিতান "অন্তৰংগ আলাপ"
ৰ এই মাহৰ অতিথি-- হিৰণ্ময় গগৈ। এইখিনিতে ৰাইজৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে হিৰণ্ময়
গগৈ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগী ব্যক্তিসকলৰ ভিতৰত এগৰাকী ৰাষ্ট্ৰীয় বঁটা
প্ৰাপক উদ্যোগী ব্যক্তি লগতে জি.কে.কে (GKK) অৰ্থাৎ গাওঁ ক্যা খানা ৰ স্বত্বাধিকাৰী। অতি
কম বয়সতে জীৱনত পোৱা বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে নিজক সফলতাৰ দিশে আগুৱাই নিয়াৰ
লগতে বৰ্তমান প্ৰায় ৩০০ জন মানুহক গাওঁ ক্যা খানা ৰ যোগেৰে কৰ্ম সংস্থাপন
দিয়াৰ উপৰিও অনাগত দিনত ভাৰতবৰ্ষত ৩০০০ জন লোকৰ সংস্থাপন
সৃষ্টি কৰাৰ উদ্দেশ্যে কাম কৰি থকা হিৰণ্ময় গগৈ হৈছে অসমৰ অন্যতম উদীয়মান সফল ব্যৱসায়ী। নিজৰ
অধ্যাৱসায়ৰ বলত এতিয়ালৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা বুটলিবলৈ সক্ষম হোৱা গগৈ দেৱৰ জন্ম
হৈছিল শিৱসাগৰৰ মথাদং গাঁৱত।
তৃষ্ণা দাসঃ হিৰণ্ময় দাদা, প্ৰথমে আপোনাক স্বাগতম জনাইছো
"বেটুপাত" ৰ নৱ শিতান "অন্তৰংগ আলাপ' লৈ।
হিৰণ্ময় গগৈঃ ধন্যবাদ তৃষ্ণা।
তৃষ্ণা দাসঃ পোনতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ প্ৰাৰম্ভিক
জীৱনৰ বিষয়ে? লগতে আপোনাৰ এই সফলতাৰ আঁৰৰ ৰহস্যৰ বিষয়ে?
হিৰণ্ময় গগৈঃ সফলতা মানে হৈছে এটা দীঘলীয়া যাত্ৰা। য'ত যথেষ্ট ঘাট-প্ৰতিঘাট,
প্ৰত্যাহ্বানৰ সন্মূখীন হৈ শেষত
নিজৰ লক্ষ্যস্থলত উপনীত হৈ ক্ৰমান্বয়ে
মানুহে জীৱনত আগুৱাই যায়।
মোৰ কৰ্মজীৱন আৰম্ভ হৈছিল ১৮ বছৰ বয়সৰ পৰা। প্ৰথম
অৱস্থাত মই মালেছিয়াৰ মাৰ্চেন্ট নেভীত কাম কৰিছিলোঁ আৰু তাৰ পিছত
ভাৰতৰ বিভিন্ন প্ৰতিস্থানৰ কাৰণে মেনেজাৰ পদত কাম কৰিলোঁ আৰু অৱশেষত, মই এটা বৰ
ভাল চাকৰিৰ প্ৰস্তাৱ পাইছিলো, কোম্পানী এটাত চি. ই. অ’
(CEO) হিচাপে নিয়োজিত হোৱাৰ। কিন্তু যিহেতু সৰুৰে পৰা অসমৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ আছিল, অসমৰ যিখিনি থলুৱা মানুহ, যিয়ে দুবেলা দুমুঠিৰ বাবে
হাহাকাৰ কৰিব লগাত পৰে, সেইসকলৰ বাবে এটা ভাল উপাৰ্জনৰ পথ তথা তেওঁলোকৰ জীৱনলৈ
নিজৰ কৰ্মৰ যোগেদি আশাৰ ৰেঙণি কঢ়িয়াই আনিম বুলি এটা সপোন ৰচিছিলো, আৰু শেষত সেই
সপোন বাস্তৱায়িত কৰাৰ কাৰণে মই আকৌ অসমলৈ উৰা মাৰিছিলো বিদেশৰ
পৰা।
তেনেকৈ বিভিন্ন কাম কৰি থকাৰ মাজেৰেই আৰম্ভ হৈছিল জি.কে.কে নামৰ কোম্পানীটোৰ
কাম।
তৃষ্ণা
দাসঃ মাতৃ আৰু ভাতৃৰ বিয়োগে দিয়া কষ্টৰ পিছতো নিজক ইমানখিনি আগুৱাই নিবলৈ সক্ষম
হৈছে আপুনি। যাৰ বাবে আপোনাক আজি বহুতে অনুকৰণ কৰে। আমি জানিব বিচাৰিম, তেওঁলোকৰ
বিয়োগৰ পিছত আপুনি কোনো বিশেষ ব্যক্তিৰ উৎসাহ তথা সহায় পাইছিল নে? যাৰ কথাই আপোনাক
কেৱল আগুৱাই যোৱাৰ সাহস দিছিল।
হিৰণ্ময় গগৈঃ হয়, আচলতে ক'বলৈ গ'লে যেতিয়া
কম বয়সীয়া, ফুল কোমলীয়া ল'ৰা বা ছোৱালীৰ জীৱনৰ পৰা মাক নাইকীয়া হৈ যায়, তেতিয়া বহুত
সমস্যাৰ সৃষ্টি হয়। ভৱিষ্যত অভিমুখী পথটোৰে খোজ দিওঁতে অসহায় বোধ হয়। যদিও পিতৃও থাকে।
কিন্তু ঘৰখনৰ মুৰব্বী হিচাপে তেওঁৰ বিভিন্ন কামৰ ব্যস্ততাৰ বাবে ল'ৰা-ছোৱালী মাকৰ লগত
বেছি সময় কটায়। লগতে যিহেতু পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰিয় নাৰী গৰাকীয়েই হৈছে আমাৰ মা।
গতিকে মাক এৰি বাস কৰাটো সঁচাকৈয়ে বৰ কঠিন।
মোৰ মাৰ মৃত্যু হৈছিল মোৰ ১৮ বছৰ বয়সত। তাৰোপৰি
ভাতৃৰ মৃত্যু হৈছিল ১৫ বছৰ বয়সত। মই মাক ১৩ বছৰ ধৰি মৃত্যুৰ লগত
যুঁজা দেখিছিলোঁ। মাৰ মৃত্যুৰ পিছত নিজক বুজাইছিলো বহুত লগতে দৃঢ় প্ৰতিজ্ঞ
হৈছিলো জীৱনত সফল ব্যক্তি ৰূপে পৰিচিত হ'ম বুলি। মই বিচাৰোঁ মোৰ মা য'তেই নাথাকক
কিয় তেওঁ যাতে সগৌৰৱে ক'ব পাৰে "হিৰণ্ময় গগৈ" মোৰ পুত্ৰ বুলি। তাৰোপৰি
মোৰ দাদাই আছিল মোৰ বন্ধু মোৰ গাইড। সৰুৰ পৰাই তাৰ লগত একেলগে ডাঙৰ-দীঘল হৈছিলো,
তাৰ মৰম পাইছিলো, আৰু হঠাতে এদিন দূৰ্ঘটনাত তাৰ মৃত্যু হয়! আৰু মই মাৰ লগতে হেৰুৱাও মোৰ
একমাত্ৰ বন্ধু তথা একমাত্ৰ ভাতৃক।
তাৰপিছৰে পৰা মই দেউতাক মোৰ ওচৰত পাওঁ। যদিও তেওঁৰ সময় কম
আছিল তথাপিও বন্ধবোৰ আহিলে যিমান পাৰে মোক সংগ দিছিল। এতিয়া মোৰ বন্ধু বুলিবলৈ
দেউতাই আছে।
তৃষ্ণা
দাসঃ আপোনাৰ বন্ধুবৰ্গৰ মাজৰ পৰা যদি দুগৰাকীৰ নাম ল'ব দিওঁ কাৰ কাৰ ল'ব?
হিৰণ্ময় গগৈঃ যিহেতু কলেজ, ইউনিভাৰ্চিটিত
মই পঢ়িবলৈ নাপালোঁ। আৰু চাবলৈ গ'লে সেইখিনি সময়তে বন্ধুত্ব হয়, এইক্ষেত্ৰত মোৰ বন্ধু বুলিবলৈ
নাইয়েই। তথাপিও কাৰোবাৰ নাম ল'ব লগীয়া
হ'লে মই মোৰ দেউতাৰ নাম প্ৰথমে ল'ম। তেওঁ বৰ্তমান সময়ত মোৰ ভাল বন্ধু। তাৰপিছতে মই নাম ল’ম পৰী ৰাজখোৱাৰ। তেওঁ নহ'লে হয়তো জি.কে.কে. আজি এই পৰ্যায়ত নাথাকিল হেঁতেন। তেওঁৰ
সহযোগতেই জি.কে.কে. ক আগুৱাই নিয়াত সফল হৈছো।
তৃষ্ণা
দাসঃ জি.কে.কে. ৰ উৎপত্তিৰ আঁৰৰ কথা জনাবনে? কেনেকৈ এই সুন্দৰ ধাৰণাৰ
উৎপত্তি হ'ল? ইয়াৰ জন্মৰ সময়ত আপোনাৰ লগত আৰু কোনোবা আছিলনে?
হিৰণ্ময় গগৈঃ নিশ্চয়। মোৰ
এই যাত্ৰা মাত্ৰ এটা দহ টকাৰে আৰম্ভ হয়। লগতে প্ৰথম অৱস্থাত মোক
কেইজনমান বন্ধুই সহায় কৰিছিল।
তৃষ্ণা
দাসঃ আপোনাৰ অভিৰুচি কি?
হিৰণ্ময় গগৈঃ মোৰ অভিৰুচি তেনেকুৱা নাই। মানে সাধাৰণতে মানুহৰ যেনেকুৱা অভিৰুচি
থাকে মোৰ তেনেকুৱা নহয়। ২০১০ চনৰ পৰা মই কামৰ বাহিৰে একোৱে কৰা
নাই। তেতিয়াৰ পৰা কাম, কাম আৰু কেৱল কামেই চলি আছে। মই শেষবাৰৰ বাবে চিনেমা হ'ললৈ গৈছিলো
২০১০ চনতে। তেতিয়াৰ পৰা আজিলৈ যোৱা হোৱা নাই। তাৰপিছত মোৰ স্বাস্থ্যৰ
অৱনতি হ'বলৈ
ধৰাত, যিহেতু মোৰ এতিয়াও আগুৱাবলৈ বহুদূৰ বাকী, সেয়ে তাৰপিছৰে পৰা অৰ্থাৎ ২০১৬ চনৰ পৰা মই বডি বিল্ডিঙত
লাগো। তাৰোপৰি মোৰ দাদাৰ মন আছিল গায়ক হোৱাৰ আৰু মই তাৰ এই সপোন পূৰণ কৰিবলৈ এতিয়া গানৰো
চৰ্চা কৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে এটি গানৰ ৰেকৰ্ডিং আগষ্টত আৰম্ভ কৰিবলৈ মানস কৰিছোঁ।
তৃষ্ণা
দাসঃ আপোনাৰ প্ৰিয় লেখক কোন, প্ৰিয় হোৱাৰ কাৰণ লগতে তেওঁৰ কোনখন কিতাপে বা কোনটো
লেখাই আপোনাক অনুপ্ৰাণিত কৰে এতিয়াও?
হিৰণ্ময় গগৈঃ আচলতে সঁচা ক'বলৈ গ'লে ২০১০ চনৰ পৰা মই কোনো কিতাপ
পঢ়া নাই। সময়ে পোৱা নাই। কিন্তু মই সদায়ে বাতৰিকাকত, আলোচনী তথা ইন্টাৰনেটত
yourstory.com নামৰ চাইটটোত বিভিন্ন লেখাবোৰ পঢ়োঁ। লগতে
তেনেকুৱা মটিভেচনেল
ষ্টৰী থকা চাইটৰ লেখাবোৰ পঢ়োঁ। ইয়াৰোপৰি মই বৰ্তমান কিতাপ এখনো
লিখি আছো। অতি শীঘ্ৰে সেইখন প্ৰকাশ কৰি উলিয়াম।
তৃষ্ণা
দাসঃ "সফলতা" অৰ্জন কৰিবলৈ সাধাৰণতে কি কি কৰিব লাগে? এজন মানুহ সফল
হ'বলৈ কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী হোৱা উচিত?
হিৰণ্ময় গগৈঃ সফলতা অৰ্জন কৰিবলৈ হ'লে প্ৰথম কথা
মানুহজনৰ ধৈৰ্য্য থাকিব লাগিব। যি আগত দেখিছে সেইটোৰ পিছত দৌৰিলে নহ'ব। যি নকৰক কিয়
সেইটো কামতেই নিষ্ঠা আৰু একাগ্ৰতাৰে লাগি থাকিব পৰা বিধৰ হ'ব লাগিব। এটা কথা মনত ৰখা
উচিত সফলতা এনেই পোৱা নাযায় লগতে ই ইমান সোনকালে ধৰা নিদিয়ে গতিকে ইয়াৰ বাবে ধৈৰ্য্য
লাগিব লগতে ধনাত্মক চিন্তাধাৰাৰ মানুহ হ'ব লাগিব। তাৰোপৰি তেওঁ প্ৰতিদিনে যিয়েই নকৰক
কিয়, কিবা নহয় কিবা এটা শিকিবই লাগিব। এদিনো এনেই একো নিশিকাকে যাব
দিব নালাগিব।
তৃষ্ণা
দাসঃ আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু কথা জনাবনে?
হিৰণ্ময় গগৈঃ ভৱিষ্যত পৰিকল্পনা বহুতেই আছে। তাৰ
ভিতৰত মই নিজকে এজন আগশাৰীৰ ইন্টাৰপ্ৰিনাৰ হিচাপে গঢ় দিব খোজো। আগন্তুক দিনবোৰত গাওঁ
ক্যা খানাৰ জৰিয়তে অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ নিৱনুৱাক কৰ্ম সংস্থান দিব খোজো। তাৰোপৰি
এজন সফল ব্যৱসায়ীৰ
লগতে এজন ভাল মটিভেচনেল স্পীকাৰ হ'ব খোজো। শেহতীয়াভাবে আমি “ইউথ চেল্ফ এমপ্লইমেন্ট”
নামৰ অনুষ্ঠান এটাও অনুষ্ঠিত কৰোঁ।
তৃষ্ণা দাসঃ ইতিমধ্যে জি.কে.কে. ৰ জৰিয়তে আপুনি সমাজৰ
বাবে বহুত ভাল কাম কৰি আছে, নিবনুৱাক কৰ্ম সংস্থাপন দিছে। ইয়াৰ লগতে আৰু কিবা সামাজিক
কামত আপুনি জড়িত নে? লগতে জি.কে.কে. ত কেনেকুৱা ধৰণৰ পদবী আছে আৰু
কিমান অৰ্হতা থাকিলে কোনো যুৱক-যুৱতী ইয়াৰ অংশ হ'ব পাৰিব?
হিৰণ্ময় গগৈঃ হয়। বৰ্তমান মই জি.কে.কে. ৰ জৰিয়তে দুখীয়া কৃষক সকলক
একোখনকৈল কিষান কাৰ্ড প্ৰদান কৰিছোঁ। যাৰ যোগেৰে সেইসকল মানুহে উৎপাদন কৰা ভাল শস্যবোৰ
আমি উচিত দামত বিক্ৰী কৰি দি তেওঁলোকক স্বাৱলম্বী হোৱাত সহায় কৰি আছো। ইয়াৰ বাবে আমাৰ
গ্ৰাহক সকলৰ বাবে এখন কাৰ্ড মুকলি কৰা হ’ব।
যিখনৰ মূল্য
মাত্ৰ ১০ টকা (এবছৰলৈ)। যাৰ জৰিয়তে গ্ৰাহকে আমাক শাক-পাচলিসমূহ অৰ্ডাৰ
কৰিব পাৰিব, বিভিন্ন ডাঙৰ উৎসৱৰ বাবেও অৰ্ডাৰ কৰিব পাৰিব আৰু আমি সেই কৃষকসকলৰ
পৰা ফ্ৰেছ্ শাক-পাচলিসমূহ আনি গ্ৰাহক সকলক হোম ডেলিভাৰী দিম।
জি.কে.কে. ত যুৱক-যুৱতীক নিয়োগ কৰোঁতে অৰ্হতাসম্পন্ন
জ্ঞানৰ লগতে আমি তেওঁৰ ক্ৰিয়েটিভিটিৰ দিশটোও লক্ষ্য কৰোঁ।
তৃষ্ণা দাসঃ এতিয়ালৈ পোৱা বঁটাসমূহৰ লগতে কিহৰ বাবে পালে সেইকথা জনাব বিচাৰিবনে?
এইক্ষেত্ৰত কোনো ব্যক্তিক আপুনি ধন্যবাদ জনাবনে?
হিৰণ্ময় গগৈঃ ২০১৬ চনত মই “ষ্টুডেন্ট ইন্টাৰপ্ৰিনাৰ অৱ
দ্যা ইয়াৰ এৱাৰ্ড ২০১৬” বঁটা পাওঁ। এই বঁটা
প্ৰদান অনুষ্ঠান অনুষ্টিত কৰিছিল ফ্ৰেনচাইজ ইণ্ডিয়া, ইক’নোমিক টাইমছ্ আৰু এয়াৰটেল বিজনেছ্ ৰ সহযোগত
আমেৰিকাৰ “ইন্টাৰপ্ৰিনাৰ”
নামৰ এখন বিখ্যাত আলোচনীয়ে। মোৰ দ্বিতীয় বঁটাটো হ’ল “হোম গ্ৰঅ'ন বিজনেছ্ এৱাৰ্ড অৱ দ্যা
ইয়াৰ ২০১৭”, যিটো গাওঁ ক্যা খানাৰ বাবে পাওঁ। এই বঁটা
প্ৰদান কৰে স্টাৰ্ট আপ ইণ্ডিয়াৰ সহযোগত ফ্ৰেনচাইজ ইণ্ডিয়াই।
এইক্ষেত্ৰত মই ধন্যবাদ দিব খোজো মোৰ দেউতাক। যেতিয়া
প্ৰথম বঁটাটো আনিবলৈ দিল্লী যাব লগা হৈছিল সেইসময়ত মোৰ ভাল ব্লেজাৰ নাছিল, এইফালে দেউতাৰ
হাততো পইচা নাছিল। তেওঁ বেলেগৰ পৰা ২৫০০ টকা এটা ধাৰলৈ লৈ মোক ব্লেজাৰ এটা কিনি দিয়ে,
তাৰোপৰি দোকানত ব্লেজাৰ কিনিবলৈ যাওঁতে মোৰ পছন্দ হৈছিল এটা বেলেগ ব্লেজাৰ যিটোৰ দাম
সোধাত গম পাইছিলো ৮০০০ টকা বুলি। কিন্তু আমাৰ হাতত পইচা আছিল ২৫০০ টকা। পিছত মই
সেইটো ভাল লগা নাই বুলি কৈছিলো দেউতাক। দেউতাই জানিছিল যে মোৰ সেইটো পছন্দ হৈছিল। যানহওঁক
শেষত ২৫০০ টকাৰে এটা সাধাৰণ ব্লেজাৰ কিনি মই দিল্লীৰ এৱাৰ্ড ফাংচনত গৈছিলো।
তৃষ্ণা দাসঃ শেষত, "বেটুপাত"
ৰ বিষয়ে আপোনাৰ মন্তব্য জনাব? লগতে ইয়াৰ এটা ভাল লগা দিশৰ কথা? আপোনাৰ মতে আৰু কি
কৰিলে "বেটুপাত" অধিক আকৰ্ষণীয় হৈ উঠিব বুলি আপুনি
ভাবে?
হিৰণ্ময়
গগৈঃ খুউৱ ভাল পদক্ষেপ এয়া।
তোমালোকে ভাল কাম কৰি আছা। মোৰ দৃষ্টিত নৱপ্ৰজন্মৰ কাৰণে “বেটুপাত” এক মূল্যৱান
সম্পদ। লগতে মই ভাবো আগলৈ যদি বেটুপাতত ছাত্ৰ-ছাত্ৰীসকলক
উদ্দেশ্যি কোনো নিৰ্দিষ্ট শিতান ৰখা হয় তেন্তে ই আৰু অধিক জনপ্ৰিয়তা লাভ কৰাৰ
উপৰিও অধিক আকৰ্ষণীয় হৈ উঠিব।
তৃষ্ণা দাসঃ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ
দাদা,
দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতে আমাক এইকণ সময় দিয়াৰ বাবে। আপোনাৰ ভৱিষ্যত জীৱন
আৰু অধিক সফলতাৰে ভৰপূৰ হওঁক লগতে অনাগত সময়ত জি.কে.কে-এ সফলতাৰ শিখৰত উঠক তাৰে
কামনা কৰিলোঁ।
হিৰণ্ময়
গগৈঃ পুনৰবাৰ ধন্যবাদ তৃষ্ণা। তোমালোকৰো এই যাত্ৰা সফল হ’ব বুলি আশা কৰিছোঁ। আগুৱাই যোৱা।