বেটুপাত, দ্বিতীয় বৰ্ষ, সপ্তম
সংখ্যা, মাৰ্চ- ২০১৮
বেংক প্রবেশ্যনেৰী অফিচাৰ (Bank Probationary Officer)
বেংক প্রবেশ্যনেৰী
অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection( http://www.ibps.in/ )য়ে সমূহীয়া অন্লাইন পৰীক্ষা (common online
examination)অনুষ্ঠিত কৰে ।
অন্লাইন পৰীক্ষা দুটা পৰ্যায়ত হয় । এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary
Examination) আৰু আনটোক মূল
পৰীক্ষা (Main
Examination) বুলি কোৱা হয় ।
প্রাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে মূল পৰীক্ষাত বহিব পাৰে। প্রাৰম্ভিক
পৰীক্ষাৰ প্রশ্নকাকত বস্তুনিষ্ঠ (objective) ধৰণৰ হয় আৰু মুঠ নম্বৰ ১০০ থাকে । ইয়াত English Language
,Quantitative Aptitude আৰু Reasoning Ability ৰ প্রশ্ন থাকে।
মূল পৰীক্ষাত Reasoning &
Computer Aptitude ৰ ৬০ নম্বৰ , General/ Economy/
Banking Awareness ৰ ৪০ নম্বৰ , English Language ৰ ৪০ নম্বৰ , Data Analysis &
Interpretation ৰ ৬০ নম্বৰ থাকে
আৰু ইংৰাজীত চিঠি লিখা আৰু ৰচনাত ২৫ নম্বৰ থাকে ।
বেংক প্রবেশ্যনেৰী
অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম
শিক্ষাগত অৰ্হতা স্নাতক হ’ব লাগে।
প্রবেশ্যনেৰী
অফিচাৰ পদৰ বাবে বয়সৰ সীমা ২০বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ
বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।
মূল পৰীক্ষাত
উত্তীৰ্ণ হোৱা সকলৰ বাবে বেংকবোৰে সাক্ষাৎকাৰ আয়োজন কৰে আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ
হোৱা সকলে তলত উল্লেখ কৰা বেংকবোৰত প্রবেশ্যনেৰী অফিচাৰ নিযুক্তি সুবিধা লাভ কৰে ।
এলাহাবাদ বেংক (Allahabad Bank ) , অন্ধ বেংক (Andhra Bank ), বেংক অৱ ব’ৰডা (Bank of Baroda ),বেংক অৱ ইণ্ডিয়া (Bank Of India ), বেংক অৱ মহাৰাষ্ট্র ( Bank of Maharashtra )
,কানাড়া বেংক (Canara Bank ), ক’পৰেচন বেংক (Corporation Bank ) ,চেণ্ট্রেল বেংক অৱ ইণ্ডিয়া (Central Bank of
India),ডেনা বেংক ( Dena Bank ) ,ইণ্ডিয়ান বেংক ( Indian Bank) ,আই ডি বি আই ( IDBI Bank), ইণ্ডিয়ান ওভাছিয়াছ বেংক ( Indian Overseas Bank )
,পাঞ্জাৱ নেচনলে বেংক ( Punjab National Bank
),পাঞ্জাৱ এণ্ড সিন্দ বেংক (Punjab & Sind
Bank),সিণ্ডিকেট বেংক(Syndicate Bank ), ইউনিয়ন বেংক অৱ ইণ্ডিয়া ( Union Bank of India ),ইউনাইটেড বেংক অৱ ইণ্ডিয়া (United Bank of India)
,অৰিয়নটেল বেংক অৱ কৰ্মাচ ( Oriental Bank of
India) ,ইউকো বেংক (UCO Bank) ,বিজয়া বেংক (Vijaya Bank) ইত্যাদি । ইয়াৰ উপৰিও ১০০টাতকৈ অধিক Regional Rural Bankয়ে Institute of Banking Personnel Selectionয়ে পতা অন্লাইন পৰীক্ষাৰ নম্বৰ
ভিত্তিত নিযুক্তি দিয়ে । সবিশেষ তথ্য বাবে Institute of Banking Personnel Selection (IBPS)ৰ ৱেবচাইট (http://www.ibpsexam.org/ )
ত চালে ভাল হয়।
ভাৰতীয় ষ্টেট বেংক
(https://www.sbi.co.in/ )
আৰু ভাৰতীয় ৰিজাৰ্ভ বেংককে (https://www.rbi.org.in/ )
নিযুক্তিৰ বাবে নিজাকৈ পৰীক্ষা
অনুষ্ঠিত কৰে । বিতং তথ্যৰ বাবে বেংক দুটাৰ ৱেবছাইট চাব পাৰে । লগতে নিযুক্তিৰ
বাবে আয়োজন কৰা পৰীক্ষাৰ বিষয়ে বাতৰি কাকতত বিজ্ঞাপন প্রকাশ হয় ।
এই বেংক
প্রবেশ্যনেৰী অফিচাৰ নিযুক্তিৰ বাবে আয়োজন কৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি
বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায় । কিন্তু এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে কোচিং ল'বই লাগিব বুলি কোনো কথা নাই ।
ছাত্র-ছাত্রী সকলে নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকত সমূহ কম আৰু
ৰ্নিদ্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ'ব । ছাত্র-ছাত্রী সকলে ইন্টাৰনেটৰ পৰা
সহায় লোৱাৰ উপৰিও এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রী সকলৰ পৰা দিহা-পৰামৰ্শ
গ্রহণ কৰিলেও উপকৃত হ'ব ।
সাক্ষাৎকাত সাধাৰণতে
সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়।
পৰম্পৰাগত সাধাৰণ জ্ঞান(Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা
সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । পৰম্পৰাগত
সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ
পাঠ্য পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব।
সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন
আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ
পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ
বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে । তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ
পৰাই আৰম্ভ কৰাটো দৰকাৰ ।
ছাত্র-ছাত্রী সকলে
দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি এই পৰীক্ষাৰ বাবে
প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও বেংক প্রবেশ্যনেৰী অফিচাৰ পদত নিযুক্তিৰ বাবে
আয়োজন কৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশা কৰিব পাৰি।
-
ড° বুলজিৎ বুঢ়াগোহাঁই
সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
জি.আই.এম.টি. , গুৱাহাটী পিন
-৭৮১০১৭,অসম।
ফোন: ৯৪৩৫১৮৮৬৩০ ।
ই-মেইল: buljit@gmail.com
বি.দ্র. : কেৰিয়াৰ
পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন (৯৪৩৫১৮৮৬৩০) কৰিব
পাৰে ।
********
বেটুপাত, দ্বিতীয় বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী- ২০১৮
কেৰিয়াৰ আৰু ছাত্র-ছাত্রী
-ড° বুলজিৎ বুঢ়াগোহাঁই
সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
জি.আই.এম.টি. , গুৱাহাটী
ফোন: ০৯৪৩৫১৮৮৬৩০
অসমত বসবাস কৰা বিভিন্ন
জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক উত্তৰণৰ হেতু
প্রত্যেকটো জনগোষ্ঠীৰ ছাত্র-ছাত্রীকে আনুষ্ঠানিক
শিক্ষাৰ যোগেদি উপযুক্ত মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব । উঠি অহা নৱপ্রজন্মই নিজ
নিজ জনগোষ্ঠীৰ লগতে সমগ্র জাতিটোৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে
শিক্ষা জীৱনৰ চালুকীয়া অৱস্থাতে নিজৰ কেৰিয়াৰৰ ক্ষেত্রত সৰ্তকতা অৱলম্বন কৰিব
লাগিব । এই ক্ষেত্রত সজাগতা আনিবৰ বাবে বিভিন্ন দল-সংগঠনেও
পদক্ষেপ গ্রহণ কৰিব লাগিব ।
সাধাৰণতে, প্রায়বোৰ
ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ
পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি
কৰিব নতুবা বৃত্তিমুখী (vocational)শিক্ষা গ্রহণ কৰিব,সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত
পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই
বিষয়েও জানিব বিচাৰে । তলত বিভিন্ন ধৰণৰ কেৰিয়াৰ বিষয়ে কিছু কথা আলোচনা কৰা হৈছে ।
আশা কৰিছো, ইয়াৰ দ্বাৰা ছাত্র-ছাত্রীসকল
উপকৃত হ’ব।
আমাৰ
ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত বিভিন্ন বিষয়ৰ পাঠ্যক্রম পঢ়িবৰ বাবে সুবিধা আছে যদিও,নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় বৰ্তমান শিক্ষানুষ্ঠানসমূহত উপলব্ধ
নোহোৱাৰ বাবে প্রত্যেক বছৰে বহুসংখ্যক ছাত্র-ছাত্রী উচ্চ
শিক্ষা লাভৰ বাবে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানসমূহত নামভর্তি কৰিব লগা হয়। উল্লেখ্য
যে, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান(আই.আই.টি.) গুৱাহাটী তো যে পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান
আৰু গণিত বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ উপৰিও কলা বিভাগৰ সকলো বিষয়তে গৱেষণা কৰিব
পৰা সুবিধা আছে সেই সৰ্ম্পকে বহুতো ছাত্র-ছাত্রী
জ্ঞাত নহয়।
যি
কোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত নামভর্তি
কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রা প্তিৰ মর্যাদা আদিৰ
সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ
ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- মানৱ সম্পদ উন্নয়ন মন্ত্রালয়(www.education.nic.in ),বিশ্ববিদ্যালয় অনুদান আয়োগ (www.ugc.ac.in), ৰাষ্ট্রী য়
মূল্যাঙ্কন আৰু স্বীকৃতি পৰিষদ (www.naac.gov.in ),নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদ(www.aicte-india.org),ভাৰ তীয় বিশ্ববিদ্যালয় সংস্থা (www.aiuweb.org)
,দূৰ শিক্ষা পৰিষদ(www.dec.ac.in),ভাৰতীয় নাৰ্ছিং পৰিষদ(http://www.indiannursing council.org), ভাৰতীয়
বাৰ পৰিষদ (www.barcouncilofindia.o rg ) আদি
। শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি
বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে
কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সাম্যক ধাৰণা লোৱা উচিত । সেইদৰে
শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ
প্রক্রিয়া , পুথিভঁৰাল, ইণ্টা ৰনেট
সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক
সাহাৰ্য লাভৰ সুবিধা আছে নে নাই তথা বিভিন্ন মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা
উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল - শিক্ষানুষ্ঠানখন
চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে নহয় , শিক্ষানুষ্ঠানখনৰ
আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ
পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ
বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ
সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি
লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ'লে
শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় ।
হাইস্কুল
শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ শাখা নিবাৰ্চনৰ বিষয়ে
আলোচনা কৰাৰ আগতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে - কলা , বিজ্ঞান
বা বাণিজ্য যিকোনো শাখাতে খৰচি মাৰি পঢ়ি ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ
কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল
শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তিৰ কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে
অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম
ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র
ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ
মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব
তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়। যিহেতু
বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ
নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা
বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত
নাম ভর্তি কৰিব পাৰে। আকৌ , কোনো
ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ
আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে , গণিতত
ৰাপ থকা ছাত্র-ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান
বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে , একেদৰে
জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র-ছাত্রীয়ে গণিত বিষয়টি
নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে
এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা
ছাত্র-ছাত্রী সকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন
কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি
কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ
কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সাম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত
যথেষ্ট সুবিধা হ'ব। ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব
লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে
সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে। ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ
ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে
বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব পাৰে । শেষত , ছাত্র-ছাত্রীসকলে
শাখা নিবাৰ্চন কৰোতে কেৰিয়াৰ বিশেষজ্ঞৰ সহায়ও ল’ব পাৰে ।
হাইস্কুল
শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২।
পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) পঢ়ি ব
পাৰে ।
ঔদ্যোগিক
প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. :
ঔদ্যোগিক
প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত পঢ়িবলৈ বাবে শিক্ষাগত অৰ্হতা
বেলেগ বেলেগ হয়। আই.টি.আই.ত নামভৰ্তিৰ বাবে আবেদন অনলাইন যোগেদি কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – www.itiassam.nic.in । আবেদন কৰোতে এটা ই-মেইল আই.ডি. আৱশ্যক হয় । গতিকে, প্রাৰ্থীসকলে
এটা ই-মেইল আই.ডি. খোলা
প্রয়োজন আছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা সকলে ইঞ্জিনিয়াৰিং
ট্রেডৰ এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ আৰু দুবছৰীয়া পাঠ্যক্রম ৱায়াৰমেন ট্রেডত অধ্যয়নৰ
বাবে নামভৰ্তি কৰিব পাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত
উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।
ইঞ্জিনিয়াৰিং
ট্রেডৰ দুবছৰীয়া পাঠ্যক্রম : ফিটাৰ, টাৰ্নাৰ,মে চিনিষ্ট, ইলেকট্রিচিয়ান,মটৰ ভেৰিকল মেকানিক,ইলেকট্রনিকচ মেকানিক, ইনষ্টুমেণ্ট
মেকানিক, ইনফৰমেচন কমোনিকেচন টেকন'ল'জী ছিষ্টেম মেইনটেনেন্স, ড্রাফটমেন চিভিল, ড্রাফটমেন
মেকানিক,এগ্রিকালচাৰেল মেচিনাৰি মেকানিক, ৰিফ্রিজেৰেচন
এণ্ড এয়াৰ কণ্ডিচনাৰ মেকানিক,অ'ট্র ব'ডি পেণ্টিং মেকানিক , অ'ট্র ব'ডি ৰিপেয়াৰ মেকানিক ,কেমিকেল প্লান্ট মেইনটেনেচ মেকানিক ।
ইঞ্জিনিয়াৰিং
ট্রেডৰ এবছৰীয়া পাঠ্যক্রম :ডিজেল ইঞ্জিন মেকানিক , ট্রেক্টৰ মেকানিক, ছাৰ্ভেয়ৰ, প্লাষ্টিক
প্রচেছিং অপাৰেটৰ , পাম্প
অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং,কনষ্ট্রাকচন এণ্ড উড ৱৰ্কছ,ইনফৰমেচন টেকন'লজী,ফেব্রিকেচন (ফিটিং এণ্ড ৱেলডিং), প্লাম্বাৰ ।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এবছৰীয়া পাঠ্যক্রম : ষ্টেনোগ্রাফা
এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ, ছেক্রেটেৰিয়েল প্রেকটিচ, ছুয়িং
টেকন'লজী, ড্রেছ মেকিং , বেচিক
ক'চমেট'ল'জী, কম্পিউটাৰ
অপাৰেটৰ এণ্ড প্রগ্রেমিং এছিছটেণ্ট, ফটোগ্রাফা, এমব্রইডা ৰী
।
ন'ন ইঞ্জিনিয়াৰিং ট্রেডৰ এটা চিমেষ্টাৰ পাঠ্যক্রম : বড়ো
ট্রাইপৰাইটিং ।
ইয়াৰ
উপৰিও আই.টি.আই.বোৰত
হ্রস্বম্যাদী পাঠ্যক্রম আছে । যেনে – ট্রেভেল এজেণ্ট এণ্ড
টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু
শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ
তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ
তিনিমহীয়া পাঠ্যক্রম , কাৰ
ছাৰ্ভিচিঙৰ ছয় সপ্তাহৰ পাঠ্যক্রম,ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ
কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্রম,পাম্প ৰিপেয়াৰিঙৰ
তিনিমহীয়া পাঠ্যক্রম আদি আছে।
হাইস্কুল
শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ
নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লেও অষ্টম শ্রেণী উত্তীৰ্ণ হোৱা নম্বৰ ভিত্তিত নামভৰ্তিৰ সুবিধা আছে।
'ডাইৰেক্টৰেট
অৱ এমপ্লয়মেণ্ট এণ্ড ট্রেইনিঙ'ৰ অধীনত অসমত ২৮খন ঔদ্যোগিক
প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. আছে
। ইয়াৰে ৫খন আই.টি.আই. মহিলাৰ
বাবে সংৰক্ষিত । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব
যে বাকী আই.টি.আই.বোৰতো মহিলাই প্রশিক্ষণ গ্রহণ কৰিব পাৰে ।
অসমত
থকা ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই.টি.আই.কেইখনৰ নাম হ’ল : ১।আই.টি.আই. কৰিমগঞ্জ, ২।
আই.টি.আই.কোকৰাঝাৰ , ৩।
আই.টি.আই.গড়গাঁও, ৪।
আই.টি.আই.গোৱালপাৰা, ৫।আই.টি.আই . গুৱাহাটী, ৬।
আই.টি.আই.ডিব্রুগড়
৭। আই.টি.আই. তেজপুৰ, ৮।
আই.টি.আই. তিনিচুকীয়া, ৯।
আই.টি.আই.দক্ষিণ
শালমাৰা, ১০। আই.টি.আই.নগাঁও, ১১।আই.টি.আই. ব ঙাইগাঁও, ১২।
আই.টি.আই. বৰপেটা, ১৩।
আই.টি.আই. যোৰহাট ,১৪। আই.টি.আই. শিলচৰ, ১৫।
আই.টি.আই. ধনশিৰি, ১৬।
আই.টি.আই.ধেমাজি, ১৭।আই.টি.আই.ন লবাৰী, ১৮।
আই.টি.আই.ভেৰগাঁও, ১৯
। আই.টি.আই. মৰিগাঁও, ২০।আই.টি.আই .হাইলাকান্দি, ২১।
আই.টি.আই.মাজুলী, ২২।আই.টি.আই.ডি ফু, ২৩।
আই.টি.আই.হাফলং
।
মহিলাৰ
বাবে সংৰক্ষিত আই.টি.আই. কেইখন
হ’ল: ১। আই.টি.আই.শিলচৰ ,২। আই.টি.আই. গুৱাহাটী, ৩। আই.টি.আই.তিনিচুকীয়া, ৪।
আই.টি.আই.মাজবাট, ৫।আই.টি.আই. উ ত্তৰ লখিমপুৰ ।
পলিটেকনিক :
পলিটেকনিকবোৰত
তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। পলিটেকনিক এডমিচন টেষ্ট [Polytechnic
Admission Test (PAT)] নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা
আছে । এই পৰীক্ষাত বহিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত
পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ , অনসূচিত জাতি প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু
জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ'ব
লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০
বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ
বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে। এই প্রৱেশ পৰীক্ষা অনলাইন
পদ্ধতিত আৱেদন কৰিব লাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল - www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত
আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্নসমূহ বস্তুনিষ্ঠ ধৰণৰ ।
অসমত
থকা পলিটেকনিক কেইখন হ’ল : ১।অসম
ইঞ্জিনিয়াৰিং ইনষ্টিটিউট ,গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক ,গুৱাহাটী ৩।বঙাইগাঁও
পলিটেকনিক ,৪।শিলচৰ পলিটেকনিক ,৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট
৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক , গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট , গুৱাহাটী
১০। ডিফু পলিটেকনিক ,ডিফু ।
২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ হোৱা পলিটেকনিক কেইখন হ'ল -১। বাক্সা পলিটেকনিক,২।বৰপেটা পলিটেকনিক,৩। ধেমাজি পলিটেকনিক, ৪। কৰিমগঞ্জ পলিটেকনিক,৫। লখিমপুৰ পলিটেকনিক,৬। গোলাঘাট পলিটেকনিক,৭। গোৱালপাৰা পলিটেকনিক, ৮। নলবাৰী পলিটেকনিক, ৯।
কামৰূপ পলিটেকনিক,১০। শিৱসাগৰ পলিটেকনিক,১১। শোণিতপুৰ পলিটেকনিক ।
পলিটেকনিকবোৰত
পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল : এগ্রিকালচাৰ , চিভিল, মে কানিকেল, কেমিকেল,ইলেকট্রিকেল , ইলেকট্রনিকছ এণ্ড
টেলিকমিউনিকেচনছ,কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টে ক্সটাইল
টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি,এগ্রিকালছাৰ , আৰ্কিটে ক্ট এছিষ্টণ্ট আদি ।
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : কলা শাখা
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণী কলা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ
স্নাতক পাঠ্যক্রম , মেজৰসহ [ যেনে- সমা জশাস্তৰ , অৰ্থনীতি , সাহিত্য ( ইংৰাজী,অসমীয়া, হিন্দী, বঙালী
ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি
বিজ্ঞান, শিক্ষা, পৰ্যটন , পৰি বেশ কলা, নৃতত্ত্ব
বিজ্ঞান,আইন ইত্যাদি )] স্নাতক পাঠ্যক্রম ।
স্নাতক
পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –
স্নাতকোত্তৰ (এম. এ.) আৰু
পি.এইচ.ডি. ।
কলা
শাখাত অধ্যয়ন কৰি মনোবৈজ্ঞানিক, সমাজবিজ্ঞানী,সমা জ কৰ্মী, বুৰঞ্জীবিদ, নৃতত্ত্ববিদ , লেখক, সাংবাদিক,অধিবক্তা, বি দ্যালয়/মহাবিদ্যালয়/বিশ্ববিদ্যা লয়ৰ শিক্ষক হিচাবে কেৰিয়াৰ গঢ়িব পাৰে।
কলা
শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি.)ৰ পৰীক্ষা , কেন্দ্রীয়
লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং
খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
দ্বাদশ
শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক
পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজমেণ্ট) পাঠ্যক্রম
অধ্যয়ন কৰিব পাৰে ।
দ্বাদশ
শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী/গণসংযোগ/বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন
কৰিব পাৰে ।
অবিবাহিত
ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান(এন.ডি.এ.)ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনাবাহিনীত যোগদানৰ ইচ্ছা থাকে।
যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ইউ. পি. এছ. চি.ৰ অধীনত অনুষ্ঠিত এন.ডি.এ. পৰীক্ষাত
বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে।
যিকোনো
শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণসকলে ফাইন আৰ্টছ,দৃশ্য কলা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক
কলা (এপ্লাইড আৰ্ট),ফেশ্বন ডিজাইন,অলংকাৰ
সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
যিসকল
শিক্ষাৰ্থীৰ নৃত্য-গীত,নাটকৰ
প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব
বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ কলা স্নাতক পাঠ্যক্রম (বি.এফ.এ.)তনামভৰ্তি কৰিব পাৰে।
দ্বাদশ
শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ
শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে,তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ
স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে।
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বাণিজ্য শাখা
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি: সাধাৰণ
স্নাতক পাঠ্যক্রম,মেজৰসহ(যেনে-ইঞ্চিউৰে ন্স, কম্পিউটাৰ ,বৈদেশিক বাণিজ্য , বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং
আৰু বিত্ত , ই-বাণিজ্য,অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি ) স্নাতক
পাঠ্যক্রম ।
স্নাতক
পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –
স্নাতকোত্তৰ (এম. কম.) আৰু
পি.এইচ.ডি. ।
বাণিজ্য
শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা, বেংকিং
খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
চি.এ. (চাৰ্টাৰ্ড একাউণ্টেণ্সি) : ভাৰতীয়
চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেণ্সিৰ শিক্ষা আগবঢ়ায়।
কষ্ট
একাউণ্টেণ্ট :
‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।
কোম্পানী
ছেক্রেটাৰী :
‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায়।
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত : বিজ্ঞান শাখা
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি : সাধাৰণ
স্নাতক পাঠ্যক্রম ,মেজৰসহ(যেনে- পদাৰ্থ বিজ্ঞান , ৰসায়ন
বিজ্ঞান , গণিত,অৰ্থবিজ্ঞান , জী ৱবিজ্ঞান, প্রাণীবিজ্ঞান, পৰিৱে শ
বিজ্ঞান ইত্যাদি )স্নাতক পাঠ্যক্রম ।
স্নাতক
পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল –
স্নাতকোত্তৰ (এম.এচ.ছি.) আৰু পি.এইচ.ডি. ।
বিজ্ঞান
শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ(এ.পি.এছ.চি,)ৰ পৰীক্ষা ,কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ পৰীক্ষা,বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
ষ্টাফ
ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি.চি.এ., বি.বি.এ., বি.টেক./বি .ই. , বি.আৰ্ক,এম.বি.বি.এছ. , বি.ফাৰ্ম , বি.এছ.চি. নাৰ্ছিং , আয়ুৰ্বেদিক ,হোমিঅ’পেথিক,পশু পালন আৰু পশু
চিকিৎসাৰ , কৃষি , মীন ,গাৰ্হস্ থ্যবিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে।
উচ্চতৰ
মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন
বিভাগত (Medical
Laboratory Technology,Medical Radiographic Technology , Cardiac Care
Technology, Physiotherapy, ICU Technology,Physicians Assistance Course ,
Emergency & First Aid, O.T. Technology (O.T. + Anaesthesia+ Endoscopy),
Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ
বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান ,ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ
সৈতে উত্তীৰ্ণ হ’ব লাগে ।
বেংক
প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো
শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতকসকলে আৱেদন কৰিব পাৰে ।
বিভিন্ন
প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ
জ্ঞানৰ পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে
ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সাধাৰণ
জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional
General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ(Current Affairs )। পৰম্পৰাগত সাধাৰণ
জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্য
পুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক
ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ
নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক
বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে।
সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু
টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে ।
ছাত্র-ছাত্রীসকলে সাধাৰণ জ্ঞান আহৰণ কৰিবৰ বাবে “ইন্টাৰনেট”(Internet)ৰো সহায় লব পাৰে। তদুপৰি, ছাত্র-ছাত্রী সকলে বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি
প্রশ্নবোৰ সংগ্রহ কৰিব লাগে ।
বি.দ্র. : কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ
ফোন (৯৪৩৫১৮৮৬৩০) কৰিব পাৰে ।
************
বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭
কেৰিয়াৰ হিচাপে টুৰিজিম ষ্টাডিজ
-ধীৰাজ তালুকদাৰ
নলবাৰী
আমাৰ দেশত বৰ্তমান যি হাৰত
বিদেশী পৰ্যটকৰ সোঁত বাঢ়িবলৈ ধৰিছে একেদৰে ঘৰুৱা পৰ্যটকৰ আগমন যথেষ্ট বৃদ্ধি হৈছে। পৰ্যটকৰ খোৱা-বোৱা,থকা-মেলা,স্হান পৰিদৰ্শন আদিৰ বাবে সু-ব্যৱস্হা তথা এই সু-ব্যৱস্হা
বৰ্তাই ৰাখিবৰ বাবে যথেষ্ট পৰিমাণে শিক্ষিত ব্যক্তিৰ চাহিদা বাঢ়িছে। এই বাবেই প্রৱৰ্তন
কৰা হৈছে "টুৰিজিম ষ্টাডিজ" ৰ দৰে পাঠ্যক্ৰমৰ।
যিসকল ছাত্র-ছাত্রীয়ে দীৰ্ঘ
সময় ধৰি কাম কৰাৰ বাবে সক্ষম তথা সূক্ষ্ম পৰ্যবেক্ষণ কৰিব পৰা গুণবোৰ আছে লগতে ভালদৰে
কথা কব পাৰে, তেওঁলোকে নিশ্চিতভাৱে এই ব্যতিক্ৰমী কেৰিয়াৰৰ দিশে আগবাঢ়িব পাৰে।
অৰ্হতা :- টুৰিজিম ষ্টাডিজৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ
বাবে উচ্চতৰ মাধ্যমিক পৰ্য্যায় উত্তীৰ্ণ হব লাগে। যিকোনো শাখাৰ শিক্ষাৰ্থীয়ে এই
বিষয়ত নামভৰ্তি কৰিব পাৰে। টুৰিজিম ষ্টাডিজৰ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ
নামভৰ্তিৰ বাবে ছাত্র-ছাত্রী যিকোনো বিষয়ৰ স্নাতক উত্তীৰ্ণ হব লাগে ।
আমাৰ দেশত চৰকাৰী আৰু ব্যক্তিগত
খণ্ডৰ বহু শিক্ষানুষ্ঠান আছে যত টুৰিজিম ষ্টাডিজৰ ওপৰত শিক্ষা লাভ কৰিব পাৰি। ইয়াৰে
আগশাৰীৰ কেইখনমান শিক্ষানুষ্ঠান হল --
১) ইণ্ডিয়ান ইনষ্টিটিউত অৱ টুৰিজিম এণ্ড ট্রেভেল মেনেজমেন্ট,(IITTM) ভূৱনেশ্বৰ।
ভাৰতীয় পৰ্যটন মন্ত্রালয়ৰ অধীনত
থকা IITTM এখন আগশাৰীৰ শৈক্ষিক প্রতিষ্ঠান। ইয়াত টুৰিজিম আৰু ট্রেভেল মেনজমেন্টৰ স্নাতক
আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা আছে। ইয়াৰোপৰি ইয়াত প'ষ্ট গ্রেজুৱেট ডিপ্লমাৰ সুবিধা
আছে।
২) বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰানসী।
এই বিশ্ববিদ্যালয়ত টুৰিজিম
মেনেজমেন্টৰ ওপৰত দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা আছে।
৩) আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়
এই বিশ্ববিদ্যালয়ত টুৰিজিম
এডমিনিষ্ট্রেচনৰ ওপৰত এবছৰীয়া প'ষ্ট গ্রেজুৱেট ডিপ্লমাৰ পাঠ্যক্ৰম আছে।
৪) অশোক ইনষ্টিটিউট অৱ টুৰিজিম ষ্টাডিজ, দিল্লী
ব্যক্তিগত খণ্ডৰ এইখন শিক্ষানুষ্ঠানত
টুৰিজিম ষ্টাডিজৰ তিনিবছৰীয়া স্নাতক আৰু দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে।
টুৰিজিম ষ্টাডিজ বিভাগ থকা অসমৰ কেইখনমান শিক্ষানুষ্ঠান হল ---
১) তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ।
এই বিশ্ববিদ্যালয়ত টুৰিজিম
মেনেজমেন্টৰ ওপৰত এবছৰীয়া প'ষ্ট গ্রেজুৱেট ডিপ্লমা পাঠ্যক্ৰম আছে।
২)ডিব্রুগড় বিশ্ববিদ্যালয়, ডিব্রুগড়
ইয়াত প'ষ্ট গ্রেজুৱেট ডিপ্লমা
ইন টুৰিজিম মেনেজমেন্টৰ এবছৰীয়া পাঠ্যক্ৰম আছে।
৩) অসম মহিলা বিশ্ববিদ্যালয়, যোৰহাট।
এই বিশ্ববিদ্যালয়ত টুৰিজিম আৰু
ট্রেভেল মেনেজমেন্টৰ দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আছে।
৪) অসম কাজিৰঙা বিশ্ববিদ্যালয়, যোৰহাট।
ব্যক্তিগত খণ্ডৰ এইখন বিশ্ববিদ্যালয়ত
টুৰিজিম আৰু হস্পিটেলিটি মেনেজমেন্টৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম আছে।
৫) বজালী মহাবিদ্যালয়,পাঠশালা
এইখন মহাবিদ্যালয়ত টুৰিজিম আৰু
ট্রেভেল মেনেজমেন্টৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম আছে।
বৰ্তমান সময়ৰ অতি চাহিদা
বিষয় টুৰিজিম ষ্টাডিজ অধ্যয়ন কৰি ছাত্র-ছাত্রী সকল বিভিন্ন চাকৰিত নিয়োজিত হব পাৰে। বিভিন্ন ট্রেভেল এজেন্সি,হোটেল, টুৰ অপাৰেটৰ,ক্ৰুইজাৰ, টুৰিষ্ট গাইড আদিত নিযুক্তি
হব পাৰি। তদুপৰি ট্রেন্সপোৰ্ট কোম্পানী, পৰ্যটন নিগমৰ কাৰ্য্যালয় আদিতো নিযুক্তি হব
পাৰি। ইয়াৰ উপৰিও সময়ে সময়ে ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা বিজ্ঞাপন দিয়া হয় যত
শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্রদান কৰি চাকৰিৰ সুযোগ দিয়া হয়।