ভিন্ন জুতি





দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮

খাৰৰ সোৱাদ
                    - ° দীপালী বৰা

চহৰৰ অফিচত বৰচাহাবৰ চাকৰি কৰিলে কি হ, খাৰখোৱা অসমীয়াই খাৰ নোখোৱাকৈনো কেনেকৈ থাকে ?  আমাৰ তুছুক চাৰৰো এদিন খাৰ খাবলৈ মন গল ৷ ইফালে চাৰৰ ঘৰত ন ঘৈণী ৷ আম্মা আব্বা বোকাখাটৰ পুৰণি ঘৰত ৷ চাৰে এতিয়া ন ঘৈণীক খাৰণি সৰাবলৈ কয় কেনেকৈ ? গতিকে দোকানত পোৱা খোৱা  দাকে বিচাৰি গল ৷ এনেয়েতো মানুহে " খোৱা চডা " শব্দটোৱে ব্যৱহাৰ কৰে কিন্তু চাৰে  তেনেকৈ কবলৈ ভাল পোৱা নাই ৷  সেয়ে চাৰে তাৰ বিজ্ঞানসন্মত নামটো লৈ কনকৰ দোকান পালেগৈ ৷ চাৰ গৈ দোকান পাওঁতে কনক নাই ৷ গতিকে  কনকৰ নপঢ়া নুশুনা দেউতাককে চাৰে চডিয়াম বাই কাৰ্বনেট বিচাৰিলেগৈ ৷ মালিকে বুজি নাপাই দোকানত থকা অলপ পঢ়া - শুনা জনা লৰা অনন্তক চাৰক কি লাগে দিবলৈ কলে ৷ 
" চাৰ কি দিম ?"
" ডিয়াম বাই কাৰ্ব---
" অই ৰণ্টু , চাৰক খোৱা চডা দে "
বুঢ়া মালিকে তেতিয়াহে কথাটো বুজি লৈ কলে " অচাৰ , চডিয়াম বাই কাৰ্বনেট বুলিলে আমাৰ খাৰৰ সোৱাদটো ওলাব জানো ? ঘৰত কলখাৰ আছে , অলপ ৰণ্টুৰ হাতত পঠাই দিম দিয়ক ৷"
আমি খাৰখোৱা জাতি ৷ খাৰ নোখোৱাকৈ কেনেকৈ থাকোঁ ৷ খাৰ দি ৰন্ধা পাচলি বা আঞ্জাখনৰ সোৱাদেই বেলেগ হয় ৷ মাটিমাহৰ খাৰ , অমিতাৰ খাৰ , লাইশাকৰ খাৰ , কবিপাতৰ খাৰ , কোমোৰা পাতৰ খাৰ , খাৰ দি ৰন্ধা গাহৰিৰ মাংস আদি কত কি যে আঞ্জাৰ সোৱাদেই অনন্য ৷ 
তাহানি দিনত অসমত নিমখ সুলভ নাছিল ৷ নগা পাহাৰৰ লোণ পুং , হাবুং , মহং আদি দুৰ্গম অঞ্চললৈ গৈ মানুহে লোণ কমাইছিলগৈ ৷ কথাতেই কোৱা হৈছিল বোলে "মহঙৰ কেঁচা লোণ , মহঙলৈ যাব কোন "৷ সেইবোৰ আছিল ডোখৰা লোণ ৷ লোণমাটি থকা ঠাইত দ গাঁত খান্দিলে সেই গাঁতত লোণ মিহলি পানী গোট খাইছিল ৷ সেই পানী পগাই ভাপ হৈ উৰি যাবলৈ দিলে তাত থকা লোণখিনি পাত্ৰৰ তলত গোট মাৰে ৷ সেয়ে লোণ; ডোখৰ ডোখৰ হৈ ওলাই কাৰণে ডোখৰা লোণ বুলি কোৱা হয় ৷ বাঁহৰ চুঙাত ভৰাই বা কলপাতত বান্ধি সেই লোণ সৰবৰাহ আৰু সঞ্চয় কৰা হৈছিল ৷ দুৰ্গম ঠাইত লোণ পুংবোৰ থকা কাৰণে লোণপুঙীয়াৰ বৰ কষ্ট হৈছিল আৰু লোণো আছিল মহঙা ৷ লোণৰ অভাৱত মানুহে খাৰনি সৰাই আঞ্জা ৰান্ধিছিল ৷  পাবলৈ কঠিন বুলিয়ে হবলা মানুহে লোণদান মহাদান বুলি ভাবিছিল ৷ " লোণদানে সোণদানে সমান " বুলি  অসমীয়াত প্ৰবচন এটাও আছে ৷ বিহুনাম , মালিতা আদিতো লোণ , লোণ কমোৱা ঠাই মহং আদিৰ উল্লেখ আছে ৷ এনে লোণৰে ঠাই লব পাৰিছিল খাৰে ৷ গতিকে যতেই যি পৰিবেশতে নাথাকক অসমীয়াই  খাৰ খাবই ৷
খাৰ বিভিন্ন গছৰ পৰা তৈয়াৰ কৰিব পাৰি ৷ কলগছ ,  মাটিমাহৰ গছ , অমিতা গছ আদিৰ পৰা খাৰ তৈয়াৰ কৰিব পৰা যায় যদিও সাধাৰণতে অসমীয়া মানুহৰ কলাখাৰেই প্ৰিয় ৷
কলাখাৰ তৈয়াৰ কৰিবলৈ ভীমকলৰ গছডাল টুকুৰা টুকুৰকৈ কাটি পাতলকৈ ফালি- চিৰি লোৱা হয় ৷ তাকে কাতিমহীয়া ৰদত শুকুৱাই লৈ পুৰি ছাই কৰি লয় ৷ ছাইখিনি , তলিত ফুটা থকা পাত্ৰ এটা লৈ তাতে পাতল কাপোৰ এখন পাৰি দি , পাত্ৰটোত হেঁচি হেঁচি ভৰাই থৈ তাত পানী ভৰাই দিয়ে ৷ ছাইৰ পাত্ৰটোৰ তলত আন এটা পাত্ৰ পাতি দিয়া হয় , তাতে ফুটাৰে খাৰণী অৰ্থাৎ খাৰপানীখিনি জমা হয়গৈ ৷ এই খাৰণী সাঁচি থৈ প্ৰয়োজনমতে দি খাৰৰ আঞ্জা ৰান্ধিব পাৰি ৷ কল এজোপাৰ গা অংশটোৰ উপৰিও মাটিৰ তলৰ মধুনা অংশ বা কলৰ বাকলিৰ পৰাও খাৰ তৈয়াৰ কৰিব পাৰি ৷ ভীম কলৰ বাকলি শুকুৱাই ভালকৈ সামৰি থৈ আঞ্জা ৰন্ধাৰ আগে আগে পুৰি তাতত পানী দি খাৰণী সৰাই লব পাৰি ৷
কলাখাৰৰ ৰাসায়নিক নাম " পটাছিয়াম বাই কাৰ্বনেট ( KHCO3 )" ৷ কলাখাৰে খাদ্য হজম হবৰ বাবে আমাৰ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটাই মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় লৱন উৎপাদন কৰিব পাৰে ৷ অতিৰিক্ত নিমখে যিদৰে মানুহৰ অপকাৰ কৰে সেইদৰে শৰীৰৰ প্ৰয়োজনীয় লৱনৰ অভাৱেও এজন মানুৰ অপকাৰ কৰিব পাৰে ৷
কলাখাৰত থকা ৰাসায়নিক উপাদান সমূহ হ, প্ৰতি ১০০ গ্ৰাম কলাখাৰত থাকে --
পটাছিয়াম -- ২২৫  মিলিগ্ৰাম
মেগনেছিয়াম -- ২৭ মিলিগ্ৰাম
ফচ্‌ফৰাচ ----- ৩৩ মিলিগ্ৰাম
ছডিয়াম --৫৯ মিলিগ্ৰাম
কেলছিয়াম -- ৬.৬ মিলিগ্ৰাম আদি ৷ ( উৎস ঃ ৱিপিকেডিয়া ৷ )
শৰীৰৰ বাবে কলাখাৰ অতি লাগতিয়াল ৷ কলাখাৰে মানুহৰ এচিডিটি দূৰ কৰে , অৰুচি ভাৱ নোহোৱা কৰে ৷ 
কলাখাৰযে মানুহে কেৱল খাবলৈ ব্যৱহাৰ কৰে তেনে নহয় ৷ আগৰ দিনত মানুহে খাৰণী সৰাই  চুলি ধুইছিল , কাপোৰ কানি ধুইছিল , আৰু  কেতিয়াবা ঔষধ হিচাপেও ব্যৱহাৰ কৰিছিল ৷ কাহ হলে বা পানীলগা জ্বৰ আদি হৈ মাত ভাগিলে খাৰণীত মিঠাতেল মিহলাই খালে উপকাৰ পাইছিল ৷ মুঠতে প্ৰয়োজনীয় সামগ্ৰী তথা লোকখাদ্যৰূপে খাৰ বা খাৰণৰ বিশেষ গুৰুত্ব আছে ৷

খাৰ আমাৰ ইমান প্ৰিয় আৰু উপকাৰী যদিও ইয়াৰ অপকাৰী গুণো নোহোৱা নহয় ৷ তথ্য অনুযায়ী খাদ্যত অধিক পৰিমাণত আৰু সঘন খাৰৰ ব্যৱহাৰ কৰ্কট ৰোগৰ কাৰক হব পাৰে ৷ গতিকে সীমিত পৰিমাণতহে খাৰ খোৱা উচিত ৷

*********************

মেগী পকৌৰা
-লুতফা আখতাৰা

     সন্ধিয়া সময়ত মন গলেই সহজে বনাই খাব পৰা এবিধ পকৌৰা, আপোনালোকেও ঘৰত এবাৰ বনাই চাব পাৰে। 

প্ৰয়োজনীয় সামগ্ৰী –––

১)মেগী এক পেকেট 
2)এক কাপ মিহিকৈ কুটি লোৱা বন্ধাকবি 
৩)পিয়াজ এটা(কাটি ল'ব মিহিকৈ) 
৪)জলকীয়া দুটা (সৰু সৰু টুকুৰাকৈ কাটি ল'ব) 
৫)২ চামুচ চুজি
৬)২ চামুচ বেচন
৭)বেকিং পাউদাৰ ½ চামুচ 
৮)নিমখ প্ৰয়োজন অনুযায়ী 
৯)ৰিফাইন প্ৰয়োজন অনুযায়ী। 

    মেগী পকৌৰা বনাবলৈ প্ৰথমে মেগী আৰু মচলাখিনি এটা চচপেনত দি ৭০% সিজাই ল'লো, সম্পূৰ্ণকৈ সিজালে পকৌৰাটোৰ সোৱাদ নহয়। মেগীখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিয়া হ', তাৰপিছত তাত বন্ধাকবি,পিয়াজ, জলকীয়া, বেকিং পাউদাৰ, চুজি, বেচন আৰু নিমখ আটাইখিনি একেলগে দি ধুনীয়াকৈ মিক্স কৰি ল'লো, মিশ্ৰণখিনি যেন সম্পূৰ্ণ জুলীয়া হৈ নাযায় সেইটোৰ প্ৰতি মন দিবলগীয়া হয় আৰু সেয়ে প্ৰয়োজন অনুসৰি পানী দিব লাগে । 
      এতিয়া এটা কেৰাহীত ৰিফাইন দি সম্পূৰ্ণকৈ গৰম হোৱাৰ পিছত তাত মিশ্ৰণখিনি চামুচেৰে অলপ অলপ কৈ দি ফ্ৰাই কৰি টমেটো চচৰ সৈতে গৰমে গৰমে পৰিবেশন কৰক

**************



বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

একেবাৰে সাধাৰণকৈ বনোৱা বইল গাহৰি মাংস
প্ৰথমে মাংসখিনি ভাল দৰে ধুই ৰাখিব তাৰ পিছত আদা, নহৰু, কেচা জলকীয়া অলপ পিছি লওঁক আৰু লগতে দুটা মান বিলাহী দুখিলা মান কুমলীয়া কাজিনেমুৰ পাত (পাৰিলে অলপমান খৰিচাও লব) আৰু দুটা মান আলু লওঁক তাৰ পিছত  এটা প্ৰেচাৰ কুকাৰত মাংস, পিচি থোৱা মিস্রণ খিনি  লগতে বিলাহী, আলু, নেমু পাত, হালধী নিমখ, অকণমান মিট মছলা, কাছমীৰি জলকীয়াগুড়ি, (আছে যদি খৰিছা দিব ) দি পানী দিব আৰু কুকাৰৰ ঢাকণী লগাই দিব চাৰি পাঁচটা হুইচেল মৰাৰ পিছত নমাই থ তাৰ পিছত পৰিৱেশন কৰিব।
*******
মাছেৰে বনোৱা ডিছ্--
১) জিকা আৰু নেমুৰে মাছৰ জোল- 
প্ৰথমতে মাছখিনি হালধি, নিমখ সানি লৈ ভালকৈ ভাজি লওঁকতেলত কেঁচাজলকীয়া আৰু পাঁচফোৰণ দি ফোৰণ দি তাৰ পিছত তাত সৰু সৰুকৈ কাটি থোৱা জিকা খিনি দি একেলগে হালধি, নিমখ দি অলপ সময় ভালকৈ ভাজি লৈ জোখমতে পানী দিয়ক আৰু কেইটোপালমান নেমুৰ ৰস চেপি দি ভালকৈ উতল অহাত মাছকেইটুকুৰা দি নমাই থওঁকএকো মচলা ব্যৱহাৰ নকৰাকৈ একেবাৰে সাধাৰণ আঞ্জা 
২) জহাভোল আৰু আলুৰে মাছৰ মূৰৰ চবজি-- 
মাছৰ মূৰটো আগতে ভাজি লওঁক আৰু আলু ২টা সিজাই লওঁকতেলত পিয়াঁজ, নহৰু, আদা আৰু জলকীয়াৰ পেষ্ট দিয়কতাৰ পিছত জহাভোল আৰু আলুখিনি দি হালধি, নিমখ, জিৰা গুৰা আৰু ধনীয়া গুৰা অকণমান দি ভালকৈ ভাজকভজা হোৱাৰ পিছত আগতে ভাজি থোৱা মাছৰ মূৰটো দি ভাঙি দিয়ক আৰু গোটেইখিনি ভালকৈ সিজাৰ পিছত নমাই থওঁক 
৩) মাছৰ কণী-- 
পিয়াঁজ আৰু জলকীয়া কাটি তেলত দি মাছৰ কণীৰ সৈতে মছমচীয়াকৈ ভাজক
******
পচলাৰ সৈতে গাহৰী
উপকৰণ:
গাহৰি মাংস- ২৫০ গ্রাম।
পচলা- ১০০ গ্রাম। (কল পচলা মিহিকৈ চকলিয়াই হাতেৰে ভাগি লৈ পানীত তিয়াই ৰাখিব)
পিঠাগুৰি- ২ চামুচ।
আদা-নহৰু বটা- ২ চামুচ।
মিঠাতেল- ২ চামুচ।
কেঁচা জলকীয়া বটা বা ফালি লোৱা- ৩ টা।
নিমখ আন্দাজমতে।
'লাখাৰ চোক চাই আন্দাজমতে।
প্ৰণালী:
মাংস সিজাই পানী পেলাই দিব। কেৰাহীত তেল গৰমাই আদা নহৰু বটা আৰু জলকীয়া বটা দি ভাজিব। মাংস দিব। নিমখ দি অলপ সময় ভাজি পচলা মিলাওঁক আৰু ঢাকোন দি সিজিব দিয়ক৷ সিজিলে ক'লাখাৰ আৰু পৰিমাণ মতে পানী দি উতলিব দিয়ক। উতল আহিলেই পিঠাগুৰি মিলাব। ভালদৰে লৰাই দিব। থুপথুপিয়া হলে নমাই ভাতৰ সৈতে পৰিবেশন কৰক৷
*********
কণী আৰু গাখীৰৰ পুদিং … (Custard )
কণী আৰু গাখীৰৰ পুদিং (Custard ) ধুনীয়াকৈ কেনেকৈ সজাব পাৰি! এক লিটাৰ গাখীৰত ছয়টা কণী আৰু দেৰ কাপ চেনী খুব ভালকৈ ফেটি লব। চেনি গলি যোৱালৈ ফিটি লৈ মিক্সাৰ খিনিত ভেনিলা এচেন্স আৰু যিকোনো আপোনাৰ পচন্দৰ ফুদ কালাৰ দি ভালকৈ মিক্স কৰি লওঁকএতিয়া কুকাৰত এক ইন্সী পানী দি কুকাৰৰ টিফিন বা যিকোনো স্টীলৰ টিফিনত গাখীৰ কণীৰ মিক্সাৰ খিনী ঢালি বাছনটো কুকাৰত ভৰাই কুকাৰৰ ঢাকোন মাৰি এটা চিটি মৰাই নমাই থব । কুকাৰ খুলিব পৰা হলে নিজৰ ইচ্ছানুযায়ী সজাই ফ্ৰীজত দুঘণ্টা মানৰ বাবে থব। ঠাণ্ডা হলে পৰিৱেশন কৰকসুন্দৰকৈ গ্লাচৰ বাচনত Mixed jam খিনি চামুচেৰে সমানকৈ পাৰি তাৰ ওপৰত কমলাখিনি সজায় লব। পুদিংখিনি কুকাৰৰ পৰা উলিয়াই অলপ ঠাণ্ডা কৰি হেন্দ ব্লেন্দাৰেৰে অলপ মিহি কৰি বাচনটোত ঢালি দিব সমানকৈ কৰি(blender দি মিহি নকৰিলে চটা চটাকৈ পৰিব)তাৰ ওপৰত ডালিমগুটি এপ্ৰিকত আদি সজাই ওপৰত চামোচেৰে মিল্কমেইদ দি ফ্ৰীজত থৈ দিব দুঘণ্টামানৰ বাবেতাৰ পিছত পৰিবেশন কৰিব পাৰে
***********
সংগ্ৰহঃ উত্তৰ পুৰুষৰ মঞ্চ, হোৱাটচ্এপ গ্ৰুপ
সৰিয়হ ভেন্দি

উপকৰণ –
ভেন্দি – ৯/১০ টা মান । 
তেল – জোখ অনুপাতে 
পিয়াঁজ – ২ টা  (কাটি লব।)
সৰিয়হ – গুড়ি কৰি ৫/৬ চামুচ ল
কেঁচা জলকীয়া – ২/৩ টা  
নিমখ,হালধি – জোখ অনুপাতে।
জলকীয়া গুড়ি, জিৰা গুড়ি, ধনীয়া গুড়ি, মিট মছলা জোখ অনুপাতে 
নেমুটেঙা ৰস -- ১/২ চামুচ 
প্ৰণালী ---
ভেন্দি কেইটা ভাল কৈ ধুই লৈ টুকুৰা কৰি কাটি লব।
এতিয়া এখন কেৰাহি ত ৰিফাইন তেল দি গৰম হ'বলৈ দিয়ক, তাৰপিছত ভেন্দি খিনি দিব, তাৰ ওপৰত একেলগে নিমখ, হালধী, জলকীয়া গুড়ি, জিৰা গুড়ি, মিট মছলা দি কম জুইত ৫ মিনিটমান অলপ ভাজি ল'ব। তাৰ পিছত ভেন্দিখিনিৰ ওপৰত সৰিয়হ গুড়িখিনি দিব, কাটি লোৱা পিয়াঁজ, জলকীয়া, নেমুৰ ৰস সকলোবোৰ বস্তু একেলগে দি দিব। এতিয়া লাহে লাহে লৰাই দিয়ক আৰু ঢাকি দিয়ক, ভেন্দিখিনি সিজি ৰঙচুৱা হোৱা লৈকে ভাজক। তাৰ পিছত নমাই দিয়ক আৰু গৰমে গৰমে পৰিবেশন কৰক।
: লুতফা আখতাৰা
*******


বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭

পচলাৰ সৈতে মূৰ্গী মাংস
২০০ গ্ৰাম পচলা
১০০ গ্ৰাম মূৰ্গী মাংস
পাতকৈ কটা দুটা পিয়াজ
আধা নহৰু মিশ্ৰণ ১ টেবুল  চামুচ(মিহিকৈ খুন্দি)
তেজপাত ৩/৪ খিলা
হালধি, নিমখ, জিৰা, জলকীা আন্দজমতে

ৰন্ধন প্ৰণালী-- প্ৰথমে কেৰাহীখন সম্পূৰ্ণকৈ গৰম হব দিয়ক। তাৰ পাছত ৰিফাইনখিনি দি গৰম হবলৈ দিয়ক। গৰম তেলত পিয়াজখিনি অলপ সিজিবলৈ দি আধা-নহৰুৰ মিশ্ৰণখিনি ঢালি দিয়ক। মিশ্ৰণখিনি ৰঙা হোৱাকৈ ভাজি তাত তেজপাত, হালধি, নিমখ, জিৰা আৰু জলকীয়া দি ভালকৈ লৰাওক। মিশ্ৰণটোৰ পৰা গোন্ধ উলাওতে মাংসখিনি ঢালি দি লৰাওক। মন কৰিব যাতে মাংস আৰু মিশ্ৰণখিনি ভালদৰে মিহলি হয়। এতিয়া মাংসখিনি ঢাকোন দি সিজিবলৈ দিয়ক। মাংসখিনি অলপ সিজা যেন হলেই তাত পচলাখিনি দি আকৌ ভালকৈ লৰাওক। প্ৰায় ২০ মিনিট সময়  সিজিব দি মাজে মাজে লৰাওক। সিদ্ধ হোৱাৰ পাছত জুইৰ পৰা নমাই গৰমে গৰমে পৰিৱেশন কৰক।
বিঃদ্ৰঃ-- পচলাখিনি কাটি ধুওঁতে পানীত অলপ নিমখ মিহলি কৰি ল'ব।

গাহৰিৰ মাংসৰ সৈতে বাঁহগাজৰ বইল
গাহৰিৰ মাংস আধা কেজি
বাঁহগাজ সৰু বাতিৰে আধা বাতি
তিনিটা বিলাহী
আদা,নিমখ,জলকীয়া,জালুকৰ গুৰি

ৰন্ধন প্ৰণালী-- প্ৰথমে মাংসখিনি কুকাৰত ভৰাই নিমখ(আন্দাজ মতে)কটা বিলাহী,জালুকৰ গুৰি দি পানীত মাংসখিনি ডুব যোৱাকৈ দি বইল হব দিয়ক। জলকীয়া আৰু আদা খুন্দি ৰাখক। এটা চিতি মৰাৰ পাছত কুকাৰটো নমাই তাৰ পৰা কেৱল মাংসখিনি কাঢ়ি থওক। তাৰ পাছত এটা কেৰাহিত বইল কৰা মাংসৰ পানীখিনি দি উতলাওক। উতলা পানীখিনীত জলকীয়া গুৰি, আদা আৰু বাঁহৰ গাজখিনি দি পুনৰ উতলাওক। তাৰ পাছত তাত মাংসখিনি দি ঢাকোন মাৰি অলপ সময় সিজিব দিয়ক। ১০ মিনিটৰ পাছত নমান পৰিৱেশন কৰক।

পাতত দিয়া মাছ

সৰু মাছ(মোৱা মাছ)৫০০গ্ৰাম
কেচাঁজলকীয়া ৩ টা
আদা নহৰুৰ মিহিকৈ খুন্দা মিশ্ৰণ
ধনীয়া পাত
তেল
নিমখ হালধি আন্দাজ মতে

ৰন্ধন প্ৰণালী-- প্ৰথমে কলপাত খিলা জুইত সেকি ল'ব। মাছখিনিত অলপ নিমখ আৰু নেমুৰ ৰস মিহলি কৰি লব। আধা চামুচ আদা, আধা চামুচ নহৰু আৰু নিমখ, হালধি, জলকীয়া দিব। ধনীয়া পাত আৰু তেল দি গোটেই খিনি ভালকৈ মিহলি কৰিব। চাব যাতে গোটেই সামগ্ৰী খিনি ভালকৈ মিহলি হৈছে। তাৰ পাছত কলপাতখিলাত মাছখিনি ঢালি দি ভালকৈ মেৰিয়াই কলপাতৰ ঠাৰিৰ ৰছীৰে বান্ধিব। তাৰ পাছত জুইত (এঙাৰ আৰু ছাঁই থকা) দি ৩৫-৪০ মিনিট মান সিজিব দিব। সিজাৰ পাছত জুইৰ পৰা তুলি আনি অলপ সময় থৈ(গৰমে গৰমে উলিয়ালে পাতখিলা ফাটি যাব পাৰে) এটা পত্ৰত উলিয়াই গৰমে গৰমে পৰিৱেশন কৰক।

চুঙাত দিয়া মাছ

এটা পাত্ৰত ২৫০ গ্ৰাম দৰিকণা মাছ ধুই তাত আন্দাজমতে নিমখ আৰু হালধি দিব। আদা, নহৰু আৰু মান ধনীয়া (নগা ধনীয়া) পিহি তাত দুই টি চামুচ মিঠাতেল দি অলপ নেমুৰ ৰস দি মাছখিনি ভালকৈ মিহলি কৰিব। তাৰ পাছত এটা বাঁহৰ চুঙা কাটি আনি সেইটো ধুই মাছখিনি তাত ভৰাই কল পাতেৰে চুঙাটো মুখ খন বন্ধ কৰি দিব। প্ৰায় ৫০ মিনিট সময় জুইত দি (জুইৰ উত্তাপটো থাকিব লাগিব) সিজিব দিয়ক। ৫০ মিনিটৰ পাছত নমাই তৃপ্তিৰে খাওঁক।

: শিখা চেতিয়া (চু)
মৰাণ, ৰাজগড়