লেটেষ্ট্ খৱৰ




সন্ধান
কাঁইটীয়া পথেৰে....মসৃণ ভৱিষ্যতলৈ এক যাত্ৰা...

                                                  -চাজিদ নিতু আহমেদ

     আমি মানুহ , আধুনিক সমাজৰ মানুহ ! আমি সৃষ্টিশীল কাম ভাল পাওঁ। আৰু লগতে সৃষ্টিশীল কামৰ জৰিয়তে আমাৰ মাজত লুকাই থকা মানৱীয় সত্বাটোক জীয়াই ৰখা কাম সমূহ কৰিসচাঁ অৰ্থত যিজন ব্যক্তি মানুহ হ'ব শিকিছে তেওঁ ভাল পাই মানৱতাবাদ। অতীতৰে পৰা মানৱতাবাদৰ হকে বহুতে ভাল ভাল কাম কৰি আহিছে। আজি আমি তেনেই এক মানৱতাবাদী কাৰ্যৰ বিষয়ে ক'বলৈ ওলাইছো। আমি ক'বলৈ ওলাইছো নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ পৰা সৃষ্টহোৱা এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংস্হা 'সন্ধান' ৰ বিষয়ে...
        বৰভাগ অঞ্চলৰ কেইগৰাকীমান উদ্যমী যুৱকৰ অহৰহ চেষ্টাৰ ফলত ২০১৬ ইং চনৰ ৫ জুন তাৰিখে 'সন্ধান'- কাঁইটীয়া পথেৰে.....মসৃণ ভৱিষ্যতলৈ এক যাত্ৰা... শীৰ্ষক নামটোৰে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্হাটোৰ শুভ উন্মোচন কৰা হয়। মূলতঃ সমাজত ঐক্য-সংহতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ বাবে মানৱতাবাদৰ প্ৰচাৰৰ খাতিৰত সংস্হাটোৰ জন্ম হয়। তদুপৰি অসহায়, দৰিদ্ৰ তথা নিস্পেষিত জনসাধৰণক সৰ্বাতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে পৰিৱেশ সচেতনতা গঢ়িতোলা আদিক সামৰি শিশুৰ সৈতে শিশুৰ জৰিয়তে শিশুৰ অধিকাৰ সাব্যস্ত কৰি ভৱিষ্যত প্ৰজন্ম সৱল কৰা আদি বিভিন্ন লক্ষ্য উদ্দেশ্য সমূহৰ ওপৰত সন্ধানে কাম কৰি আহিছে
    অঞ্চটোত ইতিমধ্যে সমাদৃত হোৱা স্বেচ্ছাসেৱী সংস্থাটোৱে বিভিন্ন কৰ্মৰ জৰিয়তে ৰাইজৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে। সন্ধান এ ৰজাঘৰৰ কোনো বিশেষ সা-সুবিধা লাভ নকৰাকৈয়ে বিভিন্ন কাৰ্য সম্পাদন কৰি আহিছে। বিগত বৰ্ষৰ জানুৱাৰী মাহত সন্ধানৰ উদ্যোগত বৰভাগ অঞ্চলৰ ১৫ গৰাকী আদৰ্শ কৃষকক সম্বৰ্ধনা জনোৱা হৈছিল ইয়াৰোপৰি 'বিনামূলীয়া চকু পৰীক্ষা শিবিৰ', 'গছপুলি ৰোপন', বিভিন্ন অসহায় ব্যক্তিক আৰ্থিক ভাৱে সহায় কৰাৰ লগতে গৃহহীন তথা আশ্ৰয়হীন, পদপথত আশ্ৰয় লোৱা কিছু ব্যক্তিক বস্ত্ৰ প্ৰদানৰ দৰে মানৱতাবাদী কাৰ্যসমূহ সন্ধানে ৰূপায়ন কৰি আহিছে
      সন্ধানত বৰ্তমান ২১ জন সদস্য আছে। সংস্থাটোৰ সভাপতিত্বৰ দায়িত্ব বহন কৰি আছে বৰভাগ কলেজৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ তাজিমউদ্দিন আহমেদ আৰু সম্পাদনাৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছে বিকাশ কলিতাই।
    শেষত আমি ক'ব পাৰো যে আজিৰ এই যান্ত্ৰিকতাৰ  যুগতো মানৱতাবোধ তথা ভাতৃত্ববোধৰ বাবে কাম কৰা 'সন্ধান' ৰ প্ৰতিটো পদক্ষেপ যথেষ্ট প্ৰশংসনীয়।

     

 ************************

৩ নৱেম্বৰ, ২০১৭--
     
নলবাৰীৰ কেইজন মান সাংস্কৃতিক প্ৰেমী যুৱকৰ অহৰহ চেষ্টাত প্ৰাণ পায় উঠিছে "খোজ- SOMETHING IS BETTER THAN NOTHING"এই মৰ্মে তেওঁলোকে তেওঁলোকৰ প্ৰথম পদক্ষেপ হিচাপে বাছি লৈছে তেওঁলোকৰ দীৰ্ঘদিনীয়া সপোন এখন চুটি দৈৰ্ঘৰ অসমীয়া ছবি, "ৰক্ত পিশাচ"। ৰূপজ্যোতি শৰ্মাৰ পৰিকল্পনাৰ লগতে চাজিদ আহমেদৰ ৰচনা ও পৰিচালনাৰে পৰিপুষ্ট সাম্প্ৰতিক সময়ৰ সমাজৰ প্ৰধান শত্ৰু নিচাৰ ভয়াবহতাৰ বিৰুদ্ধে সংগ্ৰামী অভিযানৰ কাহিনীৰে নিৰ্মিত খনত আমাৰ সমাজৰ বহু কেইটা উল্লেখযোগ্য দিশকে সামৰি লোৱাৰ উপৰিও ঘাইকৈ গুৰুত্ব দিয়া হৈছে নিচাৰ ধ্বংসলীলাক। নিচাজাতীয় সামগ্ৰীয়ে আমাৰ নৱপ্ৰজন্মক কৰা ক্ষতিক সুন্দৰ ভাৱে উপস্থাপন কৰাৰ লগতে আৰু ভৱিষ্যতে যাতে কোনেও নিচা সেৱন নকৰে তাৰ বাবে ছবি খনৰ জৰিয়তে সমাজ খনক আহ্বান জনোৱা হৈছে। সমাজত নিচা জাতীয় দ্ৰব্য সেৱনকাৰীৰ সংখ্যা হ্ৰাস কৰিবলৈ আমাৰ এই দৃঢ় প্ৰচেষ্টা। মাদক দ্ৰব্যৰ বলি হোৱা সকলৰ আত্মবিশ্বাস ঘূৰাই আনিবলৈ আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা তেওঁলোকক মুক্ত কৰিবলৈ এয়া আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস।

কাহিনী ও পৰিচালনা= চাজিদ আহমেদ
পৰিকল্পনা= ৰূপজ্যোতি শৰ্মা
প্ৰচাৰ ও সম্পাদনা= তৃষ্ণা দাস
পৃষ্ঠপোষক= বিতোপন কলিতা


ONLINE MEDIA PARTNERS : বেটুপাত, সুবাস আৰু পোহৰ।

১৯ ছেপ্টেম্বৰ, ২০১৭


চলচ্চিত্ৰ প্ৰেমীলৈ সু-খৱৰ 
অস্কাৰৰ দৌৰত অসমৰ ৰন্টু চেতিয়াই কাম কৰা ছবি

২০১৮ চনৰ মাৰ্চৰ ৮ তাৰিখে অনুষ্ঠিত হব লগা ৯০ তম Academy Award  Best Foreign-Language (Oscars) Film Race ত প্ৰৱেশৰ বাবে Pakistan Academy Selection Committee চমুকৈ PASC এ নিৰ্বাচন কৰিছে SAAWAN” ক। সঁচা কাহিনীৰে অনুপ্ৰাণিত হৈ নিৰ্মিত এই ছবিখনৰ পৰিচালনা হৈছে চিনেমেটোগ্ৰাফাৰ ফাৰহান আলামৰ (Farhan Alam), কাহিনী লিখিছে মশ্বুদ কাদৰিয়ে (Mashood Qadri) লগতে সম্পাদনা কৰিছে অসীম সিনহাই (Asheem Sinha)তাৰোপৰি অতি গুৰুত্বপূৰ্ণ বিষয়টো হল এই ছবিখনত সম্পাদনা সহযোগী হিচাপে আছে অসম সন্তান ৰন্টু চেতিয়া। ইতিমধ্যে তেওঁ ৰীমা বৰুৱাৰ বকুল  আৰু বিচনু নামৰ অসমীয়া ছবি দুখনৰো সম্পাদনা কৰিছে। এইচেগতে চেতিয়ালৈ শুভকামনা জ্ঞাপন কৰিছো।

    উল্লেখ্য যে, SAAWAN” য়ে ইতিমধ্যে Madrid International Film Festival, The Social World Film Festival  লগতে অন্যান্য বহু কেইটা অনুষ্ঠানত বঁটা বুটলিবলৈ সক্ষম হৈছে।
News : Trishna Das,
Editor, Betupaat E-magazine.


Gaon Ka Khana ৰ স্বত্বাধিকাৰী হিৰণ্ময় গগৈৰ সাফল্য


    শিৱসাগৰৰ যুৱক হিৰণ্ময় গগৈয়ে পুনৰ বাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। South Asian Youth Award 2017 লৈ মনোনীত হল হিৰণ্ময়। উল্লেখ্য যে, উক্ত অনুষ্ঠানত ৬০ খন দেশৰ ৪৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

    শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা The Telegraph এ প্ৰদান কৰা Northeast Excellence Awards 2017 ও লাভ কৰে হিৰণ্ময়ে।

    লগতে উল্লেখ্য যে, যিখন অসমক নিৱনুৱা সমস্যাই জুৰুলা কৰিছে, সেইখন অসমতে জন্ম লাভ কৰি হিৰণ্ময় গগৈয়ে আজি নিজৰ লগতে আনকো কৰ্ম সংস্থাপন দি অসমক বিশ্ব দৰবাৰলৈ নিয়াৰ এক অনন্য পদক্ষেপ হাতত লৈ যি সাধনা ও কষ্ট কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। বহুতৰে বাবে তেনেই সামান্য ১০ টকা এটাৰে হিৰণ্ময় গগৈয়ে আৰম্ভ কৰিছিল Gaon Ka Khana ৰ কাম। প্ৰায় ২২/২৩ বছৰৰ এই লৰাজন বৰ্তমান অধিকাংশৰেই আদৰ্শ। হিৰণ্ময়ৰ এই পোহৰমুখী যাত্ৰাৰ সফলতা কামনা কৰাৰ লগতে অনাগত সময়ত তেওঁ আৰু অধিক কষ্ট কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সমগ্ৰ অসম আশাবাদী।

News : Trishna Das,
Editor, Betupaat E-magazine.