গ্ৰন্থজগত


বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭

লাইপম : এক অগতানুগতিক সৃষ্টি
-ৰূপজ্যোতি গগৈ
বৰকাঠনি চাহবাগিছা, গোলাঘাট
ফোনঃ ৯৬৭৮৭০৭৪০০

     অলপতে পঢ়ি শেষ কৰোঁ এখন অগতানুগতিক উপন্যাস লাইপম। ছশবছৰীয়া আহোম ৰাজত্বৰ উজ্জ্বল নক্ষত্ৰ স্বৰূপ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ জীৱনৰ আধাৰত ৰচিত লাইপম উপন্যাসৰ লিখক মিতালী ফুকন। ইতিমধ্যে আইদেউ, জীৱনৰ ৰং উপন্যাসৰ লগতে গল্প, কবিতাৰ উপৰিও কেইবাখনো ভিন্নস্বাদৰ গ্ৰন্থ ৰচনা কৰি অতি কম বয়সতে অসমীয়া সাহিত্যৰ জগতত নিজৰ স্থান দখল কৰা মিতালী ফুকনৰ এইখন অষ্টম গ্ৰন্থ।
     মূলতঃ লাইপম এটা টাই ভাষাৰ শব্দ, যাৰ অৰ্থ মৰমৰ বৰ পো। লাই মানে বৰ বা ডাঙৰ পুত্ৰ, পম মানে মৰমৰ। স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহৰ দুই পুত্ৰৰ বৰপুত্ৰ লাই, যিজন সিংহাসনত বহি আহোম মতে চুখ্ৰাংফা আৰু হিন্দু মতে ৰুদ্ৰসিংহ নামেৰে জনাজাত হয়। সেই ৰুদ্ৰসিংহ স্বৰ্গদেউক লৈয়ে এই উপন্যাস। উপন্যাসখনৰ পাতনিতে লেখিকাই কৈছে লাইপম বুৰঞ্জীমূলক নহয়, বুৰঞ্জী ভিত্তিত লিখা উপন্যাস বুলি ভাবিলেহে সাৰ্থক হব। কিয়নো চৰিত্ৰৰ গতিময়তাৰ প্ৰতি লক্ষ্য ৰাখি কিছু কাল্পনিক সংযোজন ঘটোৱা হৈছে। স্বাভাৱিক কথা, বুৰঞ্জী চৰিত্ৰ এটা সম্পূৰ্ণ বুৰঞ্জীমূলকভাৱে উপস্থাপন কৰিবলৈ বুৰঞ্জীৰ উপযুক্ত আৰু সত্যনিষ্ঠ তথ্যৰ দৰকাৰ যিটো বহুক্ষেত্ৰত সম্ভৱ নহয়। তাৰে লগতে তাহানিৰ পদভূমিত, কথনপ্ৰণালীৰ চৰিত্ৰৰ বিশ্বাস যোগ্যতা আদি প্ৰকাশ কৰিবলৈ যাওঁতে পাঠকৰ মনোগ্ৰাহী নহবও পাৰে। তথাপিও লেখিকাই বুৰঞ্জীক ভিত্তি হিচাপে লৈ যি সাৱলীল বৰ্ণনাৰে কাহিনীভাগ ৰচনা কৰিছে, গতি প্ৰদান কৰিছে সি সঁচাই সুন্দৰ।
     প্ৰথম পুৰুষত ৰচিত উপন্যাসৰ নায়ক লাইকোঁৱৰ চাওপা হোৱাৰ পৰাই কাহিনী আৰম্ভ হৈ মৃত্যুৰ কোলাত শুই পৰা শেষ ক্ষণলৈকে বৰ্ণিত হৈছে। মুঠ ৬৯ টা অধ্যায়ত বিভক্ত উপন্যাসখনৰ মাজেদি লেখিকাই ৰুদ্ৰসিংহৰ চৰিত্ৰটিক কেৱল মাত্ৰ স্বৰ্গদেউ ৰূপে নহয়, এজন পুত্ৰ, স্বামী, বন্ধু আদি সকলোবিলাক মানৱীয় ৰূপত প্ৰকাশ কৰাত সফল হৈছে বুলিব পাৰি। যাৰ বাবে ৰাজকাৰ্যত ব্যস্ত থাকোঁতে বহু সময়ত নিজৰ পত্নী, ভাতৃক অৱহেলা কৰিছে বুলি নিজৰ মাজতে অন্তৰ্দন্দ্বত ভূগিছে। সন্তানসকলক অপত্যস্নেহেৰে দেশৰ, সমাজৰ ৰীতি-নীতিৰ বুজনি দিবলৈ প্ৰয়াস কৰিছে। লাইপমৰ মাজেদি লেখিকাই সেই সময়ৰ ধৰ্মীয় ৰীতি-নীতি সাজপাৰ আদি বিষয় ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে উপন্যাসখন পঢ়ি গৈ থাকোতে বহু সময়ত তত্কালীন আহোম ৰাজবংশৰ এক নিটোল চিত্ৰ মনৰ মাজেৰে অগা-দেৱা কৰি থাকে। বুৰঞ্জীত উল্লেখ থকা তাহানিৰ আহোম ৰজাৰ মৃত্যুত মৈদাম দিয়া কাৰ্য আৰু মৈদামত ৰজাৰ লিগিৰা-লিকচৌ সকলকো জীৱন্তে সমাধি দিয়া, চাওফা হৈ (ৰাজ অভিশেষ গ্ৰহণ কৰি) মানুহ বলি দিয়া আদি প্ৰথাবোৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই পৰিৱৰ্তন ঘটাইছিল। এই প্ৰথাবোৰ পৰিৱৰ্তনৰ সময়ত স্বৰ্গদেউৰ মনৰ মাজত দন্দ্ব, ৰাজসভাত তাৰ প্ৰতিক্ৰিয়া আদিবোৰো লেখিকাই সাৰ্থক ৰূপত দাঙি ধৰিছে। একেদৰে ৰজা হৈও আপোনজনৰ কাষত সৰ্বসাধাৰণ এজনৰ দৰে সুখে-দুখে একাকাৰ হোৱাৰ প্ৰয়াস  কৰিছে। ই প্ৰকৃততেই স্বৰ্গদেউৰ মহত্ প্ৰয়াস। যাৰ বাবে ভাতৃঘাটি সংঘৰ্ষত জুৰুলা অসমৰ মানচিত্ৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে।  তেওঁ সদিয়াৰ পৰা মানাহলৈকে ৰাজ্যৰ সীমা সম্প্ৰসাৰণ ঘটাইছিল। একেদৰে তেওঁ বংগ জয় কৰিবৰ বাবে সকলো কূট নৈতিক কৌশল কৰিছিল।
     মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দায় তাৰ পাৰতে জয়দৌল নিৰ্মান কৰিছিল। ৰংঘৰ, কাৰেংঘৰৰ লগতে বহুতো দৌল-দেৱালয় সজাইছিল। মেটেকা আলি, দুৱৰি আলি, খৰিকটীয়া আলি, নামদাঙৰ শিলৰ সাঁকো, ডিমৌৰ শিলৰ সাঁকো আদি কাৰ্যাৱলীৰ কথাও লেখিকাই সুন্দৰকৈ দাঙি ধৰিছে। একেদৰে তেওঁৰ দিনত যে ৰাজকীয় পোষকতাত শিল্পকলা চৰ্চা হৈছিল, সাঁচিপতীয়া সচিত্ৰ পুথি অলংকৰণৰ ব্যৱস্থা কৰাইছিল এইবোৰ কথাও পৰ্যায়ক্ৰমে উপন্যাসখনত বৰ্ণনা কৰিছে।

     সেইবাবেই দেখা যায় আহোম ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ নৃপতি ৰুদ্ৰসিংহৰ জীৱন কাহিনীক লৈ ৰচিত লাইপম, লেখিকা মিতালী ফুকনৰ অনুপম সৃষ্টি। এই উপন্যাসখন অধ্যয়নৰ যোগেদি অজানিতে আমাৰ মনত অসম বুৰুঞ্জীৰ বহুতো প্ৰয়োজনীয় তথ্য সংগৃহীত হৈ যাব। লেখিকাৰ পৰা অনাগত দিনত আৰু সুন্দৰ সৃষ্টি আশা কৰিলোঁ।

***

বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭

গ্ৰন্থৰ নামঃ জোনাক নামি অহাৰ গান

কবিঃ চন্দ্ৰলতা গোস্বামী
প্ৰকাশকঃ শ্ৰী শৰত্ চন্দ্ৰ শৰ্মা
মূল্যঃ ৫০ টকা
: ডিম্পী বশিষ্ঠ
স্নাতক ৫ম ষান্মাষিক, ইংৰাজী বিভাগ
পূব কামৰূপ মহাবিদ্যালয়, বাইহাটা চাৰিআলি

     কবি মানে কৌশলী শব্দ শিল্পী। শাব্দিক কৌশলৰ মাজেৰেই প্ৰতিচ্ছবিত হয় তেওঁলোকৰ জীৱনৰ সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আদি হৃদয়ত পঞ্জীভূত সমষ্ট ভাৱানুভূতি। মনৰ থাপনাত অংকুৰিত একান্ত অনুভৱৰ অঘোষিত প্ৰকাশৰ লগতে সমাজ, পৰিৱেশ-পৰিস্থিতিৰ বিষয়েও মূৰ্ত হৈ ধৰা দিয়ে কবিৰ স্পৰ্শ পৃষ্ঠাত। তৰোৱালতকৈ কলম চোকা- এই আপ্ত বাণীকে সৰোগত কৰি বগা কাগজত নীলা চিঞাহীৰে লিখি যায় উদ্দীপ্ত স্ফূলিংগসম নানা কথা।
     কবি চন্দ্ৰলতা গোস্বামীৰ সৃষ্টিশীল কলমেৰে নিগৰি অহা বাস্তৱ আৰু কল্পনাৰ সমন্নয়ৰ সুৰ সমলিত জোনাক নামি অহাৰ গানতেখেতৰ প্ৰথম স্ব-ৰচিত কবিতা সংকলন। ভিন্ন সময়ত ভিন্ন পৰিৱেশত উপলব্ধি কৰা মনৰ ভাবৰাশিক কাব্য গ্ৰন্থখনিত শব্দৰ আকাৰেৰে কবিয়ে সংগঠিত ভাবে ধৰি ৰখাৰ সফল প্ৰয়াস কৰিছে। কাব্য গ্ৰন্থখনিৰ প্ৰতিটো কবিতাই অনুপ্ৰেৰণাৰ উত্স বুলি কলেও অত্যুক্তি কৰা নহব। বাস্তৱ জীৱনৰ অব্যক্ত কথা, বৰ্তমান পৰিস্থিতিৰে ভাৰাক্ৰান্ত মানৱ জীৱনৰ চিত্ৰ, প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য্য বিশ্লেষণ যথেষ্ট সাৱলীল বৰ্ণনা তথা উত্কৃষ্ট শব্দৰ সমাহাৰ তেওঁৰ কবিতাৰ প্ৰধান বিশেষত্ব। কিছুসংখ্যক কবিৰ দৰে মাত্ৰ প্ৰেম-ভাৱনাতে নিমগ্ন নাথাকি শ্ৰীমতী চন্দ্ৰলতা গোস্বামীয়ে কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছে এখন নতুন পৃথিৱীৰ সপোন। সংস্কাৰমূলক মনোভাৱ আৰু কিছু পোৱা-নোপোৱাৰ তথা পাই হেৰুওৱাৰ অনুভূতি যি হব পাৰে পাঠকৰ বাবে সুবিশাল প্ৰেৰণাৰ উত্স। সন্ত্ৰাসৰ কদৌৰ্যময় ৰূপৰ লগতে সন্ত্ৰাস জৰ্জৰ অসমৰ হৃদয়স্পৰ্শী কৰুণ ছবি তেখেতৰ আহ্বান শীৰ্ষক কবিতাটিত চিত্ৰোজ্জ্বল হৈ উঠিছে—
বিশাল মুক্তাকাশৰ তলত...
সন্ত্ৰাসৰ যি মহা প্ৰয়োভৰ,
সাৰ-বাৰুদৰ দেই যোৱা গোন্ধ
আৰু.....
তপত তেজৰ যি
কেচেমা কেচেম গোন্ধ... (আহ্বান, পৃষ্ঠা- ১১)
কবিতাটিৰ মাধ্যমেৰে মানৱীয় সত্তাক জাগ্ৰত কৰি সমাজৰ নতুনত্বৰ সেউজী কিৰণ বিলোৱাৰ ভাৱ মূৰ্ত হৈ উঠিছে-
আহা বন্ধু... নিৰ্ভয়ে সোমাই আহা
আৰু এন্ধাৰৰ মাজৰ পৰা
কলিজা ভৰাই টানি লোৱা
নিৰ্মলতাৰ সোৱাদ পুনৰ্জ্জীৱিত কৰা
তোমাৰ হেৰাই যোৱা সত্তা…. (আহ্বান, পৃষ্ঠা- ১২)
কাব্যসংকলটিৰ অন্য এটা কবিতালৈ আহোঁ-
শিৰোণামাজোনাক নামি অহাৰ গান”কবিতাটিত কবিয়ে পোৱা আৰু পাই হেৰুওৱাৰ ব্যাথ্যা উষ্ম ৰূপত চিত্ৰায়ন কৰিছে। অন্যহাতে, বৰ্তমান সমাজত মানৱৰ মানৱীয় প্ৰমূল্যবোধ বা নৈতিক স্খলনৰ ফলত হেৰাই যোৱা হৃদয়ৰ সৰলতা তথা মমতাৰ ৰূপ মৰ্মস্পৰ্শী ৰূপত পৰিস্ফূত হৈছে আইতা কচোন এটা সাধু নামৰ কবিতাটিৰ মাধ্যমেৰে-
আজি কালি কি হৈছে জানো তোৰ
শুকান মেলা মুখতো
কেৱল মাথো হত্যা লুন্ঠন আৰু
সন্ত্ৰাসৰ কথা!
বোমা-বাৰুদৰ ধ্বংসৰ যজ্ঞতে
সাধুবোৰো আহুতি দিছে নেকি আইতা? (পৃষ্ঠা- ২৮)
প্ৰকৃতিৰ সন্তানৰূপী মানুহে সভ্যতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ যিমানে প্ৰয়াস কৰিছে সিমানে ৰচিছে প্ৰকৃতিৰ বক্ষত ধ্বংস যজ্ঞ। স্বাৰ্থান্যেসী মানৱৰ দ্বাৰা প্ৰকৃতিৰ বুকুত যি ধ্বংস যজ্ঞ তাক কবিয়ে কবিতাৰে চিত্ৰিত কৰিছে-
তোমাৰ বুকুত ভৰ দিয়েই
তোমাৰ সন্তানে মহাকাশৰ শূন্যতাত
গঢ়িব বিচাৰিছে সপোনৰ কাৰেং ঘৰ
তুমি আজি লাঞ্চিতা, বঞ্চিতা...।
বিজ্ঞান প্ৰযুক্তিৰ প্ৰায়োগিক অগ্ৰগতিত
শূন্য হৈ পৰিছে তোমাৰ পূৰ্ণ বুকু…. (পৰিৱেশ দিৱস, পৃষ্ঠা- ৪২)
কাব্যসংকলনটিৰ নাৰী তুমি মহিমাময়ী আৰু নাৰী দিৱস শীৰ্ষক কবিতা দুটিৰ প্ৰসংগলৈ আহোঁ। পুৰুষৰ পদাঘাটত নাৰী সত্তা তথা নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কৰি কবিয়ে নাৰীৰ স্বকীয়তাত প্ৰতিবিম্বিত কৰি দেখুৱাইছে-
জ্ঞানৰ জ্যোতিৰে আলোকময় জগত
 তথাপি তোমাৰ বিশাল মনৰ উদাৰতা
আৰু মাতৃত্বৰ মমতা
বাৰে বাৰে পুৰুষৰ পদাঘাটত
ভূলুন্ঠিত হয় কি? (পৃষ্ঠা- ৬৫)
কাব্য পুথিখনৰ কেইটামান কবিতাত সুক্ষ্ম জটিল তথা বিষয়বস্তুৰ গাম্ভীৰ্যতা প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে। কবিৰ প্ৰতীক্ষা কবিতাটিত পৰিস্ফূত হৈছে মানুহৰ মনত নিহিত আশীৰ্বাদৰ বীজ। চিঠিৰ আকাৰত ৰচিত জন্মদিনৰ শুভকামনাৰে শীৰ্ষক কবিতাটি হেম বৰুৱাৰ মমতাৰ চিঠিৰ আকাৰত ৰচিত তেওঁৰ উত্কৃষ্ট কৌশলৰ নিদৰ্শনদুখীয়া এশাৰী মাতৰ কবিতাটিত সন্নিৱিষ্ট-
তোমালোক হেনো মাতৰ দুখীয়া
কাৰোবাক এষাৰী মাত দিলেই
ভয় হয়, জানোচা হেৰাই
বহুত কিবা। - শাৰীকেইটা সময়োপযোগী হৈছে।
     জুই লগা মানুহ শিৰোণাম বিশিষ্ট কবিতাটিয়েও এক জটিল কথা অব্যক্ত বেদনাশিক্ত প্ৰতিচ্ছবি অংকণ কৰিছে। কবিতাটিত নিজ অধিকাৰ প্ৰাপ্যৰ পৰা বঞ্চিতজনৰ ক্ষোভ আৰু আত্মজাহৰ ঘটনা বলিষ্ঠ ৰূপত উপস্থাপনৰ প্ৰয়াস কৰা হৈছে।
     ৭৮ পৃষ্ঠাৰ আলোচ্য কাব্যগ্ৰন্থখনিত ৫৫ টা কবিতা সন্নিৱিষ্ট হৈছে। কাব্যগ্ৰন্থখনৰ বেটুপাতটো আকৰ্ষণীয়। লগতে বৰ্ণ প্ৰমাদ নাই বুলিবই পাৰি। গ্ৰন্থখনৰ এটা ঋণাত্মক দিশ হল শিৰোণাম বিভ্ৰান্ত। একেই শিৰোণামৰ দুটা বেলেগ বেলেগ কবিতাৰ বিষয়বস্তুৰ সন্নিৱিষ্ট কৰণে কিতাপখনৰ সৌন্দৰ্য লাঘৱ কৰিছে বুলি মই ভাবো। উদাহৰণস্বৰূপে, আশা (পৃষ্ঠা- ৩৪, ৬১) আৰু নিয়ৰৰ ফুল (পৃষ্ঠা- ৩৯, ৭২)।
     পুথিখনৰ আন এটা দিশলৈ আহোঁ। কবিতাৰ সংখ্যাধিকতাৰ বিপৰীতে বিষয়বস্তুৰ নিৰ্বাচনৰ সীমাবদ্ধতা। বিষয়বস্তুৰ ফালৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে সংকলনখনিৰ সূচীপত্ৰ অপ্ৰয়োজনীয় ভাৱে বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। উদাহৰণস্বৰূপে, তুমি আৰু মই, আৰু তুমি মই কবিতালৈ আঙুলিয়াব পাৰোঁ।
     এক কথাত কবলৈ গলে প্ৰায় তিনিকুৰি কবিতাৰে সমৃদ্ধ সংকলনটিয়ে এজন কবিৰ কাব্যশৈলী আৰু কবিতাৰ বিষয় সমগ্ৰৰ জৰিয়তে পাঠকৰ অন্তৰ স্পৰ্শ কৰাৰ প্ৰয়াস কৰিছে। জোনাক নামি অহাৰ গান এ স-হৃদয় পাঠক ৰাইজৰ সমাদৰ পালে তেওঁৰ এই শ্ৰম সাৰ্থক হব। আশা কৰোঁ,  পুথিখনে অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত এখন সমলোচনাত্মক কাব্যপুথি হিচাপে স্বকীয় স্থান দখল কৰিবলৈ সমৰ্থ হব আৰু কবিৰ উদিত কবি সত্তাই কাব্যাকাশ পোহৰাই তুলিব।
     শেষত কবিৰ ভাষাৰে আলোচ্য গ্ৰন্থখনিৰ বিষয়ে একাষাৰ আলোচনাৰে সামৰণি মাৰিব বিচাৰিছোঁ-
শব্দৰ আকালত চন পৰা
কবিতাৰ শইচ পথাৰত এতিয়া
গজালি মেলিছে অনুভূতিৰ
অসংখ্য মিঠা শব্দই.....। (গজালি, পৃষ্ঠা- ১০)