দ্বিতীয় বৰ্ষ, ষষ্ঠ সংখ্যা, ফেব্ৰুৱাৰী- ২০১৮
উত্সঃ
ফেচবুক, লেখকঃ পৰী ৰাজখোৱা
মই আজি এজন এনেকুৱা ব্যক্তিৰ সফলতাৰ আঁৰৰ কাহিনী বিষয়ে কব লৈছো
যিজনক আজিৰ দিনত পেড মেন হিচাপে জনা যায়।যিজনে সমাজক লৈ এনে এটা কাম কৰিছিল যি
বিষয়ে মানুহে পাতিবলৈ সংকোচ কৰিছিল আৰু সেইজনেই বৰ্তমান "পেড মেন"
অৰ্থাৎ "Arunachalam Murgantham" এজনসফল Social
entrepreneur।
তেওঁৰ সফলতাৰ আঁৰত লুকাই আছে বহুত ত্যাগ আৰু কষ্ট। "পেড
মেনৰ" জন্ম হৈছিল তামিলনাডুৰ এখন গাঁৱত। তেওঁ সৰুতেই দেউতাক এটা দুৰ্ঘটনাত
ইহসংসাৰ ত্যাগ কৰিছিল। দেউতাক সংসাৰৰ পৰা নাইকিয়া হোৱাৰ পিছতে ঘৰখনত দুবেলা দুমুঠি
খাবলৈও হাহাকাৰ লাগিছিল যাৰ ফলত 14 বছৰ বয়সতেই স্কুল এৰি
মাকৰ সৈতে মজদুৰি কাম কৰি ঘৰ চলাব লগীয়া হৈছিল। দিনবোৰ তেনেকৈয়ে অতিবাহিত হৈ গৈ
আছিল।
1998
চনত তেওঁ শান্তিৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। এদিন তেওঁৰ ঘৈণীয়েকক
ঋতুস্ৰাৱৰ সময়ত হাতত লেতেৰা কাপোৰ লৈ যোৱা দেখি সুধিলে তুমি কিয় pad ব্যৱহাৰ নকৰা।শান্তিয়ে দুখত কলে ঘৰলৈ দুবেলা দুমুঠি কিনিবলৈও সামৰ্থ্য নাই
কেনেকৈ মই পেড কিনো? ঘৈণীয়েকৰ কথা শুনি তেওঁ বজাৰলৈ পেড
কিনিবলৈ গল আৰু তেওঁ দেখিলে যে,পেকেটৰ ওজনতকৈ দাম বেছি যাৰ
কাৰণ মহিলাসকলে পেড ক্ৰয় কৰিব নোৱাৰে।আৰু তেতিয়াই তেওঁ সিদ্ধান্ত ললে যে মহিলাসকলৰ
এই সমস্যা তেওঁ দূৰ কৰিব। এই সিদ্ধান্তত তেওঁক কোনেও সমৰ্থন জনোৱা নাছিল কাৰণ সেই
সময়ত "Periods" আৰু "Sex" লৈ মাত মতাটো এটা ডাঙৰ অপৰাধ। তেওঁৰ সেই সময়ত পেড মেচিন
কিনিবলৈ সামৰ্থ্য নাছিল যদিও তেওঁ নিজেই হাৰ নামানি 2 বছৰ
ধৰি দিন ৰাতি একাকাৰ কৰি শেষত সফল হৈছিল আৰু যাৰ জৰিয়তে মহিলাসকলৰ সমস্যা দূৰ
হোৱাৰ লগতে তেওঁলোকক সংস্হাপনো দিলে।
2014 চনত 100 জন "Most Infuental" ব্যক্তিৰ মাজত স্থান পোৱাৰ লগতে পদ্মশ্ৰী বটাঁও পাইছিল। তেওঁ এই মহান পদক্ষেপৰ কাৰণে "Technological Innovation award"ৰ কাৰণে nominate হৈছিল। "IIT" বা ডাঙৰ বিশ্ববিদ্যালয়ত ঘৰৰ আৰ্থিক অৱস্হাৰ কাৰণে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিল যদিও তেওঁৰ সফলতাৰ বিষয়ে কবলৈ তাত সুবিধা পাইছিল।বৰ্তমান তেওঁৰ সফলতাৰ কাহিনীক লৈ এখন চলচিত্ৰও আহি আছে আমাৰ মাজলৈ। তেওঁ সঁচাকৈয়ে এজন আমাৰ দেশৰ প্ৰকৃত যুঁজাৰু লগতে এজন প্ৰকৃত সমাজ সেৱক। তেওঁৰ এই মহান পদক্ষেপৰ কাৰণে সঁচাকৈয়ে সন্মানৰ যোগ্য।
2014 চনত 100 জন "Most Infuental" ব্যক্তিৰ মাজত স্থান পোৱাৰ লগতে পদ্মশ্ৰী বটাঁও পাইছিল। তেওঁ এই মহান পদক্ষেপৰ কাৰণে "Technological Innovation award"ৰ কাৰণে nominate হৈছিল। "IIT" বা ডাঙৰ বিশ্ববিদ্যালয়ত ঘৰৰ আৰ্থিক অৱস্হাৰ কাৰণে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিছিল যদিও তেওঁৰ সফলতাৰ বিষয়ে কবলৈ তাত সুবিধা পাইছিল।বৰ্তমান তেওঁৰ সফলতাৰ কাহিনীক লৈ এখন চলচিত্ৰও আহি আছে আমাৰ মাজলৈ। তেওঁ সঁচাকৈয়ে এজন আমাৰ দেশৰ প্ৰকৃত যুঁজাৰু লগতে এজন প্ৰকৃত সমাজ সেৱক। তেওঁৰ এই মহান পদক্ষেপৰ কাৰণে সঁচাকৈয়ে সন্মানৰ যোগ্য।
ভাৰতীয় আদৰ্শত বৈৰাগ্য আৰু স্বাস্থ্যৰক্ষাত বৈৰাগ্যৰ প্ৰভাৱ
বৈৰাগ্য ভাৰতীয়ৰ এটা মূল নীতি ( জাতীয় পতাকাৰ গেৰুৱা ৰঙে যি সূচায়
)
হ'লেও গেৰুৱা বসন ,কমণ্ডলু
লৈ আবিয়ৈ হৈ বৈৰাগ্যৰ প্ৰদৰ্শন কৰিলেই মানুহ বৈৰাগী হ'ব নোৱাৰে ।সকলো মানুহৰ জীৱনতেই মোহ আৰু বৈৰাগ্যৰ ভাৱ এৰাধৰাভাৱে চলি থাকে
। জীৱনৰ বেছিভাগ মূল সিদ্ধান্ত বা কৰ্মত নিজৰ স্বাৰ্থ ত্যাগ দিব পৰাজনক
বৈৰাগ্যভাৱে পৰিচালিত কৰে বুলি ধৰিব পাৰি । ৰাজৰ্ষি জনক ৰজাহৈও ঋষিৰ দৰে বৈৰাগ্যৰ
আদৰ্শেৰে মহীয়ান আছিল ।অস্থিত্যাগী দধিচী , ব্ৰহ্মচাৰী
ঋষিসকলে জনকল্যাণৰ বাবে ত্যাগকেই মূল আদৰ্শ বুলি লৈছিল ।জীৱনৰ শেষ সময়চোৱাত পুৰণি
ৰজাসকলে সকলো ত্যাগ কৰি বানপ্ৰস্থী হৈছিল । বৃত্তি হ'লেও
প্ৰতিটো বৃত্তিৰে মূল ভাৱ আছিল সেৱা ,তাৰ পিছতহে পেটৰ কথা ।
ভাৰতীয় আদৰ্শ আৰু আয়ুৰ্বেদৰ আদৰ্শ একে বাবেই আয়ুৰ্বেদত
চিকিৎসকৰ কৰ্তব্য ,চিকিৎসাকৰ্মীৰ কৰ্তব্য ,ৰোগীৰ কৰ্তব্য আৰু উচ্চমানৰ ঔষধ প্ৰস্তুতিৰ বাবে নিৰ্দেশৰ
(medical ethics ) পাঠ সমূহ পঢ়িলে মনপ্ৰাণ কৰ্তব্যবোধেৰে ,আনন্দেৰে ভৰি পৰে ।
মই প্ৰায়ে মানৱ জীৱনৰ দুখ ,বেদনা ,অসুখৰ ওপৰত লিখো ,ভাৰতীয় দৰ্শনৰো মূল বিষয় হল দুখ আৰু জ্ঞানেৰে দুখ প্ৰতিহত কৰাৰ উপায় ।
দুখক মূল বিষয়বস্তু কৰি লোৱাটোৱে জীৱনৰ প্ৰতি ঋণাত্মক বা হতাশ
মনোভাৱ লোৱাটো নুবুজায়
, তথাপি পাশ্চাত্য দৰ্শনকে ধৰি কিছূমান
দৰ্শনে ভাৰতীয় দৰ্শনক আশাহীন দৰ্শন বুলি ক'ব খোজে । কিন্তু
প্ৰকৃত কথাটো হ'ল - - ভাৰতীয় দৰ্শনে দুখক সহজভাৱে ল'বলৈ শিকায় ,দুখত দুৰ্বল নহ'বলৈ
শিকায় ,জীৱনৰ অস্থায়ীত্ব বা পাৰ্থিব ভোগৰ মূল্যহীনতাৰ অনুভৱে
মানুহক স্থিৰ , নিৰুদ্বেগ আৰু মনোবলী হ'বলৈ শিকায় । বৈৰাগ্য কোনো ঋণাত্মক মনোভাৱ নহয় , ই
মানসিক সৱলতাৰ অন্যতম চাৱিকাঠী । সুখ বা অহংকাৰ তুলনাৰ পৰা ওপজে । জ্ঞানে মানুহক
তুলনাৰ পৰা মুক্ত কৰি নিজৰ আত্মাক বা নিজৰ অৱস্থিতি বা মূল্যক নিজস্ব ধৰণেৰে অনুভৱ
কৰিবলৈ শিকায় । নিজৰ মূল্য ,জীৱনৰ মূল্য বা জগতৰ মূল্য নিজস্ব
ধৰণেৰে অনুভৱ কৰিবলৈ শিকায় । এই পৃথিৱীত সুখ ভোগত মছগুল ,আপোনপাহৰা
হৈ থকা কোনো মানুহে বুকুত হাত দি ক'ব নোৱাৰে যে তেওঁৰ অৱস্থা
সদায় একেই থাকিব । গতিকে সুখ বা দুখ সকলো অৱস্থাতে জীৱনত
নিস্পৃহভাৱে কাম কৰি যাৱলৈ নিজকে
উৎসাহিত হোৱাৰ মূল কাৰক হ'ল জীৱনৰ প্ৰতি গভীৰ
জ্ঞান । মানুহে জীৱনত পোৱা অনেক দুখৰ মূল কাৰণ হ'ল অজ্ঞানতা
বা অজ্ঞানেৰে নিজৰ পৰিৱেশ বা সংযোগ দূষিত কৰি পেলোৱা অৱস্থা । অৰ্থাত অজ্ঞানতাৰ
বাবে মানুহে দুখক আমন্ত্ৰণ কৰে । জ্ঞানে সেই পৰিৱেশ বা সংযোগৰ পৰা মুক্ত কৰে । বা
দুখত পৰাৰ পিছত সেই দুখক জীৱনৰ সহজ পৰিঘটনা হিচাৱে লবলৈ শিকায় । সেয়ে জ্ঞানকেই
সকলো অসুখৰ শ্ৰেষ্ঠ ঔষধ বুলিব পাৰি ।
উত্সঃ ফেচবুক, লেখকঃ
নয়নমণি হালৈ
‘মানস ৰাইনো’ত এদিন
মোৰ ঘৰৰ পৰা ওলায়ে ৰিক্সা বা গাড়ী পোৱা ঠাইকণ পাবলৈ অলপ দূৰ খোজ
কাঢ়ি আহিব লাগে| এইছোৱা বাটত চিনাকী কাৰোবাক খোজকাঢ়ি আহি থকা দেখিলে নিজে উপযাচি বাইকখনৰ
পিছফালে বহুৱাই লৈ আহো| চিনাকী হলেতো কথাই নাই, অচিনাকী হলেও খোজকাঢ়ি আহি থকা মানুহজনে যদি গাড়ীখনৰ পিনে বৰ মায়া লগাকৈ
চায়, মই হাঁহি এটা মাৰি পিছফালে তুলি লৈ আহো| পাচলিৰ বেপাৰ কৰা গাওঁৰে বৰদেউতা এজনে মই ওলাই অহা সময়ত প্ৰায়েই মোলৈ ৰৈ
আছিল, তেখেতকো মই বহুদিন গাড়ীৰ পিছফালে বহুৱাই টাউনলৈ লৈ
আহিছিলোঁ| কিনো ডাঙৰ কথা এইটো, অকলে
অহাতকৈ পিছফালে কোনোবা এজনক লৈ আহিলে দেখোন ভালেই লাগে| সৰুতে
বাছত অহা-যোৱা কৰোতে দেউতাই বাছৰ ‘ছিট’টো
অচিনাকী কোনোবা বয়সীয়াল লোক বা মহিলাক এৰি দিয়া বহুদিন দেখিছো| পিছলৈ ময়ো সেইটো অনুকৰন কৰিলো| কৰ্মৰ খাটিৰত
গুৱাহাটীৰ লগত ৰেলেৰে সঘন যাতায়ত কৰোতে বহুদিন বহু মানুহক বহি থকা ছিটটো এৰি দিছো|
এয়া অৱশ্যে ডেকা বয়সৰ ৰোমান্টিক ভাব-বিলাসৰ নিচিনাই একধৰণৰ বিলাস
আছিল মোৰ| এনেদৰে আনৰ বাবে কৰা সামান্য ত্যাগে মোক ভিতৰি
অন্য এক তৃপ্তি আনি দিছিল|
কিন্তু এদিন মই সকলো ভাব-বিলাস, সকলো তৃপ্তি দলিয়াই পেলালো| খুব
দৰকাৰী কাম এটালৈ ওলাই দেখিলো মোৰ বাইকখনৰ পিছৰ চকাটো ফুটি চেপেটা লাগি আছে|
খুব গৰমৰ দিন তেতিয়া, এইফালে মই মানুহ এজনক ‘পাচ মিনিটত যায় আছো’ বুলি ৰখাই থৈছো| খোজকাঢ়ি আহি থাকোতে মই পিছৰ ‘ছীট’ খালী থকা প্ৰতিখন বাইকলৈ বৰ কৰুণ দৃষ্টিৰে চাইছো| কিন্তু
পথৰ ভিকহুৰ দৰে সকলোৱে মোক পথৰ ধুলি খুৱাই গুচি গৈছে| অৱশেষত
এজন ডেকাক হাত দাঙি ৰবলৈ ইংগীত দিলো (আগতে এনেদৰে বাছ ৰখাইছিলো), সিও মোক ভেঙুচালী কৰি ৰেচ পকাই ধুলি উৰুৱাই গুচি গ’ল|
‘পাচ মিনিটত যায় আছো’ বুলি কোৱা মানুহজনক মই
আৰু লগ নাপালো, ‘মিছলীয়া’ বুলি ধাৰনা
এটা লৈ মানুহজন গুচি গ’ল| ইয়াৰ পিছতো
আৰু এদিন আন এখন ভিতৰুৱা ঠাইত এনেদৰে ভাগৰি-জুগুৰি খোজকাঢ়ি আহি থাকোতে বাইকৱালা
এজনক ৰবলৈ ক’লো, সিও ‘ক’ৰ মানুহ চিনি নাপাও জানি নাপাও’ ধৰণৰ চাৱনি এটা দি গুচি গ’ল| মই
সকলোকে উপযাচি গাড়ীৰ পিছফালে বহুৱাই আনো, কিন্তু মোৰ বেলিকা
কাৰো এখন্তেক সময় নহ’ল|
সেই সময়ৰে এদিনৰ কথা| দেউতাক চেক-আপৰ বাবে জি.এম.চিলৈ আনিবলগা হ’ল| দেউতা ‘হাৰ্ট’ৰ অসুখীয়া আছিল| গুৱাহাটীমুখী ‘পেচেঞ্জাৰ’ ৰেলখনত বহিবলৈ এটা ছীটো খালী নাছিল|
তথাপিও মানুহবোৰৰ মুখলৈ মই সেমেনা-সেমেনিকৈ চাই গৈছো, কিজানি কোনোবাই দেউতাক বহিবলৈ আসন এটা এৰি দিয়েই! বহি থকা মানুহবোৰৰ মুখলৈ
চাই এনে লাগে যেন ৰেলগাড়ীখনকে তেওঁলোকে কিনি লৈছে| মোৰ সাহসে
নুকুলায় তেওলোকৰ মুখলৈ চাই ছিট এটা বিচাৰিবলৈ| তথাপিও মুখেৰে
নকলেও চকুৰে বহুজনক ক’লো, ‘অলপ সময়ৰ
কাৰনে হলেও দেউতাক অলপ বহিবলৈ দিয়ক’| কিন্তু নাই, দুঘন্টা থিয় দিয়েই আমি গুৱাহাটী পালো|
বহুদিন হৈ গ’ল| খোজকাঢ়ি আহি থকা কোনো
মানুহক দেখিলে মোৰ গাড়ীৰ গতি এতিয়া কমি নাযায়| ৰেলত ছিট এটা
পালেই ভৰি তুলি বহো| কোনোবা বৃদ্ধ, কোনোবা
মহিলা, কোনোবা শিশু থিয় দি আছে, থাকক,
সেইবোৰলৈ মোৰ ভ্ৰূক্ষেপ নাই| ৰেলখনত মোৰ দৰে
বহু মানুহ নিতৌ আহে, নিতৌ যায়| কাৰো
অন্তৰত যদি দয়াৰ সাগৰখন উঠলি নুঠে, মইনো কিয় ছটফটাই মৰো|
নিজৰ সুবিধাটো পূৰ হলেই হ’ল, আনৰ সুবিধা-অসুবিধাল
ৈ চকু দিয়াৰ সময় এতিয়া আৰু নাই| আন এজনক বহুৱাই নিজে থিয় দি যোৱাৰ দিন এতিয়া আৰু
নাই|
ঠিক এনে এটা মনোভাৱেৰে সেইদিনাও নামনিমুৱা ৰেলখনত উঠিছো| গুৱাহাটীৰ পৰা ‘চিফুং’ বা ‘মানস ৰাইনো’ত অহা-যোৱা কৰা মানুহে জানে, এই দুখন ৰেলত ছিট এটা
পোৱা কেনে ভাগ্যৰ কথা| ছিট এটা পোৱাৰ লগে-লগে দখল কৰি বহি ল’লো| দিনটোৰ লৰা-ঢপৰা, ভাগৰ|
বহাৰ লগে-লগে চকু দুটা আপুনা-আপুনি মুদ খাই আহে| ৰেলৰ উকিত চকু দুটা মেলি দেখো বয়সীয়াল মানুহ এজনে বৰ কৰুণ দৃষ্টিৰে মোলৈ
চাইছে| সেই একেই দৃষ্টি| দেউতাক লৈ
অহাৰ দিনা মোৰ চকুত যি জিলিকি আছিল| মই চকু দুটা পুনৰ মুদি
দিলো| ৰেল চলিল| আৰু মোৰ মগজুত আৰম্ভ
হৈ গ’ল এখন যুদ্ধ|
কামাখ্যা ষ্টেচন পালো| মানুহ গৰাকীলৈ চালো| একেই
চেহেৰা, একেই চকু| যেন সাক্ষাত্ মোৰ
দেউতা| দেউতাৰ দৰে দেহত একেই শুভ্ৰ ধূতি-পাঞ্জাবী চোলা|
একেই আধা পকা চুলি, একেই সৰলতা| ককালখন অলপমান পোনাই লবলৈ মানুহজনে ইফালে এবাৰ হাউলি দিয়ে, সিফালে এবাৰ হাউলি দিয়ে, কিন্তু কতো থিতাপি লগা নাই|
নিস্পৃহ এজাক মানুহৰ আগত মানুহজনে দুলি আছে ৰেলৰ ডবাটোৰ সৈতে|
মই আকৌ চকু মুদিলো| ৰেল চলিল| মোৰ যুদ্ধও চলি থাকিল|
চাংসাৰী ষ্টেচন পালো| মানুহজনলৈ চালো| এইবাৰ মোৰ
চকুৱে চকুৱে পৰিল| সেই চকুৰ অসহায়তা এইবাৰ মোৰ সহ্য নহল|
মই একেচাতে উঠি আহিলো আৰু মানুহজনক ‘ছিট’টো দেখুৱাই দিলো| কৃতাৰ্থৰ হাঁহি এটা মোক উপহাৰ দি
মানুহজন বহিল| মই ৰেলৰ দুৱাৰমুখৰ খালী ঠাইখিনিলৈ গুচি আহিলো|
ৰেলখনে তীব্ৰ গতি লৈছিল| মই হিচাপ কৰিলো কিমান
বছৰ মই মানুহ হৈ থকা নাছিলো| কিমান বছৰ হ’ল দেউতাৰ প্ৰথমটো ‘হাৰ্ট এটেক’ হোৱাৰ! কিমান বছৰ হ’ল দেউতাক চেক-আপলৈ অনাৰ! কিমান
বছৰ হ’ল দেউতাৰ চেচা শৰীৰটো চিতাত তোলাৰ! ৰেলখন গৈ থাকিল
আগলৈ আৰু মই গৈ থাকিলো পিছলৈ.. আৰু পিছলৈ| এপাকত বৃদ্ধজনলৈ
চালো| সৰল মানুহজনে আপোনমনে হাঁহি বহি আছে| মোৰ মন গ’ল মানুহজনক এবাৰ মাতো- দেউতা ! কিমান বছৰ হ’ল এই এটা শব্দ মাত্ৰ মুখৰ পৰা হেৰাই যোৱাৰ| কিমান
বছৰ! কিমান বছৰ!! মই পিছফাললৈ গৈয়েই থাকিলো|
***************
ভাৰতীয় আদৰ্শত বৈৰাগ্য আৰু স্বাস্থ্যৰক্ষাত বৈৰাগ্যৰ প্ৰভাৱ
-ডাঃ ৰত্না বৰা
বৈৰাগ্য ভাৰতীয়ৰ এটা মূল নীতি ( জাতীয় পতাকাৰ গেৰুৱা ৰঙে যি সূচায়
)
হ'লেও গেৰুৱা বসন ,কমণ্ডলু
লৈ আবিয়ৈ হৈ বৈৰাগ্যৰ প্ৰদৰ্শন কৰিলেই মানুহ বৈৰাগী হ'ব নোৱাৰে ।সকলো মানুহৰ জীৱনতেই মোহ আৰু বৈৰাগ্যৰ ভাৱ এৰাধৰাভাৱে চলি থাকে
। জীৱনৰ বেছিভাগ মূল সিদ্ধান্ত বা কৰ্মত নিজৰ স্বাৰ্থ ত্যাগ দিব পৰাজনক
বৈৰাগ্যভাৱে পৰিচালিত কৰে বুলি ধৰিব পাৰি । ৰাজৰ্ষি জনক ৰজাহৈও ঋষিৰ দৰে বৈৰাগ্যৰ
আদৰ্শেৰে মহীয়ান আছিল ।অস্থিত্যাগী দধিচী , ব্ৰহ্মচাৰী
ঋষিসকলে জনকল্যাণৰ বাবে ত্যাগকেই মূল আদৰ্শ বুলি লৈছিল ।জীৱনৰ শেষ সময়চোৱাত পুৰণি
ৰজাসকলে সকলো ত্যাগ কৰি বানপ্ৰস্থী হৈছিল । বৃত্তি হ'লেও
প্ৰতিটো বৃত্তিৰে মূল ভাৱ আছিল সেৱা ,তাৰ পিছতহে পেটৰ কথা ।
ভাৰতীয় আদৰ্শ আৰু আয়ুৰ্বেদৰ আদৰ্শ একে বাবেই আয়ুৰ্বেদত
চিকিৎসকৰ কৰ্তব্য ,চিকিৎসাকৰ্মীৰ কৰ্তব্য ,ৰোগীৰ কৰ্তব্য আৰু উচ্চমানৰ ঔষধ প্ৰস্তুতিৰ বাবে নিৰ্দেশৰ
(medical ethics ) পাঠ সমূহ পঢ়িলে মনপ্ৰাণ কৰ্তব্যবোধেৰে ,আনন্দেৰে ভৰি পৰে ।
মই প্ৰায়ে মানৱ জীৱনৰ দুখ ,বেদনা ,অসুখৰ ওপৰত লিখো ,ভাৰতীয় দৰ্শনৰো মূল বিষয় হল দুখ আৰু জ্ঞানেৰে দুখ প্ৰতিহত কৰাৰ উপায় ।
দুখক মূল বিষয়বস্তু কৰি লোৱাটোৱে জীৱনৰ প্ৰতি ঋণাত্মক বা হতাশ
মনোভাৱ লোৱাটো নুবুজায়
, তথাপি পাশ্চাত্য দৰ্শনকে ধৰি কিছূমান
দৰ্শনে ভাৰতীয় দৰ্শনক আশাহীন দৰ্শন বুলি ক'ব খোজে । কিন্তু
প্ৰকৃত কথাটো হ'ল - - ভাৰতীয় দৰ্শনে দুখক সহজভাৱে ল'বলৈ শিকায় ,দুখত দুৰ্বল নহ'বলৈ
শিকায় ,জীৱনৰ অস্থায়ীত্ব বা পাৰ্থিব ভোগৰ মূল্যহীনতাৰ অনুভৱে
মানুহক স্থিৰ , নিৰুদ্বেগ আৰু মনোবলী হ'বলৈ শিকায় । বৈৰাগ্য কোনো ঋণাত্মক মনোভাৱ নহয় , ই
মানসিক সৱলতাৰ অন্যতম চাৱিকাঠী । সুখ বা অহংকাৰ তুলনাৰ পৰা ওপজে । জ্ঞানে মানুহক
তুলনাৰ পৰা মুক্ত কৰি নিজৰ আত্মাক বা নিজৰ অৱস্থিতি বা মূল্যক নিজস্ব ধৰণেৰে অনুভৱ
কৰিবলৈ শিকায় । নিজৰ মূল্য ,জীৱনৰ মূল্য বা জগতৰ মূল্য নিজস্ব
ধৰণেৰে অনুভৱ কৰিবলৈ শিকায় । এই পৃথিৱীত সুখ ভোগত মছগুল ,আপোনপাহৰা
হৈ থকা কোনো মানুহে বুকুত হাত দি ক'ব নোৱাৰে যে তেওঁৰ অৱস্থা
সদায় একেই থাকিব । গতিকে সুখ বা দুখ সকলো অৱস্থাতে জীৱনত
নিস্পৃহভাৱে কাম কৰি যাৱলৈ নিজকে
উৎসাহিত হোৱাৰ মূল কাৰক হ'ল জীৱনৰ প্ৰতি গভীৰ
জ্ঞান । মানুহে জীৱনত পোৱা অনেক দুখৰ মূল কাৰণ হ'ল অজ্ঞানতা
বা অজ্ঞানেৰে নিজৰ পৰিৱেশ বা সংযোগ দূষিত কৰি পেলোৱা অৱস্থা । অৰ্থাত অজ্ঞানতাৰ
বাবে মানুহে দুখক আমন্ত্ৰণ কৰে । জ্ঞানে সেই পৰিৱেশ বা সংযোগৰ পৰা মুক্ত কৰে । বা
দুখত পৰাৰ পিছত সেই দুখক জীৱনৰ সহজ পৰিঘটনা হিচাৱে লবলৈ শিকায় । সেয়ে জ্ঞানকেই
সকলো অসুখৰ শ্ৰেষ্ঠ ঔষধ বুলিব পাৰি ।
বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭
ছোৱালীবোৰ যেতিয়া
মাল হৈ যায়
-ৰঞ্জনা কোঁচ
চাৰিআলিটোৰ কাষৰ ঠাইখনত আবেলি সময়ত প্ৰায়ে আড্ডা জমে উতনুৱা
ডেকাচামৰ ।সিহঁতৰ প্ৰিয় ঠাই সেইখন ।দুখনমান পাণ গুমটি ,সৰু সৰু চাহ দোকান দুখনমান
,কেইখনমান বিভিন্ন ধৰণৰ কৰ্ম প্ৰতিস্থান ।এচাম মানুহে তাতেই বিচাৰে জীয়াই থকাৰ সম্বল
।এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন কলেজক লৈয়ে বহুতেই গঢ়িছে জীৱনৰ হিচাপ -নিকাচৰ পৰিধি ।ওচৰতে এটা বাছ আস্থান
আৰু আনটো অট'ৰিক্সা আস্থান ।
আবেলি বিভিন্ন কৰ্ম প্ৰতিষ্ঠানত
কৰ্মৰত নাৰী আৰু যৌৱনা কলেজৰ গাভৰুবোৰ ঘুৰি আহিবৰ সময়তে উটনুৱা কেইটাৰ চকুৰ পিৰিক
-পাৰাক চাৱনি আৰম্ভ হৈ যায় ।ৰজনীগন্ধা ,বিমল ,১২০জৰ্দা অথবা কে.পি ,চিগাৰেটৰ সুতীব্ৰ
গোন্ধত আমোলমোলাই যায় ঠাইখন ।কোনোবাই বাইকৰ ওপৰত বহি বহি ,আন কোনোবাই পাণ গুমটিৰ আগত
থকা দীঘল বেঞ্চ খনত বহি বহিয়ে বাট চাই ৰূপহী গাভৰুৰ লয়লাস ভংগীমালৈ ।
মনত কিছু অস্বস্তি আৰু কিছু
বিৰক্তি পোৱা ছোৱালীহঁতে খৰ খোজেৰে পাৰ হৈ যাব খোজে ঠাইখন ।ডেকাবোৰৰ চকু সঘনাই পৰা
দেহৰ সেই ঠাইখন দূপাত্তাখনেৰে অথবা শাৰীৰ আচঁলেৰে টানি টানি আতৰি যাব পাৰিলেই যেন ৰক্ষা
পায় ।কোনোবা এটা উতনুৱাই জোকাবৰ নিমিত্তে সুহুৰিয়াই উঠে অথবা লগৰটোক কোৱাৰ চলেৰে কৈ
উঠে , 'ঐ লিফট লাগিব নেকি ,মই ফ্ৰী আছোঁ ,ইমান
খৰখেদাকৈ যোৱাৰ কি প্ৰয়োজন '? আন এটাই এখোপ ওপৰলৈ গৈ চিঞৰি উঠে ,'ঐ চাচোন সেই মালটো কৰ হয় বে(ডেকাৰ মুখত প্ৰায়ে
শুনা শব্দ ),বিৰাট ভাল লাগিছে ,পতাব পৰা হ'লে ........,,ছোৱালীজনীৰ গাতো বেজবেজাই যায়
।খৰখোজেৰে তাই অট'খনত বহি লয়।
এনেকৈয়ে ছোৱালীবোৰ 'মাল' হৈ যায় সভ্য সমাজৰ চাৰিআলিবোৰত।ঘৰত ,চুবুৰীত মৰমত ডাঙৰ
হোৱা ছোৱালীজনী 'মাল' হৈ পৰে সকলোৰে অলক্ষিতে
।এদিন তাইৰ দাদাকে কাৰোবাৰ লগত কথা পাতোঁতে ছোৱালীৰ বিষয়ে মাল বুলি কোৱাত মাকে কোৱা
কথাবোৰ আজিও মনত আছে তাইৰ ।মাকে কৈছিল -"বাবা আজি তই কাৰোবাৰ জীয়েকক ,কাৰোবাৰ
ভনীয়েকক নিৰ্জীৱ বস্তুক কোৱাৰ দৰে মাল বুলি কলি ,কাইলৈ তোৰ ভনীয়েৰক যদি কোনোৱে তেনেকৈ
কয় প্ৰত্যুত্তৰ দিবলৈ কিবা থাকিবনে বাকী ,,কি বুলি বাধা দিবি সিঁহতক ?হয়তো আমাৰ ঘৰখনত
তোক এনে সংস্কাৰ আমি কাহানিও দিয়া মনত নাই আজিকোপতি ।যেতিয়াই তই আনৰ জীয়েকক ,আনৰ ভনীয়েকক ,আনৰ পত্নীগৰাকীক
সন্মান দিবি তেতিয়াহে তই তোৰ ক্ষেত্ৰত এনে সন্মান আশা কৰিব পাৰিবি ।নহলে এই সমাজৰ আগত
তোৰ বাই-ভনী ,তোৰ পত্নী সদায়ে মাল হৈয়েই থাকিব ।কোনোদিন সিহঁত স্বাধীন আৰু শ্ৰদ্ধাৰে
জীয়াই থাকিব নোৱাৰিব । আমাৰ শাস্ত্ৰ ,ভাগৱত ,পূজা -পাতালত নাৰীক শক্তি ৰূপত অধিষ্ঠাত্ৰী
কৰি পূজা কৰাতোঁ আমাৰ বাবে কেৱল বহুৱালি হৈ ৰব ।আশাকৰো তই বুজিব পাৰিছ কথাষাৰ
"।দাদাকৰ চকুযোৰ সেমেকি উঠা প্ৰথম দেখিছিল তাই ।সেই মাকৰ জীয়েক হৈ ,সেই ককায়েকৰ
ভনীয়েক হৈ আজি তাই চাৰিআলিৰ চকুত মাল হৈ গ'ল।
ক্ষোভ আৰু দুখত তাইৰ বুকুখন
ফাটি যাওঁ যেন হ'ল ।নাই তাই আৰু সহ্য কৰিব নোৱাৰে ।আজি তাই ,কাইলৈ আন কোনোবা এজনী আকৌ
মাল হৈ পৰিবলৈ দিব নোৱাৰে তাই ।চলিবলৈ উদ্যত হোৱা অট'খনৰ পৰা নামি আহিল লৰাজাকটোৰ ফাললৈ
আৰু অলপ আগতে তাইক মাল বুলি ইংগিত কৰা ল'ৰাটোৰ গালত বহুৱাই দিলে এটা পূৰ্ণহতীয়া চৰ।
তাই চিঞৰি উঠিল -'মই যদি মাল তোৰ মা ,ভনী কি হয় হাঁ ,আনৰ ঘৰৰ ছোৱালী বোৱাৰীবোৰ তহঁতৰ
বাবে মাল ,নিজৰ ঘৰৰ কেইজনীক যদি তহঁতৰ আগত মাল বুলি কয় ,কি কবি ক ?দূৰ্গা পূজা ,লক্ষ্মী পূজা ,সৰস্বতী পূজা ,কালী
পূজাবোৰত ভয় ভক্তিত আঠুঁ লবলৈ তহঁতেই হেতা উপৰা কৰ আৰু চকুৰ আগত দেখা তেজ মঙহৰ জীৱন্ত
নাৰীবোৰক নিৰ্জীৱ মাল বুলি খেলি চাব খোজ ,উত্তৰ দে ,উত্তৰ দে.........,
ঘটনাৰ আকস্মিকতাত ল'ৰাৰ জাকটো
সচকিত হৈ পৰিল।চাৰিওফালৰ পৰা বহু মানুহে ঘেৰি ধৰিছিল ঠাইখন ।হাতত হাত ধৰি নাৰীবোৰ আগুৱাই
আহিছিল তাইৰ ফালে ।নিৰ্ভয়ে তাইৰ চকুলৈ বৰ আশাৰে চাই আছিল তেওঁলোকে এই যুদ্ধৰ সহযোগী
হবলৈ ।
কতা সদায় লগাৰ দৰে ভয়তো বুকুত
অনুভৱ কৰা নাই তাই আজি ।বুকুখনত বহুদিন ধৰি ঠাঁহ খাই থকা খংবোৰ আজি তাইৰ শক্তিলৈ ৰূপান্তৰিত
হ'ল ।
****
বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭
বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা, ছেপ্টেম্বৰ - ২০১৭
ছোচিয়েল মেডিয়াৰ ব্যৱহাৰ আৰু কিছুচিন্তা
-
ৰূপজ্যোতি গগৈ
বৰকাঠনি চাহবগিচা, গোলাঘাট
১) পুৱাতে হোৱাটচ্এপত অহা ভিডিঅ’টো দেখি চমকি উঠিলো। মোৰ ছোৱালীজনীৰ বয়সৰে
এজনী ছোৱালী। বিচনাত চিৎ হৈ পৰি আছে। এজন ব্যক্তি়য়ে (নিশ্চয় স্বাস্থ্য বিভাগৰ) উখহি থকা তাইৰ ভৰি খন কিবা এটা সঁজুলিৰে
চেপি ধৰিছে। ছোৱালীজনীয়ে যন্ত্ৰণাত চিৎকাৰ কৰি উঠিছে। শিতানৰ ফালে থকা মাকে ছোৱালীজনীক ধৰি ভালহৈ যাব বুলি সান্তনা দিছে আৰু মাজে মাজে
ভিডিঅ’ কৰি থকা জনলৈ হাঁহি হাঁহি চাইছে। সমান্তাৰলকৈ ওলাই থকা কথাবতৰাৰ পৰা
ধৰিব পাৰিছো মোৰ চিনাকি ছোৱালীজনীয়ে ভৰিখনত দুখ পাইছিল, চিকিৎসাকৰ্মীয়ে পৰিষ্কাৰ কৰি ভৰিখনৰ পৰা তেজ-পুঁজবোৰ বাহিৰ কৰি দিছে। ছোৱালীজনীৰ দেউতাকে
সমস্ত প্ৰক্ৰিয়াটো ভিডিঅ’ কৰিছে আৰু মাকে হাঁহি হাঁহি নিজৰ চিকুন মুখখন ৰাইজৰ আগত প্ৰকাশ কৰিছে। এগৰাকী মাতৃ হিচাপে মোৰ বুকুখন মুচৰি গল। সন্তানৰ যন্ত্ৰণাকাতৰ
পৰিস্থিতি নিজ হাতে কিদৰে ছ’চিয়েল মেডিয়াত প্ৰকাশ কৰিব পাৰে !
২) ল’ৰা এজনৰ আপোন বৰমাকৰ মৃত্যু হৈছে। আৰু মৃত শৰীৰটোৰ কাষত ৰৈ ছেলফি তুলি তেওঁ ছ’চিয়েল মেডিয়াত আপডেট দিছে - Borma is no
more..
৩) বাইকচলাই বন্ধুৰ স’তে এটা ব্যস্ত ৰাষ্টাৰে গৈ আছে ল’ৰাজন। পাছৰ চিটত বহা বন্ধুক বাইকখনৰ হেন্দেল ধৰিবদি নিজে ফেচবুক লাইভ কৰি গৈছে way to..
হঠাত এটা বৃহৎ টাৰ্নিং। দুইবন্ধুৱে চম্ভালিব পৰা নাই বাইকৰ গতিবেগ আৰু গৈয়ে ৰৈ থকা এখন বাহনত খুন্দামাৰি মৰণকাতৰ আৰ্তনাদ কৰিবলৈ লয়। এনেকৈয়ে ধ্বংস হয় দুটি
কুমলীয়া জীৱন।
আচৰিত নহয়নে প্ৰতিটো ঘটনা?
অকল এয়াই নহয় আৰু ক’ত যে দৈনন্দিন ছোচিয়েল মেডিয়াৰ অপব্যৱহাৰ! বৰ্তমান সময়ৰ
জনপ্ৰিয় মাধ্যম ফেচবুকৰ সদস্যসকলে ইচ্ছা কৰিলেও বা নকৰিলেও কত যে অভিজ্ঞতাৰ সন্মুখীন হয়। কোনোবাই হাঁহ-কুকুৰা মাৰি আলহীৰ
সৈতে বা ঘৰতে ভাত সাজ খাব। কিন্তু হাতত কেমেৰাটো থাকিল
বুলিয়ে হাঁহ বা কুকুৰাটো মৰাৰ পৰা ৰন্ধালৈকে সকলোবোৰ ফেচবুক বা হোৱাটচএপত শ্বেয়াৰ কৰিব
লাগেনে?
আনহাতে, ঘৰৰ শাহু-বোৱাৰী, পতি-পত্নীৰ সৰু-সুৰা কাজিয়া ছোচিয়েল
মেডিয়াত ৰাজহুৱা কৰিলে জানো তাৰ সমাধান ওলাই? বৰঞ্চ ই ক্ষতিহে ক’ৰে।
ইয়াৰ মাজতে ছোচিয়েল মেডিয়াৰ মাজেদি দৈনন্দিন
ঘটি থকা সমাজ-সংস্কাৰবিৰোধী আন আন কাৰ্যৰ কথা আপোনালোক সকলোৱে জ্ঞাত।
@@@@@@@@@
হিমন্ত
বিশ্ব শৰ্মা দেৱলৈ এখন মুকলি চিঠি
-প্ৰাঞ্জল দত্ত (ছাত্ৰ)
-অলিপন বৰা (ছাত্ৰ)
গোলাঘাট জিলাৰ
পৰা।
প্ৰতি,
হিমন্ত বিশ্ব
শৰ্মা।
স্বাস্থ্যমন্ত্ৰী/শিক্ষামন্ত্ৰী,অসম।
তাং:-
১৫/১০/২০১৭
মাননীয়
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাৰ কায্যকৰী
সময়চোৱাত অসমৰ শিক্ষাবিভাগ আৰু স্বাস্থ্যবিভাগে অতি কম সময়তেই উন্নতিৰ জখলাত
দূৰ্দান্ত গতিৰে বগাই গৈছে। অসমৰ এই সোণালী দিনৰ আগমনত আমি অসমবাসী আপোনাৰ ওচৰত
চিৰদিন ঋণী আৰু আপুনি এই ধন্যবাদৰ প্ৰাপ্তি।আমি জানোঁ আপুনি বহুত ব্যস্ত হৈ থাকে,প্ৰতিটো সময়ত আপুনি মাথোঁ যুজি আহিছে অসম আৰু অসমীয়াৰ বাবে,ঠিক এই সময়ত আমি দুই বন্ধুৱে মিলি সমূহ গোলাঘাট বাসীৰ হৈ আপোনাৰ ওচৰত এটি
ভিক্ষা মাগি এই চিঠিখন লিখিলো। আমি দুয়ো গোলাঘাট জিলাৰ কলেজীয়া ছাত্ৰ।তিনিটাকৈ
মহকুমাৰ গোলাঘাট,বোকাঘাট,দেৰগাওঁকে
সামৰি সৰুপথাৰৰ পৰা মেৰাপানীলৈকে গোলাঘাট জিলা এখন বিশাল জনবসতিৰ ঠাই।এই জিলা খনৰ
যি কোনো চুকৰ কোনো দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত অথবা কোনো ইমাৰ্জেন্সী ৰোগীক পোন প্ৰথমে
লৈ অহা হয় গোলাঘাট চহৰৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসা হস্পিতাললৈ,ওচৰ চুবুৰীয়া জিলা কাৰ্বি আংলংৰ বহু সংখ্যক ৰোগীও পোন প্ৰথমে ঢাপলি মেলি
আহে এই হস্পিতাললৈ, যিহেতু ইমাৰ্জেন্সী অৱস্থাত অনা হয় সেই
সময়ত প্ৰায় ভাগ কেছত ডাক্তৰে ৰোগী জনক লৰালৰিকৈ নহয় যোৰহাট-নহয় গুৱাহাটী-নহয়
ডিব্ৰুগড়ৰলৈ নিবলৈ কয়, কাৰণ গোলাঘাট জিলাৰ সামৰিক-অসামৰিক
কোন এখন হস্পিতালত নাই ICU ৰ ব্যৱস্থা-নাই নিন্মতম
অত্যাধুনিক সেই ব্যৱস্থা খিনি যাৰ জড়িতে কোনো ৰোগীক অন্ততঃ লৰা লৰি কৰিব লগীয়া নহয়
অন্য জিলাৰ অন্য হস্পিতাললৈ নিবলৈ।বৰ্তমান সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি হে
অৱস্থা, ইমাৰ্জেন্সী ৰোগীজন গৈ যোৰহাট পোৱাও অসম্ভৱ।
ডিব্ৰুগড়তো দূৰৰ কথা, আপুনিও হয়তো এনে বহু ৰোগীয়ে বাটতে
প্ৰাণ হেৰুৱাৰ কথা শুনিছে। হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাক গোলাঘাট জিলাত চিকিৎসা
মহাবিদ্যালয়ৰ নালাগে, আমাক আপুনি প্ৰথমে গোলাঘাট জিলাৰ
হস্পিতালত ICU ব্যৱস্থা কৰি দিয়ক,দিয়ক
আমাক সেই নিন্মতম অত্যাধুনিক ব্যৱস্থা সমূহ যাৰ জড়িয়তে আমি গোলাঘাটবাসীয়ে সকাহ
পাওঁ আমাৰ প্ৰতিজন ৰোগীক লৈ।অতি শীঘ্ৰেই এই ব্যৱস্থা দি গোলাঘাটবাসীক উদ্ধাৰ কৰক ছাৰ।আপোনাক
আকৌ সোঁৱৰাই দিছোঁ গোলাঘাট এখন সৰু ঠাই নহয়, যোৱা তিনি -
চাৰি বছৰত এনে বহু কেছ হৈছে য'ত গোলাঘাটৰ পৰা পঠিওৱা ১০ জন
ৰোগীৰ ৬ জনৰেই ৰাস্তাতেই অকাল মৃত্যু হৈছে। কথাখিনি গুৰুত্ব সহকাৰে লৈ আপুনি এটা
সঠিক সিদ্ধান্ত ল'ব বুলি আমি দুয়ো লগতে সমূহ গোলাঘাটবাসী আশাবাদী।
অৱশেষত আপুনিযেন
চিৰদিন সুখী হৈ ৰওঁক আৰু আপোনাৰ স্বাস্থ্যও যেন সদায় কুশলে থাকক।
আপোনাৰ
দুই প্ৰিয় শিষ্য-
প্ৰাঞ্জল দত্ত, অলিপন বৰা।
@@@@@@@
বাটে-ঘাটে.....
- প্ৰণৱ কলিতা, বশিষ্ঠ (গুৱাহাটী)
:- আমাৰ গাত আজিও লাচিতৰ তেজ আছে, বিশ্ব দৰবাৰত অসমীয়াৰ
এক স্বকীয় পৰিচয় আছে সেয়ে আমি অসমীয়া... বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ ফচল আমি
অসমীয়া জাতিটো-
লাউদ স্পীকাৰৰ
জৰিয়তে এনেধৰণৰ ভাষণৰ টুকুৰা বতাহত বিয়পি পৰিল, লগতে ৰাইজৰ হাত চাপৰি
আৰু জয় আই অসম ধ্বনি শুনা গ'ল।
নাতিয়েকক লগত লৈ
অলপ ওলাই অহা বৃদ্ধ ৰৈ গ'ল নাতিয়েকে কিবা সোধা বাবে।
:- ককা, মানুহবোৰে কিয় বাৰু হাত চাপৰি বজাইছে?
সৰু ল'ৰাজনে
ক'কাকক সুধিলে।
:- এখন নাটক চলি আছে বাচা, সেই বক্তাজন তাৰ সুত্ৰধাৰ
আৰু এই মানুহবোৰ তাৰে পালি প্ৰহৰী।
:- ককা, লাচিত কোন? অসমীয়া মানে
আমি নহয় জানো?
সি প্ৰশ্ন কৰে।
:- অসমীয়া আমিয়েই, লাচিত এজন আমাৰ মান ৰক্ষা কৰা বীৰ
সৈনিক আছিল তেওঁক অসমীয়া শক্তিৰ প্ৰতীক বুলি কব পাৰি।
:- অ.... তাৰ মানে আমি অতি শক্তিশালী নহয় নে, মোৰ গাতও
তেওঁৰ তেজ আছে নে?
সি গৌৰৱেৰে
সুধে।
বৃদ্ধই মনতে
ভাবে,
তোক কি বুলি
উত্তৰ দিওঁ,
যিখন দেশত
কোনোবাই গামোচাখন মুকলিকৈ জ্বলাব পাৰে,
শ্বহীদ বেদী
ভাঙিব পাৰে,
যিখন দেশত
জীয়াৰী-বোৱাৰীয়ে মুকলিকৈ উশাহ লব নোৱাৰে,
খিলঞ্জীয়াই
বিদেশীৰ ভয়ত ৰাতি জোৰ সমদলত ভাগ লব লাগে তাত কেনেকৈ লাচিতৰ তেজ থাকিব।
:- কি হ'ল ক'কা, নোকোৱা কিয় মোৰ গাত লাচিতৰ তেজ আছে নে?
:- এতিয়া সকলো ভেজাল হ'ল বাচা,
কাৰ গাত কাৰ তেজ
আছে সেয়া কব নোৱাৰি "বদন"ৰ তেজৰো এইখন দেশত আকাল নাই, সুবিধাবাদী নীলা শিয়াল বহুত আজিকালি।
বৃদ্ধই তাৰ মুৰত
হাতখন ফুৰাই দি কয়।
হতাশ মনেৰে
বৃদ্ধই গান এটি গুণগুণাই নাতিয়েকক সাৱটি ল'য়--
"আজি অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে
যাব।"
@@@@@@@@@
এখন ঘৰত এজন ল'ৰা
আৰু এজনী ছোৱালী আছিল
- তৃষ্ণা দাস
আজিও
আমাৰ দৰে গাওঁবোৰত অধিকাংশ লোকে নিজৰ ছোৱালী সন্তানতকৈ ল'ৰা
সন্তানক বেছি গুৰুত্ব দিয়ে। ল'ৰাজনৰ স্বাধীনতা থাকে সপোন
খেদি দৌৰাৰ, ল'ৰাজনৰ স্বাধীনতা থাকে
নিশা দেৰিকৈ ঘৰ সুমোৱাৰ, ল'ৰাজনৰ
স্বাধীনতা থাকে প্ৰেমৰ ওপৰত পৰীক্ষা- নিৰীক্ষা চলাবলৈ, সি
আনিব পাৰে বিয়া কৰাই নিজৰ পছন্দৰ ছোৱালী, সি সুধিলেই সি ৰোহ
পাতিলেই দামী বাইক, দামী ফোন, দামী dslr
ৰ লাইন লাগি যায়, কিন্তু ছোৱালীজনীয়ে নিজৰ
লাগতিয়াল বস্তু দুপদমান কিনিবলৈ ১০০ টকা এটা সুধিলেও প্ৰশ্নৰ বৰষুণ সৰে, ছোৱালীজনীয়ে আনক ভালপায় বুলি মাক-বাপেকতকৈও বেছি দাদাক বা ভায়েকে শাসন
কৰে!! 'স্কুটী এখন লাগিবই', 'স্মাৰ্ট
ফোন লাগিবই, ১৭০০০ ৰ এটা ওলাইছে, সেইটোই
লাগিব' --- ঘৰৰ ছোৱালীজনীয়ে যদি এনেকৈ ক'বলৈ লয় আকৌ বাল্য বিবাহ আৰম্ভ হ'ব আমাৰ দৰে
আধুনিকতাৰ নামত কেৱল পোছাকযোৰ সলনি হোৱা গাওঁবোৰত। ভাগ্যে ছোৱালীবোৰৰ বেছিভাগেই
এনেকৈ ডিমাণ্ড নকৰে। নকৰোতেই তাইৰ সপোনবোৰক হানি খুচি হত্যা কৰি আন এখন ঘৰলৈ
উলিয়ায় দিয়া হয়। যিটো সময়ত তাই নিজৰ পৰিচয় বনোৱাত ব্যস্ত হ'ব বিচাৰিছিল সেই সময়ত তাইক অন্য এটা পৰিচয় জাপি দিয়া হয়, 'অমুকৰ ঘৈণী' অথবা 'মিচেছ
অমুকণী' !! আজিও আমাৰ দৰে গাওঁবোৰত এখন ঘৰত এজন ল'ৰা আৰু এজনী ছোৱালী থাকিলে, ল'ৰাজনক
বেছিকৈ গুৰুত্ব দিয়া হয়। আনকি তাৰ সপোন খেদি মাক-বাপেকেও দৌৰিবলৈ খাজু হৈ থাকে
প্ৰতিটো মূহুৰ্ততেই। কিন্তু ছোৱালীজনীৰ সপোনক মাক-বাপেকে বিশ্বাসত নলয়। 'এনেওতো বিয়া হ'বই লাগিব' জাতীয়
কথা কৈ শেষ কৰি দিয়ে সকলোবোৰ। 'তাই' জনীও
ভাগৰি পৰি শেষত কথা ক'বলৈ এৰি দিয়ে। নিসংগতা ভালপোৱা হয়।
সেই একেখন ঘৰতে ল'ৰাজনৰ কথা শুনিবলৈ মাক-বাপেকে কাষত বহি লয়,
কিন্তু ছোৱালীজনীৰ কাষত বহা দূৰৰে কথা ঘৰখনৰ সমস্ত কাম তাই কৰাৰ
পিছতো তাইক গুৰুত্ব দিয়া নহয়। ল'ৰাজন তাইতকৈ ডাঙৰ হ'লেও সি চাকৰি কৰিব পৰা হ'লেও মাকে ভাত নাখালে খুৱাই
হ'লেও দিব। কিন্তু ছোৱালীজনীক নিদিয়ে। হয়তো দুবাৰ ক'ব 'খা' বুলি। ল'ৰাজনে পঢ়িব নোৱাৰিলেও সি মধ্যমীয়া হ'লেও তাক
পঢ়ুওৱা হয়। যিমান বছৰ কলেজত থাকিব বিচাৰে থাকিবলৈ দিয়া হয়, কিন্তু ছোৱালীজনী পঢ়াত ভাল নহ'লেতো বাদেই হ'লেও এটা সময়ত তাইক আনৰ কৰি পঠাবলৈ যো-জা চলোৱা হয়। ল'ৰাজনে পঢ়িব পাৰিলে তাৰ সম্পূৰ্ণ স্বাধীনতা থাকে সপোন খেদি দৌৰিবলৈ।
কিন্তু ছোৱালীজনীৰ নাথাকে। 'যিমানে নপঢ়ক আনৰ ঘৰত গৈ আলুই
কাটিব লাগিব' জাতীয় কথাৰে তাইৰ প্ৰত্যেকটো সপোনক ফাঁচি
দিয়া হয়। নিজৰ ঘৰত মাক-বাপেকৰ লগতে দাদাক ভায়েকৰ সকলো কাম তাই কৰে, আৰু তাৰ পিছত আকৌ স্বামীৰ ঘৰত !! তথাপিও তাইয়ে নিৰ্যাতিতা হয়, তাইয়ে নিজৰ সপোনক সপোন কৰিয়েই সজায় ৰাখিব লগা হয়। সাধাৰণতে ল'ৰাজনৰ বিয়াৰ কাৰণে পইচা জমা কৰি ৰাখিছো বুলি নকয় কোনোৱে, কাৰণ মাক-বাপেকে তাৰ ওপৰত 'বিশ্বাস' ৰাখে সি নিজে টকা ঘটি বিয়া পাতিব (সেইফালে সময়ত ঘৰৰ মাটি বিক্ৰী কৰাৰ
কথা নক'লোই যেনিবা), কিন্তু ছোৱালীজনীৰ
বিয়াৰ বাবে সাঁচি ৰখা হয় টকা। এই 'তাই' জনীয়ে যে অলপ সাহস আৰু লগ দিলে জীৱনত কিবা কৰিব পাৰিব সেইটো নাভাবেই
মাক-বাপেকেৰ লগতে সেই তথাকথিত 'আধুনিক' দাদাক ভায়েকবোৰেও। আচলতে আমাৰ দৰে গাওঁবোৰত 'ছোৱালী'
হৈ জন্মাতো 'অভিশাপ'।
তাৰোপৰি সৰু সৰু কথাবোৰতো আছেই, এইধৰক ল'ৰাজনে পূৰ্বে ব্যৱহাৰ কৰা বস্তু যেনে -- ফোন,
স্কুল বেগ, শেষ হৈ যোৱা কলমটোত ৰিফিল
ভৰাই...... আদিবোৰ তাইৰ। ল'ৰাজনে বস্তু লাগ বুলিয়েই পাই
কিন্তু ছোৱালীজনীয়ে এমাহ আগৰ পৰাই কান্দিব লগাত পৰে, হয়তো
তাতকৈও বেছি সময় তাই অপেক্ষা কৰে........!! আৰু বহুতো কথা !!
সেই ছোৱালীবোৰলৈ মোৰ অনুৰোধ তোমালোকে হাৰ
নামানিবা। আজি তেওঁলোক ফেচবুক-হোৱাটচ্এপৰ পৰা আঁতৰত থাকিলেও তেওঁলোকৰ দাদাক
ভায়েকবোৰে নিশ্চয় এবাৰ অনুসূচনা কৰিব বুলি আশা কৰিলো, বিশ্বাস কৰক দাদা/ভাইটি তোমালোকৰ ভনীজনীক তোমাৰ সাহসৰ প্ৰয়োজন। তুমি তাইৰ
কাষত থাকিলে মা-দেউতাৰে তাইকো উৰিবলৈ দিব সপোন খেদি খেদি। ঠিকেই কৈছিল কোনোবাই
যেনেকৈ আজিকালি সকলোৱে বিচাৰে লাচিতৰ, চিলাৰায় অথবা ভগত
সিঙৰ জন্ম আনৰ ঘৰত হোৱাতো। কাৰণ নিজৰ কেইটাই পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব। ঠিক তেনেকৈয়ে ছোৱালীবোৰৰ ক্ষেত্ৰতো এইটো আনৰ, ঘৰত জন্মক কনকলতা, মূলা গাভৰু অথবা গীতা-ববিতা
কিন্তু নিজৰ ঘৰৰ কেইটাই স্বামী ঘৰলৈ গৈ সোনকালে নাতি-নাতিনী তথা ভাগিনীয়েকৰ মুখ
দেখাব লাগে। আৰু কিছুমান দাদাক ভায়েকতো এনেকুৱা আছে 'তাইক
বিয়া যিমান সোনকালে দিব পাৰিম, মই সিমান সোনকালে বিয়া
পাতিব পাৰিম'। কাৰণ সেইফালে সি
ভালপোৱাজনীও "ছোৱালী" য়েই হয় যে! তাতে আমাৰ দৰে
গাওঁবোৰত.......!!!!! আচলতে নিজৰ পৰাই যদি মানসিকতা সলনি নকৰো তেনেহ'লে
আমাৰ দৰে গাওঁবোৰত য'ত আধুনিকতা মানে গাড়ী-মটৰ, পোছাক, খোৱা-লোৱা সেইঠাইত ছোৱালীবোৰ সদায়ে একো
একোটি "অভিশাপ" হৈয়ে ৰ'ব।
আশা কৰো মোক ভুল
বুজাৰ পৰিৱৰ্তে এবাৰ নিজে কি কৰি আছে ভাবি চাবা পৰিৱৰ্তে এবাৰ নিজে কি কৰি আছে
ভাবি চাবা 'দাদা/ভাইটি'। ভন্টিজনীৰ বাবেই ইমান চাফা হৈ থাকে তোমাৰ কাপোৰ
কেইযোৰ,
সময়ত পোৱা ভাত-চাহ অথবা তাইও ৰাখে কণীটোৰ এফাল তোমাৰ বাবে। তাইৰ
মৰমবোৰ পাহৰি গৈ আনৰ ওচৰলৈ নপঠাবা অসময়ত। তাইকো দিয়া তোমাৰ লগতেই উৰিব।
@@@@@@@@@
বাটে ঘাটে.....
: প্ৰণৱ কলিতা
অলপ ব্যতিক্ৰমী বিষয়ত মন কৰিলে ভাল লাগে, বুজিব পাৰি যে সকলোৰে জীৱনৰ পথ ভিন্ ভিন্। ঠিক ৰে'লগাড়ীখনৰ পথটোৰ দৰে যাক কেতিয়াও লগ হোৱা দেখা নাই সেয়ে আমি কওঁ সিহঁত
অসীমত লগ হৈছে বা হ'ব। হয়টো তাৰেই যাত্ৰীৰ আসনত আমাৰ চিন্তাধাৰা বোৰ, বিভিন্ন জনৰ
স'তে সাদৃশ্য নথকা। লাগিলে সেয়া
হৃদয়ৰেই হওঁক অথবা মনৰ। কিছু সময়ত হয়টো আৱেগিক হওঁ তাৰ পিছতে সকলো ঠিক! কিয়নো জীৱন
গতিময়, ই সদায় একে
ঠাইতে ৰৈ নাথাকে। তেনেদৰে সোৱঁৰণিৰ বাটলৈ উভতি চালে কেতিয়াবা আমি উজুতি খাওঁ! জীৱনৰ
নিৰাপত্তা বিচাৰি যেতিয়া আপোন কোনোবাই কিবা অজুহাত দেখুৱাই আঁতৰি যাব, কিছু বেজাৰ লাগিলেও এদিন ঋতু সলনি হোৱাৰ দৰে জীৱনটোৱে
এদিন নিজে নিজক বিচাৰি ল'ব! নিসংগতাৰ ৰেলপথত আৰু কোনাবাই আহি
আপোনাৰ হাতখন খামুচিব। কিয়নো জীৱন ৰৈ নাথাকে ই এখন নদী...... কথাছবি এখনৰ দৰে ই
শেষ নহয়, ই চিৰপ্ৰৱাহ মান। কিন্তু আচৰিত হ'ব লগীয়া তেতিয়াই হয় যে যেতিয়া আমি অনুভৱ কৰোঁ যে যাক আমি নিস্বাৰ্থ ভাবে
কাষত বিচৰা বুলি কওঁ অথবা
দাবি কৰোঁ তাৰ মাজতো এক স্বাৰ্থ লুকাই থাকে কাৰণ হয়টো বহুতো হ'ব পাৰে। কোনোবাই হয়টো ঠিকেই কৈছিল-- অপ্ৰিয় হ'লেও সত্য যে প্ৰতিটো সম্বন্ধৰ আঁৰত এক স্বাৰ্থ জড়িত হৈ থাকে, হয়টো তাক আমি বুজিব চেষ্টা নকৰো। শেষত সমীকৰণত এটাই উত্তৰ পাওঁ-- আমি মাথো
সুখী হ'ব বিচাৰো প্ৰতিদিনে ! যাৰ বাবে আমি আপোনজনক কাষত
বিচাৰো প্ৰতিপলে। নহ'লে জানো তেওঁ আপোনাক এৰি মাক-দেউতাকৰ
কথা ভবা বুলি কৈ
অচিনাকি এজনৰ ছাতিৰ তলত গোটেই জীৱন বৰষুণৰ স'তে মোকাবিলা কৰিবলৈ প্ৰস্তুত হ'ব? এয়াও এক স্বাৰ্থ নহয় জানো, অলিখিত
এক চুক্তিত..... জীৱনটোক সুখী কৰাৰ? তেওঁ জানো নুবুজে যে, জীৱনটো কেতিয়াও এটা ধাৰণাতেই সীমাবদ্ধ নাথাকে, ইয়াৰ পৰিধি
অসীম ঠিক ৰে'লপথটোৰ
দুয়োটা চিৰি লগ হোৱাৰ দৰে? নে কিবা স্বাৰ্থত নুবুজাৰ ভাওঁ
ধৰে? আৰু, আপুনি নিজকেই এবাৰ সোধকচোন, আপুনি কেনেকৈ আজি বৰ্তমান আনজনৰ লগত সুখী হ'ব
পাৰিছে? একেলগে এটা সপোন দেখিব পাৰিছে?
এটা হাঁহি পৃথিৱীখনত বিচাৰি পাইছে যিটো আপোনাক বহুদিনৰ পৰা প্ৰয়োজন আছিল।
(একান্ত ব্যক্তিগত অনুভৱ।)
********
ডা.
ৰত্না বৰা
জলবায়ু অনুসৰি
স্বাস্থ্যসন্মত পোছাক পৰিধানৰ কথা ভাৱিলে ভাৰতত পোছাকৰ ক্ষেত্ৰত বহু কথা সলনি বা
সংশোধন কৰিবলগীয়া আছে। পশ্চিমীয়া ঠাণ্ডা জলবায়ুৰ ক্ষেত্ৰত উপযোগী বা শুৱনি শ্বুট, বুট, টাই
আমাৰ দেশত গৰমৰ দিনত পিন্ধি মানুহৰ কি অৱস্থা হয়, সেইটো
ভাৱিবলগীয়া। মুখত ইংৰাজীৰ আখৈ ফুটাই শৰীৰত অপশ্চিমীয়া পোছাকেৰে খাপচাৰা
দেখিৱ বুলি ভাৱি লৈ কম্পেনীবোৰে কিন্তু গৰমত কাম কৰা
চাকৰিয়ালৰ অৱস্থা কাহিল কৰি পেলাইছে। কপাহী কাপোৰক আৰ্থিক ভাৱে বলে নোৱাৰা বহুতো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত এনেকুৱা গেলা গৰমত পলিষ্টাৰৰ চাৰ্ট- পেণ্ট, টাই মাৰি ভৰিত নাইলনৰ (আধা
কপাহী) মোজা পিন্ধি যাবলগীয়া হোৱা পেন্দুকণা ল'ৰা-ছোৱালী
কেইটাৰ অৱস্থা এবাৰ ভাৱকচোন। পশ্চিমীয়াৰ অন্ধ অনুকৰণৰ গ্ৰাসত নপৰি দেশৰ জলবায়ুৰ
লগত ৰজিতা খুওৱাকৈ পোছাকৰ প্ৰচলন কৰিব নোৱাৰিনে?
পঢ়াশুনা বা জ্ঞানক অগ্ৰাধিকাৰ দিয়া ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত
অসুবিধাজনক পোছাক কাম কৰাত হেঙাৰ হৈ পৰে। জলবায়ু, শালীনতা
আৰু সুবিধা-- এইকেইটা দিশৰ
পৰা বিবেচনা কৰি পোছাকৰ প্ৰচলন হোৱা উচিত। শালীনতা বা সংস্কৃতি ৰক্ষাৰ
নামত অসুবিধাজনক পোছাকেৰে কৰ্মক্ষেত্ৰলৈ যাবলৈ বাধ্যবাধকতা
থকা পোছাকৰ ক্ষেত্ৰতো কথাটো বিবেচনীয়। দেখাত যদিও সাধাৰণ যেন লাগে তথাপি ফিটা মাৰি পিন্ধিব লগা পায়জামাৰ সলনি
ইলাষ্টিক থকা "লেগিংচ" য়ে মহিলাসকলক কিমান অসুবিধাৰ পৰা ৰক্ষা দিছে সেয়া
মহিলা সকলে বুজি পায়। উপযুক্তভাৱে তৈয়াৰ কৰা কাপোৰ পিন্ধব পৰাটো আমাৰ দেশত আজিও "ভাগ্যৰ কথা" হৈ আছে। শালীনতাৰ ভিতৰত থাকি সৰুসুৰা বহু কথাৰ ওপৰত চকু
দি পোছাক তৈয়াৰ বা প্ৰচলন কৰিলে বৃত্তিধাৰীৰ বহু অসুবিধা দূৰ হয়।
য়েছ, আই এম ৰেডি
ফৰ চেক্স
: পংকজ
তৰুণ
সিদিনা বন্ধু এজনৰ ভাগিনীয়েকৰ তোলনি বিয়া খাবলৈ গ’লো। মই যদিও এনেবোৰ অনুষ্ঠানৰ পৰা দূৰৈত থাকো, তথাপি ঘনিষ্ঠ বন্ধুৰ দাবী আৰু মৰমৰ উপেক্ষা কৰিব
নোৱাৰি সিদিনা যাব লগা হ’ল। দুপৰীয়াৰ সময়ত ভাত খোৱাৰ আগে আগে মই গৈ
উপস্থিত হ’লো। বন্ধুৱে পলমকৈ অহা বাবে দুটামান মিছা গালি
শুনাই আথে বেথে নি ৰভাতলীত নি
বহুৱালেগৈ।
চাৰিওফালে সুন্দৰ পৰিবেশ। এফালে আয়তি কেইগৰাকীমানে বিয়ানামৰ ফাকি
গুণগুণাইছে, এফালে
চকীত কণমানি কেইটামান আৰু কেইজনীমান ছোৱালীয়ে বহি আড্ডা দিছে। সমুখত ফুলেৰে সজ্জিত বহল বিছনা এখনত
কেইগৰাকীমান সমবয়সীয়া কিশোৰীৰ
মাজত বন্ধুৰ ভাগিনীয়েকজনী। পিন্ধনত
পাটৰ সাজ।
অত্যাধুনিক প্ৰসাধন আৰু দামী অলংকাৰে তাইৰ কোমল মুখখনি
ধুনীয়াকৈ ফুটাই তুলিছে। ৰভাতলীত
মোৰ সৈতে ডেকাল’ৰা পাছ
জন মান হে হ’ব। বাকী সকলো আদহীয়া অথবা বৃদ্ধ, মহিলা আৰু সৰু সৰু ল’ৰা
ছোৱালী কেইটিমান। এনে
অনুষ্ঠানবোৰত মই অলপ ইতঃস্তত
বোধ কৰোঁ। কিন্তু উপায়ো নাই। মোক তাতে
বহুৱাই বন্ধুৰ দেখা দেখিয়ে নাই। বাহিৰলৈ
ওলাই আহিব পৰা পৰিবেশো নাই। গতিকে উপায়ন্তৰ হৈ তাতেই বহি থাকি পৰিস্থিতিটো উপভোগ কৰাই ঠিক দেখিলো।
দুগৰাকী ভদ্ৰ মহিলাই তামোল পাগুলি পাগুলি আহি কণমানি কইনাৰ ওচৰত
থিয় দিছে।
এগৰাকীয়ে এখন হাতেৰে
কণমানিজনীৰ গাল খন মুচৰি আকৌ
হাতখন নিজৰ ওঁঠত লগাইছে। আনখন
হাতেৰে কইনাৰ হাতৰ বঁটা খনৰ পৰা অলপ চপ আৰু চুপাৰি কেইটুকুৰামান লৈ তামোল চোবাই থকা মুখখনতে আকৌ ভৰাইছে। যেন ঢেঁকীৰ আখলত পিঠাগুৰি খুন্দিবলৈ চাউল হে বঢ়াই দিছে। কইনাৰ মূৰত হাতখন থৈ ভদ্ৰমহিলাই কৈ উঠিল - "মইনা, এতিয়া তুমি ডাঙৰ হ’লা,
গম পাইছানে নাই। যতে ততে
যাৰে তাৰে লগত এতিয়া নুফুৰিবা। ভালকৈ পঢ়াশুনা কৰিবা।"
কণমানি কইনাই কি বুজি উঠিলে নাজানো। মাথো মূৰটো দুপিয়াই তাই সুধিলে -- "আপোনালোকে ভাত খালানে ?"
ভদ্ৰ মহিলাই "উম খালো দিয়া" বুলি ৰঙা দাঁতকেইটা নিকটাই
কৈ উঠিল।
তাৰ পাছতেই নীলা ৰঙৰ মেখেলা চাদৰ পিন্ধি অভ্যৰ্থনা আপ্যায়নত ব্যস্ত
কইনাৰ মাকলৈ চাই কৈ উঠিল -- "ছোৱালী ডাঙৰ। অলপ চকু দিব। দিনকাল আজিকালি বৰ
বেয়া।"
মুঠতে সুন্দৰ পৰিবেশ। সুন্দৰ ডেকাৰেচন,
ফুলৰ ওপৰত দামী আ-অলংকাৰেৰে সজ্জিত ফুলৰ দৰে ন-দহ বছৰীয়া কণমানি
কইনা, আয়তীৰ উৰুলি, ৰঙীন কাগজেৰে
মেৰিয়াই অনা শুভেচ্ছা আৰু আশীৰ্বাদৰ টোপোলাবোৰ সকলো সুন্দৰ। কিন্তু তাৰ মাজতেই যেন এটি অভাৱ ৰৈ গ’ল। আনৰ দৃষ্টিত এই অভাৱ হয় নে নহয় নাজানো, কিন্তু মোৰ দৃষ্টিত এটা অভাৱ সচাই ৰৈ গ’ল।
কণমানি কইনা জনীৰ হাতৰ চপ
আৰু চুপাৰীৰ বঁটা খনৰ সৈতে যদি এখন ফলক কইনাই লৈ থাকিলে হেতেন, যদি তাত লিখা থাকিল হেতেন -- "য়েছ, ফ্ৰম টুডে'
আই এম ৰেডি ফৰ চেক্স.."
ভাৰতৰ বিভিন্ন ঠাইত তোলনি বিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহি আছে। কেৰেলা,
ৱেষ্ট বেংগল আৰু অসম ইয়াৰে অন্যতম। কিন্তু তোলনি বিয়া ধুম ধামেৰে আয়োজন কৰাৰ
প্ৰভাৱটো অসমতেই বেছি। কিন্তু কিয়
এই পৰম্পৰা? কিহৰ
কাৰণে??
নাৰীয়ে এদিন উৰ্বৰা শক্তি ধাৰণ কৰে। এয়া প্ৰকৃতিৰ নিয়ম। নিৰ্দিষ্ট বয়সত এজনী ছোৱালী নাৰীৰ ৰূপলৈ ৰূপান্তৰিত হয়। হয় পুৰুষো। কিন্তু পুৰুষৰ পুৰুষত্বৰ পৰিচয় ধুমধামেৰে মানুহক জনায় দিয়া নহয়। তেন্তে নাৰীৰ বাবে কিয় এনে পৰম্পৰা?
ছোৱালী এজনী ডাঙৰ হোৱাৰ লগে লগে পৰিয়ালে এখন বাধ্য বাধকতাৰ দেৱাল
থিয় কৰাই দিয়ে। এইফালে
নাযাবি, সেয়া নকৰিবি, অমুকক নামাতিবি আদি বিভিন্ন কথাৰে তাইক ভীতিগ্ৰস্ত কৰি তোলা হয়। তাৰ উপৰিও এই তোলনি বিয়াবোৰ ধুমধামেৰে
আয়োজন কৰি নাৰীক সংকুচিত কৰি পেলোৱা
হয়।
এগৰাকী ছোৱালীয়ে এই তোলনি
বিয়া আয়োজন কৰাৰ পিছতেই নিজেই ভাবিবলৈ বাধ্য হৈ পৰে যে তাই গাভৰু হ’ল। সমাজৰ পৰা তাইৰ শৰীৰটো ঢাকিবলৈ তাই উঠিপৰি লাগে। যাৰ ফলত তাই সদায় মানসিক ভাৱে সংকুচিত হৈ
পৰে
এয়া কিমান উচিত। তোলনি বিয়া নাম দি এগৰাকী ছোৱালীৰ প্ৰকৃতিক নিয়মক সমাজৰ আগত বহুল প্ৰচাৰ কৰাটো আৰু তাৰ ফলত
মানুহৰ বাবে তাই এক ভোগ্য হৈ পৰাটো প্ৰকৃততে যুক্তিসংগত নে?
নে এনে তোলনি বিয়াবোৰ আয়োজন কৰি কব খোজা হয় যে মোৰ ছোৱালীজনী
এতিয়া গাভৰু হ’ল। মাক হোৱাৰ ক্ষমতা তাই এতিয়া অৰ্জন কৰিছে। আহা পুৰুষ সকল, তাইক বিয়া কৰাই লৈ যোৱা আৰু যৌন সুখ যাপন কৰা।
য়েছ, ছি ইজ
ৰেডি ফৰ চেক্স।