কবিতা





বেটুপাত, দ্বিতীয় বৰ্ষ, চতুৰ্থ সংখ্যা, ডিচেম্বৰ-২০১৭


উচ্ছেদ
-জয়ন্ত কুমাৰ দাস
হে মহান নেতা!
হাতী আৰু এক্সেভেটাৰৰ খুন্দাত
মোৰ কলিজাটো কৰবাত চিটিকি গ'ল ।
এতিয়া চকুৰ পানীৰে বুকুখন তিয়াইছোহে তিয়াইছো
তথাপি শব্দবোৰৰ দেখোন বুকুত নগজা হ'ল।

বুকুত মোৰ এতিয়া স্মৃতিৰ বালিচৰ। 
তথাপি পোক এটি কিলবিলাইছে মগজুত মোৰ। 
হে মহান নেতা!
কথা এটা সোধো
কেৱল আমাৰ পজাত কিয় লাগে
বাৰে বাৰে অভিশাপ
সেই অন্ধ আইনৰ-
বুলডোজাৰ আৰু হাতুৰীৰ পৰা
 সাৰি যায় কিয় প্ৰতিবাৰ
অৰণ্য প্ৰদূষিত কৰি হাঁহি থকা
সেই উদ্যোগ আৰু
আপোনালোকৰ সন্ধিয়া ৰঙীন কৰা সুউচ্ছ হোটেলবোৰ???
অথচ হাতীৰে গচকি গল আমাৰ মন্দিৰ মছজিদ আৰু স্কুলঘৰ !!


সেই কথাবোৰ আমি পাহৰা নাই---
যিবোৰ কথা কৈছিল আপুনি
আপং আৰু পোৰা মাংসৰ জুটি লৈ
ভোট বিচাৰি আহি
স্কুলৰ বাৰাণ্ডাত বহি।


হে মহান নেতা!

বৰকৈ হাঁহি উঠে আমাৰ
আপুনি অৰণ্য প্ৰেমৰ কথাবোৰ ক’লে।
আপোনাৰ জেপ গৰম কৰিবৰ স্বাৰ্থত
দুপৰ নিশাত বালিৰ চিণ্ডিগেট দেখো সদায়ে চলে।
শুকান খৰি বুটলিলেও আমাক চোৰ বুলি ধৰে।
কিন্তু আপোনাৰ বিষয়াৰ ছত্ৰছায়াত কাজিৰঙাৰ গড় হাতী
মাহেকত দুবাৰকৈ মৰে।

হে মহান নেতা!
আমাৰ দেউতাই যেতিয়া ইয়াত সাজিছিল ঘৰ
তেতিয়া বাৰু চকুহাল ক'ত আছিল আপোনাৰ অৰণ্যৰ প্ৰেমিক সেই ঘোচখোৱা ৰেঞ্জাৰজনৰ??

আজি বাৰু শাস্তি হবনে তেওঁৰ ?


বিদেশী নহয় খিলঞ্জীয়া আমি
এদিন বানে কাঢ়িছিল দেউতাৰ খেতি
আজি আপুনি কাঢ়িলে
আমাৰ ভৰিৰ তলৰ ভেটি।

এতিয়া মোৰ সম্পদ মাথো
কণমানি ভাই আৰু বিধৱা আই
ইয়াৰ পৰানো আমি কলৈ যাম কেনেকৈ খাম ?!!
আপুনি জানে ভালকৈ 
লঘোনীয়া পেট লৈ কাম বিচাৰি
কাইলৈ আপোনাৰ পদুলিলৈকেই যাম ।
আৰু ---
চলেৰে সুধি চাব আপুনি
মোৰ দেহৰ দাম কিমান !!

হে মহান নেতা!
সত্য হয় বোলে শাস্ত্ৰৰ সেই কথাবোৰ -
আজি যিটো মোৰ কাইলৈ আনৰ ।

কিমানবাৰ ভাঙিব  আমাৰ হেঁপাহৰ ঘৰ!
সৌৱা আজি আকাশ চালি হৈছে মোৰ ।

হে মহান নেতা!
পাৰে যদি আকাশখন ভাঙি দিয়ক
এক্সেভেটৰেৰে খহাই দিয়ক তৰাবোৰ ।
আৰু কিমান দীঘল হব এই ৰাতিবোৰ ?
ৰাতি পুৱাবৰ হ'ল ।


হে মহান নেতা
বনকুকুৰাক  ভয় নেদেখুৱাব দেই
ন-ৰ--কা---সু-ৰ--ৰ - ---!!!!

*****
ৰ'দ
-কাৱেৰী কাশ্যপ বৰা।
সৰুপথাৰ (দেৰগাওঁ)


আবেলিটো আমাৰ আছিল
ৰঙা সূৰুযৰ সন্মুখত হাঁহিৰ গুণগুণনি।
অব্যক্তবোৰে সুৰুঙা পাইছিল
অস্তিত্ব প্ৰকাশৰ;
কবিতাৰ বাবে শব্দবোৰ গোটাই গোটাই,
এদিন হেৰাই গৈছিল তেওঁ
কবিতাৰ ভাঁজত।
ৰৈ গৈছিল এমুঠি ৰ'দ;
তাৰ হাঁহি টোৰ দৰে উজ্জ্বল।
সেই পোহৰকেই সাবটি
আগুৱাইছিল জীৱন।

****

দেওবাৰ
-অৰূপ ৰাজ কলিতা
 কুঁৱলীৰ আচ্ছাদন ফালি
কেলেণ্ডাৰৰ বুকুৰে আগবাঢ়ি
গৈ থাকোতে গাৰ কাষেৰে পাৰহৈ গ'ল
ৰঙচুৱা দেওবাৰ এটা

মুখ ওন্দোলাই, চকু ৰঙা কৰি বহি আছা তুমি হোষ্টেলৰ বাৰাণ্ডাত
কথা আছিল
নৈপৰীয়া শিলচটাত বহি
সূৰ্য ডুবা চাম
 দেওবাৰৰ হেঙুলীয়া আবেলি

দেওবাৰৰ বুকুতে থুপ খাই  আছে
আমাৰ সুখ-দুখৰ সজ্ঞাবোৰ

কলেজীয়া দিনবোৰত
 দেওবাৰবোৰেই
আটাইতকৈ নিৰস যেন লাগিছিল
 তোমাক লগ নোপোৱাৰ বিৰহত
 কেলেণ্ডাৰৰ ৰঙা চিঞাহীবোৰ
মচি নীলাকৈ আঁকি দিব খুজিছিলো

 সপ্তাহটোৰ শেষত  দেওবাৰটো
নিৰৰ্থক যেন লাগিছিল
সজোৰে ঘোষণা কৰিছিলো
কৰ্মবিমুখ মানুহৰ বাবেহে দেওবাৰ
স্বপ্নকাতৰ মানুহৰ বাবে অভিশাপ দেওবাৰ

আৰু এদিন ক'ব নোৱাৰাকৈ  সেই বাৰৰ প্ৰেমিক হৈ উঠিছিলো আমি
যান্ত্ৰিকতাৰ ক'লা পিচ দিয়া পথটো
বগুৱাই আগবাঢ়ি যাওঁতে
কোনো এটা দেওবাৰৰ বুকুত
 তুমি মোক সাৱটি ধৰিছিলা
ওঁঠত ওঁঠ থৈ এদিন তুমি কৈছিলা
দেওবাৰবোৰ নহ'লে
বিচ্ছেদৰ নৈ খন
 কিমান দীঘল হ'লহেতেন
সেই কথা ভাবি তুমি কঁপি উঠা
মোৰ অস্থিৰ চুলিবোৰ
ফণিয়াই দিবলৈ
এটা দেওবাৰৰ প্ৰয়োজন
সেই কথাই গুণ গুণাই মোৰ মনত

নিৰস দেওবাৰবোৰৰ বুকুতে
বেলুনৰ দৰে ফুলি উঠিছিল
সুখবোৰ

অথচ তেনে এটি দেওবাৰ
তোমাৰ ওঁঠত গুজি দিব নোৱাৰিলোঁ
আকাশ ক'লা কৰি  নামি আহিছে

শাওণী ডাৱৰ। 

***

 মুখা
-দীপান্বিতা দাস 

যিজন মানুহক  লগ পাই আহিছোঁ 
বাটে - ঘাটে 
সভা - সমিতিয়ে 
পাৰ্ক অথবা ৰেস্তোৰাঁত 
শুনিছোঁ তেওঁৰ দুওঁঠৰ ফাঁকেৰে সৰি পৰা 
সততা আৰু মানৱতাৰ 
শব্দবোৰৰ গুঞ্জন।

সেই একেজন মানুহৰ যেতিয়া কাষ চাপোঁ 
হৃদয়ৰ বাটেৰে 
চকুত দেখোঁ 
প্ৰাচীন লালসাৰ বিবৰ্ণ ছবি।

শব্দ আৰু দৃষ্টিৰ দোমোজাত 
ক্ৰমশঃ ক্লান্ত মোৰ উশাহৰ নৈ 

***
ভালপোৱা
-মৃদুলা দৈমাৰী
নিৰৱতাৰ বিষাদভৰা জীৱনৰ মাজত
তোমাৰ আকস্মিক আগমন
চিকাৰ হব খোজো মই তোমাৰ
মৰমৰ চাওনিত।
নিজৰ কৰি লব বিচাৰো মই
তোমাৰ মৰমীয়াল হাঁহি।
দিবা জানো মোক তোমাৰ জীৱনৰ
উপন্যাসৰ পৃষ্ঠাসমূহ পঢ়িব
পাৰিবা জানো দিব মোক
তোমাৰ সুখ-দুখৰ ভাগ লব
তোমাৰ হৃদয়ত বিচাৰিব পাৰিমনে
সেউজীয়া পৃথিৱী।
তোমাৰ গানৰ মাজত বিচাৰো
মোৰ হৃদয়ৰ আধৰুৱা ভালপোৱা
সুধিব খোজো
আছেনে মোৰ বাবে অলপ ঠাই
তোমাৰ প্ৰেমৰ গানত।
আছে যদি জনাবাচোন
মই গৰাকী হব বিচাৰো
তোমাৰ সৰ্বোচ্চ ভালপোৱাৰ,
একাজলী হাঁহিৰ মাজত তোমাৰ
ভালপোৱাৰ গানৰ মাজত

মোক জিৰাব দিয়া।

***
বাগিচা
-লোচন মণি গগৈ
গোলাঘাট
ফোনঃ ৭৮৯৬১৯৫৩৩৭

বিংগুলৰ মাতে টোপনি কাঢ়ে
নিয়ৰ ভাঙি ভাঙি উঠে ভোকৰ আতপ
শিৰীষৰ চিৰিলি ছাঁয়াত জিৰণিৰ আহৰি নাই।
লছমী, ফুলমতীৰ চিঁচা খাৰুৰ জুনুকাত
বুকুৱে বুকুৱে মাদল বাজে,
বাউলী মাতে এটি কলি দুটি পাতে—
টুচুমণিৰ অগা-দেৱা সামাজিক
কি পৰব আহে, কাঁচি ফুল ফুলে।
কি পৰব আহে, শুনো-নুশুনো
দমকইচ এটা কলিজা ভাঙি বাজে
পলাশ শিমলুৱে ৰঙাল আকাশ
মাতাল সূৰ্য।

***

লাইব্ৰেৰী
-কৃৰ্ত্তিকা মেধি

নিসংগতা আৰু মই
একেলগে বহি আছিলোঁ
সেই কোঠাটোত;
য'ত আমাক আগুৰি আছিল
কেইটামান ওখ ওখ আলমিৰাই
আৰু আছিল কেইখনমান
খালী চকী....

নিসংতাই কথা পাতিছিল
মোৰ লগত..
তেওঁ মোক বাৰে বাৰে কৈছিল;
‘তোমাৰ পনিটেইল কৰি বন্ধা চুলিকোচাই মোৰ হৃদয়ত শিহঁৰণ তোলে’

কিন্তু মই??
মই উচ্চাৰণ কৰা নাছিলোঁ
এটা শব্দ....
কাৰণ মই সপোন ৰচি আছিলোঁ
‘কৃষ্ণচূড়াৰ দেশত
বৰষুণৰ চাৰ্টত খামুচি ধৰাৰ’
অথবা..
দেৱদাৰু নগৰীত ‘নিউজ ৰিডাৰ হোৱাৰ কুচ্ কাৱাজ
কৰিছিলোঁ মই।

নিসংগতাৰ স'তে বহি
অস্বস্তি পাইছিলোঁ মই..
কাৰণ মই কোলাহলৰ ৰাজকুমাৰী
হোৱাৰ সপোন দেখিছিলোঁ.....

তথাপিও মই বহি আছিলোঁ
নিসংগতাৰ সৈতে..
কাৰণ মোৰ সন্মুখত আছিল
প্লেট দ্যা ৰিপাব্লিক
যিয়ে মোক বাধ্য কৰাইছিল
নিসংগতাক সংগী কৰিবলৈ

***


বেটুপাত, দ্বিতীয় বৰ্ষ, তৃতীয় সংখ্যা, নৱেম্বৰ - ২০১৭


কাহিনী এটাৰ তিনিটা স্তৱক
-      সঞ্জীৱ কলিতামিৰ্জা

ফোন: ৮৭২৩০৯৬৯৮২

(১)
সিমানতে কাহিনীটো শেষ হৈ যোৱা হ'লে
আমি কাহানিও নেদেখিলোহেতেন
সূৰ্যাস্তৰ ৰং আৰু ৰাতিৰ কাৰেং।

(২)
দিনটো জংঘলৰ আৰু ৰাতিটো আমি চাঙৰ মানুহ
বিলৰ বতাহ ইমানে চেঁচা, জুয়ে পুৰি খাই সাজৰ নিচা
পানীৰ ছবিত কোনোৱেও দেখা নাই ইমান পোহৰ
খেৰকুটাৰ চালৰ বৰষুণ এটা গানৰ সুৰৰ দৰে মধুৰ
এটা বাঁহীৰ মাতে উজাগৰে ৰাখে দূৰৈৰ ৰাধাক।

(৩)
'ব নোৱাৰা কথাবোৰ লিখিবও টান
নিলিখাকৈয়ে চিঠি এখন জেপত লৈ ফুৰো,
যোৱাৰ পৰত কেবল চকুয়েহে কয় নুবুজা কথা।
বহুদিনৰ পাছত একোটা ৰাতিয়ে সম্পূৰ্ণ কৰে এটা কাহিনী।
@@@

তাজমহল

-      বিভা দেৱী, পাঠশালা
১)
নিদাঘৰ মধ্যাহ্ন আকাশৰ তলত
মই পঢ়িলো,
এটা কবিতা--
একত্ৰিশটা যুগৰ আগৰ।

প্ৰেমবিশ্বাসপ্ৰতাৰণাৰ
আলোকত আপ্লুত!
এটা সুমধুৰ স্মৃতিস্তম্ভ।

নহয় পিছে সেয়া
শিলৰ প্ৰাচীৰ।

যমুনা নদীৰ তীৰত
উত্তপ্ত আকাশৰ তলত,
ব্যৰ্থ জীৱনব্যৰ্থ যৌৱনক,
সাৰ্থক কৰাৰ বাবে,
মৃত্যুৰ পাছত দিয়া
উপহাৰ-
সৰগীয় প্ৰেমৰ।

২)
হঠাত
তপ্ত বলুকাৰাশি ৰক্তাভ হৈ
চিঞঁৰি উঠিল
এয়া অকবিতা।

ইয়াতেই আছে
সৃষ্টিৰ মাজেদি ধ্বংস,
অবিশ্বাসত লুপ্ত বিশ্বাস।

শাসকৰ বঞ্চনাৰ বলি
লালসাত ভাতৃবধ
পিতৃও হ'লগে কাৰাৰুদ্ধ।

ইতিহাসে ৰিঙিয়ায় .......
স্মৃতিয়ে বহু কথাকে কয়।

৩) 
মমতাজ.............
সেন্দুৰীয়া মেঘত প্ৰতিধ্বনি হৈছে।
যমুনা নৈৰ পানীত,.........
চন্দ্ৰমাৰ
ছিৰাছিৰ
বিচ্ছুৰিত
আলোকত।
@@@

নাৰী
- হৃদয় মৃণাল
                      বইটামাৰী; বঙাইগাঁৱ
                            ফোন- ৯৭০৬৬ ৯৪৮৯২
তুমি হাঁহি হাঁহি কান্দি থকা
কান্দি কান্দি হাঁহি থকা
অথচ দেশৰ মানুহে তোমাক
সুখেৰে জীয়াই আছা বুলি থাকে ভাৱি।
কপালৰ ৰঙা বেলি
আৰু শিৰৰ ৰঙা সুঁতিয়ে
হয়তো তোমাৰ জীয়াই থকাৰ ভৰষা !
তোমাৰ আকাশত
কি ব'হাগ কি আহিন
বগা বগলী উৰি নুফুৰে কদাপি
নুফুলে হৃদয়ত কঁহুৱা কোমল হাঁহি
আঘোণ অথবা মাঘ আহিলেও
তোমাৰ বুকুৰ ভঁৰাল উদং হৈ থাকে।
তোমাৰ বুকুখনেহে জানে
কিমান বেদনাক-- বুকুত ফুল সজাই ৰখা
কিমান কষ্টক-- জীয়াই থকাৰ আশা বুলি ভৱা !
কেতিয়াবা হয়তো তোমাৰ এনে লাগে
যেন খোজৰ তলত মাটি নাই
নিজৰ ওপৰত থকা ভৰষা বিশ্বাস ইচ্ছা সপোন...
সকলোবোৰ বহু দূৰলৈ গতি কৰে।
তথাপিতো
নাৰী তোমাৰ মমতাতে-- সৃষ্টি আছে তিষ্ঠি
নাৰী তোমাৰ সৌন্দৰ্যতে-- পৃথিৱী সুন্দৰ
তাহানিৰ ধৈৰ্য সহনশীলতাৰ দলিলখন
তুমি বিনে কোনেও যতনাই ৰাখিব নোৱাৰে।
তোমাৰ নিস্বাৰ্থ ত্যাগ
আৰু সহনশীলতাৰ বাবেই
পৃথিৱীখন হৈ আছে সেউজীয়া উশাহে ভৰা।
@@@
যৌনতা
-      পুনম পেনিলোপ নাথ

অপ্ৰাপ্তিৰ অন্তত..
অপ্ৰত্যাশিতভাৱেই অহা..
বৰষুণজাকৰ সৈতে..
আপোনাৰো আগমন
মোৰ চুবুৰীত..

নিৰৱতাৰ অন্তত
মোৰ বুকুত পৰিল..
এটোপাল পানী...
উৎস আপোনাৰ দুচকু...

সুধিলো..
ইমান দিনৰ পিছত
আজি আকৌ কিয় এই ভাওনা?..

মৌন আপুনি..
কাতৰ দুচকুয়ে যেন..
বহু কথাই ক'ব বিচৰিছে..
তথাপি শূণ্য আপোনাৰ শব্দাংশ..
অৱশভাৱে লোৱা ঘন উশাহ..
আৰু তাত কাতৰ যন্ত্ৰণা..
আপোনাৰ ভাগৰুৱা দেহা..
তাত গোটেই জীৱনৰ বেথা

প্ৰশ্নবোধক চিনটো চকুত আঁকি
ৰৈ যোৱা মই..
আৰু মোৰ পৰা পলাব লোৱা
আপোনাৰ দুচকু
কপি থকা দুটি ওঁঠে যেন কব বিচাৰে
আহ প্ৰিয়া বন্ধ কৰা
নোৱাৰোঁ সহিব এই ঘৃণা


তথাপিও আপুনি নকই
মোক ক্ষমা কৰি দিয়া..
কিয় ইমান আত্মঅহংকাৰ কোৱা..?

সঁচাকৈ কৈছোঁ
লভা নাই মই
নিশাহত আগৰ মাদকতা
জীপাল হৈ উঠা ওঠঁদুটিত
নাই পোৱা হেপাঁহৰ স্বাদ
তথাপি দুহাতে আপোনাক সাৱটি
জঠৰ মই..

পুনৰ মোৰ বুকুত পৰিল
আপোনাৰ দুটোপাল চকুলো
আৰু ঠিক তেনেতেই
মোৰ নাকত লাগিল
এটি সুঘ্ৰাণ
যৌনতা যৌনতা..
@@@

মই নাৰী

-      ৰুবী কলিতা, গুৱাহাটী
মই নাৰী......
ময়ে সীতা...... ময়ে উৰ্মিলা......
ময়ে গান্ধাৰী....ময়ে দ্ৰৌপদী.….
বেদ-বেদান্ত, পুৰাণ-মহাপুৰাণ
ইতিহাস সাহ্মী....
ত‍্যাগৰ জীৱন্ত প্ৰতিমূৰ্তি!

জীৱনৰ কাঠগড়াত থিয় হৈ
কিমানক দিম স্বীকাৰুক্তি...
পিতৃ, ভাতৃ,স্বামী নে সমাজক
মই সতী..মই সতী.. মই সতী....

কেতিয়াবা ময়ো মোৰ হব বিচাৰো
নিজত লীন যাব বিচাৰো।

বৰষুণ ময়ো ভালপাও...
আকাশ মোৰো প্ৰিয়!
নিৰ্জনতা মোৰ ভালনালাগে
নিসংগতা মোৰ বাবে ভয়াৱহ।
পৰিধি, সদায়ে মোৰ বাবে কিয়?

ময়ো বিচাৰোঁ, এজাক বৰষুণ
তিতিবলৈ...
এখন আকাশ, মুৰ দাঙি চাবলৈ....
কেৱল নাৰী বাবেই
হৈ ৰম নেকি, ত্যাগৰ প্ৰতিমূৰ্তি...
চিৰকাল....চিৰদিনৰ... অন্তহীন..
@@@

অচিন পাহাৰখনৰ চিনাকী মাত

-      কৃৰ্ত্তিকা মেধি

দূৰণিৰ অচিনাকী পাহাৰখন
দেখিছা জানো কেতিয়াবা ??
ভাল লাগে জানা..
খুউব ভাল লাগে পাহাৰখন,
শুনিছোঁ তাত হেনো কেতেকী ফুলে,
হেঁপাহৰ কেতেকী...

শুনিছা জানো কেতিয়াবা
অচিন পাহাৰখনৰ চিনাকী মাত??
নিজান ৰাতি অভিমানত
উচুপি উঠে পাহাৰখনে..
তাত যে নিৰ্দয়ী পশুবোৰে
চোৰাং বেহা চলাইছে,
পাহাৰখনে জানা
বিষত কেঁকায় মাজে মাজে...

কেতেকীবোৰো গ'লগৈ
পাহাৰৰ বুকুত বিশ্বাসৰ সমাধি সাজি..
পাহাৰৰ বক্ষ বিদাৰিত আজি,
পলা শ নুফুলে তাত
ফুলে মাথোঁ জীৱনৰ
ৰক্তাক্ত ফুল...

আজি যে পাহাৰখনে
গোটেই নিশাই কান্দিছে;
আৰু.....
আৰু কথা পাতিছে নৈশব্দৰ লগত..

শুনিছোঁ আজিকালি হেনো
পাহাৰপ্ৰেমী কবিৰ কেনভাঁছো
উঁকা হৈয়েই ৰয়,
নাই যে তাত আঁকিবলৈ
সেই গছ পক্ষী আৰু
নদীৰ প্ৰেমালাপ.....
@@@

মৌনতা

-     বিজুলী কলিতা
টিহু, নলবাৰী

মই আজি নিদ্ৰাহীন
মই নিৰৱে সহিছো
দগ্ধ হৃদয়ৰ যন্ত্ৰণা

তথাপি,মই জীয়াই আছোঁ
সূৰ্য্যৰ দৰে,
সূৰ্য্যৰ সাতোটি পোহৰৰ দৰে

মই বিলাইছো
মোৰ আপোনজনৰ মাজত,
মানৱতা আৰু ভালপোৱা
তথাপি মই অভদ্ৰ,
মই মূৰ্খ
কিয়?
উত্তৰত মই নিজে মৌন
@@@

কবৰ

-     ৰাজু কলিতা, দোৰপাং
ফোন- ৭০৮৬২৭৬৮৬০
দ্ৰোপাং নৈ পাৰতে বালি ঘৰ সাজিলো
ডিক্ৰঙৰ কোবাল সোঁতলৈ ভয় কৰি ,
সোঁৱণশিৰীৰ প্ৰেমৰ ছবি মজিয়াত আঁকিলো
প্ৰাণৰ প্ৰতিমাই এদিন ভাঙিলে গচকি।

দিখৌ পাৰত এদিন চিনাকি হৈছিলো
দিহিঙৰ পাৰৰে গাভৰু বুলি ,
লুইতৰ বুকুৰে উজাই মই আহিলো
জাঁজীৰ পাৰতে মিলন হম ভাবি।

দিছাংখন শুকালে খৰালি দিনতে
কহুঁৱাৰ নাচোন নাই পাৰত ,
পাগলাদিয়া বৈ গ'ল বুকুৰ মাজেৰে
প্ৰেয়সী আতৰি গ'ল উটি যোৱাৰ ভয়ত।

বুঢ়ীদিহিং চাবলৈ নাপালো কোনোদিন
নামদাঙৰ পাৰতে ৰলো থমকি ,
ধনশিৰি পাৰতে কবৰ মোৰ খান্দিছো
জীৱনৰ মায়া হতাশাত পাহৰি।
@@@
হঠাৎ যদি মোৰ মৃত্যু হয়
- যতিন বড়া
ফোন- ৮০১১৯৭৫৯৮৯
হঠাৎ যদি মোৰ মৃত্যু হয়...
তুমি অহাৰ পূৰ্বেই যদি
মই চিতাত উঠো...

বেদনাত তুমি জানো
চেতনা বিহীন নহ'বা...

সেই বেদনাতে যদি তুমি বাকৰুদ্ধ হোৱা
দেখিও যদি নেদেখা
শুনিও যদি নুশুনা ...

তোমাৰ তেনে পৰিস্থিতিৰ দায়ী
ময়ে নহম জানো কোৱা....

এজাক যদি দবা-পিতা বৰষুণ আহে...
তুমি ৰাজপথত
আৰু মই জিৰণি চ'ৰাত.......
মোক দেখি তুমি জানো
জিৰণি চ'ৰালৈ সোমাই আহিবা....

আৰু সেই ক্ষণত
কোনো নথকাৰ সুযোগ বুজি
মই যদি তোমাক সাৱটি ধৰো
অচিনাকিৰ দৰে
মোক জানো তুমি প্ৰশ্ন কৰিবা
এইবোৰ কি অসভ্যালি কৰিছা..

নে চকুত চকু থৈ ক'বা
এই সময় থমকি ৰওঁক
জনম জনমলৈ আমাৰ....
@@@

কথোপকথন

-     শ্ৰী লাচিত কুমাৰ দাস
তাই ক'লে-
মোৰ দুওঁঠত চুমি চোৱা।
মই ক'লো-
তোমাৰ কোমলতা মই ধাৰণ কৰিব নোৱাৰিম।

তাই ক'লে-
মোৰ বুকুত শুই দিয়া।
মই ক'লো-
তোমাৰ উশাহৰ উষ্ণতাত মই দহি যাম।

তাই ক'লে-
চোৱা মোৰ হৃদয়ত
হেঁপাহ পলুৱাই মৰম কৰিম।
মই ক'লো-
তুমিও চোৱা মোৰ হৃদয়ত
তাত অশ্ৰুৰ টোপালবোৰো ৰঙা।

তাই ক'লে-
তুমি কিয় ইমান অকৰা।
মই ক'লো-
মই সময়ৰ অস্ত্ৰৰে আঘাতপ্ৰাপ্ত এজন সৈনিক।
@@@

সময়

-     দুলুমনি শইকীয়া

সময় স্তব্ধ নহয়
নিৰলে বৈ যায়
ৰৈ যায় মাথোঁ
এৰি অহা দিনবোৰৰ
এৰি অহা কামবোৰৰ
কিছু মধুৰ আৰু
কিছু বেদনাসিক্ত স্মৃতি ।

চেনেহৰ এনাজৰীৰে বান্ধিথোৱা
মধুৰ মাদকতা ভৰা
সপোনৰ স্মৃতিবোৰৰ
এতিয়াও মনত কৰণিত
লাগি থাকে তাৰেই সুৱাস ।

সময়ত কোবাল সোঁতত
কবনোৱাৰাকৈয়ে আগবাঢ়ি যায়
আমাৰ জীৱন ।
সুখ-দুখ, হাঁহি -কান্দোন,
আশা -নিৰাশা সকলো
সময়তে মিলি জুলি
স্মৃতি হৈ  ৰয় ।

এখোজ দুখোজকৈ
সময় আগুৱাই যায়
আমিও আগুৱাওঁ
সময়ৰ লগত
পোৱাৰ আনন্দ
নোপোৱাৰ বেদনা
আজিৰ সুমধুৰ সময়
অহা কালিৰ ভয়ৰ
আশংকা
আশা ভৰা সপোনবোৰ
সজীৱ কৰাত
সময়ত সময়েই দিব
তাৰ সঠিক উত্তৰ ।
@@@

তুলমাই
-     ৰাজীৱ দাস, ধিং
নগাওঁ, অসম।
ফোন- ৯৭০৬৭৩৭৫২০


নৈ খনে চিঞৰিছে
শুনিছনে তুলমাই

পথাৰখন সেউজীয়া হৈছিলহে
সপোনবোৰ এইবেলিও
পলসে ঢাকিব হ'ব পায় ।

শুনিছনে তুলমাই

এইবেলি ভোগালী গুচি কঙালী হ'লে!
পাৰিবিনে ফটা ৰিহা খনেৰে
গাটো ঢাকিব ?
উৰুকা ভোজটো
উপবাসে কটাব…?

যোৱাটো বানতে
পোনাকণো গ'ল গৈ
নৈ খনৰ সৈতে ।

আজিও ঘূৰি অহা নাই

তুলমাই ঐ
নৈ খন আহিছে আগুৱায় ।

পিতাইৰ দিনৰে মাটি চাৰিকঠা
তাকো দিলো আগুৱাই

তথাপি নৈ খন!থমকি ৰোৱা নাই ।

তুলমাই ঐ

নৈ খন আহিছে আগুৱায়
@@@

নিলাম
-     জেৰুলিনা হাফিজ
গুৱাহাটী বিশ্ববিদ্যালয়
পিতাই ,
আজি এখন মাৰ্কচিতৰ নিলাম হ'ব।
কিন্তু মোৰ মাৰ্কচিতখনৰ  দৰ-দাম     নিশ্চয়কৈ ন'হব পিতাই।
কিন্তু আচৰিত
নিলাম হ'ব লগীয়া মাৰ্কচিত খনৰ
ৰং ঠিক মোৰ দৰে
আকাৰ ঠিক মোৰ দৰেই
ওজন হয়তো মোতকৈ
কম নাইবা বেচি
নতুবা ঠিক মোৰ দৰেই হ'ব।
মাৰ্কচিতৰ গৰাকী হে
ঠিক মোৰ দৰে নহয় পিতাই।
মোৰ দৰে হয়তো বয়সৰ সুস্পষ্ট
ৰেখা অংকিত মুখমণ্ডলৰ সলনি তেওঁৰ থাকিব এখনি নিমজ গাল
খামূচিয়া ককাল, বিউটি পাৰ্লাৰৰ  যাদু স্পষ্টিত
একোচা ঢৌ খেলা চুলি।
ভগা চিম্লিৰ পোহৰত
ডাৰউইন , মাৰ্ক্সিজিম পঢ়ি
জীৱনৰ অংক মিলোৱাৰ ব্যস্ততা
নিশ্চয়কৈ নাথাকিব তেওঁৰ,
অথবা
পইতা ভাতৰ লগত গৰৈ মাচৰ পোৰা আৰু আলতীয়া মাটিৰ গোন্ধ
তেওঁৰ বাবে দূৰ্গন্ধ।
পিতাই আজি এখন মাৰ্কচিত নিলাম হ'
নিলামৰ বজাৰত ঠাই নোলাব
তোৰ কপালৰ ঘাম আৰু উখহি অহা কলাফূলৰ।
আইক ক'বি বুজায় কথাবোৰ।
মোৰ মাৰ্কচিত নিলামৰ বজাৰত
দৰ নুঠিব কোনোদিন পিতাই।
বিয়াৰ পানী নপৰাকৈ ৩০ গৰকা বাইজনীয়ে
আশা কৰে চাকৰিটো হ'লেই
টিভি , ফ্ৰিজৰ সৈতে
এঘৰলৈ ওলাই যাব তাই।
ভাইটিয়েও পঢ়া সামৰা বহু বেলিকা হ',
পইচাৰৰ অভাৱত
ইঞ্জিনিয়াৰ হোৱাৰ সপোন ভঙাত সিওঁ
দেউৱলীয়া হ'ল।
পিতাই নিলামৰ বজাৰত ৰৈ থাকো
কিজানিবা দেহৰ তেজতুপি দি হ'লেওঁ
তহতঁলৈ যোগাৰ কৰিব পাৰো
এখনি নিযুক্তিপত্ৰ!!!!!!!!!
কিন্তু কুষ্ঠ লগা দুখন হাতেৰে
নিলাম কৰিব নোৱাৰো তোৰ
গৰ্বৰ মাৰ্কচিতখন।
@@@

আধুনিক
-     ডানিশ আহমেদ
বি.বৰুৱা কলেজ

আজি কবিতাৰ বহীখনৰ পাত লুটিয়াওতে দেখিলো
'লা আখৰকেইটাৰ ওপৰত
এটা ক'লা পৰুৱা
চুলেও লৰচৰ নকৰে!

তেনেকৈয়ে জপাই থ'লো বহীখন
নিজকে এবাৰ সুধি চালো:
দুৰন্ত গতিৰে অহৰহ গৈ থকা বজাৰ
বাছ-আস্থানত এজাক পৰুৱাসদৃশ
এই যে অজস্ৰ ব‍্যস্ত মানুহ
কি দিছে মোৰ কবিতাই তেওঁলোকক
মোক সন্মান নেলাগে

মহা ৰহস‍্যৰ সন্ধানত
মূৰ আফালি মই নমৰো
খিৰিকীৰ কাঁচত খুন্দিয়াই খুন্দিয়াই
আধামৰা হোৱা মাখিটোক
চাই থাকিব‌ও নোৱাৰো
মই নিজেই এখন খিৰিকী হোৱা হ'লে!
মোৰ মাজেৰেই জোনাক পাৰ হ'লে!
জগতখন দেখা পোৱা হ'লে!

এই পৃথিৱীক মানুহে সলনি কৰি আহি আছে
মই নিজকেই সলাব পৰাহেঁতেন
এডোখৰ শিল হৈ
নিজেই ভাস্কৰ হ'ব পৰাহেতেন!

পাৰ ভাল পাওঁ বুলি লিখা
মোৰ কবিতাৰ সেই আখৰকেইটাত
এতিয়াও পৰি আছে পৰুৱাটো

ভোকাতুৰ বুৰঞ্জীয়ে
এদিন পাত লুটিয়াই দেখিব
এহাল জীয়া পাৰ
এটা ক'লা পৰুৱা!
@@@

স্বেচ্ছাশ্মশানভূমি
-     গোলাপ কুমাৰ
বৰচিলা, মৰিগাওঁ
ফোনঃ ৭০৩৫৫৮৩৪৬০

" শিলাবৃষ্টি হ'লেও তেওঁলোক সুখী কাৰণ
তেওঁলোকে শিলাবৃষ্টি ভাল পায় ... !"

তেওঁলোকে নাজানে তেওঁলোকৰ সংজ্ঞা
তেওঁলোকৰ জীয়াই থকা জীৱনৰ পথ
বিষাক্ত কাঁইটে আৱৰি থকা
তথাপি তেওঁলোক সুখী
দুচকুত প্ৰাপ্তিৰ মিঠা হাঁহি

তেওঁলোকৰো এখন পৃথিৱী আছে
যিখন পৃথিৱীত তেওঁলোকে অন্তিম মুহূৰ্তলৈকে
শিলাবৃষ্টিত প্ৰতিটো প্ৰহৰত শয়ন কৰে

তেওঁলোকৰ স্বেচ্ছাশ্মশানভূমিত
তেওঁলোকৰ দেহাটি সাধাৰণ মানুহবোৰে বিচাৰি নাযায়
সমাজৰ মুখা পিন্ধা ভদ্ৰ মানুহবোৰে
তেওঁলোকক নিমাও-মাও মাজৰাতিত বিচাৰি যায়

তেওঁলোকে আমাৰ নিচিনাকৈ মুকলি ৰাজপথৰ
স্বাধীন পথিক নহ'
তেওঁলোকে আন্ধাৰে আৱৰি থকা কোনো গলিৰ
স্তব্ধ বতাহ সেৱন কৰে
নিশা নিশা গোপনে গোপনে

কিন্তু আমাৰ নিচিনাকৈ অট্টালিকাৰ সাজিবলৈ
টকাৰ বিনিময়ত আনক হত্যা নকৰে
দুৰ্নীতি নকৰে বৰঞ্চ
আন দহ জনক আত্ম সন্তুষ্টি দিয়ে

তেওঁলোকে পৃথিৱীত সৰগৰ সুখ বিলাই
প্ৰতিখন ভগ্ন হিয়াই হিয়াই

" বগা কাপোৰ আৰু ক'লা দাগ
নাৰী জীৱন আৰু গাখীৰ  ... ।"
এনে দৰ্শন বিশ্বাস নকৰে বাবেই মই কৈছোঁ--
তেওঁলোকে নাজানে তেওঁলোকৰ সংজ্ঞা ! !
@@@

কাহানিও  নুশুনা  এটা  শব্দ

 -    মৃদুস্মিতা  নাথ, শিৱসাগৰ
ফোন- ৭০৮৬৮৯২৯৫৪

আজিও  টোপনি নাহিল
'ৰবাত কাল সমুদ্ৰত
জোৱাৰ  অহাৰ দৰে
এটা  শব্দ বাজিছিল
উৰি  আহি,
দপদপকৈ জ্বলি থকা  কাৰোবাৰ
বুকুত  খুন্দা খাই
উৰি ফুৰিছে ওৰেটো ৰাতি।

আজি বহুদিনেই হ'
তেওঁৰ নুশুনা মাত,
যি সেই দোকমোকালিতে ওলাই গ'ল তেওঁৰ মাত।

মোৰ তেজত যেন বেছিকৈ ওফন্দি
উজায়ছে সেই ভয়াবহ শব্দ।
শৰীৰ  থৰথৰকৈ
কঁপিছিল  নিৰ্বোধ  নপুংসকৰ আৰ্তনাদত।
মোৰ ভয় লাগিছিল!
মই দুৱাৰ, খিৰিকীবোৰ
বন্ধ  কৰি  দিলো।
হৃদয়ৰ দীনতাৰ দাহনত,
অকলে- অকলে  অসহায় দৰে নিৰৱ হৈ ৰলো:
নিজক  নিচুকাই;
মাথো  বুকুত একুৰা জুই  জ্বলালো।
 @@@

নষ্ট ৰাতি
-     ডাঃ পংকজ কলিতা
ৱাৰ্ড নং-০৫
মুগুৰীয়া, কালীঘাট, পাঠশালা
ফোন- ৯৬৭৮৬৮০৩৯০

খিৰিকিখন খুলি থ'বি
কুঁৱলিৰ চেঁচা হাতখন
জোনাকত ধুঁই
বকুল গোঠা
লাহি আঙুলিবোৰ চুই চাবলৈ সেইবাটেৰেই অাহিম

কথাবোৰ গোপনে থাকক দে
ৰমৰমাই জ্বলি থাকক
বুকুৰ জুই বুকুত
শুকান চকুৰ বালিচৰত।

নাঙলে কোঙা কৰা আঙুলি
গাঠি গাঠি
দৈন্যতাৰ সোঁৱৰণী বিষ
কিছুদেৰি পাহৰি থাকো দে
উন্মাদ সপোনৰ নষ্ট ৰাতিত

খিৰিকিখন খুলি থ'বি।
@@@

উত্তৰ

-     ম: পাৰবিজুল হক, গোলাঘাট
ফোন - ৮৭২০৯৫৭২৯৯

কিছুমান প্ৰশ্নৰ উত্তৰ

দিওঁ বুলি দিব নোৱাৰি

থাকে অনুভৱৰ ৰঙেৰে আবৰা

থাকে চকুৰ চকুলোৰে পখলা

থাকে আবেগৰ আঁচলেৰে ঢাকা

নাথাকে শব্দৰ সাগৰ


থাকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ

সময়ৰ কেনভাচত

ভিন্ন ৰঙৰ কিছুমান ৰেখা ৰূপে

যি বোৰক আমি পঢ়িব নিবিচাৰোঁ

থাকে নিৰৱতাৰ সাগৰত ডুবা

লোণীয়া দেখি পান কৰিব নিবিচাৰোঁ


থাকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ

দিওঁ বুলি কিন্তু দিব নোৱাৰো
@@@

সপোন
গীতিকংকনা বৰা।
স্নাতক তৃতীয় ষান্মাষিক
উত্তৰ লখিমপুৰ মহাবিদ্যালয়। 

দোকমোকালিৰ সপোনটোত এটা আবেলিৰ সন্ধান
'ত মেঘাছন্ন আকাশ আৰু টোপাল-টোপাল বৰষুণ।
হৃদয়ৰ মৃদু গাঁজনি,
আবেলিটো আন্ধাৰে আৱৰিছে,
ক্ৰমশ:তোমাৰ খোঁজ মোৰ দিশ।
তুমি আহিছা নেকি মোৰ সোণাৰুবুলীয়া সপোনত
সোণাৰুৰ মাদকতা ল'বলৈ??
থকা-সৰকা কৰা তোমাৰ প্ৰেমে
সংগ হৈ থিয় দিছিল।
অন্ধকাৰত বৰষুণত তিঁতাৰ এয়া দুৰ্দান্ত প্ৰয়াস,
ক্ৰমে মেঘবোৰ আঁতৰিছে
পূবৰ আকাশত ৰঙা বেলি
আৰু মনত উত্তৰবিহীন প্ৰশ্নৰ জোকাঁৰণি।
 @@@

আত্মকথা
-     অসীম হাজৰিকা
সৰুতে নপঢ়ো বুলিছিলো
হয়টো ভালেই আছিল
আজি চৰকাৰী বিষয়া হলো

মোৰোনো কি দোষ
তহঁতেইটো কৈছিলি মা
পঢ়! পঢ়ি ডাঙৰ মানুহ হ'
ডাক্তৰ - ইঞ্জিনীয়াৰ

মই মানুহৰ বাবে কাম কৰিব বিচাৰিছিলো
মানুহৰ মাজত থাকি
ইঞ্জিনীয়াৰ হৈ ২০ পাৰচেণ্ট কমিচন লৈ নহয়

কম পঢ়া বোৰে মজদুৰি কৰে
মনপুতি কাম কৰে
সিহঁতৰ প্ৰয়োজন বোৰ তাৰেই পূৰ হয়

দৰমহাৰ পইচাৰে মোৰ ঘৰখনহে চলে
'ৰা - ছোৱালীৰ সম্ভ্ৰান্ত স্কুলৰ ফিজবোৰ দিব নোৱাৰি
ঘৰটোহে বনাব পাৰি
এখন দামী গাড়ী কিনিব নোৱাৰি

মা
তহঁত সবেই সৰুতেই ঘোচখোৰ বনোৱাৰ আখৰা আৰম্ভ কৰিছিলি মোক
দোকান কৰিব পঠাইছিলি
নাযাও বোলোতে
এটা চকলেটৰ পইচা পকেটত ভৰাই দিছিলি
মনত পৰেনে
চক�লেট নহলে যে নোযোৱা হৈছিলো কলৈকো

তাহানি যে লুডু খেলত হাৰি দিছিলি
মই জিকি আনন্দ পাবলৈকে
জাননে
এতিয়াও জিকাৰ নিচা এৰিবই পৰা নাই
শুদ্ধ বোৰ চকুৰে দেখো
কিন্তু মুখেৰে কব নোৱাৰো
সৰু কালটোৱে গোটেই মানুহ টোকে গিলি থৈছে অ'
@@@

শৰতৰ বতৰা
ঋতুপৰ্ণ
আহিনতে শেৱালি ফুলে
কঁহুৱাবোৰ উপচি উপচি বিৰিঙি নাচে ,
চিপ চিপাই
একাজঁলি নিয়ৰৰ ৰাণীয়ে
দুবৰী বনত হেঁপাহৰ শলিতা
আঁকে ,
সুগন্ধীৰে ভৰা চোতালত
শুকুলা শেৱালিয়ে দলিছা পাৰে
বতৰা দিয়ে শৰতৰে ।
@@@

শৰৎ বৰ মায়াবী
- নুৰ আলম আংক্লেজ,
লক্ষীপুৰগোৱালপাৰা
ফোন- ৮৮৭৬৭৬৮২৯৬
শৰৎ বৰ মায়াবী
কি যে আচৰিত !
একেবাৰে দোমোজাত পেলাই দিয়ে.....
গান গাব নাজানোঁ
তথাপিও গাইছিলোঁ -
"প্ৰেম অই নাহিবি
মোৰে কাষ লৈ,
তই ফুল হৈ ফুলিবি
নাযাও তোক চিঙিব লৈ...."
আৰু কিবা কিবি আছিলে
পাহৰিয়ে পেলালোঁ
সেই অপ্ৰেম গাথাঁ.....

আহিন আহিল মানে
নিয়ৰ সিক্ত ৰাতিবোৰত
প্ৰেমৰ নিচা লগাবলৈ
আছে নহয় হৃদয়ৱান শৰৎ....
কেতিয়াবা যন্ত্ৰণা দি যায়
সুবাসিত শৰতে
এই হিয়াৰ শূণ্যতাৰ পথাৰত....

কিন্তু সেই যন্ত্ৰণা কিমান সময় !
শৰতৰ মিঠা আমেজে
এই পথাৰখন কাহানিবাই
ভালপোৱাৰ ক্ৰিড়াংগন কৰি তুলিলে।
সেয়েই হয়তোবা
আকৌ প্ৰেমত পৰিলোঁ
আন্ধাৰত তিৰবিৰাই থকা চকুযুৰিৰ.....

প্ৰকৃতিৰ কি অপূৰ্ব ক্ষমতা !
অতীতৰ বিবৰ্ণ হিয়াৰ কেনভাজখন
আকৌ এবাৰ ৰঙীন হৈ উঠিল,
শৰৎ আহিল
অনাবিল আনন্দ লগত লৈ
আৰু মোৰ বুকুত আঁৰি দিলে
পূৰ্ণিমাৰ জোন যেন এখনি মূখৰ ছবি;
আৰু ছবিখনে খিলখিলাই হাঁহি উঠিল....

মই পাগল প্ৰেমিক হৈ পৰিছোঁ;
দূবৰিৰ বুকুত জিলিকি থকা
নিয়ৰৰ মুকুতা-মনিবোৰত
সেই অজান চকুযুঁৰি দেখা পাইছোঁ,
মই আকৌ প্ৰেমত মচগুল
শৰতৰ যাদুকৰি পৰশত.....
মই তিতিলো শৰতৰ নিয়ৰত
আৰু মোৰ হিয়াও নাচিলে
কহুৱাৰ অশান্ত নাচোনত....।
 @@@



বেটুপাত, দ্বিতীয় বৰ্ষ, দ্বিতীয় সংখ্যা, অক্টোবৰ - ২০১৭

এই চহৰ মোৰ ভাল নালাগে
-ৰঞ্জিত পাটগিৰি
"ৰণ, পাৰিলে মোক ক্ষমা কৰি দিবা,
চাকৰিয়াল ল'ৰা এটা পালে
জীয়েকক কোনে বিয়া নিদিব?"

- - - - - - - - - - - 


এই চহৰৰ মাজেৰেই এদিন তাই
স্কুটি চলাই ঘূৰি ফুৰিছিল
 
এই চহৰৰ ফটোষ্টেট দোকানবোৰত তাই
ফিলচফিৰ নোটচ জেৰক্স কৰিছিল
মণিহাৰীৰ দোকানত পছন্দৰ গহনা কিনিছিল
পানবজাৰত হীৰুদা বিচাৰিছিল।

এদিন এখন চিঠিত তাই লিখিছিল----
"তুমি যদি হেৰাই যোৱা
 
কুঁৱলী সনা এটি শীতৰ কোমল পুৱা
 
যদি তুমি মেঘ হৈ উৰি যোৱা
যদি তুমি বতাহত এখিলা পাত হৈ সৰি পৰা
যদি তুমি......."

তাই চাগে কান্দিছিল.....

'ত হেৰাল
'ত হেৰাল সেই সোণাৰু ফুলা সময়!

এই চহৰৰ যেনিয়ে চাওঁ
 
তাইৰ চকুহালকে দেখা পাওঁ,
সৰু সৰু গলিবোৰত উৰি থাকে তাইৰ চুলিৰ গোন্ধ
 
এই যেন কলেজ ইউনিফৰ্মত ৰাস্তাৰে পাৰ হৈ যাব
এই যেন চুচুক-চামাককৈ কোনেও নেদেখাকৈ
 
পিচিঅ'ৰ দুৱাৰ খুলিব
এই যেন হাঁহিৰ খিলখিলনিত হেৰাই যাব
ভোক-ভাগৰৰ এটা দুপৰীয়া
এই যেন..এই যেন..এই যেন

ৰাতি ৰাতি মৰি গৈছো
অস্তগামী সুৰুয হৈ বাৰে বাৰে ঢলি পৰিছো,
ফুটপাথত বহি বহি পাগলৰ দৰে চিঞৰিম নেকি--
' হেই ভায়লিনা, মই ইয়াতেই আছো
ইয়াতেই,
আজি তই কলেজলৈ নাহ?
বাদ দে না টিউচন
আজি মোৰ বাৰ্থ ডে'
ফুস্কা খাবি ব''

- - - - -
এই চহৰ মোৰ একদম ভাল নালাগে
এই চহৰত মই আৰু সুখী হ'ব নোৱাৰিম কোনোদিনে,
এই চহৰৰ প্ৰতিটো বস্তুৱে তাইৰ মোহত মোহচ্ছন্ন হৈ থাকক
এই চহৰত কেৱল তাইৰ চকুহালে ভাহি থাকক
গুচি যাম এই চহৰ এৰি
গুচি যাম স্মৃতিৰ নিকৰুণ অত্যাচাৰৰ বাবে চিৰদিনলৈ।

জানো মই
জানো
যলৈকে যাম তাতো তাইৰ ছাঁটোকে নাপাম
তথাপি সোঁৱৰণিৰ সমুদ্ৰৰ পাৰত বহি
বিৰহৰ গীত বিনাম।

বিদায় এই চহৰ
বিদায় এই চহৰৰ জোনাক
বিদায় এই চহৰৰ সূৰ্যোদয়
বিদায় এই চহৰৰ প্ৰতিজাক ধুমুহা আৰু বৰষুণ...


---------------------------------------------

পূজা
-নিৰূপজ্যোতি বৰুৱা
মুঠিফোনঃ ৮৮৭৬০১৯৯৩৯

এটা মূৰ্তি থাকে তাত
তেওঁ ভগৱান
এজাক মানুহ থাকে তাত
তেওঁলোক ভক্ত
ভগৱান নিষ্প্ৰাণ দৰ্শক
ভক্ত নিৰ্ভীক

ব্ৰেক ডান্স আৰু চকৰী ঘূৰে
চিত্ৰহাৰত কত নৰ্তকীৰ
উদং নাভিত টকাৰ বান উঠে
চাৰ্কাচত চোৱা নহয় চাৰ্কাচ
মৌতকা কুৱাতো নগ্নতাই
খিলখিলাই ফুৰে
এজাক ব্যস্ত লাকী ড্ৰ'ৰ কৰ্ণাৰত
আনজাকৰ বুকুত দুৰ্বাৰ প্ৰেম-বাসনা
আচলতে পূজালৈ গৈও
পূজা নকৰে কোনেও
পূজা কৰা হয় সৌন্দৰ্য, নগ্নতা আৰু টকাৰ
আকৌ,
নিচাসক্ত ভক্তৰো অভাৱ নাথাকে পূজাত
---------------------------
স্বপ্নাতুৰ
দুলুমণি ৰয়
হৃদয়ৰ ভাষা বুজাজনে হেনো
বুজে মৌনতাৰ ভাষা
বুজে বুকুৰ কোণত
জ্বলি থকা গ্লানিৰ দাবানল...
ক্ৰমশঃ অভ্যস্ত হৈ গৈছে
শুকাই যোৱা তেজ
কলিজা পোৰা আঘ্ৰাণ...
প্ৰতিদিনৰ বাক্যবানৰ আঁচোৰত
লগাই লৈ আগেচিতা
তথাপিও আগুৱাই খোজ বুলিছোঁ
কিজানিবা অদুৰত
হৈ উঠাই উজ্জীৱিত
----------------------
জলছবি
গোলাপ শ্বাহ
বৰম্বৈ, হাজো
কামৰূপ, অসম
তাহানিৰ গৰখীয়াৰ বাঁহীৰ সুৰ আকৌ উভতি আহিছে
জোপোহা আঁহতজোপাৰ তলত এজাক বতাহৰ সৈতে ৰৈ আছে
 
চকুৰ পতাত বেলি লৈ, সি নৃত্যৰত চৰাইৰ জিৰণি ওঁঠত পিয়াহৰ পানী টুপি পি খাইছে।
হেৰ' কাৰ হেঁপাহত যোৱা বাটে উভতি আহিলি
আজি আৰু গৰখীয়াও নাই, বাঁহৰ বাঁহী বজাই ওঁঠ ফটাই আৱদাৰ কৰা সোণৰ বাঁহীৰ সপোন পোহা মানুহজনো নাই
আছে আছে, ৰক্ষকৰ নামত ভক্ষক হৈ সপোন পুৰি গৰৈ পিটিকা খোৱা হালধীয়া কলিজাৰ গৰাকীবোৰ
আই মোৰ কলিজা ফাটি যায়
কৈ দে সেইটোক অহা বাটে আকৌ উভতি যাওঁক।
------------------
মাৰ অসুখ
জয়ন্ত কুমাৰ দাস
হস্পিতালৰ ১০২ নম্বৰ কোঠাত 
শুই আছে মোৰ মা । 
মাৰ অসুখ । 
ঈশ্বৰৰ ডায়েৰীখন পোৱাহেঁতেন--!
পঢ়ি চালোহেঁতেন আজি -
আমাক সুখ বিলোৱা মানুহজনীৰ ভাগত তেওঁ কিয় বাৰু লিখিলে  ইমান দুখ??

নাৰ্চকেইজনীয়ে টেবুলত মুৰ থৈ টোপোনিয়াইছে   
এতিয়া নিশা দুপৰ ।
পেইনকিলাৰ আৰু শ্লিপিং টেবলেটৰ ৰাগীত মায়ে পাহৰিছে 
শৰীৰৰ সমস্ত  দুখ-ভাগৰ । 

স্মৃতিৰ এলবামৰ এলান্ধু গুচাই 
অকলশৰে ব্যস্ত মই । 
আজি মোক টোপনিয়ে আমনি কৰা নাই । 
কানি মুনি এন্ধাৰত জিলিকিছে খিৰিকীৰ সিপাৰৰ খৰিকাজাই । 

অশান্ত ধুমুহা এজাকে হাহাকাৰ কৰিছে মোৰ বুকুৰ ভিতৰ । 
ধিমিক ধামাক জ্বলা এটি তৰাৰ সতে
যোগ বিয়োগৰ অংক কৰি
আকাশত বোধহয় সাৰে আছে ঈশ্বৰ । 

ঈশ্বৰ !!

ৰাতিপুৱা গধূলি চাকি জ্বলাই মায়ে 
আৰধনা কৰিছিল ঈশ্বৰক । 
ভাল কিবা এটা হলেই
ধন্যবাদ দিছিল ঈশ্বৰক । 

বতাহ ধুমুহা আহিলে
আৰধনা কৰিছিল ঈশ্বৰক । 
ৰবাত কোনোবাৰ বিপদ শুনিলেই
আৰধনা কৰিছিল ঈশ্বৰক । 

ঈশ্বৰৰ আৰধনা কৰি মায়ে
আনৰ বাবে বিচাৰিছিল অলপমান সুখ   
সেই ঈশ্বৰ আজি বিচলিত নেকি বাৰু
মাৰ দেহত চতিয়াই এপাচি অসুখ !


এই মাজনিশা তৰাৰ চাকি জ্বলাই 
ঈশ্বৰেও বাৰু লিখিছে নেকি  ডায়েৰীত 
তেওঁৰ কলিজাৰ দুখ !
পুৰণি ডায়েৰী অথবা সোঁৱৰণি খুচৰি 
বিচাৰি চলাথ কৰিছে বোধহয় তেওঁ 
মাৰ কিনো আছিল কপালৰ দোষ । 

মাৰ চিকিৎসাৰ বাবদ 
গোহালি উদং কৰি 
বেচি দিলোঁ দুজনীকৈ খীৰতী গাই । 
জানো মই
চহৰৰ চিকিৎসক দিহাৰ বাবদ
অনেক ধনৰ সৰাধ হয় । 

তথাপি !!!

বুকুৰ ভিতৰত 
আশাৰ এগচি বন্তি জ্বলাই 
প্ৰাৰ্থনা গৃহৰ সম্মুখত তন্ময় মই । 
ভিতৰত -
ক্ৰুচবিদ্ধ যিচু, শৰবিদ্ধ কৃষ্ণৰ
মৌন মৃণ্ময় ।
একেদৰেই মৌনতাত ধ্যানৰত
বুদ্ধ অথবা আল্লাৰ চিন্ময় । 
----------------
শৰতৰ শেৱালি- জীৱনৰ গান
-জোনাক প্ৰিয়ম কাশ্যপ
হৃদয়ত টোকৰ মাৰি
ডিঙি মেলি উভতি চাওঁ- 'ৰালি (!)
কিজানিবা বিচাৰি পাওঁ
তাহানিতে এৰি অহা
পদুলিত ফুলি থকা
নিজম শেৱালিৰ সুগন্ধি...

পথাৰবোৰ সেউজীয়া হৈছে
দুদিন পাছত থোপ মেলিব ধানে
শুনিছো; কুঁৱলিবোৰো আহিব দুদিন পাছতে
গোহালিৰ বেৰত নাঙল আৰি থকা
দেউতাৰ চকুত বিৰিঙিছে হাঁহি
এইবাৰ হেনো আহিবই ঘৰলৈ লখিমী...


আইৰ চকুত হাঁহি দেখিলে
পদুলিত শেৱালিবোৰ এনেই ফুলে
শৰৎ অ' তয়ো নানিবি আকৌ বান
ভৰালটো ভৰিব দে
গাব দে জীৱনৰ গান
শেৱালিবোৰ বুটলিব দে,
উটুৱাই নিনিবি হাঁহিৰ প্ৰাণ...

এইবাৰ তই চা-চোন
আভিজাত চকুৱে ঢুকি নোপোৱা- মোৰ গাৱত
কিমান আশাত জীয়ে প্ৰাণ
কিমান সুখত ফুটি উঠে
জীৱন গান...!!
-----------------------
অনুভ
-কন্দৰ্প নাথ, মঙলদৈ
শাওণে ধুই নিয়া নিৰ্জন উপত্যকাত
সপোনবোৰে নতুনকৈ গঁজালি মেলিছে
তাত তুমি দুপতীয়া দুবৰি হৈ ফুলিছা
তাৰেই সাহসত মোৰ
বুকুৰ বাটেৰে আকৌ বৈ যাব খোজে
সেউজীয়া এখনি নৈ

নিয়ৰ মই ভাল পাওঁ জানা
আৰু দুৰিৰ দলিছাত
নিয়ৰৰ সিক্ততা

শিলাময় নদী, নীলা পানী
তথাপিও বৈ থাকিম চিৰদিনলৈ
যদি তুমি আৰি ধৰা মোৰ সত্ত্বা
তোমাৰ ভালপোৱাৰে...
--------------

মানুহ
-হিমাংশু প্ৰসাদ দাস
হয়তোবা মই ভাল মানুহ
হয়তোবা বেয়া
হয়তোবা অলপ ভাল- বেছি বেয়া
হয়তোবা বেছি ভাল- অলপ বেয়া
হয়তোবা ভাল আৰু বেয়াৰ মাজৰ কিবা এটা
কিন্তু ভাল মানুহেই হওঁ বা বেয়া মানুহেই হওঁ

মই কেৱল মানুহ
হিন্দু অথবা মুছলমান নহয়
 ---------------------- 
অনুভৱ
-ধীয়াশ্ৰী দাস
দুই এডাল ৰূপালী চুলিয়ে
দেখা দিয়া পিতাইৰ মূৰটো
পিতিকি পিতিকি
এদিন কৈছিলো.......
পিতাই তই চোন বুঢ়ায়ে হলি

পিতাইয়ে হাঁহিছিল।
অস্ফুট মাতেৰে ভোৰভোৰাইছিল.....
আই অ এয়াতো বয়স নহয়।
তহঁতৰ বুকুৰে নিগৰি অহা
হুমুনিয়াহবোৰেই বগা ৰং লৈ
মোৰ মূৰত গজিল!
 -----------------
আহিনৰ কবিতা
-ৰূপজ্যোতি গগৈ
যদিও আহিনে আহি বজালে বাঁহী
মনৰ ফুলনিত মোৰ
ফুলা নাই শেৱালি
কঁহুৱাৰ কোমল কঁপনিত উৰা নাই
হিয়াৰ মন্দাক্ৰান্তা পখী

আগেয়ে নবজা এই কৰুণ বাঁহী
বাজিছে অবধি
যোৱাতো আহিনতে তেওঁ যে গল আঁতৰি

আজি যেন অলখ আবেলি
আহিন যেন পূৰ্ণতাৰে
নাম আন এটি

চিপ্ চিপ্ বৰষুণজাকো অজান চিনাকি

হৃদয়ত সকৰুণ উচুপনি

আইয়ো যে ৰিক্ত আজি
------------------
ভালপোৱাৰ মালিতা
-     অৰ্চনা কাৰাম, হোজাই

..মই যদি গাওঁ পুৰাতন পৃথিৱীৰ সেই গান..
পুৰাতন প্ৰেমিকা হৈ,
আধৰুৱা ৰংবোৰৰ সমগ্ৰতাত
"আমি" নামৰ অনুভৱত,
নীলাৰ কাৰণে অলপ ভালপোৱা সাঁচি থৈ বাকীবোৰ সেউজীয়াৰ নামত উপচাই দিম ..
'ব ন'!
আবতৰীয়া হলেও ঐনিতমৰ সুৰৰ লহৰত ভালপোৱাৰ মদিৰাৰ ৰাগিত দুচকুৰ নীলিমতাত ডুবি কব নোৱাৰা
সেই পুৰাতন কাহিনী হোৱা কথাবোৰ কবলৈ বিচাৰিম
হয়তো ওঁঠ কপিব হলেও ক'ব বিচাৰিম
ভাললগাবোৰ
ক্ৰমাৎ প্ৰিয় বৰষুণজাকৰ উপস্হিতিত দিচাংৰ পাৰত বেলি লহিওৱাৰ দৃশ্য উপভোগ কৰিম,,
এই ভাললগাৰ ছন্দত
আজন্ম পুৰাতন প্ৰেমিকাৰ ভালপোৱাৰ মালিতাত খোদিত হ'
"আমি" নামৰ সত্তা।।

 --------------

ভালপোৱাৰ স্ত
-গুণমণি  কলিতা
ভালপাও বুলি নক'বা
নক'লেই ভাল
'লেই যদি ভাঙি পৰে মোৰ অভিমানৰ সেউজীয়া ডাল
টো-টোল অভিমানবোৰ
হিয়া ভৰাই ৰাখে চোন
ৰু-ৰুৱাই বাজে,
তুমি কেৱল মোৰ
' মোৰ সোণ
ভালপোৱাৰ পুখুৰীটোত
জপং জপং কৈ উপঙি উঠিল অভিমান
থাকক দিয়া
সিঁচি দিলেই যে বুকু হৈ পৰিব তৰাং
ঠ বোৰো হৈ পৰিব খৰাং
কাষলে আহা সোণ,
চুমা বোৰ কৰি দিও সমান সমান
দেহাত ও,
আজিকালি
অভিমান বাঢ়িছে,
বাঢ়িছে ভালপোৱা,
তোমাক নেদেখুৱাই কাক দেখুৱাম কোৱা
মোৰ ভালপোৱাৰঙী কলিজা
----------------------

আঘোণীৰ বুকুত সোণগুটিৰ হাঁহি
-গীতিকা কলিতা নাথ
ৰঙিয়া
আঘোণীৰ বুকুত সোণগুটিয়ে হাঁহিছে
কাচিয়ালি ৰদৰ পৰশত
মৌনতা ভেদি
তাইৰ বুকুত নিগৰি আহিছে
মুঠি মুঠি ভৰা
হাঁহিৰ জোলোঙা...
বতাহজাকে কঢ়িয়াই আনিছে
সুখৰ সম্ভাৰ
আৰু
ধৰিত্ৰীৰ বুকুত ঘৰ্মাক্ত দেহৰ জীপালতা
সোণগুটিৰ দেহত আঙুলি বুলাই
প্ৰেমিকে হাঁহিৰ গুঞ্জন তুলিব
লাহে লাহে গাভৰু হৈ উঠিব
সোণোৱালী বীৰ্যৰ নৱৰূপ
 ------------------
প্ৰেম স্বৰ্গীয়
- তৃষ্ণা দাস

গোলাপৰ পুলি এটা পালন কৰিছিল সিহঁতে

সেইটোটেই জীয়াই ৰাখিব খুজিছিল সিহঁতৰ ভালপোৱাবোৰ
জীয়াই ৰাখিব খুজিছিল ব্ৰহ্মাণ্ডৰ চিন্তাৰ বাহিৰৰ অথচ সিহঁতৰ গভীৰ প্ৰেম

সিহঁতে পালন কৰা গোলাপৰ পুলিটো এদিন পোখাইছিল
লগত এটি কলি, কলিটো জন্মিছিল সিহঁতৰ ভালপোৱাৰ ঔৰসত

সমাজ এখন আছিল সিহঁতৰ মিলনত বাধা হৈ
কিন্তু গোলাপজোপা ফুলিছিল সকলো বাধা অতিক্ৰম কৰি

সিহঁতৰ প্ৰেমে জন্ম দিব নোৱাৰিলে দেৱশিশু

গোলাপজোপাই দিলে শ শ শিশুক দেৱশিশু হোৱাৰ আশীৰ্বাদ

সিহঁতৰ ভালপোৱাৰ ঔৰসত জন্ম হ'ল ৰঙা ৰঙৰ "বৈধ" সন্তান
অথচ সিহঁতৰ প্ৰেম সমাজত আজিও "অবৈধ" বুলি স্বীকৃত

প্ৰেম স্বৰ্গীয় ! সকলো বাধা অতিক্ৰম কৰি প্ৰেমে পূৰ্ণতা লভে
গোলাপজোপাই পূৰ্ণতা দিছিল সিহঁতৰ প্ৰেমক

হাঃ হাঃ হাঃ সমাজ !
প্ৰেম তোৰ আঙুলিৰ ইচাৰাত নচলে
চলা হেঁতেন পৰিশেষত "প্ৰেম স্বৰ্গীয়" ধ্বনি শুনা নগ'লহেঁতেন !
---------------------

স্বৰ্গীয়তাৰ আত্মকথা
(এজন অভিমানী পুত্ৰৰ হাতত মৰমেৰে।)
- জেৰুলিনা হাফিজ

একোলা দোকোলা কৰি তই ডাঙৰ হৈছিলি পুতাইধন।
সিমানৰ জোখৰ ডাঙৰ নাছিলি যিমানত তোক মই
দিব পাৰিলো হৈ সংগোপিত উক্ মুকণিৰ বৰ্ণনা।
পুতাই তই মোৰ গৰ্ভৰ সন্মান ৰক্ষা কৰিছিলি 
পুত্ৰ হৈ জন্মি।
সপোনৰ ডৰিকণা জপিওঁৱা তোৰ ডাঙৰ চকুহালত
বিসৰ্জন দিছিলো মোৰ অসন্তুষ্টিৰ বীজবোৰ।
কিন্তু পুতাই কিমান দিনলৈ বিসৰ্জন দিম মোৰ
 
আত্ম -সন্মান??????
ৰাতি ৰাতি উচুপিছিলো শেতেলিত পৰি।
তই সাবটি ধৰি বিৰ্ বিৰাইছিল তোৰ গধুৰ গধুৰ সপোনবোৰ।
মোৰ বুকুৰ গৰাখহনীয়াত
তোৰ সপোনবোৰ চপৰে চপৰে সৰে
 
তই কান্দ' সপোন হেৰুৱাই
 
মই উচুপো বাট হেৰুৱাই।
পুতাই মইও বিচৰা নাছিলো
বৃত্তত ওলোমাব মোৰ
 
অপ্ৰকাশ্য অভিমানবোৰ ।
ওলোমি থাকোতেও চকুত অগা -দেৱা কৰিছিল
তোৰ নোদোকা মুখখন।
কিন্তু জানিছিলো এদিন সফল হ'বি তই জীৱনত।
অতাব পাৰিবি ভনীয়েৰহতঁক।
কাৰণ তই মোৰ পুতাই।
আজি তই মোক ঘৃণ কৰ।
কাৰণ মই পৰাজিত মাতৃ।
কি কৰিম পুতাই
 
বিৰহত কোঙা হৈছিল মোৰ শৰীৰ।
কওঁ বুলিও ক'ব পৰা নাছিলো তোক
লুকাই ৰখা মোৰ যন্ত্ৰণাৰ অযুত কথা,
দিও বুলিও দিব পৰা নাছিলো
 
মোৰ অসুখী মনৰ বাৰ্তা।
কিয় কৰিম সোণ, সময় যে নাছিল
 
তোৰ -মোৰ পক্ষত।
মোৰ পিনে এবাৰ ঘুৰি চা পুতাই,
তোক এৰি মই ও শূণ্যতে ওলমি থাকিলো চিৰদিন।
এবাৰ মুখ ফুটাই কথা পাত্ মোৰ লগত।
আকৌ এবাৰ সাবটি ধৰি সপোনবোৰ
গুণাগঠা কৰ্ ।
বৰ আকুলতাৰে দূৰ হৈছিলো তোৰ পৰা।
 
তোৰ অভিমানৰ উত্তৰ দিবলৈও
 
মই অসমৰ্থ।
ওলমি ৰোৱা মাতৃ মই।
পুতাই অভিমানবোৰ পেৰাত সুমুৱাই
মনত কৰ্ ছোন এবাৰ মোলৈ।
এবাৰ মাত আই বুলি।
বি.দ্ৰ: শূণ্যত ওলমি ৰোৱা মাতৃজনীয়ে আজিও মাজনিশা ৰাউচি জুৰি কান্দে

-------------------------
     বেটুপাত, দ্বিতীয় বৰ্ষ, প্ৰথম সংখ্যা - ২০১৭
          মা দূৰ্গা
                                          : কুমাৰ ৰাহুল,
গনেশগুড়ি, গুৱাহাটী
ফোনঃ ৯৭০৬২০৯৬৬২
আহিছা তুমি মা
বছৰ ধৰি বাট চায় তোমালৈ
আছো মনত ভক্তি লৈ।
আহিছে গনেশ আহিছে লক্ষী
আহিছে সৰস্বতী ও কাৰ্তিক
সকলোৱে মিলি হৈছা শক্তিৰ প্ৰতীক
চৌপাশে আনন্দ কেৱল
বাজিছে ঢোলৰ মাত।

সকলোৱে মিলি গাইছে কেৱল
তোমাৰে জয় গীত-মাত
নতুন বস্ত্ৰ পিন্ধি
হাতত ধূপ-দীপ লৈ
আহিছে ভক্তগণ তোমাৰে চৰণত।
কৃপা কৰা হে জগত জননী
জগতৰে শক্তি
হে জগত আম্বা সকলো দুখ, কষ্টৰ পৰা
তুমিয়ে উদ্ধাৰ কৰা
****
দূৰ্গা পূজাৰ আদৰণি
: কংকন দাস,
পাণ্ডু কলেজ
মালিগাওঁ, গুৱাহাটী

আহিনৰ সুবাসত সকলোৰে মন বলিয়া হৈ উঠিছে
এটোপ দুটোপ কৈ নিয়ৰ সৰিছে।
উলহ-মালহৰ দূৰ্গা পূজা আহিছে সকলোৱে ব্যস্ততাৰ মাজতে
মা দূৰ্গা দেৱীক আদৰিছে।
মা দূৰ্গা দেৱী সাজি-কাচি আহি সকলোৰে মন মোহিত কৰিছে
মা দূৰ্গা দেৱী আহিছে।

সকলোৱে একে প্ৰাৰ্থনা কৰিছে।
সকলোৱে শান্তি বিচাৰে সম্ৱৃদ্ধি বিচাৰে
দূৰ্গা দেৱীয়ে সকলোৰে কাৰণে সুখ শান্তি আনিছে।
মা দূৰ্গা দেৱীয়ে শক্তিৰ অনুভূতি বিলাই যাব যুগে যুগে
নোৱাৰে আজি থাকিব অসুৰ গণে
মা দূৰ্গা দেৱী আহিছে সকলোতে পূজা অৰ্চনা চলিছে
ভক্তিভাৱেৰে মা দূৰ্গা দেৱীক আদৰিছে।
****
আশাৰ দোকমোকালি
: ৰুক্মজ্যোতি মেধি

হৃদয় কেনভাছৰ দুৱাৰডলি,
আজি উদুলি-মুদুলি।
মনৰ ঘিটমিটীয়া পদূলিত জোনাকৰ উৰুলি।
প্ৰহেলিকাময় চিন্তাৰ কেঁকুৰিত,
প্ৰাপ্তিৰ এক মিঠা সুহুৰি।
বিষন্নতাৰ ছায়াবোৰ নেওচি,
আনন্দৰ কিৰিলি।
আঁউসী ৰাতিৰ দলিচাত,
হেঙুলি আভাৰ জিলিঙনি।
****
নষ্ট চৰিত্ৰৰ নাৰী হেনো মই
:  তৃষ্ণা বৰা, ধিং

নষ্ট চৰিত্ৰৰ নাৰী হেনো মই।
কিহৰ বাবে
ভোকৰ তাড়নাত পৰি
এমুঠি অন্নৰ বাবে সহায়ৰ হাত আগবঢ়াইছিলো
একো একোজন! স্বনামধন্য
ব্যক্তিৰ ওচৰত।
পালো কি মই? তেওঁলোকৰ পৰা?

মোতকৈও ভোকাতুৰ দেখোন তেওঁলোক

অন্নৰ নহয়
দেহৰ
যৌৱনৰ

তেওঁলোকৰ দৃষ্টিত
কলুষিত হৈ পৰে মোৰ
দেহ-মন
সৰ্ব শৰীৰ
কপি উঠে বুকু
জ্বলি উঠে হিয়া!

তথাপি! তেওঁলোক স্বনামধন্য ব্যক্তি।

সিহঁতৰ নিৰ্লিপ্ত কামনাই
মোক কৰি তোলে ভয়াতুৰ

নষ্ট চৰিত্ৰ নাৰী হেনো মই
কিহৰ বাবে…??

পুৰুষ কিয় নহয় নষ্ট?
কিয় নহয়?
কিয় নাথাকে সিহঁতৰ গাত চেকা

গৰ্ভধাৰণ কৰিব নালাগে যে সিহঁতে
এইকাৰণেই নেকি বাৰু?

কিয় কামনাৰ বলি হোৱা তিৰোতাই
নাপাই কোনো সঁহাৰি?
পায় মাথো এটা উপাধি!
বদনামী!
আৰু বদনামী!

কিয় এজন বলাৎকাৰীয়েও (শোষণকাৰী) পায় এগৰাকী
জীৱন সঙ্গিনী
নিৰ্ভীক ভাৱে
জীয়াই থকাৰ শকতি।

এয়া কিহৰ ন্যায় (এইবোৰ)
কিহৰ?

আছে উত্তৰ?
সকলো নিৰোত্তৰ!!
****
ৰাধাৰ হেনো আজি বিয়া
: স্পন্দন পলাশ, নগাওঁ
ফোনঃ ৯৮৫৪৬৮৮৪১৮
আজি সন্ধিয়া মই গোলপীয়া উছৱ পাতিম
তুমি ৰাধা হোৱাৰ উছৱ
.
শাৰী শাৰী সেউজীয়াৰ মাজত
তোমাৰ দীঘল পদুলিৰে সোমাই আহিব এখন আকাশ
তৰাবোৰৰ স'তে তোমাৰ কঁপালত আঁকি দিব
দগমগীয়া ৰঙা এটা সুৰুয
নতুন ঠিকনা দিয়া আকাশৰ স'তে
এলিয়েন এটা হৈ
তুমি জোনাক হোৱাৰ আখৰা কৰিবা
তোমাৰ এচেৰেঙা জোনাকত
মই মোক পখালিম
.
তোমাৰ হেনো ৰাধা হ'বৰ মন নাই
ৰুক্মিণী হ'বা
নীলা সাগৰ এখনে বহন কৰিব তোমাক
তুমি নদী হ'বা
মোৰ দুখৰ পুখুৰীটোত গুলপীয়াবোৰ সিঁচি
হালধীয়া মাছ এটাৰ স'তে মই কবিতা গাম
বেঙুনীয়া হোৱাৰ কবিতা
উদযাপন কৰিম গুলপীয়া উছৱ

তোমাৰ বাবে গকুলতো পাতিব সুমথিৰা সভা
দ্বাৰকাতো
টাইটানিক এখন হৈ বুৰ যাম আটলাণ্টিকত
ঘননীলা বিচাৰি
নীলাবোৰৰ স'তে মই গুলপীয়া উছৱ পাতিম
কালিদাস হ'
লিখিম- "অভিজ্ঞানমশকুন্তলম"
.
মোক বলীয়া কৃষ্ণ বুলি নাহাঁহিবা
মই কৃষ্ণ হ'ব নাজানিলো
****
নেন' কবিতাঃ পৰকীয়া
: বাস্তৱ মৰাণ,
চেন্নাই – ১৩
ফোনঃ ৮৪৩৮৪১৬১২৪

তেওঁক চিনি পাবা
মিঠা ওঁঠ দুটা ৰঙা
তপত কলিজাখন যেনে৷
পৰিশেষৰ ঠিকনাটো এন্ধাৰ
চিতাৰ পোৰা মঙহৰ দৰে৷
****
শাৰদী ৰাণী
: ৰথীন্দ্ৰ কুমাৰ নাথ

প্ৰকৃতিৰ অমিয়া ৰসত তন্দ্ৰামগ্ন
মননশীল ভৱদীয় বতৰা
আশ্বাসৰ হেদালি গুচাই সোমাই আহিব
স্বপ্নীল প্ৰাচুৰ্য শাৰদী ভৰা
স্বল্পবসনা গছত পিন্ধাই শ্যামলী আভা
মননশীল মাধুৰ্যৰে মন উতলা কৰা
দিৱাস্বপ্নৰ বেদনাত দুলি থকা মনৰ
নিৰ্লিপ্ত আচ্ছাদন গুচাই
পৰিধান কৰা প্ৰেম অমৃতৰ মালা
কিদৰে বুজিবা তুমি
থাকে যে সৃষ্টিত অযুত যন্ত্ৰণা, কলীয়া ডাৱৰে আৱৰা
কৰাহি মোক আলিংগন শাৰদী ৰাণী
মই যে এতিয়া স্বপ্নবিভোৰ
ওঁ‌ঠত তোমাৰেই বাণী
****
মোৰ হৃদয়ত ফুলা এপাহ- শেৱালি
: গায়ত্ৰী শইকীয়া,
 গোলাঘাট, কমাৰগাওঁ

মনত পৰে শৰতৰ সেই আবেলিটোলৈ,
আবেলিৰ হিম চেঁচা বতাহজাকে
মোক উৰুৱাই লৈ গৈছিল
তোমাৰ কাষলৈ।
স্বপ্ন বিভোৰ হৈ ময়ো যেন,
শিমলু তুলা উৰাদি উৰিছিলো
মোৰ হৃদয়ৰ আবেগবোৰ তোমাক ক'বলৈ।

আৰম্ভ হৈছিল মোৰ হৃদয়ত
আবেগ অভিমানৰ এখন যুদ্ধ,
সিদিনা মোৰ অন্তৰৰ আবেগবোৰ
একোপাহ শেৱালি ফুললৈ পৰিণত হৈছিল।
যাক মই আলফুলে ধৰি
এধাৰি মালা গাঁঠিছিলো,
মাথো তোমালৈ।

লোমহৰ্ষ হৈ উঠে
শৰতৰ শৰদিন্দুৰ শীতলতা দেখি,
ব্যাকুল হৈ পৰো মই
জোনাক নিশাৰ জোনাকী লেখি।
তুমি যেন,
ৰাত্ৰি ফুলা এপাহ শেৱালি।
এনিশাৰ সৌন্দৰ্য বিলোৱাৰ দৰে
মোৰ জীৱনত স্বৰগমৰ ধ্বনি দিলা বিদাৰি।
****
আমি পোহৰৰ সন্তান
: পৰশমণি কাশ্যপ
(১)

হাঁহি অলপ ধাৰলৈ দিয়ক
মই সপোনবোৰ দিম
আবেগৰ জেণ্ডাৰত

হৃদয়ৰ ফেচবুকত যন্ত্ৰনাবোৰৰ প্ৰফাইল
দুখৰ মেচেঞ্জাৰত আহে হালধীয়া বাৰ্তা
দুচকুৰ ৱাটচ্এপত বিচাৰো আশাৰ সন্ধান

(২)

সুখ লাগিছিল এপোৱামান
কোনখন বজাৰত কিনিবলৈ পায়?

বাতিৰামৰ পুতেকে নিতৌ সুখ কিনে
কাৰেপাৰাত ৰহিমলা বায়ে বেচে দহটকাত সুখ
ঠোঙাটো চুপি চুপি মতলীয়া সি

ইমান সুখ মোক নালাগে
দুখৰ চোলা পিন্ধি নিকিনো
কেজি কেজি সুখ
এপোৱা মানেই ভাল
অলপ অলপকৈয়ে ৰান্ধিম সুখ

(৩)

আয়ে কলে চাউল এটাও নাই ৰাতিলৈ
ভোকৰ বিৰুদ্ধে বান্ধিলো টঙালি
পিতায়ে আনিলে বাৰীৰ কলাকচু কাটি
আইৰ মুখত সুখৰ চমকনি

বৰ ভাল জোনটোৱে মুধচেৰে দিয়ে পোহৰৰ ৰেঙনি,
জোনটো মহান।
বৰষুণজাকহে আপদীয়া
তিয়াই পেলাই মোৰ বিষাদৰ বিচনা

চকুলোৰে ভদীয়া বান আহে
যন্ত্ৰনাই বজাই হাঁহাকাৰৰ তানপুৰা

(৪)

সুৰুয ককাই সোমাই আহে বেৰৰ জলঙাৰে
ৰাতিপুৱাটোৱে লৈ আহে সেউজীয়া

আন্ধাৰৰ শেষতেই পোহৰ আহে
দুখৰ চোলা পিন্ধিয়েই মানুহে কিনে সুখ
মুঠি মুঠিকৈ কঢ়িয়াই হেপাঁহ

বেজাৰে নোৱাৰে টলাব
আশাৰ কঠীয়াবোৰ লহপহাই বাঢ়ে

আমি পোহৰৰ সন্তান।
****
তোমাৰ সৈতে এটি ক্ষণ
                             : বন্দনা নাথ,
মধুকুছি, ৰঙিয়া
বান অহাৰ দৰে পছোৱা বলাৰ দৰে
হঠাত্ এদিন তুমি আহিছিলা
আৰু জিৰাইছিলা মোৰ গোপন বাগিছাত..
যদিওবা অচিনাকি আছিল সেই ক্ষণ
চকুত চকু থৈ সুধিছিলো
তোমাৰ নাম, ঘৰৰ ঠিকনা
পলক নেপেলোৱাকৈয়ে উত্তৰ দিছিলা তুমি।
আৰু....
সেই সময়তে এচাতি কোমল বৰষুণে
আমাক লগ ধৰিছিল, আৰু মই তিতি যোৱাৰ ভয়ত ছাতিটো মেলিছিলো...
তেতিয়াই তুমি যে মোক কৈছিলা
ছাতি নেমেলিবা ছাতি মেলিলে ৰামধেনু কেনেকৈ দেখা পাবা
****
এনাজৰী
: বৰ্ণালী কলিতা,
হাতীমাৰা, দৰং

পাইন পাতত বতাহৰ
ঝিৰ-ঝিৰ গান বাজিছিল
সিদিনা, যিদিনা তুমি মোক আপোন কৰিছিলা

মোৰ হাতত তোমাৰ হাত থৈ
তুমি কৈছিলা- কোনেওঁ নেদেখে
জোনটোত পাইন পাতৰ ওৰণি
মোৰ কাষত বহা
আৰু কৈছিলা- তুমি ভৈয়ামৰ মই পাহাৰৰ...

তোমাৰ ঘৰত প্ৰথম খোজ পেলোৱাৰ দিনা
মাজনিশা বাজিছিল ঐনিতমৰ সুৰ
ঢিমিকি-ঢামাক চাকিৰ পোহৰত
তোমাৰ গাত জিলিকিছিল 'মিবুগালুক'
তোমালোকৰ--তোমালোকৰ চাঙঘৰত বহি
তোমাৰ ''মা''ৰ সৈতে খাইছিলোঁ
তৰাপাতত বৰা চাউল দি ৰন্ধা 'পুৰাং'
তোমাৰ আয়ে জপাৰ পৰা উলিয়াই দিয়া
'ৰিবিগাছেঙে' মোক আদৰি লৈছিল
মিছিং বোৱাৰী বুলি

তেতিয়াই স্থিৰ কৰিছিলোঁ
মোৰ মনৰ এটি সিদ্ধান্ত
'মই ভুল কৰা নাই';

মই ভৈয়ামৰ আৰু তুমি পাহাৰৰ
আমি দুপাহ পবিত্ৰ ফুল
বান্ধ খাইছোঁহি একেডাল মৰমৰ এনাজৰীত...
****
মই বানপীড়িত
: নুৰ আলম,
লক্ষীপুৰ, গোৱালপাৰা
ফোনঃ ৮৮৭৬৭৬৮২৯৬
ভোকবোৰ আৰু ভোকাতুৰ হবনে!!
তৃষ্ণাবোৰ আৰু তৃষ্ণাতুৰ হৈ পৰিব নে
মৃত্যুবোৰ আৰু কঠিন হৈ পৰিব নে
ৰাতিবোৰ আৰু দীঘল হব নেকি
মই ভয়লৈ ভয় কৰা হৈছো
মই প্ৰভূলৈ আবেদন কৰিছোঁ,
মোৰ সন্তানে সোণোৱালী
বসন্ত গৰকা নাই
তাক লৈ নাযাবা তোমাৰ কাষলৈ
প্ৰভূ! লাগিলে সিহঁতক লৈ যাবলৈ কোৱা
মোৰ বুকু ফালি কলিজা
তথাপিও মোৰ সোণটিক বানৰ নিৰ্যাতনৰ পৰা
ৰক্ষা কৰিবলৈ কোৱা
আৰু সহ্য নহয় সন্তানৰ চিঞৰ
মই বানপীড়িত প্ৰভূ
দিছপুৰৰ চাহাবহঁতৰ বুকুত অলপ
সহানুভূতি দান কৰা
আকৌ দিব লাগিব নহয় ভোট
এতিয়া নিৰ্বাচন অহা নাই
সহানুভূতি কেনেকৈ দেখুৱাব
সন্তানৰ শোকত জৰ্জৰিত
এই কলিজাত কিমান আৰু
দুখ লাগিব।

 ****
তুমি মিছাতে ভয় কৰিছা
: বিকাশ দিহিঙ্গীয়া, ঢকুৱাখনা
ফোনঃ ৮৪৭২০৪৮৪৫১

তুমি মিছাতে ভয় কৰিছা,
হাইলাইটেদ চুলিৰ ছোৱালীজনী
তোমাৰ প্ৰেমত মই পৰা নাই,
সিমানখিনি যোগ্যতা মোৰ নাই
নাই সিমানখিনি ধৃষ্টতা
যিমানখিনিৰে তুমি
তোমাৰ কঁ‌পালত আঁ‌কিব পাৰিবা
মোৰ নামত আঘোনৰ পকা বেলি এটা

কেতিয়াও তোমাৰ প্ৰেমত নপৰোঁ‌
কাৰণ আকাশ চুৱাৰ বাসনা
বুকু ভৰি থাকিলেও
বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ
মূৰ্খামী মই কৰিব নোৱাৰো

মই প্ৰেমত পৰিছো
সেই সৰু ছোৱালীজনীৰ
যাৰ নয়নভৰি ফুলি থাকে
এজাক সূৰুযমুখী স্বপ্ন,
যাৰ খোজৰ ছন্দত হালে-জালে
মথিয়ন বৃক্ষৰ কেঁ‌চা কুঁ‌হি,
যাৰ আঙুলিৰ পৰশত পলকতে নাচি উঠে
ৰামধেনুৰ সাতোৰঙী দণ্ড,
যাৰ ওঁ‌ঠত অনবৰতে গুণগুণাই থাকে
এটি খিল-খিলিয়া হাঁ‌হি

যি সুখী হয় আনৰ সুখত
যি দুখী হয় আনৰ দুখত
যি কান্দি উঠে পাখি ভগা চৰাইটোৰ বাবে
যি হাঁ‌হি পৰে নকৈ মাত ফুটা ফুটুকীৰ সতে
যাক তুমি কঢ়িয়াই ফুৰিছা নিজৰ সত্তাত
যাক তুমি সী লৈছা নিজৰ কলিজাত

সেই ছোৱালীজনী হ'ব পাৰে প্ৰেমৰ নৱতম সংজ্ঞা
'ব পাৰে ফাগুনৰ মন মতলীয়া পছোৱা বা
'ব পাৰে মোৰ বাবে অফুৰন্ত উৎসাহৰ ভাণ্ডাৰ
নতুবা হ'ব পাৰে বুকুৰ ভিতৰৰ সুকোমল হৃদয়
যাক তুমি কঢ়িয়াই ফুৰিছা নিজৰ সত্তাত
যাক তুমি সী লৈছা নিজৰ কলিজাত

তুমি মিছাতে ভয় কৰিছা
তোমাৰ প্ৰেমত মই পৰা নাই,
সিমানখিনি যোগ্যতাও মোৰ নাই
নাই সিমানখিনি ধৃষ্টতা
যিমানখিনিৰে তুমি
তোমাৰ কঁ‌পালত আঁ‌কিব পাৰিবা
মোৰ নামত আঘোনৰ পকা বেলি এটা……
****

বেটুপাত, প্ৰথম বৰ্ষ, দ্বাদশ সংখ্যা - ২০১৭



চেৰাপুঞ্জীৰ কবিতা
                                           : জয়ন্ত দাস

তুমি চেৰাপুঞ্জীৰ সেউজীয়া পাহাৰ
স্থিৰগম্ভীৰ
তুমি মেঘ ভাল পোৱা

মেঘ!
মেঘ উৰে!
বতাহৰ বলত , বতাহৰ বেগত

মেঘ!
ষোড়শী গাভৰু হৈ আকাশত উৰে

মেঘ!
তৰাবোৰৰ চকুলো হৈ পৃথিৱীত সৰে!

মেঘেও তোমাক  ভাল পায়
সেই কথাবোৰ বতাহজাকে জানে

শীতৰ সেমেকা দিনত
ভাগৰুৱা বতাহজাকৰ সতে
মেঘবোৰে জিৰণি লয় তোমাৰ বক্ষৰ সেউজীয়া শৃঙ্গত

যেতিয়া
বৰ্ষাৰ কোনোবা দিনত
'দ এজাকৰ অপেক্ষাত তোমাৰ  পিৰালিত বহি
চৰাইবোৰে গুণগুণায়
বুকুৰ দুখৰ গান

বিচলিত হয় মেঘৰ শুকুলা প্ৰাণ

মেঘে লৈ যাব বিচাৰে তোমাক  আকাশলৈ!
তোমাক দেখুৱাব বিচাৰে মেঘে
আকাশৰ সীমনাত থকা
'দৰ ঘৰ
'দ হেনো মেঘৰ আপোন বান্ধৱ
জন্ম জন্মান্তৰৰ

মেঘে জানে মেঘে বুজে
তোমাৰ অন্তৰত নিৰবে বাজি থকা
ঐনিতম অথবা দুখৰ সুৰৰ লহৰ। 

ইৰ্ষা হয়  বতাহজাকৰ!

অভিমানী অহংকাৰী সেই বলিয়া
বতাহজাকে উৰুৱাই লৈ যায় মেঘক
দূৰলৈ দিগন্তলৈ

কিন্তু তুমি!
তুমি চেৰাপুঞ্জীৰ সেউজীয়া পাহাৰ
স্থিৰ।  গম্ভীৰ
তুমি  মেঘৰ সতে উৰিব নোৱাৰা

কাৰণ -
তোমাৰ বুকুতে গছ

তোমাৰ  বুকুতে জীয়া শিল
যিয়ে দুখবোৰৰ সতে গুপুতে বাঢ়ে

মেঘে তোমাক  ভাল পায়
কিন্তু
মেঘে ৰব নোৱাৰে  তোমাৰ কাষত
সেয়ে মেঘে
দূৰৈৰ পৰাই  মাথোন হুমুনিয়াহ কাঢ়ে


বলিয়া  বতাহজাকে
এদিনাখন আকৌ মেঘক তোমাৰ কাষলৈ লৈ আহিব ।
অসহনীয় বিৰহৰ দুখবোৰৰ সতে তোমাৰ বুকুৰ শিলচতাত মেঘে মূৰ  থেকেছি

কপাল ফাটি বৈ যাব মেঘৰ শুকুলা তেজ!
আৰু
তোমাৰ সেউজীয়া বসন তিয়াই বৈ আহিব
এটি নতুন জলপ্ৰপাত!

***

স্বাধীনতাৰ প্ৰশ্ন বোৰ
                             নৱ যুগল কাশ্যপ
লেৰেলি যোৱা বক্ষত ভোকাতুৰ শিশুৰ কামোৰ ,
ফুটপাথত দিকভ্ৰষ্ট দেশৰ ভৱিষ্যত ।
বৰষুণে ধুই নিব খোজে সহস্ৰ জনৰ চকুপানী  ,
এমুঠি অন্নৰ বাবে আজিও দাষ্টবিন হয় কুৰুক্ষেত্ৰ  
দিন অথবা ৰাতি ..... ।
 নিৰাপদৰ সংজ্ঞাত ব্যৱহৃত নহয় কোনোতো ।
তথাপি ভাৰত মাতা কি জয় আৰু জয় আই অসম ।
তুমি দলিত হোৱা বাবেই  চাকৰিটো তোমাৰ যদিওবা পঢ়াত তোমাতকৈ ভাল আছিলো মই ।
বিলাসী হস্পিতাল , বিলাসী মল , বিলাসী হোটেল ....
সকলোবোৰ বিলাসী ইয়াত ।
যদিওৱা কুকুৰৰ মুখৰ পৰা কাঢ়ি খাওঁ ৰুটিৰ টুকুৰা ,
ধনী মানুহৰ বিষ্ঠা উটি যোৱা নলাৰ পানীৰে গুচাও তৃষ্ণা ।
আজিও ইয়াত  সূৰ্য্য টোৱে বেছিকৈ পোহৰ দিয়ে হিন্দুক ,
মুচলমানৰ বাবে বেলেগ আকাশত ওলাই ঈদৰ জোন ।
 বৰদিনত শীত নপৰে ।
 গৰু আমাৰ বাবে প্ৰাণী নহয় যদিওবা ভাষণৰ শেষত ডাঙৰকৈ কও ,"অহিংসা পৰম ধৰ্ম"

তথাপি  ভাৰত মাতা কি জয় আৰু জয় আই অসম  ।

মই দেখা নাই ৰাষ্ট্ৰীয়বাদে গুচোৱা  পেটৰ ভোক কিম্বা  জাতীয়তাবাদে ।
দেখা নাই অসম আন্দোলনত দেউতাক কোবোৱা ভাৰতীয় সেনা জনক ,
মই দেখিছোঁ ৰাতি ৰাতি বিষত উচুপি উঠা তেওঁৰ  মুখ খন ।

মই দেখিছোঁ অসম আন্দোলনত কোঙা হোৱা ককাইদেউৰ ভৰি ।
সেহাই সেহাই তেওঁ কৈ যায় - কেনেদৰে আন্দোলনৰ নামত ৰজা হল এচাম আৰু আমি বিকলাংগ চিৰদিনৰ বাবে ।
মই দেখিছোঁ, দেউতাকৰ নাম সোধাতে কান্দোন মুৱা হোৱা লৰাটোক ।
সি নাজানে সেই ৰাতি তাৰ মাকক কিমান বাৰ উলংগ কৰা হৈছিল
তথাপিও  ভাৰত মাতা কি জয় আৰু জয় আই অসম  ।
শত ডেকাৰ তেজৰ কৰালত ফুলাব খুজিলেও গোলাপ ,
সি জানো হ'ব পাৰে শান্তিৰ প্ৰতীক ?
বছৰে বছৰে জন্ম হয় সহস্ৰ বদন।
বাহিৰৰ বণিয়াই বাৰে বাৰে বেচে বিহুক ।
সত্তৰ বছৰীয়া স্বাধীনতাই কি দিলে আমাক ?
কৃষকৰ গলত ৰচী ,
শ্ৰমিকৰ সন্মুখত শূণ্য থালি ।
ছোৱালী জন্ম হয় ধৰ্ষিতা হ'বৰ বাবে ,
'লা ৰঙৰ মানুহ আজিও গ্ৰহণযোগ্য নহয় সমাজত ।
তথাপি ভাৰত মাতা কি জয় আৰু জয় আই অসম ।
যদি উত্তৰ বোৰ তাতেই থাকে ,
এবাৰ কিয় ? হেজাৰ বাৰ ক'ম .. ।
ভাৰত মাতা কি জয়  ।
জয় আই অসম ।

***
নিয়ৰৰ উচুপনি
                                 বিজয়লক্ষ্মী চহৰীয়া
                                       ছিপাঝাৰদৰং (অসম)

                                         দূৰভাষ- ৯০৮৫৫৭৪০৫৭
নিয়ৰৰ দুভৰিত
বন্যাক্রান্তৰ
সৰল উচুপনি।
তোমাৰ পদূলিত
সন্ধ্যাৰ খৰিকাজাঁই,
আৰু
নুৰিয়াই থোৱা
দীঘল ৰাতিটো।

***
তেওঁ 
                      কাৱেৰী বৰা 

 তেওঁৰ বাবেই নিশব্দ ৰাতিবোৰত
প্ৰাণ পাই উঠে হাজাৰটা সপোনে,
সংগোপনে কঢ়িয়াই ফুৰোঁ হেঁপাহ
জী উঠো নতুনকৈ তেওঁৰ বাবেই।

তেওঁৰ বাবেই বিষাদবোৰক নিচুকাও
অভিমানবোৰক হেঁচুকি থওঁ বুকুত,
পোহৰবোৰক দুহাতত সামৰাৰ চেষ্টা
তেওঁৰ বাবেই ৰেণু হৈ বিয়পিব খোজোঁ।

তেওঁৰ বাবেই হাঁহিবোৰক ধৰি ৰাখোঁ
লোটকবোৰ জাহ যায় ঈৰ্ষাত নিতৌ
বুকুৰ শিলবোৰ গলি গলি শেষ হয়
তেওঁৰ বাবেই সময়বোৰক নিতৌ সজাওঁ।

তেওঁৰ বাবেই লিপিবদ্ধ হয় আৱেগবোৰ
উকা পৃষ্ঠাবোৰত জন্ম হৈ একোটি কবিতা,
আঁকি যাওঁ চেনেহবোৰৰ অজস্ৰ ছবি
তেওঁৰ বাবেই খিলখিলাই থাকে চৌপাশ।
***

''মা'' এটি বৈধ শব্দ..
                                       : বৰ্ণালী কলিতা,

                                   হাতীমাৰাদৰং
''মা'', এখন নৈ হ'ব দিয়া মোক
পানীৰ দৰে স্বচ্ছ
সোঁতৰ দৰে শক্তিশালী
বাৰিষাৰ ভৰা নৈৰ দৰে চঞ্চল...

তুমি দুখ নকৰিবা ''মা''
সমাজৰ অজানিতে
গৰ্ভত কঢ়িয়াই লৈ ফুৰিছোঁ এটি নিষ্পাপ সপোন...
একোলা-দুকোলাকৈ বাঢ়িছে সি
তাৰ পিতৃৰ নাম দিব পৰাকৈ
সক্ষম নহয় মই...

এটা এন্ধাৰ গলিত
মোৰ সপোনৰ জন্ম..

''মা'', অজানিতে এন্ধাৰবোৰ গিলি থলো মই
মোৰ গৰ্ভত সূৰ্যসম কৰ্ণ আছে নে অৰ্জুন
মই নাজানো ''মা''...

''মহাভাৰতৰ কুন্তী
আৰু তোমাৰ জীয়ৰী...''

মই ভালকৈ জানো ''মা''
অন্তত তুমি মোক অবৈধ নোকোৱা
নৈৰ দৰে পবিত্ৰ
আৰু সোঁতৰ দৰে শক্তিশালী হ'বলৈ দিয়া মোক
জীৱনৰ জাঁৱৰবোৰ উটুৱাই-উটুৱাই
নিৰলে বৈ যাব খোজোঁ মই...

মোক নৈ হ'ব দিয়া
তোমাৰ দৰে
আৰু দুদিন পিছত মই ''মা'' '
সমাজে এঘৰীয়া কৰিব
চিঞঁৰি-চিঞঁৰি ক'ব-
জাৰজ...জাৰজ...

এটা অবৈধ সন্তানৰ মাতৃ!

''মা'' তুমি দুখ নকৰিবা
ভদ্রতাৰ মুখাৰ বাহিৰে
এই সমাজত আছেইনো কি?
ময়ো দুখ নকৰো ''মা''
অৱহেলিত সমাজৰ এগৰাকী পতিতা মই
তথাপিওঁ গৰ্বিত
কিয়নো ময়ো এজনী মাতৃ...
অবৈধৰ মাজতো শুনিম-
এটি বৈধ শব্দ ''মা''...
***

ব্যৰ্থতাৰ দুটি-স্তৱক
                                  : ছানকুমাৰকলিতা
                              নগৰবেৰা,

                                          দূৰভাষঃ ৭৩৯৯৪২৫১৮১
()
জীৱনলৈ আৰু বহু দূৰ
শেষ হৈ হৈ,
শেষ নোহোৱা
সুখ-দুখৰ,
পোৱা-নোপোৱাৰ
এটা অন্তহীন যাত্ৰা
()
নিৰৱতাত ঠেকা খাই উভতি আহে,
মোৰ ব্যৰ্থতাৰ প্ৰতিধ্বনি,
দুখনো কি?
অৰ্থ কি তাৰ?
মই নাজানো !
হয়তো নিসংগতাই পাতি লোৱা
সুশোভিত কাঁইটীয়া উদ্যান ।
কোনে জানে,
বানেধোৱা খেতিয়কৰ
মনত ঠেহ খোৱা দুখৰ পৰিধি কিমান !

***
চৰকাৰ আৰু পানী
                             : নুৰ আলম
                                     লক্ষীপুৰগোৱালপাৰা
পানী পানী পানী 
তুমি আহা বাঢ়ি,
ৰাইজৰ হাহাকাৰ বাঢ়িব
কাষত থিয় দি নাটক কৰিম আমি।

তোমাক আদৰি আনিবলৈ
পাতিলো নমানী ব্ৰহ্মপুত্ৰ,
পদুম ফুলৰ খেতি কৰিবলৈ
নতুন সূত্ৰ।

ৰাজ কোষ উদং
কেন্দ্ৰ চৰকাৰে নিদিয়ে ধন,
বানত ককবকাই মৰিলে মৰক
ধৰ্মৰ ৰাজনীতি চাই যাওঁক।

বাদ দিয়ক ধৰ্ম নিৰপেক্ষতা !
গো-ৰক্ষাৰ নামত
ধৰ্মীয় সংখ্যালঘুক মাৰিম,
বিদেশীৰ পৰা হিন্দু আনি
ভোট বঢ়াই দিম।

আকৌ হিন্দুক ভগাম
জাত-পাত, উচ-নিচ হিচাপত,
ৰাজত্ব কৰিম চিৰকাল
থাকিম মহা সূখত।

ৰাইজ চিন্তিত হ'লেও
চিন্তা নাই আমাৰ,
শিক্ষা-স্বাস্থ্য দুৰ্বল কৰি
ভৱিষ্যত বনাম অন্ধকাৰ।

চাৰিওপিনে জয় জয়কাৰ
গঠন কৰোতেই আমাৰ চৰকাৰ।
জয় পানী জয় পদুম
জয় চৰকাৰ।

***
অৰুন্ধতী
                               : ভৃগু কুমাৰ হাজৰিকা
                   তিনিচুকীয়া
আজি আবেলি
ল অৰুন্ধতী
উভতি যাওঁ শৈশৱৰ সেই পথাৰখনলৈ

বৰকৈ মন গৈছে
খেলোতো চিগা আলিত
আকৌ এবাৰ উজুটি  খাই পৰিবি তই

আৰু কটা ঘাঁ ভাল কৰিবলৈ
তোৰ ভৰিৰ আঙুলিত বন লগাম মই।
***

ঈৰ্ষা
                      : বিভা দেৱী
                  পাঠশালা
                                ফোন নং-৯৯৫৪৯৮৮৮৭৫
ঈৰ্ষাৰ জুইকুৰা
চিতাৰ জুইতকৈও
নহয় জানো তীব্ৰ?
এয়া  এক মহাজাগতিক সূত্ৰ
চয়তানে পাতে তাতে
নৰমেধ যজ্ঞ।
আস্!!
কিনো যাদুকৰী
ছেকেণ্ডৰ কাঁটাই
লিখে কঁপি কঁপি
এটাই মাথো শব্দ
হিংসা।।
নিশাকুকুৰেভুকিলে
তুমি ওলাবা
খঙত জ্বলি উঠে কৃষ্ণচূড়া--
মেঘৰ চালত
ঈৰ্ষাৰ জুই,
জ্বলিছে দাউ দাউকৈ।
তেজৰ শলিতাৰে
বন্তি জ্বলিছে,
গোসানীৰ চৰণত
উৎকট ঘৰ্ষণ,
জ্বলন্ত স্ফুলিংগৰ
বিস্ফোৰণ বৰ্ষণ
***
এই চহৰৰ অকলশৰীয়া প্ৰেমিকাজনী
                                  : কুমাৰ ৰাহুল
এই চহৰৰ
তুমি ব্যস্ত প্ৰেমিক
আৰু
মই অকলশৰীয়া প্ৰেমিকা।

মন গলেই উৰি যাওঁ মই
নিশাৰ এন্ধাৰত
বুকুত বিষাদ মৰমৰ
উশাহ নিশাহ বন্ধ হয় মৰমৰ।

এই চহৰৰ
তুমি ব্যস্ত প্ৰেমিক
আৰু
মই অকলশৰীয়া প্ৰেমিকা।

বও নোৱাৰো মাক
বুজাম নো মই কাক
চকুৰ চকুলো
চকুতে শেষ হয়
হৃদয় খুলি কম নো কাক

তুমি যে ব্যস্ত প্ৰেমিক
নুবুজা কিয়
হৃদয়ৰ কান্দোন
নিতৌ চকুলো নিগৰে
হৃদয় বান্ধোন...
***

হাঁহি
                     : গীতাশ্ৰী ওজা

মই মোক হেৰুওৱাৰ পৰা,
পুনৰুদ্ধাৰ হোৱাৰ সন্ধিক্ষণত...
চতিয়নাৰ গোন্ধ আৰু পথৰুৱা ধুলিত,
বেলি অস্ত যোৱাৰ পৰত...

বুজি উঠিছিলো নুবুজাকৈয়ে-
হাঁহিবোৰ যে চকুপানীতকৈও যন্ত্ৰনাদায়ক

হাঁহিবোৰো হ'ব পাৰে জিলিকা জোনৰ ৰ'দে পোৰা দাগ
যেনেকৈ আপুনি ভবাৰ দৰে 
'ব পাৰে নহঁহাটো মোৰ অহংকাৰ…।

স্বাভিমানত লুপ্ত বাসনা মোৰ
'ত জীয়া কাহিনী…
ভাললগা ভালপোৱাৰ

'দে পোৰা দাগতেই যে লিপ্ত
চন্দ্ৰমাৰ সমস্ত অস্তিত্ব…।

ওঁঠত ওলমা মোৰ
কদমফুলীয়া হাঁহি ,
তাতেই মূৰ্ত
সুখৰ আঁৰৰ অসুখৰ কাহিনী
***

অভিলিপ্সা
                            : খনিন্দ্র ভূষণ মহন্ত
কথা আছিল
মোৰ শব্দবোৰত তুমি সুৰ দিবা
উশাহত প্রতিধ্বনিত হ'ব গান

কথা আছিল 
ওখ দেৱদাৰুজোপাৰ মাজেৰে তুমি জ্বলি থাকিবা
উজলি থাকিব মোৰ চোতাল

কথা আছিল
হৃদয়ত তুমি এটা একুৰীয়াম সাজিবা
মই নাচি থাকিম জীয়ন মাছ হৈ

কথা আছিল
লহিয়নী বেলিক তোমাৰ খোপাত গুজি দিম
হাঁহি হাঁহি চাই থাকিব আকাশ 

কথা আছিল
ঘড়ীটোক জেপত ৰাখি একেলগে পাৰ কৰিম
নিতাল দুপৰীয়া কিম্বা বর্ষণমুখৰ আবেলি

কিছু দিনলৈ কথাবোৰ তেনেকৈয়ে থাকক দিয়া
আকাংক্ষিত ক্ষণবোৰৰ ক্ষণ গণিয়েই
পাৰ হওক আমাৰ প্রতি ক্ষণ

( সোণপাহীৰ হাতত প্রযত্নে )
***
তোমাৰ ওচৰলৈ আহিছোঁ
                                   : চনম চাংকি দাস
                                       ফোন: ৯৬১৩০৩০৮০৩
                                        গাঁও আৰু ডাক: কচুবাৰী,
                                             জিলা: বাক্সাবি টি এ ডিঅসম

মাত শিকোৱা মোক
চৰাই এটি হওঁ

তোমাৰ হাতেৰে খুৱাই দিয়া
সৰু গৰাহ এটা খাওঁ

ধুৱাই দিয়া পখালি দিয়া
খোৱা লাগি ধৰা ওঁঠ

কঁটালিব দিয়া
মোৰ কোমল পাখিৰ পোচাক

তোমাৰ নখেৰে এৰুৱাই দিয়া
বাঢ়ি অহা মোৰ তুঁহ নখ

তোমাৰ স্তনত ওঁঠ গুজি শুবলৈ দিয়া
তোমাৰ ওচৰলৈ আহিছোঁ মই

***
বাৰিষা
                           : : ৰাজ্জাক আলী
তুমি আহিছা বুলি
গম পালেই উচুপি উঠে হৃদয়
যোৱাবাৰ আহি
নষ্ট কৰিছিলা সংসাৰৰ সপ্তল খেতিবোৰ 
উটুৱাই নিছিলা পোহনীয়া গৰু দুহাল, ছাগলী আৰু কুকুৰাকেইজনী ।
ঘৰখনো আধা গিলি
থকাৰ অনুপযোগী কৰিছিলা
ঘৰৰ ছালিতে বহি এমাহ পোন্ধৰদিন
ভোকে পিয়াহে আছিলো

কোনোৱাই দিয়া
বিস্কুট দুপেকেট আৰু পানী এবটল
আমাৰ এজনৰ বাবেই পৰ্য্যাপ্ত নাছিল
কি যে ভয়াবহ সেই দিন
কাষৰত নোপোৱাজনে কেতিয়াও
এনে দিন অনুভৱ কৰাব নোৱাৰো ।

তুমি যোৱাৰ পিছত
বিগত এবছৰত
জীৱনটো অলপ অলপকৈ
থিয় কৰিবলৈ চেষ্টা কৰি আছিলোহে ;
ভালকৈ থিয় হব পৰাই নাই
আকৌ ধ্বংসাস্ত্ৰ লৈ তুমি সন্মুখত !

তোমাক দেখি
হৃদয়খন জুৰ জুৰকৈ ঢপঢপাব ধৰিছে,
কঁপিবলৈ ধৰিছে সমগ্ৰ শৰীৰ
অনিয়ন্ত্ৰনত মন, শৰীৰ, হৃদয় সকলো….
***

নষ্ট পখী
                    : পুনম নাথ 
মেটেকা ফুল মোৰ প্ৰিয়.. 
তথাপি মন হালধীয়াতে মগ্ন.. 
হালধীয়া চৰায়ে 
গায় যায় কাণে কাণে 
গোপন অমিয়া সুৰ.. 
আজিকালি আকৌচোন.. 
ওচৰ চাপিছে দুৰ.. 
. 
নীলাবোৰ দেখি.. 
ওচৰ কিয় আহিছ পুনৰ.. 
তই নষ্ট পখী.. 
সঁজাত বন্দী সজাতে থাক.. 
নিদিবি ঘনে উৰুলি.. 
বনত আহিবি ঘনত সোমাবি.. 
ওলাব নকৰ মন.. 
ৰঙ সানি গাত উলাহত নাচঁ.. 
তিতি যায় ববচা বন.. 
সঁজাৰ লগৰীৰ সজাৰ বাউলি.. 
ধৰিব নোৱাৰা মন.. 
আকৌ আহিম কৈ 
ওলাই যাৱ তই.. 
ভাগি যায় হিয়া খন..

অঁকৰা হিয়াৰ অভাগি বেথা.. 
নুবুজে কোনেও সখা...
সঁজাৰ পৰা ওলাই..  
অচিনা দেশলৈ মোকো এইবাৰ তই লৈ যা...
গোপন সাধুৰ মেটমৰা কথা.. 
কিমান আৰু কম... 
কাইলৈ আহিবি আকৌ শুনিবি ... 
আকৌ বুলাবি ৰঙ...
তিতিব ববচা বন....
উশাহ ঘন ঘন...

*********

বেটুপাত, প্ৰথম বৰ্ষ, একাদশ সংখ্যাজুলাই – ২০১৭


তুমি কামৰূপ কামাখ্যা
: বৰ্ণালী কলিতা
আহাৰৰ বৰষুণৰ সৈতে
বৈ আহিল.....
তোমাৰ ৰক্ত!

বসুমতী গাভৰু হ,
ফুলে-ফলে, শক্তিৰে
ভৰ পূৰ হল ধৰণী.....

চিপ্ চিপ্ বৰষুণ....

মাটিৰ সতে মিলি গ
নৰকাসুৰৰ চকুলো...

কি  জগৰ আছিল নৰকাসুৰৰ...

প্ৰতাৰণা...

উস্! তুমিটো চলনাময়ী....

কুকুৰা গৈ কুকুৰাকটাত ৰল....

নৰকাসুৰৰ বুকুৰে বগাই
অম্বুবাচী পাতিলে,
হাহাকাৰ....
তিনিদিন  পাছত তোমাৰ
নৱৰূপ দৰ্শন...

তুমি শক্তিদেৱী,
তুমি জন্মদাত্ৰী,
কামনাময়ী, চলনাময়ী,
মা কামাখ্যা।

বন্ধু দুৱাৰৰ সিপাৰে
ৰক্তেৰে লুটুৰি-পুটুৰি হৈ
কি কৰা তুমি?
হে মাতৃ.....

নৰকাসুৰ নাই
প্ৰতাৰিত  প্ৰেমিক,
তাৰ প্ৰেম কৰা হৃদয়খন
খট্-খটি হ
নৰকাসুৰ মৰি থাকিল!

বৰ্ষে বৰ্ষে তুমি
ৰক্তাক্ত হবা
আমি নৰকাসুৰৰ বুকুৰে বগাই যাম!

আহাৰৰ বৰষুণত
নৰকাসুৰৰ চকুলো ব,
তোমাৰ ৰক্তৰে মিলি
গাভৰু বসুমতীৰ উদৰ পূৰ হব।

তুমি, কামাখ্যা হৈয়ে থাকিবা
চলনাময়ী, শক্তিদেৱী,
কামৰূপ কামাখ্যা।
যি নাৰীয়ে বুকুত নদী এখন কঢ়িয়াই ফুৰে
: কবিতা কৰ্মকাৰ
যি নাৰীয়ে বুকুত নদী এখন কঢ়িয়াই ফুৰে
বৰষুণত নিতিতাকৈ নোৱাৰে থাকিব তেওঁ
সেই নাৰী আজীৱন অসুখী হয়
লালন কৰে তিতিকি তিতা অসুখ

মোৰ আইৰ এখন নদী আছিল
যিখনৰ পাৰত অকলে উচুপিছিল
ইহাত-সিহাতকৈ যিখন এতিয়া মোৰ

মোৰ আইয়ে বাঁহী ভাল পাইছিল
ভাল পাইছিল
বাঁহীত নাচি থকা
আঙুলিকেইটা
ফু দি সুৰ তোলা ওঁঠ এযুৰি

জীয়া নদীৰ ঘাটত ৰৈ ৰৈ বাজে বাঁহী
কেৱল ৰাধাই বাঁহী বলিয়া নহয়



কঠিয়া
: বিপিন ভৰালী 
তোমত ভৰাই ৰাখিছিলো
মৰম এবুকু।

সিঁচি দিলো 
শাওণৰ সেমেকা দুচকুত 
শুকাৱক বুলি
আঘোনৰ চকুলো।


অশ্ৰুধাৰী
(হীৰেণ ভট্টাচাৰ্য ৰ বিয়োগত)
: দিগন্ত কলিতা

তোমাৰ বিয়োগত 
পাৰ ভাঙি আহে 
মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী, 

হাঁহিৰ বিননিৰে ভাও ধৰি ধৰি 
পৰিছো ভাগৰি 
অশ্ৰুধাৰী বয় নিগৰি নিগৰি,

পিতাই আজিও যায় কমাৰশালত
আঘোনৰ সোণালী ধাননি 
কাঁচি খনৰ দাও ধাৰ কৰি আনি 
পুৱতি নিশাতে ওলাই পথাৰ লৈ বুলি 

তথাপিও 

তোমাৰ বিয়োগৰ শোকত 
পাৰ ভাঙি আহে 
আজিও 

মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী।


 ধুমুহা
: মঃ পাৰবিজুল হক
ধুমুহাৰ সৈতে বৰষুণজাক আহে
সপোনবোৰ নগ্ন কৰি
জীয়াই থকাৰ সোৱাদ বিচাৰে
বাস্তৱৰ সৈতে যুঁজ 
হালধীয়া বোৰ সেউজীয়া কৰি 
খেৰৰ এটা ঘৰ সাজে 

জানমণিয়ে কপালত জোন আঁকিলে
লিখিও লিখিব নোৱাৰিলে 
জীৱনৰ এপিটাফ
থাকি গ'ল অভিমানৰ কাৰেং সাজিবলৈ

নিসংগতাৰ হাতত ধৰি নষ্টালজিক হ'বলৈ


নৈপৰীয়া
: খনিন্দ্র ভুষণ মহন্ত
অগ্নিশর্মা আকাশৰ গর্জনত
নৈখনত জুই জ্বলে 
মূষলধাৰ বৰষুণৰ অট্টহাস্যত
সিঁচৰতি হৈ পৰে
কান্দোনৰ ৰোল...

সৰু সৰু সপোনবোৰ মকৰাজালৰ আৱর্তত
অহৰহ সেউজীয়াৰ সপোন দেখা দুচকুত
নীৰৱে বহি থাকে 
ভয় আৰু শংকা
"দেখিম নে কাইলৈৰ সূৰুয?"

কবিজনে সহজেই কৈ দিয়ে
"সগর্ভা নৈখনেনো কি বুজি পাই?
পাৰে মানে পাৰবোৰহে খহায়!"
আর্তজনৰ দুখৰ বন্যা
বানতে হেৰায়

পুনশ্চঃ এলান্ধুকলীয়া এই সমস্যা
সময়বোৰ দৌৰি থাকে
সলনি হৈ থাকে বগা-চাহাব
আপাততঃ একেই নিৰলস হৈ বৈ থাকে নৈ

ক্ষোভ ও চকুলোবোৰ বুকুৱে বুকুৱে...


ক্ৰমশঃ কথাবোৰ শেষ হ'বলৈ ধৰিছে
: সুৱাগ মণি
কেতিয়াও ভবা নাছিলো 
নৈখন যে শুকাই যাব 
চাই থাকোতেই
ফুলৰ সুবাস যে হেৰাই যাব
সুগন্ধিৰ কোলাত উমলি থাকোতেই।

কেতিয়াও ভবা নাছিলো
কথাবোৰ যে শেষ হ'
শব্দৰে সুখৰ মালা গাঁঠি থাকোতেই 
ভবা নাছিলো কেতিয়াও
হেৰাই যাব বুলি
শব্দৰ সুবাস।

হেৰাই নাযায় কেতিয়াও 
বালিবোৰ পানীৰ ভিৰত
হেৰাই নাযায় মানুহবোৰ
সময়ৰ ভিৰত
হেৰাই যায় মাথো 
চিনাকিবোৰ, অনুভৱবোৰ, কথাবোৰ, শব্দবোৰ
বালিত হেৰাই যোৱা 
পানীবোৰৰ দৰেই।


যন্ত্ৰণা
: নাজমা বেগম
আবেগ বিহ্বল শৰীৰত
মূষলধাৰ বৃষ্টি
বৃষ্টিৰ বিষাদত
নিষ্ঠুৰ হ'ল মন নদীখনি
বৃষ্টিও বৃষ্টি
শিলাবৃষ্টি...
শিল-বৰফৰ টুকুৰাই
খুন্দিয়ালে হৃদয় মথাউৰিত
মথাউৰি ছিগিল
চৌদিশ যন্ত্ৰণা সাগৰৰ
পানীৰে উপচি পৰিল


কবিতা
: বিভা দেৱী
ৰাজনীতি
এদিন কৈছিলা তুমি
তুমি হেনো চিনি পোৱা
মানুহ চিনা মানুহ
যি ব্যক্তিৰ পৰা সমাজলৈ
জাতীয়তাবাদেৰে উদ্বুদ্ধ আধান
মনুষ্যত্ব আহৰণৰ বাবে কৰে
কঠোৰ সংগ্ৰাম

এতিয়া চলিছে মাথো
ধনতন্ত্ৰৰ সমাজ,
লালসাই অপূৰ্ণতাৰ
মৰীচিকা খেদিছে,
মৰীচিকাঃ এয়াও এক
অবুজ সাঁথৰ.......
দুৰ্নীতিৰ কবলত ধনৰ পাহাৰ
জাতিসত্ত্বতা চলাইছে
শোষণৰ ৰোলৰ,
ঘূণে ধৰা এই সমাজখনত
হেৰুৱাব যেন ব্যক্তিৰ
স্বাধীনতাৰ অধিকাৰ

এটা  আধৰুৱা পদ্য
: শীল্পি শিখা ডেকা
তোমাক ক'বলৈ বহু কথা আছে 
 তোমাৰ ওচৰলৈ যাব পৰা নাই।
 যাব পৰা হ'লে ক’লোহেতেন তোমাক....
বৃষ্টিৰ আবেগতকৈয়ো,
নিয়ৰৰ টোপালতকৈয়ো
অথবা
নিস্তব্ধতাতকৈয়ো ভালপাওঁ তোমাক।
 তথাপি তোমাৰ ওচৰলৈ যাব পৰা নাই
বিচ্ছিন্নতাৰ কাৰণে;
 আকাশৰ বিকট চিঞৰৰ বাবে, ডবাপিটা বৰষুণজাকৰ বাবে।
 তোমাক ক'বলৈ বহু কথাই আছে নিৰস হৃদয়ৰ অব্যক্ত বেদনা..... তোমাক দিবলৈ  বহুত সময় আছে। অবহেলিত হোৱাৰ পিছত পোৱা, তোমাৰ বাবেই উচ্ছেদ কৰি দিব পাৰো সোঁৱৰাই দিয়া এটা জীয়া বাস্তৱ, এটি এটি পল।
তুমি নক'লেও বুজি পাওঁ
সপোনতেই যে আমাৰ মিলন!
 দুচকুত ৰামধেনু আঁকিলেও সময়ৰ ঢৌত ই শেতা হৈ ৰ'ব...
প্ৰেমৰ সাগৰত কোনো এখন টুলুঙা নাও      
  জীৱনে গতি ল'ব তোমাৰ
 গতিপথত.... 
 সেয়ে কওঁ প্ৰিয়
তোমাক শুনাবলৈ বহুতো কবিতা আছে,
তোমাক অসুখী কৰাৰ মানসিকতা নাই
পৰা হ'লে শুনালোহেতেন তোমাক মোৰ এন্ধাৰ জীৱনৰ বহুটো নিলিখা পদ্য... 


নাৰী নিগ্রহ
: ছাঁয়ামনী দত্ত
কিমান নাৰী হ’ব আৰু
ধৰ্ষিতা নিৰ্যাতিতা...?
অনন্ত কালৰ পৰা বৰ্তমানলৈ
আৰু কিমান...?

সীতা দ্ৰোপদীৰ দিনৰে পৰা
আজিৰ যমুনামুখ কাণ্ডলৈকে।

নিষ্পাপ বৰ্ণালীও নগ'ল সাৰি
নৰখাদকৰ কবলৰ পৰা।
দিল্লী মনিপুৰ নাগালেণ্ডৰ কথা নক’লোৱেই যেনিবা!
অশ্লীলতাৰ সীমা চেৰাই
সৌ সিদিনা যোৰহাটৰ ৰাজপথত অপদস্থ কৰা হ'
কতজনী কিশোৰীক
মানৱতাক বলি দি যমুনামুখত এগৰাকী পঞ্চাশৰ উৰ্ধৰ শিক্ষয়ত্রীক ধৰ্ষণ কৰি হত্যা কৰা হ'ল।
দিনত ভদ্রতাৰ মুখা পিন্ধি
ৰাতি এন্ধাৰৰ সুযোগলৈ
কোনো নৰপিশাচে কৰিব পাৰে মানসিক ৰোগীকো চিকাৰ।

ভোগৰ সামগ্রী
যেন নাৰী!

মুকলি আকাশৰ তলত আজি
জঘন্য অপৰাধী নৰখাদকবোৰে মুক্তভাবেই বিচৰণ কৰি আছে!

ওলাবনে কেতিয়াবা
কোনো বীৰ পুৰুষ
উভালি পেলাবলৈ শিপা
কাপুৰুষ নৰপিশাচৰ....?
ধিক্কাৰ আৰু প্রতিবাদেৰে
হ’বনে ধ্বংস

জঘন্য নৰখাদকৰ....??